Browsing Category

অসম

ভাৰত-ভূটান সীমান্তৰ কুৰিখন শিক্ষানুষ্ঠানত গছপুলি ৰোপণৰ লক্ষ্য বন বিভাগৰ

শতাব্দ প্রতিনিধি, তামুলপুৰ, ২৭ মে : বিশ্ব পৰিবেশ দিৱসৰ প্ৰাকমূহুৰ্ততে তামুলপুৰ জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয় উদ্যোগত ভাৰত-ভূটান সীমান্তৰ কুৰিখন শিক্ষানুষ্ঠানত এক গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ঔষধি গছ, থলুৱা  জাতৰ ফল-মূলৰ গছ চিনাকি কৰি দিয়াৰ মানসেৰে ঔষধিযুক্ত, ফলমূলকে ধৰি সৌন্দৰ্য্যবৰ্ধনকাৰী বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণৰ এক অভিনৱ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ কৰে। আজি সীমান্তবৰ্তী আঙাৰকাটা নতুনবস্তি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত এই গছপুলি ৰোপণ কাৰ্যসূচীৰ…

ৰঙাপৰা উন্নয়নখণ্ডত দুৰ্নীতি

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৭মে’: শোণিতপুৰৰ ৰঙাপৰা উন্নয়ন খণ্ডত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপনৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে স্থানীয় একাংশ লোকে শোণিতপুৰৰ উপায়ুক্তৰ ওচৰত এক পত্ৰ দাখিল কৰাৰ লগতে ইয়াৰ প্ৰতিলিপি ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসলৈয়ো প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে, ৰঙাপৰা উন্নয়ন খণ্ডৰে বিভিন্ন ভাবে জড়িত কুৰিজন লোকৰ দ্বাৰা স্বাক্ষৰিত অভিযোগ পত্ৰখনত এই অনিয়মৰে ভেণ্ডৰৰ সহায়ত ৰঙাপৰাৰ খণ্ড উন্নয়ন বিষয়া গৰাকী জড়িত বুলিও প্ৰকাশ কৰা হৈছে। অভিযোগ পত্ৰত প্ৰকাশ অনুসৰি,ৰঙাপৰা খণ্ড…

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

শতাব্দ প্রতিনিধি, দিছপুৰ,২৭ মে': ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি তেজপুৰস্থিত 'লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান' (এল জি বি আৰ আই এম এইচ) পৰিদৰ্শন কৰে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিষ্ঠানটোৰ শিশু আৰু কিশোৰ মনোৰোগ বিভাগ, খাদ্য প্ৰস্তুতকৰণ আৰু সংসাধন কক্ষ আৰু পৰীক্ষণ গৃহ, কেন্দ্ৰীয় পুথিভঁৰাল আদি পৰিদৰ্শন কৰাৰ লগতে চিকিৎসক তথা কৰ্মচাৰীসকলৰ সৈতে মতবিনিময় কৰি উত্তৰ-পূৰ্বাঞ্চলৰ এই প্ৰথমখন মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সামগ্ৰিক পৰিবেশৰ বুজ লয়। পাছত তেওঁ এল জি বি আৰ আই এম এইচৰ প্ৰশাসনিক…

লখিমপুৰত দেউৰী ছাত্ৰ সন্থাৰ বিক্ষোভ

শতাব্দ প্রতিনিধি, লখিমপুৰ  ২৭ মে : অসমৰ অনুসূচীত জনজাতি খিলঞ্জীয়া, জনগোষ্ঠী দেউৰী স্বায়ত্ত পৰিষদ শাসিত পৰিষদৰ সাংবিধানিক নিৰ্বাচনৰ দিন সম্পূর্ণ উকলি যোৱাৰ পাছতো অসমৰ  মুখ্যমন্ত্রীয়ে আজিকোপতি নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম দেউৰী ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে। সদৌ অসম দেউৰী ছাত্ৰ সন্থা, লখিমপুৰ জিলা সমিতিৰ স্পষ্ট মত  যদি কম সময়ৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত নকৰে তেন্তে পৰৱৰ্তি সময়ত সংগ্রামী প্রতিবাদী কার্যসূচী হাতত ল’বলৈ বাধ্য হ'ব বুলি সকীয়নি দিছে ছাত্ৰ সন্থাৰ সভাপতি ব্ৰিটিছ দেউৰী…

নীট পৰীক্ষাত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ কৃতীমানক সম্বৰ্ধনাঃ কেৰিয়াৰ সন্দৰ্ভত মনোজ্ঞ আলোচনা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৭ মে : উত্তৰ অসমৰ অগ্রণী শিক্ষানুষ্ঠান লখিমপুৰৰ ব্রহ্মপুত্র ডেলী একাডেমী (কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল)ৰ বাবে আজি এটা সফলতা আৰু গৌৰৱৰ দিন। মহাবিদ্যালয়খনৰ সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষা ২০২১-২০২২ বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হৈ চিকিৎসা বিজ্ঞান অধ্যয়নৰ সুযোগ লাভ কৰি, বর্তমান এ.এম.চি. এইছ. জি. এম.চি. এইছ-কে ধৰি অসমৰ ভিন্ন প্ৰান্তৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা আঠ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকক আজি সম্বৰ্ধনা জনোৱা হয়। ছাত্র-ছাত্রীসকল ক্রমে শ্ৰুতি কুটুম…

