Browsing Category

অসম

গুৱাহাটী মেট্ৰ’ৰ শিক্ষানুষ্ঠানত বৃক্ষৰোপণ অভিযান আৰম্ভ বন বিভাগৰ

গুৱাহাটী, ৭ মেঃ  বন বিভাগৰ (কামৰূপ পূব) অধীনৰ গুৱাহাটী ৰেঞ্জে হেঙেৰাবাৰী বীট কাৰ্যালয়ৰ অধীনত দিছপুৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ৭ মেত  ৫০ টা পুলি ৰোপণ আৰু বিতৰণ কৰি ৰেঞ্জৰ অধীনৰ গুৱাহাটী মেট্ৰ'ৰ শিক্ষা প্ৰতিষ্ঠানসমূহত বৃক্ষৰোপণ অভিযান আৰম্ভ কৰিছে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি ভাৰত চৰকাৰ ২০২২-২৩ বৰ্ষৰ বাবে টুৱেণ্টি পইণ্ট কাৰ্যসূচীৰ অধীনত আজিৰ এই বিশেষ অনুষ্ঠানটো DFO ৰোহিণী বল্লভ ডেকা, IFS, আৰু জ্ঞান ৰঞ্জন দাস, কামৰূপ পূব বন বিভাগৰ এচিএফৰ উপস্থিতিত বিদ্যালয়ৰ অধ্যক্ষা মৃদুলা দত্ত গোহাইৰ দ্বাৰা উদ্বোধন কৰা…

তেজপুৰ বিশ্ববিদ্যালয়ত হেমলতা বৰুৱালৈ ‘তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা

ত্যাগ আৰু সংগ্ৰামৰ চানেকী ৯৪ বছৰীয়া হেমলতা বৰুৱালৈ ‘তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা“ তেজপুৰ বিশ্ববিদ্যালয়ত ৯ মেত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব এই বঁটা কেন্দ্ৰীয় শিশু আৰু মহিলা উন্নয়ন দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰানীয়ে প্ৰদান কৰিব তিলোত্তমা বৰুৱা স্মাৰক বক্তৃতাশতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ মেঃ প্ৰবীন স্বাধীনতা সংগ্ৰামী মহিলা সৱলীকৰণৰ অগ্ৰণী নেত্ৰী সমাজসেৱিকা তিলোত্তমা বৰুৱাই গোলাঘাট জিলাত সাংস্কৃতিক-ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আগবঢ়াই গৈছে অনবদ্য বৰঙণি । সম্ভ্ৰান্ত পৰিয়ালৰ বোৱাৰী হৈয়ো সমাজক দি গৈছে অনুকৰণীয়…

২৯ মে’ত গুৱাহাটীত বিশাল ৰোড শ্ব’ত অংশ ল’ব অৰবিন্দ কেজৰিৱালে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ মে' : দিল্লী আৰু পাঞ্জাৱৰ পাছত বিভিন্ন ৰাজ্যত সাম্ৰাজ্য বিস্তাৰৰ লক্ষ্যৰে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে। অসমত পৌৰ সভাত দুটা ৱাৰ্ড আৰু পৌৰ নিগমত এটা ৱাৰ্ড লাভ কৰা আম আদমী পাৰ্টী চমুকৈ আপে অসমত ৰাজনৈতিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। এইবাৰ অসমত সংগঠন শক্তিশালী কৰাৰ উদ্দ্যেশ্যে নিজেই আহিব দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল। আপ অসমৰ শীৰ্ষ নেতৃত্বই জানিবলৈ দিয়া অনুসৰি সকলো ঠিকে-ঠাকে থাকিলে ২৯ মে'ত গুৱাহাটীলৈ আহিব দিল্লী মুখ্যমন্ত্ৰী…

জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিত দিশাহাৰা সাধাৰণ জনতা

৮০ শতাংশ ঔষধৰ দাম গড়ে ১৮ শতাংশলৈ বৃদ্ধি পাইছে। জীৱনদায়িনী ঔষধৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক দিশাহাৰা কৰি তুলিছে। সকলোতে মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰাত সাধাৰণ লোকৰ জীৱন চকৰি যেন স্তব্ধ হৈ পৰিছে। 'মেনেজ' কৰি চলিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। সাধাৰণ কাহ-চৰ্দিৰ পৰা আৰম্ভ কৰি ৰক্তচাপ, মধুমেহ আদি ৰোগৰ ঔষধৰ দামো ২০ শতাংশলৈ বৃদ্ধি হৈছে।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ মে' : অত্যাৱশ্যকীয় প্ৰতিবিধ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ ৰ‍াইজক দিশহাৰা কৰি তোলাৰ সময়তে এইবাৰ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে। প্রায়…

