Browsing Category
অসম
তেজপুৰ পৌৰসভা কংগ্ৰেছমুক্ত হ’ল
শতাব্দ প্ৰতিনিধি তেজপুৰ,৮মে': বৰ্তমানৰ তেজপুৰ পৌৰসভাত আজিৰে পৰা কংগ্ৰেছৰ প্ৰতিনিধি নাই । শেহতীয়া পৌৰ নিৰ্বাচনত ছয় নম্বৰ পৌৰখণ্ডৰ পৰা একমাত্ৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে জয়লাভ কৰা সুমন দাসে আজি দুপৰীয়া প্ৰায় ১-৩০বজাত বিজেপিত যোগদান কৰে । উল্লেখযোগ্য যে,এইবাৰ কংগ্ৰেছ দলে ছয় নম্বৰ ৱাৰ্ডত সুমনক আৰু দুই নম্বৰ ৱাৰ্ডত তেওঁৰ মাতৃ সোণালী দাসক প্ৰাৰ্থিত্ব দিছিল আৰু কন্যা সুমনে জয় লাভ কৰিছিল বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে । আজি তেজপুৰৰ পৰা গৈ গুৱাহাটীৰ বিজেপি কাৰ্যালয়ত উপস্থিত হোৱা সুমনে বিজেপি নেতা ফণীন্দ্ৰ শৰ্মা, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস…
তেজপুৰত একেলগে বিবাহ বহিল ১৯যোৰ দৰা কইনা
শতাব্দ প্ৰতিনিধি তেজপুৰ,৮মে': তেজপুৰৰ কলিবাৰী গাঁৱত মুঠ ১৯যোৰ দৰা কইনাৰ মাজত সম্পন্ন হ’বলৈ ওলোৱা বিয়াৰ বাবে আজি পুৱাৰে পৰাই এক উখল মাখল পৰিৱেশে বিৰাজ কৰে । ৰন্ধা বঢ়া,দৰা কইনাক সজোৱাৰ পৰা সকলো কামত ব্যস্ত ৰাইজ । ৰাজহুৱা নামঘৰত নিজা নিজা কইনাৰ স’তে বিবাহপাশত আৱদ্ধ হ’বলৈ অহা ১৯জন দৰাক যেনেদৰে বহু সংখ্যক লোকে খোল তাল বজাই আগবঢ়াই আনিছে একেদৰে হাঁহি স্ফুৰ্তিৰে দৰা সকলৰ গড় ধৰিলে আন একাংশই । মুঠতে আজি ব্ৰহ্মপুত্ৰৰ পাৰৰ এই গাঁওখন এক মিলনৰ থলিলৈ ৰূপান্তৰিত হয় । উল্লেখযোগ্য যে,একশৰণ ভাগৱতী সমাজৰ কলিবাৰী গাঁও শাখাৰ উদ্যোগত তথা ৰাইজৰ…
আভ্যন্তৰীণ জলপৰিবহণৰ ফেৰী ভাড়া দুগুণঃ মাজুলীত প্ৰতিক্ৰিয়া
শতাব্দ প্ৰতিনিধি,মাজুলী,৮মে': আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এক জাননী যোগেদি নিমাতী কমলাবাৰী ফেৰী সেৱাত দুগুণ ভাড়া বৃদ্ধি কৰাত মাজুলীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আভ্যন্তৰীণ জলপৰিবহণ বিভাগে নিজা খেয়ালখুচি মতে সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ দি ফেৰীৰ ভাড়া দুগুণে বৃদ্ধি কৰা কাৰ্য কেতিয়াও মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই । এক বিবৃতিত জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় যে- মাজুলী জনসাধাৰণৰ লগতে অসমৰ জনসাধাৰণৰ মূৰত ৰামটাঙোন সোধাই যি ফেৰীৰ ভাড়াৰ মূল্যবৃদ্ধি কৰাৰ…
মিছন বসুন্ধৰাৰ যোগেদি ৮,১৩,৯৮১ খন আবেদনৰ নিষ্পত্তিঃ প্ৰথম পৰ্যায়ৰ সামৰণী
