Browsing Category
অসম
মাজুলীত ভাৰত চৰকাৰৰ পথ পৰিৱহণ মন্ত্ৰালয়ৰ মুখ্য কাৰ্যবাহী অভিযন্তা ইউ চি কাত্তাৰ
মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণ স্থলীৰ পৰা পৰাণজ্যোতি বৰা,মাজুলী ২০ মে':
আজি মাজুলী-যোৰহাট দলং নিৰ্মাণ স্থলীত দলংখনত হোৱা বিসংগতি পৰিদৰ্শনৰ কৰে চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয়ৰ জ'ন ৫ ৰ মুখ্য কাৰ্যবাহী অভিযন্তা ইউ চি কাত্তাৰে।দলংখনৰ খুটা নিৰ্মাণত হোৱা বিসংগতি পৰ্যবেক্ষণ কৰি সাংবাদিকৰ আগত অভিযন্তাজনে কয় দলঙৰ কামৰ ক্ষেত্ৰত কোম্পানীৰ লগত কোনো কম্পমাইচ নকৰে চৰকাৰে। লগতে কয়- প্ৰয়োজন হলে বিসংগতি হোৱা খুটা দুটা ভাঙি পুনৰ নিৰ্মাণ কৰা হ'ব।কাৰিকৰী বিসংগতি চাই প্ৰতিবেদন ভাৰত চৰকাৰৰ হাতত দিয়া হব বুলি উল্লেখ কৰি সেই প্ৰতিবেদন মৰ্মে পুনৰ দলং…
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ২২ জনীয়া প্ৰথমখন তালিকা প্ৰকাশ কংগ্ৰেছৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ মে' : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৮ জুনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে ২২ জনীয়া প্ৰথমখন তালিকা। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। তেওঁ কয় যে কংগ্ৰেছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৬ টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব। বাকী চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম শীঘ্ৰেই ঘোষণা কৰা হ'ব। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলে এককভাৱে অৱতীৰ্ণ হ'ব বুলি উল্লেখ কৰি…
বিৰল চেঙেলী গোম উদ্ধাৰ(ভি ডি অ’ আছে)
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ মে':
লখিমপুৰ জিলাৰ ঘিলামৰা তিনি আলিত আজি এটা বিৰল প্ৰজাতিৰ চেঙেলী গোম (Indu-Chinese Rat Snake সাপ উদ্ধাৰ হয়। উদ্ধাৰকাৰী তথা প্ৰকৃতিপ্ৰেমী যুৱক ত্ৰিবেণী ৰঞ্জন গগৈয়ে জনোৱা মতে সাপটো এখন ফলমূলৰ দোকানত আছিল। সৰ্প সজাগতা তথা সৰ্প উদ্ধাৰত বিশেষ ভাবে পাৰদৰ্শী গগৈয়ে বিষহীন সাপটো উদ্ধাৰ কৰাৰ সময়ত প্ৰয়োজনীয় আহিলা নাছিল বাবে সাপটো হাতেৰে ধৰিব লগা হয় আৰু সেই সময়তে চেঙেলী গোমটোৱে তেঁওক আঙুলিত কামোৰে।বিষহীন সাপ বাবেই তেঁওৰ আঘাত গুৰুতৰ নহয় বুলি জনাইছে।আনহাতে উদ্ধাৰ কৰা সাপটো এই অঞ্চলত প্ৰাপ্ত প্ৰথমটো…
মাজুলীত জল জীৱন আঁচনিৰ তিনিদিনীয়া প্ৰশিক্ষণ
শতাব্দ প্ৰতিনিধি,মাজুলী,১৯ মেঃ মাজুলী জিলাৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত বনগাঁও ঔদ্যোগিক প্ৰতিষ্ঠানত জল জীৱন আঁচনিৰ ভূমি দাতাসকলৰ তিনিদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হৈছে।জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মাজুলী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কুমুদ ৰঞ্জন হাজৰীকাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা প্ৰশিক্ষণৰ শুভাৰম্ভণী সভাখনৰ উদ্বোধন কৰে মাজুলীৰ বিধায়ক ভুৱন গামে।অলকেশ গগৈয়ে আঁতধৰা সভাখনত মাজুলীৰ উপায়ুক্ত পুলক মহন্ত উপস্থিত থাকি জল জীৱন আঁচনিৰ জৰিয়তে মাজুলীৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী ব্যৱস্থা হৈছে বুলি উল্লেখ কৰে।এই প্ৰশিক্ষণৰ মুঠ ৯৩ গৰাকীয়ে…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় হিচাপ বিদ্যা দিৱস পালন
শতাব্দ প্রতিনিধি, লখিমপুৰ, ১৯ মেঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি আন্তঃৰাষ্ট্ৰীয় হিচাপ বিদ্যা দিৱস পালন কৰা হয়। সেই উদ্দেশ্যে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ হিচাপ বিদ্যা বিভাগৰ উদ্যোগত আজি এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। এই কাৰ্যসূচী উদ্ধোধন কৰে অধ্যক্ষ ড° লোহিত হাজৰিকাই। হিচাপ বিদ্যা বিভাগৰ অধ্যাপক ড° দিগন্ত কুমাৰ দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে চাৰ্টাদ একাউন্টেন তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মনীশ ৰাথীয়ে। অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হিচাপ বিদ্যাৰ প্ৰয়োগৰ…
