Browsing Category
অসম
গড়মূৰ সৰু সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰৰ বিৰুদ্ধে পৰিচালনা সমিতিৰ সংবাদমেল
শতাব্দ প্ৰতিনিধি, মাজুলী, ১২ ম': ঐতিহাসিক মাজুলীৰ গড়মূৰ সত্ৰ আৰ্থিক সংকটত ভুগিছে যাৰ বাবে সত্ৰৰ পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সন্মুখীন হৈছে এই কথা আজি সংবাদমেলৰ যোগেদি প্ৰকাশ কৰিছে গড়মূৰ সত্ৰৰ পৰিচালনা সমিতিয়ে।আজি ১২-৩০ বজাত গড়মূৰ সত্ৰৰ অতিথি গৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি সত্ৰখনৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰবীন শৰ্মা, সম্পাদক ৰবীন মুদৈ, গড়মূৰ পীতাম্বৰ দেৱ যুৱ কল্যাণ সংঘৰ সভাপতি দিনমণি দত্তয়ে আৰ্থিক সুবিধাৰ বাবে সত্ৰখন পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ঠ অসুবিধা হোৱাৰ কথা প্ৰকাশ কৰে।সংবাদ মেলত গড়মূৰ সত্ৰ…
বদলাপদ্ম আতা পুৰুষৰ আবিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহৰ আয়োজন
শতাব্দ প্ৰতিনিধি, মাজুলী, ১২মে': মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ একান্ত প্ৰিয় শিষ্য শ্ৰীশ্ৰী বদলা পদ্ম আতা পুৰুষৰ "৪৭৬ তম্ আবিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ ভাগি শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতি অসমৰ উদ্যোগত মাজুলীবাসীৰ সহযোগত "কমলাকান্ত আতা ক্ষেত্ৰ" উত্তৰ কমলাবাৰী সত্ৰত অহা ৮,৯ আৰু ১০ জুন, ২০২২ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ব্যাপক আয়োজন কৰা হৈছে। অনুষ্ঠানটিৰ উপলক্ষে আজি উত্তৰ কমলাবাৰী সত্ৰৰ "কমলাকান্ত আতা ক্ষেত্ৰ"ত লাইখুঁটা স্থাপন কৰা হয়।ডবা, কাঁহ শংখৰ ধ্বনি, গায়ন বায়ন, আয়তীৰ উৰুলি, মিছিং জনগোষ্ঠীৰ বিহু…
তেজপুৰত তিনি সাংবাদিকক সন্মান
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২মে’: হিউমেন ৰাইটচ ইনটাৰনেশ্বনেল ফেডেৰেশ্বনৰ ৰাষ্ট্ৰীয় মুখ্য সঞ্চালক ড° বৰ্ণালী শৰ্মা বৰুৱাৰ অধ্যক্ষতাত কালি বিয়লি তেজপুৰত মানৱ অধীকাৰ আৰু সংবাদ মাধ্যম শীৰ্ষক এখন সভা অনুষ্ঠিত হয়।উল্লেখযোগ্য যে, তিনি মে’ত উদযাপিত হোৱা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰে সংগতি ৰাখি কালি বিয়লি পাঁচ বজাত স্থানীয় শিক্ষক ভৱনত অনুষ্ঠিত হোৱা সভাখনত তেজপুৰৰ বিভিন্ন ক্ষেত্ৰৰে জড়িত থাকি সামাজিক আৰু বহুসংখ্যক লোকৰ উন্নয়ণত অৰিহণা যোগোৱা বহুকেইগৰাকী লোক উপস্থিত থাকে।মানৱ অধিকাৰ সংস্থাটোৰ এগৰাকী সক্ৰিয় সদস্য শিক্ষক হিৰণ্য নাথে আঁত ধৰা সভাখনত…
ঢকুৱাখনাৰ চাৰিকড়ীয়া পাৰত সাজোন-কাচোনঃ ১৩ মে’ৰ পৰা ঐতিহাসিক ফাটবিহু
