Browsing Category

অসম

অসম কৃষি বিশ্ববিদ্যালয়ত স্কীল ডেভলপমেন্টৰ ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ

শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৩ মে : ৰাষ্ট্ৰীয় উচ্চ শিক্ষা প্ৰকল্প (নাহেপ) ৰ অৰ্থসাহায্যৰে অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা অনুজীৱবৈজ্ঞানিক ব্যাঘাত ব্যৱস্থাপনাৰ দ্বাৰা শস্য পৰজীৱীৰ জৰিয়তে মাটিৰ গুণাগুণ বৃদ্ধি বিষয়ক এখন স্কীল ডেভলপমেন্টৰ তিনিদিনীয়া কৰ্মশালা আৰম্ভ হৈছে। বিশ্ববিদ্যালয়ৰ শস্যকৃমি বিভাগৰ উদ্যোগত অনুষ্ঠিত আৰু বিভাগৰ মুৰব্বী ড° ভবেশ ভাগৱতীয়ে আদৰণি ভাষণ আগবঢ়োৱা কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেখেতে জৈৱিক ব্যৱস্থাৰে…

তেজপুৰৰ ঐতিহ্যমণ্ডিত চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ৰ মূল প্ৰবেশ পথৰ তোৰণ উদঘাটন

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ মে': শৈক্ষিক অথবা বিদ্যায়তনিক ক্ষেত্ৰত কৃতিত্বৰ পৰিচয় দি অহাৰ লগতে ৮৭ বছৰীয়া ঐতিহ্যৰে গৰিমামণ্ডিত তেজপুৰ চহৰৰ চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ৰ মূল প্ৰবেশ পথৰ নৱনিৰ্মিত তোৰণখন আজি  এক মাংগলিক পৰিৱেশৰ মাজত উদঘাটন কৰা হয়। উল্লেখ্য যে, ১৯৩৫ চনৰ ২২ আগষ্টত তেজপুৰৰ কেবাগৰাকীও শিক্ষানুৰাগী ব্যক্তিৰ প্ৰযত্নত গঢ়ি উঠা আৰু সম্প্ৰতি ৮৭৩ গৰাকী অভিলেখ সংখ্যক শিক্ষাৰ্থী আৰু ৩০ গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰীৰে ৰাজ্যখনৰেই অন্যতম অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় হিচাপে পৰিগণিত বিদ্যালয়খনৰ মূল প্ৰবেশ পথত আজিকোপতি…

আকস্মিকভাৱে দৃষ্টিশক্তি হেৰুওৱা ডেভিদৰ কাযত “সতীৰ্থ”

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৩ মে’ :  এজন ডেকা যুৱক- নাম ডেভিদ পাদুন । বিধিয়ে দিলেও বিধাতাই নিদিয়াৰ দৰে ডেভিদে ডেকাকালত আকস্মিকভাৱে হেৰুৱাই পেলালে দৃষ্টিশক্তি । ক’ৰপৰা কি হৈ গ’ল ধৰিবই নোৱাৰিলে ডেভিদে । জীৱনৰ মাজ বাটতে মৰহিব ধৰিছে ফুলিবলৈ ধৰা সপোনবোৰ । ধেমাজি সদৰ থানাৰ অন্তৰ্গত শলিকুছি-ভোমোৰাগুৰি গাঁৱৰ বাসিন্দা তেজু পাদুন প্ৰয়াত ৰশ্মিৰেখা পাদুনৰ পুত্ৰ ডেভিদে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত জীৱিকাৰ সন্ধানত ওলাই যায় গুৱাহাটীলৈ । সৰুসুৰা কামেৰে জীৱিকাৰ পথ উলিয়াই লোৱা ডেভিদে ক’ৰণা মহামাৰীৰ বাবে…

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নিয়োগ

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৩মে’: বিপৰ্যয়ে লগ নেৰা অসম প্ৰদেশ কংগ্ৰেছ দলৰ ৰাজ্যিক মুখপাত্ৰ হিচাপে আজি শোণিতপুৰৰ কংগ্ৰেছ নেতা দাদুল বৰকাকতিক নিয়োগ কৰা হৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে স্বাক্ষৰ কৰা পত্ৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বৰকাতিক কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ হিচাপে নিয়োগ কৰা বুলি উল্লেখ কৰে। উল্লেখ্য যে,প্ৰাক্তন ছাত্ৰনেতা বৰকাকতি যোৱা বিধান সভা নিৰ্বাচনত চতিয়া বিধান সভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল য’দিও পাছত এক পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হোৱাত তেওঁ সেই দাবী বিসৰ্জন…

