Browsing Category
অসম
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত পাঁচবিধ নতুন সংযোজিত পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি
উত্তৰ লখিমপুৰ: ২৫ মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি পাঁচবিধ নতুন সংযোজিত পাঠ্যক্ৰমৰ অন্তৰ্ভু্ক্তি কৰা হয়। মহাবিদ্যাল্যৰ আভ্যন্তৰীণ মাপ নিৰূপক কোষৰ উদ্যোগত সেই উদ্দেশ্যে আয়োজিত এক কাৰ্য্যসূচী উদ্বোধন কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। উদ্বোধনী অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্য কৰে আভ্যন্তৰীণ মাপ নিৰূপক কোষৰ সমন্বয়ৰক্ষী ড° দাদুল ৰাজকোঁৱৰে। মহাবিদ্যালয়ত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বিষয়সমুহ হৈছে শ্বেয়াৰ মাৰ্কেট আধাৰ পাঠ, স্পকেন ইংলিছ আৰু ব্যক্তিত্ব বিকাশ, মিডিয়া আৰু চলচিত্ৰ অধ্যয়ন, মহিলাৰ আত্মৰক্ষা আৰু যোগ…
বিলুপ্তি ঘটোৱা হ’ব ৰে’ল বিভাগত খালী থকা ন’ন ছেফটি কেটেগৰীৰ ৫০ শতাংশ পদ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৫ মে’ : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশত ’স্বাধীনতাৰ অমৃত মহোৎসৱ’ উদযাপন কৰি থকাৰ মাজতে গ্ৰহণ কৰিছে এক বৃহৎ হঠকাৰী সিদ্ধান্ত । ’সবকা সাথ সবকা বিকাশ’ৰ শ্ল’গান আওৰাই অহা মোদী চৰকাৰে অতি গোপনে গ্ৰহণ কৰিছে দেশৰ ৰে'ল বিভাগত খালী হৈ থকা ন'ন ছেফটি কেটেগৰীৰ ৫০ শতাংশ পদ বিলুপ্তিৰ সিদ্ধান্ত । ইতিমধ্যে অহা ৩১ মে’ৰ ভিতৰত এই সন্দৰ্ভত কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ ভাৰতীয় ৰে’লৰ সকলো শীৰ্ষ বিষয়ালৈ জাৰী কৰা হৈছে কঠোৰ আৰু জৰুৰী নিৰ্দেশ । দেশৰ অৰ্থনৈতিক বুনিয়াদ সুদৃঢ় কৰাৰ ক্ষেত্ৰত…
অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ সজাগতা সভা
গুৱাহাটী,২৫ মে’ : গুৱাহাটী আজাৰাস্থিত চন্দ্রপ্রভা বড়া উচ্চ মাধ্যমিক বিদ্যালয়ত অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ২৫ মে' তাৰিখ দিনৰ ১২.৩০ বজাত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । ড° বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলক কেৰিয়াৰ সম্পৰ্কীয় দিহা-পৰামৰ্শ আগবঢ়ায় । কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ সমিধান…
গুণোৎসৱ ২০২২ : তিনিচুকীয়াত মূল্যায়নকাৰী ৰূপে বিদ্যালয়ত উপস্থিত মন্ত্ৰী, বিধায়ক, উপায়ুক্ত
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ মে’ : তিনিচুকীয়া জিলাত আজিৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ ২০২২ । আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া গুণোৎসৱত মুঠ ১,৩৯৮ খন বিদ্যালয়ৰ মূল্যাংকন কৰা হব । ইয়াৰে ১,২৭৬ খন চৰকাৰী তথা প্ৰাদেশিকৃত বিদ্যালয় আৰু ১২২ খন হৈছে চাহ বাগিচা পৰিচালিত বিদ্যালয় । আনহাতে গুণোৎসৱৰ দ্বিতীয় পৰ্য্যায়ত ১,১৭৫ খন নিম্ন প্ৰাথমিক বিদ্যালয়, ১৩৪ খন উচ্চ প্ৰাথমিক বিদ্যালয়, ৭১ খন হাইস্কুল আৰু ১৪ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল্যাংকন কৰা হব । তিনিচুকীয়া জিলাত বিদ্যালয়সমূহৰ বহি:মূল্যায়নকাৰী হিচাপে ৫৭০ জন…
নৱনিৰ্মিত চিএন চেণ্টাৰত প্ৰথমটো অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন
গুৱাহাটী, ২৪ মে': গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ নৱনিৰ্মিত 'হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ' (চি এন চেন্টাৰ)ত আজি সফলতাৰে সম্পন্ন কৰা হয় প্ৰথমটো অস্ত্ৰোপচাৰ। চিএন চেণ্টাৰৰ নিউৰ'ছাৰ্জাৰী বিভাগৰ অপাৰেচন থিয়েটাৰত সম্পন্ন হোৱা এই প্ৰথমটো অস্ত্ৰোপচাৰৰ জৰিয়তে মৰিগাঁৱৰ বৰদলৈ উপাধিৰ নামৰ এটি ১১ বছৰীয়া কিশোৰৰ মগজুৰ পিছ অংশত থকা এটা 'টিউমাৰ' আঁতৰোৱা হয়। চিএন চেণ্টাৰৰ সঞ্চালক (নিউৰ' ছাৰ্জন) ডাঃ বসন্ত কুমাৰ বৈশ্যৰ নেতৃত্বত নিউৰ' ছাৰ্জাৰী বিভাগৰ বিশেষজ্ঞ ডাঃ মৃণাল ভূঞা, ডাঃ অমৃত শইকীয়া, ডাঃ ৰাজীৱ হাজৰিকা আৰু ডাঃ আছমান আলিয়ে এই…
