Browsing Category
অসম
বৰগোলাইত ৰবীন্দ্র নাথ ঠাকুৰক গীতে মাতে স্মৰণ
শতাব্দৰ মাৰ্ঘেৰিটাৰ প্রতিবেদক ৯ মেঃ দেশৰ অন্যান্য অংশৰ লগতে বৰগোলাইতো কবিগুৰু ৰবীন্দ্র নাথ ঠাকুৰক জন্ম জয়ন্তীত স্মৰণ কৰা হয়।বৰগোলাই আদৰ্শ হিন্দী বিদ্যালয় প্রাংগনত ছাত্র নাট্য মঞ্চৰ উদ্যোগত কবি গুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ ১৬১ তম জন্ম জয়ন্তী উদযান কৰা হৈছে | আজি কবিগুৰুৰ প্রতিছবিত মাল্যৰ্পণ, বন্তি প্রজ্বলনৰৰ পাছতে ছাত্র ছাত্রী সকলৰ মাজত চিত্রাঙ্কন প্রতিযোগিতা, আবৃত্তি প্রতিযোগিতা আয়োজন কৰা হয় | ৰাজ শেখৰ আম্বেদকাৰৰ পৰিচালনাত একলা চল'ৰে শীৰ্ষক এখন নাট ছাত্র ছাত্রী সকলে পৰিৱেশন কৰে | ছাত্র ছাত্রী সকলৰ মাজত কবিতা আবৃত্তি প্রতিযোগিতাও…
বিদূষী মহিলা হেমলতা বৰুৱাক তিলোত্তমা বৰুৱা স্মাৰক বঁটা প্ৰদান তেজপুৰ বিশ্ববিদ্যালয়ৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৯ মেঃ ত্যাগ আৰু সংগ্ৰামৰ প্ৰতীক স্বৰূপ তেজপুৰৰ ৯৪ বছৰীয়া হেমলতা বৰুৱাক আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰপ্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰই ‘তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা’ প্ৰদান কৰে। উল্লেখ্য যে, প্ৰবীন স্বাধীনতা সংগ্ৰামী মহিলা সৱলীকৰণৰ অগ্ৰণী নেত্ৰী সমাজসেৱিকা তিলোত্তমা বৰুৱাৰ আজি ৪০ সংখ্যক মৃত্যুবাৰ্ষিকীৰ দিনটোতে তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰ প্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰই আয়োজন কৰা তিলোত্তমা বৰুৱা স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানত নতুন দিল্লীৰ পৰা অনলাইনৰ জৰিয়তে মহিলা আৰু শিশু উন্নয়ন…
বাহনা মহাবিদ্যালয়ত ‘সাগৰ তলিৰ শংখ’ অনুষ্ঠিত
শতাব্দ প্ৰতিনিধি, যোৰহাট , ৯ মে : জাতীয় গৌৰৱৰ এদিন অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি বাহনা মহাবিদ্যালয়ত অনুষ্ঠিত হয় 'সাগৰ তলিৰ শংখ' কথা-কবিতা আৰু সংগীতৰ অনুষ্ঠান। বাহনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা নমিতা শইকীয়াই আদৰণী ভাষণত জাতীয় গৌৰৱৰ এদিন অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সাগৰ তলিৰ শংখ অনুষ্ঠানটিয়ে ছাত্ৰী ছাত্ৰী সকলক উপকৃত কৰিব বুলি মন্তব্য কৰে। অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা কবি, লেখক তথা কথাশিল্পী মৃদুল কুমাৰ বৰাই ভাষণত কয় যে নীলমণি ফুকনৰ ভাষাশিল্পই, জীৱনবোধে অসমীয়া জাতি আৰু ভাষাক পুনৰ গজগজীয়া কৰিলে। তেখেতৰ…
