Browsing Category
অসম
মানব কেন্দ্ৰীক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক, অমানবীয় উচ্ছেদ বন্ধ কৰক
গুৱাহাটী,২৩ মেঃ এতিয়া অসমৰ প্ৰায় প্ৰতিখন জিলাই বানৰ কবলত । ডিমা হাচাওৰ অৱস্থা অবৰ্ণনীয়। ই সম্প্ৰতি এক ধংসস্তুপত পৰিণত হৈছে। ৰাজ্য বা কেন্দ্ৰ চৰকাৰে দুৰ্গতসকলক উদ্ধাৰৰ কাৰণে কি কৰিছে,পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ কি কৰিছে আমি নাজানোঁ। পৰিস্থিতিটোৱে কিন্তু এক সমৰকালীন মনোযোগ দাবী কৰে।অসমৰ বাবে বৰষুণ আৰু বানপানী একো নতুন কথা নহয়। কিন্তু, পৰিতাপৰ কথা যে নিৰ্মাণ কেন্দ্ৰীক বিকাশত ব্যস্ত এই চৰকাৰখনে যেন আমাৰ অঞ্চলটোৰ ভৌগোলিক পৰিবেশ,জলবায়ু আৰু তাৰ লগত জড়িত অইন প্ৰশ্ন সমূহ সমুলি আওকাণ কৰিছে। এটাৰ পিছত এটাকৈ নিৰ্মাণ কাৰ্য চলাই থাকোতে…
ৰূপকোঁৱৰে গঢ়ি তোলা অসমৰ প্ৰথমখন সংগীত শিক্ষানুষ্ঠান ধ্ৰুপদী গীত-নৃত্যৰে মুখৰিত
শতাব্দ প্ৰতিনিধি , তেজপুৰ, ২২ মে’: দেশে স্বাধীনতা লাভ কৰাৰ আগতেই তেজপুৰত সংগীত চৰ্চাৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মই পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই ১৯৪০ চনতেই গঢ়ি তোলা জ্যোতি কলা কেন্দ্ৰ সংগীত বিদ্যালয় তথা বৰ্তমানৰ জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয় উত্তৰপাৰৰ অন্যতম সংগীত শিক্ষাৰ অনুষ্ঠান হিচাপে পৰিগণিত হৈছে । এই সংগীতৰ অনুষ্ঠানৰ পৰাই দশক দশক ধৰি বহু সংগীতানুৰাগীয়ে সংগীতৰ বিভিন্ন বিষয়ৰ আদিপাঠ গ্ৰহণ কৰি বৰ্তমানে দেশৰ বিভিন্ন প্ৰান্তত একোগৰাকী পাৰদৰ্শী সংগীত শিল্পী হিচাপে পৰিচিতি লাভ কৰিছে । এই জ্যোতি…
ৰহস্য সাহিত্য সম্ৰাট ৰঞ্জু হাজৰিকাক ‘টীয়কপৰীয়া সাহিত্য বঁটা-২০২১’ প্ৰদান
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২২ মে’: সাহিত্য বিহীন জাতি কেতিয়াও সুস্থ আৰু সুস্থিৰ হৈ থাকিব নোৱাৰে । জাতিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ আৰু উত্তৰণৰ বাবে সাহিত্য অতি প্ৰয়োজনীয় । অসমীয়া ভাষাটো জীয়াই থাকিবলৈ হ’লে সাহিত্য চৰ্চা বা সাহিত্য পঢ়া দুয়োটা কথা হ’বই লাগিব বুলি আজি ‘টীয়কপৰীয়া সাহিত্য বঁটা-২০২১’ গ্ৰহণ কৰি মন্তব্য কৰে প্ৰসিদ্ধ সাহিত্যিক তথা ৰহস্য সাহিত্যৰ সম্ৰাট হিচাপে পৰিগণিত ৰঞ্জু হাজৰিকাই । উল্লেখ্য যে, উজনিৰ টীয়কৰ পৰা প্ৰকাশিত কাব্যালোচনী ‘শিকলি’ৰ উদ্যোগত আৰু মৃগনাভীৰ সহযোগত চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকা সোঁৱৰণী ‘টীয়কপৰীয়া…
