Browsing Category

অসম

বজাৰলৈ আহিল শোণিতপুৰৰ থলুৱা চাহৰ ব্ৰেণ্ড- “পাৰিজাত”

শতাব্দ প্ৰতিনিধি তেজপুৰ,২২মে': ৰাজ্যৰ চাহক দেশ-বিদেশৰ বজাৰত গুণগত ক্ষেত্ৰত বদনামী কৰিছে একাংশ বহিঃৰাজ্যৰ ব্যবসায়ীয়ে । এনে বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে অধিক লাভৰ আশাত যধেমধে ৰাজ্যৰ বিভিন্ন স্থানত কাৰখানা স্থাপন কৰি চাহপাতৰ গুণগত মান নিৰ্দ্ধাৰণ নকৰি উৎপাদন কৰা চাহৰ বাবেই ৰাজ্যৰ বিশ্বখ্যাত চাহৰ মানো নিম্নগামী হৈছে আৰু ইয়াৰ বাবেই নিলামত অসমৰ চাহে বহু সময়ত উপযুক্ত মূল্য লাভৰ ক্ষেত্ৰটো বঞ্চিত হৈছে । ৰাজ্যৰ বহু কাৰখানাত উচ্চমানদণ্ডৰ চাহ উৎপাদনৰ ক্ষেত্ৰত সুখ্যাতি থকা তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত প্ৰশান্ত কুমাৰ নাথে এইদৰে মন্তব্য কৰে…

লখিমপুৰত নিশা ৰেলৱে ষ্টেচনত দুষ্ট চক্ৰ গ্ৰেপ্তাৰঃ ৭ জনক জেললৈ

শতাব্দ প্ৰতিনিধি ,লখিমপুৰ ২২ মে : উত্তৰ লখিমপুৰ সদৰ আৰক্ষীয়ে যোৱা নিশা লখিমপুৰ ৰেলৱে ষ্টেচনত অভিযান চলাই এটা বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই দলটোত ৰাজস্থানৰো কেইবাজনো লোক জড়িত হৈ আছিল । ঘটনাৰ বিবৰণী অনুসৰি যোৱা নিশা লখিমপুৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত নিশা ৰেলৱে ষ্টেচনত অভিযান চলাই ৰাজস্থানৰ আজাদ নগৰৰ ৰমেশ কুমাৰ ডুবে, আজাদ পাৰিক, মহেশ কুমাৰ কাঁনৱাল, বলবিন্দৰ সিং, আচাদ আলি সিঙৰ লগতে লখিমপুৰ জিলাৰ পানীগাঁৱৰ লখিমী কেওট, হাৰমতীৰ মৌচুমী দত্তক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত 255/22 নম্বৰত গোচৰ…

১৯৫১ চনৰ কাট অফ বৰ্ষৰে শুদ্ধ এন আৰ চিৰ দাবী পিপিএফএৰ

গুৱাহাটী ২২ মেঃ নেচনেল ৰেজিষ্টাৰ অৱ চিটিজেনছ (এন আৰ চি) অসমৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই তেওঁৰ পূৰ্বৰ প্ৰতীক হাজেলাৰ বিৰুদ্ধে ছফটৱেৰ টেম্পাৰিঙৰ সহায়ত সন্দেহযুক্ত ব্যক্তিৰ নাম প্ৰতাৰণাৰে অন্তৰ্ভূক্ত কৰাৰ বাবে দাখিল কৰা আৰক্ষী এজাহাৰত উদ্বেগ প্ৰকাশ কৰাৰ সময়তে পেট্ৰিঅ'টিক পিপলছ ফ্ৰণ্ট অসম (পিপিএফএ) নতুন দিল্লী আৰু দিছপুৰ দুয়োখন চৰকাৰক ৰাষ্ট্ৰীয় কাট অফ তাৰিখৰ সৈতে এন আৰ চিৰ সম্পূৰ্ণ পুনৰ পৰীক্ষণৰ সমৰ্থন কৰিবলৈ আহ্বান জনায়। এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়কজনৰ বিৰুদ্ধে এজন জ্যেষ্ঠ চৰকাৰী বিষয়া হিচাপে অপৰাধ তদন্ত বিভাগত এফ…

