Browsing Category

অসম

 তেজপুৰত ৰাষ্ট্ৰীয় পথৰ ওপৰৰে বাগৰিল পানী

শতাব্দ প্ৰতিনিধি, তেজপুৰ ,১৭মে’: ৰাজ্যজুৰি বানৰ সংহাৰ অব্যাহত থকাৰ সময়তে তেজপুৰৰ বিভিন্ন অঞ্চল পৰিছে বানৰ কবলত। ইতিমধ্যে ঘগৰা আৰু ডিপোতা নৈৰ বাঢ়নি পানীয়ে বাঁহবাৰী আৰু বিহগুৰি  মৌজাৰ বহু অঞ্চল প্লাবিত কৰিছে। যোৱা নিশাৰে পৰা তেজপুৰৰ বিহগুৰি অঞ্চলত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰ ওপৰৰে পানী বাগৰিবলৈ আৰম্ভ কৰে। ইতিমধ্যে গাভৰুকে ধৰি বিভিন্ন নৈ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাত বৰছলা সমষ্টি অন্তৰ্গত আন বহু অঞ্চলৰ প্ৰতি ভাবুকী বৃদ্ধি পাইছে। উল্লেখযোগ্য যে,ইতিমধ্যে বিহগুৰিত একাধিক বিদ্যালয় জলমগ্ন হৈ পৰিছে। অঞ্চলটোৰ বিহগুৰি উচ্চতৰ মাধ্যমিক…

মথাউৰি ভঙাক লৈ তৎপৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ মঙ্গলদৈৰ শাকতোলা মথাউৰি পৰিদৰ্শন

শতাব্দ প্ৰতিনিধি, মঙ্গলদৈ, ১৭ মে’: দৰং জিলাৰ মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত বৰ আঠিয়াবাৰীৰ শাকতোলা নদীৰ বাওঁফালৰ মথাউৰিৰ প্ৰায় ১২ মিটাৰ অংশ পুৱতি নিশা নদীৰ ধলে খহাই নিয়াৰ খবৰ পাই অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ততাতৈয়াকৈ আজি অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। প্ৰবল বৰষুণৰ ফলত হঠাৎ নদীৰ ধলে পুৱতি নিশা শাকতোলা নদীৰ মথাউৰি ভাঙি কাষৰীয়া অঞ্চলত বানপানীৰ সৃষ্টি কৰি সমস্যাৰ সৃষ্টি কৰাত বিশেষভাৱে চিন্তিত হৈ মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত ভগ্ন মথাউৰিৰ অংশ পৰিদৰ্শন কৰি পানী কম হোৱাৰ লগে লগে সাময়িক…

বাক্সাৰ বৰমাত পুষ্টিহীনতাত ভোগা শিশুক লৈ সমাজকল্যান বিভাগৰ স্বাস্থ্য শিবিৰ

শতাব্দ প্ৰতিনিধি,বাক্সা ,১৭ মেঃ পুষ্টিহীনতাত আৰু মধ্যমীয়া পুষ্টিহীনতাত ভোগা শিশুসকলক লৈ বাক্সাৰ বৰমা মহাবিদ্যালয়ত অনুষ্ঠিত হয় এক স্বাস্থ্য শিবিৰ । বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত আৰু  সমাজ কল্যাণ বিভাগৰ সহযোগত স্নেহস্পৰ্শ প্ৰকল্পৰ লগত সংগতি ৰাখি সোমবাৰে বৰমা মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই শিবিৰ । অত্যাধিক আৰু মধ্যমীয়া পুষ্টিহীনতাত ভোগা পাঁচ বছৰৰ   শিশুসকলৰ স্বাস্থ্য শিবিৰ তথা সজাগতা সভাত অসমৰ মুখ্যসচিব জীষ্ণু বৰুৱা উপস্থিত থাকি শিশুসকলৰ ওজন নিৰূপনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে । পুষ্টিহীনতাত…

তিনিটা দিনে বন্ধ মাজুলী নিমাতী সংযোগী সকলো ফেৰী সেৱা

শতাব্দ প্ৰতিনিধি,মাজুলী,১৭মেঃ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ১৫ মে'ৰ পৰা যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলা প্ৰশাসনে পুনৰ আদেশ নিদিয়া পৰ্যন্ত মাজুলী- নিমাতী ফেৰী সেৱা বন্ধ ৰাখিছে। এই ফেৰী সেৱা আজি তিনিটা দিনে বন্ধ হৈ আছে।যাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ পৰা বিভিন্ন কামত যোৰহাটলৈ অহা যোৱা কৰা যাত্ৰীসকলৰ মাজত এক প্ৰকাৰে হাহাকাৰ সৃষ্টি হৈছে।কিয়নো জল পথৰে কম সময়ৰ ভিতৰত মাজুলীৰ পৰা দক্ষিণ দিশৰ লগত কম খৰছত যাতায়াতৰ মাধ্যম এই ফেৰী সেৱা।এই ফেৰী সেৱা বন্ধ হৈ থকাত যাত্ৰী লগতে মাজুলীলৈ…

গুণোৎসৱ – ২০২২ ৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলাত ব্যাপক প্ৰস্তুতি