মাৰ্ঘেৰিটাৰ টিককত কয়লা খনন
শতাব্দ প্রতিনিধি, তিনিচুকীয়া, ১৯ মেঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ টিককত চলি থকা কয়লা খনন সন্দৰ্ভত উপায়ুক্তৰ পৰা জবাব বিচাৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । উল্লেখ্য যে দিহিং পাটকাইৰ শালেকী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধ কয়লা খননক লৈ উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ উপৰি এই সন্দৰ্ভত বিভিন্ন পক্ষই দাখিল কৰিছিল কেইবাখনো ৰাজহুৱা স্বাৰ্থজনিত আবেদন (পি আই এল)। ইয়াৰে মঙ্গলবাৰে অনুষ্ঠিত শুনানিত উচ্চতম ন্যায়ালয় আৰু পৰিবেশ মন্ত্ৰালয়ৰ নীতি, নিৰ্দেশনাৰ বিৰুদ্ধে তিনিচুকীয়াৰ উপায়ুক্তই টিকক সম্প্ৰসাৰণ অ’ চি পিত কয়লা খননৰ অনুমতি প্ৰদান…
অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী-অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বোধেশ্বৰ শইকীয়াৰ দেহাৱসান
শতাব্দ প্রতিনিধি,মাজুলী,১৯ মেঃ মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বোধেশ্বৰ শইকীয়াৰ আজি পুৱা নিজা বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে।মাজুলীৰ কমলপুৰ গাঁৱৰ নিবাসী, অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰৰ নিৰৱ সাধক শইকীয়া কিছুদিন ধৰি অসুস্থ হৈ আছিল। ৬৮ বছৰ বয়সত মৃত্যুক আঁকোৱালি লোৱা শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে কমলাবাৰী অঞ্চলৰ লগতে মাজুলীৰ বিভিন্ন ঠাইত শোকৰ ছাঁ পৰে। মাজুলীৰ বিভিন্ন দল-সংগঠন তথা অগনণ গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত শেষ কৃত্য সমাপন কৰা হয়। অতি…
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৫ লাখ হিতাধিকাৰিলৈ গৃহৰ আবণ্টন আৰু পুঁজি প্ৰদান
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৯ মেঃ যোৰহাটৰ কছাৰী ময়দানত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ৫ লাখ হিতাধিকাৰিলৈ গৃহৰ আবণ্টন আৰু পুঁজি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ১২ গৰাকী হিতাধিকাৰিক ধনাদেশ পত্ৰ প্ৰদান কৰি এই আঁচনিৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীসকলক প্ৰথম কিস্তি প্ৰদানৰ কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং। ভাষণ প্ৰসংগত তেওঁ কয় যে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত আজি অসমৰ পাঁচ লাখ দহ হাজাৰ হিতাধিকাৰীৰ ঘৰ নিৰ্মাণৰ…
নাওবৈচাত ক্ষুধাৰ্থ বন্যাৰ্তই জ্বলালে ভৰত নৰহৰ পুত্তলিকা
শতাব্দ প্রতিনিধি,লখিমপুৰ,১৯ মেঃ লখিমপুৰত অব্যাহত আছে ধাৰাষাৰ বৰষুণ। নেৰানেপেৰা বৰষুণৰ বাবে জিলাখনত স্তব্ধ হৈ পৰিছে জনজীৱন। জিলাখনৰ প্ৰধান নদী বিশেষকৈ ৰঙানদী, সোৱণশিৰি, ডিক্ৰং, গাভৰু শিঙৰা আদি নদীসমূহ উফন্দি উঠিছে। জিলাখনত হোৱা বানৰ ফলত প্ৰায় ৭০খন গাঁও প্লাবিত হৈ পৰিছে। প্ৰায় ৮ শ হেক্টৰ কৃষিপথাৰ সম্প্ৰতি বানত বুৰ গৈছে।জিলাখনৰ সকলোবোৰ ৰবি শস্য বানত বিধৱস্ত হৈ পৰিছে। ইফালে নাওবৈচা বিধানসভা সমষ্টিৰ প্ৰায় দহ খন গাঁও প্লাবিত হৈছে দুটা কৈ শিবিৰত শতাধিক পৰিয়ালে আশ্ৰয় ল'ব লগা হৈছে। বহু লোকৰ ঘৰ দুৱাৰ বানত বুৰ গৈছে যদিও নাওবৈচা…
সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ বাৰ্ষিক সমাৰোহ আৰম্ভ
শতাব্দ প্ৰতিনিধি, যোৰহাট ,১৯ মেঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ বাৰ্ষিক সমাৰোহ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত অনুষ্ঠিত সমাৰোহখনি আজি পুৱা মুকলি কৰে উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই। শুভাৰম্ভনি বক্তব্যত তেখেতে কয় যে সামূহিক ভাৱধাৰা, শৃংখলাবদ্ধতা আৰু নিয়মানুবৰ্তিতাৰে কাম কৰি ভৱিষ্যতৰ জীৱন গঢ়াৰ দিশত যত্নবান হ'ব লাগে। প্ৰত্যেকজনে পাঠ্যক্ৰমৰ উপৰিও সহপাঠ্যক্ৰমিক ক্ষেত্ৰতো সমানে ব্যুৎপত্তি অৰ্জন কৰি আগবাঢ়ি যাব পাৰিলে কৃতকাৰ্যতাৰ পথত…