অসমৰ বাবে ৪০৭.৫০ কোটি টকা মুকলি কেন্দ্রৰ

ৰাজহ ঘাটিৰ অনুদান হিচাপে চলিত বিত্তীয় বৰ্ষত অসমে লাভ কৰিব ৪,৮৯০ কোটি টকা। পঞ্চদশ বিত্ত আয়ােগৰ পৰামর্শমর্মে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে প্রতিমাহে ৪০৭.৫০ কোটি টকাকৈ উক্ত বুজন পৰিমাণৰ ধন মােকলাই দিব। অসমে লাভ কৰিলে দ্বিতীয় কিস্তিৰ ধন।শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৭ মে' : ৰাজহ ঘাটিৰ অনুদান হিচাপে কেন্দ্ৰই অসমলৈ ৪০৭.৫০ কোটি টকা মােকালাই দিছে। ২০২২-২৩ বিত্তীয় বর্ষৰ এয়া আছিল দ্বিতীয় কিস্তি। ইয়াৰ পূর্বে এপ্রিল মাহত অসমে কেন্দ্ৰৰ পৰা অনুৰূপ অনুদান লাভ কৰিছিল। মন কৰিবলগীয়া যে ৰাজহ ঘাটিৰ অনুদান হিচাপে চলিত বিত্তীয়…

লখিমপুৰত জুবিনৰ সংগীতানুষ্ঠান ৰণক্ষেত্ৰলৈ পৰ্যবসিত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৭মেঃ যোৱা নিশা ৰণক্ষেত্ৰলৈ যেন পৰ্যবসিত হয় লখিমপুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱ ২০২২ । উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয় ৰঙালী উৎসৱৰ সামৰণিৰ সাংস্কৃতিক কাৰ্যসূচীত যোৱা নিশা প্ৰায় ১ বজাত গীত পৰিবেশন কৰিছিল যুৱপ্ৰজন্মৰ হাৰ্টথব জুবিন গাৰ্গে। পিছে জুবিন গাৰ্গে মঞ্চত প্রবেশ কৰি গীত গাই থকাৰ সময়তে ঘটিল অথন্তৰ। একাংশ উদণ্ড যুৱকে মঞ্চলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে।যাৰ ফলত জুবিনৰ চাউণ্ড চিষ্ট্ৰেমৰ অপাৰেটৰ উঠি আহি বাধা প্ৰদান কৰিব লগা হয় ।এনেসময়তে জুবিন গাৰ্গে গীত পৰিবেশন…

 গোলাঘাটৰ প্ৰশাসন-আৰক্ষী-অভিভাৱক সচেতন হবৰ হল

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ৬ মেঃ গোলাঘাটত এইচ.আই.ভি. আক্ৰান্তৰ সংখ্যা অতি ভয়ানক ৰূপত দ্ৰুত গতিত বৃদ্ধি পোৱাৰ এক তথ্যই ইয়াৰ সচেতন মহলক শংকিত কৰি তুলিছে। বিশেষ সূত্ৰে জানিবলৈ পোৱা মতে বিগত কেইটামান মাহতে গোলাঘাটত বহু সংখ্যক লোক নতুনকৈ এইচ.আই.ভি. আক্ৰান্ত ৰূপে চিনাক্ত হৈছে। ইয়াৰে অধিকাংশই ড্ৰাগচ আসক্ত যুৱক বুলি তথ্যটোত প্ৰকাশ। উল্লেখ্য, গোলাঘাটত দীৰ্ঘদিন ধৰি এক শক্তিশালী চক্ৰই নিষিদ্ধ ড্ৰাগচৰ ৰমৰমীয়া বেহা অবাধ গতিত চলাই নিয়াৰ কথা বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে। গোলাঘাটত ড্ৰাগচে বহু যুৱকৰ জীৱনলৈ অন্ধকাৰ নমাই অনাৰ…

তেজপুৰত অগ্নিকাণ্ড:তিনিখন দোকান ভস্মীভূত

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬মে': তেজপুৰৰ নপাম চেন্টাৰত যোৱা নিশা প্ৰায় ২-৩০ৰ পৰা তিনিবজাৰ ভিতৰত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত তিনিখন দোকান ভস্মীভূত হয় । উল্লেখযোগ্য যে,ব্যৱসায়িক অঞ্চলটোত থকা খোকন ঘোষৰ খাদ্য সামগ্ৰীৰ তেওঁৰ ভ্ৰাতৃ ৰতন ঘোষৰ ষ্টেচনাৰী আৰু কনক গগৈৰ চাহ হোটেলসহ তিনিওখন দোকান এই অগ্নিকাণ্ডত ভস্মীভূত হয় আৰু ইয়াৰে ভিতৰত গগৈৰ হোটেলখনেই সম্পূৰ্ণ ৰূপে জাহ যায় । নিশা দপদপাই দোকান তিনিখন জলি উঠাত কাষৰীয়া ৰাইজৰ মাজত হুৱাদুৱা লাগে আৰু লগে লগে ওলাই অহা লোকসকলে তৎপৰতাৰে এই অগ্নি নিৰ্বাপন কৰাৰ চেষ্টা চলায় । ৰাইজৰ এনে তৎপৰতাৰ বাবেই…