Browsing Category
অসম
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমৰ জনগোষ্ঠীয় বুৰঞ্জী প্ৰণয়নৰ পদ্ধতি আৰু কৌশল সম্পৰ্কে আলোচনা
ডিব্ৰুগড়, ২৮ মেঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি সোণোৱাল কছাৰী সাহিত্য সভা আৰু সোণোৱাল জনগোষ্ঠী প্ৰণয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় ‘অসমৰ জনগোষ্ঠীয় বুৰঞ্জী প্ৰণয়নৰ পদ্ধতি আৰু কৌশল’ শীৰ্ষক বক্তৃতানুষ্ঠান। সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱালৰ সঞ্চালনাত ইন্দিৰা মিৰি প্ৰেক্ষাগৃহত অনুষ্ঠিত বক্তৃতানুুষ্ঠান উদ্বোধন কৰি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে আজিৰ দিনটো সোণোৱাল জনগোষ্ঠীৰ বাবে এক ঐতিহাসিক দিন বুলি অভিহিতি কৰি চলিত বৰ্ষৰ বাজেটত এই প্ৰকল্পৰ বাবে প্ৰাৰম্ভিক পুঁজি ধাৰ্য কৰাৰ…
তিনিচুকীয়াত পত্নী পৌৰ উপ সভানেত্ৰী- স্বামী উঠিৰজা-বহিৰজাঃ অতিষ্ঠ কৰ্মচাৰীৰ আন্দোলনৰ সকীয়নি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৮ মে’ : তিনিচুকীয়া পৌৰসভাৰ নৱ নিৰ্বাচিত সমিতিত উপ-সভানেত্ৰীৰ দায়িত্ব লাভ কৰা বিজেপি দলৰ ৱাৰ্ড কমিচনাৰ নৱনীতা আগৰৱালাৰ স্বামীৰ বিৰুদ্ধে পৌৰসভাৰ কৰ্মচাৰীক অভব্য আচৰণৰ বলি কৰাৰ লগতে অকৰ্তৃত্বশীলভাৱে কাৰ্য্যালয়ৰ নথিপত্ৰত হাত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপন কৰিছে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ তিনিচুকীয়া শাখাই । অভিযোগ অনুসৰি ২৫ মে’ৰ দিনা তিনিচুকীয়া পৌৰসভাৰ দুজন কর্মচাৰী ক্রমে বিজয় কুৰ্ম্মী আৰু ৰাকেশ ৰামক উপ-সভানেত্রীৰ স্বামী নিধিশ আগৰৱালাই অকথ্য ভাষাৰে গালিগালাজ কৰে ।…
গুৱাহাটীৰ নাগৰিকলৈ পদূলিত প্ৰাথমিক চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ পৰিকল্পনা
গুৱাহাটী পৌৰ নিগমৰ নৱনিৰ্বাচিত পাৰিষদবৰ্গৰে জলবায়ু পৰিবৰ্তন-গোলকীয় উষ্ণতা বৃদ্ধিক লৈ স্বাস্থ্য-জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক, নিজ ৱাৰ্ডত সৌন্দৰ্যবৰ্ধক গছপুলি ৰোবলৈ পাৰিষদসকলক আহ্বানদিছপুৰ, ২৮ মে': গুৱাহাটী পৌৰ নিগমে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি সন্দৰ্ভত নিগমৰ নৱনিৰ্বাচিত পাৰিষদসকলক লৈ আজি আয়োজন কৰা এখন বিশেষ সজাগতা আৰু পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে স্বাস্থ্য-পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তিবিদ্যা তথা জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। সভাত গুৱাহাটী মহানগৰীখনক ক্ৰমবৰ্ধমান…