দুই অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰাৰ দ্বিতীয় সংস্কৰণ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিছন বসুন্ধৰাৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। আইনী জটিলতাৰ বাবে মিছন বসুন্ধৰাত বাতিল হৈছে ২,৩১,২৯৩ খন আবেদন। মধ্য আৰু নামনি অসমত অধিক বাতিল হৈছে আবেদন।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ মে' : অভূতপূৰ্ব সঁহাৰিৰে ভূমি সম্পৰ্কীয় বিভিন্ন সমস্যা সমাধানৰ বাবে মুকলি কৰা মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰিল। এই উপলক্ষ্যে আজি গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিছন বসুন্ধৰাৰ সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হয়। মিছন…
ধেমাজিৰ বিশিষ্ট সমাজকৰ্মী- জ্যেষ্ঠ অধিবক্তা নৰেন্দ্ৰ নাথ গোহাঁইৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি, ধেমাজি, ৮ মেঃ ধেমাজিৰ বৰ্ষীয়ান সমাজকৰ্মী , জ্যেষ্ঠ অধিবক্তা নৰেন্দ্ৰ নাথ গোহাঁইয়ে আজি দিনৰ প্ৰায় ১১ বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে । লখিমপুৰ জিলাৰ ঘিলামৰা গোহাঁই মৌজাৰ ভকত গাঁৱত ১৯৩৯ চনৰ পহিলা ফেব্ৰুৱাৰীত জন্মলাভ কৰা গোহাঁই ওৰেটো জীৱন ধেমাজিৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত আছিল । ধেমাজি জাতীয় কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে সেৱা আগবঢ়োৱা নৰেন্দ্ৰ নাথ গোহাঁইয়ে এসময়ত প্ৰদেশ কংগ্ৰেছৰ সদস্য, জিলা কংগ্ৰেছৰ সভাপতি, সম্পাদক, কাৰ্যকৰী সমিতিৰ সদস্যকে ধৰি…
” স্মৃতি মাথোঁ ৰ’ব সঞ্চয় ” চৈয়দ মুহিবুল্লাৰ সোঁৱৰণী গ্ৰন্থ উন্মোচন
গুৱাহাটী ৮ মেঃ বিশিষ্ট সমাজসেৱী, সু-সাহিত্যিক, সুদক্ষ অভিযন্তা প্ৰয়াত চৈয়দ মুহিবুল্লাৰ সোঁৱৰণত প্ৰকাশিত "স্মৃতি মাথোঁ ৰ'ব সঞ্চয়" নামৰ সোঁৱৰণী গ্ৰন্থখন আজি উন্মোচন কৰা হয়। এই উপলক্ষে আজি মহানগৰীৰ হাতীগাঁওস্থিত মনীষা বিবাহ ভৱনত আয়োজিত এক মনোজ্ঞ অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ, সমাজবিজ্ঞানী ড° শিৱনাথ বৰ্মনে গ্ৰন্থখন আনুষ্ঠানিক ভাবে উন্মোচন কৰে। সাংবাদিক আজিজুৰ ৰহমান শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত ৰাজ্যখনৰ ভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। গ্ৰন্থখন সংকলন আৰু প্ৰকাশ কৰিছে চৈয়দা নুৰজাহানে। ১৯৪৩ চনত নাজিৰাত…
অগপৰ অভিনন্দন অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ মে' : বিগত এবছৰীয়া কাৰ্যকাল বিজেপি মিত্রজোঁটৰ চৰকাৰখনৰ বাবে ৰাজনৈতিকভাৱে সোণোৱালী যাত্রা আছিল। এই এবছৰীয়া কাৰ্যকালত কীৰ্তি স্থাপন হৈছে।- এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। দেওবাৰে মিত্রদল অগপৰ গুৱাহাটীৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা অভিনন্দন অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্রীয়ে এইদৰে কয়। উল্লেখ যে ১০ মে'ত বিজেপি মিত্রজোঁটৰ চৰকাৰখনৰ এবছৰ হ'ব আৰু এই এবছৰীয়া কাৰ্যকালক মুখ্যমন্ত্রীয়ে ৰাজনৈতিকভাৱে সোণোৱালী যাত্রা বুলি অভিহিত কৰে। বিগত এবছৰত হোৱা প্ৰতিটো নিৰ্বাচনতে বিজেপি মিত্রদলে লাভ কৰা…