২৮ মে’ত সীমা সমস্যা, জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত আছুৰ বিক্ষোভ
উত্তৰ লখিমপুৰ, ২৪ মে': অহা ২৮ মে তাৰিখে অসম-অৰুণাচল সীমা সমস্যা, জৰাজীৰ্ণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত লখিমপুৰ জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছে। অসম অৰুণাচলৰ সীমা সমস্যাই বহু দিনৰ পৰা জিলাখনৰ সীমামূৰীয়া ৰাইজৰ মাজত আতংক সৃষ্টি কৰি আহিছে , শেহতীয়াকৈ কিমিন পৰা দুইমুখ লৈ অৰুণাচল চৰকাৰে যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে সেই পথ চোৱা অসমৰ মাজেদিয়েই নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে ।সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি অৰুণাচল চৰকাৰে প্ৰতিদিনে অসমৰ সংৰক্ষিত বনাঞ্চল সমূহ ধ্বংস কৰি ব্যাপক হাৰত বেদখল…
উচ্চ শিক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ টুইট
In a significant move, the Cabinet has approved the broad framework for implementation of NEP 2020 in Higher Education. Our Universities will now initiate the process for introducing courses in alignment with NEP. 1/2
@himantabiswa
@CMOfficeAssam
@mygovassam
১ জুনৰ পৰা ৰাজ্যৰ ৯৬ খন আৱাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰ বন্ধ হৈ যাব
শতাব্দ প্রতিনিধি, লখিমপুৰ ২৩ মে': ৰাজ্যৰ শিক্ষামন্ত্রী ড° ৰনোজ পেণ্ডৰ ঘোষণা আৰু ৰাজ্যৰ শিক্ষা বিভাগৰ এক গোপন নিৰ্দেশনাৰ পিছতে ৰাজ্যৰ ৮০০ গৰাকী আৰ এছ টি. চি., কৰ্মীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অহা ১ জুনৰ পৰা ৰাজ্যখনৰ ৯৬ খন আবাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰ বন্ধ হৈ যাব বুলি ৰাজ্যৰ শিক্ষা বিভাগে ২১ মে'ত জাননী জাৰি কৰাৰ পিছতেই কৰ্মীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে। অহা ১ জুনৰ পৰা চাকৰি হেৰুৱাবলগীয়া এইসকল কর্মীয়ে অহা ২৫ মে'ৰ পৰা চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে। আজি দুপৰীয়া নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ…
শোণিতপুৰ জিলা কবি সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশন সমাপ্ত
শতাব্দ প্ৰতিনিধি, তেজপুৰ ২৩ মেঃ শোণিতপুৰ জিলা কবি সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশনখন আজি দিনযোৰা কাৰ্যসূচীৰে তেজপুৰ জিলা সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়। এই উপল্যক্ষে পুৱা পতাকা উত্তোলন কৰে স্থায়ী সভাপতি ডাঃ হৰেণ শইকীয়াই। বন্তি প্ৰজ্জ্বলন কৰে সহঃ সম্পাদক স্বপন মৈত্ৰই। অনুস্থানৰ সৈতে সংগতি ৰাখি সভাৰ সাংগঠনিক সম্পাদক অনুপ অসমীয়াৰ পৰিচালনাত এক চিত্ৰাংকণ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় আৰু এই অনুষ্ঠানত দশম শ্ৰেণীৰ পৰ্যন্ত অধ্যয়ন কৰা প্ৰায় দুশ ছাত্ৰ-ছাত্ৰীয়ে তেজপুৰ কলা ভূমিৰ প্ৰাঙ্গন ছবি আৰু হাঁহিৰে মুখৰ কৰি তোলে।লগতে…
২০১৩ৰ পিছত এ পি এছ চিৰ ২০১৪ বৰ্ষৰ নিযুক্তি কেলেংকাৰিৰো তদন্ত কৰিব ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৩ মে' : অসম লোকসেৱা আয়োগত ২০১৪ চনত সংঘটিত নিযুক্তি কেলেংকাৰিৰ তদন্তৰ দায়িত্ব ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে অৰ্পণ কৰিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক। এক অধিসুচনা যোগে ইতিমধ্যে ৰাজ্য চৰকাৰে ন্যায়াধীশ শৰ্মা আয়োগক এই দায়িত্ব ন্যস্ত কৰিছে । এই সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শৰ্মাই কয় যে অসম লোকসেৱা আয়োগৰ সেই সময়ৰ অধ্যক্ষ ৰাকেশ পালৰ কাৰ্যকালত ২০১৩ আৰু ২০১৪ বৰ্ষত আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰি সন্দৰ্ভত ডিব্ৰুগড় থানাত ৯৩৬/২০১৬ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন হৈছিল । ইয়াৰে ২০১৩ বৰ্ষৰ নিযুক্তি কেলেংকাৰিৰ…
