Browsing Category

অসম

পূৱ তেলাহীত সোৱণশিৰিৰ খহনীয়াত জাহ গ’ল ছটা পৰিয়ালৰ বাসগৃহ

শতাব্দ প্রতিনিধি, লখিমপুৰ, ১৯ মেঃ বানৰ সমান্তৰালকৈ লখিমপুৰ জিলাত সোৱণশিৰিৰ খহনীয়াৰ তাণ্ডৱ অব্যাহত আছে। বৃহত্তৰ তেলাহী মৌজাৰ পূৱ তেলাহীত এতিয়া সোৱণশিৰি নদীয়ে প্রচণ্ড গৰাখহনীয়াৰ সৃষ্টি কৰাত ছটা পৰিয়ালৰ বাসগৃহ চলিত সপ্তাহত সোৱণশিৰিৰ বুকুত জাহ যোৱাৰ পিছত আৰু প্ৰায় কুৰিটা পৰিয়ালৰ বাসগৃহ জাহ যোৱাৰ উপক্রম ঘটিছে। ইতিমধ্যে সোৱণশিৰিৰ খহনীয়াই পূব তেলাহীত জয়ন্ত দলে, দাসী পেণ্ড, সীতাৰাম দলে, বুচিৰি দলে, কৃষ্ণ দলে, বিৰিঞ্চি দলে আৰু বিষ্ণুৰাম পেণ্ডৰ বাসগৃহ নিঃশেষ কৰি পেলায়। উল্লেখ্য যে পুৱ তেলাহীৰ এছেৰেকটা মহৰিচুক আৰু গোৱালবাৰীত…

লখিমপুৰত হেণ্ডকাপ সহ আদালতৰ পৰা পলায়নৰ চেষ্টা ড্ৰাগছ ব্যৱসায়ীৰ

শতাব্দ প্রতিনিধি, লখিমপুৰ ১৯ মেঃ সমগ্র ৰাজ্যখনত আৰক্ষীয়ে ড্রাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে লখিমপুৰতো লখিমপুৰ আৰক্ষীয়ে ভালেসংখ্যক ড্ৰাগছ ব্যবসায়ী আৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। তেনে সময়তে আজি লখিমপুৰ আদালতৰ পৰা এটা ড্ৰাগছ ব্যৱসায়ীয়ে পলাবলৈ চেষ্টা কৰা ঘটনাই আদালতত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়। প্রাপ্ত তথ্য অনুসৰি ১৮ মেত জিলাখনৰ চিলনীবাৰী আৰক্ষীয়ে অজয় সোণোৱাল নামৰ ড্ৰাগছ পেডেলাৰ এজনক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি আন দুজনৰ লগত অজয় সোণোৱালকো আদালতত থিয় কৰাবলৈ আনে। এনে সময়তে অজয় সোণোৱালে আৰক্ষীৰ চকুত ধুলি…

তেজপুৰত কৃত্ৰিম বানৰ ভয়ংকৰ ৰূপ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯মে’: তেজপুৰৰ প্ৰাকৃতিক হোলাসমূহ যিসকল লোকে অবৈধ ভাবে দখল কৰি আছে তথা এনে বেদখলিকৃত অঞ্চলত যি নিৰ্মাণকাৰ্য চলাইছে সেয়া নিশ্চিত ভাবে উচ্ছেদ কৰা হ’ব। আজি তেজপুৰ পৌৰ সভাৰ নৱনিৰ্বাচিত পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে সৌন্দৰ্য নগৰী তেজপুৰক অনাগত পাঁচবছৰৰ ভিতৰত উন্নয়নৰ ক্ষেত্ৰত এক পৰ্যালয়লৈ নিয়াৰ সংকল্পৰে তেজপুৰ পৌৰসভাৰ দায়িত্ব গ্ৰহণ কৰা হৈছে আৰু এনে স্থলত প্ৰাকৃতিক ভাবে যিসমূহ জলাসয়ৰে বৰষুণৰ অতিৰিক্ত পানী নিস্কাসন হয় তেনে স্থান সমূহত অবৈধ ভাবে দখল…

ৰাজ্যিক যোগ অলিম্পিয়াডৰ বাবে লখিমপুৰ জিলা দল গঠন

ৰাজ্যিক যোগ অলিম্পিয়াডৰ বাবে লখিমপুৰ জিলা দল গঠনউত্তৰ লখিমপুৰ, ১৯ মে':  ৰাজ্যিক শিক্ষা আৰু গৱেষণা পৰিষদ অসমৰ নিৰ্দেশনাক্ৰমে লখিমপুৰ জিলাৰ আজাদস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া ৰাজ্যিক পৰ্য্যায়ৰ যোগ অলিম্পিয়াডৰ বাবে লখিমপুৰ জিলাৰ চৰকাৰী বিদ্যালয়ৰ উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জিলাভিত্তিক যোগৰ এক প্ৰশিক্ষণ তথা জিলা দলটো নিৰ্বাচন সুকলমে সম্পন্ন কৰা হয়। উচ্চ প্ৰাথমিক ল’ৰা আৰু ছোৱালী শাখাত ক্ৰমে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ মুঠ ২২ জন ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা…

