Browsing Category
অসম
লখিমপুৰত চৰকাৰী বিদ্যালয়ত বৰষুণত তিতি শিক্ষা গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ
শতাব্দ প্রতিনিধি, লখিমপুৰ ,২৬ মে : ৰাজ্যৰ শিক্ষা বিভাগে যিসময়ত চৰকাৰী বিদ্যালয়সমুহত শিক্ষাৰ গুণগত মান বৃদ্ধিৰ বাবে পূৰ্ণোদ্যমে গুণোৎসৱ আয়োজন কৰি আহিছে। সেইসময়তে এতিয়ালৈকে গুণোৎসৱ আৰম্ভ নোহোৱা কিন্তু আৰম্ভ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত লখিমপুৰ জিলা শিক্ষাখণ্ডৰ অধীনৰ ভিতৰুৱা অঞ্চলৰ অগ্ৰণী চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাই বাৰুকৈয়ে উদ্বিগ্ন কৰি তুলিছে সেই বিদ্যালয়ৰ শিক্ষাৰ লগত জড়িত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ আৰু স্থানীয় অভিভাৱক-ৰাইজক। এই বিদ্যালয়খন হৈছে ঘাগৰমুখ উচ্চ মাধ্যমিক বিদ্যালয়। লখিমপুৰ জিলা…
গুৱাহাটীত বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ
শতাব্দ প্রতিনিধি, গুৱাহাটী,২৬ মে': গুৱাহাটী মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা। মহানগৰীত আজি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ নিজৰাপাৰৰ পৰা ক্ৰাইম ব্ৰান্স আৰু গড়চুক আৰক্ষীয়ে যুটীয়া অভিযান চলাই জব্দ কৰে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি। যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ অধীনত গুৱাহাটী আৰক্ষীয়ে চলোৱা এই অভিযানত ফেন্সিডাইল কফ চিৰাপৰ ১০১ বস্তা জব্দ কৰে। জব্দ কৰা ৩০ হাজাৰ টা ফেন্সিডাইল কফ চিৰাপৰ বটলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১২ কোটি টকা। আৰক্ষীয়ে কফ…
অসম কৃষি বিশ্ববিদ্যালয়লৈ ৰাষ্ট্ৰীয় সন্মান
শতাব্দ প্ৰতিনিধি,যোৰহাট,২৬ মে : কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত প্ৰণালীবদ্ধভাৱে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়লৈ ৰাষ্ট্ৰীয় কৃষি শিক্ষা মূল্যায়ন বৰ্ডে এ গ্ৰেড প্ৰদান কৰিছে । ৰাষ্ট্ৰীয় কৃষি শিক্ষা মূল্যায়ন বৰ্ডৰ সিদ্ধান্ত মৰ্মে অসম কৃষি বিশ্ববিদ্যালয়ক এ গ্ৰেড প্ৰদান কৰিছে । ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ শিক্ষা মান পৰীক্ষা আৰু সংস্কাৰ শাখাৰ সহকাৰী সঞ্চালক প্ৰধান ড° পি এছ পাণ্ডেই অসম চৰকাৰ আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ প্ৰেৰণ কৰা পত্ৰৰ জৰিয়তে এই বিষয়ে জানিবলৈ দিছে ।বিশ্ববিদ্যালয়খনৰ এই মূল্যায়ন ৩১ মাৰ্চ…
তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত তথ্যচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৬মেঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত তথা তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ছোৱালী মহাবিদ্যালয়ৰ বাংলা বিভাগৰ সহযোগত, মহাবিদ্যালয় প্ৰাংগনত যোৱা ২৫ মে' তাৰিখে এক তথ্যচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ গণমাধ্যম আৰু সাংবাদিকতা বিভাগৰ স্নাতকোত্তৰ শিক্ষাৰ্থীসকলে পাঠ্যক্ৰমৰ অংশস্বৰূপে নিৰ্মাণ কৰা এই তথ্যচিত্ৰসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে এই প্ৰদৰ্শনী অনুষ্ঠানটো আয়োজন কৰা হয়। চলচ্চিত্ৰ হৈছে এক শক্তিশালী সমাজ সংস্কাৰী গণমাধ্যম আৰু…
লিডুত টিৰাপ কলিয়ৰী মুকলি কৰাৰ দাবীত যুৱ-ছাত্র পৰিষদৰ বিক্ষোভ
