Browsing Category

অসম

মাজুলীৰ বহুমুখী উৎপাদনকাৰী কমল পায়েং আৰু মিনু পায়েং

পৰাণজ্যোতি বৰা,মাজুলী,২৭ মে' মাজুলীৰ মৎস্য উৎপাদনকাৰী কমল পায়েঙে তিনি বিঘাকৈ মাটিত গোম ধানৰ খেতি কৰি দেখুৱাইছে এতিয়া তেঁও এজন সফল কৃষক বুলি । কমল পায়েঙে ২নং বৰগঞাত নিজৰ তিনি বিঘা মাটিত এইবাৰ গোমধানৰ খেতি কৰি অভিলেখ সংখ্যক উৎপাদন কৰিবলৈ সক্ষম হৈছে । মাজুলী জিলা কৃষি বিভাগে যোগান ধৰা গোমধানৰ বীজৰ জৰিয়তে খেতি কৰিছিল কমল পায়েঙে। সম্প্ৰতি তেঁও গোমধান বৰ্তমান চপাই আছে । চাৰিজন মানুহ কামত লগাই আদৰ্শ কৃষক কমল পায়েঙে নিজৰ পত্নী- পুত্ৰৰ লগত বৰ্তমান দিনে ৰাতিয়ে গোমধান তোলাত ব্যস্ত আছে । কমল পায়েং এজন বিখ্যাত মাছ পালক । তেওঁৰ বৃহৎ…

জৰুৰী অৱস্থাৰ বাবে মুকলি ‘মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি’

নতুনকৈ 'মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি' প্ৰৱৰ্তন। আঁচনিখনৰ ৰূপায়ণৰ বাবে নীতি-নিদের্শনা জাৰি। জৰুৰী অৱস্থাত ক্ষিপ্ৰতাৰে জনসাধাৰণৰ বাবে আর্থিক সাহায্য আগবঢ়োৱাৰ লক্ষ্য। আঁচনিখনৰ অধীনত থকা পুঁজি নিয়মীয়া বাজেটে সামৰি নোলোৱা প্ৰাকৃতিক দুর্যোগ, সংঘর্ষ তথা দুর্ঘটনাগ্রস্ত লোকক আর্থিক সাহায্য প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হ’ব। শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৭ মে': অসম চৰকাৰে 'মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি' নামেৰে এখন নতুন আঁচনি প্ৰৱৰ্তন কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সচিবালয়ে এই আঁচনিখন ৰূপায়ণৰ বাবে নীতি-নিদের্শনা…

পূৰ্বৰ স্বাস্থ্যমন্ত্ৰীৰ ১৫ কোটি টকাৰ ৫০ হাজাৰ পি পি ই কীটৰ তথ্য বিচাৰিছে প্ৰদেশ কংগ্ৰেছে

সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত। ক’ভিডৰ নামত সংঘটিত হোৱা কেলেংকাৰিৰ উত্তৰ দিয়ক এতিয়াৰ মুখ্যমন্ত্ৰীয়ে। অসম চৰকাৰৰ ক’ভিড প্ৰতিৰোধী সকলো সা-সামগ্রী ক্ৰয়ৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে চীনৰ পৰা পি পি ই কীট বাদেই ক’ভিড প্ৰতিৰোধ অভিযানৰ কোনো সা-সামগ্রী ক্ৰয় কৰা নাই আৰু এনে সামগ্ৰীৰ বাবদ কাকো এটকাও আদায় দিয়া নাই। শ্বেতপত্র প্রকাশ কৰাৰ দাবী কংগ্ৰেছৰ।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৭ মে': ক'ভিডৰ নামত বৰ্তমানৰ মুখ্যমন্ত্রী আৰু তেতিয়াৰ স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দিনত…

