শতাব্দ প্ৰতিনিধি, যোৰহাট , ২০ মেঃ যোৰহাটৰ সুৰৰ দেউল সংগীত বিদ্যালয়ৰ চতুৰ্থ বৰ্ষপূৰ্তি কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হয়। উল্লেখ্য, এই উপলক্ষে ইতিমধ্যে ১৫ মেত সদৌ অসম ভিত্তিত প্ৰয়াত গীতিকাৰ নুৰুল হক আৰু গণশিল্পী মুহিবুদ্দিন আহমেদ (তগৰ)ৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।কালি অনুষ্ঠানৰ আৰম্ভণিতে দুয়োগৰাকী প্ৰয়াত শিল্পীৰ পৰিয়ালৰ পৰা বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে। নিমন্ত্ৰিত অতিথি ক্ৰমে যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, যোৰহাট থিয়েটাৰৰ সভাপতি যোগানন্দ বৰা আৰু জেষ্ঠ শিল্পী তৰুন গোস্বামীক সম্বৰ্ধনা জনায়। প্ৰয়াত দুয়োগৰাকী শিল্পীৰ একালৰ সহযোগী শিক্ষাবিদ গবেষক সংগীতজ্ঞ ড° পবিত্ৰপ্ৰাণ গোস্বামীয়ে উদ্বোধনী ভাষণত তেখেতসকলৰ লগত থকা সম্পৰ্কৰ বিষয়ে অৱগত কৰে। সুৰৰ দেউলৰ কনমানি ছাত্ৰ-ছাত্ৰীসকলে অধ্যক্ষ জয়ন্ত নাথৰ পৰিচালনাত কেইবাটিও আপুৰুগীয়া পুৰণি অসমীয়া গীত পৰিবেশন কৰে। সহযোগী অনুষ্ঠান কৃষ্টিৰ কঠিয়াৰ সদস্যা সকলে বড়ো আৰু ঝুমুইৰ লোকনৃত্য প্ৰদৰ্শন কৰে।সংগীত বিদ্যালয়ৰ বৰ্ষপূৰ্তিৰ লগতে প্ৰতিস্থাপক অধ্যক্ষ শিল্পী জয়ন্ত নাথৰ ওপজাদিন উপলক্ষে কেক কাটি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে বিশেষ দিনটো উদযাপন কৰে। সংগীত বিদ্যালয়ৰ অভিভাৱকসকলে সমবেত কণ্ঠত জ্যোতি সংগীত পৰিবেশন কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে অৰিজিত শইকীয়া কাত্যায়ী কৌশিক বৰুৱাই কামৰুপী আৰু গোৱালপৰীয়া লোকগীত লগতে প্ৰিতিস্মীতা হাজৰিকাই একক কণ্ঠত আধুনিক গীত পৰিবেশন কৰে। ইয়াৰ পিচত প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত প্ৰথম পুৰস্কাৰ প্ৰাপক
যোৰহাটৰ প্ৰতীক্ষা গগৈয়ে নগদ দহ হাজাৰ টকা মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰে পবিত্ৰপ্ৰান গোস্বামী আৰু দাতা প্ৰয়াত মুহিবুদ্দিন আহমেদৰ পৰিয়ালে। দ্বিতীয় তৃতীয় আৰু চতুৰ্থ পুৰস্কাৰ ক্ৰমে নগদ সাত হাজাৰ পাঁচ হাজাৰ আৰু তিনিহাজাৰ টকা আগবঢ়ায় প্ৰয়াত নুৰুল হকৰ জিয়ৰী ৰুনা লাইলা হকে। বঁটাসমূহ প্ৰদান কৰে ক্ৰমে তৰুন গোস্বামী কবি গীতিকাৰ জেতবন বৰুৱা আৰু প্ৰদ্যোন্ম বৰাই শিবসাগৰৰ দিক্ষিতা বৰা যোৰহাটৰ গৌৰৱ শৰ্মা আৰু আমগুৰিৰ প্ৰজ্ঞান প্ৰতিম ফুকনক। পঞ্চম পুৰস্কাৰ নগদ দুহেজাৰ টকা আগবঢ়ায় প্ৰয়াত শিল্পী প্ৰশান্ত নাথৰ সোঁৱৰণত দাতা ভাতৃ দিগন্ত নাথে নাজিৰাৰ উৰ্মিমালা গগৈক। বাকীথকা বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰে ক্ৰমে আইলিন গগৈ দিয়া টাইড ঋষিৰাজ নাথ ৱাকিদুৰ ৰহমান ৰাচিকা দাস দীপজ্যোতি মাহিলী আৰু হিমাদ্ৰী দত্তই। বঁটা প্ৰদানৰ পিচত বঁটা প্ৰাপকসকলে একোটিকৈ গীত পৰিবেশন কৰে। সুৰৰ দেউল সংগীত বিদ্যালয়ৰ এই আয়োজনৰ সভাপতি শান্তনু পূজাৰী আৰু সম্পাদক তথা বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত নাথে সকলোকে ধন্যবাদ জনায় আৰু বিদ্যালয় খনিৰ অসমীয়া যাউতিযুগীয়া পুৰণি গীতসমূহৰ চৰ্চা প্ৰচাৰ প্ৰসাৰৰ তথা সংৰক্ষণৰ যি উদ্দেশ্য লৈছে তাক সাফল্যমণ্ডিত কৰিবলৈ অনুৰোধ জনায়।