Browsing Category

অসম

অসমৰ বান পৰিস্থিতি : মৃতকৰ সংখ্যা ১৪লৈ বৃদ্ধি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ মে' : অসমৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত আৰু চাৰিজন লোকৰ মৃত্যু হৈছে বানৰ ফলত। এই চাৰিজনৰ মৃত্যুৰ লগে লগে বৰ্তমান বাৰিষাৰ পূৰ্বে হোৱা বানপানী আৰু ভূমিস্খলনত হোৱা মৃতকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে আৰু ৰাজ্যখনৰ ৩৪খন জিলাৰ ভিতৰত ২৯খন জিলাত ৮ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াসকলে জনোৱা মতে, চাৰিজন লোকৰ মৃত্যু হৈছে কাছাৰ (২), নগাঁও, আৰু লখিমপুৰ জিলাত। আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাৰ লগতে সাহায্য প্ৰদানৰ বাবে জিলা প্ৰশাসনৰ লগতে সেনা,…

ৰাজ্যৰ মুঠ ২৫টা সমষ্টি শোচনীয় বানৰ কবলতঃ তেজপুৰত জলসম্পদ মন্ত্ৰী

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২০মে’: ৰাজ্যত যোৱা কেইবাদিনো হোৱা নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত বানৰ সৃষ্টি হৈছে।ৰাজ্যত পূৰ্বে এটা দিনত ৬০ মিলি মিটাৰ বৰষুণ হোৱাৰ বিপৰীতে যোৱা সপ্তাহত ডিমা হাছাওত এটা দিনতে ৪৬১ মিলিমিটাৰ বৰষুণ হৈছিল । এই তথ্য আজি তেজপুৰত সাংবাদিকৰ আগত সদৰী কৰে ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ,সংসদীয় পৰিক্ৰমা মন্ত্ৰী তথা শোণিতপুৰৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই। পৰিণতিত ডিমা হাচাওত অভাৱনীয় বান পৰিস্থিতিৰ উদ্ভৱ হ’লেও তথা ৰাষ্টা ঘাটৰ লগতে ৰে’ল আস্থানৰ ক্ষতি কৰিলেও জলসম্পদ বিভাগৰ মথাউৰি ছিঙা নাই বুলি মন্তব্য কৰে…

ধেমাজিৰ তিৱা কৃষ্টি ভৱনক নিশাটোতে পুথিভঁৰালৰ ৰূপ দিলে অজ্ঞাত লোকে

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২০ মে’ : অসমৰ অন্যতম জনগোষ্ঠীয় ভূমিপুত্ৰ তিৱাসকলৰ নামত থকা “ধেমাজি তিৱা কৃষ্টি ভৱন”ত কোনো দুষ্কৃতিকাৰীয়ে ৰাতি আন্ধাৰৰ সুযোগ লৈ “নলনিপাম পুথিভঁৰাল” বুলি লিখি অবৈধ দখল কৰিবলৈ চেষ্টা চলোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে ধেমাজি নগৰৰ নলনিপামত ১৯৮৬ চনতে “তিৱা কৃষ্টি ভৱন” স্থাপন কৰি বিভিন্ন সভা-সমিতি তথা অনুষ্ঠান অনুষ্ঠিত কৰি অহাতো সৰ্বজনবিদিত । কিন্তু যোৱাৰাতি কোনো দুষ্কৃতিকাৰীয়ে উদ্দেশ্য প্ৰণোদিতভাৱে উক্ত ভৱনটোৰ পকী বেৰত “নলনিপাম পুথিভঁৰাল” বুলি লিখি থৈ যায় । এই ঘটনাই ধেমাজিত তিৱা…

শোণিতপুৰৰ বৰছলাত হাজাৰ হাজাৰ বিঘা মাকৈ, মৰাপাট, বড়ো ধানৰ খেতি- পাচলি বাগান পানীৰ তলত

শতাব্দ প্ৰতিনিধি তেজপুৰ,২০মে’: আগতীয়া বানে ৰাজ্যজুৰি ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে শোণিতপুৰৰ বৰছলা সমষ্টিত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে কৃষক ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰে । বৃহৎ পৰিমাণৰ কৃষি ভূমি চপৰা চপৰে ব্ৰহ্মপুত্ৰত জাহ যোৱা সমষ্টিটোৰ বছা শিমলু অঞ্চলত বহু পৰিমাণৰ গোমধানৰ খেতিৰ উপৰি ,মৰাপাট আৰু বড়ো ধানৰ খেতি বৰ্তমান পানীৰ তলত নষ্ট হৈছে  । শোণিতপুৰৰ ভিতৰতে ব্যাপক পৰিমাণৰ মাকৈ খেতি হোৱা এই অঞ্চলৰ পৰা বছৰি হেজাৰ হেজাৰ কুইন্টল পৰিমাণৰ মাকৈ ৰাজ্যৰ তিনিচুকীয়াকে ধৰি বহিৰাজ্যলৈয়ো ৰপ্তানি কৰা হয় । কিন্তু এইবাৰৰ সংহাৰী বানে এইসকল কৃষকৰ…

