Browsing Category

অসম

অগপৰ অভিনন্দন অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ মে' : বিগত এবছৰীয়া কাৰ্যকাল বিজেপি মিত্রজোঁটৰ চৰকাৰখনৰ বাবে ৰাজনৈতিকভাৱে সোণোৱালী যাত্রা আছিল। এই এবছৰীয়া কাৰ্যকালত কীৰ্তি স্থাপন হৈছে।- এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। দেওবাৰে মিত্রদল অগপৰ গুৱাহাটীৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা অভিনন্দন অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্রীয়ে এইদৰে কয়। উল্লেখ যে ১০ মে'ত বিজেপি মিত্রজোঁটৰ চৰকাৰখনৰ এবছৰ হ'ব আৰু এই এবছৰীয়া কাৰ্যকালক মুখ্যমন্ত্রীয়ে ৰাজনৈতিকভাৱে সোণোৱালী যাত্রা বুলি অভিহিত কৰে। বিগত এবছৰত হোৱা প্ৰতিটো নিৰ্বাচনতে বিজেপি মিত্রদলে লাভ কৰা…

বিহালী সংৰক্ষিত বনাঞ্চলক ’’বিহালী বন্যপ্ৰাণী অভয়াৰণ্য’’ হিচাপে ঘোষণা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ মেঃ  জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অৱস্থিত অসমৰ নৱগঠিত বিশ্বনাথ জিলাৰ বিহালীত ১৯১৭ চনত ব্ৰিটিছ প্ৰশাসনে ঘোষণা কৰা বিহালী সংৰক্ষিত বনাঞ্চল (BRF)ক অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছ। বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ৰ ধাৰা ১৮ মতে অসম চৰকাৰৰ ৰাজপত্ৰ নং ৩১৮, ৪ মে ২০২২, জাননী নং FRS.124/2021/386 মৰ্মে বিহালী সংৰক্ষিত বনাঞ্চলক ’’বিহালী বন্যপ্ৰাণী অভয়াৰণ্য’’ হিচাপে ঘোষণা কৰা হৈছে। ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাঠী স্বাক্ষৰিত জাননীত এই কথা প্ৰকাশ। বিহালী…

পানী বিষয়ক আপোনাৰ মনৰ কথাবোৰ কব নেকি ?

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ মেঃ জীৱকুল জীয়াই থাকিবৰ বাবে পানী অপৰিহাৰ্য। এই পানীক লৈ আমাৰ কবলগীয়া, জনাব লগীয়া আৰু জানিবলগা বহু কথাই আছে। কিছুসংখ্যক কথা বতৰা, কাহিনী, সাধু, গান আদি ইতিমধ্যে বিভিন্ন মাধ্যমত ভিন ভিন ৰূপত প্ৰকাশ পাইছে। কিন্তু অধিকসংখ্যকেই এতিয়াও অপ্ৰকাশিত অৱস্থাত আছে। পানী বিষয়ক আপোনাৰ মোৰ কবলগীয়া মনৰ কথাবোৰ,পানীৰ লগত জড়িত আমাৰ পৰম্পৰা, কৃষ্টি, সংষ্কৃতি, লোক কথা আদিবোৰ সংগ্ৰহ কৰাৰ এক প্ৰয়াস কৰিছে NE India Water Talksএ. উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ লগতে সংগঠনটোৱে এইবাৰ লখিমপুৰ, ধেমাজি, মাজুলী আৰু…

