Browsing Category
অসম
মাৰ্ঘেৰিটাত চুকাফাৰ পূৰ্ণাংগ মূৰ্তি উদঘাটন
শতাব্দৰ মাৰ্ঘেৰিটাৰ প্রতিবেদক ১১ মেঃ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সম্পূৰ্ণ ব্যক্তিগত পুঁজিৰে হিলভিউৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সন্মুখৰ ইক' পাৰ্কৰ লগতে স্থাপন কৰা অসমীয়া জাতি গঠনৰ বুনিয়াদ গঢ়োতা তথা অসমত আহোম ৰাজ্যৰ প্রতিষ্ঠাতা স্বৰ্গদেউ চাও লুং চ্যুকাফাৰ এটি পূৰ্ণাংগ মুৰ্ত্তি আজি আনুষ্ঠানিক ভাবে উদঘাটন কৰা হয়।মূৰ্তিটো মুকলি কৰে বিধায়ক ভাস্কৰ শৰ্মাই। টাই আহোম সকলৰ মাংগলিক অনুষ্ঠানৰে আৰম্ভ কৰা হয় উন্মোচনী অনুষ্ঠান । এই উপলক্ষে পবিত্র বৰগোহাঁই আৰু দিচেন টিপমীয়াৰ সম্পাদনাত প্রকাশিত চাওলুং চুকাফা নামৰ…
প্ৰশান্ত ৰাজগুৰুলৈ ’’পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, ২০২২’’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মেঃ অসমৰ সংবাদ জগতত ১৯৮৭ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে সাংবাদিকতাত জড়িত হৈ সমাজ-জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ আগবঢ়োৱা হৈছে ’’পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, ২০২২’'। এই বঁটা আগবঢ়াইছে "পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চ"ই। অহা ১৭ মে’ত পৰাগ দাসৰ মৃত্যু দিৱসত গুৱাহাটী প্ৰেছ ক্লাবত এই বঁটা প্ৰদান কৰা হ’ব। উল্লেখ্য যে এই বঁটাত আছে ২৫ হাজাৰ টকা, স্মাৰক, চেলেংচাদৰ আৰু প্ৰশংসা পত্ৰ।
বঁটা প্ৰাপক ৰাজগুৰুৱে দৈনিক জনমভূমি কাকতত সাংবাদিকতা আৰম্ভ কৰি বিগত ৪টা দশকত, অসমীয়া প্ৰতিদিন, দৈনিক অসমত…
লাভলীনা বৰগোহাঁইৰ জয়যাত্ৰা আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : অলিম্পিকত পদক জয়েৰে অসমীয়াক গৌৰৱান্বিত কৰা লাভলীনা বৰগোহাঁয়ে IBA বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতা জয়যাত্ৰা আৰম্ভ কৰিছে। ৯ মে'ৰ নিশা অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডৰ খেলত লাভলীনাই পৰাভূত কৰে প্ৰাক্তন বিশ্ব চেম্পিয়ন চীন টাইপেৰ শক্তিশালী বক্সাৰ চেন নিয়েন চিনক। তুৰস্কৰ ইষ্টানবুলত আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ ৭০ কিলোগ্ৰাম শাখাত লাভলীনাই অংশগ্ৰহণ কৰি অভিজ্ঞ বক্সাৰগৰাকীক ৩-২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। উল্লেখ্য যে ইতিপূৰ্বে টকিঅ' অলিম্পিকতো লাভলীনাই চেন নিয়েন চিনক পৰাভূত কৰিছিল। লাভলীনাই এই…
লখিমপুৰ জিলা ৰেডক্ৰছ ছচাইটিৰ নতুন সমিতি গঠন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১০ মে': ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটিৰ লখিমপুৰ জিলা শাখাৰ মেনেজিং কমিটিখন আজি পুনৰ গঠন কৰা হয়। এই উদ্দেশ্যে আজি লখিমপুৰ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰেডক্ৰছ ছচাইটিৰ এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয়। লখিমপুৰ জিলা উপায়ুক্তৰ হৈ অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত চাৰু বৰাক উপ সভাপতি, ৰাজেশ মালপানীক চেয়াৰমেন, কুলনাথ ভৰালীক ভাইচ চেয়াৰমেন, ৰাজীৱ শৰ্মাক সাধাৰণ সম্পাদক, গডফ্ৰে হেৰেক কোষাধ্যক্ষ, প্ৰশান্ত কুমাৰ মোদকক সাংগঠনিক সম্পাদক, বিনোদ ধানক চেক্ৰেটাৰী (জুনিয়ৰ…
যোৰহাটত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস
শতাব্দ প্ৰতিনিধি,যোৰহাট,১০ মে': সাংবাদিকসকলৰ সংবাদ সেৱা এতিয়াও বৃত্তি নহ'লগৈ। একৈশ শতিকা অতিক্ৰম কৰাৰ পাছতো সাংবাদিক সেৱা বৃত্তিলৈ ৰূপান্তৰ কৰিব নোৱাৰাটো অত্যন্ত পৰিতাপৰ বিষয়। সাংবাদিকসকলক বিভিন্ন সময়ত দোষ জাপি দিয়া হয় । মূলতঃ সংবাদ সেৱা বৃত্তিলৈ ৰূপান্তৰ নোহোৱাতহে এনে দুৰ্দশা সাংবাদিকসকলৰ--- এই মন্তব্য বিশিষ্ট লেখক তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তৰ । উল্লেখ্য যে, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি যোৰহাট প্ৰেছ ক্লাবত যোৰহাট জিলা সাংবাদিক সন্থাৰ সহযোগত…
