Browsing Category
অসম
ডলুৰ উচ্ছেদৰ প্ৰতিবাদত তিনিচুকীয়াৰ চাহ বাগিচাত এ চি এম এছৰ ধর্ণা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ মে’ : কাছাৰৰ ডলু চাহ বাগিছাৰ নিৰীহ চাহ শ্ৰমিকৰ কাতৰ আহ্বানক নেওচি উচ্ছেদ চলাই যোৱা আদানি, আম্বানী দৰে পুঁজিপতিৰ পদলেহনকাৰী বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত আজি অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ) এথেলবাৰী চাহ বাগিছাৰ প্ৰাথমিক গোটৰ উদ্যোগত তথা শ্রমিক ৰাইজৰ সহযোগত ধর্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় । এ চি এম এছৰ কেন্দ্রীয় উপ-সভাপতি আৰু পানীতোলা শাখাৰ সম্পাদকৰ দায়িত্বপ্ৰাপ্ত চাবুৱাৰ প্রাক্তন বিধায়ক ৰাজু চাহুৱে কয় যে গ্রীনফিল্ড বিমান বন্দৰ নিৰ্মানৰ নামত দুশ বছৰীয়া চাহ বাগিছাত জে চি বি…
ৰঙানদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ মেঃ লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী থানাৰ অন্তৰ্গত ৰঙানদীত আজি বিয়লি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। নাওবৈচাৰ নভগনীয়া গাঁৱৰ সমীপত ৰঙানদীৰ পানী যুঁৱলিত এই অচিনাক্ত মৃতদেহটো উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। প্ৰায় ৪০ উৰ্দ্ধৰ লংপেন্ট-চাৰ্ট পৰিহিত, বগা ৰঙৰ এই লোকজনৰ মুখত যথেষ্ট পৰিমানৰ দাৰি থকা লোকজনক বাতৰি লিখা পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই। নাওবৈচা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ৭২ ঘন্টাৰ বাবে সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিছে। অচিনাক্ত লোকজনৰ কেনেদৰে মৃত্যু হ’ল সেই কথা এতিয়াও পোহৰলৈ…
ধেমাজিত শোৱনি কোঠাৰপৰা চোৰে নিলে নগদ ধন-সোণৰ অলংকাৰ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ২০ মে’ :
ধেমাজিত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে চোৰৰ উপদ্ৰৱ । ৰাতিৰ কথা বাদেই দিন দুপৰতে চোৰে অভিযান চলাই লুটি নিছে নগদ ধন আৰু মূল্যবান সম্পদ । এনে চোৰ বিচাৰি আৰক্ষী সন্দিহান হৈ থকাৰ সময়তে যোৱানিশা ধেমাজি নগৰৰ এঘৰ মানুহৰ শোৱনি কোঠাৰ পৰাই লৈ গ’ল নগদ ধন আৰু সোণৰ আ-অলংকাৰ । ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় এক কিল’মিটাৰ নিলগৰ ৩নং ৱাৰ্ডৰ কলেজ তিনিআলিৰ নিবাসী উমেশ খাণ্ডেলীয়াৰ ঘৰত যোৱা নিশা চোৰে লুটপাত চলায় । ঘৰৰ পিছফালৰ গ্ৰীল খুলি সোমোৱা চোৰে নগদ দুই লাখ পঞ্চাশ হাজাৰ টকাসহ প্ৰায় চাৰি লাখ টকাৰ সোণৰ আ-অলংকাৰ…
লখিমপুৰত মাত্ৰ ৮ টা দিনত অবিশ্বাস্য বৃষ্টিপাত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ মে':
প্ৰবল আৰু নেৰানেপেৰা বৰষুণে ৰাজ্যত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে লখিমপুৰত যোৱা ৮ টা দিনত অবিশ্বাস্য পৰিমাণৰ বৰষুণ হৈছে।আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, উত্তৰ লখিমপুৰে জনোৱা মতে ১-১৯ মে'লৈকে উত্তৰ লখিমপুৰত মুঠ ৩৭৯.২ মিলি মিটাৰ বৰষুণ হয়। ইয়াৰে ১২-১৯ মে'লৈকে ৮ টা দিনত ৩৬৯.৪ মিলি মিটাৰ বৰষুণ হয়। এয়া নিশ্চিতভাবেই অত্যধিক।উল্লেখ্য যে মে মাহটোত লখিমপুৰত স্বাভাৱিক পৰিমাণৰ বৰষুণ হয় ৩৯৯ মিলি মিটাৰ। কিন্তু মাহটো শেষ হবলৈ ১২ দিন বাকী থকা অৱস্থাত ১৯ টা দিনত মুঠ ৩৭৯.২ মিলি মিটাৰ আৰু শেষৰ ৮ টা দিনত…
মাজুলীত ভাৰত চৰকাৰৰ পথ পৰিৱহণ মন্ত্ৰালয়ৰ মুখ্য কাৰ্যবাহী অভিযন্তা ইউ চি কাত্তাৰ
মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণ স্থলীৰ পৰা পৰাণজ্যোতি বৰা,মাজুলী ২০ মে':
আজি মাজুলী-যোৰহাট দলং নিৰ্মাণ স্থলীত দলংখনত হোৱা বিসংগতি পৰিদৰ্শনৰ কৰে চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয়ৰ জ'ন ৫ ৰ মুখ্য কাৰ্যবাহী অভিযন্তা ইউ চি কাত্তাৰে।দলংখনৰ খুটা নিৰ্মাণত হোৱা বিসংগতি পৰ্যবেক্ষণ কৰি সাংবাদিকৰ আগত অভিযন্তাজনে কয় দলঙৰ কামৰ ক্ষেত্ৰত কোম্পানীৰ লগত কোনো কম্পমাইচ নকৰে চৰকাৰে। লগতে কয়- প্ৰয়োজন হলে বিসংগতি হোৱা খুটা দুটা ভাঙি পুনৰ নিৰ্মাণ কৰা হ'ব।কাৰিকৰী বিসংগতি চাই প্ৰতিবেদন ভাৰত চৰকাৰৰ হাতত দিয়া হব বুলি উল্লেখ কৰি সেই প্ৰতিবেদন মৰ্মে পুনৰ দলং…