উত্তৰ লখিমপুৰ, ১৭ মে': অসম চৰকাৰৰ শিক্ষা বিভাগৰ তত্ত্বাৱধানত ৰাজ্যখনত ইতিমধ্যে আৰম্ভ হোৱা গুণোৎসৱ - ২০২২ ৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলাতো ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। গুণোৎসৱ তৃতীয় পৰ্যায়ত চলিত বৰ্ষৰ জুন মাহৰ ১ তাৰিখে বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন হ'ব আৰু ২, ৩ আৰু ৪ তাৰিখে বৰ্হি মূল্যায়কৰ দ্বাৰা মল্যায়ন হ'ব। ইতিমধ্যে ৭'মেৰ পৰা ১১ মে'লৈ জিলাখনৰ পাচঁটাকৈ স্থান ক্ৰমে খেৰাজখাট মহাবিদ্যালয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়, বিহপুৰীয়া একাডেমী, নৰ্মাল স্কুল ঢকুৱাখনা, ঘিলামৰা টাউন হাইস্কুলত জিলাখনৰ বাবে আৰু চুবুৰীয়া জিলাৰ বাবে দৰকাৰ হোৱা…

ৰাজ্যৰ ৫.১০ লাখ হিতাধিকাৰীয়ে লাভ কৰিব পি এম এ ৱাই জিৰ গৃহ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ মে' : প্রধানমন্ত্রী আৱাস যােজনা গ্রামীণৰ অধীনত ১৯ মে'ত ৰাজ্যখনৰ ৫ লাখ ১০ হেজাৰ হিতাধিকাৰীক গৃহ আবণ্টন পত্ৰ আৰু প্রথম কিস্তিৰ পুঁজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। এই উপলক্ষে সিদিনা পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ উদ্যোগত যােৰহাটৰ কৰ্ট ফিল্ডত আয়ােজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি আৰু কেন্দ্রীয় চৰকাৰৰ গ্রামােন্নয়ন আৰু পঞ্চায়তীৰাজ বিভাগৰ মন্ত্রী গিৰিৰাজ সিঙে সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব। এই কথা সদৰি কৰে পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ…

শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু দিৱসত আৱক্ষ মূৰ্তি উন্মোচনেৰে গোলাঘাট মিডিয়া ফ’ৰামৰ গভীৰ শ্ৰদ্ধাঞ্জলি

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ১৭ মেঃ অসমৰ এগৰাকী আপোচহীন বলিষ্ঠ সাংবাদিক, জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসৰ ২৭ সংখ্যক মৃত্যু দিৱসৰ দিনটোত তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদনেৰে গোলাঘাট মিডিয়া ফ'ৰামে আজি গোলাঘাট নগৰৰ প্ৰমোদাভিৰাম উদ্যানত স্থাপন কৰা সাংবাদিক গৰাকীৰ এটি আবক্ষ মূৰ্তি উন্মোচন কৰে। স্থানীয় বিধায়ক উন্নয়ন পুঁজিৰে গোলাঘাট মিডিয়া ফ'ৰামৰ উদ্যোগত নিৰ্মাণ কৰা এই আবক্ষ মূৰ্তি বিধায়ক তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ হৈ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই । মাল্যাৰ্পণ কৰে বিশিষ্ট সমাজকৰ্মী…

প্ৰতিকূল পৰিস্থিতিঃ স্থগিত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ মে' : ৰাজ্যজুৰি বান আৰু ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতিৰ বাবে অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননী জাৰি কৰিছে। জাননী অনুসৰি ৰ‍াজ্যজুৰি দেখা দিয়া প্ৰাকৃতিক দুৰ্যোগৰ বাবে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত কৰা হৈছে। আনহাতে পৰৱৰ্তী ঘোষণা নকৰা পৰ্যন্ত পৰীক্ষা অনুষ্ঠিত নহয় বুলি সংসদৰ জাননীত উল্লেখ কৰা হৈছে। উল্লেখ যে ১৮ মে'ৰ পৰা ২১ মে'লৈ অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰা হৈছে। ইফালে…

ভয়াৱহ বান আৰু ভূমিস্খলনৰ বাবে ২৯ খন ৰে’লৰ যাত্রা বাতিল

শেহতীয়া বান আৰু ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতিৰ বাবে আংশিকভাৱে ১১খন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। আনহাতে সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে ১৮খন ৰে’লৰ যাত্ৰা। নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে ভয়ংকৰ ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰেল আৰু ঘাইপথেৰে যাতায়াত ব্যাহত হৈ পৰিছে। ডিমা হাচাওত হোৱা ভয়াৱহ ভূমিস্খলন-বানৰ বাবে ব্যাহত হৈ পৰিছে ৰে’লসেৱা।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ মে' : প্ৰকৃতিৰ ভয়াৱহ ৰোষৰ সন্মুখীন হৈছে ৰাজ্য। বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা নৈ-উপনৈসমূহৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ভিন্ন অঞ্চল ।…

কৰ্ম সংস্থাপন প্ৰয়াসীৰ বাবে বিচিত্ৰ ডেকাই গঢ়িছে কমাৰশাল–জ্ঞানম

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৬ মেঃ তেজপুৰৰ এগৰাকী উদ্যমী শিক্ষিত যুৱক । এই যুৱক গৰাকীয়ে ২০১৮ চনতেই গঢ়ি তোলা ‘‘জ্ঞানম কচিং চেন্টাৰ " নামৰ এক অনুষ্ঠানৰ জৰিয়তে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে বৰ্তমানলৈকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ডেৰশ যুৱক-যুৱতীৰ চৰকাৰী চাকৰি নিশ্চিত কৰি আৰ্থিক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰি তোলা ঘটনাই আশাৰ সঞ্চাৰ কৰা পৰিলক্ষিত হৈছে । নিজৰ এই পাঠদান অনুষ্ঠানত শিক্ষাৰ্থীসকলক যিকোনো চৰকাৰী চাকৰিৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰাকৈ তাত্বিক দিশ আৰু শাৰীৰিক শিক্ষা সমানে প্ৰদান কৰি শিক্ষাৰ্থী সকলক পাৰদৰ্শী কৰি তোলা…