বিহালী সংৰক্ষিত বনাঞ্চলক ’’বিহালী বন্যপ্ৰাণী অভয়াৰণ্য’’ হিচাপে ঘোষণা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ মেঃ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অৱস্থিত অসমৰ নৱগঠিত বিশ্বনাথ জিলাৰ বিহালীত ১৯১৭ চনত ব্ৰিটিছ প্ৰশাসনে ঘোষণা কৰা বিহালী সংৰক্ষিত বনাঞ্চল (BRF)ক অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছ। বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ৰ ধাৰা ১৮ মতে অসম চৰকাৰৰ ৰাজপত্ৰ নং ৩১৮, ৪ মে ২০২২, জাননী নং FRS.124/2021/386 মৰ্মে বিহালী সংৰক্ষিত বনাঞ্চলক ’’বিহালী বন্যপ্ৰাণী অভয়াৰণ্য’’ হিচাপে ঘোষণা কৰা হৈছে। ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাঠী স্বাক্ষৰিত জাননীত এই কথা প্ৰকাশ। বিহালী…
পানী বিষয়ক আপোনাৰ মনৰ কথাবোৰ কব নেকি ?
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ মেঃ জীৱকুল জীয়াই থাকিবৰ বাবে পানী অপৰিহাৰ্য। এই পানীক লৈ আমাৰ কবলগীয়া, জনাব লগীয়া আৰু জানিবলগা বহু কথাই আছে। কিছুসংখ্যক কথা বতৰা, কাহিনী, সাধু, গান আদি ইতিমধ্যে বিভিন্ন মাধ্যমত ভিন ভিন ৰূপত প্ৰকাশ পাইছে। কিন্তু অধিকসংখ্যকেই এতিয়াও অপ্ৰকাশিত অৱস্থাত আছে। পানী বিষয়ক আপোনাৰ মোৰ কবলগীয়া মনৰ কথাবোৰ,পানীৰ লগত জড়িত আমাৰ পৰম্পৰা, কৃষ্টি, সংষ্কৃতি, লোক কথা আদিবোৰ সংগ্ৰহ কৰাৰ এক প্ৰয়াস কৰিছে NE India Water Talksএ. উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ লগতে সংগঠনটোৱে এইবাৰ লখিমপুৰ, ধেমাজি, মাজুলী আৰু…
তেজপুৰৰ প্ৰবীন খেলুৱৈ মামু বায়নৰ সাফলতা
শতাব্দ প্ৰতিনিধি তেজপুৰ,৭মে': তেজপুৰৰ পাৰ্বতীনগৰ নিবাসী মামু বায়নে নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা খেল’ মাষ্টাৰ্চ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ত্ৰিপল জাম্পত সোণৰ পদক অৰ্জন কৰি ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । মীনা নামৰে পৰিচিত খেলুৱৈগৰাকী তেজপুৰস্থিত নিয়োগ বিনিময় কেন্দ্ৰৰ এগৰাকী কৰ্মচাৰী । কৰ্মজীৱন তথা ঘৰুৱা দায়িত্ব পালনৰ সমান্তৰালভাবে ক্ৰীড়া ক্ষেত্ৰখনৰে দীৰ্ঘকাল জড়িত হৈ আছে বায়ন । শৈশৱৰে পৰাই বিভিন্ন ক্ৰীড়াৰ স’তে জড়িত থকা বায়নে ২০১১ৰ পৰাই প্ৰবীন ক্ৰীড়াত অংশ লয় আৰু যোৱা প্ৰায় ১১বছৰে তেওঁ এই ধাৰাবাহিকতা…
