Browsing Category

অসম

ধেমাজিত সাহিত্য সভাৰ আজীৱন সভ্যৰ সন্মিলনৰ প্ৰস্তুতি

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৭ মে : ধেমাজি জিলা সাহিত্য সভাৰ অন্তৰ্গত “অসম সাহিত্য সভাৰ আজীৱন সভ্য” সকলৰ এখনি সন্মিলন ৪ আৰু ৫ জুনত ধেমাজি নগৰত অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তুতি চলোৱা হৈছে । গতিকে ধেমাজি জিলা সাহিত্য সভাৰ অন্তৰ্গত “অসম সাহিত্য সভাৰ আজীৱন সভ্য” সকলে তেওঁলোকৰ আজীৱন সভ্যৰ স্বীকৃতি পত্ৰ তলৰ বৈদ্যুতিন ঠিকনাত পঠিয়াই যোগাযোগ কৰিবলৈ ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি সম্পাদকে এক বিবৃতিৰে জনাইছে । যোগাযোগৰ ঠিকনা  dhemajijilasahityasabha@gmail.com Whatsapp No-8720934912 /9435088746

ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত ধেমাজিৰ পাঁচ খেলুৱৈৰ সাফল্য

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৭ মে’ : চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সদ্যসমাপ্ত ৪২ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকচ্ প্ৰতিযোগিতাত অসমৰ পৰা ৩০ - ৮৫ বছৰ উৰ্ধলৈ পুৰুষ আৰু মহিলাৰ সৰ্বমুঠ ২০৩ গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰে। এই প্ৰতিযোগিতাত ধেমাজি জিলাৰ পৰা ন গৰাকী প্ৰবীন খেলুৱৈয়ে অংশগ্ৰহণ কৰে যদিও পাঁচগৰাকীয়েহে ভাল ফল দেখুৱাবলৈ সক্ষম হয় । ধেমাজি জিলাৰ পৰা অংশগ্ৰহণ কৰা জয়নাথ বৰুৱাই (৭৫) দুশ মিটাৰ আৰু চাৰিশ মিটাৰ দৌৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰাৰ উপৰি আঠশ মিটাৰ দৌৰত প্ৰথম স্থান লাভেৰে সোণৰ পদক অৰ্জন কৰে ।…

প্ৰজেক্ট ভৰ্টকৰ ৬৩সংখ্যক প্ৰতিষ্ঠা দিবস পালন

শতাব্দ প্ৰতিনিধি , তেজপুৰ ৭ মে’: ১৯৬০ৰ সাত মে'ত দেশৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা বিভাগৰ অধীনত দেশৰ আন্তৰাষ্ট্ৰীয় সীমান্তৰ পথ নিৰ্মাণৰ বাবে জন্ম লাভ কৰিছিল সীমান্ত পথ সংগঠন । একে বছৰৰ সাত মে'ত অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তলৈকে প্ৰতিৰক্ষা বাহিনীৰ লোকে অহা যোৱাৰ বাবে সীমান্ত পথ সংগঠনৰ অধীনত জন্ম লাভ কৰা প্ৰজেক্ট নেফা আৰু টছকৰে পৰবৰ্তী পৰ্যায়ত প্ৰজেক্ট ভৰ্টক হিচাবে আত্ম প্ৰকাশ কৰে। ৰাষ্ট্ৰৰ সেৱাত নিয়োজিত সীমান্ত পথ সংগঠন আৰু প্ৰজেক্ট ভৰ্টকে আজি ৬৩সংখ্যক প্ৰতিষ্ঠা দিবস পালন কৰে। এই উপলক্ষে আজি পুৱা প্ৰজেক্ট ভৰ্টকৰ মুখ্যালয়ত…

শিল্পী পেঞ্চন প্ৰাপক মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ বিশ্বেশ্বৰ ফুকন বৰবায়নৰ মৃত্যু

শতাব্দ প্ৰতিনিধি, মাজুলী,৭,মেঃমাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ বিশ্বেশ্বৰ ফুকন বৰবায়নে আজি ৯০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।চাৰি বছৰ বয়সতে মাজুলীৰ নতুন কমলাবাৰী সত্ৰলৈ অহা বৈষ্ণৱ গৰাকী লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ কেন্দুগুৰিত জন্ম গ্ৰহণ কৰিছিল। ২০১২ চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰা ফুকন নতুন কমলাবাৰী সত্ৰৰ বৰবায়ন,নটুৱা, অংকীয়া আৰু মাতৃ ভাষাৰ ভাওনাৰ অভিনেতা আছিল।ওৰেটো জীৱন সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত হৈ বৈষ্ণৱ গৰাকীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুজৰাট, মধ্য প্ৰদেশৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সত্ৰীয়া কৃষ্টি সংস্কৃতি…