দেশৰ নতুন ‘চাইকেল ৰাজধানী’ পশ্চিম বংগ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : সম্প্রতি ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য (National Family Health Survey)ৰ পঞ্চমটো সমীক্ষত জনা গৈছে যে, ভাৰতবর্ষৰ ‘চাইকেল নগৰী’ হিচাবে নজিৰ সৃষ্টি কৰিছে পশ্চিমবঙ্গই। দেশত পৰিয়ালৰ ভিতৰত চাইকেল ৰখাৰ গড় হাৰ যি সময়ত ৫০.৪ শতাংশ, তেনে সময়তে পশ্চিমবঙ্গত এই হাৰ ৭৮.৯ শতাংশ। ফলত তালিকাৰ শীর্ষত মমতা বেনাৰ্জীৰ পশ্চিমবঙ্গ। দ্বিতীয় স্থানত আছে উত্তৰ প্রদেশ। ৭৫.৬ শতাংশ ঘৰত অন্ততঃ এখনকৈ চাইকেল আছে বুলি সমীক্ষাত প্ৰকাশ। ২০১৯-২১ চনৰ তথ্য অনুযায়ী উৰিষ্যাত ৭২.৫ শতাংশ, ছত্তিচগড়ত ৭০.৮ শতাংশ আৰু অসমৰ ৭০.৩ শতাংশ…
যোৰহাটত সত্ৰীয়া একাডেমীৰ সমাৱৰ্তন সম্পন্ন
শতাব্দ প্ৰতিনিধি, যোৰহাট , ২২ মে : নিজস্ব ক্ষেত্ৰ বা বাকধৰাত যেতিয়া মানুহৰ পাৰদৰ্শিতা বৃদ্ধি পাব লাগিব, সমান্তৰালভাৱে মানুহৰ চিন্তাৰ যিটো উত্তৰণ ,সেই উত্তৰণ নিৰলস আৰু নিৰৱিচ্ছিন্ন ভাৱে আগবাঢ়ি যাব লাগিব।" সত্ৰীয়া সংগীতৰ প্ৰণালীবদ্ধ পাঠ্যক্ৰম সম্বলিত পৰীক্ষা পৰিষদ সত্ৰীয়া একাডেমী,যোৰহাটে আয়োজন কৰা সমাৱৰ্তনৰ দীক্ষান্ত ভাষণ প্ৰদান কৰি এনেদৰে মনৰ অনুভৱ ব্যক্ত কৰে বীৰাংগণা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই।২০০৬ চনতে প্ৰতিষ্ঠা লাভ কৰা সত্ৰীয়া সংগীতৰ প্ৰণালীবদ্ধ পাঠ্যক্ৰম সম্বলিত পৰীক্ষা পৰিষদ…
‘অসমীয়া অভিযন্তা’ৰ উদ্যোগত তেজপুৰ বিশ্ববিদ্যালয়ত ‘সাহস’
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২২ মে’
'অসমীয়া অভিযন্তা'ৰ উদ্যোগত তথা তেজপুৰ বিশ্ববিদ্যালয় শিক্ষাৰ্থী পৰিষদৰ সহযোগত কালি তেজপুৰ বিশ্ববিদ্যালয়ত 'সাহস' শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হৈ যায়।উল্লেখ্য যে, উদ্যোক্তা 'অসমীয়া অভিযন্তা' হৈছে ৰাজ্যখনৰ বিভিন্ন অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা গঠিত এটা সংস্থা।এই সংস্থাই পোনপ্ৰথমে এটা মনোৰঞ্জনধৰ্মী মুখপুথিৰ পৃষ্ঠা হিচাপে আত্মপ্ৰকাশ কৰিছিল যদিও যোৱা ক'ভিদকালীন সময়ছোৱাত ডিজিটেল সামাজিক মাধ্যমত বিভিন্ন শৈক্ষিক তথা সামাজিক অনুষ্ঠান আয়োজনৰে 'অসমীয়া অভিযন্তা'ই নিজা…
বজাৰলৈ আহিল শোণিতপুৰৰ থলুৱা চাহৰ ব্ৰেণ্ড- “পাৰিজাত”
শতাব্দ প্ৰতিনিধি তেজপুৰ,২২মে':
ৰাজ্যৰ চাহক দেশ-বিদেশৰ বজাৰত গুণগত ক্ষেত্ৰত বদনামী কৰিছে একাংশ বহিঃৰাজ্যৰ ব্যবসায়ীয়ে । এনে বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে অধিক লাভৰ আশাত যধেমধে ৰাজ্যৰ বিভিন্ন স্থানত কাৰখানা স্থাপন কৰি চাহপাতৰ গুণগত মান নিৰ্দ্ধাৰণ নকৰি উৎপাদন কৰা চাহৰ বাবেই ৰাজ্যৰ বিশ্বখ্যাত চাহৰ মানো নিম্নগামী হৈছে আৰু ইয়াৰ বাবেই নিলামত অসমৰ চাহে বহু সময়ত উপযুক্ত মূল্য লাভৰ ক্ষেত্ৰটো বঞ্চিত হৈছে । ৰাজ্যৰ বহু কাৰখানাত উচ্চমানদণ্ডৰ চাহ উৎপাদনৰ ক্ষেত্ৰত সুখ্যাতি থকা তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত প্ৰশান্ত কুমাৰ নাথে এইদৰে মন্তব্য কৰে…
