Browsing Category

অসম

তামুলপুৰৰ বিজয় দাসে গামোচাত বৈ উলিয়াইছে অসমৰ স্বনামধন্য লোকৰ ছবি- জাতীয় সংগীতৰ প্ৰতিটো আখৰ

ৰজনী বৰ্মন , তামুলপুৰ , ২৮ মে : তামুলপুৰৰ এগৰাকী যুৱক । ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চাত যুৱকজন । যুৱকজনৰ ঘৰ তামুলপুৰ জিলাৰ বৰখোপা গাঁৱত। শুক্ৰ দাস শৰণীয়া আৰু জোনালী দাসৰ পুত্ৰ বিজয় দাস (২০) ৰঙিয়া মহাবিদ্যালয়ৰ চতুৰ্থ সান্মাষিকৰ ছাত্ৰ। বিজয় দাসৰ কিছু সৃষ্টিশীল কামে সম্প্ৰতি তামুলপুৰৰ সৰ্বস্তৰৰ ৰাইজৰ লগতে সামাজিক মাধ্যমত ব্যাপক চর্চা লাভ কৰিছে । বিজয় দাসে ঘৰতে তাঁত শালত বহি অসমীয়াৰ সপোনৰ গামোচাত তুলি ধৰিছে অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ প্ৰতিচ্ছবি । অধ্যয়নৰ সমান্তৰালভাৱে তাঁতশালত বহি বিজয় দাসে সুতাৰে তুলিছে সাহিত্যৰথী…

চতিয়াৰ যুৱক কৃষ্ণ ৰয় কে এল অ’  যোগদান কৰাক লৈ চাঞ্চল্য

চতিয়া,২৮ মে: আজি বিশ্বনাথ জিলাৰ চতিয়াৰ বুদুআটি গাঁৱৰ কৃষ্ণ ৰয় নামৰ যুবকজনৰ কে এল অ' নামৰ সংগঠনটোত যোগদানৰ ভিডিঅ’ ভাইৰেল হোৱাক লৈ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ বিশ্বনাথ জিলা প্ৰশাসনৰ মাজত । সামৰিক বাহিনীৰ পোচাক পৰিধান কৰি যুবকজনে নিজৰ নাম ঠিকনা আৰু নিজকে এজন কে এল অ' বুলি পৰিচয় দিয়া ভিডিঅ’ সামাজিক মাধ্যমত দিয়াৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰৱৰ্তী সময়ত জানিব পৰা মতে ইতিমধ্যে কে এল অ'ত যোগদান কৰা কৃষ্ণ ৰয়ৰ ঘৰ বিশ্বনাথ জিলাৰ চতিয়া থানাৰ অন্তৰ্গত বুদুআটী গাঁৱত। তেওঁৰ পত্নী বাসন্তী দেৱীয়ে ভিডিঅ' দেখি ইতিমধ্যে নিশ্চিত হৈছে তেওঁৰ…

আলফা স্বাধীনক ক্ষমা খুজি বিপদত মন্ত্রী সঞ্জয় কিষান

মন্ত্রী সঞ্জয় কিষাণলৈ মুখ্যমন্ত্রীৰ কাৰণ দৰ্শোৱাৰ জাননী। কি পৰিস্থিতিত মন্ত্ৰীগৰাকীয়ে পৰেশ বৰুৱাক ক্ষমা খুজিলে সেই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিব লাগিব সঞ্জয় কিষাণে। এগৰাকীক মন্ত্রীয়ে বিদ্ৰোহী সংগঠনৰ ওচৰত ক্ষমা খোজাৰ বিষয়টোক সহজভাৱে লোৱা নাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ মে': বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ বাবে বিপদত পৰাৰ লগতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ৰোষৰ সন্মুখীন হ'বলগীয়া হৈছে মন্ত্রী সঞ্জয় কিষাণ। এই ঘটনাৰ বাবে মন্ত্ৰী সঞ্জয় কিষাণলৈ কাৰণ…