ভূপেন উজীৰ – শান্তা উজীৰলৈ সমাজৰত্ন ডাঃ নবীন চন্দ্ৰ বৰদলৈ, আদৰ্শ মাতৃ তিলোত্তমা বৰদলৈ স্মাৰক বঁটা
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৯ মেঃ যোৰহাট জিলা সাহিত্য সভাই সমাজৰত্ন ডাঃ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি ৰক্ষা সমিতিৰ সহযোগত সমাজৰত্ন ডাঃ নবীন চন্দ্ৰ বৰদলৈ আৰু আদৰ্শ মাতৃ তিলোত্তমা বৰদলৈ স্মাৰক বঁটা প্ৰদান কৰি আহিছে ।২০২২ বৰ্ষৰ বাবে এই বঁটা আগবঢ়াোৱা হ’ব অসমৰ সংগীত জগতৰ অন্যতম ভূপেন উজীৰ আৰু শান্তা উজীৰক । জিলা সাহিত্য সভাৰ সম্পাদক মাধৱ মহন্তই এক বাৰ্তাৰ জৰিয়তে জানিবলৈ দিয়ে যে অহা ১৪ মে’ শনিবাৰে গুৱাহাটীৰ পূব দীঘলী পুখুৰীপাৰস্থিত সত্যনাথ বৰা হলত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব । বিয়লি ৪ বজাৰ পৰা হ’ব…
উজনিৰ বাগিছাত প্লাষ্টিক চাউল ! বিতৰণৰ অভিযোগ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ মে’ : চাহ বাগিছাৰ শ্ৰমিক ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা ৰেচনৰ চাউলৰ নামত প্লাষ্টিক সদৃশ চাউল যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ) কেন্দ্ৰীয় উপ-সভাপতি আৰু পানীতোলা শাখাৰ সম্পাদকৰ দায়িত্বত থকা চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে এক বিবৃতিত কয় যে যোৱা শনিবাৰে ডিব্ৰুগড়ৰ খাৰজান বাগিছাৰ শ্ৰমিকৰ মাজত প্লাষ্টিক সদৃশ চাউল বিতৰণ কৰা হৈছিল । এই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীক এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰা হৈছে । ইফালে এই ঘটনাই খাৰজানৰ লগতে দাঁতিকাষৰীয়া বাগিছাৰ…
ধেমাজিত ৰেলে মহতিয়াই নিলে স্কৰপিঅ’ গাড়ীঃ নিহত ২
শতাব্দ প্ৰতিনিধি, ধেমাজি, ৯ মে” ধেমাজিত আজি সংঘটিত এক ভয়ংকৰ-শোকাৱহ দুৰ্ঘটনাই সকলোকে মৰ্মাহত কৰি তুলিছে । দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে এখন স্কৰপিঅ’ গাড়ীৰ চালক থিতাতে মৃত্যু হোৱাৰ বিপৰীতে গাড়ীখনত বহি যোৱা মহিলাগৰাকী চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় । ঘটনাৰ বিৱৰণ অনুসৰি অৰুণাচলৰ নাহৰলগুন-তিনিচুকীয়া ইন্টাৰচিটি ৰেলেখনে মহতিযাই নিয়ে এখন নতুন স্কৰপিঅ' গাড়ী । নাহৰলগুনৰ পৰা তিনিচুকীয়ালৈ গৈ থকা অৱস্থাত ধেমাজিৰ চমৰাজান পানীতোলাত গেটবিহীন পথেৰে ৰেল আলি পাৰ হ’বলৈ লওঁতেই স্কৰ'পিঅখন মহতিয়াই নিয়ে। দুৰ্ঘটনাটোত কেঁকুৰী আহোম গাঁৱৰ…
চাৰি বছৰীয়া সন্তানক এৰি আলফা (স্বাধীন)লৈ কাকপথাৰৰ এক দম্পতী
