Browsing Category
অসম
লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুনৰ অথন্তৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৪ মেঃ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ৰাজ্যৰ ২৫ খন জিলাত ২৫ খনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনেৰে অসমক ভাৰতবৰ্ষৰ ভিতৰতে চিকিৎসা শিক্ষাৰ প্ৰাণকেন্দ্ৰৰূপে গঢ়ি তুলিব বুলি ঘোষণা কৰি অহাৰ সময়তে যোৱা ১৫ ফেব্ৰুৱাৰীত শুভ উদ্বোধন কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভিতৰ চ'ৰাত ৰৈ যোৱা ক্ৰুটিৰ বাবে আজি বৰষুণৰ পানীৰে উপচি পৰে চিকিৎসা মহাবিদ্যালয়ৰ মজিয়া। ৫০০ কোটি টকা ব্যয় সাপেক্ষে গৌতম কনষ্ট্ৰাকচনে নিৰ্মাণ কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰতিটো ভৱনৰ বেৰসমূহত ফাট মেলাৰ খবৰ প্ৰকাশ…
ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯,৫৮ টা পদত নিযুক্তি
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ মে' : ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯,৫৮ টা পদৰ বাবে আজি নিযুক্তি পত্র প্ৰদান কৰা হয়। এই উপলক্ষ্যে গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এক বিশাল নিযুক্তি পত্র বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্রীসকলে আনুষ্ঠানিকভাৱে ১৭ গৰাকী প্ৰাৰ্থীৰ হাতত তুলি দিয়ে নিযুক্তি পত্র। আজিৰ অনুষ্ঠানৰ যোগেদি গৃহ বিভাগত ৮,৮৬৭টা, শিক্ষা বিভাগত ১১,০৬৩ টা, জনস্বাস্থ্য কাৰিকৰী বিভাগত ৩৩০টা, জলসম্পদ বিভাগত ১০৫টা, সমাজ কল্যান বিভাগত ৬৯টা, স্বাস্থ্য…
বন্যজীৱৰ বাবে দেশৰ প্ৰথম ‘সেউজীয়া সেতু’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ মে' : নাগপুৰ আৰু মুম্বাইৰ মাজৰ বালাচাহেব থাকৰে সমৃদ্ধি মহামাৰ্গ (এক্সপ্ৰেছৱে) দেশৰ ভিতৰতে প্ৰথমটো ঘাইপথ হ’ব য’ত বন্যপ্ৰাণীৰ চলাচলৰ বাবে ৯ খন সেউজ দলং (অভাৰপাছ) আৰু ১৭ খন আণ্ডাৰপাছ প্ৰশমন ব্যৱস্থাৰ অংশ হিচাপে নিৰ্মাণ কৰা হৈছে। লগতে ঘাইপথটোত নাহৰফুটুকীৰ পৰা ৰক্ষা পাবৰ বাবে বেৰাও নিৰ্মাণ কৰা হ’ব যাতে জন্তুবিধ ৭০১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক্সপ্ৰেছৱেলৈ জঁপিয়াই নাযায়, য’ত ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত বাহন চলাচল কৰিব। মহাৰাষ্ট্ৰৰ ১০খন জিলাৰ মাজেৰে যোৱা ১২০ মিটাৰ বহল পথটোৰে যাতায়াতৰ সময় পূৰ্বৰ ১৬ ঘণ্টাৰ…
যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত পৰিৱেশ দিৱসত ব্যতিক্ৰম কাৰ্যসূচীৰ আয়োজন
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৩ মে' : যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ আই.কিউ এ.চি, আই.আই.চি, বিজ্ঞান আৰু প্ৰযুক্তি কোষ আৰু কমিউনিটি কলেজৰ যৌথ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৫ - ৭ জুনলৈ "ইছ্যুজ এণ্ড চেলেঞ্জেচ অৱ এনভাইৰনমেন্ট চেফ্টি ফ'ৰ চাচটেইনেব'ল ডেভেলপমেণ্ট" শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ লগতে ষ্টুডেণ্ট ৰিচাৰ্চ কনক্লেভৰ আয়োজন কৰা হৈছে । আলোচনা চক্ৰখনত চটাইস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, পাঞ্জাৱৰ চিটকাৰা বিশ্ববিদ্যালয় আৰু উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান সহযোগী হিচাপে থাাকিব বুলি উদ্যোক্তাসকলে…
তিনিচুকীয়াত অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ পৰ্যালোচনা সভা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া ১৩ মে': অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিয়ে আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ গুৰুত্বপূৰ্ণ উন্নয়ন বিভাগৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হয়। এই পৰ্যালোচনা সভাত সমিতিখনে বিভাগসমূহৰ অধীনত জিলাখনত ৰূপায়ন হৈ থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে দুদিনীয়া কাৰ্যাসূচীৰে তিনিচুকীয়া জিলাত উপস্থিত হোৱা এই সমিতিখনে তিনিচুকীয়া জিলাত জলসম্পদ, লোকনিৰ্মাণ পথ, পঞ্চায়ত ও গ্ৰামোন্নয়ন, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী আদি বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা…