বাক্সা গৰেশ্বৰৰ ব্লকৰ চৰকাৰী ধন জালিয়াতি কাণ্ডৰ মাষ্টাৰমাইণ্ড ইউনিচ আলী গ্ৰেপ্তাৰ

শতাব্দ প্রতিনিধি, বাক্সা ,২৭ মেঃ দুৰ্নীতিৰ বিৰুদ্ধে বি জে পি চৰকাৰে জেহাদ ঘোষণা কৰা সময়তে চৰকাৰী ধন জালিয়াতিৰে খণ্ড উন্নয়ন বিষয়া আৰু গ্ৰামসেৱক এগৰাকী গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সাত । বাক্সা জিলাৰ গোৰেশ্বৰৰ খণ্ড উন্নয়ন খণ্ডৰ প্ৰাক্তন বিষয়া ভুপেন দাস পেঞ্চনৰ ধন জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পাচত ঘটনাৰ মাষ্টাৰ মাইণ্ড গ্ৰামসেৱক ইউনিচ আলী পলাতক হৈ আছিল । বাক্সা আৰক্ষীয়ে শুক্ৰবাৰে পুৱতি নিশা ইউনিচ আলীৰ নিজা বাসগৃহ কামৰূপ জিলাৰ বাইহাটাৰ বেজেৰাৰ পৰা গ্ৰেপ্তাৰ কৰে । 2019 চনত ইউনিচ আলী অৱসৰ গ্ৰহণৰ পাচল তেওঁৰ…

ভাৰত-ভূটান সীমান্তৰ কুৰিখন শিক্ষানুষ্ঠানত গছপুলি ৰোপণৰ লক্ষ্য বন বিভাগৰ

শতাব্দ প্রতিনিধি, তামুলপুৰ, ২৭ মে : বিশ্ব পৰিবেশ দিৱসৰ প্ৰাকমূহুৰ্ততে তামুলপুৰ জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয় উদ্যোগত ভাৰত-ভূটান সীমান্তৰ কুৰিখন শিক্ষানুষ্ঠানত এক গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ঔষধি গছ, থলুৱা  জাতৰ ফল-মূলৰ গছ চিনাকি কৰি দিয়াৰ মানসেৰে ঔষধিযুক্ত, ফলমূলকে ধৰি সৌন্দৰ্য্যবৰ্ধনকাৰী বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণৰ এক অভিনৱ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ কৰে। আজি সীমান্তবৰ্তী আঙাৰকাটা নতুনবস্তি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত এই গছপুলি ৰোপণ কাৰ্যসূচীৰ…

ৰঙাপৰা উন্নয়নখণ্ডত দুৰ্নীতি

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৭মে’: শোণিতপুৰৰ ৰঙাপৰা উন্নয়ন খণ্ডত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপনৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে স্থানীয় একাংশ লোকে শোণিতপুৰৰ উপায়ুক্তৰ ওচৰত এক পত্ৰ দাখিল কৰাৰ লগতে ইয়াৰ প্ৰতিলিপি ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসলৈয়ো প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে, ৰঙাপৰা উন্নয়ন খণ্ডৰে বিভিন্ন ভাবে জড়িত কুৰিজন লোকৰ দ্বাৰা স্বাক্ষৰিত অভিযোগ পত্ৰখনত এই অনিয়মৰে ভেণ্ডৰৰ সহায়ত ৰঙাপৰাৰ খণ্ড উন্নয়ন বিষয়া গৰাকী জড়িত বুলিও প্ৰকাশ কৰা হৈছে। অভিযোগ পত্ৰত প্ৰকাশ অনুসৰি,ৰঙাপৰা খণ্ড…

