Browsing Category
অসম
লিডুত টিৰাপ কলিয়ৰী মুকলি কৰাৰ দাবীত যুৱ-ছাত্র পৰিষদৰ বিক্ষোভ
শতাব্দৰ মাৰ্ঘেৰিটাৰ প্রতিবেদক ২৫ মেঃ টিৰাপ কলিয়ৰী মুকলি কৰাৰ দাবীত সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ । আজি লিডুত পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ উদ্যোগত কলিয়ৰীটো মুকলি কৰাৰ দাবীত বিক্ষোভ প্রদৰ্শন কৰে | ২০২০ চনৰ তিনি জুনৰ পৰা বন্ধ হৈ আছিল মাৰ্ঘেৰিটা মহকুমাৰ ৰাজহুৱা খণ্ডৰ অন্যতম উদ্যোগ উত্তৰ পূৱ কয়লা ক্ষেত্রৰ উৎপাদন। টিকক কলিয়ৰীত শেহতীয়াকৈ উৎপাদন আৰম্ভ কৰিছে যদিও টিৰাপ কলিয়ৰী আজিও মুকলি নহল | যুৱ ছাত্র পৰিষদে টিৰাপ কলিয়ৰী শীঘ্রে মুকলি কৰাৰ দাবীত আজি টিৰাপ কলিয়ৰীৰ সন্মুখত ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী | প্রতিবাদকাৰী সকলে…
তেজপুৰ বিশ্ববিদ্যালয়ৰ দুজন ফেকাল্টি ক’ভিদত আক্ৰান্ত
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৫মে’:
কিছুদিন বিৰতিৰ পাছত তেজপুৰ বিশ্ববিদ্যালয়ত পুনৰ দুজনৰ শৰীৰত ক’ভিদৰ সংক্ৰমণ ধৰা পৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ দুগৰাকী ফেকাল্টি সদস্য ড° নিশান্ত হুল্লেস্বামী আৰু ব্ৰিজেশ শ্ৰীবাস্তৱৰ শৰীৰত আজি ধৰা পৰে ক’ভিদৰ সংক্ৰমণ। উল্লেখযোগ্য যে ক’ভিদ প্ৰতিৰোধী দুয়োটা টিকা দুয়োজনে পৰিয়াল সহ লোৱা আছিল। তদুপৰি ইয়াৰ পূৰ্বেও তেওঁলোক দুয়োজন ক’ভিদত আক্ৰান্ত হৈছিল।
২০১৪ বৰ্ষত ৰাকেশ পালে বক্রপথেৰে ৰাজপত্ৰিত চাকৰি দিয়া সকলৰ কি হ’ব ?
ৰাকেশ পাল আৰু সহযোগীসকলৰ সংকট অধিক ঘনীভূত। বক্ৰপথেৰে ৰাজপত্ৰিত চাকৰি লোৱা বহু প্ৰাৰ্থীৰ মাজত হাহাকাৰ। আয়োগে দায়িত্ব গ্ৰহণ কৰিয়েই তদন্তৰ প্ৰাৰম্ভিক কামকাজ আৰম্ভ কৰিছে। আয়োগে কৰা তদন্তত সন্দেহৰ আওতাত সোমাই থকা আন বহুকেইজন প্রার্থী আইনী মেৰপেচত পৰাৰ সম্ভাবনা প্ৰকট হৈ পৰিছে।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ মে': ৰাকেশ পালৰ দিনত অসম লোকসেৱা আয়োগৰ নিযুক্তিৰ ক্ষেত্রত হোৱা বিয়াগোম কেলেংকাৰিৰ যেন অন্ত নোহোৱা হৈছে। শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ প্রাক্তন অধ্যক্ষ ৰাকেশ পাল আৰু তেওঁৰ সহযোগীসকল অধিক সংকটত পৰাটো নিশ্চিত হৈছে।…
গোলাঘাটত চোৰৰ মহা অথন্তৰ
শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২৫ মেঃ দিন দুপৰতে মন্দিৰত চুৰি কাৰ্য সম্পন্ন কৰিবলৈ সোমাই নিজ অভীষ্ট সিদ্ধিৰ বাবে সষ্টাঙ্গে সেৱা লৈ ভগৱানৰ আশীৰ্বাদ বিচাৰিলেও ভগৱান পিছে চোৰৰ প্ৰতি সদয় নোহোৱাত মহা অথন্তৰত পতিত হৈ অৱশেষত ভক্তিপ্ৰাণ এই গভাইত চোৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ এক ঘটনাই গোলাঘাটত চাঞ্চল্যৰ লগতে আমোদো দিছে। ঘটনাটো আজি দিনৰ ভাগত গোলাঘাট নগৰৰ সমীপৰ ভগাগাঁৱৰ। জানিবলৈ পোৱা মতে গাঁওখনত থকা শিৱ মন্দিৰত আজি পুৱাৰ ভাগতে কোনো নথকাৰ সুযোগ লৈ চুৰি কৰিবলৈ সোমাল আটাবুৰ নামৰ এক দুৰ্ধৰ্ষ চোৰ। মন্দিৰত প্ৰৱেশ কৰিয়েই চোৰ আটাবুৰে মন্দিৰত…
তিনিচুকীয়াত মটক ৰজা সৰ্বানন্দ সিংহ দিৱস