এল টি কে মহাবিদ্যালয়ত আলোচনা সত্ৰ-“স্বাস্থ্যকৰ জীৱন”শীৰ্ষক গ্ৰন্থ উন্মোচন

উত্তৰ লখিমপুৰ, ২৭ মেঃ লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগত ২৬ মেত  Synopsis and Dissertation Writing for B.Sc Course শীৰ্ষক বিষয়ৰ এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। আলোচনা সত্ৰৰ সমল ব‍্যক্তি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰেক্টৰ ড° হৰি প্ৰসাদ শৰ্মা উপস্থিত থাকে । এই সভাৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ প্ৰকাশন কোষৰ সহযোগত ৰসায়ন বিজ্ঞানৰ মুৰব্বী অধ‍্যাপক ড° দেৱজিৎ দত্তৰ দ্বাৰা প্ৰকাশিত "স্বাস্থ্যকৰ জীৱন" নামৰ এখন কিতাপ সমল ব‍্যক্তি ড° হৰি প্ৰসাদ শৰ্মাই উন্মোচন কৰে। সভাত বিশিষ্ট ব‍্যক্তি হিচাপে…

সজাগতামূলক ভাবে Fire Mock Dill কাৰ্যসূচী

শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ মে : অইল ইণ্ডিয়া পাম্পিং ষ্টেচন-৩ ৰ উদ্যোগত আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা, পুলিচ প্ৰশাসন, SDRF, State Fire Vibrates, Civil Diffeceৰ সহযোগত বুধবাৰে পুৰণিমাটি চাহ বাগিচা এলেকাত সজাগতা মূলক ভাবে Fire Mock Dill কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে অইল ইণ্ডিয়া পাম্পিং ষ্টেচন-৩ মহাপ্ৰবন্ধক পি ভি আৰ মূৰ্তি, উপমহাপ্ৰবন্ধক গীতম বৰঠাকুৰ, উপমহাপ্ৰবন্ধক উৎপল শৰ্মা, উপমহাপ্ৰবন্ধক (চিকিৎসা বিভাগ) দেৱ কুমাৰ বৰাৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ লগতে কৰ্মচাৰীসকল। তদুপৰি DNPL, ONCE আৰু স্থানীয়…

ক’ভিদৰ পাছত স্বাস্থ্য বীমাৰ পৰিসৰ বৃদ্ধি পাইছে

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৬মে’: যোৱা সময়চোৱাত দেশৰ স্বাস্থ্য বীমা ক্ষেত্ৰখনত ২৪হেজাৰ কোটি টকাৰ বীমাৰ বিপৰীতে ক’ভিদৰ পাছত এই পৰিমাণ ৪০হেজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰাই দেশত স্বাস্থ্য বীমা সন্দৰ্ভত মানুহৰ মাজত সজাগতা বৃদ্ধি পাইছে বুলি ধৰিব পাৰি।বৰ্তমান স্বাস্থ্য বীমা ক্ষেত্ৰখনত নতুন নতুন কোম্পানীৰ প্ৰৱেশ ঘটিছে। অৱশ্যে দেশৰ মুঠ জনসংখ্যাৰ বিপৰীতে বৰ্তমানেও ১০শতাংশ লোককহে স্বাস্থ্য বীমাই স্পৰ্শ কৰিব পাৰিছে। আজি তেজপুৰত এই কথা প্ৰকাশ কৰে কেয়াৰ স্বাস্থ্য বীমা কোম্পানীৰ মাণ্ডলিক বাণিজ্যিক প্ৰধান সম্বৰণ গোস্বামীয়ে।…

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী তেজপুৰৰ বিৰাজ চক্ৰৱৰ্তীৰ আকস্মিক বিয়োগ

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ  ২৬ মে': অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী  নিষ্ঠাবান কৰ্মী তেজপুৰৰ ভৈৰৱ নগৰ টিলা নিবাসী বিৰাজ চক্ৰৱৰ্তী(৫২)ৰ আকস্মিক বিয়োগ ঘটিছে। এজন নিৰ্ভীক আৰু স্পষ্টবাদী ব্যক্তি হিচাপে পৰিচিত চক্ৰৱৰ্তী দুদিন পূৰ্বে আকস্মিকভাবে অসুস্থ হৈ পৰে। তেওঁক প্ৰথমতে তেজপুৰৰে এখন ব্যক্তিগত চিকিৎসালয়লৈ অনা হয়  যদিও ইয়াৰ পৰা তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ আগবঢ়াই চিকিৎসকে। ইয়াৰ পাছতে উশাহ নিশাহ লোৱাত সমস্যা হোৱা চক্ৰৱৰ্তীক ততাতৈয়াকৈ তেজপুৰৰে আন এখন ব্যাক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।…