প্ৰাকৃতিক গেছৰ অভাৱনীয় মূল্যবৃদ্ধি : বিপৰ্যয়ত ৰাজ্যৰ চাহ উদ্যোগ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ মে’ : ৰাজ্য চৰকাৰৰ শ্রমিক বিৰোধী নীতিৰ প্ৰতিবাদত আৰু ডদলু বাগিছাৰ উচ্ছেদ বন্ধ কৰাৰ লগতে তিনিচুকীয়াৰ লিম্বুগুৰি চাহ বাগিছাৰ একাধিক সমস্যা সমাধানৰ দাবীত আজি অসম চাহ জনজাতি ছাত্র সন্থাৰ (আটছা) গটং উপ-শাখা সমিতিৰ উদ্যোগত তথা অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ) লিম্বুগুৰি চাহ বাগিছা প্ৰাথমিক গোটৰ লগতে বাগিছাখনৰ শ্ৰমিক ৰাইজৰ সহযোগত লিম্বুগুৰি বাগিছাৰ কাৰ্য্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধর্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় । হাতেহাতে বেনাৰ, প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গান দি…

মাজুলীৰ বহুমুখী উৎপাদনকাৰী কমল পায়েং আৰু মিনু পায়েং

পৰাণজ্যোতি বৰা,মাজুলী,২৭ মে' মাজুলীৰ মৎস্য উৎপাদনকাৰী কমল পায়েঙে তিনি বিঘাকৈ মাটিত গোম ধানৰ খেতি কৰি দেখুৱাইছে এতিয়া তেঁও এজন সফল কৃষক বুলি । কমল পায়েঙে ২নং বৰগঞাত নিজৰ তিনি বিঘা মাটিত এইবাৰ গোমধানৰ খেতি কৰি অভিলেখ সংখ্যক উৎপাদন কৰিবলৈ সক্ষম হৈছে । মাজুলী জিলা কৃষি বিভাগে যোগান ধৰা গোমধানৰ বীজৰ জৰিয়তে খেতি কৰিছিল কমল পায়েঙে। সম্প্ৰতি তেঁও গোমধান বৰ্তমান চপাই আছে । চাৰিজন মানুহ কামত লগাই আদৰ্শ কৃষক কমল পায়েঙে নিজৰ পত্নী- পুত্ৰৰ লগত বৰ্তমান দিনে ৰাতিয়ে গোমধান তোলাত ব্যস্ত আছে । কমল পায়েং এজন বিখ্যাত মাছ পালক । তেওঁৰ বৃহৎ…

জৰুৰী অৱস্থাৰ বাবে মুকলি ‘মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি’

নতুনকৈ 'মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি' প্ৰৱৰ্তন। আঁচনিখনৰ ৰূপায়ণৰ বাবে নীতি-নিদের্শনা জাৰি। জৰুৰী অৱস্থাত ক্ষিপ্ৰতাৰে জনসাধাৰণৰ বাবে আর্থিক সাহায্য আগবঢ়োৱাৰ লক্ষ্য। আঁচনিখনৰ অধীনত থকা পুঁজি নিয়মীয়া বাজেটে সামৰি নোলোৱা প্ৰাকৃতিক দুর্যোগ, সংঘর্ষ তথা দুর্ঘটনাগ্রস্ত লোকক আর্থিক সাহায্য প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হ’ব। শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৭ মে': অসম চৰকাৰে 'মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি' নামেৰে এখন নতুন আঁচনি প্ৰৱৰ্তন কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সচিবালয়ে এই আঁচনিখন ৰূপায়ণৰ বাবে নীতি-নিদের্শনা…

পূৰ্বৰ স্বাস্থ্যমন্ত্ৰীৰ ১৫ কোটি টকাৰ ৫০ হাজাৰ পি পি ই কীটৰ তথ্য বিচাৰিছে প্ৰদেশ কংগ্ৰেছে

সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত। ক’ভিডৰ নামত সংঘটিত হোৱা কেলেংকাৰিৰ উত্তৰ দিয়ক এতিয়াৰ মুখ্যমন্ত্ৰীয়ে। অসম চৰকাৰৰ ক’ভিড প্ৰতিৰোধী সকলো সা-সামগ্রী ক্ৰয়ৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে চীনৰ পৰা পি পি ই কীট বাদেই ক’ভিড প্ৰতিৰোধ অভিযানৰ কোনো সা-সামগ্রী ক্ৰয় কৰা নাই আৰু এনে সামগ্ৰীৰ বাবদ কাকো এটকাও আদায় দিয়া নাই। শ্বেতপত্র প্রকাশ কৰাৰ দাবী কংগ্ৰেছৰ।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৭ মে': ক'ভিডৰ নামত বৰ্তমানৰ মুখ্যমন্ত্রী আৰু তেতিয়াৰ স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দিনত…

এল টি কে মহাবিদ্যালয়ত আলোচনা সত্ৰ-“স্বাস্থ্যকৰ জীৱন”শীৰ্ষক গ্ৰন্থ উন্মোচন

উত্তৰ লখিমপুৰ, ২৭ মেঃ লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগত ২৬ মেত  Synopsis and Dissertation Writing for B.Sc Course শীৰ্ষক বিষয়ৰ এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। আলোচনা সত্ৰৰ সমল ব‍্যক্তি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰেক্টৰ ড° হৰি প্ৰসাদ শৰ্মা উপস্থিত থাকে । এই সভাৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ প্ৰকাশন কোষৰ সহযোগত ৰসায়ন বিজ্ঞানৰ মুৰব্বী অধ‍্যাপক ড° দেৱজিৎ দত্তৰ দ্বাৰা প্ৰকাশিত "স্বাস্থ্যকৰ জীৱন" নামৰ এখন কিতাপ সমল ব‍্যক্তি ড° হৰি প্ৰসাদ শৰ্মাই উন্মোচন কৰে। সভাত বিশিষ্ট ব‍্যক্তি হিচাপে…