Browsing Category

অসম

সজাগতামূলক ভাবে Fire Mock Dill কাৰ্যসূচী

শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ মে : অইল ইণ্ডিয়া পাম্পিং ষ্টেচন-৩ ৰ উদ্যোগত আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা, পুলিচ প্ৰশাসন, SDRF, State Fire Vibrates, Civil Diffeceৰ সহযোগত বুধবাৰে পুৰণিমাটি চাহ বাগিচা এলেকাত সজাগতা মূলক ভাবে Fire Mock Dill কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে অইল ইণ্ডিয়া পাম্পিং ষ্টেচন-৩ মহাপ্ৰবন্ধক পি ভি আৰ মূৰ্তি, উপমহাপ্ৰবন্ধক গীতম বৰঠাকুৰ, উপমহাপ্ৰবন্ধক উৎপল শৰ্মা, উপমহাপ্ৰবন্ধক (চিকিৎসা বিভাগ) দেৱ কুমাৰ বৰাৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ লগতে কৰ্মচাৰীসকল। তদুপৰি DNPL, ONCE আৰু স্থানীয়…

ক’ভিদৰ পাছত স্বাস্থ্য বীমাৰ পৰিসৰ বৃদ্ধি পাইছে

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৬মে’: যোৱা সময়চোৱাত দেশৰ স্বাস্থ্য বীমা ক্ষেত্ৰখনত ২৪হেজাৰ কোটি টকাৰ বীমাৰ বিপৰীতে ক’ভিদৰ পাছত এই পৰিমাণ ৪০হেজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰাই দেশত স্বাস্থ্য বীমা সন্দৰ্ভত মানুহৰ মাজত সজাগতা বৃদ্ধি পাইছে বুলি ধৰিব পাৰি।বৰ্তমান স্বাস্থ্য বীমা ক্ষেত্ৰখনত নতুন নতুন কোম্পানীৰ প্ৰৱেশ ঘটিছে। অৱশ্যে দেশৰ মুঠ জনসংখ্যাৰ বিপৰীতে বৰ্তমানেও ১০শতাংশ লোককহে স্বাস্থ্য বীমাই স্পৰ্শ কৰিব পাৰিছে। আজি তেজপুৰত এই কথা প্ৰকাশ কৰে কেয়াৰ স্বাস্থ্য বীমা কোম্পানীৰ মাণ্ডলিক বাণিজ্যিক প্ৰধান সম্বৰণ গোস্বামীয়ে।…

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী তেজপুৰৰ বিৰাজ চক্ৰৱৰ্তীৰ আকস্মিক বিয়োগ

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ  ২৬ মে': অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী  নিষ্ঠাবান কৰ্মী তেজপুৰৰ ভৈৰৱ নগৰ টিলা নিবাসী বিৰাজ চক্ৰৱৰ্তী(৫২)ৰ আকস্মিক বিয়োগ ঘটিছে। এজন নিৰ্ভীক আৰু স্পষ্টবাদী ব্যক্তি হিচাপে পৰিচিত চক্ৰৱৰ্তী দুদিন পূৰ্বে আকস্মিকভাবে অসুস্থ হৈ পৰে। তেওঁক প্ৰথমতে তেজপুৰৰে এখন ব্যক্তিগত চিকিৎসালয়লৈ অনা হয়  যদিও ইয়াৰ পৰা তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ আগবঢ়াই চিকিৎসকে। ইয়াৰ পাছতে উশাহ নিশাহ লোৱাত সমস্যা হোৱা চক্ৰৱৰ্তীক ততাতৈয়াকৈ তেজপুৰৰে আন এখন ব্যাক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।…

পুৰণা বটলত ভুৱা লেবেল

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬মে’: তেজপুৰ আৱকাৰীৰ নাকৰ তলতে তেজপুৰৰ ডেকাৰগাঁৱত  অৰুণাচলী সুৰাৰ বটলৰ ওপৰত একাংশ নামী কোম্পানীৰ ভূৱা লেবেল লগাই চোৰাংবজাৰত বিক্ৰী কৰি অহাৰ এক ঘটনা পোহৰলৈ আহিছে। আজি তেজপুৰৰ এই স্থানত ৰঙাপৰা আবকাৰীয়ে চলোৱা অভিযানত অৰুণাচলী সুৰাৰ এই বৃহৎ অবৈধ বেহা উদ্ঘাটন হোৱাৰ বিপৰীতে তেজপুৰ আৱকাৰীৰ একাংশ পৰিদৰ্শকৰ স্বৰূপ উদঙাই দিছে। শোণিতপুৰ আবকাৰী বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আজি পুৱা প্ৰায় ৬-৩০ বজাত আৱকাৰী অধীক্ষক বৰিছ বৰকাকতিৰ নেতৃত্বত তেজপুৰ সদৰৰ আৱকাৰী পৰিদৰ্শক দেৱ কুমাৰ দাস…

গুৱাহাটীত বিচৰণ কৰা বনৰীয়া ম’হক টেংকুলাইজড কৰি গভীৰ বনাঞ্চলত মুকলি

গুৱাহাটী, ২৬ মে': গুৱাহাটী মহানগৰীত কালিৰে পৰা আতংকৰ সৃষ্টি কৰা বনৰীয়া ম'হটো আজি টেংকুলাইজড কৰি পুনৰ বনাঞ্চলত মুকলি কৰি দিয়া হয়। বন বিভাগৰ পূব কামৰূপ  সংমণ্ডলৰ অন্তৰ্গত গুৱাহাটী ৰেঞ্জ, অসম ৰাজ্যিক চিৰিয়াখানা আৰু লতাশিল আৰক্ষী থানাৰ সহযোগত পশু চিকিৎসকৰ দলে আজি ম'হটো সফলভাৱে টেংকুলাইজড কৰি শান্ত কৰে। কালিৰে পৰা দিক হেৰুৱাই গুৱাহাটীৰ খাৰঘুলিস্থিত জাইকা পানী যোগান আঁচনিৰ চৌহদত অৱস্থান কৰা ম'হটো ৰাজ্যিক চিৰিয়াখানাৰ পশু চিকিৎসক ডাঃ শংকৰ শৰ্মাই টেংকুলাইজৰ পিছৰ প্ৰয়োজনীয় চিকিৎসা- পৰীক্ষা কৰি ম’হটোক দুটা ড’জ ডাৰ্ট দিয়াৰ পিছত…