ঢকুৱাখনা-১২ মে: আহোম ৰাজত্বৰ সময়ৰে পৰা ঐতিহ্য ৰক্ষা কৰি ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত অনুষ্ঠিত হৈ অহা জাতি জনগোষ্ঠীৰ মহা-মিলনৰ উৎসৱ ফাটবিহু অহা ১৩, ১৪ আৰু ১৫ মে'ত অনুষ্ঠিত হ'ব।ঐতিহাসিক ফাটবিহুলৈ মাজত মাথো কেইটামান ঘণ্টা। মহঘূলি চাপৰিত ফাটবিহু আয়োজনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।এইবাৰ ফাটবিহুত অসমৰ বোলছবি জগতৰ অভিনেতা প্ৰাঞ্জল শইকীয়া, অভিনেত্ৰী অমৃতা গগৈ আৰু জনপ্ৰিয় সংগীত শিল্পী ৰূপা মিলিৰ লগতে অসমৰ কেইবাজনো প্ৰসিদ্ধ বিহুৱা তথা বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব।চাৰিকড়ীয়া নৈৰ পাৰৰ মহঘূলি চাপৰিৰ ফাটবিহু তলীখন চাফ চিকুণ কৰাৰ লগতে গছ…
মূল্যবৃদ্ধি ৰোধৰ দাবীৰে তেজপুৰত আমছুৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১২ মেঃ পেট্ৰোল, ডিজেল, জীৱনদায়িনী ঔষধৰ লগতে প্ৰতিবিধ খাদ্য সামগ্ৰীৰ অভাৱনীয়ভাৱে হোৱা মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাইছে। ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্যও দিনে দিনে বৃদ্ধি পোৱাৰ পাছতো বিজেপি চৰকাৰে কোনোধৰণৰ ব্যৱস্থাই গ্ৰহণ নকৰাত ৰাইজ জুৰুলা হৈছে।মূল্যবৃদ্ধি ৰোধৰ দাবীত আজি তেজপুৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ শোণিতপুৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। তেজপুৰস্থিত জিলা উপাযুক্ত কাৰ্যালয়ৰ সমীপত আদালত চাৰিআলিত আজি দিনৰ প্ৰায় ১১ বজাৰ পৰা ১ বজালৈ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচীৰে…
১৪ মে’ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মেগা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১২ মে' : চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি এবছৰত এক লাখ নিযুক্তি দিয়াত ব্যৰ্থ হ'ল যদিও ১৪ মে'ত নিযুক্তি পত্ৰ প্ৰদানৰ এক বিশাল অনুষ্ঠানৰ আয়োজন কৰিছে। সেইদিনা ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত মুখ্যমন্ত্ৰীয়ে তুলি দিব চৰকাৰী নিযুক্তি পত্ৰ। মেগা নিযুক্তিৰ বাবে সাজু হৈছে চৰকাৰ। ইতিমধ্যে ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু গৃহবিভাগৰ বিভিন্ন পদৰ বাবে হোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। একেদৰে টেট উত্তীৰ্ণৰো চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে। উল্লেখ যে আজি অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। মুঠ ৬,৬৬২টা কনিষ্টবল…
