Browsing Category

অসম

চাৰি বছৰীয়া সন্তানক এৰি আলফা (স্বাধীন)লৈ কাকপথাৰৰ এক দম্পতী

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ মেঃ আলফা(স্বা)ৰ শেহতীয়া কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আলফাত যোগ দিছে কাকপথাৰৰ এক দম্পতিয়ে। তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ১নং চেলেংগুৰিৰ বাসিন্দা সন্মিন নেওগৰ দুই পুত্ৰ বোৱাৰীয়ে আলফা স্বাধীনলৈ গমন কৰিছে। অচ্যুতানন্দ নেওগ আৰু পত্নী মমতা নেওগে নিজৰ চাৰিবছৰীয়া সন্তানক এৰি সংগঠনটোত যোগদান কৰাৰ কথা পোহৰলৈ আহিছে। অচ্যুতানন্দ নেওগৰ পিতৃয়ে জানিবলৈ দিয়া মতে, একমাত্ৰ পুত্ৰ অচ্যুতে যোৱা ৫ মে’ত ডিৰাক কপাহতলীস্থিত গাঁৱৰ ঘৰৰ পৰা চেলেংগুৰিস্থিত পিতৃ গৃহলৈ আহি ভাত খাবলৈ লোৱাৰ প্ৰাকমুহুৰ্তত…

চলিত বছৰৰ বাৰিষা কালত গুৱাহাটীৰ শিক্ষানুষ্ঠানত ৩০০০গছ ৰোপণ কৰিব বনবিভাগে

গুৱাহাটী, ৯ মেঃ আজি গুৱাহাটী মহানগৰৰ বিদ্যালয় আৰু মহাবিদ্যালয় চৌহদত বৃহৎ বৃক্ষৰোপণ অভিযানৰ অংশ হিচাপে পূব কামৰূপ বন বিভাগৰ অধীনত গুৱাহাটী ৰেঞ্জে পাঞ্জাবাৰী বন শিবিৰৰ অন্তৰ্গত বাঘৰবৰী প্ৰাথমিক বিদ্যালয় আৰু বাঘৰবৰী হাইস্কুলত ৪৫জোপা গুৰুত্বপূৰ্ণ ঔষধিগুণ যুক্ত আৰু পাৰিপাৰ্শ্বিক মূল্য থকা স্থানীয় প্ৰজাতিৰ উদ্ভিদ ৰোপণ কৰে আৰু এনে ৩০টা উদ্ভিদৰ পুলি উপস্থিত শিক্ষক, শিক্ষাৰ্থী আৰু স্থানীয় লোকৰ মাজত বিতৰণ কৰে। দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষক শৈলেন বৰ্মন আৰু অমৃত চন্দ্ৰ দাসে এই কাৰ্যসূচীত তেওঁলোকৰ পূৰ্ণ সহযোগিতা আগবঢ়ায়। তেওঁলোকে…

ভাস্কৰ্য আৰু শিল্পৰ দিন পালন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে: লখিমপুৰৰ সমাজ জীৱনৰ এজন সমাজ কৰ্মী, স্থপতি, শিল্পী, সাহিত্যিক, সাংবাদিক তথা নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি নন্দ কিশোৰ মহেশ্বৰীৰ আজি ৭৪ সংখ্যক জন্ম দিন। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে মহেশ্বৰীৰ জীৱিত কালৰে পৰা অনুষ্ঠিত কৰি অহা "ভাস্কৰ্য আৰু শিল্পৰ দিন" আজি পালন কৰে। সেইমৰ্মে আজি পুৱা ১১ বজাত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত মহেশ্বৰীৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে একালৰ ঘনিষ্ঠ সহযোগী নবিউল হুছেইনে। ভাষণত তেখেতে মহেশ্বৰীৰ জীৱনৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে।অনুষ্ঠানত সদৌ অসম ছাত্ৰ…

