Browsing Category
অসম
আৰক্ষীৰ জিম্মাত এজনৰ মৃত্যুঃ উন্মত্ত জনতাই জ্বলাই ভষ্মীভূত কৰিলে বটদ্ৰৱা আৰক্ষী থানা
শতাব্দ প্ৰতিনিধি, নগাঁও ২১মেঃ
আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উন্মত্ত জনতাই জ্বলাই ছাৰখাৰ কৰিলে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানা। প্ৰাপ্ত তথ্য মতে, যোৱা নিশা বটদ্ৰৱাৰ সমীপৰ ভোমোৰাগুৰিৰ পৰা সুৰামত্ত অৱস্থাত ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন লোকক আৰক্ষীয়ে উঠাই আনে। পাছত আজি পুৱা লোকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত আৰক্ষীয়ে তেওঁক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়ে। তাতে পুৱা ৯.৩০ বজাত লোকজনৰ মৃত্যু ঘটে। পাছত বটদ্ৰৱা আৰক্ষী থানালৈ ছফিকুল ইছলামৰ মৃতদেহ অনাৰ পাছত পৰিয়াল আৰু ছালনাবড়িৰ স্থানীয় লোকে মৃতদেহ চমজি…
ঢকুৱাখনা বিধান সভা সমষ্টিক সংৰক্ষণমুক্ত কৰাৰ ব্যাপক দাবী, প্ৰচাৰ অভিযান, সভা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ মেঃ ভৰতৰ নিৰ্বাচন আযোগে ১৯৬৫ চনৰ ১৫ এপ্ৰিল তাৰিখে জাৰি কৰা অধিসূচনা ( No SO1219) মৰ্মে বিগত ৫৭ বছৰে ১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টিটো অনুসূচীত জনজাতি সংৰক্ষণৰ আউটিত আছে। আনহাতে ২০১১ চনৰ লোকপিয়ল মতে সমষ্টিটোত ৫৫.১৫ শতাংশ লোক অজনজাতিৰ। এই অজনজাতি লোকসকলে স্বাধীনতাৰ পিছৰে পৰা ৰাজনৈতিক অধিকাৰ লাভ কৰা নাই। গৰিষ্ঠসংখ্যক অজনজাতিৰ লোকৰ আধিপত্য থকা ঢকুৱাখনা বিধান সভা সমষ্টিটো অনুসূচীত জনজাতিৰ নামত সংৰক্ষিত হৈ থকাটো অসাংবিধানিক বুলি অভিযোগ তুলি ইতিমধ্য়ে গঠিত হৈছে আৰক্ষণমুক্ত দাবী সমিতি। সমিতিৰ কাৰ্যকৰী…
মাজুলীত আজিৰ পৰা আৰম্ভ হ’ল জিলা সত্ৰ ন্যায়াধীশ
শতাব্দ প্ৰতিনিধি, মাজুলী,২১ মে': মাজুলীৰ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণত আজি গুৱাহাটী হাই কৰ্টৰ ন্যায়াধীশ সুমন শ্যাম আৰু অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই স্ক্ৰীণ টানি, ফিটা কাটি মাজুলী জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয় উদ্বোধন কৰে।বিয়লি দুই বজাত আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত মাজুলীৰ উদীয়মান কন্ঠশিল্পী বৰষা দত্তই এটি বৰগীতৰে অনুষ্ঠানটীৰ শুভাৰম্ভ কৰে।ইয়াৰ পাছতেই উদ্বোধনী সভাত উপস্থিত থকা মন্ত্ৰী বিমল বৰা, গুৱাহাটী হাই কৰ্টৰ ন্যায়াধীশ সুমন শ্যামৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলনৰে গাম্ভীৰ্যপূৰ্ণ উদ্বোধনীৰ…
দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ “তৰুণ অসম সংঘ” ৯২ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰম্ভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ ২১ মে' : সু-সাহিত্যিক লক্ষীধৰ শৰ্মাকে ধৰি জাতীয় জীৱনৰ বহু কেইগৰাকী পুৰোধা ব্যক্তিৰ প্ৰযত্নত ১৯৩০ চনতে তেজপুৰত গঢ়ি উঠা "তৰুণ অসম সংঘ" ৰ ২২ মে'ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত বৰ্ণাঢ্য কাৰ্যসূচীৰ আজি প্ৰথম দিনটোতে তৰুণ অসম সংঘৰ সদস্য তথা প্ৰতিষ্ঠিত চিত্ৰ ভাস্কৰ্য শিল্পী জ্ঞানেন্দ্ৰ নাথ বৰাৰ আকৰ্ষণীয় চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শনী ফিটা কাটি উদ্বোধন কৰে প্ৰসিদ্ধ চিত্ৰশিল্পী ননী বৰপূজাৰীয়ে। ফিটা কটাৰ পিছতেই শিল্পী ননী বৰপূজাৰীৰ লগতে তৰুণ অসম সংঘৰ ভাৰপ্ৰাপ্ত সভাপতি ড° ভুবনেশ্বৰ…
ডলুৰ উচ্ছেদৰ বিৰুদ্ধে তিনিচুকীয়াত ৪ সংগঠনৰ তীব্ৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ মে’ : কাছাৰৰ ডলু চাহ বাগিছাত গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ নামত ২৫০০ বিঘা ভূমিৰ লাখ লাখ উৎপাদনশীল চাহগছ উচ্ছেদ কৰি প্ৰায় তিনিহাজাৰ চাহ শ্ৰমিকৰ জীৱন, জীৱিকাৰ লগতে বাগিছাখন ধ্বংস কৰাৰ প্ৰতিবাদত আজি তিনিচুকীয়া জিলাৰ পানীতোলাত চিপিআই(এম-এল), এ আই চি চি টি ইউ, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ বহু সংখ্যক সদস্যই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকাও দাহ কৰে। প্ৰতিবাদকাৰীসকলে আগত সংস্থাপন পাছত…
অবসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চৰ সম্বৰ্ধনা সভা
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ ,২১মে’: “নিজৰ কৰ্মৰ প্ৰতি ভালপোৱাৰ মাজেৰেই জীৱনত আগবাঢ়িবলৈ প্ৰেৰণা পোৱা যায়“ - এই মন্তব্য বিশিষ্ট কণ্ঠশিল্পী দুৰ্গাময়ী বৰাৰ। বৃহত্তৰ তেজপুৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঐক্যমঞ্চই কালি তেজপুৰস্থিত অসমীয়া ক্লাবত আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত কণ্ঠ শিল্পী বৰাই ভাষণ প্ৰসংগত শিল্পী জীৱনৰ ঘাতপ্ৰতিঘাত নেওচি কৰা নিৰলস সাধনাৰ বিষয়ে উল্লেখ কৰে। এই সভাত সভাপতিত্ব কৰে ঐক্যমঞ্চৰ সভাপতি লাৱণ্য দেৱীয়ে।সভাৰ আৰম্ভণিতে সম্পাদক ৰাজু বৰুৱাই উপস্থিতসকলক আদৰণি জনাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। অনুষ্ঠানত ঐক্যমঞ্চৰ জ্যেষ্ঠ…
শোণিতপুৰত ড্ৰাগছ-গাঞ্জা আৰু নকল সোণ জব্দ
শতাব্দ প্ৰতিনিধি তেজপুৰ,২১মে’: শোণিতপুৰ তথা তেজপুৰ আৰক্ষীয়ে যোৱা সময়চোৱাত জিলাখনত চলোৱা ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযানত যথেষ্ট পৰিমাণৰ নিষিদ্ধ দ্ৰব্যসহ ভালেসংখ্যক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে বৰ্তমানেও তেজপুৰ আৰু পাৰ্শ্ববৰ্তী অঞ্চলত এনে নিষিদ্ধ বেহা একাংশই চলাই গৈছে।এনে অৱস্থাত আজি তেজপুৰ আৰক্ষীয়ে তেজপুৰৰ দিকৰাইজান অঞ্চলৰ কাছেম আলীৰ বাসগৃহত চলোৱা এক অভিযানত ছয়টা প্লাষ্টিক পাত্ৰত ভৰাই থোৱা অৱস্থাত সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে তিনিটা নকল সোণৰ বিস্কুট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ঘটনা…
লখিমপুৰত উইংগাৰ -ই ৰিক্সাৰ মুখামুখি সংঘৰ্ষ ; নিহত -১
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২১ মে : লখিমপুৰ নগৰৰ মৈদমীয়াত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । পুৱা প্রায় ৫ বজাত সংঘটিত এই ঘটনাত মৈদমীয়া নিবাসী মইনুদ্দিন আলি (৪৫)নামৰ লোকজনৰ থিতাতে মৃত্যু হয় । ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা পাঁচ মান বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৈদমীয়াত বগীনদী দিশৰ পৰা লখিমপুৰ নগৰৰ দিশে তীব্র বেগত আহি থকা অৰুণাচলৰ AR08B 2690 নম্বৰৰ উইংগাৰখনে ASO7ER- 0378 নম্বৰৰ ইৰিক্সাখনক মুখামুখিকৈ প্ৰচণ্ড জোৰত খুন্দা মাৰে ।ফলত ই ৰিক্সা চালক মইনুদ্দিন আলিৰ ঘটনাস্থলিতে নিহত হয় । ঘটনা সন্দৰ্ভত যান বাহন আৰক্ষীয়ে অনুসন্ধান অব্যাহত…
তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ পৰিগৃহীত গাঁও বানৰ কবলত
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ মেঃ তেজপুৰৰ বিভিন্ন অঞ্চলত বানপানীয়ে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা দুৰ্বিসহ কৰি তোলাৰ সমান্তৰাল ভাবে খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে। এনে সমস্যাৰ মাজতেই কালি তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয় কৰ্তৃপক্ষই বান আক্ৰান্ত মহাবিদ্যালয়খনৰ পৰিগৃহীত গাঁও খোলাকুটি কলিতা গাঁৱত উপস্থিত হৈ বহুকেইটা পৰিয়ালক এনেদৰে খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা প্ৰদান কৰে। মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ শাৰীৰিক শিক্ষা…
সুৰৰ দেউল সংগীত বিদ্যালয়ৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন
শতাব্দ প্ৰতিনিধি, যোৰহাট , ২০ মেঃ যোৰহাটৰ সুৰৰ দেউল সংগীত বিদ্যালয়ৰ চতুৰ্থ বৰ্ষপূৰ্তি কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হয়। উল্লেখ্য, এই উপলক্ষে ইতিমধ্যে ১৫ মেত সদৌ অসম ভিত্তিত প্ৰয়াত গীতিকাৰ নুৰুল হক আৰু গণশিল্পী মুহিবুদ্দিন আহমেদ (তগৰ)ৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।কালি অনুষ্ঠানৰ আৰম্ভণিতে দুয়োগৰাকী প্ৰয়াত শিল্পীৰ পৰিয়ালৰ পৰা বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে। নিমন্ত্ৰিত অতিথি ক্ৰমে যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, যোৰহাট থিয়েটাৰৰ সভাপতি যোগানন্দ বৰা আৰু জেষ্ঠ শিল্পী তৰুন গোস্বামীক…
