Browsing Category

অসম

মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত টাইপাৰ বিক্ষোভ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ মেঃ অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি টাই আহোম যুৱ পৰিষদ, অসমৰ (টাইপা) তিনিচুকীয়া জিলা সমিতিয়ে চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখ্য যে খাদ্য সামগ্ৰীৰ লগতে ইন্ধন আৰু অন্যান্য সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণৰ জনসাধাৰণক জুৰুলা কৰি পেলাইছে। মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদে মূৰ দাঙি উঠিছে। আজি তিনিচুকীয়াৰ থানা চাৰিআলিত টাইপাই মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।

অসম আৰক্ষীয়ে লাভ কৰা নিচান বঁটাক লৈ বাক্সাত অনুষ্ঠান

শতাব্দ প্ৰতিনিধি, বাক্সা, ১০ মেঃ সমগ্ৰ ৰাজ্যবাসীৰ কাৰণে আজি এক ঐতিহাসিক দিন । অসম আৰক্ষীয়ে অপৰাধী আৰু অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে নিজৰ দায়িত্ব পালন কৰাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে  লাভ কৰিলে অসামৰিক ৰাষ্ট্ৰপতি সন্মান  নিচান বঁটা । এই সন্মান লাভ কৰা দেশৰ ভিতৰত অসম দশম স্থানত আছে। আজিৰ এই দিনটো সমগ্ৰ ৰাজ্যৰ আৰক্ষীয়ে এক ঐতিহাসিক দিন হিচাপে পালন কৰে । বাক্সা আৰক্ষীয়েও আজিৰ দিনটো অসম আৰক্ষীৰ বাবে এক ঐতিহাসিক দিন হিচাপে উদযাপন কৰে । বাক্সাৰ বৰবৰী আৰক্ষী ছাউনিত অনুষ্ঠিত অনুষ্ঠানত আৰক্ষী, ভিডিপি, অৱসৰপ্ৰাপ্ত আৰক্ষীৰ লোকসকলে…

আজিৰেপৰা বিদ্যালয়, মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষণ আৰম্ভ

শতাব্দৰ প্ৰতিনিধি, ১০মে: লখিমপুৰ জিলাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ নৱগঠিত পৰিচালনা সমিতিসমূহৰ প্ৰশিক্ষণ নাৰায়ণপুৰ শিক্ষা খণ্ডত আজিৰে পৰা আৰম্ভ হৈছে।সমগ্ৰ শিক্ষা অসম'ৰ অধীনত আৰম্ভ হোৱা এই প্ৰশিক্ষণ ১০-১১মে'ত মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু ১১- ১২ মে'ৰ পৰা ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হ'ব। আজিৰেপৰা দুদিনীয়াকৈ মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰশিক্ষণ হোৱা বিদ্যালয় সমূহ ক্ৰমে বৰবালি আদৰ্শ উচ্চ মাধ্যমিক,বৰখেটমতীয়া উচ্চ মাধ্যমিক, চিলাৰায় উচ্চ মাধ্যমিক,…

মাৰ্ঘেৰিটা সত্রীয়া কলা কৃষ্টি কেন্দ্রত ব’হাগৰ এসন্ধ্যা

শতাব্দৰ মাৰ্ঘেৰিটা প্রতিবেদক ৯ মেঃ মাৰ্ঘেৰিটা নগৰস্থিত সত্রীয়া কলা কৃষ্টি কেন্দ্র কালি ব'হাগৰ এসন্ধ্যা নামেৰে এক মনোগ্রহী অনুষ্ঠান অনুষ্ঠিত হয় । ডাঃ মানব্রত গগৈ, অৰুণ দত্ত, ৰাকেশ কলিতা, নকুল শইকীয়া, তোলন চন্দ্র গগৈ ফুলমাই ফুকনে বন্তি প্রজ্বলনেৰে পাতনি মেলা কাৰ্যসূচীত ডাঃ ৰাণুমনি দুৱৰা আৰু ডাঃ দিব্যা সিং উপস্থিত থাকে। |প্রত্যুষা শ্যামলী গগৈ, অয়ন ক্ষেত্র গগৈ, হৃষীকেশ শইকীয়া, ময়ুৰী দাস, শ্বাশতী শৰ্মা, মনিস্কা পূজাৰী, বিবৃতি গগৈৰ বিহুগীত, তপস্যা চেতিয়া, কংকনা ফুকন, প্রগতিময়ী শ্যাম, ৰেমনি কৌশিল্য আৰু কিষ্কিন্ধ্যা দাসৰ বিহু নাচ,…