মানব কেন্দ্ৰীক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক, অমানবীয় উচ্ছেদ বন্ধ কৰক

গুৱাহাটী,২৩ মেঃ এতিয়া অসমৰ প্ৰায় প্ৰতিখন জিলাই বানৰ কবলত । ডিমা হাচাওৰ অৱস্থা অবৰ্ণনীয়। ই সম্প্ৰতি এক ধংসস্তুপত পৰিণত হৈছে। ৰাজ্য বা কেন্দ্ৰ চৰকাৰে দুৰ্গতসকলক উদ্ধাৰৰ কাৰণে কি কৰিছে,পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ কি কৰিছে আমি নাজানোঁ। পৰিস্থিতিটোৱে কিন্তু এক সমৰকালীন মনোযোগ দাবী কৰে।অসমৰ বাবে বৰষুণ আৰু বানপানী একো নতুন কথা নহয়। কিন্তু, পৰিতাপৰ কথা যে নিৰ্মাণ কেন্দ্ৰীক বিকাশত ব্যস্ত এই চৰকাৰখনে যেন আমাৰ অঞ্চলটোৰ ভৌগোলিক পৰিবেশ,জলবায়ু আৰু তাৰ লগত জড়িত অইন প্ৰশ্ন সমূহ সমুলি আওকাণ কৰিছে। এটাৰ পিছত এটাকৈ নিৰ্মাণ কাৰ্য চলাই থাকোতে…

ৰূপকোঁৱৰে গঢ়ি তোলা অসমৰ প্ৰথমখন সংগীত শিক্ষানুষ্ঠান ধ্ৰুপদী গীত-নৃত্যৰে মুখৰিত

শতাব্দ প্ৰতিনিধি , তেজপুৰ, ২২ মে’: দেশে স্বাধীনতা লাভ কৰাৰ আগতেই তেজপুৰত সংগীত চৰ্চাৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মই পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই ১৯৪০ চনতেই গঢ়ি তোলা জ্যোতি কলা কেন্দ্ৰ সংগীত বিদ্যালয় তথা বৰ্তমানৰ জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয় উত্তৰপাৰৰ অন্যতম সংগীত শিক্ষাৰ অনুষ্ঠান হিচাপে পৰিগণিত হৈছে । এই সংগীতৰ অনুষ্ঠানৰ পৰাই দশক দশক ধৰি বহু সংগীতানুৰাগীয়ে সংগীতৰ বিভিন্ন বিষয়ৰ আদিপাঠ গ্ৰহণ কৰি বৰ্তমানে দেশৰ বিভিন্ন প্ৰান্তত একোগৰাকী পাৰদৰ্শী সংগীত শিল্পী হিচাপে পৰিচিতি লাভ কৰিছে । এই জ্যোতি…

 ৰহস্য সাহিত্য সম্ৰাট ৰঞ্জু হাজৰিকাক ‘টীয়কপৰীয়া সাহিত্য বঁটা-২০২১’ প্ৰদান

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২২ মে’: সাহিত্য বিহীন জাতি কেতিয়াও সুস্থ আৰু সুস্থিৰ হৈ থাকিব নোৱাৰে । জাতিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ আৰু উত্তৰণৰ বাবে সাহিত্য অতি প্ৰয়োজনীয় । অসমীয়া ভাষাটো জীয়াই থাকিবলৈ হ’লে সাহিত্য চৰ্চা বা সাহিত্য পঢ়া দুয়োটা কথা হ’বই লাগিব বুলি আজি ‘টীয়কপৰীয়া সাহিত্য বঁটা-২০২১’ গ্ৰহণ কৰি মন্তব্য কৰে প্ৰসিদ্ধ সাহিত্যিক তথা ৰহস্য সাহিত্যৰ সম্ৰাট হিচাপে পৰিগণিত ৰঞ্জু হাজৰিকাই । উল্লেখ্য যে, উজনিৰ টীয়কৰ পৰা প্ৰকাশিত কাব্যালোচনী ‘শিকলি’ৰ উদ্যোগত আৰু মৃগনাভীৰ সহযোগত চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকা সোঁৱৰণী ‘টীয়কপৰীয়া…