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ মাহটোৰ অতিথি ডাঃ অমৰেন্দ্ৰ গগৈক সম্বৰ্ধনা

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ মাহটোৰ অতিথি হিচাপে বিহু বিষয়ক লেখক তথা গৱেষক ডাঃ অমৰেন্দ্ৰ গগৈক আজি সন্ধিয়া সাদৰ সম্বৰ্ধনা জনোৱা হয়। ক্লাবৰ সদস্যসকলে ডাঃ গগৈৰ সৈতে অন্তৰংগতাৰে আলাপ কৰে।

তেজপুৰ পৌৰসভা কংগ্ৰেছমুক্ত হ’ল

শতাব্দ প্ৰতিনিধি তেজপুৰ,৮মে': বৰ্তমানৰ তেজপুৰ পৌৰসভাত আজিৰে পৰা কংগ্ৰেছৰ প্ৰতিনিধি নাই । শেহতীয়া পৌৰ নিৰ্বাচনত ছয় নম্বৰ পৌৰখণ্ডৰ পৰা একমাত্ৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে জয়লাভ কৰা সুমন দাসে আজি দুপৰীয়া প্ৰায় ১-৩০বজাত বিজেপিত যোগদান কৰে । উল্লেখযোগ্য যে,এইবাৰ কংগ্ৰেছ দলে ছয় নম্বৰ ৱাৰ্ডত সুমনক আৰু দুই নম্বৰ ৱাৰ্ডত তেওঁৰ মাতৃ সোণালী দাসক প্ৰাৰ্থিত্ব দিছিল আৰু কন্যা সুমনে জয় লাভ কৰিছিল বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে । আজি তেজপুৰৰ পৰা গৈ গুৱাহাটীৰ বিজেপি কাৰ্যালয়ত উপস্থিত হোৱা সুমনে বিজেপি নেতা ফণীন্দ্ৰ শৰ্মা, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস…

তেজপুৰত একেলগে বিবাহ বহিল ১৯যোৰ দৰা কইনা

শতাব্দ প্ৰতিনিধি তেজপুৰ,৮মে': তেজপুৰৰ কলিবাৰী গাঁৱত মুঠ ১৯যোৰ দৰা কইনাৰ মাজত সম্পন্ন হ’বলৈ ওলোৱা বিয়াৰ বাবে আজি পুৱাৰে পৰাই এক উখল মাখল পৰিৱেশে বিৰাজ কৰে । ৰন্ধা বঢ়া,দৰা কইনাক সজোৱাৰ পৰা সকলো কামত ব্যস্ত ৰাইজ । ৰাজহুৱা নামঘৰত নিজা নিজা কইনাৰ স’তে বিবাহপাশত আৱদ্ধ হ’বলৈ অহা ১৯জন দৰাক যেনেদৰে বহু সংখ্যক লোকে খোল তাল বজাই আগবঢ়াই আনিছে একেদৰে হাঁহি স্ফুৰ্তিৰে দৰা সকলৰ গড় ধৰিলে আন একাংশই । মুঠতে আজি ব্ৰহ্মপুত্ৰৰ পাৰৰ এই গাঁওখন এক মিলনৰ থলিলৈ ৰূপান্তৰিত হয় । উল্লেখযোগ্য যে,একশৰণ ভাগৱতী সমাজৰ কলিবাৰী গাঁও শাখাৰ উদ্যোগত তথা ৰাইজৰ…

আভ্যন্তৰীণ জলপৰিবহণৰ ফেৰী ভাড়া দুগুণঃ মাজুলীত প্ৰতিক্ৰিয়া

শতাব্দ প্ৰতিনিধি,মাজুলী,৮মে': আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এক জাননী যোগেদি নিমাতী কমলাবাৰী ফেৰী সেৱাত দুগুণ ভাড়া বৃদ্ধি কৰাত মাজুলীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আভ্যন্তৰীণ জলপৰিবহণ বিভাগে নিজা খেয়ালখুচি মতে সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ দি ফেৰীৰ ভাড়া দুগুণে বৃদ্ধি কৰা কাৰ্য কেতিয়াও মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই । এক বিবৃতিত জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় যে- মাজুলী জনসাধাৰণৰ লগতে অসমৰ জনসাধাৰণৰ মূৰত ৰামটাঙোন সোধাই যি ফেৰীৰ ভাড়াৰ মূল্যবৃদ্ধি কৰাৰ…

