Browsing Category

অসম

বিপদ সীমাৰ ওপৰেৰে বৈছে বৰাকসহ উপনৈ সমুহ

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৫ মে: ধাৰাষাৰ বৰষুণৰ ফলত বৰাকসহ তাৰ উপনৈ সমুহ ওফন্দি উঠাত উপত্যকাৰ তিনিও খন জিলাত ঠায়ে ঠায়ে প্লাৱিত হৈছে। বিশেষকৈ কাছাৰ জিলাৰ বহু অঞ্চল বানৰ কবলত পৰি ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলাখনৰ কাঠিগড়া বিধানসভা সমষ্টিৰ বিস্তৃৰণ এলেকাত বানপানীয়ে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। সমষ্টিটোৰ ভাৰত বাংলাদেশ সীমান্তৰ বিভিন্ন এলেকা পানীত বুৰ গৈছে। বানত বুৰ গৈছে সীমান্ত সুৰক্ষা বাহিনীৰ কেইবাখনো চকী।পীননগৰ,বাটাৰচক,মহাদেবপুৰ,সীমান্ত চকী সুৰমা নৈৰ বাঢ়নী পানীৰ কবলত পৰি বুৰ গৈছে। ফলত এই চকীসমুহ ওচৰৰ…

ৰঙানদীত নীপকোৱে এৰিলে পানী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ মে : লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত প্রায় এসপ্তাহ ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। ইফালে ৰঙানদীত নীপকোৱে ২০০ মিলি মিটাৰ পানী এৰাৰ ফলত নামনিত পানীৰ সোঁত বৃদ্ধি পোৱাৰ লগতে আজি ৰঙানদীৰ বাঢ়নী পানীয়ে চাৰিখনকৈ বাঁহৰ দলং উটুৱাই নিয়াত লখিমপুৰ সদৰৰ লগত বৃহত্তৰ আমতলাবাসীৰ যোগাযোগ বিছিন্ন হৈ পৰিছে। আজি দুপৰীয়াৰ ভাগত ৰঙানদীৰ বক্ষত পানীৰ সোঁত বৃদ্ধি পোৱাৰ ফলত তেলাহী মৌজাৰ পানীগাঁৱৰ দোৱাৰপাৰ, শান্তিপুৰ, জৈনপুৰ আৰু পকাদলৰ মাজত থকা চাৰিখনকৈ বাহৰ দলং…

ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হ’ল মাজুলী-নিমাতী ফেৰী সেৱা

শতাব্দ প্ৰতিনিধি,মাজুলী,১৫ মে': আজি কেইদিনমান ধৰি নেৰানেপেৰে বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিক বাবে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আজি দিনৰ ১২ বজাৰ পৰা যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলা প্ৰশাসনে পুনৰ আদেশ নিদিয়া পৰ্যন্ত মাজুলী- নিমাতী ফেৰী সেৱা বন্ধ ৰাখিছে। পুৱাৰ ভাগত কেইখনমান ফেৰী চলাচল কৰিছিল যদিও নিমাতী ঘাটত যাত্ৰীসকলৰ উঠা নমা কৰাৰ অসুবিধা আৰু ডাৱৰীয়া বতৰ নদীৰ বুকুত কুঁৱলী পৰা লগতে জলপৃষ্ঠ বৃদ্ধি হৈ থকাত দুৰ্ঘটনা হোৱাৰ আশংকা কৰিয়ে এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব দিছে।পুৱাৰ ভাগত যিহেতু নিয়মীয়াকৈ…

তেজপুৰ আৰু বালিপৰাত ছিঙিল পথ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১৫মে’: ধাৰাবাহিক বৰষুণৰ পৰিণতিত শোণিতপুৰৰ একাধিক অঞ্চলত বাঢ়নি পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ লগতে পথ আৰু পকী দলঙৰ ক্ষতি সাধন কৰিছে। উল্লেখযোগ্য যে,তেজপুৰৰ নিকটৱৰ্তী অঞ্চল বেটনিঝাৰ আৰু কুকুৰবস্তি ঘগৰা আৰু ডিপোটা নৈৰ বানত বুৰ গৈছে।আজি পুৱা ঘগৰা নৈৰ বানে বেটনিঝাৰ পঞ্চায়তে নিৰ্মাণ কৰা বিন্দুকুৰি সংযোগী পথৰ এচোৱা কুকুৰবস্তি অঞ্চলত ছিঙি নিয়ে।ইয়াৰ পাছতে সমগ্ৰ অঞ্চলটো বানৰ কবলত পৰে।অঞ্চলটোৰ ৩৯টা পৰিয়ালৰ বাসগৃহ বৰ্তমান পানীৰ তলত। আনহাতে বেটনি অঞ্চলতো বাঢ়নি পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ উপৰি…

বানপানী : ডিমা হাচাওত ৩ জনৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ মে' : ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীয়ে অসমৰ বিভিন্ন জিলাত বিধ্বংসী ৰূপ লৈছে। কালিলৈকে (১৪ মে') ৰাজ্যখনৰ ভিতৰত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত জিলাসমূহৰ এখন ডিমা হাচাওত কমেও তিনিজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা সংস্থা(ASDMA)ই প্ৰকাশ কৰা আনুষ্ঠানিক বুলেটিনত কোৱা হৈছে যে, ডিমা হাচাও জিলাত বান আৰু ভূমিস্খলনৰ ফলত কমেও তিনিজন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত দুজন পুৰুষ আৰু এগৰাকী মহিলা। ডিমা হাচাওৰ লগতে ধাৰাসাৰ বৰষুণৰ ফলত কাছাৰ, ধেমাজি, হোজাই, কাৰ্বি আংলং পশ্চিম, নগাঁও,…

মানিক সাহা ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী

শতাব্দ বিশেষ প্ৰতিনিধি, ১৪ মে' : বিপ্লৱ কুমাৰ দেৱে হঠাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত আজি সন্ধিয়া আগৰতলাত অনুষ্ঠিত হোৱা বিধায়িনী দলৰ এখন বৈঠকত ৰাজ্যসভাৰ সাংসদ মানিক সাহাক সৰ্বসন্মতিক্ৰমে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদৰ বাবে নিৰ্বাচিত কৰা হয়। বিধায়নী দলৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ বিজেপি দলৰ পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল।এটা ৰাজনৈতিক সূত্ৰই জনোৱা মতে আজি বেছ কিছুদিনৰ পৰা মুখ্যমন্ত্ৰী দেৱ আৰু উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মাৰ মাজত আভ্যন্তৰীণ কন্দলৰ সূত্ৰপাত হৈছিল। বৃত্তিত এজন দন্ত চিকিৎসাৰ…