অ’ এন জি চিৰ ভুৱা বিষয়া ৰাণা পগাগক মাজুলীত মাৰাথান জেৰা

শতাব্দ প্ৰতিনিধি,মাজুলী,১৮ মে': মাজুলীত ৰাণা পগাগক মাৰাথান জেৰা আৰক্ষীৰ।নগাঁৱৰ পৰা মঙ্গল বাবে মাজুলীলৈ অনা পগাগক আজি মাজুলী আৰক্ষীয়ে আদালতত হাজিৰ কৰে।অ' এন জি চিৰ বিষয়া হিচাপে অসমৰ বিভিন্ন প্ৰান্তত নিজকে চিনাকি দি বিভিন্ন মহলত ঠিকা আৰু অন্যান্য সংস্থাপনেৰে প্ৰলোভিত কৰি বিভিন্ন স্থানত বিভিন্ন ব্যক্তিৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰি নিজ ভাবি পত্নীয়ে তৰা গোচৰৰ ভিত্তিত জেলৰ ভাত খাবলৈ সক্ষম হোৱা প্ৰবঞ্চক ৰাণা পগাগৰ বিৰুদ্ধে মাজুলীৰ তিনি এগৰাকী ব্যৱসায়ী ক্ৰমে ৰাম অৱতাৰ শৰ্মাৰ,অজিত বৰা আৰু ৰঞ্জন কুটুমে পৃথকে তিনিটাকৈ গোচৰ ৰুজু…

ডলুৰ উচ্ছেদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদেৰে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয় কঁপালে আটছাই

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ মে’ : কাছাৰ জিলাৰ ডলু চাহ বাগিছাৰ উচ্ছেদৰ বিৰুদ্ধে আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আটছাৰ জিলা সমিতিয়ে । হাতে হাতে তেওঁলোকৰ দাবী সম্বলিত বেনাৰ, প্লেকাৰ্ড লৈ আটছাৰ বহু সংখ্যক কৰ্মীয়ে বিভিন্ন শ্ল’গান দি কঁপাই তোলে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়। চাহ শ্ৰমিকৰ এনে বিপদৰ সময়ত চাহ জনগোষ্ঠীয় নেতা, বিধায়ক, মন্ত্ৰী, সাংসদসকলে নিৰৱ ভুমিকা গ্ৰহণ কৰাত তীব্ৰ ক্ষোভ উজাৰি তেওঁলোকক ধিক্কাৰ দিয়াৰ লগতে চাহ শ্ৰমিকৰ হকে মাত মাতিবলৈ আটছাই দাবী জনায় । প্ৰতিবাদকাৰীসকলে চৰকাৰক…

তিনিচুকীয়াত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ মে’ : তিনিচুকীয়া চহৰৰ হিজুগুৰী এলেকাৰ উৰণীয়া সেঁতুৰ সমীপত আজি পুনৰ সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । জানিব পৰা মতে ৰে’লৱে গুডছ্ য়াৰ্ডৰ পৰা সামগ্ৰী কঢ়িয়াই অনা এ এছ ০১ ইউ ৮৫৯৫ নম্বৰৰ এখন ট্ৰাকে এজন পথচাৰীক মহটিয়াই নিয়ে । দুৰ্ঘটনাৰ পাছত উক্ত স্থানত উপস্থিত হোৱা হিজুগুৰী আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিজনক অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইফালে দূৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাক এৰি পলায়ন কৰে চালকজনে । দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিজন হিজুগুৰীৰ মা কালি হোটেলৰ কৰ্মচাৰী বুলি স্থানীয় ৰাইজে জানিবলৈ…

তেজপুৰত পুনৰ ড্ৰাগছ সহ কৰায়ত্ত দুই সৰবৰাহকাৰী

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮মে’: তেজপুৰত কালি মাতৃ পুত্ৰসহ মুঠ তিনিজনক ড্ৰাগছ সৰবৰাহ তথা বিক্ৰী কৰাৰ অভিযোগত তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত যোৱা নিশা পুনৰ আৰক্ষীয়ে আন এক ড্ৰাগছ বিৰোধী অভিযানত সফলতা লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে,যোৱা নিশা স্থানীয় বৰঘাট আৰক্ষীয়ে তেজপুৰ নগাঁও সংযোগী কলিয়াভোমোৰা দলঙত চলোৱা তালাচী অভিযানত ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে,নগাঁৱৰ ৰূপহীৰ পৰা এ এছ ১২-৮৫৩৩ নম্বৰৰ চাৰিচকীয়া বাহনত তেজপুৰলৈ আহি থকা অৱস্থাত কলীয়াভোমোৰা দলঙত আৰক্ষীৰ জালত পৰে তেজপুৰ চটাই…

সদ্য নিযুক্তি প্ৰাপ্ত বিশ গৰাকী যুৱক-যুৱতীক অভিনন্দন

শতাব্দ প্ৰতিনিধি, যোৰহাট ,১৭ মে:  উত্তৰ পশ্চিম যোৰহাটৰ এক বিশেষ অঞ্চলৰ একাংশ  যুৱক-যুৱতীয়ে অসম চৰকাৰৰ যিকোনো চাকৰি ওলালেই পাৰদৰ্শিতাৰ বলত বছৰি নিযুক্তি লাভ কৰি আহিছে। বিশেষকৈ অঞ্চলতোৰ সকাইখঙীয়া, উজনিখঙীয়া,এলেংমৰা, খুটীয়াপোতাকে ধৰি গাঁওসমূহৰ যুৱক-যুৱতী এই ক্ষেত্ৰত উৎকৃষ্ট নিদৰ্শন। উল্লেখ্য, অসম চৰকাৰৰ দ্বাৰা সদ্যনিযুক্তি প্ৰাপ্ত অসম আৰক্ষীৰ কনিষ্টবলকে ধৰি বিভিন্ন বিভাগত সমগ্ৰ অঞ্চলৰ বহু সংখ্যকে নিযুক্তি লাভ কৰাৰ উপৰিও টেট উত্তীৰ্ণ বহু জনে লাভ কৰিছে নিযুক্তি।বালিগাঁও মৌজাৰ অন্তৰ্গত প্ৰায় কুৰি গৰাকী যুৱক-যুৱতীও এই নিযুক্তিৰ…