২৪ মে’ৰ পৰা তিনিচুকীয়াত ২২০ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ মে’ : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা তিনিচুকীয়া জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত ২৪ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়াৰ বৰগুৰি হাইস্কুলৰ খেলপথাৰত উদযাপন কৰা হ'ব ২২০ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস । অনুষ্ঠানৰ দ্বিতীয় দিনাৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অসম চৰকাৰৰ দ্বাৰা প্ৰদান কৰি অহা চলিত বৰ্ষৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰাপকৰ নাম ঘোষণা কৰিব । অভ্যৰ্থনা সমিতিয়ে আজি এক সংবাদমেলত এই কথা সদৰি কৰে ।…

ডলুৰ উচ্ছেদৰ প্ৰতিবাদত তিনিচুকীয়াৰ চাহ বাগিচাত এ চি এম এছৰ ধর্ণা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ মে’ : কাছাৰৰ ডলু চাহ বাগিছাৰ নিৰীহ চাহ শ্ৰমিকৰ কাতৰ আহ্বানক নেওচি উচ্ছেদ চলাই যোৱা আদানি, আম্বানী দৰে পুঁজিপতিৰ পদলেহনকাৰী বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত আজি অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ) এথেলবাৰী চাহ বাগিছাৰ প্ৰাথমিক গোটৰ উদ্যোগত তথা শ্রমিক ৰাইজৰ সহযোগত ধর্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় । এ চি এম এছৰ কেন্দ্রীয় উপ-সভাপতি আৰু পানীতোলা শাখাৰ সম্পাদকৰ দায়িত্বপ্ৰাপ্ত চাবুৱাৰ প্রাক্তন বিধায়ক ৰাজু চাহুৱে কয় যে গ্রীনফিল্ড বিমান বন্দৰ নিৰ্মানৰ নামত দুশ বছৰীয়া চাহ বাগিছাত জে চি বি…

ৰঙানদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ মেঃ লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী থানাৰ অন্তৰ্গত ৰঙানদীত আজি বিয়লি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। নাওবৈচাৰ নভগনীয়া গাঁৱৰ সমীপত ৰঙানদীৰ পানী যুঁৱলিত এই অচিনাক্ত মৃতদেহটো উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। প্ৰায় ৪০ উৰ্দ্ধৰ লংপেন্ট-চাৰ্ট পৰিহিত, বগা  ৰঙৰ এই লোকজনৰ মুখত যথেষ্ট পৰিমানৰ দাৰি থকা লোকজনক বাতৰি লিখা পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই। নাওবৈচা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ৭২ ঘন্টাৰ বাবে সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিছে। অচিনাক্ত লোকজনৰ কেনেদৰে মৃত্যু হ’ল সেই কথা এতিয়াও পোহৰলৈ…

ধেমাজিত শোৱনি কোঠাৰপৰা চোৰে নিলে নগদ ধন-সোণৰ অলংকাৰ

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২০ মে’ : ধেমাজিত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে চোৰৰ উপদ্ৰৱ । ৰাতিৰ কথা বাদেই দিন দুপৰতে চোৰে অভিযান চলাই লুটি নিছে নগদ ধন আৰু মূল্যবান সম্পদ । এনে চোৰ বিচাৰি আৰক্ষী সন্দিহান হৈ থকাৰ সময়তে যোৱানিশা ধেমাজি নগৰৰ এঘৰ মানুহৰ শোৱনি কোঠাৰ পৰাই লৈ গ’ল নগদ ধন আৰু সোণৰ আ-অলংকাৰ । ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় এক কিল’মিটাৰ নিলগৰ ৩নং ৱাৰ্ডৰ কলেজ তিনিআলিৰ নিবাসী উমেশ খাণ্ডেলীয়াৰ ঘৰত যোৱা নিশা চোৰে লুটপাত চলায় । ঘৰৰ পিছফালৰ গ্ৰীল খুলি সোমোৱা চোৰে নগদ দুই লাখ পঞ্চাশ হাজাৰ টকাসহ প্ৰায় চাৰি লাখ টকাৰ সোণৰ আ-অলংকাৰ…

লখিমপুৰত মাত্ৰ ৮ টা দিনত অবিশ্বাস্য বৃষ্টিপাত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ মে': প্ৰবল আৰু নেৰানেপেৰা বৰষুণে ৰাজ্যত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে লখিমপুৰত যোৱা ৮ টা দিনত অবিশ্বাস্য পৰিমাণৰ বৰষুণ হৈছে।আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, উত্তৰ লখিমপুৰে জনোৱা মতে ১-১৯ মে'লৈকে উত্তৰ লখিমপুৰত মুঠ ৩৭৯.২ মিলি মিটাৰ বৰষুণ হয়। ইয়াৰে ১২-১৯ মে'লৈকে ৮ টা দিনত ৩৬৯.৪ মিলি মিটাৰ বৰষুণ হয়। এয়া নিশ্চিতভাবেই অত্যধিক।উল্লেখ্য যে মে মাহটোত লখিমপুৰত স্বাভাৱিক পৰিমাণৰ বৰষুণ হয় ৩৯৯ মিলি মিটাৰ। কিন্তু মাহটো শেষ হবলৈ ১২ দিন বাকী থকা অৱস্থাত ১৯ টা দিনত মুঠ ৩৭৯.২ মিলি মিটাৰ আৰু শেষৰ ৮ টা দিনত…