এবছৰত অসম বিধানসভাত ৫৮ খন বিধেয়ক গৃহীত

পঞ্চদশ অসম বিধান সভাৰ প্ৰথম বৰ্ষ উপলক্ষ্যে অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ সংবাদমেল সম্বোধন। অসম বিধান সভা সাধাৰণ লোকৰ দৰ্শনৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু গল্ফ কাৰ্টৰ যোগেদি ৰাইজে বিধানসভা চৌহদ দৰ্শন কৰিব পাৰিব। অতিথি আপ্যায়নৰ প্ৰসংগত অসম বিধানসভাক বিবাহ ভৱনৰ লগত তুলনা অধ্যক্ষৰ।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২১ মে' : অসম বিধানসভাৰ নতুন ভৱন ছমাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। এই কথা সদৰী কৰিছে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈম‍াৰীয়ে। পঞ্চদশ অসম বিধান সভাৰ প্ৰথম বৰ্ষ উপলক্ষ্যে শনিবাৰে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে এখন সংবাদমেল…

আৰক্ষীৰ জিম্মাত এজনৰ মৃত্যুঃ উন্মত্ত জনতাই জ্বলাই ভষ্মীভূত কৰিলে বটদ্ৰৱা আৰক্ষী থানা

শতাব্দ প্ৰতিনিধি, নগাঁও ২১মেঃ আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উন্মত্ত জনতাই জ্বলাই ছাৰখাৰ কৰিলে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানা। প্ৰাপ্ত তথ্য মতে, যোৱা নিশা বটদ্ৰৱাৰ সমীপৰ ভোমোৰাগুৰিৰ পৰা সুৰামত্ত অৱস্থাত ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন লোকক আৰক্ষীয়ে উঠাই আনে। পাছত আজি পুৱা লোকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত আৰক্ষীয়ে তেওঁক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়ে। তাতে পুৱা ৯.৩০ বজাত লোকজনৰ মৃত্যু ঘটে। পাছত বটদ্ৰৱা আৰক্ষী থানালৈ ছফিকুল ইছলামৰ মৃতদেহ অনাৰ পাছত পৰিয়াল আৰু ছালনাবড়িৰ স্থানীয় লোকে মৃতদেহ চমজি…

ঢকুৱাখনা বিধান সভা সমষ্টিক সংৰক্ষণমুক্ত কৰাৰ ব্যাপক দাবী, প্ৰচাৰ অভিযান, সভা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ মেঃ ভৰতৰ নিৰ্বাচন আযোগে ১৯৬৫ চনৰ ১৫ এপ্ৰিল তাৰিখে জাৰি কৰা অধিসূচনা ( No SO1219) মৰ্মে বিগত ৫৭ বছৰে ১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টিটো অনুসূচীত জনজাতি সংৰক্ষণৰ আউটিত আছে। আনহাতে ২০১১ চনৰ লোকপিয়ল মতে সমষ্টিটোত ৫৫.১৫ শতাংশ লোক অজনজাতিৰ। এই অজনজাতি লোকসকলে স্বাধীনতাৰ পিছৰে পৰা ৰাজনৈতিক অধিকাৰ লাভ কৰা নাই। গৰিষ্ঠসংখ্যক অজনজাতিৰ লোকৰ আধিপত্য থকা ঢকুৱাখনা বিধান সভা সমষ্টিটো অনুসূচীত জনজাতিৰ নামত সংৰক্ষিত হৈ থকাটো অসাংবিধানিক বুলি অভিযোগ তুলি ইতিমধ্য়ে গঠিত হৈছে আৰক্ষণমুক্ত দাবী সমিতি। সমিতিৰ কাৰ্যকৰী…

