Browsing Category

অসম

শোণিতপুৰত ড্ৰাগছ-গাঞ্জা আৰু নকল সোণ জব্দ

শতাব্দ প্ৰতিনিধি তেজপুৰ,২১মে’: শোণিতপুৰ তথা তেজপুৰ আৰক্ষীয়ে যোৱা সময়চোৱাত জিলাখনত চলোৱা ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযানত যথেষ্ট পৰিমাণৰ নিষিদ্ধ দ্ৰব্যসহ ভালেসংখ্যক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে বৰ্তমানেও তেজপুৰ আৰু পাৰ্শ্ববৰ্তী অঞ্চলত এনে নিষিদ্ধ বেহা একাংশই চলাই গৈছে।এনে অৱস্থাত আজি তেজপুৰ আৰক্ষীয়ে তেজপুৰৰ দিকৰাইজান অঞ্চলৰ কাছেম আলীৰ বাসগৃহত চলোৱা এক অভিযানত ছয়টা প্লাষ্টিক পাত্ৰত ভৰাই থোৱা অৱস্থাত সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে তিনিটা নকল সোণৰ বিস্কুট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ঘটনা…

লখিমপুৰত উইংগাৰ -ই ৰিক্সাৰ মুখামুখি সংঘৰ্ষ ; নিহত -১ 

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২১ মে : লখিমপুৰ নগৰৰ মৈদমীয়াত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । পুৱা প্রায় ৫ বজাত সংঘটিত এই ঘটনাত মৈদমীয়া নিবাসী মইনুদ্দিন আলি (৪৫)নামৰ লোকজনৰ থিতাতে মৃত্যু হয় । ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা পাঁচ মান বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৈদমীয়াত বগীনদী দিশৰ পৰা লখিমপুৰ নগৰৰ দিশে তীব্র বেগত আহি থকা অৰুণাচলৰ AR08B 2690 নম্বৰৰ উইংগাৰখনে ASO7ER- 0378 নম্বৰৰ ইৰিক্সাখনক মুখামুখিকৈ প্ৰচণ্ড জোৰত খুন্দা মাৰে ।ফলত ই ৰিক্সা চালক মইনুদ্দিন আলিৰ ঘটনাস্থলিতে নিহত হয় । ঘটনা সন্দৰ্ভত যান বাহন আৰক্ষীয়ে অনুসন্ধান অব্যাহত…

তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ পৰিগৃহীত গাঁও বানৰ কবলত

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ মেঃ  তেজপুৰৰ বিভিন্ন অঞ্চলত বানপানীয়ে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা দুৰ্বিসহ কৰি তোলাৰ সমান্তৰাল ভাবে খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে। এনে সমস্যাৰ মাজতেই কালি তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয় কৰ্তৃপক্ষই বান আক্ৰান্ত মহাবিদ্যালয়খনৰ পৰিগৃহীত গাঁও খোলাকুটি কলিতা গাঁৱত উপস্থিত হৈ বহুকেইটা পৰিয়ালক এনেদৰে খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা প্ৰদান কৰে। মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ শাৰীৰিক শিক্ষা…

সুৰৰ দেউল সংগীত বিদ্যালয়ৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন

শতাব্দ প্ৰতিনিধি, যোৰহাট , ২০ মেঃ যোৰহাটৰ সুৰৰ দেউল সংগীত বিদ্যালয়ৰ চতুৰ্থ বৰ্ষপূৰ্তি কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হয়। উল্লেখ্য, এই উপলক্ষে ইতিমধ্যে ১৫ মেত সদৌ অসম ভিত্তিত প্ৰয়াত গীতিকাৰ নুৰুল হক আৰু গণশিল্পী মুহিবুদ্দিন আহমেদ (তগৰ)ৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।কালি অনুষ্ঠানৰ আৰম্ভণিতে দুয়োগৰাকী প্ৰয়াত শিল্পীৰ পৰিয়ালৰ পৰা বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে। নিমন্ত্ৰিত অতিথি ক্ৰমে যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, যোৰহাট থিয়েটাৰৰ সভাপতি যোগানন্দ বৰা আৰু জেষ্ঠ শিল্পী তৰুন গোস্বামীক…

অসমৰ বান পৰিস্থিতি : মৃতকৰ সংখ্যা ১৪লৈ বৃদ্ধি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : অসমৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত আৰু চাৰিজন লোকৰ মৃত্যু হৈছে বানৰ ফলত। এই চাৰিজনৰ মৃত্যুৰ লগে লগে বৰ্তমান বাৰিষাৰ পূৰ্বে হোৱা বানপানী আৰু ভূমিস্খলনত হোৱা মৃতকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে আৰু ৰাজ্যখনৰ ৩৪খন জিলাৰ ভিতৰত ২৯খন জিলাত ৮ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াসকলে জনোৱা মতে, চাৰিজন লোকৰ মৃত্যু হৈছে কাছাৰ (২), নগাঁও, আৰু লখিমপুৰ জিলাত। আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাৰ লগতে সাহায্য প্ৰদানৰ বাবে জিলা প্ৰশাসনৰ লগতে সেনা,…