তেজপুৰৰ প্ৰবীন খেলুৱৈ মামু বায়নৰ সাফলতা

শতাব্দ প্ৰতিনিধি তেজপুৰ,৭মে': তেজপুৰৰ পাৰ্বতীনগৰ নিবাসী মামু বায়নে নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা খেল’ মাষ্টাৰ্চ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ত্ৰিপল জাম্পত সোণৰ পদক অৰ্জন কৰি ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । মীনা নামৰে পৰিচিত খেলুৱৈগৰাকী তেজপুৰস্থিত নিয়োগ বিনিময় কেন্দ্ৰৰ এগৰাকী কৰ্মচাৰী । কৰ্মজীৱন তথা ঘৰুৱা দায়িত্ব পালনৰ সমান্তৰালভাবে ক্ৰীড়া ক্ষেত্ৰখনৰে দীৰ্ঘকাল জড়িত হৈ আছে বায়ন । শৈশৱৰে পৰাই বিভিন্ন ক্ৰীড়াৰ স’তে জড়িত থকা বায়নে ২০১১ৰ পৰাই প্ৰবীন ক্ৰীড়াত অংশ লয় আৰু যোৱা প্ৰায় ১১বছৰে তেওঁ এই ধাৰাবাহিকতা…

ধেমাজিত সাহিত্য সভাৰ আজীৱন সভ্যৰ সন্মিলনৰ প্ৰস্তুতি

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৭ মে : ধেমাজি জিলা সাহিত্য সভাৰ অন্তৰ্গত “অসম সাহিত্য সভাৰ আজীৱন সভ্য” সকলৰ এখনি সন্মিলন ৪ আৰু ৫ জুনত ধেমাজি নগৰত অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তুতি চলোৱা হৈছে । গতিকে ধেমাজি জিলা সাহিত্য সভাৰ অন্তৰ্গত “অসম সাহিত্য সভাৰ আজীৱন সভ্য” সকলে তেওঁলোকৰ আজীৱন সভ্যৰ স্বীকৃতি পত্ৰ তলৰ বৈদ্যুতিন ঠিকনাত পঠিয়াই যোগাযোগ কৰিবলৈ ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি সম্পাদকে এক বিবৃতিৰে জনাইছে । যোগাযোগৰ ঠিকনা  dhemajijilasahityasabha@gmail.com Whatsapp No-8720934912 /9435088746

ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত ধেমাজিৰ পাঁচ খেলুৱৈৰ সাফল্য

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৭ মে’ : চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সদ্যসমাপ্ত ৪২ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকচ্ প্ৰতিযোগিতাত অসমৰ পৰা ৩০ - ৮৫ বছৰ উৰ্ধলৈ পুৰুষ আৰু মহিলাৰ সৰ্বমুঠ ২০৩ গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰে। এই প্ৰতিযোগিতাত ধেমাজি জিলাৰ পৰা ন গৰাকী প্ৰবীন খেলুৱৈয়ে অংশগ্ৰহণ কৰে যদিও পাঁচগৰাকীয়েহে ভাল ফল দেখুৱাবলৈ সক্ষম হয় । ধেমাজি জিলাৰ পৰা অংশগ্ৰহণ কৰা জয়নাথ বৰুৱাই (৭৫) দুশ মিটাৰ আৰু চাৰিশ মিটাৰ দৌৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰাৰ উপৰি আঠশ মিটাৰ দৌৰত প্ৰথম স্থান লাভেৰে সোণৰ পদক অৰ্জন কৰে ।…

প্ৰজেক্ট ভৰ্টকৰ ৬৩সংখ্যক প্ৰতিষ্ঠা দিবস পালন

শতাব্দ প্ৰতিনিধি , তেজপুৰ ৭ মে’: ১৯৬০ৰ সাত মে'ত দেশৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা বিভাগৰ অধীনত দেশৰ আন্তৰাষ্ট্ৰীয় সীমান্তৰ পথ নিৰ্মাণৰ বাবে জন্ম লাভ কৰিছিল সীমান্ত পথ সংগঠন । একে বছৰৰ সাত মে'ত অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তলৈকে প্ৰতিৰক্ষা বাহিনীৰ লোকে অহা যোৱাৰ বাবে সীমান্ত পথ সংগঠনৰ অধীনত জন্ম লাভ কৰা প্ৰজেক্ট নেফা আৰু টছকৰে পৰবৰ্তী পৰ্যায়ত প্ৰজেক্ট ভৰ্টক হিচাবে আত্ম প্ৰকাশ কৰে। ৰাষ্ট্ৰৰ সেৱাত নিয়োজিত সীমান্ত পথ সংগঠন আৰু প্ৰজেক্ট ভৰ্টকে আজি ৬৩সংখ্যক প্ৰতিষ্ঠা দিবস পালন কৰে। এই উপলক্ষে আজি পুৱা প্ৰজেক্ট ভৰ্টকৰ মুখ্যালয়ত…

