Browsing Category
অসম
টাটা টেকন’লজিছ লিমিটেড আৰু অসম চৰকাৰৰ মাজত বুজাবুজি চুক্তি
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ মে’: ৰাজ্যৰ ঔদ্যোগিক শিক্ষাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ আৰু টাটা টেকন'লজিছ লিমিটেডৰ লগত বুধবাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা টেকনলজিছ লিমিটেডৰ অধ্যক্ষ সুব্ৰমনিয়াম ৰামদোৰায়ৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । উল্লেখ্য যে ৰাজ্যিক কেবিনেট বৈঠকত এই চুক্তি স্বাক্ষৰিত কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছিল। এই চুক্তিৰ জৰিয়তে অসম চৰকাৰে টাটা টেকন'লজিছ লিমিটেডৰ সহযোগত ৰাজ্যখনৰ ৩৪ খন পলিটেকনিক প্ৰতিষ্ঠান আৰু ৪৩ খন…
তেজপুৰত হাতীদাঁতৰ টুকুৰা সহ এজনক আটক
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১মে’: তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত বঁটাবাৰীত আজি আৰক্ষীয়ে হাতী দাঁত সহ এজন লোকক আটক কৰে । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চটাই চাপৰিৰ জামাল উদ্দিন নামৰ লোকজনে এটা মোনাত দুটা হাতী দাঁতৰ টুকুৰা বিক্ৰী কৰিবলৈ অহা বুলি আগতীয়া তথ্য লাভ কৰিছিল আৰু ইয়াৰ ভিত্তিতে আৰক্ষীয়ে আজি বটাবাৰীত ৩৭(ক)নম্বৰ ৰাষ্ট্ৰীয় পথৰ পৰা তেওঁক আটক কৰে । লোকজনৰ পৰা উদ্ধাৰ হোৱা হাতী দাঁতৰ টুকুৰা দুটাৰ অংশৰ ওজন দুই কিলো সাতশ গ্ৰাম । ঘটনা সন্দৰ্ভত আৰক্ষীৰ অধিক অনুসন্ধান অব্যাহত আছে।
শিক্ষিত যুৱতীক সংস্থাপনৰ লক্ষ্য নন্দিনী ফাউণ্ডেচনৰ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ১১ মে’ : শিক্ষিত নিবনুৱা যুৱতী তথা ছাত্ৰীসকলক সংস্থাপনৰ বাট দেখুওৱাৰ উদ্দেশ্যে আগবাঢ়ি অহা নন্দিনী ফাউণ্ডেচনৰ উদ্যোগত আৰু ধেমাজি বালিকা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত যোৱা ৪ মে’ৰ পৰা সপ্তাহজোৰাকৈ অনুষ্ঠিত Employbility Skill development programme শীৰ্ষক কৰ্মশালাখন আজি সামৰণি পৰে । ধেমাজি বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহাবিদ্যালয়খনৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰ্মশালাত মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে নন্দিনী ফাউণ্ডেচনৰ soft/life skillৰ প্ৰশিক্ষক আকুলতা বৰাই…
আলফাত (স্বাঃ) যোগদান কৰা আছুৰ নেতা বিজু গগৈক শিবিৰত গুলীয়াই হত্যা কৰা হৈছিল
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ মে’ : 'কা’ বিৰোধী আন্দোলনৰ সময়ত সশস্ত্ৰ পন্থাৰ প্ৰতি আকৰ্ষিত হৈ আলফাত (স্বাঃ) যোগদান কৰা সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিজু গগৈ ওৰফে ভাগ্য অসমক আলফাৰ (স্বাঃ) শিবিৰত গুলীয়াই হত্যা কৰা হৈছিল । এই ভয়ংকৰ স্বীকাৰোক্তি দিছে মঙ্গলবাৰে নিশা আৰক্ষীৰ হাতত ধৰা পৰা আলফা সদস্য সন্তোষ লামা ওৰফে অপু অসমে । উল্লেখ্য যে মঙ্গলবাৰে নিশা নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষী আৰু ১৯ আছাম ৰাইফলছে অসম-অৰুণাচল সীমান্তৱৰ্ত্তী জাগুন আৰক্ষী…
মাৰ্ঘেৰিটাত চুকাফাৰ পূৰ্ণাংগ মূৰ্তি উদঘাটন
শতাব্দৰ মাৰ্ঘেৰিটাৰ প্রতিবেদক ১১ মেঃ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সম্পূৰ্ণ ব্যক্তিগত পুঁজিৰে হিলভিউৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সন্মুখৰ ইক' পাৰ্কৰ লগতে স্থাপন কৰা অসমীয়া জাতি গঠনৰ বুনিয়াদ গঢ়োতা তথা অসমত আহোম ৰাজ্যৰ প্রতিষ্ঠাতা স্বৰ্গদেউ চাও লুং চ্যুকাফাৰ এটি পূৰ্ণাংগ মুৰ্ত্তি আজি আনুষ্ঠানিক ভাবে উদঘাটন কৰা হয়।মূৰ্তিটো মুকলি কৰে বিধায়ক ভাস্কৰ শৰ্মাই। টাই আহোম সকলৰ মাংগলিক অনুষ্ঠানৰে আৰম্ভ কৰা হয় উন্মোচনী অনুষ্ঠান । এই উপলক্ষে পবিত্র বৰগোহাঁই আৰু দিচেন টিপমীয়াৰ সম্পাদনাত প্রকাশিত চাওলুং চুকাফা নামৰ…