তেজপুৰৰ মহাভৈৰৱ,জ্যোতিভাৰতী,চকবজাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬ মে' : প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰৰ লগতে  তেজপুৰৰ পকী অৰ্থাৎ জ্যোতি ভাৰতী আৰু চকবজাৰত আজি উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।পকীলৈ তেওঁ পূৰ্বেও আহিছে য’দিও এইবাৰহে ইয়াত সংৰক্ষিত সম্পদৰাজি ওচৰৰ পৰা ভালদৰে চোৱা বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই জ্যোতি প্ৰসাদ আগৰৱালাৰ জীৱন গাঁথা এই "পকী" তেই আবদ্ধ হৈ আছে বুলি মন্তব্য কৰি লগতে কয় যে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু নটসূর্য ফণী শৰ্মাই কেনেদৰে অসমীয়া বৰ ঘৰটো নিৰ্মাণ কৰিছিল সেই বিষয়ে জানিবলৈ হ'লে…

লখিমপুৰত চৰকাৰী বিদ্যালয়ত বৰষুণত তিতি শিক্ষা গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ

শতাব্দ প্রতিনিধি, লখিমপুৰ ,২৬ মে :  ৰাজ্যৰ শিক্ষা বিভাগে যিসময়ত চৰকাৰী বিদ্যালয়সমুহত শিক্ষাৰ গুণগত মান বৃদ্ধিৰ বাবে পূৰ্ণোদ্যমে গুণোৎসৱ আয়োজন কৰি আহিছে। সেইসময়তে এতিয়ালৈকে গুণোৎসৱ আৰম্ভ নোহোৱা কিন্তু আৰম্ভ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত লখিমপুৰ জিলা শিক্ষাখণ্ডৰ অধীনৰ ভিতৰুৱা অঞ্চলৰ অগ্ৰণী চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাই বাৰুকৈয়ে উদ্বিগ্ন কৰি তুলিছে সেই বিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ আৰু স্থানীয় অভিভাৱক-ৰাইজক। এই বিদ্যালয়খন হৈছে ঘাগৰমুখ উচ্চ মাধ্যমিক বিদ্যালয়। লখিমপুৰ জিলা…

গুৱাহাটীত বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ

শতাব্দ প্রতিনিধি, গুৱাহাটী,২৬ মে': গুৱাহাটী মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা। মহানগৰীত আজি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। গুৱাহাটীৰ পশ্চিম বৰাগা‍ঁৱৰ নিজৰাপাৰৰ পৰা ক্ৰাইম ব্ৰান্স আৰু গড়চুক আৰক্ষীয়ে যুটীয়া অভিযান চলাই জব্দ কৰে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি। যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ অধীনত গুৱাহাটী আৰক্ষীয়ে চলোৱা এই অভিযানত ফেন্সিডাইল কফ চিৰাপৰ ১০১ বস্তা জব্দ কৰে। জব্দ কৰা ৩০ হাজাৰ টা ফেন্সিডাইল কফ চিৰাপৰ বটলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১২ কোটি টকা। আৰক্ষীয়ে কফ…

অসম কৃষি বিশ্ববিদ্যালয়লৈ ৰাষ্ট্ৰীয় সন্মান 

শতাব্দ প্ৰতিনিধি,যোৰহাট,২৬ মে : কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত প্ৰণালীবদ্ধভাৱে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়লৈ ৰাষ্ট্ৰীয় কৃষি শিক্ষা মূল্যায়ন বৰ্ডে এ গ্ৰেড প্ৰদান কৰিছে । ৰাষ্ট্ৰীয় কৃষি শিক্ষা মূল্যায়ন বৰ্ডৰ সিদ্ধান্ত মৰ্মে অসম কৃষি বিশ্ববিদ্যালয়ক এ গ্ৰেড প্ৰদান কৰিছে । ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ শিক্ষা মান পৰীক্ষা আৰু সংস্কাৰ শাখাৰ সহকাৰী সঞ্চালক প্ৰধান ড° পি এছ পাণ্ডেই অসম চৰকাৰ আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ প্ৰেৰণ কৰা পত্ৰৰ জৰিয়তে এই বিষয়ে জানিবলৈ দিছে ।বিশ্ববিদ্যালয়খনৰ এই মূল্যায়ন ৩১ মাৰ্চ…

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত তথ্যচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৬মেঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত তথা তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ছোৱালী মহাবিদ্যালয়ৰ বাংলা বিভাগৰ সহযোগত, মহাবিদ্যালয় প্ৰাংগনত যোৱা ২৫ মে' তাৰিখে এক তথ্যচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ গণমাধ্যম আৰু সাংবাদিকতা বিভাগৰ স্নাতকোত্তৰ শিক্ষাৰ্থীসকলে পাঠ্যক্ৰমৰ অংশস্বৰূপে নিৰ্মাণ কৰা এই তথ্যচিত্ৰসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে এই প্ৰদৰ্শনী অনুষ্ঠানটো আয়োজন কৰা হয়। চলচ্চিত্ৰ হৈছে এক শক্তিশালী সমাজ সংস্কাৰী গণমাধ্যম আৰু…