লুৰীণজ্যোতিৰ স’তে একেখন পতাকাৰ তলত কাম কৰাৰ আগ্ৰহ অখিল গগৈৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৩মে’: এ আই ইউ ডি এফক বিজেপিৰ সহযোগী দল বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । আনহাতে লুৰীণজ্যোতি গগৈৰ স’তে আঞ্চলিক ৰাজনীতিৰ স্বাৰ্থত একেখন পতাকাৰ তলত একত্ৰিত ভাবে কাম কৰিবলৈও আগ্ৰহী অখিল গগৈ । তদুপৰি, আলফা(স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈও জনাইছে মুকলি আহ্বান । উল্লেখযোগ্য যে,গগৈয়ে আজি তেজপুৰত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বিৰোধিতা কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসমৰ প্ৰতিখন পঞ্চায়ততে ৰাইজৰ দলে প্ৰাৰ্থী থিয় কৰোৱাৰ সংকল্প লোৱাৰ কথাও দোহাৰে । তেজপুৰৰ পিঠাখোৱাত এক দলীয় সভাত অংশ গ্ৰহণ কৰিবলৈ অহা…
ৰাজ্যৰ ৩৭৪৩ খন সুলভ মূল্যৰ দোকান কৰ্তনঃ এজেণ্টৰ হাহাকাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৩ মে ' : অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি ৰাজ্যৰ ৫০ জনৰ তলৰ কাৰ্ড থকা উপভোক্তাৰ সুলভ মূল্যৰ কেন্দ্ৰ সমূহ কোনো ধৰণৰ চৰকাৰী জাননী নিদিয়াকৈ দোকান সমূহ হঠাৎ কৰ্তন কৰি দিয়াত সম্প্ৰতি ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।কেবিনেট সিধান্তৰ পাছতে উল্লেখিত সুলভ মূল্যৰ কেন্দ্ৰ সমূহ ওচৰৰ একাংশ দোকানৰ লগত সংলগ্ন কৰি দিয়াত কেন্দ্ৰ সমূহ বন্ধ হৈ যায় আৰু একোটা কেন্দ্ৰৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দিয়া সকলৰ ক্ষেত্ৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । যি সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ নিবনুৱা সমস্যা দূৰীকৰণৰ…
অসমৰ ৩ ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানলৈ ভাৰত চৰকাৰৰ ‘লক্ষ্য’ প্ৰমাণপত্ৰ
দিছপুৰ, ১৩ মে': ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানত সুৰক্ষিত সন্তান প্ৰসৱৰ লগতে প্ৰসূতি আৰু নৱজাতক শিশুৰ বাবে উপযুক্ত যতন উপলব্ধ হোৱাটো সুনিশ্চিতকৰণত সফলতাৰ বাবে অসমৰ তিনিখন চৰকাৰী চিকিৎসালয়লৈ 'লক্ষ্য প্ৰমাণপত্ৰ' আগবঢ়াইছে ভাৰত চৰকাৰে। প্ৰসৱ কক্ষ আৰু প্ৰসূতি অপাৰেছন থিয়েটাৰৰ গুণগত মান, পৰিচ্ছনতা, সুৰক্ষিত সেৱাৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়, তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয় আৰু যোৰহাট জিলাৰ টিয়ক এফআৰইউক 'লক্ষ্য প্ৰমাণিকৰণ কাৰ্যসূচী'ৰ…
তেজপুৰত কৰুণাধাৰা আৰু শিশুকল্যাণ পৰিষদৰ উদ্যোগত হোমেন বৰগোহাঞিক স্মৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৩ মে’ : ৰাজ্যখনৰ বিশিষ্ট কথাশিল্পী, সাহিত্যিক, সম্পাদক হোমেন বৰগোহাঞিৰ কালি প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে তেজপুৰৰ শিশু কল্যাণ পৰিষদৰ কাৰ্যালয়ত এক বিশেষ স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখা আৰু কৰুণাধাৰা শোণিতপুৰ জিলা সমিতিৰ যৌথ উদ্যোগত আয়োজিত এই স্মৃতি চাৰণ অনুষ্ঠানত মধু শইকীয়াৰ দ্বাৰা ঘোষা পাঠ, আজিজুৰ ৰহমানে কোৰাণ পাঠ, ডেনিচ য়েমে বাইবেল পাঠ আৰু বলবীৰ সিঙৰ গুৰু গ্ৰন্হ পাঠেৰে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয়।অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত বৰগোহাঞিৰ…
স্বৰ্ণমণ্ডিত দ্বাৰকাত অন্য এক অশান্তিকৰ পৰিৱেশৰ পৃষ্ঠভূমিৰ নিৰ্মাণ কাল কেনেকৈ সৃষ্টি হৈছিল?
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৩ মে': মহাভাৰতৰ যুদ্ধোত্তৰ কালৰ কাহিনীৰ বিশেষ দৰ্শনেৰে অনিল কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰা "যুগ অন্য যুগ" নাটক কালি প্ৰতিকূল বতৰৰ মাজতো তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত গৰিষ্ঠসংখ্যক দৰ্শকে উপভোগ কৰি আপ্লুত হয়। নাটকখনৰ কাহিনী আছিল মহাভাৰতৰ অৰ্থাৎ কুৰুক্ষেত্ৰ যুদ্ধৰ পৰৱৰ্তী কালছোৱা। স্থান দ্বাৰকা। আপাতত: যুদ্ধোত্তৰ কালৰ শান্তিৰ সময়। কিন্তু প্ৰকৃততে জানো শান্তি আহিছিল? নে অন্য এক অশান্তিকৰ পৰিৱেশৰ পৃষ্ঠভূমিৰ নিৰ্মাণ কাল আছিল সেই সময়ছোৱা। এই প্ৰশ্নৰ উত্তৰ কালি নাট্যকাৰে দিলে একাংশ দক্ষ অভিনয় শিল্পীৰ…
