Browsing Category
অসম
সত্ৰীয়া একাডেমী যোৰহাটৰ সমাৱৰ্তনৰ আয়োজন
শতাব্দ প্ৰতিনিধি, যোৰহাট,১৩ মে : সত্ৰীয়া সঙ্গীতৰ প্ৰণালীবদ্ধ পাঠ্যক্ৰমেৰে গঠিত আৰু অসমৰ সত্ৰীয়া সংগীতৰ শিক্ষানুষ্ঠান সমূহৰ অন্যতম পৰীক্ষা পৰিষদ সত্ৰীয়া একাডেমী, যোৰহাটৰ সমাৱৰ্তন ২১ মেত দিনজোৰা কাৰ্যসূচীৰে জিলা পুথিভঁৰালত আয়োজন কৰা হৈছে। পুৱা আনুষ্ঠানিক ভাৱে পতাকা উত্তোলন কৰিব একাডেমীৰ সভাপতি সঙ্গীতৰত্ন পদ্মশ্ৰী যতীন গোস্বামীয়ে। সমাৱৰ্তনৰ মূল বক্তৃতা প্ৰদান কৰিব বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই। অনুষ্ঠান ভাগি উদ্বোধন কৰিব মাজুলীৰ নতুন চামগুৰি সত্ৰৰ বিশিষ্ট মূখাশিল্পী তথা সংগীত নাটক অকাডেমি…
যোৰহাটত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰ্যালোচনা সভা সম্পন্ন
শতাব্দ প্ৰতিনিধি, যোৰহাট, মে' ১৩: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)ৰ প্ৰকল্প বিষয়া তথা যোৰহাট জিলাৰ বাবে নিয়োজিত নডেল বিষয়া ড° কৃপালজ্যোতি মজুমদাৰে আজি যোৰহাটত উপস্থিত হৈ সম্ভাব্য বানপানীৰে মোকাবিলা কৰিব পৰা ব্যৱস্থাৱলীৰ সন্দৰ্ভত বুজ লয়। এই সন্দৰ্ভত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নডেল বিষয়া দামোদৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দুৰ্যোগ ৱ্যৱস্থাপনাৰ এক পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰি ড° মজুমদাৰে জিলাখনৰ স্পৰ্শকাতৰ স্থান, মথাউৰি, বাট-পথ, দলং…
উন্নয়ন য’ত আধৰুৱা হৈ ৰয়… ( ভিডিঅ’ চাওক)
লখিমপুৰ জিলাৰ দলহাট তিনিআলিৰ পৰা বৰচলা বজাৰ সংযোগী পথত থকা কালৰ্ভাট এতিয়া এনেদৰেই পাৰ হ'ব লাগে।
যোৰহাটৰ ATM ৰ ওপৰত এক লাখ টকা পাই কি কৰিলে তুলিৱালা মহম্মদ ৰাজুৱে
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৩ মে : কৰ্মইহে মানুহৰ প্ৰকৃত পৰিচয় দাঙি ধৰে। সাধাৰণতে আমি সমাজত সৰু মানুহ বুলি জ্ঞান কৰা বহু লোকৰ মন যে বহল উদাৰ সেই কথা বিভিন্ন ক্ষেত্ৰত প্ৰমাণ হৈ আহিছে। ATM ৰ ওপৰত এক লাখ টকা পাই থানাত জমা দি তুলিৱালা মহম্মদ ৰাজু আৰু তেওঁৰ মেকানিক ভায়েকে দেখুৱালে আন এক নজিৰ। উল্লেখ্য, বিহাৰৰ মহম্মদ ৰাজু নামৰ এইজন যুৱক ভায়েকৰ সৈতে যোৰহাট নগৰত ভাড়া ঘৰত থাকে। ৰাজুৱে ঘৰে ঘৰে চাইকেল লৈ লেপ তুলি বনাই আৰু ভায়েক মহম্মদ স্বামীদ মটৰ মেকানিক। নগৰৰ ষ্টেট বেংকৰ এ টি এম ত টকা জমা দিবলৈ গৈ ৰাজুৱে দেখিলে এ টি এম মেচিনৰ ওপৰত…
ঢোলৰ গুমগুমনিৰে ম’হঘুলি চাপৰিত ফাটবিহু আৰম্ভ
শতাব্দ প্ৰতিবেদক, ১৩ মেঃ ঢোলে গুমগুমাইছে ফাটবিহুতলীত। আজিৰ পুৱাৰে পৰা প্ৰতিকূল বতৰকো নেওচি ফাটবিহু তলীলৈ হিলদল ভাঙি ওলাই আহিছে তিনি কুৰিৰো অধিক বিহুদল আৰু হাজাৰ হাজাৰ বিহুপ্ৰমী । দুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণেও ম্লান কৰিব পৰা নাই ফাটবিহু পৰম্পৰাগত গৰিমা । আজি প্ৰথমদিনাই তিনি কুৰিৰো অধিক বিহুদলৰ বিহুৱাৰ ঢোল ,তাল ,পেঁপা ,বাঁহী আৰু নাচনীৰ টকা,গগনা, সুতুলিৰ শব্দ আৰু নাচোনৰ গিৰিপনিত ঢকুৱাখনাৰ আকাশ -বতাহ মুখৰ হৈ পৰিছে । ঢকুৱাখনাত আজিৰে পৰা আৰম্ভ হৈছে অসমৰ সাংস্কৃতিক জগতৰ একক আৰু অনন্য বিহু- ঐতিহ্যমণ্ডিত ফাটবিহু ।…
অসম কৃষি বিশ্ববিদ্যালয়ত চাহ উৎপাদন প্ৰযুক্তি আৰু বুদ্ধিদীপ্ত ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰমৰ শুভাৰম্ভ