দেশৰ নতুন ‘চাইকেল ৰাজধানী’ পশ্চিম বংগ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : সম্প্রতি ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য (National Family Health Survey)ৰ পঞ্চমটো সমীক্ষত জনা গৈছে যে, ভাৰতবর্ষৰ ‘চাইকেল নগৰী’ হিচাবে নজিৰ সৃষ্টি কৰিছে পশ্চিমবঙ্গই। দেশত পৰিয়ালৰ ভিতৰত চাইকেল ৰখাৰ গড় হাৰ যি সময়ত ৫০.৪ শতাংশ, তেনে সময়তে পশ্চিমবঙ্গত এই হাৰ ৭৮.৯ শতাংশ। ফলত তালিকাৰ শীর্ষত মমতা বেনাৰ্জীৰ পশ্চিমবঙ্গ। দ্বিতীয় স্থানত আছে উত্তৰ প্রদেশ। ৭৫.৬ শতাংশ ঘৰত অন্ততঃ এখনকৈ চাইকেল আছে বুলি সমীক্ষাত প্ৰকাশ। ২০১৯-২১ চনৰ তথ্য অনুযায়ী উৰিষ্যাত ৭২.৫ শতাংশ, ছত্তিচগড়ত ৭০.৮ শতাংশ আৰু অসমৰ ৭০.৩ শতাংশ…

যোৰহাটত সত্ৰীয়া একাডেমীৰ সমাৱৰ্তন সম্পন্ন

 শতাব্দ প্ৰতিনিধি, যোৰহাট , ২২ মে : নিজস্ব ক্ষেত্ৰ বা বাকধৰাত যেতিয়া মানুহৰ পাৰদৰ্শিতা বৃদ্ধি পাব লাগিব, সমান্তৰালভাৱে মানুহৰ চিন্তাৰ যিটো উত্তৰণ ,সেই উত্তৰণ নিৰলস আৰু নিৰৱিচ্ছিন্ন ভাৱে আগবাঢ়ি যাব লাগিব।" সত্ৰীয়া সংগীতৰ প্ৰণালীবদ্ধ পাঠ্যক্ৰম সম্বলিত পৰীক্ষা পৰিষদ সত্ৰীয়া একাডেমী,যোৰহাটে আয়োজন কৰা সমাৱৰ্তনৰ দীক্ষান্ত ভাষণ প্ৰদান কৰি এনেদৰে মনৰ অনুভৱ ব্যক্ত কৰে বীৰাংগণা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই।২০০৬ চনতে প্ৰতিষ্ঠা লাভ কৰা সত্ৰীয়া সংগীতৰ প্ৰণালীবদ্ধ পাঠ্যক্ৰম সম্বলিত পৰীক্ষা পৰিষদ…

‘অসমীয়া অভিযন্তা’ৰ উদ্যোগত তেজপুৰ বিশ্ববিদ্যালয়ত ‘সাহস’

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২২ মে’ 'অসমীয়া অভিযন্তা'ৰ উদ্যোগত তথা তেজপুৰ বিশ্ববিদ্যালয় শিক্ষাৰ্থী পৰিষদৰ সহযোগত কালি তেজপুৰ বিশ্ববিদ্যালয়ত 'সাহস' শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হৈ যায়।উল্লেখ্য যে, উদ্যোক্তা 'অসমীয়া অভিযন্তা' হৈছে ৰাজ্যখনৰ বিভিন্ন অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা গঠিত এটা সংস্থা।এই সংস্থাই পোনপ্ৰথমে এটা মনোৰঞ্জনধৰ্মী মুখপুথিৰ পৃষ্ঠা হিচাপে আত্মপ্ৰকাশ কৰিছিল যদিও যোৱা ক'ভিদকালীন সময়ছোৱাত ডিজিটেল সামাজিক মাধ্যমত বিভিন্ন শৈক্ষিক তথা সামাজিক অনুষ্ঠান আয়োজনৰে 'অসমীয়া অভিযন্তা'ই নিজা…