Browsing Category

অসম

বাৰ্ধক্যক সন্মানঃ তিনিচুকীয়াত ৩৬ বয়োজেষ্ঠ ব্যক্তিক সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ মে’ : তিনিচুকীয়া চহৰৰ গেলাপুখুৰী পথত  আজি এদিনীয়া কাৰ্যসূচীৰে অনুস্থিত ৩৪ সংখ্যক কচুজান আঞ্চলিক ৰঙালী বিহু সন্মিলনে অঞ্চলটোৰ আগশাৰীৰ ৩৬জন বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে । অনুষ্ঠানত বিহু সমিতিৰ উদ্যোক্তাসকলে সম্বৰ্ধিত ব্যক্তিসকলক একোখন সম্বৰ্ধনা পত্ৰসহ ফুলাম গামোচা প্ৰদান কৰে । কাৰ্যসূচী অনুসৰি বিহু উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত বৰ্মনে পুৱা পতাকা উত্তোলন কৰাৰ পাছত টেকেলী ভঙা, সংগীত চকী, চিত্ৰাংকণ, বিহুগীত, বিহুনৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিয়লি বঁটা বিতৰণী সভাৰ পাছত সন্ধিয়া…

তেজপুৰৰ পথত উভালি পৰিল গছ

শতাব্দ প্ৰতিনিধি তেজপুৰ,১৪মেঃ আজি দুপৰীয়া তেজপুৰৰ অতি ব্যস্ততাপূৰ্ণ অঞ্চল হাতীপিলখানাত এজোপা পুৰণা সোণাৰু গছ উভালি পৰে।ত্ৰিবেণী চক আৰু চিভিল হাস্পতাল সংযোগী পথৰ ওপৰতে গছজোপা উভালি পৰাত এই পথত ব্যাপক যানজঁটৰ সৃষ্টি হয়।উল্লেখযোগ্য যে,পথৰ দাঁতিত ৰখাই থোৱা এখন বাহনৰ ক্ষতি কৰা গছজোপা বাগৰি পৰাৰ সময়ত সৌভাগ্যক্ৰমে কোনো পথাচাৰী আঘাটৰ পৰা ৰক্ষা পৰে।পাছত স্থানীয় লোকৰ তৎপৰাতত পথচোৱা মুকলি কৰা হয়।

বাক্সা আৰক্ষীৰ জালত গোৰেশ্বৰ উন্নয়ন খণ্ডৰ প্ৰাক্তন বিডিঅ’ ভূপেন দাস

শতাব্দ প্ৰতিনিধি,বাক্সা ,১৪ মেঃ পেঞ্চনৰ ধন জালিয়াতিৰে আত্মসাত কৰাৰ অভিযোগত আজি বাক্সা জিলাৰ মুছলপুৰ আৰক্ষীয়ে ধুবুৰী হাতীঘুৰা খণ্ড উন্নয়ন বিষয়া ভূপেন দাসক গ্ৰেপ্তাৰ কৰে। বাক্সা জিলাৰ গোৰেশ্বৰ উন্নয়ণ খণ্ডৰ কাৰ্যলয়ত বিডিঅ' হিচাপে কৰ্মৰত অৱস্থাত থকা সময়তে ভূপেন দাসে জালিয়াতিৰে পেঞ্চনৰ ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছিল । উন্নয়ন খণ্ডটোৰ অধীনৰ  পেঞ্চনৰ প্ৰায় ৬০ লাখ টকা  অতিৰিক্ত ভাবে উলিয়াই আত্মসাৎ অভিযুক্ত ভূপেন দাসে। গোৰেশ্বৰ উন্নয়ণ খণ্ডৰ কৰ্মচাৰী ইউনিচ আলিৰ সৈতে মিলি পেঞ্চনৰ ধন আত্মসাত কৰাৰ অভিযোগত আজি মুছলপুৰ আৰক্ষীয়ে…

তেজপুৰৰ স্বেচ্ছাসেৱী অনুষ্ঠান “সংকল্প অসম” ৰ প্ৰশংসনীয় পদক্ষেপ 

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ মে':  এটি মন্দিৰলৈ দৈনদ্দিন অলেখ ভক্তপ্ৰাণ ৰাইজ আহে আৰু যায় কিন্তু মন্দিৰটিৰ সমগ্ৰ পৰিচালনা আৰু চোৱা চিতা কৰে তাত কৰ্মৰত পূজাৰী, পৰিচাৰক আৰু সহায়ক সকলেহে। পূজাৰী আৰু এই সহায়ক, পৰিচাৰকসকলৰ এনে সেৱা বা শ্ৰম সদায় অগোচৰেই থাকি যায় ৰাইজৰ সন্মুখত। হাজাৰ হাজাৰ দৰ্শনাৰ্থী বা ভক্তপ্ৰাণ ৰাইজক সেৱা শুশ্ৰূষা কৰিও তেওঁলোকৰ এই শ্ৰম বা সেৱা মনোকামনা সিদ্ধিৰ বাবে অহা ৰাইজৰ ওচৰত যেন উপেক্ষিত হৈ ৰয়। সততে কাৰোৱেই চকুত নপৰা বা আনে কেতিয়াও নভৱা এই পূজাৰী, পৰিচাৰকসকলকে আজি বিশেষ ভাবে সন্মান প্ৰদান কৰি তেজপুৰৰ…

ডলু বাগিছাত উচ্ছেদ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ মেঃ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি বিয়লি চহৰখনৰ মাজ মজিয়াৰ থানা চাৰিআলিত কাছাৰ জিলাৰ ডলু চাহ বাগিছাৰ ২,৫০০ বিঘা মাটিত থকা ৩০ লাখ চাহ গছ ধ্বংস কৰাৰ প্ৰতিবাদত বিক্ষোভ  প্ৰদৰ্শন কাৰ্যসূচীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, চাহ জনগোষ্ঠীয় প্ৰতিনিধিত্ব  কৰা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষান, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু পল্লৱলোচন দাসৰ পুত্তলিকা দাহ কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰতিবাদকাৰীসকলে…

লখিমপুৰৰ পথালি পাহাৰৰ তৰাজুলিত নৈশবাছত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ

শতাব্দ  প্ৰতিনিধি, লখিমপুৰ, ১৪ মেঃ লখিমপুৰৰ বান্দৰদেৱাত ড্ৰাগছ সহ ৭ জন পুৰুষ-মহিলাক আটক কৰিছে আৰক্ষীয়ে। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাত ড্ৰাগছৰ বেহা অব্যাহত আছে সেই কথা পুনৰবাৰ প্ৰমাণ হল।। মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। জিলাখনৰ বান্দৰদেৱা আৰু হাৰমতীত গা কৰি উঠিছে ড্ৰাছৰ ৰমৰমীয়া বেহা। যোৱা নিশা প্ৰায় ২-৩০ বজাত বান্দৰ দেৱতাৰ সমীপৱৰ্তী পথালি পাহাৰৰ তৰাজুলিত গুৱাহাটীৰ পৰা মাজুলী অভিমুখী নেটৱৰ্ক -এ এচ ০১…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুনৰ অথন্তৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৪ মেঃ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ৰাজ্যৰ ২৫ খন জিলাত ২৫ খনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনেৰে অসমক ভাৰতবৰ্ষৰ ভিতৰতে চিকিৎসা শিক্ষাৰ প্ৰাণকেন্দ্ৰৰূপে গঢ়ি তুলিব বুলি ঘোষণা কৰি অহাৰ সময়তে যোৱা ১৫ ফেব্ৰুৱাৰীত শুভ উদ্বোধন কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভিতৰ চ'ৰাত ৰৈ যোৱা ক্ৰুটিৰ  বাবে  আজি বৰষুণৰ পানীৰে উপচি পৰে চিকিৎসা মহাবিদ্যালয়ৰ মজিয়া।  ৫০০ কোটি টকা ব্যয় সাপেক্ষে গৌতম কনষ্ট্ৰাকচনে নিৰ্মাণ কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰতিটো ভৱনৰ বেৰসমূহত ফাট মেলাৰ খবৰ প্ৰকাশ…

ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯,৫৮ টা পদত নিযুক্তি

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ মে' : ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯,৫৮ টা পদৰ বাবে আজি নিযুক্তি পত্র প্ৰদান কৰা হয়। এই উপলক্ষ্যে গুৱাহাটীৰ খানাপ‍াৰাস্থ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এক বিশাল নিযুক্তি পত্র বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্রীসকলে আনুষ্ঠানিকভাৱে ১৭ গৰাকী প্ৰাৰ্থীৰ হাতত তুলি দিয়ে নিযুক্তি পত্র। আজিৰ অনুষ্ঠানৰ যোগেদি গৃহ বিভাগত ৮,৮৬৭টা, শিক্ষা বিভাগত ১১,০৬৩ টা, জনস্বাস্থ্য কাৰিকৰী বিভাগত ৩৩০টা, জলসম্পদ বিভাগত ১০৫টা, সমাজ কল্যান বিভাগত ৬৯টা, স্বাস্থ্য…

বন্যজীৱৰ বাবে দেশৰ প্ৰথম ‘সেউজীয়া সেতু’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ মে' : নাগপুৰ আৰু মুম্বাইৰ মাজৰ বালাচাহেব থাকৰে সমৃদ্ধি মহামাৰ্গ (এক্সপ্ৰেছৱে) দেশৰ ভিতৰতে প্ৰথমটো ঘাইপথ হ’ব য’ত বন্যপ্ৰাণীৰ চলাচলৰ বাবে ৯ খন সেউজ দলং (অভাৰপাছ) আৰু ১৭ খন আণ্ডাৰপাছ প্ৰশমন ব্যৱস্থাৰ অংশ হিচাপে নিৰ্মাণ কৰা হৈছে। লগতে ঘাইপথটোত নাহৰফুটুকীৰ পৰা ৰক্ষা পাবৰ বাবে বেৰাও নিৰ্মাণ কৰা হ’ব যাতে জন্তুবিধ ৭০১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক্সপ্ৰেছৱেলৈ জঁপিয়াই নাযায়, য’ত ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত বাহন চলাচল কৰিব। মহাৰাষ্ট্ৰৰ ১০খন জিলাৰ মাজেৰে যোৱা ১২০ মিটাৰ বহল পথটোৰে যাতায়াতৰ সময় পূৰ্বৰ ১৬ ঘণ্টাৰ…

যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত পৰিৱেশ দিৱসত ব্যতিক্ৰম কাৰ্যসূচীৰ আয়োজন

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৩ মে' : যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ আই.কিউ এ.চি, আই.আই.চি, বিজ্ঞান আৰু প্ৰযুক্তি কোষ আৰু কমিউনিটি কলেজৰ যৌথ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৫ - ৭ জুনলৈ "ইছ্যুজ এণ্ড চেলেঞ্জেচ অৱ এনভাইৰনমেন্ট চেফ্টি ফ'ৰ চাচটেইনেব'ল ডেভেলপমেণ্ট" শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ লগতে ষ্টুডেণ্ট ৰিচাৰ্চ কনক্লেভৰ আয়োজন কৰা হৈছে । আলোচনা চক্ৰখনত চটাইস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, পাঞ্জাৱৰ চিটকাৰা বিশ্ববিদ্যালয় আৰু উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান সহযোগী হিচাপে থাাকিব বুলি উদ্যোক্তাসকলে…