মাজুলীত আজিৰ পৰা আৰম্ভ হ’ল জিলা সত্ৰ ন্যায়াধীশ 

 শতাব্দ প্ৰতিনিধি, মাজুলী,২১ মে': মাজুলীৰ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণত আজি গুৱাহাটী হাই কৰ্টৰ ন্যায়াধীশ সুমন শ্যাম আৰু অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই স্ক্ৰীণ টানি, ফিটা কাটি মাজুলী জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয় উদ্বোধন কৰে।বিয়লি দুই বজাত আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত মাজুলীৰ উদীয়মান কন্ঠশিল্পী বৰষা দত্তই এটি  বৰগীতৰে অনুষ্ঠানটীৰ শুভাৰম্ভ কৰে।ইয়াৰ পাছতেই উদ্বোধনী সভাত উপস্থিত থকা মন্ত্ৰী বিমল বৰা, গুৱাহাটী হাই কৰ্টৰ ন্যায়াধীশ সুমন শ্যামৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলনৰে গাম্ভীৰ্যপূৰ্ণ উদ্বোধনীৰ…

দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ “তৰুণ অসম সংঘ” ৯২ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰম্ভ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ ২১ মে' : সু-সাহিত্যিক লক্ষীধৰ শৰ্মাকে ধৰি জাতীয় জীৱনৰ বহু কেইগৰাকী পুৰোধা ব্যক্তিৰ প্ৰযত্নত ১৯৩০ চনতে তেজপুৰত গঢ়ি উঠা "তৰুণ অসম সংঘ" ৰ ২২ মে'ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত বৰ্ণাঢ্য কাৰ্যসূচীৰ আজি প্ৰথম দিনটোতে তৰুণ অসম সংঘৰ সদস্য তথা প্ৰতিষ্ঠিত চিত্ৰ ভাস্কৰ্য শিল্পী জ্ঞানেন্দ্ৰ নাথ বৰাৰ আকৰ্ষণীয় চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শনী  ফিটা কাটি উদ্বোধন কৰে প্ৰসিদ্ধ চিত্ৰশিল্পী ননী বৰপূজাৰীয়ে। ফিটা কটাৰ পিছতেই শিল্পী ননী বৰপূজাৰীৰ লগতে তৰুণ অসম সংঘৰ ভাৰপ্ৰাপ্ত সভাপতি ড° ভুবনেশ্বৰ…

ডলুৰ উচ্ছেদৰ বিৰুদ্ধে তিনিচুকীয়াত ৪ সংগঠনৰ তীব্ৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ মে’ : কাছাৰৰ ডলু চাহ বাগিছাত গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ নামত ২৫০০ বিঘা ভূমিৰ লাখ লাখ উৎপাদনশীল চাহগছ উচ্ছেদ কৰি প্ৰায় তিনিহাজাৰ চাহ শ্ৰমিকৰ জীৱন, জীৱিকাৰ লগতে বাগিছাখন ধ্বংস কৰাৰ প্ৰতিবাদত আজি তিনিচুকীয়া জিলাৰ পানীতোলাত চিপিআই(এম-এল), এ আই চি চি টি ইউ, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ বহু সংখ্যক সদস্যই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকাও দাহ কৰে। প্ৰতিবাদকাৰীসকলে আগত সংস্থাপন পাছত…

অবসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চৰ সম্বৰ্ধনা সভা

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ ,২১মে’: “নিজৰ কৰ্মৰ প্ৰতি ভালপোৱাৰ মাজেৰেই জীৱনত আগবাঢ়িবলৈ প্ৰেৰণা পোৱা যায়“ - এই মন্তব্য বিশিষ্ট কণ্ঠশিল্পী দুৰ্গাময়ী বৰাৰ। বৃহত্তৰ তেজপুৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চই কালি  তেজপুৰস্থিত  অসমীয়া ক্লাবত  আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত কণ্ঠ শিল্পী বৰাই ভাষণ প্ৰসংগত শিল্পী জীৱনৰ ঘাতপ্ৰতিঘাত নেওচি কৰা নিৰলস সাধনাৰ  বিষয়ে উল্লেখ কৰে। এই সভাত সভাপতিত্ব কৰে ঐক্যমঞ্চৰ সভাপতি লাৱণ্য দেৱীয়ে।সভাৰ আৰম্ভণিতে সম্পাদক ৰাজু বৰুৱাই উপস্থিতসকলক আদৰণি জনাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। অনুষ্ঠানত ঐক্যমঞ্চৰ জ্যেষ্ঠ…