বানযুক্ত লখিমপুৰক বানমুক্ত কৰাৰ দাবীত আছুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ,২৮মেঃ উত্তৰ লখিমপুৰত আজি ১৫নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে। মূলতঃ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা শীঘ্ৰে মেৰামতি কৰাৰ দাবী তুলিছে আছুৰ প্ৰতিবাদী সকলে। লখিমপুৰ জিলাৰ মাজেৰে যোৱা জৰাজীৰ্ণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণ আৰু নিৰ্মীয়মান বাইপাছৰ কাম খৰতকীয়া কৰি সম্পূৰ্ণ কৰিবৰ বাবে দাবী জনাই আছুৱে। ইয়াৰোপৰি লখিমপুৰৰ এটা স্থায়ী সমস্যা বানপানী, গৰাখহনীয়া সমস্যা। সদৌ অসম ছাত্ৰ সন্থা তথা 'সদৌ লখিমপুৰ জিলা ছাত্র সন্থাই দীর্ঘদিন এই সমস্যা সমাধানৰ বাবে দাবী উত্থাপন…
দুদিনীয়া ভ্ৰমণ সূচীৰে কাইলৈ মাজুলীলৈ ৰাজ্যপাল মুখী
শতাব্দ প্ৰতিনিধিf,মাজুলী,২৮মে': ৰাজ্যপাল জগদীশ মুখীয়ে পত্নীসহ দুদিনীয়া চৰকাৰী ভ্ৰমণ সূচীৰে কাইলৈ মাজুলীত উপস্থিত হ'ব।কালিলৈ মাজুলীত উপস্থিত হোৱাৰ পাছত ৰাজ্যপাল গৰাকীয়ে মাজুলীৰ চামগুৰি সত্ৰ, দক্ষিণপাট সত্ৰকে আদি কৰি কেবাখনো সত্ৰ পৰিভ্ৰমণ কৰি ৰাতিটো মাজুলীতে কটাব। ৰাজ্যপাল গৰাকীয়ে ৩০ মে' তাৰিখে পুৱা গৱৰ্ণৰ গাৰ্লছ ভলীবল মিছনৰ অধীনত হব লগা ভলীবল প্ৰতিযোগিতা এখন উদ্বোধন কৰি মাজুলীৰ পৰা ৰাওনা হব।
সম্ভাৱনীয়তাৰ বাৰ্তা লৈ গুৱাহাটীত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক নদী সন্মিলন
গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে 'এছিয়ান কনফ্লুৱেন্স নদী সন্মিলন। সন্মিলনৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চল আৰু অসমক কেন্দ্ৰবিন্দু হিচাপে লৈ বংগোপসাগৰীয় অঞ্চল আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে আঞ্চলিক সহযোগিতাৰে এক সামূহিক দৃষ্টিভংগী গ্ৰহণ কৰা ।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ মে': গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে 'এছিয়ান কনফ্লুৱেন্স নদী সন্মিলন-২০২২'। বংগোপসাগৰীয় আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ মাজত জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু সম্পদ হিচাপে ব্যৱহাৰৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহৰ আলোচনাৰ বাবে আজিৰে…
তামুলপুৰৰ বিজয় দাসে গামোচাত বৈ উলিয়াইছে অসমৰ স্বনামধন্য লোকৰ ছবি- জাতীয় সংগীতৰ প্ৰতিটো আখৰ
ৰজনী বৰ্মন , তামুলপুৰ , ২৮ মে : তামুলপুৰৰ এগৰাকী যুৱক । ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চাত যুৱকজন । যুৱকজনৰ ঘৰ তামুলপুৰ জিলাৰ বৰখোপা গাঁৱত। শুক্ৰ দাস শৰণীয়া আৰু জোনালী দাসৰ পুত্ৰ বিজয় দাস (২০) ৰঙিয়া মহাবিদ্যালয়ৰ চতুৰ্থ সান্মাষিকৰ ছাত্ৰ। বিজয় দাসৰ কিছু সৃষ্টিশীল কামে সম্প্ৰতি তামুলপুৰৰ সৰ্বস্তৰৰ ৰাইজৰ লগতে সামাজিক মাধ্যমত ব্যাপক চর্চা লাভ কৰিছে । বিজয় দাসে ঘৰতে তাঁত শালত বহি অসমীয়াৰ সপোনৰ গামোচাত তুলি ধৰিছে অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ প্ৰতিচ্ছবি । অধ্যয়নৰ সমান্তৰালভাৱে তাঁতশালত বহি বিজয় দাসে সুতাৰে তুলিছে সাহিত্যৰথী…