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ মেঃ আলফা(স্বা)ৰ শেহতীয়া কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আলফাত যোগ দিছে কাকপথাৰৰ এক দম্পতিয়ে। তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ১নং চেলেংগুৰিৰ বাসিন্দা সন্মিন নেওগৰ দুই পুত্ৰ বোৱাৰীয়ে আলফা স্বাধীনলৈ গমন কৰিছে। অচ্যুতানন্দ নেওগ আৰু পত্নী মমতা নেওগে নিজৰ চাৰিবছৰীয়া সন্তানক এৰি সংগঠনটোত যোগদান কৰাৰ কথা পোহৰলৈ আহিছে। অচ্যুতানন্দ নেওগৰ পিতৃয়ে জানিবলৈ দিয়া মতে, একমাত্ৰ পুত্ৰ অচ্যুতে যোৱা ৫ মে’ত ডিৰাক কপাহতলীস্থিত গাঁৱৰ ঘৰৰ পৰা চেলেংগুৰিস্থিত পিতৃ গৃহলৈ আহি ভাত খাবলৈ লোৱাৰ প্ৰাকমুহুৰ্তত…
চলিত বছৰৰ বাৰিষা কালত গুৱাহাটীৰ শিক্ষানুষ্ঠানত ৩০০০গছ ৰোপণ কৰিব বনবিভাগে
গুৱাহাটী, ৯ মেঃ আজি গুৱাহাটী মহানগৰৰ বিদ্যালয় আৰু মহাবিদ্যালয় চৌহদত বৃহৎ বৃক্ষৰোপণ অভিযানৰ অংশ হিচাপে পূব কামৰূপ বন বিভাগৰ অধীনত গুৱাহাটী ৰেঞ্জে পাঞ্জাবাৰী বন শিবিৰৰ অন্তৰ্গত বাঘৰবৰী প্ৰাথমিক বিদ্যালয় আৰু বাঘৰবৰী হাইস্কুলত ৪৫জোপা গুৰুত্বপূৰ্ণ ঔষধিগুণ যুক্ত আৰু পাৰিপাৰ্শ্বিক মূল্য থকা স্থানীয় প্ৰজাতিৰ উদ্ভিদ ৰোপণ কৰে আৰু এনে ৩০টা উদ্ভিদৰ পুলি উপস্থিত শিক্ষক, শিক্ষাৰ্থী আৰু স্থানীয় লোকৰ মাজত বিতৰণ কৰে। দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষক শৈলেন বৰ্মন আৰু অমৃত চন্দ্ৰ দাসে এই কাৰ্যসূচীত তেওঁলোকৰ পূৰ্ণ সহযোগিতা আগবঢ়ায়। তেওঁলোকে…
ভাস্কৰ্য আৰু শিল্পৰ দিন পালন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে: লখিমপুৰৰ সমাজ জীৱনৰ এজন সমাজ কৰ্মী, স্থপতি, শিল্পী, সাহিত্যিক, সাংবাদিক তথা নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি নন্দ কিশোৰ মহেশ্বৰীৰ আজি ৭৪ সংখ্যক জন্ম দিন। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে মহেশ্বৰীৰ জীৱিত কালৰে পৰা অনুষ্ঠিত কৰি অহা "ভাস্কৰ্য আৰু শিল্পৰ দিন" আজি পালন কৰে। সেইমৰ্মে আজি পুৱা ১১ বজাত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত মহেশ্বৰীৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে একালৰ ঘনিষ্ঠ সহযোগী নবিউল হুছেইনে। ভাষণত তেখেতে মহেশ্বৰীৰ জীৱনৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে।অনুষ্ঠানত সদৌ অসম ছাত্ৰ…
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ মাহটোৰ অতিথি ডাঃ অমৰেন্দ্ৰ গগৈক সম্বৰ্ধনা
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ মাহটোৰ অতিথি হিচাপে বিহু বিষয়ক লেখক তথা গৱেষক ডাঃ অমৰেন্দ্ৰ গগৈক আজি সন্ধিয়া সাদৰ সম্বৰ্ধনা জনোৱা হয়। ক্লাবৰ সদস্যসকলে ডাঃ গগৈৰ সৈতে অন্তৰংগতাৰে আলাপ কৰে।