শতাব্দৰ মাৰ্ঘেৰিটাৰ প্রতিবেদক ২৫ মেঃ টিৰাপ কলিয়ৰী মুকলি কৰাৰ দাবীত সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ । আজি লিডুত পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ উদ্যোগত কলিয়ৰীটো মুকলি কৰাৰ দাবীত বিক্ষোভ প্রদৰ্শন কৰে | ২০২০ চনৰ তিনি জুনৰ পৰা বন্ধ হৈ আছিল মাৰ্ঘেৰিটা মহকুমাৰ ৰাজহুৱা খণ্ডৰ অন্যতম উদ্যোগ উত্তৰ পূৱ কয়লা ক্ষেত্রৰ উৎপাদন। টিকক কলিয়ৰীত শেহতীয়াকৈ উৎপাদন আৰম্ভ কৰিছে যদিও টিৰাপ কলিয়ৰী আজিও মুকলি নহল | যুৱ ছাত্র পৰিষদে টিৰাপ কলিয়ৰী শীঘ্রে মুকলি কৰাৰ দাবীত আজি টিৰাপ কলিয়ৰীৰ সন্মুখত ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী | প্রতিবাদকাৰী সকলে…
তেজপুৰ বিশ্ববিদ্যালয়ৰ দুজন ফেকাল্টি ক’ভিদত আক্ৰান্ত
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৫মে’:
কিছুদিন বিৰতিৰ পাছত তেজপুৰ বিশ্ববিদ্যালয়ত পুনৰ দুজনৰ শৰীৰত ক’ভিদৰ সংক্ৰমণ ধৰা পৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ দুগৰাকী ফেকাল্টি সদস্য ড° নিশান্ত হুল্লেস্বামী আৰু ব্ৰিজেশ শ্ৰীবাস্তৱৰ শৰীৰত আজি ধৰা পৰে ক’ভিদৰ সংক্ৰমণ। উল্লেখযোগ্য যে ক’ভিদ প্ৰতিৰোধী দুয়োটা টিকা দুয়োজনে পৰিয়াল সহ লোৱা আছিল। তদুপৰি ইয়াৰ পূৰ্বেও তেওঁলোক দুয়োজন ক’ভিদত আক্ৰান্ত হৈছিল।
২০১৪ বৰ্ষত ৰাকেশ পালে বক্রপথেৰে ৰাজপত্ৰিত চাকৰি দিয়া সকলৰ কি হ’ব ?
ৰাকেশ পাল আৰু সহযোগীসকলৰ সংকট অধিক ঘনীভূত। বক্ৰপথেৰে ৰাজপত্ৰিত চাকৰি লোৱা বহু প্ৰাৰ্থীৰ মাজত হাহাকাৰ। আয়োগে দায়িত্ব গ্ৰহণ কৰিয়েই তদন্তৰ প্ৰাৰম্ভিক কামকাজ আৰম্ভ কৰিছে। আয়োগে কৰা তদন্তত সন্দেহৰ আওতাত সোমাই থকা আন বহুকেইজন প্রার্থী আইনী মেৰপেচত পৰাৰ সম্ভাবনা প্ৰকট হৈ পৰিছে।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ মে': ৰাকেশ পালৰ দিনত অসম লোকসেৱা আয়োগৰ নিযুক্তিৰ ক্ষেত্রত হোৱা বিয়াগোম কেলেংকাৰিৰ যেন অন্ত নোহোৱা হৈছে। শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ প্রাক্তন অধ্যক্ষ ৰাকেশ পাল আৰু তেওঁৰ সহযোগীসকল অধিক সংকটত পৰাটো নিশ্চিত হৈছে।…
গোলাঘাটত চোৰৰ মহা অথন্তৰ
শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২৫ মেঃ দিন দুপৰতে মন্দিৰত চুৰি কাৰ্য সম্পন্ন কৰিবলৈ সোমাই নিজ অভীষ্ট সিদ্ধিৰ বাবে সষ্টাঙ্গে সেৱা লৈ ভগৱানৰ আশীৰ্বাদ বিচাৰিলেও ভগৱান পিছে চোৰৰ প্ৰতি সদয় নোহোৱাত মহা অথন্তৰত পতিত হৈ অৱশেষত ভক্তিপ্ৰাণ এই গভাইত চোৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ এক ঘটনাই গোলাঘাটত চাঞ্চল্যৰ লগতে আমোদো দিছে। ঘটনাটো আজি দিনৰ ভাগত গোলাঘাট নগৰৰ সমীপৰ ভগাগাঁৱৰ। জানিবলৈ পোৱা মতে গাঁওখনত থকা শিৱ মন্দিৰত আজি পুৱাৰ ভাগতে কোনো নথকাৰ সুযোগ লৈ চুৰি কৰিবলৈ সোমাল আটাবুৰ নামৰ এক দুৰ্ধৰ্ষ চোৰ। মন্দিৰত প্ৰৱেশ কৰিয়েই চোৰ আটাবুৰে মন্দিৰত…
তিনিচুকীয়াত মটক ৰজা সৰ্বানন্দ সিংহ দিৱস
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৫ মে’ : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা তিনিচুকীয়া জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত তিনিচুকীয়াৰ বৰগুৰি হাইস্কুল খেলপথাৰৰ মাটিবৰ বৰসেনাপতি ক্ষেত্ৰ আৰু পৱন নেওঁগ সোঁৱৰণি মণ্ডপত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অব্যাহত থকা ২২০ সংখ্যক মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ আজি দ্বিতীয় দিনাৰ কাৰ্য্যসূচী অনুসৰি বাহিৰ কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ তিনিচুকীয়াবাসীৰ মন মোহিবলৈ সক্ষম হয় । অসমীয়াৰ স্বাভিমানস্বৰূপ তথা আভিজাত্যৰ প্ৰতীক দুটা হাতীক অনুসৰণ কৰি ঐতিহাসিক…