ফ্লাইবিগে বন্ধ কৰিলে লীলাবাৰী-গুৱাহাটী বিমান সেৱাঃ কিয় ?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : ফ্লাইবিগে যোৱা ১১ মে'ৰ পৰা লীলাবাৰী আৰু গুৱাহাটীৰ মাজৰ পোনপটীয়া বিমান সেৱা স্থগিত ৰাখিছে। আঞ্চলিক বিমান সেৱা সংস্থাটোৰ বিষয়া ৰতন আম্বোৰে এই কথা সদৰী কৰে। 'উড়ান' আঁচনিৰ অধীনত লখিমপুৰ সমষ্টিৰ সাংসদে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৪ কোটি টকা ফ্লাইবিগক মোকলাই দিয়া নাই বাবে কোম্পানীটোৱে সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত লয়। বিমান সংস্থাটোৰ এই ভাষ্যৰ বিপৰীতে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই কয় যে, ফ্লাইবিগে গুৱাহাটী-লীলাবাৰী উৰণ পথত বিমানৰ নিয়মীয়া সময়সূচী প্ৰদানত ব্যৰ্থ হৈছে; যাৰ বাবে যাত্ৰীসকল অসন্তুষ্ট…
অসম আৰক্ষীৰ ‘ৰাষ্ট্ৰপতি নিচান’ৰ আঁৰত উদয় কুমাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি গুৱাহাটী (IITG)ৰ ডিজাইন বিভাগৰ সহযোগী অধ্যাপক উদয় কুমাৰ ধৰ্মলিংগমে (Udaya Kumar Dharmalingam) ১০ মে' মঙলবাৰে পুৱা প্ৰায় ১০ বজাত গাড়ী চলাই থকাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহানগৰীৰ নেহৰুত ষ্টেডিয়ামত অনুষ্ঠিত এক আনুষ্ঠানিক অনুষ্ঠানত অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান ( President’s Colour) প্ৰদান কৰে। ২০১০ চনৰ পৰা প্ৰিমিয়াৰ ইনষ্টিটিউটত শিক্ষকতা কৰি অহা উদয় কুমাৰে ২০০৯ চনত এটকীয়া নোটখনৰো ডিজাইন কৰিছিল। ভাৰতীয় ত্ৰিৰংগাৰ ওপৰত ভিত্তি কৰি চৰ্টলিষ্ট কৰা…
ড্ৰাইভিং লাইচেন্স উলিয়াব নেকি? জানি লওক নতুন নিয়ম
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : দুচকীয়া বা চাৰিচকীয়া বাহন চালনাৰ বাবে অনুজ্ঞাপত্ৰ উলিয়াব বিচৰাসকলৰ বাবে এটা ভাল খবৰ আছে। আপুনি আৰু আঞ্চলিক পৰিবহণ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই বা ড্ৰাইভিং লাইচেন্স লাভ কৰিবলৈ দীঘলীয়া শাৰীত অপেক্ষা কৰাৰ প্ৰয়োজন নাই। এই কাম এতিয়া সহজ হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰে ড্ৰাইভিং লাইচেন্স লাভৰ বাবে চৰ্ত সলনি কৰিছে। ড্ৰাইভিং লাইচেন্স নতুন নিয়ম-২০২২ৰ অধীনত এতিয়া আৰু প্ৰয়োজন নাই ড্ৰাইভিং টেষ্ট। তদুপৰি এই নিয়মাৱলী এতিয়া প্ৰযোজ্য হৈছে। এনে ক্ষেত্ৰত নতুন নিয়মৰ জৰিয়তে ব্যক্তিসকলক আৰ টি অ’ৰ…
মাৰ্ঘেৰিটাত ইক’ পাৰ্ক উদ্বোধন
শতাব্দৰ মাৰ্ঘেৰিটাৰ প্রতিবেদক ১১ মেঃ মাৰ্ঘেৰিটা নগৰৰ হিলভিউস্থিত আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সন্মুখত নতুনকৈ নিৰ্মাণ কৰা ইক' পাৰ্কখন আজি উদ্বোধন কৰা হয় | জিলা খনি পুঁজিৰ অধীনত নিৰ্মাণ কৰি তোলা পাৰ্কখন আনুষ্ঠানিক ভাবে মুকলি কৰে ভাৰত চৰকাৰ পেট্রলিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীয়ে । ইক' পাৰ্কখনে নগৰখনৰ সৌন্দৰ্যবৰ্ধনৰ সমান্তৰাল ভাবে দৰ্শনাৰ্থীক আকৰ্ষিত কৰিবলৈ সক্ষম হব বুলি আশা প্রকাশ কৰে ৰাইজে |
