Browsing Category

অসম

ডলুৰ উচ্ছেদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদেৰে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয় কঁপালে আটছাই

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ মে’ : কাছাৰ জিলাৰ ডলু চাহ বাগিছাৰ উচ্ছেদৰ বিৰুদ্ধে আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আটছাৰ জিলা সমিতিয়ে । হাতে হাতে তেওঁলোকৰ দাবী সম্বলিত বেনাৰ, প্লেকাৰ্ড লৈ আটছাৰ বহু সংখ্যক কৰ্মীয়ে বিভিন্ন শ্ল’গান দি কঁপাই তোলে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়। চাহ শ্ৰমিকৰ এনে বিপদৰ সময়ত চাহ জনগোষ্ঠীয় নেতা, বিধায়ক, মন্ত্ৰী, সাংসদসকলে নিৰৱ ভুমিকা গ্ৰহণ কৰাত তীব্ৰ ক্ষোভ উজাৰি তেওঁলোকক ধিক্কাৰ দিয়াৰ লগতে চাহ শ্ৰমিকৰ হকে মাত মাতিবলৈ আটছাই দাবী জনায় । প্ৰতিবাদকাৰীসকলে চৰকাৰক…

তিনিচুকীয়াত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ মে’ : তিনিচুকীয়া চহৰৰ হিজুগুৰী এলেকাৰ উৰণীয়া সেঁতুৰ সমীপত আজি পুনৰ সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । জানিব পৰা মতে ৰে’লৱে গুডছ্ য়াৰ্ডৰ পৰা সামগ্ৰী কঢ়িয়াই অনা এ এছ ০১ ইউ ৮৫৯৫ নম্বৰৰ এখন ট্ৰাকে এজন পথচাৰীক মহটিয়াই নিয়ে । দুৰ্ঘটনাৰ পাছত উক্ত স্থানত উপস্থিত হোৱা হিজুগুৰী আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিজনক অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইফালে দূৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাক এৰি পলায়ন কৰে চালকজনে । দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিজন হিজুগুৰীৰ মা কালি হোটেলৰ কৰ্মচাৰী বুলি স্থানীয় ৰাইজে জানিবলৈ…

তেজপুৰত পুনৰ ড্ৰাগছ সহ কৰায়ত্ত দুই সৰবৰাহকাৰী

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮মে’: তেজপুৰত কালি মাতৃ পুত্ৰসহ মুঠ তিনিজনক ড্ৰাগছ সৰবৰাহ তথা বিক্ৰী কৰাৰ অভিযোগত তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত যোৱা নিশা পুনৰ আৰক্ষীয়ে আন এক ড্ৰাগছ বিৰোধী অভিযানত সফলতা লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে,যোৱা নিশা স্থানীয় বৰঘাট আৰক্ষীয়ে তেজপুৰ নগাঁও সংযোগী কলিয়াভোমোৰা দলঙত চলোৱা তালাচী অভিযানত ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে,নগাঁৱৰ ৰূপহীৰ পৰা এ এছ ১২-৮৫৩৩ নম্বৰৰ চাৰিচকীয়া বাহনত তেজপুৰলৈ আহি থকা অৱস্থাত কলীয়াভোমোৰা দলঙত আৰক্ষীৰ জালত পৰে তেজপুৰ চটাই…

