Browsing Category

অসম

শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু দিৱসত আৱক্ষ মূৰ্তি উন্মোচনেৰে গোলাঘাট মিডিয়া ফ’ৰামৰ গভীৰ শ্ৰদ্ধাঞ্জলি

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ১৭ মেঃ অসমৰ এগৰাকী আপোচহীন বলিষ্ঠ সাংবাদিক, জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসৰ ২৭ সংখ্যক মৃত্যু দিৱসৰ দিনটোত তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদনেৰে গোলাঘাট মিডিয়া ফ'ৰামে আজি গোলাঘাট নগৰৰ প্ৰমোদাভিৰাম উদ্যানত স্থাপন কৰা সাংবাদিক গৰাকীৰ এটি আবক্ষ মূৰ্তি উন্মোচন কৰে। স্থানীয় বিধায়ক উন্নয়ন পুঁজিৰে গোলাঘাট মিডিয়া ফ'ৰামৰ উদ্যোগত নিৰ্মাণ কৰা এই আবক্ষ মূৰ্তি বিধায়ক তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ হৈ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই । মাল্যাৰ্পণ কৰে বিশিষ্ট সমাজকৰ্মী…

প্ৰতিকূল পৰিস্থিতিঃ স্থগিত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ মে' : ৰাজ্যজুৰি বান আৰু ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতিৰ বাবে অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননী জাৰি কৰিছে। জাননী অনুসৰি ৰ‍াজ্যজুৰি দেখা দিয়া প্ৰাকৃতিক দুৰ্যোগৰ বাবে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত কৰা হৈছে। আনহাতে পৰৱৰ্তী ঘোষণা নকৰা পৰ্যন্ত পৰীক্ষা অনুষ্ঠিত নহয় বুলি সংসদৰ জাননীত উল্লেখ কৰা হৈছে। উল্লেখ যে ১৮ মে'ৰ পৰা ২১ মে'লৈ অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰা হৈছে। ইফালে…

ভয়াৱহ বান আৰু ভূমিস্খলনৰ বাবে ২৯ খন ৰে’লৰ যাত্রা বাতিল

শেহতীয়া বান আৰু ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতিৰ বাবে আংশিকভাৱে ১১খন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। আনহাতে সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে ১৮খন ৰে’লৰ যাত্ৰা। নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে ভয়ংকৰ ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰেল আৰু ঘাইপথেৰে যাতায়াত ব্যাহত হৈ পৰিছে। ডিমা হাচাওত হোৱা ভয়াৱহ ভূমিস্খলন-বানৰ বাবে ব্যাহত হৈ পৰিছে ৰে’লসেৱা।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ মে' : প্ৰকৃতিৰ ভয়াৱহ ৰোষৰ সন্মুখীন হৈছে ৰাজ্য। বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা নৈ-উপনৈসমূহৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ভিন্ন অঞ্চল ।…

কৰ্ম সংস্থাপন প্ৰয়াসীৰ বাবে বিচিত্ৰ ডেকাই গঢ়িছে কমাৰশাল–জ্ঞানম

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৬ মেঃ তেজপুৰৰ এগৰাকী উদ্যমী শিক্ষিত যুৱক । এই যুৱক গৰাকীয়ে ২০১৮ চনতেই গঢ়ি তোলা ‘‘জ্ঞানম কচিং চেন্টাৰ " নামৰ এক অনুষ্ঠানৰ জৰিয়তে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে বৰ্তমানলৈকে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ডেৰশ যুৱক-যুৱতীৰ চৰকাৰী চাকৰি নিশ্চিত কৰি আৰ্থিক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰি তোলা ঘটনাই আশাৰ সঞ্চাৰ কৰা পৰিলক্ষিত হৈছে । নিজৰ এই পাঠদান অনুষ্ঠানত শিক্ষাৰ্থীসকলক যিকোনো চৰকাৰী চাকৰিৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰাকৈ তাত্বিক দিশ আৰু শাৰীৰিক শিক্ষা সমানে প্ৰদান কৰি শিক্ষাৰ্থী সকলক পাৰদৰ্শী কৰি তোলা…

যোৰহাটত কৰ্মযোগী মুখ্যেশ্বৰ শইকীয়াৰ স্মাৰক বক্তৃতা

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৬ মে' : "অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ মানৱ কল্যাণৰ সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘক জগত সভাত প্ৰতিষ্ঠা কৰাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অনবদ্য অৱদান আগবঢ়াইছিল । এই গৰাকী অসমৰ সুযোগ্য সন্তানক শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই প্ৰতিটো খোজতে শ্ৰদ্ধাৰে সুঁৱৰি আহিছে। " - আজি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উদ্যোগত আৰু যোৰহাট জিলা শাখাৰ ব্যৱস্থাপনাত জিলা শাখাৰ নামঘৰত অনুষ্ঠিত " কৰ্মযোগী মুখ্যেশ্বৰ শইকীয়াৰ " স্মাৰক বক্তৃতা অনুষ্ঠানটো উদ্বোধন কৰি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ…

নগাঁৱত প্ৰাচীন মুদ্ৰা উদ্ধাৰ

নগাঁও জিলাৰ বটদ্ৰৱাৰ কুজি সত্ৰৰ কুজিবিলৰ পাৰত বনুৱাই কাম কৰি থকা অৱস্থাত মাটিৰ তলত এই প্ৰাচীন মুদ্ৰাসমূহ লাভ কৰে। এটা ধাতুৰ পাত্ৰৰ ভিতৰত ১৫ টা মুদ্ৰা আছিল। প্ৰাচীন মুদ্ৰাসমূহ নৱম শতিকাৰ  বুলি ঠাৱৰ কৰা হৈছে।

তেজপুৰৰ প্ৰতিভাশালী উপাসনালৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচৰ স্বীকৃতি

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৬মে’: তেজপুৰৰ মাজগাঁও হাতভগা চুবুৰী নিবাসী তথা ইঞ্চপায়াৰ একাডেমিৰ একাদশ শ্ৰেণীৰ প্ৰতিভাশালী ছাত্ৰী উপাসনা কলিতাই তেওঁৰ পাৰদৰ্শিতাৰ বলত নিজৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে তেওঁ পাঁচবিধ লোকবাদ্য বাদনৰে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে, যোৱা ১১ এপ্ৰিলত তেওঁ ৰাজ্যৰ পাঁচবিধ লোকবাদ্য ঢোল, খোল, নাগাৰা, গগনা আৰু সুতুলি বজাই প্ৰদৰ্শন কৰাৰ পাছত আজি উপাসনাক তেওঁৰ পাৰদৰ্শিতাৰ বাবে তেওঁৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত ২২ এপ্ৰিলত অন্তৰ্ভুক্তিৰ বিষয়ে…

মাজুলী-যোৰহাট সংযোগী দলঙৰ বিসংগতিপূৰ্ণ নিৰ্মাণক লৈ মাজুলী জিলা ছাত্ৰ সন্থাৰ নাগৰিক সভা

শতাব্দ প্ৰতিনিধি,মাজুলী,১৬ মে': মাজুলী-যোৰহাট সংযোগী নিৰ্মীয়মাণ দলঙৰ খুঁটা বিসংগতিৰে নিৰ্মাণ কৰা ফলস্বৰূপে দলঙৰ খুঁটাত বৃহৎ ফাট ধৰা পৰাত মাজুলীত তীব্র প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।নিৰ্মীয়মাণ দলঙৰ দুটা খুটাত বিসংগতি দেখাৰ লগে লগে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই তৎপৰতাৰে মাজুলীৰ সমূহ সংগঠন আৰু ৰাইজক একত্ৰিত কৰি আজি মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন নাগৰিক সভা অনুষ্ঠিত কৰে । জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক বিতোপন শৰ্মাই । বক্তব্য প্ৰসংগত আছুৰ…

ব্ৰহ্মপুত্ৰত হ’ব বিশ্বমানৰ ক্ৰুজ পৰ্যটন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ মে' : ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই ব্যক্তিগত কোম্পানীৰ সৈতে দুখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ লগে লগে ব্ৰহ্মপুত্ৰত ক্ৰুজ পৰ্যটনৰ সূচনা হৈছে। ১৪ আৰু ১৫ মে'ত দুদিনীয়াকৈ মুম্বাইত অনুষ্ঠিত ইনক্ৰিডিবল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ক্ৰুজ কনফাৰেন্সত এই চুক্তিসমূহ স্বাক্ষৰ কৰা হয়। ভাৰত-বাংলাদেশ প্ৰট’কল ৰুটৰ অধীনত কলকাতা হৈ বাৰাণসী (উত্তৰ প্ৰদেশ) আৰু বগীবিল (ডিব্ৰুগড়, অসম)ৰ মাজত ৰিভাৰ ক্ৰুজৰ বাবে IWAI আৰু অন্তৰা লাক্সাৰী ৰিভাৰ ক্ৰুজৰ মাজত আৰু কলকাতা হৈ বাৰাণসী আৰু বগীবিলৰ মাজত IWAI আৰু জে এম বাক্সি…