Browsing Category

অসম

মূল্যবৃদ্ধি ৰোধৰ দাবীৰে তেজপুৰত আমছুৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১২ মেঃ পেট্ৰোল, ডিজেল, জীৱনদায়িনী ঔষধৰ লগতে প্ৰতিবিধ খাদ্য সামগ্ৰীৰ অভাৱনীয়ভাৱে হোৱা মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাইছে। ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্যও দিনে দিনে বৃদ্ধি পোৱাৰ পাছতো বিজেপি চৰকাৰে কোনোধৰণৰ ব্যৱস্থাই গ্ৰহণ নকৰাত ৰাইজ জুৰুলা হৈছে।মূল্যবৃদ্ধি ৰোধৰ দাবীত আজি তেজপুৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ শোণিতপুৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। তেজপুৰস্থিত জিলা উপাযুক্ত কাৰ্যালয়ৰ সমীপত আদালত চাৰিআলিত আজি দিনৰ প্ৰায় ১১ বজাৰ পৰা ১ বজালৈ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচীৰে…

১৪ মে’ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মেগা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১২ মে' :  চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি এবছৰত এক লাখ নিযুক্তি দিয়াত ব্যৰ্থ হ'ল যদিও ১৪ মে'ত নিযুক্তি পত্ৰ প্ৰদানৰ এক বিশাল অনুষ্ঠানৰ আয়োজন কৰিছে। সেইদিনা ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত মুখ্যমন্ত্ৰীয়ে তুলি দিব চৰকাৰী নিযুক্তি পত্ৰ। মেগা নিযুক্তিৰ বাবে সাজু হৈছে  চৰকাৰ। ইতিমধ্যে ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু গৃহবিভাগৰ বিভিন্ন পদৰ বাবে হোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। একেদৰে টেট উত্তীৰ্ণৰো চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে। উল্লেখ যে আজি অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। মুঠ ৬,৬৬২টা কনিষ্টবল…

ফ্লাইবিগে বন্ধ কৰিলে লীলাবাৰী-গুৱাহাটী বিমান সেৱাঃ কিয় ?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : ফ্লাইবিগে যোৱা ১১ মে'ৰ পৰা লীলাবাৰী আৰু গুৱাহাটীৰ মাজৰ পোনপটীয়া বিমান সেৱা স্থগিত ৰাখিছে। আঞ্চলিক বিমান সেৱা সংস্থাটোৰ বিষয়া ৰতন আম্বোৰে এই কথা সদৰী কৰে। 'উড়ান' আঁচনিৰ অধীনত লখিমপুৰ সমষ্টিৰ সাংসদে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৪ কোটি টকা ফ্লাইবিগক মোকলাই দিয়া নাই বাবে কোম্পানীটোৱে সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত লয়। বিমান সংস্থাটোৰ এই ভাষ্যৰ বিপৰীতে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই কয় যে, ফ্লাইবিগে গুৱাহাটী-লীলাবাৰী উৰণ পথত বিমানৰ নিয়মীয়া সময়সূচী প্ৰদানত ব্যৰ্থ হৈছে; যাৰ বাবে যাত্ৰীসকল অসন্তুষ্ট…

অসম আৰক্ষীৰ ‘ৰাষ্ট্ৰপতি নিচান’ৰ আঁৰত উদয় কুমাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি গুৱাহাটী (IITG)ৰ ডিজাইন বিভাগৰ সহযোগী অধ্যাপক উদয় কুমাৰ ধৰ্মলিংগমে (Udaya Kumar Dharmalingam) ১০ মে' মঙলবাৰে পুৱা প্ৰায় ১০ বজাত গাড়ী চলাই থকাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহানগৰীৰ নেহৰুত ষ্টেডিয়ামত অনুষ্ঠিত এক আনুষ্ঠানিক অনুষ্ঠানত অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান ( President’s Colour) প্ৰদান কৰে। ২০১০ চনৰ পৰা প্ৰিমিয়াৰ ইনষ্টিটিউটত শিক্ষকতা কৰি অহা উদয় কুমাৰে ২০০৯ চনত এটকীয়া নোটখনৰো ডিজাইন কৰিছিল। ভাৰতীয় ত্ৰিৰংগাৰ ওপৰত ভিত্তি কৰি চৰ্টলিষ্ট কৰা…

ড্ৰাইভিং লাইচেন্স উলিয়াব নেকি? জানি লওক নতুন নিয়ম

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : দুচকীয়া বা চাৰিচকীয়া বাহন চালনাৰ বাবে অনুজ্ঞাপত্ৰ উলিয়াব বিচৰাসকলৰ বাবে এটা ভাল খবৰ আছে। আপুনি আৰু আঞ্চলিক পৰিবহণ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই বা ড্ৰাইভিং লাইচেন্স লাভ কৰিবলৈ দীঘলীয়া শাৰীত অপেক্ষা কৰাৰ প্ৰয়োজন নাই। এই কাম এতিয়া সহজ হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰে ড্ৰাইভিং লাইচেন্স লাভৰ বাবে চৰ্ত সলনি কৰিছে। ড্ৰাইভিং লাইচেন্স নতুন নিয়ম-২০২২ৰ অধীনত এতিয়া আৰু প্ৰয়োজন নাই ড্ৰাইভিং টেষ্ট। তদুপৰি এই নিয়মাৱলী এতিয়া প্ৰযোজ্য হৈছে। এনে ক্ষেত্ৰত নতুন নিয়মৰ জৰিয়তে ব্যক্তিসকলক আৰ টি অ’ৰ…