শতাব্দ প্ৰতিনিধি,যোৰহাট, ১২ মেঃ অসম কৃষি বিশ্ববিদ্যালয়ে আৰম্ভ কৰা চাহ উৎপাদন প্ৰযুক্তি আৰু বুদ্ধিদীপ্ত ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম আজিৰে পৰা বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদত আৰম্ভ হৈছে। বিশ্ববিদ্যালয়খনে প্ৰথমবাৰৰ বাবে প্ৰবৰ্তন কৰা এবছৰীয়া এই পাঠ্যক্ৰমৰ আজি আনুষ্ঠানিকভাবে শুভাৰম্ভণি কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই ।বিশ্ববিদ্যালয়ৰ চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগত অনুষ্ঠিত এই অনুষ্ঠানত বক্তব্য ৰাখি উপাচাৰ্য গৰাকীয়ে কয় যে চাহ শিল্পৰ ক্ষেত্ৰখন প্ৰত্যাহ্বানমূলক…
বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষণ সম্পন্ন
শতাব্দৰ প্ৰতিনিধি ১২ মেঃ সমগ্ৰ শিক্ষা অসমৰ অধীনত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, লক্ষীমপুৰ জিলাৰ উদ্যোগত যোৱা ১১মে'ৰ পৰা ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ বিষয়ববীয়াৰ প্ৰশিক্ষণ কৰ্মশালাখনৰ আজি সামৰণি পৰিছে। বিদ্যালয় এখন পৰিচালনা কেনেকৈ কৰিব লাগে,শিকন,শিক্ষণ প্ৰক্ৰিয়াত শিক্ষক আৰু পৰিচালনা সমিতিৰ ভূমিকা ,নীতি জ্ঞান, মানসিক চৰিত্ৰ গঠন,সময়জ্ঞান,নৈতিকতা,শালীনতাৰ শিক্ষা আদিকৈ অলেখ বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। আনহাতে ছাত্ৰ-ছাত্ৰীক শাৰীৰিক মানসিক শাস্তি প্ৰদান কৰাটো…
যোৰহাটৰ চিএছআইআৰ-নেইষ্টত ‘আই-কানেক্ট’ অনুষ্ঠান
শতাব্দ প্ৰতিনিধি,যোৰহাট, এপ্ৰিল ১২: আজাদী কা অমৃত মহোৎসৱৰে সংগতি ৰাখি ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে যোৰহাটস্থিত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ অধীনৰ উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (চিএছআইআৰ-নেইষ্ট)ত আয়োজন কৰা 'আই-কানেক্ট (i-Connect) শীৰ্ষক এক কাৰ্যসূচী আজি শুভ উদ্বোধন কৰে কেন্দ্ৰীয় বিজ্ঞান-প্ৰযুক্তি আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয় দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে। দেশৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ আৰু অধিক দ্ৰুত বিকাশত সহায়ক হোৱাকৈ বৈজ্ঞানিক গৱেষণাৰ সু-প্ৰয়োগ তথা সংযোজনক উদগণি যোগোৱাৰ লক্ষ্যৰে…
কা – এন এইছ পি চিৰ বিৰুদ্ধে পুনৰ আন্দোলন ঘোষণা অখিল গগৈৰ
শতাব্দ প্ৰতিনিধি,লখিমপুৰ ১২ মেঃ লখিমপুৰত আজি উপস্থিত হৈ কা আৰু এন এইছ পি চি ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে অখিল গগৈয়ে। লখিমপুৰত উপস্থিত হৈয়ে অখিল গগৈয়ে আজি এই হুংকাৰ দিয়াৰ লগতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাতা এন এইছ পি চিৰ বিৰুদ্ধে অন্তিম সকীয়নি দিয়ে। নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অখিল গগৈয়ে নামনি সোৱণশিৰি জল জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ আৰম্ভ হব প্ৰতিবাদ বুলি মন্তব্য কৰে । নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম কেতিয়াও সম্পূৰ্ণ কৰিবলৈ দিয়া নহব বুলি লখিমপুৰৰ পৰা অখিল গগৈয়ে এই…
৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২৬ টা সমষ্টিত ৮ জুনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে'। বিটিচিৰ বাক্সা জিলাৰ ক'কলাবাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে'। ১২ জুনত অনুষ্ঠিত হ'ব ভোট গণনা।শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১২ মে' : ঘোষণা হ’ল কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন। লগতে ঘোষণা কৰা হ'ল বিটিচিৰ ক'কলাবাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ দিন। আজি অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ গুৱাহাটীস্থ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত নিৰ্বাচনৰ দিন ঘোষণা কৰে ৰাজ্যিক…
