Browsing Category

অসম

অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী-অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বোধেশ্বৰ শইকীয়াৰ দেহাৱসান

শতাব্দ প্রতিনিধি,মাজুলী,১৯ মেঃ মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বোধেশ্বৰ শইকীয়াৰ আজি পুৱা নিজা বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে।মাজুলীৰ কমলপুৰ গাঁৱৰ নিবাসী, অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰৰ নিৰৱ সাধক শইকীয়া কিছুদিন ধৰি অসুস্থ হৈ আছিল। ৬৮ বছৰ বয়সত মৃত্যুক আঁকোৱালি লোৱা শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে কমলাবাৰী অঞ্চলৰ লগতে মাজুলীৰ বিভিন্ন ঠাইত শোকৰ ছাঁ পৰে। মাজুলীৰ বিভিন্ন দল-সংগঠন তথা অগনণ গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত শেষ কৃত্য সমাপন কৰা হয়। অতি…

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ  ৫ লাখ হিতাধিকাৰিলৈ গৃহৰ আবণ্টন আৰু পুঁজি প্ৰদান

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৯ মেঃ যোৰহাটৰ কছাৰী ময়দানত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ৫ লাখ হিতাধিকাৰিলৈ গৃহৰ আবণ্টন আৰু পুঁজি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ১২ গৰাকী হিতাধিকাৰিক ধনাদেশ পত্ৰ প্ৰদান কৰি এই আঁচনিৰ শুভাৰম্ভ কৰে।  প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীসকলক প্ৰথম কিস্তি প্ৰদানৰ কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং।  ভাষণ প্ৰসংগত তেওঁ কয় যে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত আজি অসমৰ পাঁচ লাখ দহ হাজাৰ হিতাধিকাৰীৰ ঘৰ নিৰ্মাণৰ…

নাওবৈচাত ক্ষুধাৰ্থ বন্যাৰ্তই  জ্বলালে ভৰত নৰহৰ পুত্তলিকা

শতাব্দ প্রতিনিধি,লখিমপুৰ,১৯ মেঃ লখিমপুৰত অব্যাহত আছে ধাৰাষাৰ বৰষুণ। নেৰানেপেৰা বৰষুণৰ বাবে জিলাখনত স্তব্ধ হৈ পৰিছে জনজীৱন। জিলাখনৰ প্ৰধান নদী বিশেষকৈ ৰঙানদী, সোৱণশিৰি, ডিক্ৰং, গাভৰু শিঙৰা আদি নদীসমূহ উফন্দি উঠিছে। জিলাখনত হোৱা বানৰ ফলত প্ৰায় ৭০খন গাঁও প্লাবিত হৈ পৰিছে। প্ৰায় ৮ শ হেক্টৰ কৃষিপথাৰ সম্প্ৰতি বানত বুৰ গৈছে।জিলাখনৰ সকলোবোৰ ৰবি শস্য বানত বিধৱস্ত হৈ পৰিছে। ইফালে নাওবৈচা বিধানসভা সমষ্টিৰ প্ৰায় দহ খন গাঁও প্লাবিত হৈছে দুটা কৈ শিবিৰত শতাধিক পৰিয়ালে আশ্ৰয় ল'ব লগা হৈছে। বহু লোকৰ ঘৰ দুৱাৰ বানত বুৰ গৈছে যদিও নাওবৈচা…

সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ বাৰ্ষিক সমাৰোহ আৰম্ভ

শতাব্দ প্ৰতিনিধি, যোৰহাট ,১৯ মেঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ বাৰ্ষিক সমাৰোহ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত অনুষ্ঠিত সমাৰোহখনি আজি পুৱা মুকলি কৰে উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই। শুভাৰম্ভনি বক্তব্যত তেখেতে কয় যে সামূহিক ভাৱধাৰা, শৃংখলাবদ্ধতা আৰু নিয়মানুবৰ্তিতাৰে  কাম কৰি ভৱিষ্যতৰ জীৱন গঢ়াৰ দিশত যত্নবান হ'ব লাগে। প্ৰত্যেকজনে পাঠ্যক্ৰমৰ উপৰিও সহপাঠ্যক্ৰমিক ক্ষেত্ৰতো সমানে ব্যুৎপত্তি অৰ্জন কৰি আগবাঢ়ি যাব পাৰিলে কৃতকাৰ্যতাৰ পথত…

পূৱ তেলাহীত সোৱণশিৰিৰ খহনীয়াত জাহ গ’ল ছটা পৰিয়ালৰ বাসগৃহ

শতাব্দ প্রতিনিধি, লখিমপুৰ, ১৯ মেঃ বানৰ সমান্তৰালকৈ লখিমপুৰ জিলাত সোৱণশিৰিৰ খহনীয়াৰ তাণ্ডৱ অব্যাহত আছে। বৃহত্তৰ তেলাহী মৌজাৰ পূৱ তেলাহীত এতিয়া সোৱণশিৰি নদীয়ে প্রচণ্ড গৰাখহনীয়াৰ সৃষ্টি কৰাত ছটা পৰিয়ালৰ বাসগৃহ চলিত সপ্তাহত সোৱণশিৰিৰ বুকুত জাহ যোৱাৰ পিছত আৰু প্ৰায় কুৰিটা পৰিয়ালৰ বাসগৃহ জাহ যোৱাৰ উপক্রম ঘটিছে। ইতিমধ্যে সোৱণশিৰিৰ খহনীয়াই পূব তেলাহীত জয়ন্ত দলে, দাসী পেণ্ড, সীতাৰাম দলে, বুচিৰি দলে, কৃষ্ণ দলে, বিৰিঞ্চি দলে আৰু বিষ্ণুৰাম পেণ্ডৰ বাসগৃহ নিঃশেষ কৰি পেলায়। উল্লেখ্য যে পুৱ তেলাহীৰ এছেৰেকটা মহৰিচুক আৰু গোৱালবাৰীত…