মাৰ্ঘেৰিটাত ইক’ পাৰ্ক উদ্বোধন

শতাব্দৰ মাৰ্ঘেৰিটাৰ প্রতিবেদক ১১ মেঃ  মাৰ্ঘেৰিটা নগৰৰ হিলভিউস্থিত আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সন্মুখত নতুনকৈ নিৰ্মাণ কৰা ইক' পাৰ্কখন আজি উদ্বোধন কৰা হয় | জিলা খনি পুঁজিৰ অধীনত নিৰ্মাণ কৰি তোলা পাৰ্কখন আনুষ্ঠানিক ভাবে মুকলি কৰে ভাৰত চৰকাৰ পেট্রলিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীয়ে । ইক' পাৰ্কখনে নগৰখনৰ সৌন্দৰ্যবৰ্ধনৰ সমান্তৰাল ভাবে দৰ্শনাৰ্থীক আকৰ্ষিত কৰিবলৈ সক্ষম হব বুলি আশা প্রকাশ কৰে ৰাইজে |

টাটা টেকন’লজিছ লিমিটেড আৰু অসম চৰকাৰৰ মাজত বুজাবুজি চুক্তি

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ মে’: ৰাজ্যৰ ঔদ্যোগিক শিক্ষাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ আৰু টাটা টেকন'লজিছ লিমিটেডৰ লগত বুধবাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা টেকনলজিছ লিমিটেডৰ অধ্যক্ষ সুব্ৰমনিয়াম ৰামদোৰায়ৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । উল্লেখ্য যে ৰাজ্যিক কেবিনেট বৈঠকত এই চুক্তি স্বাক্ষৰিত কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছিল। এই চুক্তিৰ জৰিয়তে অসম চৰকাৰে টাটা টেকন'লজিছ লিমিটেডৰ সহযোগত ৰাজ্যখনৰ ৩৪ খন পলিটেকনিক প্ৰতিষ্ঠান আৰু ৪৩ খন…

তেজপুৰত হাতীদাঁতৰ টুকুৰা সহ এজনক আটক

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১মে’: তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত বঁটাবাৰীত আজি আৰক্ষীয়ে হাতী দাঁত সহ এজন লোকক আটক কৰে । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চটাই চাপৰিৰ জামাল উদ্দিন নামৰ লোকজনে এটা মোনাত দুটা হাতী দাঁতৰ টুকুৰা বিক্ৰী কৰিবলৈ অহা বুলি আগতীয়া তথ্য লাভ কৰিছিল আৰু ইয়াৰ ভিত্তিতে আৰক্ষীয়ে আজি বটাবাৰীত ৩৭(ক)নম্বৰ ৰাষ্ট্ৰীয় পথৰ পৰা তেওঁক আটক কৰে । লোকজনৰ পৰা উদ্ধাৰ হোৱা হাতী দাঁতৰ টুকুৰা দুটাৰ অংশৰ ওজন দুই কিলো সাতশ গ্ৰাম । ঘটনা সন্দৰ্ভত আৰক্ষীৰ অধিক অনুসন্ধান অব্যাহত আছে।

শিক্ষিত যুৱতীক সংস্থাপনৰ লক্ষ্য নন্দিনী ফাউণ্ডেচনৰ

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১১ মে’ : শিক্ষিত নিবনুৱা যুৱতী তথা ছাত্ৰীসকলক সংস্থাপনৰ বাট দেখুওৱাৰ উদ্দেশ্যে আগবাঢ়ি অহা নন্দিনী ফাউণ্ডেচনৰ উদ্যোগত আৰু ধেমাজি বালিকা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত যোৱা ৪ মে’ৰ পৰা সপ্তাহজোৰাকৈ অনুষ্ঠিত Employbility Skill development programme শীৰ্ষক কৰ্মশালাখন আজি সামৰণি পৰে । ধেমাজি বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহাবিদ্যালয়খনৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰ্মশালাত মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে নন্দিনী ফাউণ্ডেচনৰ soft/life skillৰ প্ৰশিক্ষক আকুলতা বৰাই…

আলফাত (স্বাঃ) যোগদান কৰা আছুৰ নেতা বিজু গগৈক শিবিৰত গুলীয়াই হত্যা কৰা হৈছিল

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ মে’ : 'কা’ বিৰোধী আন্দোলনৰ সময়ত সশস্ত্ৰ পন্থাৰ প্ৰতি আকৰ্ষিত হৈ আলফাত (স্বাঃ) যোগদান কৰা সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিজু গগৈ ওৰফে ভাগ্য অসমক আলফাৰ (স্বাঃ) শিবিৰত গুলীয়াই হত্যা কৰা হৈছিল । এই ভয়ংকৰ স্বীকাৰোক্তি দিছে মঙ্গলবাৰে নিশা আৰক্ষীৰ হাতত ধৰা পৰা আলফা সদস্য সন্তোষ লামা ওৰফে অপু অসমে । উল্লেখ্য যে মঙ্গলবাৰে নিশা নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষী আৰু ১৯ আছাম ৰাইফলছে অসম-অৰুণাচল সীমান্তৱৰ্ত্তী জাগুন আৰক্ষী…