Browsing Category
অসম
তিনিচুকীয়াত অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ পৰ্যালোচনা সভা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া ১৩ মে': অসম বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিয়ে আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ গুৰুত্বপূৰ্ণ উন্নয়ন বিভাগৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হয়। এই পৰ্যালোচনা সভাত সমিতিখনে বিভাগসমূহৰ অধীনত জিলাখনত ৰূপায়ন হৈ থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে দুদিনীয়া কাৰ্যাসূচীৰে তিনিচুকীয়া জিলাত উপস্থিত হোৱা এই সমিতিখনে তিনিচুকীয়া জিলাত জলসম্পদ, লোকনিৰ্মাণ পথ, পঞ্চায়ত ও গ্ৰামোন্নয়ন, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী আদি বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা…
লুৰীণজ্যোতিৰ স’তে একেখন পতাকাৰ তলত কাম কৰাৰ আগ্ৰহ অখিল গগৈৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৩মে’: এ আই ইউ ডি এফক বিজেপিৰ সহযোগী দল বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । আনহাতে লুৰীণজ্যোতি গগৈৰ স’তে আঞ্চলিক ৰাজনীতিৰ স্বাৰ্থত একেখন পতাকাৰ তলত একত্ৰিত ভাবে কাম কৰিবলৈও আগ্ৰহী অখিল গগৈ । তদুপৰি, আলফা(স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈও জনাইছে মুকলি আহ্বান । উল্লেখযোগ্য যে,গগৈয়ে আজি তেজপুৰত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বিৰোধিতা কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসমৰ প্ৰতিখন পঞ্চায়ততে ৰাইজৰ দলে প্ৰাৰ্থী থিয় কৰোৱাৰ সংকল্প লোৱাৰ কথাও দোহাৰে । তেজপুৰৰ পিঠাখোৱাত এক দলীয় সভাত অংশ গ্ৰহণ কৰিবলৈ অহা…
ৰাজ্যৰ ৩৭৪৩ খন সুলভ মূল্যৰ দোকান কৰ্তনঃ এজেণ্টৰ হাহাকাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৩ মে ' : অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি ৰাজ্যৰ ৫০ জনৰ তলৰ কাৰ্ড থকা উপভোক্তাৰ সুলভ মূল্যৰ কেন্দ্ৰ সমূহ কোনো ধৰণৰ চৰকাৰী জাননী নিদিয়াকৈ দোকান সমূহ হঠাৎ কৰ্তন কৰি দিয়াত সম্প্ৰতি ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।কেবিনেট সিধান্তৰ পাছতে উল্লেখিত সুলভ মূল্যৰ কেন্দ্ৰ সমূহ ওচৰৰ একাংশ দোকানৰ লগত সংলগ্ন কৰি দিয়াত কেন্দ্ৰ সমূহ বন্ধ হৈ যায় আৰু একোটা কেন্দ্ৰৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দিয়া সকলৰ ক্ষেত্ৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । যি সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ নিবনুৱা সমস্যা দূৰীকৰণৰ…
অসমৰ ৩ ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানলৈ ভাৰত চৰকাৰৰ ‘লক্ষ্য’ প্ৰমাণপত্ৰ
দিছপুৰ, ১৩ মে': ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানত সুৰক্ষিত সন্তান প্ৰসৱৰ লগতে প্ৰসূতি আৰু নৱজাতক শিশুৰ বাবে উপযুক্ত যতন উপলব্ধ হোৱাটো সুনিশ্চিতকৰণত সফলতাৰ বাবে অসমৰ তিনিখন চৰকাৰী চিকিৎসালয়লৈ 'লক্ষ্য প্ৰমাণপত্ৰ' আগবঢ়াইছে ভাৰত চৰকাৰে। প্ৰসৱ কক্ষ আৰু প্ৰসূতি অপাৰেছন থিয়েটাৰৰ গুণগত মান, পৰিচ্ছনতা, সুৰক্ষিত সেৱাৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়, তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয় আৰু যোৰহাট জিলাৰ টিয়ক এফআৰইউক 'লক্ষ্য প্ৰমাণিকৰণ কাৰ্যসূচী'ৰ…
তেজপুৰত কৰুণাধাৰা আৰু শিশুকল্যাণ পৰিষদৰ উদ্যোগত হোমেন বৰগোহাঞিক স্মৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৩ মে’ : ৰাজ্যখনৰ বিশিষ্ট কথাশিল্পী, সাহিত্যিক, সম্পাদক হোমেন বৰগোহাঞিৰ কালি প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে তেজপুৰৰ শিশু কল্যাণ পৰিষদৰ কাৰ্যালয়ত এক বিশেষ স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখা আৰু কৰুণাধাৰা শোণিতপুৰ জিলা সমিতিৰ যৌথ উদ্যোগত আয়োজিত এই স্মৃতি চাৰণ অনুষ্ঠানত মধু শইকীয়াৰ দ্বাৰা ঘোষা পাঠ, আজিজুৰ ৰহমানে কোৰাণ পাঠ, ডেনিচ য়েমে বাইবেল পাঠ আৰু বলবীৰ সিঙৰ গুৰু গ্ৰন্হ পাঠেৰে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয়।অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত বৰগোহাঞিৰ…
স্বৰ্ণমণ্ডিত দ্বাৰকাত অন্য এক অশান্তিকৰ পৰিৱেশৰ পৃষ্ঠভূমিৰ নিৰ্মাণ কাল কেনেকৈ সৃষ্টি হৈছিল?