প্ৰশান্ত ৰাজগুৰুলৈ ’’পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, ২০২২’’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মেঃ অসমৰ সংবাদ জগতত ১৯৮৭ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে সাংবাদিকতাত জড়িত হৈ সমাজ-জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ আগবঢ়োৱা হৈছে ’’পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, ২০২২’'। এই বঁটা আগবঢ়াইছে "পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চ"ই। অহা ১৭ মে’ত পৰাগ দাসৰ মৃত্যু দিৱসত গুৱাহাটী প্ৰেছ ক্লাবত এই বঁটা প্ৰদান কৰা হ’ব। উল্লেখ্য যে এই বঁটাত আছে ২৫ হাজাৰ টকা, স্মাৰক, চেলেংচাদৰ আৰু প্ৰশংসা পত্ৰ।
বঁটা প্ৰাপক ৰাজগুৰুৱে দৈনিক জনমভূমি কাকতত সাংবাদিকতা আৰম্ভ কৰি বিগত ৪টা দশকত, অসমীয়া প্ৰতিদিন, দৈনিক অসমত…
লাভলীনা বৰগোহাঁইৰ জয়যাত্ৰা আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : অলিম্পিকত পদক জয়েৰে অসমীয়াক গৌৰৱান্বিত কৰা লাভলীনা বৰগোহাঁয়ে IBA বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতা জয়যাত্ৰা আৰম্ভ কৰিছে। ৯ মে'ৰ নিশা অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডৰ খেলত লাভলীনাই পৰাভূত কৰে প্ৰাক্তন বিশ্ব চেম্পিয়ন চীন টাইপেৰ শক্তিশালী বক্সাৰ চেন নিয়েন চিনক। তুৰস্কৰ ইষ্টানবুলত আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ ৭০ কিলোগ্ৰাম শাখাত লাভলীনাই অংশগ্ৰহণ কৰি অভিজ্ঞ বক্সাৰগৰাকীক ৩-২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। উল্লেখ্য যে ইতিপূৰ্বে টকিঅ' অলিম্পিকতো লাভলীনাই চেন নিয়েন চিনক পৰাভূত কৰিছিল। লাভলীনাই এই…
লখিমপুৰ জিলা ৰেডক্ৰছ ছচাইটিৰ নতুন সমিতি গঠন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১০ মে': ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটিৰ লখিমপুৰ জিলা শাখাৰ মেনেজিং কমিটিখন আজি পুনৰ গঠন কৰা হয়। এই উদ্দেশ্যে আজি লখিমপুৰ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰেডক্ৰছ ছচাইটিৰ এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয়। লখিমপুৰ জিলা উপায়ুক্তৰ হৈ অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত চাৰু বৰাক উপ সভাপতি, ৰাজেশ মালপানীক চেয়াৰমেন, কুলনাথ ভৰালীক ভাইচ চেয়াৰমেন, ৰাজীৱ শৰ্মাক সাধাৰণ সম্পাদক, গডফ্ৰে হেৰেক কোষাধ্যক্ষ, প্ৰশান্ত কুমাৰ মোদকক সাংগঠনিক সম্পাদক, বিনোদ ধানক চেক্ৰেটাৰী (জুনিয়ৰ…
যোৰহাটত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস
শতাব্দ প্ৰতিনিধি,যোৰহাট,১০ মে': সাংবাদিকসকলৰ সংবাদ সেৱা এতিয়াও বৃত্তি নহ'লগৈ। একৈশ শতিকা অতিক্ৰম কৰাৰ পাছতো সাংবাদিক সেৱা বৃত্তিলৈ ৰূপান্তৰ কৰিব নোৱাৰাটো অত্যন্ত পৰিতাপৰ বিষয়। সাংবাদিকসকলক বিভিন্ন সময়ত দোষ জাপি দিয়া হয় । মূলতঃ সংবাদ সেৱা বৃত্তিলৈ ৰূপান্তৰ নোহোৱাতহে এনে দুৰ্দশা সাংবাদিকসকলৰ--- এই মন্তব্য বিশিষ্ট লেখক তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তৰ । উল্লেখ্য যে, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি যোৰহাট প্ৰেছ ক্লাবত যোৰহাট জিলা সাংবাদিক সন্থাৰ সহযোগত…
গুৱাহাটীৰ খানাপাৰাত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰ্ষপূৰ্তি উদযাপন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১০ মেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আজি গুৱাহাটীৰ খানাপাৰাত বিশাল কাৰ্যসূচীৰ আয়োজন কৰা হয়। বৰ্ষপূৰ্তিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশ গ্ৰহণ কৰে। বৰ্ষপূৰ্তি অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ প্ৰদান কৰি কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ এবছৰীয়া কাৰ্যকালত অসমত উন্নয়ন হৈছে। প্ৰধানমন্ত্রী নৰেন্দ্র মোডীৰ নেতৃত্বত অসমলৈ শান্তিৰ বাতাবৰণ আহিছে। ইয়াৰ বাবে অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম…