চতিয়াৰ যুৱক কৃষ্ণ ৰয় কে এল অ’ যোগদান কৰাক লৈ চাঞ্চল্য
চতিয়া,২৮ মে: আজি বিশ্বনাথ জিলাৰ চতিয়াৰ বুদুআটি গাঁৱৰ কৃষ্ণ ৰয় নামৰ যুবকজনৰ কে এল অ' নামৰ সংগঠনটোত যোগদানৰ ভিডিঅ’ ভাইৰেল হোৱাক লৈ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ বিশ্বনাথ জিলা প্ৰশাসনৰ মাজত । সামৰিক বাহিনীৰ পোচাক পৰিধান কৰি যুবকজনে নিজৰ নাম ঠিকনা আৰু নিজকে এজন কে এল অ' বুলি পৰিচয় দিয়া ভিডিঅ’ সামাজিক মাধ্যমত দিয়াৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰৱৰ্তী সময়ত জানিব পৰা মতে ইতিমধ্যে কে এল অ'ত যোগদান কৰা কৃষ্ণ ৰয়ৰ ঘৰ বিশ্বনাথ জিলাৰ চতিয়া থানাৰ অন্তৰ্গত বুদুআটী গাঁৱত। তেওঁৰ পত্নী বাসন্তী দেৱীয়ে ভিডিঅ' দেখি ইতিমধ্যে নিশ্চিত হৈছে তেওঁৰ…
আলফা স্বাধীনক ক্ষমা খুজি বিপদত মন্ত্রী সঞ্জয় কিষান
মন্ত্রী সঞ্জয় কিষাণলৈ মুখ্যমন্ত্রীৰ কাৰণ দৰ্শোৱাৰ জাননী। কি পৰিস্থিতিত মন্ত্ৰীগৰাকীয়ে পৰেশ বৰুৱাক ক্ষমা খুজিলে সেই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিব লাগিব সঞ্জয় কিষাণে। এগৰাকীক মন্ত্রীয়ে বিদ্ৰোহী সংগঠনৰ ওচৰত ক্ষমা খোজাৰ বিষয়টোক সহজভাৱে লোৱা নাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ মে': বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাৰ বাবে বিপদত পৰাৰ লগতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ৰোষৰ সন্মুখীন হ'বলগীয়া হৈছে মন্ত্রী সঞ্জয় কিষাণ। এই ঘটনাৰ বাবে মন্ত্ৰী সঞ্জয় কিষাণলৈ কাৰণ…
বাক্সা গৰেশ্বৰৰ ব্লকৰ চৰকাৰী ধন জালিয়াতি কাণ্ডৰ মাষ্টাৰমাইণ্ড ইউনিচ আলী গ্ৰেপ্তাৰ
শতাব্দ প্রতিনিধি, বাক্সা ,২৭ মেঃ দুৰ্নীতিৰ বিৰুদ্ধে বি জে পি চৰকাৰে জেহাদ ঘোষণা কৰা সময়তে চৰকাৰী ধন জালিয়াতিৰে খণ্ড উন্নয়ন বিষয়া আৰু গ্ৰামসেৱক এগৰাকী গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সাত । বাক্সা জিলাৰ গোৰেশ্বৰৰ খণ্ড উন্নয়ন খণ্ডৰ প্ৰাক্তন বিষয়া ভুপেন দাস পেঞ্চনৰ ধন জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পাচত ঘটনাৰ মাষ্টাৰ মাইণ্ড গ্ৰামসেৱক ইউনিচ আলী পলাতক হৈ আছিল । বাক্সা আৰক্ষীয়ে শুক্ৰবাৰে পুৱতি নিশা ইউনিচ আলীৰ নিজা বাসগৃহ কামৰূপ জিলাৰ বাইহাটাৰ বেজেৰাৰ পৰা গ্ৰেপ্তাৰ কৰে । 2019 চনত ইউনিচ আলী অৱসৰ গ্ৰহণৰ পাচল তেওঁৰ…