পুৰণা বটলত ভুৱা লেবেল

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬মে’: তেজপুৰ আৱকাৰীৰ নাকৰ তলতে তেজপুৰৰ ডেকাৰগাঁৱত  অৰুণাচলী সুৰাৰ বটলৰ ওপৰত একাংশ নামী কোম্পানীৰ ভূৱা লেবেল লগাই চোৰাংবজাৰত বিক্ৰী কৰি অহাৰ এক ঘটনা পোহৰলৈ আহিছে। আজি তেজপুৰৰ এই স্থানত ৰঙাপৰা আবকাৰীয়ে চলোৱা অভিযানত অৰুণাচলী সুৰাৰ এই বৃহৎ অবৈধ বেহা উদ্ঘাটন হোৱাৰ বিপৰীতে তেজপুৰ আৱকাৰীৰ একাংশ পৰিদৰ্শকৰ স্বৰূপ উদঙাই দিছে। শোণিতপুৰ আবকাৰী বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আজি পুৱা প্ৰায় ৬-৩০ বজাত আৱকাৰী অধীক্ষক বৰিছ বৰকাকতিৰ নেতৃত্বত তেজপুৰ সদৰৰ আৱকাৰী পৰিদৰ্শক দেৱ কুমাৰ দাস…

গুৱাহাটীত বিচৰণ কৰা বনৰীয়া ম’হক টেংকুলাইজড কৰি গভীৰ বনাঞ্চলত মুকলি

গুৱাহাটী, ২৬ মে': গুৱাহাটী মহানগৰীত কালিৰে পৰা আতংকৰ সৃষ্টি কৰা বনৰীয়া ম'হটো আজি টেংকুলাইজড কৰি পুনৰ বনাঞ্চলত মুকলি কৰি দিয়া হয়। বন বিভাগৰ পূব কামৰূপ  সংমণ্ডলৰ অন্তৰ্গত গুৱাহাটী ৰেঞ্জ, অসম ৰাজ্যিক চিৰিয়াখানা আৰু লতাশিল আৰক্ষী থানাৰ সহযোগত পশু চিকিৎসকৰ দলে আজি ম'হটো সফলভাৱে টেংকুলাইজড কৰি শান্ত কৰে। কালিৰে পৰা দিক হেৰুৱাই গুৱাহাটীৰ খাৰঘুলিস্থিত জাইকা পানী যোগান আঁচনিৰ চৌহদত অৱস্থান কৰা ম'হটো ৰাজ্যিক চিৰিয়াখানাৰ পশু চিকিৎসক ডাঃ শংকৰ শৰ্মাই টেংকুলাইজৰ পিছৰ প্ৰয়োজনীয় চিকিৎসা- পৰীক্ষা কৰি ম’হটোক দুটা ড’জ ডাৰ্ট দিয়াৰ পিছত…

তেজপুৰৰ মহাভৈৰৱ,জ্যোতিভাৰতী,চকবজাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬ মে' : প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰৰ লগতে  তেজপুৰৰ পকী অৰ্থাৎ জ্যোতি ভাৰতী আৰু চকবজাৰত আজি উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।পকীলৈ তেওঁ পূৰ্বেও আহিছে য’দিও এইবাৰহে ইয়াত সংৰক্ষিত সম্পদৰাজি ওচৰৰ পৰা ভালদৰে চোৱা বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই জ্যোতি প্ৰসাদ আগৰৱালাৰ জীৱন গাঁথা এই "পকী" তেই আবদ্ধ হৈ আছে বুলি মন্তব্য কৰি লগতে কয় যে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু নটসূর্য ফণী শৰ্মাই কেনেদৰে অসমীয়া বৰ ঘৰটো নিৰ্মাণ কৰিছিল সেই বিষয়ে জানিবলৈ হ'লে…