সদ্য নিযুক্তি প্ৰাপ্ত বিশ গৰাকী যুৱক-যুৱতীক অভিনন্দন

শতাব্দ প্ৰতিনিধি, যোৰহাট ,১৭ মে:  উত্তৰ পশ্চিম যোৰহাটৰ এক বিশেষ অঞ্চলৰ একাংশ  যুৱক-যুৱতীয়ে অসম চৰকাৰৰ যিকোনো চাকৰি ওলালেই পাৰদৰ্শিতাৰ বলত বছৰি নিযুক্তি লাভ কৰি আহিছে। বিশেষকৈ অঞ্চলতোৰ সকাইখঙীয়া, উজনিখঙীয়া,এলেংমৰা, খুটীয়াপোতাকে ধৰি গাঁওসমূহৰ যুৱক-যুৱতী এই ক্ষেত্ৰত উৎকৃষ্ট নিদৰ্শন। উল্লেখ্য, অসম চৰকাৰৰ দ্বাৰা সদ্যনিযুক্তি প্ৰাপ্ত অসম আৰক্ষীৰ কনিষ্টবলকে ধৰি বিভিন্ন বিভাগত সমগ্ৰ অঞ্চলৰ বহু সংখ্যকে নিযুক্তি লাভ কৰাৰ উপৰিও টেট উত্তীৰ্ণ বহু জনে লাভ কৰিছে নিযুক্তি।বালিগাঁও মৌজাৰ অন্তৰ্গত প্ৰায় কুৰি গৰাকী যুৱক-যুৱতীও এই নিযুক্তিৰ…

 তেজপুৰত ৰাষ্ট্ৰীয় পথৰ ওপৰৰে বাগৰিল পানী

শতাব্দ প্ৰতিনিধি, তেজপুৰ ,১৭মে’: ৰাজ্যজুৰি বানৰ সংহাৰ অব্যাহত থকাৰ সময়তে তেজপুৰৰ বিভিন্ন অঞ্চল পৰিছে বানৰ কবলত। ইতিমধ্যে ঘগৰা আৰু ডিপোতা নৈৰ বাঢ়নি পানীয়ে বাঁহবাৰী আৰু বিহগুৰি  মৌজাৰ বহু অঞ্চল প্লাবিত কৰিছে। যোৱা নিশাৰে পৰা তেজপুৰৰ বিহগুৰি অঞ্চলত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰ ওপৰৰে পানী বাগৰিবলৈ আৰম্ভ কৰে। ইতিমধ্যে গাভৰুকে ধৰি বিভিন্ন নৈ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাত বৰছলা সমষ্টি অন্তৰ্গত আন বহু অঞ্চলৰ প্ৰতি ভাবুকী বৃদ্ধি পাইছে। উল্লেখযোগ্য যে,ইতিমধ্যে বিহগুৰিত একাধিক বিদ্যালয় জলমগ্ন হৈ পৰিছে। অঞ্চলটোৰ বিহগুৰি উচ্চতৰ মাধ্যমিক…

মথাউৰি ভঙাক লৈ তৎপৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ মঙ্গলদৈৰ শাকতোলা মথাউৰি পৰিদৰ্শন

শতাব্দ প্ৰতিনিধি, মঙ্গলদৈ, ১৭ মে’: দৰং জিলাৰ মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত বৰ আঠিয়াবাৰীৰ শাকতোলা নদীৰ বাওঁফালৰ মথাউৰিৰ প্ৰায় ১২ মিটাৰ অংশ পুৱতি নিশা নদীৰ ধলে খহাই নিয়াৰ খবৰ পাই অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ততাতৈয়াকৈ আজি অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। প্ৰবল বৰষুণৰ ফলত হঠাৎ নদীৰ ধলে পুৱতি নিশা শাকতোলা নদীৰ মথাউৰি ভাঙি কাষৰীয়া অঞ্চলত বানপানীৰ সৃষ্টি কৰি সমস্যাৰ সৃষ্টি কৰাত বিশেষভাৱে চিন্তিত হৈ মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত ভগ্ন মথাউৰিৰ অংশ পৰিদৰ্শন কৰি পানী কম হোৱাৰ লগে লগে সাময়িক…