ৰাজ্যৰ মুঠ ২৫টা সমষ্টি শোচনীয় বানৰ কবলতঃ তেজপুৰত জলসম্পদ মন্ত্ৰী

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২০মে’: ৰাজ্যত যোৱা কেইবাদিনো হোৱা নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত বানৰ সৃষ্টি হৈছে।ৰাজ্যত পূৰ্বে এটা দিনত ৬০ মিলি মিটাৰ বৰষুণ হোৱাৰ বিপৰীতে যোৱা সপ্তাহত ডিমা হাছাওত এটা দিনতে ৪৬১ মিলিমিটাৰ বৰষুণ হৈছিল । এই তথ্য আজি তেজপুৰত সাংবাদিকৰ আগত সদৰী কৰে ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ,সংসদীয় পৰিক্ৰমা মন্ত্ৰী তথা শোণিতপুৰৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই। পৰিণতিত ডিমা হাচাওত অভাৱনীয় বান পৰিস্থিতিৰ উদ্ভৱ হ’লেও তথা ৰাষ্টা ঘাটৰ লগতে ৰে’ল আস্থানৰ ক্ষতি কৰিলেও জলসম্পদ বিভাগৰ মথাউৰি ছিঙা নাই বুলি মন্তব্য কৰে…

ধেমাজিৰ তিৱা কৃষ্টি ভৱনক নিশাটোতে পুথিভঁৰালৰ ৰূপ দিলে অজ্ঞাত লোকে

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২০ মে’ : অসমৰ অন্যতম জনগোষ্ঠীয় ভূমিপুত্ৰ তিৱাসকলৰ নামত থকা “ধেমাজি তিৱা কৃষ্টি ভৱন”ত কোনো দুষ্কৃতিকাৰীয়ে ৰাতি আন্ধাৰৰ সুযোগ লৈ “নলনিপাম পুথিভঁৰাল” বুলি লিখি অবৈধ দখল কৰিবলৈ চেষ্টা চলোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে ধেমাজি নগৰৰ নলনিপামত ১৯৮৬ চনতে “তিৱা কৃষ্টি ভৱন” স্থাপন কৰি বিভিন্ন সভা-সমিতি তথা অনুষ্ঠান অনুষ্ঠিত কৰি অহাতো সৰ্বজনবিদিত । কিন্তু যোৱাৰাতি কোনো দুষ্কৃতিকাৰীয়ে উদ্দেশ্য প্ৰণোদিতভাৱে উক্ত ভৱনটোৰ পকী বেৰত “নলনিপাম পুথিভঁৰাল” বুলি লিখি থৈ যায় । এই ঘটনাই ধেমাজিত তিৱা…

শোণিতপুৰৰ বৰছলাত হাজাৰ হাজাৰ বিঘা মাকৈ, মৰাপাট, বড়ো ধানৰ খেতি- পাচলি বাগান পানীৰ তলত

শতাব্দ প্ৰতিনিধি তেজপুৰ,২০মে’: আগতীয়া বানে ৰাজ্যজুৰি ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে শোণিতপুৰৰ বৰছলা সমষ্টিত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে কৃষক ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰে । বৃহৎ পৰিমাণৰ কৃষি ভূমি চপৰা চপৰে ব্ৰহ্মপুত্ৰত জাহ যোৱা সমষ্টিটোৰ বছা শিমলু অঞ্চলত বহু পৰিমাণৰ গোমধানৰ খেতিৰ উপৰি ,মৰাপাট আৰু বড়ো ধানৰ খেতি বৰ্তমান পানীৰ তলত নষ্ট হৈছে  । শোণিতপুৰৰ ভিতৰতে ব্যাপক পৰিমাণৰ মাকৈ খেতি হোৱা এই অঞ্চলৰ পৰা বছৰি হেজাৰ হেজাৰ কুইন্টল পৰিমাণৰ মাকৈ ৰাজ্যৰ তিনিচুকীয়াকে ধৰি বহিৰাজ্যলৈয়ো ৰপ্তানি কৰা হয় । কিন্তু এইবাৰৰ সংহাৰী বানে এইসকল কৃষকৰ…

২৪ মে’ৰ পৰা তিনিচুকীয়াত ২২০ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ মে’ : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা তিনিচুকীয়া জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত ২৪ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়াৰ বৰগুৰি হাইস্কুলৰ খেলপথাৰত উদযাপন কৰা হ'ব ২২০ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস । অনুষ্ঠানৰ দ্বিতীয় দিনাৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অসম চৰকাৰৰ দ্বাৰা প্ৰদান কৰি অহা চলিত বৰ্ষৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰাপকৰ নাম ঘোষণা কৰিব । অভ্যৰ্থনা সমিতিয়ে আজি এক সংবাদমেলত এই কথা সদৰি কৰে ।…