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

শতাব্দ প্রতিনিধি, দিছপুৰ,২৭ মে': ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি তেজপুৰস্থিত 'লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান' (এল জি বি আৰ আই এম এইচ) পৰিদৰ্শন কৰে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিষ্ঠানটোৰ শিশু আৰু কিশোৰ মনোৰোগ বিভাগ, খাদ্য প্ৰস্তুতকৰণ আৰু সংসাধন কক্ষ আৰু পৰীক্ষণ গৃহ, কেন্দ্ৰীয় পুথিভঁৰাল আদি পৰিদৰ্শন কৰাৰ লগতে চিকিৎসক তথা কৰ্মচাৰীসকলৰ সৈতে মতবিনিময় কৰি উত্তৰ-পূৰ্বাঞ্চলৰ এই প্ৰথমখন মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সামগ্ৰিক পৰিবেশৰ বুজ লয়। পাছত তেওঁ এল জি বি আৰ আই এম এইচৰ প্ৰশাসনিক…

লখিমপুৰত দেউৰী ছাত্ৰ সন্থাৰ বিক্ষোভ

শতাব্দ প্রতিনিধি, লখিমপুৰ  ২৭ মে : অসমৰ অনুসূচীত জনজাতি খিলঞ্জীয়া, জনগোষ্ঠী দেউৰী স্বায়ত্ত পৰিষদ শাসিত পৰিষদৰ সাংবিধানিক নিৰ্বাচনৰ দিন সম্পূর্ণ উকলি যোৱাৰ পাছতো অসমৰ  মুখ্যমন্ত্রীয়ে আজিকোপতি নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম দেউৰী ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে। সদৌ অসম দেউৰী ছাত্ৰ সন্থা, লখিমপুৰ জিলা সমিতিৰ স্পষ্ট মত  যদি কম সময়ৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত নকৰে তেন্তে পৰৱৰ্তি সময়ত সংগ্রামী প্রতিবাদী কার্যসূচী হাতত ল’বলৈ বাধ্য হ'ব বুলি সকীয়নি দিছে ছাত্ৰ সন্থাৰ সভাপতি ব্ৰিটিছ দেউৰী…

নীট পৰীক্ষাত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ কৃতীমানক সম্বৰ্ধনাঃ কেৰিয়াৰ সন্দৰ্ভত মনোজ্ঞ আলোচনা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৭ মে : উত্তৰ অসমৰ অগ্রণী শিক্ষানুষ্ঠান লখিমপুৰৰ ব্রহ্মপুত্র ডেলী একাডেমী (কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল)ৰ বাবে আজি এটা সফলতা আৰু গৌৰৱৰ দিন। মহাবিদ্যালয়খনৰ সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষা ২০২১-২০২২ বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হৈ চিকিৎসা বিজ্ঞান অধ্যয়নৰ সুযোগ লাভ কৰি, বর্তমান এ.এম.চি. এইছ. জি. এম.চি. এইছ-কে ধৰি অসমৰ ভিন্ন প্ৰান্তৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা আঠ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকক আজি সম্বৰ্ধনা জনোৱা হয়। ছাত্র-ছাত্রীসকল ক্রমে শ্ৰুতি কুটুম…

প্ৰাকৃতিক গেছৰ অভাৱনীয় মূল্যবৃদ্ধি : বিপৰ্যয়ত ৰাজ্যৰ চাহ উদ্যোগ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ মে’ : ৰাজ্য চৰকাৰৰ শ্রমিক বিৰোধী নীতিৰ প্ৰতিবাদত আৰু ডদলু বাগিছাৰ উচ্ছেদ বন্ধ কৰাৰ লগতে তিনিচুকীয়াৰ লিম্বুগুৰি চাহ বাগিছাৰ একাধিক সমস্যা সমাধানৰ দাবীত আজি অসম চাহ জনজাতি ছাত্র সন্থাৰ (আটছা) গটং উপ-শাখা সমিতিৰ উদ্যোগত তথা অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ) লিম্বুগুৰি চাহ বাগিছা প্ৰাথমিক গোটৰ লগতে বাগিছাখনৰ শ্ৰমিক ৰাইজৰ সহযোগত লিম্বুগুৰি বাগিছাৰ কাৰ্য্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধর্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় । হাতেহাতে বেনাৰ, প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গান দি…