Browsing Category

অসম

অনলাইনত চলিছে অসমৰ দুষ্প্ৰাপ্য অৰ্কিডৰ কলা বেহা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ মে’ : অসমৰ একাংশ অকৰ্মণ্য বন বিষয়াৰ জ্ঞাতাসাৰেই বৃহৎ পৰিসৰত মুকলিকৈ চলি আছে বনজ সম্পদৰ চোৰাং বেহা । বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ সম্পূৰ্ণৰূপে উলংঘা কৰি এটা দুষ্ট চক্ৰই অনলাইনযোগে চলাই আছে অসমৰ দুষ্প্ৰাপ্য অৰ্কিডৰ কলা বেহা । এইক্ষেত্ৰত বন বিভাগে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি অহাৰ বিপৰীতে দা অৰ্কিড ছ’চাইটি অৱ ইষ্টাৰ্ন হিমালয়াৰ (আছাম চাৰ্কোল) তৰফৰ পৰা তিনিচুকীয়া সদৰ থানাত তথ্যসহ দাখিল কৰা হৈছে এখন এজাহাৰ । দা অৰ্কিড ছ’চাইটি অৱ ইষ্টাৰ্ন হিমালয়াৰ (আছাম চাৰ্কোল) মুখ্য উপদেষ্টা তথা বিশিষ্ট অৰ্কিড…

বিশ্বতে বিৰল ! লোহা নোহোৱাকৈ নিৰ্মাণ কৰা তেজপুৰৰ পকী দলংখন তিনি মাহতে ভাগিল

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬মে’: সম্ভৱত বিশ্বতে বিৰল ! লোহা নোহোৱাকৈ নিৰ্মাণ কৰিছিল এখন পকী দলং। ঠিকাদাৰে এই বিৰল নিৰ্মাণ কাৰ্যক লৈ গীনিজ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰিলেহেঁতেন যদিও সেই কথা গুপুতে ৰাখিছিল। কিন্তু দলংখন ভাগি পৰাতহে কমিছনৰ নামত চলি থকা দুৰ্নীতি পোহৰলৈ আহিল। তেজপুৰত গড়কাপ্তানি বিভাগত চলিছে তিনি শতাংশ কমিছনৰ অংক । পৰিণতিত এতিয়া বিভাগীয় বিভিন্ন নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ হোৱা বুলি ৰাজহুৱা অভিযোগ উঠিছে । উল্লেখযোগ্য যে, আজি তেজপুৰৰ নিকটৱৰ্তী পিঠাখোৱা লিখক গাঁও আৰু ১৫নম্বৰ ৰাষ্ট্ৰীয় পথ সংযোগী এখন পকী দলং…

ফাটবিহুতলী  সংস্কৃতিৰ ভূস্বৰ্গঃ নিৰঞ্জন গোস্বামী

ফাটবিহুতলী  সংস্কৃতিৰ ভূস্বৰ্গ- নিৰঞ্জন গোস্বামীঃ ফাটবিহুলৈ প্ৰতি বছৰে ২৫ লাখ টকাৰ অনুদান চৰকাৰঃ ঢকুৱাখনাবাসীয়ে  স্বাৱলম্বিতা আৰু কৰ্মসংস্কৃতিৰে অণুকৰণীয়  আদৰ্শ দেখুৱাইছে - অভিনেতা প্ৰাঞ্জল শইকীয়া ঢকুৱাখনা,১৫ মে': মই এমাহ ছুটী লৈ অসমৰ বিভিন্ন ঠাইৰ বিহু উপভোগ কৰি আহিছোঁ । কিন্তু ঢকুৱাখনাৰ ফাটবিহুৰ দৰে সুশৃংখলিত, পৰিশীলিত আৰু আধুনিকতাৰ অকণো প্ৰভাৱ নপৰা বিহু অসমৰ ক'তো দেখা নাই । যিসকলে বিহু বিকৃত হৈছে বুলি অভিযোগ আনে তেওঁলোকক মই ফাটবিহু চাবলৈ আহ্বান জনাইছোঁ। ফাটবিহুত বিহুৰ প্ৰকৃত ৰূপ দেখা পোৱা যায়। ইয়াক কোনেও বিকৃত হোৱাৰ …