মিছন বসুন্ধৰাৰ যোগেদি ৮,১৩,৯৮১ খন আবেদনৰ নিষ্পত্তিঃ প্ৰথম পৰ্যায়ৰ সামৰণী

দুই অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিছন বসুন্ধৰাৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। আইনী জটিলতাৰ বাবে মিছন বসুন্ধৰাত বাতিল হৈছে ২,৩১,২৯৩ খন আবেদন। মধ্য আৰু নামনি অসমত অধিক বাতিল হৈছে আবেদন।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ মে' : অভূতপূৰ্ব সঁহাৰিৰে ভূমি সম্পৰ্কীয় বিভিন্ন সমস্যা সমাধানৰ বাবে মুকলি কৰা মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰিল। এই উপলক্ষ্যে আজি গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিছন বসুন্ধৰাৰ সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হয়। মিছন…

ধেমাজিৰ বিশিষ্ট সমাজকৰ্মী- জ্যেষ্ঠ অধিবক্তা নৰেন্দ্ৰ নাথ গোহাঁইৰ দেহাৱসান

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৮ মেঃ ধেমাজিৰ বৰ্ষীয়ান সমাজকৰ্মী , জ্যেষ্ঠ অধিবক্তা নৰেন্দ্ৰ নাথ গোহাঁইয়ে আজি দিনৰ প্ৰায় ১১ বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে । লখিমপুৰ জিলাৰ ঘিলামৰা গোহাঁই মৌজাৰ ভকত গাঁৱত ১৯৩৯ চনৰ পহিলা ফেব্ৰুৱাৰীত জন্মলাভ কৰা গোহাঁই ওৰেটো জীৱন ধেমাজিৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত আছিল । ধেমাজি জাতীয় কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে সেৱা আগবঢ়োৱা নৰেন্দ্ৰ নাথ গোহাঁইয়ে এসময়ত প্ৰদেশ কংগ্ৰেছৰ সদস্য, জিলা কংগ্ৰেছৰ সভাপতি, সম্পাদক, কাৰ্যকৰী সমিতিৰ সদস্যকে ধৰি…

” স্মৃতি মাথোঁ ৰ’ব সঞ্চয় ” চৈয়দ মুহিবুল্লাৰ সোঁৱৰণী গ্ৰন্থ উন্মোচন

গুৱাহাটী ৮ মেঃ বিশিষ্ট সমাজসেৱী, সু-সাহিত্যিক, সুদক্ষ অভিযন্তা প্ৰয়াত চৈয়দ মুহিবুল্লাৰ সোঁৱৰণত প্ৰকাশিত "স্মৃতি মাথোঁ ৰ'ব সঞ্চয়" নামৰ সোঁৱৰণী গ্ৰন্থখন আজি উন্মোচন কৰা হয়। এই উপলক্ষে আজি মহানগৰীৰ হাতীগাঁওস্থিত মনীষা বিবাহ ভৱনত আয়োজিত এক মনোজ্ঞ অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ, সমাজবিজ্ঞানী ড° শিৱনাথ বৰ্মনে গ্ৰন্থখন আনুষ্ঠানিক ভাবে উন্মোচন কৰে। সাংবাদিক আজিজুৰ ৰহমান শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত ৰাজ্যখনৰ ভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। গ্ৰন্থখন সংকলন আৰু প্ৰকাশ কৰিছে চৈয়দা নুৰজাহানে। ১৯৪৩ চনত নাজিৰাত…