গুৱাহাটীৰ খানাপাৰাত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰ্ষপূৰ্তি উদযাপন
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১০ মেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আজি গুৱাহাটীৰ খানাপাৰাত বিশাল কাৰ্যসূচীৰ আয়োজন কৰা হয়। বৰ্ষপূৰ্তিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশ গ্ৰহণ কৰে। বৰ্ষপূৰ্তি অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ প্ৰদান কৰি কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ এবছৰীয়া কাৰ্যকালত অসমত উন্নয়ন হৈছে। প্ৰধানমন্ত্রী নৰেন্দ্র মোডীৰ নেতৃত্বত অসমলৈ শান্তিৰ বাতাবৰণ আহিছে। ইয়াৰ বাবে অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম…
মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত টাইপাৰ বিক্ষোভ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ মেঃ অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি টাই আহোম যুৱ পৰিষদ, অসমৰ (টাইপা) তিনিচুকীয়া জিলা সমিতিয়ে চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখ্য যে খাদ্য সামগ্ৰীৰ লগতে ইন্ধন আৰু অন্যান্য সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণৰ জনসাধাৰণক জুৰুলা কৰি পেলাইছে। মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদে মূৰ দাঙি উঠিছে। আজি তিনিচুকীয়াৰ থানা চাৰিআলিত টাইপাই মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।
অসম আৰক্ষীয়ে লাভ কৰা নিচান বঁটাক লৈ বাক্সাত অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, বাক্সা, ১০ মেঃ সমগ্ৰ ৰাজ্যবাসীৰ কাৰণে আজি এক ঐতিহাসিক দিন । অসম আৰক্ষীয়ে অপৰাধী আৰু অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে নিজৰ দায়িত্ব পালন কৰাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে লাভ কৰিলে অসামৰিক ৰাষ্ট্ৰপতি সন্মান নিচান বঁটা । এই সন্মান লাভ কৰা দেশৰ ভিতৰত অসম দশম স্থানত আছে। আজিৰ এই দিনটো সমগ্ৰ ৰাজ্যৰ আৰক্ষীয়ে এক ঐতিহাসিক দিন হিচাপে পালন কৰে । বাক্সা আৰক্ষীয়েও আজিৰ দিনটো অসম আৰক্ষীৰ বাবে এক ঐতিহাসিক দিন হিচাপে উদযাপন কৰে । বাক্সাৰ বৰবৰী আৰক্ষী ছাউনিত অনুষ্ঠিত অনুষ্ঠানত আৰক্ষী, ভিডিপি, অৱসৰপ্ৰাপ্ত আৰক্ষীৰ লোকসকলে…
আজিৰেপৰা বিদ্যালয়, মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষণ আৰম্ভ
শতাব্দৰ প্ৰতিনিধি, ১০মে: লখিমপুৰ জিলাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ নৱগঠিত পৰিচালনা সমিতিসমূহৰ প্ৰশিক্ষণ নাৰায়ণপুৰ শিক্ষা খণ্ডত আজিৰে পৰা আৰম্ভ হৈছে।সমগ্ৰ শিক্ষা অসম'ৰ অধীনত আৰম্ভ হোৱা এই প্ৰশিক্ষণ ১০-১১মে'ত মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু ১১- ১২ মে'ৰ পৰা ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হ'ব।
আজিৰেপৰা দুদিনীয়াকৈ মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰশিক্ষণ হোৱা বিদ্যালয় সমূহ ক্ৰমে বৰবালি আদৰ্শ উচ্চ মাধ্যমিক,বৰখেটমতীয়া উচ্চ মাধ্যমিক, চিলাৰায় উচ্চ মাধ্যমিক,…
মাৰ্ঘেৰিটা সত্রীয়া কলা কৃষ্টি কেন্দ্রত ব’হাগৰ এসন্ধ্যা
শতাব্দৰ মাৰ্ঘেৰিটা প্রতিবেদক ৯ মেঃ মাৰ্ঘেৰিটা নগৰস্থিত সত্রীয়া কলা কৃষ্টি কেন্দ্র কালি ব'হাগৰ এসন্ধ্যা নামেৰে এক মনোগ্রহী অনুষ্ঠান অনুষ্ঠিত হয় । ডাঃ মানব্রত গগৈ, অৰুণ দত্ত, ৰাকেশ কলিতা, নকুল শইকীয়া, তোলন চন্দ্র গগৈ ফুলমাই ফুকনে বন্তি প্রজ্বলনেৰে পাতনি মেলা কাৰ্যসূচীত ডাঃ ৰাণুমনি দুৱৰা আৰু ডাঃ দিব্যা সিং উপস্থিত থাকে। |প্রত্যুষা শ্যামলী গগৈ, অয়ন ক্ষেত্র গগৈ, হৃষীকেশ শইকীয়া, ময়ুৰী দাস, শ্বাশতী শৰ্মা, মনিস্কা পূজাৰী, বিবৃতি গগৈৰ বিহুগীত, তপস্যা চেতিয়া, কংকনা ফুকন, প্রগতিময়ী শ্যাম, ৰেমনি কৌশিল্য আৰু কিষ্কিন্ধ্যা দাসৰ বিহু নাচ,…
