Browsing Category

অসম

বানপানী : ডিমা হাচাওত ৩ জনৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ মে' : ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীয়ে অসমৰ বিভিন্ন জিলাত বিধ্বংসী ৰূপ লৈছে। কালিলৈকে (১৪ মে') ৰাজ্যখনৰ ভিতৰত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত জিলাসমূহৰ এখন ডিমা হাচাওত কমেও তিনিজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা সংস্থা(ASDMA)ই প্ৰকাশ কৰা আনুষ্ঠানিক বুলেটিনত কোৱা হৈছে যে, ডিমা হাচাও জিলাত বান আৰু ভূমিস্খলনৰ ফলত কমেও তিনিজন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত দুজন পুৰুষ আৰু এগৰাকী মহিলা। ডিমা হাচাওৰ লগতে ধাৰাসাৰ বৰষুণৰ ফলত কাছাৰ, ধেমাজি, হোজাই, কাৰ্বি আংলং পশ্চিম, নগাঁও,…

মানিক সাহা ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী

শতাব্দ বিশেষ প্ৰতিনিধি, ১৪ মে' : বিপ্লৱ কুমাৰ দেৱে হঠাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত আজি সন্ধিয়া আগৰতলাত অনুষ্ঠিত হোৱা বিধায়িনী দলৰ এখন বৈঠকত ৰাজ্যসভাৰ সাংসদ মানিক সাহাক সৰ্বসন্মতিক্ৰমে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদৰ বাবে নিৰ্বাচিত কৰা হয়। বিধায়নী দলৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ বিজেপি দলৰ পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল।এটা ৰাজনৈতিক সূত্ৰই জনোৱা মতে আজি বেছ কিছুদিনৰ পৰা মুখ্যমন্ত্ৰী দেৱ আৰু উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মাৰ মাজত আভ্যন্তৰীণ কন্দলৰ সূত্ৰপাত হৈছিল। বৃত্তিত এজন দন্ত চিকিৎসাৰ…

বাৰ্ধক্যক সন্মানঃ তিনিচুকীয়াত ৩৬ বয়োজেষ্ঠ ব্যক্তিক সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ মে’ : তিনিচুকীয়া চহৰৰ গেলাপুখুৰী পথত  আজি এদিনীয়া কাৰ্যসূচীৰে অনুস্থিত ৩৪ সংখ্যক কচুজান আঞ্চলিক ৰঙালী বিহু সন্মিলনে অঞ্চলটোৰ আগশাৰীৰ ৩৬জন বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে । অনুষ্ঠানত বিহু সমিতিৰ উদ্যোক্তাসকলে সম্বৰ্ধিত ব্যক্তিসকলক একোখন সম্বৰ্ধনা পত্ৰসহ ফুলাম গামোচা প্ৰদান কৰে । কাৰ্যসূচী অনুসৰি বিহু উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত বৰ্মনে পুৱা পতাকা উত্তোলন কৰাৰ পাছত টেকেলী ভঙা, সংগীত চকী, চিত্ৰাংকণ, বিহুগীত, বিহুনৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিয়লি বঁটা বিতৰণী সভাৰ পাছত সন্ধিয়া…

তেজপুৰৰ পথত উভালি পৰিল গছ

শতাব্দ প্ৰতিনিধি তেজপুৰ,১৪মেঃ আজি দুপৰীয়া তেজপুৰৰ অতি ব্যস্ততাপূৰ্ণ অঞ্চল হাতীপিলখানাত এজোপা পুৰণা সোণাৰু গছ উভালি পৰে।ত্ৰিবেণী চক আৰু চিভিল হাস্পতাল সংযোগী পথৰ ওপৰতে গছজোপা উভালি পৰাত এই পথত ব্যাপক যানজঁটৰ সৃষ্টি হয়।উল্লেখযোগ্য যে,পথৰ দাঁতিত ৰখাই থোৱা এখন বাহনৰ ক্ষতি কৰা গছজোপা বাগৰি পৰাৰ সময়ত সৌভাগ্যক্ৰমে কোনো পথাচাৰী আঘাটৰ পৰা ৰক্ষা পৰে।পাছত স্থানীয় লোকৰ তৎপৰাতত পথচোৱা মুকলি কৰা হয়।