শিল্পী পেঞ্চন প্ৰাপক মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ বিশ্বেশ্বৰ ফুকন বৰবায়নৰ মৃত্যু

শতাব্দ প্ৰতিনিধি, মাজুলী,৭,মেঃমাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ বিশ্বেশ্বৰ ফুকন বৰবায়নে আজি ৯০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।চাৰি বছৰ বয়সতে মাজুলীৰ নতুন কমলাবাৰী সত্ৰলৈ অহা বৈষ্ণৱ গৰাকী লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ কেন্দুগুৰিত জন্ম গ্ৰহণ কৰিছিল। ২০১২ চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰা ফুকন নতুন কমলাবাৰী সত্ৰৰ বৰবায়ন,নটুৱা, অংকীয়া আৰু মাতৃ ভাষাৰ ভাওনাৰ অভিনেতা আছিল।ওৰেটো জীৱন সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত হৈ বৈষ্ণৱ গৰাকীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুজৰাট, মধ্য প্ৰদেশৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সত্ৰীয়া কৃষ্টি সংস্কৃতি…

লখিমপুৰৰ বগীনদীত এজনক গুলীয়াই হত্যাৰ প্ৰচেষ্টা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৭ মে' : লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বালিয়নিত শুকুৰবাৰে নিশা এক গুলী চালনাৰ ঘটনা সংঘটিত হয়। এই ঘটনাত বৰপেটাৰ ৰৌমাৰী পথাৰৰ ফজৰ আলিৰ পুত্ৰ তথা গাড়ীচালক গুলবাহাৰ আলি গুৰুতৰ ভাৱে আহত হয়। দুগৰাকী কন্যা সন্তানৰ পিতৃ গুলবাহাৰ আলিয়ে দুবছৰ পূৰ্বৰে পৰা ট্ৰাক চালক হিচাপে জীৱন নিৰ্বাহ কৰি আহিছিল। জানিব পৰামতে ট্ৰাক চালক গুলবাহাৰে আনদিনাৰ দৰে কালি নিশা ১০ বজাত সত্যজিত ৰেগনৰ বাসগৃহৰ সন্মুখত থকা ব্ৰয়েলাৰ দানাৰ গোদামত দানা নমায়। তেনে সয়তে ৰেগন আহি উপস্থিতহৈ তৰ্কত লিপ্ত হয়। পাছত ৰেগনে বাসগৃহলৈ গৈ…

১২ মে’ৰ পৰা আৰম্ভ হ’ব মিছন ভূমিপুত্র

সাৰ বিতৰণ ব্যৱস্থাত দেখা দিয়া অনিয়ম আৰু খেলিমেলি দূৰ কৰাৰ বাবে প্ৰস্তুত কৰা এছ অ' পিৰ ক্ষেত্রত অনুমোদন। পাইকাৰী অনুজ্ঞাপত্র বাতিল কৰি খুচুৰা বিক্ৰেতাসকলে পাব সাৰ বিক্ৰীৰ অনুজ্ঞাপত্র। ১২ মে'ৰ পৰা আৰম্ভ হ'ব মিছন ভূমিপুত্র। ইয়াৰ যোগেদি জাতিগত প্ৰমান পত্র অনলাইন মাধ্যমেৰে লাভ কৰিব। আই আই টি গুৱাহাটীৰ সহযোগত হ'ব গৱেষণামূলক এখন মাল্টি স্পেচিয়েলিটি হাস্পতাল। কাগজ কল দুটাৰ ৮৪ জন লোকৰ বাবে চাকৰি।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ মে' : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত ৰ‍াজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট…