Browsing Category
অসম
নৱনিৰ্মিত চিএন চেণ্টাৰত প্ৰথমটো অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন
গুৱাহাটী, ২৪ মে': গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ নৱনিৰ্মিত 'হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ' (চি এন চেন্টাৰ)ত আজি সফলতাৰে সম্পন্ন কৰা হয় প্ৰথমটো অস্ত্ৰোপচাৰ। চিএন চেণ্টাৰৰ নিউৰ'ছাৰ্জাৰী বিভাগৰ অপাৰেচন থিয়েটাৰত সম্পন্ন হোৱা এই প্ৰথমটো অস্ত্ৰোপচাৰৰ জৰিয়তে মৰিগাঁৱৰ বৰদলৈ উপাধিৰ নামৰ এটি ১১ বছৰীয়া কিশোৰৰ মগজুৰ পিছ অংশত থকা এটা 'টিউমাৰ' আঁতৰোৱা হয়। চিএন চেণ্টাৰৰ সঞ্চালক (নিউৰ' ছাৰ্জন) ডাঃ বসন্ত কুমাৰ বৈশ্যৰ নেতৃত্বত নিউৰ' ছাৰ্জাৰী বিভাগৰ বিশেষজ্ঞ ডাঃ মৃণাল ভূঞা, ডাঃ অমৃত শইকীয়া, ডাঃ ৰাজীৱ হাজৰিকা আৰু ডাঃ আছমান আলিয়ে এই…
২৮ মে’ত সীমা সমস্যা, জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত আছুৰ বিক্ষোভ
উত্তৰ লখিমপুৰ, ২৪ মে': অহা ২৮ মে তাৰিখে অসম-অৰুণাচল সীমা সমস্যা, জৰাজীৰ্ণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত লখিমপুৰ জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছে। অসম অৰুণাচলৰ সীমা সমস্যাই বহু দিনৰ পৰা জিলাখনৰ সীমামূৰীয়া ৰাইজৰ মাজত আতংক সৃষ্টি কৰি আহিছে , শেহতীয়াকৈ কিমিন পৰা দুইমুখ লৈ অৰুণাচল চৰকাৰে যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে সেই পথ চোৱা অসমৰ মাজেদিয়েই নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে ।সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি অৰুণাচল চৰকাৰে প্ৰতিদিনে অসমৰ সংৰক্ষিত বনাঞ্চল সমূহ ধ্বংস কৰি ব্যাপক হাৰত বেদখল…
উচ্চ শিক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ টুইট
In a significant move, the Cabinet has approved the broad framework for implementation of NEP 2020 in Higher Education. Our Universities will now initiate the process for introducing courses in alignment with NEP. 1/2
@himantabiswa
@CMOfficeAssam
@mygovassam
১ জুনৰ পৰা ৰাজ্যৰ ৯৬ খন আৱাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰ বন্ধ হৈ যাব
শতাব্দ প্রতিনিধি, লখিমপুৰ ২৩ মে': ৰাজ্যৰ শিক্ষামন্ত্রী ড° ৰনোজ পেণ্ডৰ ঘোষণা আৰু ৰাজ্যৰ শিক্ষা বিভাগৰ এক গোপন নিৰ্দেশনাৰ পিছতে ৰাজ্যৰ ৮০০ গৰাকী আৰ এছ টি. চি., কৰ্মীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অহা ১ জুনৰ পৰা ৰাজ্যখনৰ ৯৬ খন আবাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰ বন্ধ হৈ যাব বুলি ৰাজ্যৰ শিক্ষা বিভাগে ২১ মে'ত জাননী জাৰি কৰাৰ পিছতেই কৰ্মীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে। অহা ১ জুনৰ পৰা চাকৰি হেৰুৱাবলগীয়া এইসকল কর্মীয়ে অহা ২৫ মে'ৰ পৰা চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে। আজি দুপৰীয়া নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ…
শোণিতপুৰ জিলা কবি সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশন সমাপ্ত
শতাব্দ প্ৰতিনিধি, তেজপুৰ ২৩ মেঃ শোণিতপুৰ জিলা কবি সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশনখন আজি দিনযোৰা কাৰ্যসূচীৰে তেজপুৰ জিলা সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়। এই উপল্যক্ষে পুৱা পতাকা উত্তোলন কৰে স্থায়ী সভাপতি ডাঃ হৰেণ শইকীয়াই। বন্তি প্ৰজ্জ্বলন কৰে সহঃ সম্পাদক স্বপন মৈত্ৰই। অনুস্থানৰ সৈতে সংগতি ৰাখি সভাৰ সাংগঠনিক সম্পাদক অনুপ অসমীয়াৰ পৰিচালনাত এক চিত্ৰাংকণ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় আৰু এই অনুষ্ঠানত দশম শ্ৰেণীৰ পৰ্যন্ত অধ্যয়ন কৰা প্ৰায় দুশ ছাত্ৰ-ছাত্ৰীয়ে তেজপুৰ কলা ভূমিৰ প্ৰাঙ্গন ছবি আৰু হাঁহিৰে মুখৰ কৰি তোলে।লগতে…
২০১৩ৰ পিছত এ পি এছ চিৰ ২০১৪ বৰ্ষৰ নিযুক্তি কেলেংকাৰিৰো তদন্ত কৰিব ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৩ মে' : অসম লোকসেৱা আয়োগত ২০১৪ চনত সংঘটিত নিযুক্তি কেলেংকাৰিৰ তদন্তৰ দায়িত্ব ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে অৰ্পণ কৰিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক। এক অধিসুচনা যোগে ইতিমধ্যে ৰাজ্য চৰকাৰে ন্যায়াধীশ শৰ্মা আয়োগক এই দায়িত্ব ন্যস্ত কৰিছে । এই সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শৰ্মাই কয় যে অসম লোকসেৱা আয়োগৰ সেই সময়ৰ অধ্যক্ষ ৰাকেশ পালৰ কাৰ্যকালত ২০১৩ আৰু ২০১৪ বৰ্ষত আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰি সন্দৰ্ভত ডিব্ৰুগড় থানাত ৯৩৬/২০১৬ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন হৈছিল । ইয়াৰে ২০১৩ বৰ্ষৰ নিযুক্তি কেলেংকাৰিৰ…
অসম কৃষি বিশ্ববিদ্যালয়ত স্কীল ডেভলপমেন্টৰ ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৩ মে : ৰাষ্ট্ৰীয় উচ্চ শিক্ষা প্ৰকল্প (নাহেপ) ৰ অৰ্থসাহায্যৰে অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা অনুজীৱবৈজ্ঞানিক ব্যাঘাত ব্যৱস্থাপনাৰ দ্বাৰা শস্য পৰজীৱীৰ জৰিয়তে মাটিৰ গুণাগুণ বৃদ্ধি বিষয়ক এখন স্কীল ডেভলপমেন্টৰ তিনিদিনীয়া কৰ্মশালা আৰম্ভ হৈছে। বিশ্ববিদ্যালয়ৰ শস্যকৃমি বিভাগৰ উদ্যোগত অনুষ্ঠিত আৰু বিভাগৰ মুৰব্বী ড° ভবেশ ভাগৱতীয়ে আদৰণি ভাষণ আগবঢ়োৱা কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেখেতে জৈৱিক ব্যৱস্থাৰে…
তেজপুৰৰ ঐতিহ্যমণ্ডিত চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ৰ মূল প্ৰবেশ পথৰ তোৰণ উদঘাটন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ মে': শৈক্ষিক অথবা বিদ্যায়তনিক ক্ষেত্ৰত কৃতিত্বৰ পৰিচয় দি অহাৰ লগতে ৮৭ বছৰীয়া ঐতিহ্যৰে গৰিমামণ্ডিত তেজপুৰ চহৰৰ চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ৰ মূল প্ৰবেশ পথৰ নৱনিৰ্মিত তোৰণখন আজি এক মাংগলিক পৰিৱেশৰ মাজত উদঘাটন কৰা হয়। উল্লেখ্য যে, ১৯৩৫ চনৰ ২২ আগষ্টত তেজপুৰৰ কেবাগৰাকীও শিক্ষানুৰাগী ব্যক্তিৰ প্ৰযত্নত গঢ়ি উঠা আৰু সম্প্ৰতি ৮৭৩ গৰাকী অভিলেখ সংখ্যক শিক্ষাৰ্থী আৰু ৩০ গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰীৰে ৰাজ্যখনৰেই অন্যতম অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় হিচাপে পৰিগণিত বিদ্যালয়খনৰ মূল প্ৰবেশ পথত আজিকোপতি…
আকস্মিকভাৱে দৃষ্টিশক্তি হেৰুওৱা ডেভিদৰ কাযত “সতীৰ্থ”
শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৩ মে’ : এজন ডেকা যুৱক- নাম ডেভিদ পাদুন । বিধিয়ে দিলেও বিধাতাই নিদিয়াৰ দৰে ডেভিদে ডেকাকালত আকস্মিকভাৱে হেৰুৱাই পেলালে দৃষ্টিশক্তি । ক’ৰপৰা কি হৈ গ’ল ধৰিবই নোৱাৰিলে ডেভিদে । জীৱনৰ মাজ বাটতে মৰহিব ধৰিছে ফুলিবলৈ ধৰা সপোনবোৰ । ধেমাজি সদৰ থানাৰ অন্তৰ্গত শলিকুছি-ভোমোৰাগুৰি গাঁৱৰ বাসিন্দা তেজু পাদুন প্ৰয়াত ৰশ্মিৰেখা পাদুনৰ পুত্ৰ ডেভিদে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত জীৱিকাৰ সন্ধানত ওলাই যায় গুৱাহাটীলৈ । সৰুসুৰা কামেৰে জীৱিকাৰ পথ উলিয়াই লোৱা ডেভিদে ক’ৰণা মহামাৰীৰ বাবে…
অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নিয়োগ
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৩মে’:
বিপৰ্যয়ে লগ নেৰা অসম প্ৰদেশ কংগ্ৰেছ দলৰ ৰাজ্যিক মুখপাত্ৰ হিচাপে আজি শোণিতপুৰৰ কংগ্ৰেছ নেতা দাদুল বৰকাকতিক নিয়োগ কৰা হৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে স্বাক্ষৰ কৰা পত্ৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বৰকাতিক কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ হিচাপে নিয়োগ কৰা বুলি উল্লেখ কৰে। উল্লেখ্য যে,প্ৰাক্তন ছাত্ৰনেতা বৰকাকতি যোৱা বিধান সভা নিৰ্বাচনত চতিয়া বিধান সভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল য’দিও পাছত এক পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হোৱাত তেওঁ সেই দাবী বিসৰ্জন…