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৩ মে': মহাভাৰতৰ যুদ্ধোত্তৰ কালৰ কাহিনীৰ বিশেষ দৰ্শনেৰে অনিল কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰা "যুগ অন্য যুগ" নাটক কালি প্ৰতিকূল বতৰৰ মাজতো তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত গৰিষ্ঠসংখ্যক দৰ্শকে উপভোগ কৰি আপ্লুত হয়। নাটকখনৰ কাহিনী আছিল মহাভাৰতৰ অৰ্থাৎ কুৰুক্ষেত্ৰ যুদ্ধৰ পৰৱৰ্তী কালছোৱা। স্থান দ্বাৰকা। আপাতত: যুদ্ধোত্তৰ কালৰ শান্তিৰ সময়। কিন্তু প্ৰকৃততে জানো শান্তি আহিছিল? নে অন্য এক অশান্তিকৰ পৰিৱেশৰ পৃষ্ঠভূমিৰ নিৰ্মাণ কাল আছিল সেই সময়ছোৱা। এই প্ৰশ্নৰ উত্তৰ কালি নাট্যকাৰে দিলে একাংশ দক্ষ অভিনয় শিল্পীৰ…
সত্ৰীয়া একাডেমী যোৰহাটৰ সমাৱৰ্তনৰ আয়োজন
শতাব্দ প্ৰতিনিধি, যোৰহাট,১৩ মে : সত্ৰীয়া সঙ্গীতৰ প্ৰণালীবদ্ধ পাঠ্যক্ৰমেৰে গঠিত আৰু অসমৰ সত্ৰীয়া সংগীতৰ শিক্ষানুষ্ঠান সমূহৰ অন্যতম পৰীক্ষা পৰিষদ সত্ৰীয়া একাডেমী, যোৰহাটৰ সমাৱৰ্তন ২১ মেত দিনজোৰা কাৰ্যসূচীৰে জিলা পুথিভঁৰালত আয়োজন কৰা হৈছে। পুৱা আনুষ্ঠানিক ভাৱে পতাকা উত্তোলন কৰিব একাডেমীৰ সভাপতি সঙ্গীতৰত্ন পদ্মশ্ৰী যতীন গোস্বামীয়ে। সমাৱৰ্তনৰ মূল বক্তৃতা প্ৰদান কৰিব বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই। অনুষ্ঠান ভাগি উদ্বোধন কৰিব মাজুলীৰ নতুন চামগুৰি সত্ৰৰ বিশিষ্ট মূখাশিল্পী তথা সংগীত নাটক অকাডেমি…
যোৰহাটত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰ্যালোচনা সভা সম্পন্ন
শতাব্দ প্ৰতিনিধি, যোৰহাট, মে' ১৩: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)ৰ প্ৰকল্প বিষয়া তথা যোৰহাট জিলাৰ বাবে নিয়োজিত নডেল বিষয়া ড° কৃপালজ্যোতি মজুমদাৰে আজি যোৰহাটত উপস্থিত হৈ সম্ভাব্য বানপানীৰে মোকাবিলা কৰিব পৰা ব্যৱস্থাৱলীৰ সন্দৰ্ভত বুজ লয়। এই সন্দৰ্ভত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নডেল বিষয়া দামোদৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দুৰ্যোগ ৱ্যৱস্থাপনাৰ এক পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰি ড° মজুমদাৰে জিলাখনৰ স্পৰ্শকাতৰ স্থান, মথাউৰি, বাট-পথ, দলং…
উন্নয়ন য’ত আধৰুৱা হৈ ৰয়… ( ভিডিঅ’ চাওক)
লখিমপুৰ জিলাৰ দলহাট তিনিআলিৰ পৰা বৰচলা বজাৰ সংযোগী পথত থকা কালৰ্ভাট এতিয়া এনেদৰেই পাৰ হ'ব লাগে।
যোৰহাটৰ ATM ৰ ওপৰত এক লাখ টকা পাই কি কৰিলে তুলিৱালা মহম্মদ ৰাজুৱে
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৩ মে : কৰ্মইহে মানুহৰ প্ৰকৃত পৰিচয় দাঙি ধৰে। সাধাৰণতে আমি সমাজত সৰু মানুহ বুলি জ্ঞান কৰা বহু লোকৰ মন যে বহল উদাৰ সেই কথা বিভিন্ন ক্ষেত্ৰত প্ৰমাণ হৈ আহিছে। ATM ৰ ওপৰত এক লাখ টকা পাই থানাত জমা দি তুলিৱালা মহম্মদ ৰাজু আৰু তেওঁৰ মেকানিক ভায়েকে দেখুৱালে আন এক নজিৰ। উল্লেখ্য, বিহাৰৰ মহম্মদ ৰাজু নামৰ এইজন যুৱক ভায়েকৰ সৈতে যোৰহাট নগৰত ভাড়া ঘৰত থাকে। ৰাজুৱে ঘৰে ঘৰে চাইকেল লৈ লেপ তুলি বনাই আৰু ভায়েক মহম্মদ স্বামীদ মটৰ মেকানিক। নগৰৰ ষ্টেট বেংকৰ এ টি এম ত টকা জমা দিবলৈ গৈ ৰাজুৱে দেখিলে এ টি এম মেচিনৰ ওপৰত…