বৰগোলাইত ৰবীন্দ্র নাথ ঠাকুৰক গীতে মাতে স্মৰণ

শতাব্দৰ মাৰ্ঘেৰিটাৰ প্রতিবেদক ৯ মেঃ দেশৰ অন্যান্য অংশৰ লগতে বৰগোলাইতো কবিগুৰু ৰবীন্দ্র নাথ ঠাকুৰক জন্ম জয়ন্তীত স্মৰণ কৰা হয়।বৰগোলাই আদৰ্শ হিন্দী বিদ্যালয় প্রাংগনত ছাত্র নাট্য মঞ্চৰ উদ্যোগত কবি গুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ ১৬১ তম জন্ম জয়ন্তী উদযান কৰা হৈছে | আজি কবিগুৰুৰ প্রতিছবিত মাল্যৰ্পণ, বন্তি প্রজ্বলনৰৰ পাছতে ছাত্র ছাত্রী সকলৰ মাজত চিত্রাঙ্কন প্রতিযোগিতা, আবৃত্তি প্রতিযোগিতা আয়োজন কৰা হয় | ৰাজ শেখৰ আম্বেদকাৰৰ পৰিচালনাত একলা চল'ৰে শীৰ্ষক এখন নাট ছাত্র ছাত্রী সকলে পৰিৱেশন কৰে | ছাত্র ছাত্রী সকলৰ মাজত কবিতা আবৃত্তি প্রতিযোগিতাও…

বিদূষী মহিলা হেমলতা বৰুৱাক তিলোত্তমা বৰুৱা স্মাৰক বঁটা প্ৰদান তেজপুৰ বিশ্ববিদ্যালয়ৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৯ মেঃ ত্যাগ আৰু সংগ্ৰামৰ প্ৰতীক স্বৰূপ তেজপুৰৰ ৯৪ বছৰীয়া হেমলতা বৰুৱাক আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰই ‘তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা’ প্ৰদান কৰে। উল্লেখ্য যে, প্ৰবীন স্বাধীনতা সংগ্ৰামী মহিলা সৱলীকৰণৰ অগ্ৰণী নেত্ৰী সমাজসেৱিকা তিলোত্তমা বৰুৱাৰ আজি ৪০ সংখ্যক মৃত্যুবাৰ্ষিকীৰ দিনটোতে তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰ প্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰই আয়োজন কৰা তিলোত্তমা বৰুৱা স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানত নতুন দিল্লীৰ পৰা অনলাইনৰ জৰিয়তে মহিলা আৰু শিশু উন্নয়ন…

বাহনা মহাবিদ্যালয়ত ‘সাগৰ তলিৰ শংখ’ অনুষ্ঠিত

শতাব্দ প্ৰতিনিধি, যোৰহাট , ৯ মে : জাতীয় গৌৰৱৰ এদিন অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি বাহনা মহাবিদ্যালয়ত অনুষ্ঠিত হয় 'সাগৰ তলিৰ শংখ' কথা-কবিতা আৰু সংগীতৰ অনুষ্ঠান। বাহনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা নমিতা শইকীয়াই আদৰণী ভাষণত জাতীয় গৌৰৱৰ এদিন অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সাগৰ তলিৰ শংখ অনুষ্ঠানটিয়ে ছাত্ৰী ছাত্ৰী সকলক উপকৃত কৰিব বুলি মন্তব্য কৰে। অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা কবি, লেখক তথা কথাশিল্পী মৃদুল কুমাৰ বৰাই ভাষণত কয় যে নীলমণি ফুকনৰ ভাষাশিল্পই, জীৱনবোধে অসমীয়া জাতি আৰু ভাষাক পুনৰ গজগজীয়া কৰিলে। তেখেতৰ…

ভূপেন উজীৰ – শান্তা উজীৰলৈ সমাজৰত্ন ডাঃ নবীন চন্দ্ৰ বৰদলৈ, আদৰ্শ মাতৃ তিলোত্তমা বৰদলৈ স্মাৰক বঁটা

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৯ মেঃ যোৰহাট জিলা সাহিত্য সভাই সমাজৰত্ন ডাঃ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি ৰক্ষা সমিতিৰ সহযোগত সমাজৰত্ন ডাঃ নবীন চন্দ্ৰ বৰদলৈ আৰু আদৰ্শ মাতৃ তিলোত্তমা বৰদলৈ স্মাৰক বঁটা প্ৰদান কৰি আহিছে ।২০২২ বৰ্ষৰ বাবে এই বঁটা আগবঢ়াোৱা হ’ব অসমৰ সংগীত জগতৰ অন্যতম ভূপেন উজীৰ আৰু শান্তা উজীৰক । জিলা সাহিত্য সভাৰ সম্পাদক মাধৱ মহন্তই এক বাৰ্তাৰ জৰিয়তে জানিবলৈ দিয়ে যে অহা ১৪ মে’ শনিবাৰে গুৱাহাটীৰ পূব দীঘলী পুখুৰীপাৰস্থিত সত্যনাথ বৰা হলত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব । বিয়লি ৪ বজাৰ পৰা হ’ব…

উজনিৰ বাগিছাত প্লাষ্টিক চাউল ! বিতৰণৰ অভিযোগ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ মে’ : চাহ বাগিছাৰ শ্ৰমিক ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা ৰেচনৰ চাউলৰ নামত প্লাষ্টিক সদৃশ চাউল যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ) কেন্দ্ৰীয় উপ-সভাপতি আৰু পানীতোলা শাখাৰ সম্পাদকৰ দায়িত্বত থকা চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে এক বিবৃতিত কয় যে যোৱা শনিবাৰে ডিব্ৰুগড়ৰ খাৰজান বাগিছাৰ শ্ৰমিকৰ মাজত প্লাষ্টিক সদৃশ চাউল বিতৰণ কৰা হৈছিল । এই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীক এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰা হৈছে । ইফালে এই ঘটনাই খাৰজানৰ লগতে দাঁতিকাষৰীয়া বাগিছাৰ…

ধেমাজিত ৰেলে মহতিয়াই নিলে স্কৰপিঅ’ গাড়ীঃ নিহত ২

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৯ মে” ধেমাজিত আজি সংঘটিত এক ভয়ংকৰ-শোকাৱহ দুৰ্ঘটনাই সকলোকে মৰ্মাহত কৰি তুলিছে । দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে এখন স্কৰপিঅ’ গাড়ীৰ চালক থিতাতে মৃত্যু হোৱাৰ বিপৰীতে গাড়ীখনত বহি যোৱা মহিলাগৰাকী চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় । ঘটনাৰ বিৱৰণ অনুসৰি অৰুণাচলৰ নাহৰলগুন-তিনিচুকীয়া ইন্টাৰচিটি ৰেলেখনে মহতিযাই নিয়ে এখন নতুন স্কৰপিঅ' গাড়ী । নাহৰলগুনৰ পৰা তিনিচুকীয়ালৈ গৈ থকা অৱস্থাত ধেমাজিৰ চমৰাজান পানীতোলাত গেটবিহীন পথেৰে ৰেল আলি পাৰ হ’বলৈ লওঁতেই স্কৰ'পিঅখন মহতিয়াই নিয়ে। দুৰ্ঘটনাটোত কেঁকুৰী আহোম গাঁৱৰ…