বিপদ সীমাৰ ওপৰেৰে বৈছে বৰাকসহ উপনৈ সমুহ

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৫ মে: ধাৰাষাৰ বৰষুণৰ ফলত বৰাকসহ তাৰ উপনৈ সমুহ ওফন্দি উঠাত উপত্যকাৰ তিনিও খন জিলাত ঠায়ে ঠায়ে প্লাৱিত হৈছে। বিশেষকৈ কাছাৰ জিলাৰ বহু অঞ্চল বানৰ কবলত পৰি ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলাখনৰ কাঠিগড়া বিধানসভা সমষ্টিৰ বিস্তৃৰণ এলেকাত বানপানীয়ে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। সমষ্টিটোৰ ভাৰত বাংলাদেশ সীমান্তৰ বিভিন্ন এলেকা পানীত বুৰ গৈছে। বানত বুৰ গৈছে সীমান্ত সুৰক্ষা বাহিনীৰ কেইবাখনো চকী।পীননগৰ,বাটাৰচক,মহাদেবপুৰ,সীমান্ত চকী সুৰমা নৈৰ বাঢ়নী পানীৰ কবলত পৰি বুৰ গৈছে। ফলত এই চকীসমুহ ওচৰৰ…

ৰঙানদীত নীপকোৱে এৰিলে পানী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ মে : লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত প্রায় এসপ্তাহ ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। ইফালে ৰঙানদীত নীপকোৱে ২০০ মিলি মিটাৰ পানী এৰাৰ ফলত নামনিত পানীৰ সোঁত বৃদ্ধি পোৱাৰ লগতে আজি ৰঙানদীৰ বাঢ়নী পানীয়ে চাৰিখনকৈ বাঁহৰ দলং উটুৱাই নিয়াত লখিমপুৰ সদৰৰ লগত বৃহত্তৰ আমতলাবাসীৰ যোগাযোগ বিছিন্ন হৈ পৰিছে। আজি দুপৰীয়াৰ ভাগত ৰঙানদীৰ বক্ষত পানীৰ সোঁত বৃদ্ধি পোৱাৰ ফলত তেলাহী মৌজাৰ পানীগাঁৱৰ দোৱাৰপাৰ, শান্তিপুৰ, জৈনপুৰ আৰু পকাদলৰ মাজত থকা চাৰিখনকৈ বাহৰ দলং…

ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হ’ল মাজুলী-নিমাতী ফেৰী সেৱা

শতাব্দ প্ৰতিনিধি,মাজুলী,১৫ মে': আজি কেইদিনমান ধৰি নেৰানেপেৰে বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিক বাবে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আজি দিনৰ ১২ বজাৰ পৰা যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলা প্ৰশাসনে পুনৰ আদেশ নিদিয়া পৰ্যন্ত মাজুলী- নিমাতী ফেৰী সেৱা বন্ধ ৰাখিছে। পুৱাৰ ভাগত কেইখনমান ফেৰী চলাচল কৰিছিল যদিও নিমাতী ঘাটত যাত্ৰীসকলৰ উঠা নমা কৰাৰ অসুবিধা আৰু ডাৱৰীয়া বতৰ নদীৰ বুকুত কুঁৱলী পৰা লগতে জলপৃষ্ঠ বৃদ্ধি হৈ থকাত দুৰ্ঘটনা হোৱাৰ আশংকা কৰিয়ে এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব দিছে।পুৱাৰ ভাগত যিহেতু নিয়মীয়াকৈ…

তেজপুৰ আৰু বালিপৰাত ছিঙিল পথ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৫মে’: ধাৰাবাহিক বৰষুণৰ পৰিণতিত শোণিতপুৰৰ একাধিক অঞ্চলত বাঢ়নি পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ লগতে পথ আৰু পকী দলঙৰ ক্ষতি সাধন কৰিছে। উল্লেখযোগ্য যে,তেজপুৰৰ নিকটৱৰ্তী অঞ্চল বেটনিঝাৰ আৰু কুকুৰবস্তি ঘগৰা আৰু ডিপোটা নৈৰ বানত বুৰ গৈছে।আজি পুৱা ঘগৰা নৈৰ বানে বেটনিঝাৰ পঞ্চায়তে নিৰ্মাণ কৰা বিন্দুকুৰি সংযোগী পথৰ এচোৱা কুকুৰবস্তি অঞ্চলত ছিঙি নিয়ে।ইয়াৰ পাছতে সমগ্ৰ অঞ্চলটো বানৰ কবলত পৰে।অঞ্চলটোৰ ৩৯টা পৰিয়ালৰ বাসগৃহ বৰ্তমান পানীৰ তলত। আনহাতে বেটনি অঞ্চলতো বাঢ়নি পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ উপৰি…