লখিমপুৰত হেণ্ডকাপ সহ আদালতৰ পৰা পলায়নৰ চেষ্টা ড্ৰাগছ ব্যৱসায়ীৰ

শতাব্দ প্রতিনিধি, লখিমপুৰ ১৯ মেঃ সমগ্র ৰাজ্যখনত আৰক্ষীয়ে ড্রাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে লখিমপুৰতো লখিমপুৰ আৰক্ষীয়ে ভালেসংখ্যক ড্ৰাগছ ব্যবসায়ী আৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। তেনে সময়তে আজি লখিমপুৰ আদালতৰ পৰা এটা ড্ৰাগছ ব্যৱসায়ীয়ে পলাবলৈ চেষ্টা কৰা ঘটনাই আদালতত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়। প্রাপ্ত তথ্য অনুসৰি ১৮ মেত জিলাখনৰ চিলনীবাৰী আৰক্ষীয়ে অজয় সোণোৱাল নামৰ ড্ৰাগছ পেডেলাৰ এজনক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি আন দুজনৰ লগত অজয় সোণোৱালকো আদালতত থিয় কৰাবলৈ আনে। এনে সময়তে অজয় সোণোৱালে আৰক্ষীৰ চকুত ধুলি…

তেজপুৰত কৃত্ৰিম বানৰ ভয়ংকৰ ৰূপ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯মে’: তেজপুৰৰ প্ৰাকৃতিক হোলাসমূহ যিসকল লোকে অবৈধ ভাবে দখল কৰি আছে তথা এনে বেদখলিকৃত অঞ্চলত যি নিৰ্মাণকাৰ্য চলাইছে সেয়া নিশ্চিত ভাবে উচ্ছেদ কৰা হ’ব। আজি তেজপুৰ পৌৰ সভাৰ নৱনিৰ্বাচিত পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে সৌন্দৰ্য নগৰী তেজপুৰক অনাগত পাঁচবছৰৰ ভিতৰত উন্নয়নৰ ক্ষেত্ৰত এক পৰ্যালয়লৈ নিয়াৰ সংকল্পৰে তেজপুৰ পৌৰসভাৰ দায়িত্ব গ্ৰহণ কৰা হৈছে আৰু এনে স্থলত প্ৰাকৃতিক ভাবে যিসমূহ জলাসয়ৰে বৰষুণৰ অতিৰিক্ত পানী নিস্কাসন হয় তেনে স্থান সমূহত অবৈধ ভাবে দখল…

ৰাজ্যিক যোগ অলিম্পিয়াডৰ বাবে লখিমপুৰ জিলা দল গঠন

ৰাজ্যিক যোগ অলিম্পিয়াডৰ বাবে লখিমপুৰ জিলা দল গঠনউত্তৰ লখিমপুৰ, ১৯ মে':  ৰাজ্যিক শিক্ষা আৰু গৱেষণা পৰিষদ অসমৰ নিৰ্দেশনাক্ৰমে লখিমপুৰ জিলাৰ আজাদস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া ৰাজ্যিক পৰ্য্যায়ৰ যোগ অলিম্পিয়াডৰ বাবে লখিমপুৰ জিলাৰ চৰকাৰী বিদ্যালয়ৰ উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জিলাভিত্তিক যোগৰ এক প্ৰশিক্ষণ তথা জিলা দলটো নিৰ্বাচন সুকলমে সম্পন্ন কৰা হয়। উচ্চ প্ৰাথমিক ল’ৰা আৰু ছোৱালী শাখাত ক্ৰমে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ মুঠ ২২ জন ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা…

অ’ এন জি চিৰ ভুৱা বিষয়া ৰাণা পগাগক মাজুলীত মাৰাথান জেৰা

শতাব্দ প্ৰতিনিধি,মাজুলী,১৮ মে': মাজুলীত ৰাণা পগাগক মাৰাথান জেৰা আৰক্ষীৰ।নগাঁৱৰ পৰা মঙ্গল বাবে মাজুলীলৈ অনা পগাগক আজি মাজুলী আৰক্ষীয়ে আদালতত হাজিৰ কৰে।অ' এন জি চিৰ বিষয়া হিচাপে অসমৰ বিভিন্ন প্ৰান্তত নিজকে চিনাকি দি বিভিন্ন মহলত ঠিকা আৰু অন্যান্য সংস্থাপনেৰে প্ৰলোভিত কৰি বিভিন্ন স্থানত বিভিন্ন ব্যক্তিৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰি নিজ ভাবি পত্নীয়ে তৰা গোচৰৰ ভিত্তিত জেলৰ ভাত খাবলৈ সক্ষম হোৱা প্ৰবঞ্চক ৰাণা পগাগৰ বিৰুদ্ধে মাজুলীৰ তিনি এগৰাকী ব্যৱসায়ী ক্ৰমে ৰাম অৱতাৰ শৰ্মাৰ,অজিত বৰা আৰু ৰঞ্জন কুটুমে পৃথকে তিনিটাকৈ গোচৰ ৰুজু…