বাক্সাৰ বৰমাত পুষ্টিহীনতাত ভোগা শিশুক লৈ সমাজকল্যান বিভাগৰ স্বাস্থ্য শিবিৰ

শতাব্দ প্ৰতিনিধি,বাক্সা ,১৭ মেঃ পুষ্টিহীনতাত আৰু মধ্যমীয়া পুষ্টিহীনতাত ভোগা শিশুসকলক লৈ বাক্সাৰ বৰমা মহাবিদ্যালয়ত অনুষ্ঠিত হয় এক স্বাস্থ্য শিবিৰ । বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত আৰু  সমাজ কল্যাণ বিভাগৰ সহযোগত স্নেহস্পৰ্শ প্ৰকল্পৰ লগত সংগতি ৰাখি সোমবাৰে বৰমা মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই শিবিৰ । অত্যাধিক আৰু মধ্যমীয়া পুষ্টিহীনতাত ভোগা পাঁচ বছৰৰ   শিশুসকলৰ স্বাস্থ্য শিবিৰ তথা সজাগতা সভাত অসমৰ মুখ্যসচিব জীষ্ণু বৰুৱা উপস্থিত থাকি শিশুসকলৰ ওজন নিৰূপনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে । পুষ্টিহীনতাত…

তিনিটা দিনে বন্ধ মাজুলী নিমাতী সংযোগী সকলো ফেৰী সেৱা

শতাব্দ প্ৰতিনিধি,মাজুলী,১৭মেঃ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ১৫ মে'ৰ পৰা যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলা প্ৰশাসনে পুনৰ আদেশ নিদিয়া পৰ্যন্ত মাজুলী- নিমাতী ফেৰী সেৱা বন্ধ ৰাখিছে। এই ফেৰী সেৱা আজি তিনিটা দিনে বন্ধ হৈ আছে।যাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ পৰা বিভিন্ন কামত যোৰহাটলৈ অহা যোৱা কৰা যাত্ৰীসকলৰ মাজত এক প্ৰকাৰে হাহাকাৰ সৃষ্টি হৈছে।কিয়নো জল পথৰে কম সময়ৰ ভিতৰত মাজুলীৰ পৰা দক্ষিণ দিশৰ লগত কম খৰছত যাতায়াতৰ মাধ্যম এই ফেৰী সেৱা।এই ফেৰী সেৱা বন্ধ হৈ থকাত যাত্ৰী লগতে মাজুলীলৈ…

গুণোৎসৱ – ২০২২ ৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলাত ব্যাপক প্ৰস্তুতি

উত্তৰ লখিমপুৰ, ১৭ মে': অসম চৰকাৰৰ শিক্ষা বিভাগৰ তত্ত্বাৱধানত ৰাজ্যখনত ইতিমধ্যে আৰম্ভ হোৱা গুণোৎসৱ - ২০২২ ৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলাতো ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। গুণোৎসৱ তৃতীয় পৰ্যায়ত চলিত বৰ্ষৰ জুন মাহৰ ১ তাৰিখে বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন হ'ব আৰু ২, ৩ আৰু ৪ তাৰিখে বৰ্হি মূল্যায়কৰ দ্বাৰা মল্যায়ন হ'ব। ইতিমধ্যে ৭'মেৰ পৰা ১১ মে'লৈ জিলাখনৰ পাচঁটাকৈ স্থান ক্ৰমে খেৰাজখাট মহাবিদ্যালয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়, বিহপুৰীয়া একাডেমী, নৰ্মাল স্কুল ঢকুৱাখনা, ঘিলামৰা টাউন হাইস্কুলত জিলাখনৰ বাবে আৰু চুবুৰীয়া জিলাৰ বাবে দৰকাৰ হোৱা…

ৰাজ্যৰ ৫.১০ লাখ হিতাধিকাৰীয়ে লাভ কৰিব পি এম এ ৱাই জিৰ গৃহ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ মে' : প্রধানমন্ত্রী আৱাস যােজনা গ্রামীণৰ অধীনত ১৯ মে'ত ৰাজ্যখনৰ ৫ লাখ ১০ হেজাৰ হিতাধিকাৰীক গৃহ আবণ্টন পত্ৰ আৰু প্রথম কিস্তিৰ পুঁজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। এই উপলক্ষে সিদিনা পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ উদ্যোগত যােৰহাটৰ কৰ্ট ফিল্ডত আয়ােজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি আৰু কেন্দ্রীয় চৰকাৰৰ গ্রামােন্নয়ন আৰু পঞ্চায়তীৰাজ বিভাগৰ মন্ত্রী গিৰিৰাজ সিঙে সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব। এই কথা সদৰি কৰে পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ…