Browsing Category

অসম

যোৰহাটত কৰ্মযোগী মুখ্যেশ্বৰ শইকীয়াৰ স্মাৰক বক্তৃতা

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৬ মে' : "অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ মানৱ কল্যাণৰ সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘক জগত সভাত প্ৰতিষ্ঠা কৰাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অনবদ্য অৱদান আগবঢ়াইছিল । এই গৰাকী অসমৰ সুযোগ্য সন্তানক শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই প্ৰতিটো খোজতে শ্ৰদ্ধাৰে সুঁৱৰি আহিছে। " - আজি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উদ্যোগত আৰু যোৰহাট জিলা শাখাৰ ব্যৱস্থাপনাত জিলা শাখাৰ নামঘৰত অনুষ্ঠিত " কৰ্মযোগী মুখ্যেশ্বৰ শইকীয়াৰ " স্মাৰক বক্তৃতা অনুষ্ঠানটো উদ্বোধন কৰি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ…

নগাঁৱত প্ৰাচীন মুদ্ৰা উদ্ধাৰ

নগাঁও জিলাৰ বটদ্ৰৱাৰ কুজি সত্ৰৰ কুজিবিলৰ পাৰত বনুৱাই কাম কৰি থকা অৱস্থাত মাটিৰ তলত এই প্ৰাচীন মুদ্ৰাসমূহ লাভ কৰে। এটা ধাতুৰ পাত্ৰৰ ভিতৰত ১৫ টা মুদ্ৰা আছিল। প্ৰাচীন মুদ্ৰাসমূহ নৱম শতিকাৰ  বুলি ঠাৱৰ কৰা হৈছে।

তেজপুৰৰ প্ৰতিভাশালী উপাসনালৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচৰ স্বীকৃতি

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৬মে’: তেজপুৰৰ মাজগাঁও হাতভগা চুবুৰী নিবাসী তথা ইঞ্চপায়াৰ একাডেমিৰ একাদশ শ্ৰেণীৰ প্ৰতিভাশালী ছাত্ৰী উপাসনা কলিতাই তেওঁৰ পাৰদৰ্শিতাৰ বলত নিজৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে তেওঁ পাঁচবিধ লোকবাদ্য বাদনৰে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে, যোৱা ১১ এপ্ৰিলত তেওঁ ৰাজ্যৰ পাঁচবিধ লোকবাদ্য ঢোল, খোল, নাগাৰা, গগনা আৰু সুতুলি বজাই প্ৰদৰ্শন কৰাৰ পাছত আজি উপাসনাক তেওঁৰ পাৰদৰ্শিতাৰ বাবে তেওঁৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত ২২ এপ্ৰিলত অন্তৰ্ভুক্তিৰ বিষয়ে…

মাজুলী-যোৰহাট সংযোগী দলঙৰ বিসংগতিপূৰ্ণ নিৰ্মাণক লৈ মাজুলী জিলা ছাত্ৰ সন্থাৰ নাগৰিক সভা

শতাব্দ প্ৰতিনিধি,মাজুলী,১৬ মে': মাজুলী-যোৰহাট সংযোগী নিৰ্মীয়মাণ দলঙৰ খুঁটা বিসংগতিৰে নিৰ্মাণ কৰা ফলস্বৰূপে দলঙৰ খুঁটাত বৃহৎ ফাট ধৰা পৰাত মাজুলীত তীব্র প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।নিৰ্মীয়মাণ দলঙৰ দুটা খুটাত বিসংগতি দেখাৰ লগে লগে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই তৎপৰতাৰে মাজুলীৰ সমূহ সংগঠন আৰু ৰাইজক একত্ৰিত কৰি আজি মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন নাগৰিক সভা অনুষ্ঠিত কৰে । জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক বিতোপন শৰ্মাই । বক্তব্য প্ৰসংগত আছুৰ…

ব্ৰহ্মপুত্ৰত হ’ব বিশ্বমানৰ ক্ৰুজ পৰ্যটন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ মে' : ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই ব্যক্তিগত কোম্পানীৰ সৈতে দুখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ লগে লগে ব্ৰহ্মপুত্ৰত ক্ৰুজ পৰ্যটনৰ সূচনা হৈছে। ১৪ আৰু ১৫ মে'ত দুদিনীয়াকৈ মুম্বাইত অনুষ্ঠিত ইনক্ৰিডিবল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ক্ৰুজ কনফাৰেন্সত এই চুক্তিসমূহ স্বাক্ষৰ কৰা হয়। ভাৰত-বাংলাদেশ প্ৰট’কল ৰুটৰ অধীনত কলকাতা হৈ বাৰাণসী (উত্তৰ প্ৰদেশ) আৰু বগীবিল (ডিব্ৰুগড়, অসম)ৰ মাজত ৰিভাৰ ক্ৰুজৰ বাবে IWAI আৰু অন্তৰা লাক্সাৰী ৰিভাৰ ক্ৰুজৰ মাজত আৰু কলকাতা হৈ বাৰাণসী আৰু বগীবিলৰ মাজত IWAI আৰু জে এম বাক্সি…

অনলাইনত চলিছে অসমৰ দুষ্প্ৰাপ্য অৰ্কিডৰ কলা বেহা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ মে’ : অসমৰ একাংশ অকৰ্মণ্য বন বিষয়াৰ জ্ঞাতাসাৰেই বৃহৎ পৰিসৰত মুকলিকৈ চলি আছে বনজ সম্পদৰ চোৰাং বেহা । বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ সম্পূৰ্ণৰূপে উলংঘা কৰি এটা দুষ্ট চক্ৰই অনলাইনযোগে চলাই আছে অসমৰ দুষ্প্ৰাপ্য অৰ্কিডৰ কলা বেহা । এইক্ষেত্ৰত বন বিভাগে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি অহাৰ বিপৰীতে দা অৰ্কিড ছ’চাইটি অৱ ইষ্টাৰ্ন হিমালয়াৰ (আছাম চাৰ্কোল) তৰফৰ পৰা তিনিচুকীয়া সদৰ থানাত তথ্যসহ দাখিল কৰা হৈছে এখন এজাহাৰ । দা অৰ্কিড ছ’চাইটি অৱ ইষ্টাৰ্ন হিমালয়াৰ (আছাম চাৰ্কোল) মুখ্য উপদেষ্টা তথা বিশিষ্ট অৰ্কিড…

বিশ্বতে বিৰল ! লোহা নোহোৱাকৈ নিৰ্মাণ কৰা তেজপুৰৰ পকী দলংখন তিনি মাহতে ভাগিল

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬মে’: সম্ভৱত বিশ্বতে বিৰল ! লোহা নোহোৱাকৈ নিৰ্মাণ কৰিছিল এখন পকী দলং। ঠিকাদাৰে এই বিৰল নিৰ্মাণ কাৰ্যক লৈ গীনিজ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰিলেহেঁতেন যদিও সেই কথা গুপুতে ৰাখিছিল। কিন্তু দলংখন ভাগি পৰাতহে কমিছনৰ নামত চলি থকা দুৰ্নীতি পোহৰলৈ আহিল। তেজপুৰত গড়কাপ্তানি বিভাগত চলিছে তিনি শতাংশ কমিছনৰ অংক । পৰিণতিত এতিয়া বিভাগীয় বিভিন্ন নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ হোৱা বুলি ৰাজহুৱা অভিযোগ উঠিছে । উল্লেখযোগ্য যে, আজি তেজপুৰৰ নিকটৱৰ্তী পিঠাখোৱা লিখক গাঁও আৰু ১৫নম্বৰ ৰাষ্ট্ৰীয় পথ সংযোগী এখন পকী দলং…

ফাটবিহুতলী  সংস্কৃতিৰ ভূস্বৰ্গঃ নিৰঞ্জন গোস্বামী

ফাটবিহুতলী  সংস্কৃতিৰ ভূস্বৰ্গ- নিৰঞ্জন গোস্বামীঃ ফাটবিহুলৈ প্ৰতি বছৰে ২৫ লাখ টকাৰ অনুদান চৰকাৰঃ ঢকুৱাখনাবাসীয়ে  স্বাৱলম্বিতা আৰু কৰ্মসংস্কৃতিৰে অণুকৰণীয়  আদৰ্শ দেখুৱাইছে - অভিনেতা প্ৰাঞ্জল শইকীয়া ঢকুৱাখনা,১৫ মে': মই এমাহ ছুটী লৈ অসমৰ বিভিন্ন ঠাইৰ বিহু উপভোগ কৰি আহিছোঁ । কিন্তু ঢকুৱাখনাৰ ফাটবিহুৰ দৰে সুশৃংখলিত, পৰিশীলিত আৰু আধুনিকতাৰ অকণো প্ৰভাৱ নপৰা বিহু অসমৰ ক'তো দেখা নাই । যিসকলে বিহু বিকৃত হৈছে বুলি অভিযোগ আনে তেওঁলোকক মই ফাটবিহু চাবলৈ আহ্বান জনাইছোঁ। ফাটবিহুত বিহুৰ প্ৰকৃত ৰূপ দেখা পোৱা যায়। ইয়াক কোনেও বিকৃত হোৱাৰ …