বাক্সা আৰক্ষীৰ জালত গোৰেশ্বৰ উন্নয়ন খণ্ডৰ প্ৰাক্তন বিডিঅ’ ভূপেন দাস

শতাব্দ প্ৰতিনিধি,বাক্সা ,১৪ মেঃ পেঞ্চনৰ ধন জালিয়াতিৰে আত্মসাত কৰাৰ অভিযোগত আজি বাক্সা জিলাৰ মুছলপুৰ আৰক্ষীয়ে ধুবুৰী হাতীঘুৰা খণ্ড উন্নয়ন বিষয়া ভূপেন দাসক গ্ৰেপ্তাৰ কৰে। বাক্সা জিলাৰ গোৰেশ্বৰ উন্নয়ণ খণ্ডৰ কাৰ্যলয়ত বিডিঅ' হিচাপে কৰ্মৰত অৱস্থাত থকা সময়তে ভূপেন দাসে জালিয়াতিৰে পেঞ্চনৰ ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছিল । উন্নয়ন খণ্ডটোৰ অধীনৰ  পেঞ্চনৰ প্ৰায় ৬০ লাখ টকা  অতিৰিক্ত ভাবে উলিয়াই আত্মসাৎ অভিযুক্ত ভূপেন দাসে। গোৰেশ্বৰ উন্নয়ণ খণ্ডৰ কৰ্মচাৰী ইউনিচ আলিৰ সৈতে মিলি পেঞ্চনৰ ধন আত্মসাত কৰাৰ অভিযোগত আজি মুছলপুৰ আৰক্ষীয়ে…

তেজপুৰৰ স্বেচ্ছাসেৱী অনুষ্ঠান “সংকল্প অসম” ৰ প্ৰশংসনীয় পদক্ষেপ 

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ মে':  এটি মন্দিৰলৈ দৈনদ্দিন অলেখ ভক্তপ্ৰাণ ৰাইজ আহে আৰু যায় কিন্তু মন্দিৰটিৰ সমগ্ৰ পৰিচালনা আৰু চোৱা চিতা কৰে তাত কৰ্মৰত পূজাৰী, পৰিচাৰক আৰু সহায়ক সকলেহে। পূজাৰী আৰু এই সহায়ক, পৰিচাৰকসকলৰ এনে সেৱা বা শ্ৰম সদায় অগোচৰেই থাকি যায় ৰাইজৰ সন্মুখত। হাজাৰ হাজাৰ দৰ্শনাৰ্থী বা ভক্তপ্ৰাণ ৰাইজক সেৱা শুশ্ৰূষা কৰিও তেওঁলোকৰ এই শ্ৰম বা সেৱা মনোকামনা সিদ্ধিৰ বাবে অহা ৰাইজৰ ওচৰত যেন উপেক্ষিত হৈ ৰয়। সততে কাৰোৱেই চকুত নপৰা বা আনে কেতিয়াও নভৱা এই পূজাৰী, পৰিচাৰকসকলকে আজি বিশেষ ভাবে সন্মান প্ৰদান কৰি তেজপুৰৰ…

ডলু বাগিছাত উচ্ছেদ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ মেঃ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি বিয়লি চহৰখনৰ মাজ মজিয়াৰ থানা চাৰিআলিত কাছাৰ জিলাৰ ডলু চাহ বাগিছাৰ ২,৫০০ বিঘা মাটিত থকা ৩০ লাখ চাহ গছ ধ্বংস কৰাৰ প্ৰতিবাদত বিক্ষোভ  প্ৰদৰ্শন কাৰ্যসূচীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, চাহ জনগোষ্ঠীয় প্ৰতিনিধিত্ব  কৰা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষান, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু পল্লৱলোচন দাসৰ পুত্তলিকা দাহ কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰতিবাদকাৰীসকলে…

লখিমপুৰৰ পথালি পাহাৰৰ তৰাজুলিত নৈশবাছত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ

শতাব্দ  প্ৰতিনিধি, লখিমপুৰ, ১৪ মেঃ লখিমপুৰৰ বান্দৰদেৱাত ড্ৰাগছ সহ ৭ জন পুৰুষ-মহিলাক আটক কৰিছে আৰক্ষীয়ে। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাত ড্ৰাগছৰ বেহা অব্যাহত আছে সেই কথা পুনৰবাৰ প্ৰমাণ হল।। মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। জিলাখনৰ বান্দৰদেৱা আৰু হাৰমতীত গা কৰি উঠিছে ড্ৰাছৰ ৰমৰমীয়া বেহা। যোৱা নিশা প্ৰায় ২-৩০ বজাত বান্দৰ দেৱতাৰ সমীপৱৰ্তী পথালি পাহাৰৰ তৰাজুলিত গুৱাহাটীৰ পৰা মাজুলী অভিমুখী নেটৱৰ্ক -এ এচ ০১…