লখিমপুৰত নিশা ৰেলৱে ষ্টেচনত দুষ্ট চক্ৰ গ্ৰেপ্তাৰঃ ৭ জনক জেললৈ
শতাব্দ প্ৰতিনিধি ,লখিমপুৰ ২২ মে : উত্তৰ লখিমপুৰ সদৰ আৰক্ষীয়ে যোৱা নিশা লখিমপুৰ ৰেলৱে ষ্টেচনত অভিযান চলাই এটা বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই দলটোত ৰাজস্থানৰো কেইবাজনো লোক জড়িত হৈ আছিল । ঘটনাৰ বিবৰণী অনুসৰি যোৱা নিশা লখিমপুৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত নিশা ৰেলৱে ষ্টেচনত অভিযান চলাই ৰাজস্থানৰ আজাদ নগৰৰ ৰমেশ কুমাৰ ডুবে, আজাদ পাৰিক, মহেশ কুমাৰ কাঁনৱাল, বলবিন্দৰ সিং, আচাদ আলি সিঙৰ লগতে লখিমপুৰ জিলাৰ পানীগাঁৱৰ লখিমী কেওট, হাৰমতীৰ মৌচুমী দত্তক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত 255/22 নম্বৰত গোচৰ…
১৯৫১ চনৰ কাট অফ বৰ্ষৰে শুদ্ধ এন আৰ চিৰ দাবী পিপিএফএৰ
গুৱাহাটী ২২ মেঃ নেচনেল ৰেজিষ্টাৰ অৱ চিটিজেনছ (এন আৰ চি) অসমৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই তেওঁৰ পূৰ্বৰ প্ৰতীক হাজেলাৰ বিৰুদ্ধে ছফটৱেৰ টেম্পাৰিঙৰ সহায়ত সন্দেহযুক্ত ব্যক্তিৰ নাম প্ৰতাৰণাৰে অন্তৰ্ভূক্ত কৰাৰ বাবে দাখিল কৰা আৰক্ষী এজাহাৰত উদ্বেগ প্ৰকাশ কৰাৰ সময়তে পেট্ৰিঅ'টিক পিপলছ ফ্ৰণ্ট অসম (পিপিএফএ) নতুন দিল্লী আৰু দিছপুৰ দুয়োখন চৰকাৰক ৰাষ্ট্ৰীয় কাট অফ তাৰিখৰ সৈতে এন আৰ চিৰ সম্পূৰ্ণ পুনৰ পৰীক্ষণৰ সমৰ্থন কৰিবলৈ আহ্বান জনায়।
এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়কজনৰ বিৰুদ্ধে এজন জ্যেষ্ঠ চৰকাৰী বিষয়া হিচাপে অপৰাধ তদন্ত বিভাগত এফ…
এবছৰত অসম বিধানসভাত ৫৮ খন বিধেয়ক গৃহীত
পঞ্চদশ অসম বিধান সভাৰ প্ৰথম বৰ্ষ উপলক্ষ্যে অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ সংবাদমেল সম্বোধন। অসম বিধান সভা সাধাৰণ লোকৰ দৰ্শনৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু গল্ফ কাৰ্টৰ যোগেদি ৰাইজে বিধানসভা চৌহদ দৰ্শন কৰিব পাৰিব। অতিথি আপ্যায়নৰ প্ৰসংগত অসম বিধানসভাক বিবাহ ভৱনৰ লগত তুলনা অধ্যক্ষৰ।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২১ মে' : অসম বিধানসভাৰ নতুন ভৱন ছমাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। এই কথা সদৰী কৰিছে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে। পঞ্চদশ অসম বিধান সভাৰ প্ৰথম বৰ্ষ উপলক্ষ্যে শনিবাৰে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে এখন সংবাদমেল…