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ২২ জনীয়া প্ৰথমখন তালিকা প্ৰকাশ কংগ্ৰেছৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ মে' : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৮ জুনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে ২২ জনীয়া প্ৰথমখন তালিকা। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। তেওঁ কয় যে কংগ্ৰেছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৬ টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব। বাকী চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম শীঘ্ৰেই ঘোষণা কৰা হ'ব। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলে এককভাৱে অৱতীৰ্ণ হ'ব বুলি উল্লেখ কৰি…
বিৰল চেঙেলী গোম উদ্ধাৰ(ভি ডি অ’ আছে)
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ মে':
লখিমপুৰ জিলাৰ ঘিলামৰা তিনি আলিত আজি এটা বিৰল প্ৰজাতিৰ চেঙেলী গোম (Indu-Chinese Rat Snake সাপ উদ্ধাৰ হয়। উদ্ধাৰকাৰী তথা প্ৰকৃতিপ্ৰেমী যুৱক ত্ৰিবেণী ৰঞ্জন গগৈয়ে জনোৱা মতে সাপটো এখন ফলমূলৰ দোকানত আছিল। সৰ্প সজাগতা তথা সৰ্প উদ্ধাৰত বিশেষ ভাবে পাৰদৰ্শী গগৈয়ে বিষহীন সাপটো উদ্ধাৰ কৰাৰ সময়ত প্ৰয়োজনীয় আহিলা নাছিল বাবে সাপটো হাতেৰে ধৰিব লগা হয় আৰু সেই সময়তে চেঙেলী গোমটোৱে তেঁওক আঙুলিত কামোৰে।বিষহীন সাপ বাবেই তেঁওৰ আঘাত গুৰুতৰ নহয় বুলি জনাইছে।আনহাতে উদ্ধাৰ কৰা সাপটো এই অঞ্চলত প্ৰাপ্ত প্ৰথমটো…
মাজুলীত জল জীৱন আঁচনিৰ তিনিদিনীয়া প্ৰশিক্ষণ
শতাব্দ প্ৰতিনিধি,মাজুলী,১৯ মেঃ মাজুলী জিলাৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত বনগাঁও ঔদ্যোগিক প্ৰতিষ্ঠানত জল জীৱন আঁচনিৰ ভূমি দাতাসকলৰ তিনিদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হৈছে।জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মাজুলী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কুমুদ ৰঞ্জন হাজৰীকাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা প্ৰশিক্ষণৰ শুভাৰম্ভণী সভাখনৰ উদ্বোধন কৰে মাজুলীৰ বিধায়ক ভুৱন গামে।অলকেশ গগৈয়ে আঁতধৰা সভাখনত মাজুলীৰ উপায়ুক্ত পুলক মহন্ত উপস্থিত থাকি জল জীৱন আঁচনিৰ জৰিয়তে মাজুলীৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী ব্যৱস্থা হৈছে বুলি উল্লেখ কৰে।এই প্ৰশিক্ষণৰ মুঠ ৯৩ গৰাকীয়ে…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় হিচাপ বিদ্যা দিৱস পালন
শতাব্দ প্রতিনিধি, লখিমপুৰ, ১৯ মেঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি আন্তঃৰাষ্ট্ৰীয় হিচাপ বিদ্যা দিৱস পালন কৰা হয়। সেই উদ্দেশ্যে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ হিচাপ বিদ্যা বিভাগৰ উদ্যোগত আজি এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। এই কাৰ্যসূচী উদ্ধোধন কৰে অধ্যক্ষ ড° লোহিত হাজৰিকাই। হিচাপ বিদ্যা বিভাগৰ অধ্যাপক ড° দিগন্ত কুমাৰ দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে চাৰ্টাদ একাউন্টেন তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মনীশ ৰাথীয়ে। অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হিচাপ বিদ্যাৰ প্ৰয়োগৰ…
মাৰ্ঘেৰিটাৰ টিককত কয়লা খনন
শতাব্দ প্রতিনিধি, তিনিচুকীয়া, ১৯ মেঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ টিককত চলি থকা কয়লা খনন সন্দৰ্ভত উপায়ুক্তৰ পৰা জবাব বিচাৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । উল্লেখ্য যে দিহিং পাটকাইৰ শালেকী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধ কয়লা খননক লৈ উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ উপৰি এই সন্দৰ্ভত বিভিন্ন পক্ষই দাখিল কৰিছিল কেইবাখনো ৰাজহুৱা স্বাৰ্থজনিত আবেদন (পি আই এল)। ইয়াৰে মঙ্গলবাৰে অনুষ্ঠিত শুনানিত উচ্চতম ন্যায়ালয় আৰু পৰিবেশ মন্ত্ৰালয়ৰ নীতি, নিৰ্দেশনাৰ বিৰুদ্ধে তিনিচুকীয়াৰ উপায়ুক্তই টিকক সম্প্ৰসাৰণ অ’ চি পিত কয়লা খননৰ অনুমতি প্ৰদান…