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৫ মে’ : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা তিনিচুকীয়া জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত তিনিচুকীয়াৰ বৰগুৰি হাইস্কুল খেলপথাৰৰ মাটিবৰ বৰসেনাপতি ক্ষেত্ৰ আৰু পৱন নেওঁগ সোঁৱৰণি মণ্ডপত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অব্যাহত থকা ২২০ সংখ্যক মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ আজি দ্বিতীয় দিনাৰ কাৰ্য্যসূচী অনুসৰি বাহিৰ কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ তিনিচুকীয়াবাসীৰ মন মোহিবলৈ সক্ষম হয় । অসমীয়াৰ স্বাভিমানস্বৰূপ তথা আভিজাত্যৰ প্ৰতীক দুটা হাতীক অনুসৰণ কৰি ঐতিহাসিক…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত পাঁচবিধ নতুন সংযোজিত পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি
উত্তৰ লখিমপুৰ: ২৫ মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি পাঁচবিধ নতুন সংযোজিত পাঠ্যক্ৰমৰ অন্তৰ্ভু্ক্তি কৰা হয়। মহাবিদ্যাল্যৰ আভ্যন্তৰীণ মাপ নিৰূপক কোষৰ উদ্যোগত সেই উদ্দেশ্যে আয়োজিত এক কাৰ্য্যসূচী উদ্বোধন কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। উদ্বোধনী অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্য কৰে আভ্যন্তৰীণ মাপ নিৰূপক কোষৰ সমন্বয়ৰক্ষী ড° দাদুল ৰাজকোঁৱৰে। মহাবিদ্যালয়ত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বিষয়সমুহ হৈছে শ্বেয়াৰ মাৰ্কেট আধাৰ পাঠ, স্পকেন ইংলিছ আৰু ব্যক্তিত্ব বিকাশ, মিডিয়া আৰু চলচিত্ৰ অধ্যয়ন, মহিলাৰ আত্মৰক্ষা আৰু যোগ…
বিলুপ্তি ঘটোৱা হ’ব ৰে’ল বিভাগত খালী থকা ন’ন ছেফটি কেটেগৰীৰ ৫০ শতাংশ পদ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৫ মে’ : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশত ’স্বাধীনতাৰ অমৃত মহোৎসৱ’ উদযাপন কৰি থকাৰ মাজতে গ্ৰহণ কৰিছে এক বৃহৎ হঠকাৰী সিদ্ধান্ত । ’সবকা সাথ সবকা বিকাশ’ৰ শ্ল’গান আওৰাই অহা মোদী চৰকাৰে অতি গোপনে গ্ৰহণ কৰিছে দেশৰ ৰে'ল বিভাগত খালী হৈ থকা ন'ন ছেফটি কেটেগৰীৰ ৫০ শতাংশ পদ বিলুপ্তিৰ সিদ্ধান্ত । ইতিমধ্যে অহা ৩১ মে’ৰ ভিতৰত এই সন্দৰ্ভত কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ ভাৰতীয় ৰে’লৰ সকলো শীৰ্ষ বিষয়ালৈ জাৰী কৰা হৈছে কঠোৰ আৰু জৰুৰী নিৰ্দেশ । দেশৰ অৰ্থনৈতিক বুনিয়াদ সুদৃঢ় কৰাৰ ক্ষেত্ৰত…
অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ সজাগতা সভা
গুৱাহাটী,২৫ মে’ : গুৱাহাটী আজাৰাস্থিত চন্দ্রপ্রভা বড়া উচ্চ মাধ্যমিক বিদ্যালয়ত অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ২৫ মে' তাৰিখ দিনৰ ১২.৩০ বজাত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । ড° বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলক কেৰিয়াৰ সম্পৰ্কীয় দিহা-পৰামৰ্শ আগবঢ়ায় । কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ সমিধান…
গুণোৎসৱ ২০২২ : তিনিচুকীয়াত মূল্যায়নকাৰী ৰূপে বিদ্যালয়ত উপস্থিত মন্ত্ৰী, বিধায়ক, উপায়ুক্ত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ মে’ : তিনিচুকীয়া জিলাত আজিৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ ২০২২ । আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া গুণোৎসৱত মুঠ ১,৩৯৮ খন বিদ্যালয়ৰ মূল্যাংকন কৰা হব । ইয়াৰে ১,২৭৬ খন চৰকাৰী তথা প্ৰাদেশিকৃত বিদ্যালয় আৰু ১২২ খন হৈছে চাহ বাগিচা পৰিচালিত বিদ্যালয় । আনহাতে গুণোৎসৱৰ দ্বিতীয় পৰ্য্যায়ত ১,১৭৫ খন নিম্ন প্ৰাথমিক বিদ্যালয়, ১৩৪ খন উচ্চ প্ৰাথমিক বিদ্যালয়, ৭১ খন হাইস্কুল আৰু ১৪ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল্যাংকন কৰা হব । তিনিচুকীয়া জিলাত বিদ্যালয়সমূহৰ বহি:মূল্যায়নকাৰী হিচাপে ৫৭০ জন…