লখিমপুৰৰ বগীনদীত এজনক গুলীয়াই হত্যাৰ প্ৰচেষ্টা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৭ মে' : লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বালিয়নিত শুকুৰবাৰে নিশা এক গুলী চালনাৰ ঘটনা সংঘটিত হয়। এই ঘটনাত বৰপেটাৰ ৰৌমাৰী পথাৰৰ ফজৰ আলিৰ পুত্ৰ তথা গাড়ীচালক গুলবাহাৰ আলি গুৰুতৰ ভাৱে আহত হয়। দুগৰাকী কন্যা সন্তানৰ পিতৃ গুলবাহাৰ আলিয়ে দুবছৰ পূৰ্বৰে পৰা ট্ৰাক চালক হিচাপে জীৱন নিৰ্বাহ কৰি আহিছিল। জানিব পৰামতে ট্ৰাক চালক গুলবাহাৰে আনদিনাৰ দৰে কালি নিশা ১০ বজাত সত্যজিত ৰেগনৰ বাসগৃহৰ সন্মুখত থকা ব্ৰয়েলাৰ দানাৰ গোদামত দানা নমায়। তেনে সয়তে ৰেগন আহি উপস্থিতহৈ তৰ্কত লিপ্ত হয়। পাছত ৰেগনে বাসগৃহলৈ গৈ…

১২ মে’ৰ পৰা আৰম্ভ হ’ব মিছন ভূমিপুত্র

সাৰ বিতৰণ ব্যৱস্থাত দেখা দিয়া অনিয়ম আৰু খেলিমেলি দূৰ কৰাৰ বাবে প্ৰস্তুত কৰা এছ অ' পিৰ ক্ষেত্রত অনুমোদন। পাইকাৰী অনুজ্ঞাপত্র বাতিল কৰি খুচুৰা বিক্ৰেতাসকলে পাব সাৰ বিক্ৰীৰ অনুজ্ঞাপত্র। ১২ মে'ৰ পৰা আৰম্ভ হ'ব মিছন ভূমিপুত্র। ইয়াৰ যোগেদি জাতিগত প্ৰমান পত্র অনলাইন মাধ্যমেৰে লাভ কৰিব। আই আই টি গুৱাহাটীৰ সহযোগত হ'ব গৱেষণামূলক এখন মাল্টি স্পেচিয়েলিটি হাস্পতাল। কাগজ কল দুটাৰ ৮৪ জন লোকৰ বাবে চাকৰি।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ মে' : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত ৰ‍াজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট…

গুৱাহাটী মেট্ৰ’ৰ শিক্ষানুষ্ঠানত বৃক্ষৰোপণ অভিযান আৰম্ভ বন বিভাগৰ

গুৱাহাটী, ৭ মেঃ  বন বিভাগৰ (কামৰূপ পূব) অধীনৰ গুৱাহাটী ৰেঞ্জে হেঙেৰাবাৰী বীট কাৰ্যালয়ৰ অধীনত দিছপুৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ৭ মেত  ৫০ টা পুলি ৰোপণ আৰু বিতৰণ কৰি ৰেঞ্জৰ অধীনৰ গুৱাহাটী মেট্ৰ'ৰ শিক্ষা প্ৰতিষ্ঠানসমূহত বৃক্ষৰোপণ অভিযান আৰম্ভ কৰিছে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি ভাৰত চৰকাৰ ২০২২-২৩ বৰ্ষৰ বাবে টুৱেণ্টি পইণ্ট কাৰ্যসূচীৰ অধীনত আজিৰ এই বিশেষ অনুষ্ঠানটো DFO ৰোহিণী বল্লভ ডেকা, IFS, আৰু জ্ঞান ৰঞ্জন দাস, কামৰূপ পূব বন বিভাগৰ এচিএফৰ উপস্থিতিত বিদ্যালয়ৰ অধ্যক্ষা মৃদুলা দত্ত গোহাইৰ দ্বাৰা উদ্বোধন কৰা…

তেজপুৰ বিশ্ববিদ্যালয়ত হেমলতা বৰুৱালৈ ‘তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা

ত্যাগ আৰু সংগ্ৰামৰ চানেকী ৯৪ বছৰীয়া হেমলতা বৰুৱালৈ ‘তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা“ তেজপুৰ বিশ্ববিদ্যালয়ত ৯ মেত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব এই বঁটা কেন্দ্ৰীয় শিশু আৰু মহিলা উন্নয়ন দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰানীয়ে প্ৰদান কৰিব তিলোত্তমা বৰুৱা স্মাৰক বক্তৃতাশতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ মেঃ প্ৰবীন স্বাধীনতা সংগ্ৰামী মহিলা সৱলীকৰণৰ অগ্ৰণী নেত্ৰী সমাজসেৱিকা তিলোত্তমা বৰুৱাই গোলাঘাট জিলাত সাংস্কৃতিক-ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আগবঢ়াই গৈছে অনবদ্য বৰঙণি । সম্ভ্ৰান্ত পৰিয়ালৰ বোৱাৰী হৈয়ো সমাজক দি গৈছে অনুকৰণীয়…

২৯ মে’ত গুৱাহাটীত বিশাল ৰোড শ্ব’ত অংশ ল’ব অৰবিন্দ কেজৰিৱালে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ মে' : দিল্লী আৰু পাঞ্জাৱৰ পাছত বিভিন্ন ৰাজ্যত সাম্ৰাজ্য বিস্তাৰৰ লক্ষ্যৰে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে। অসমত পৌৰ সভাত দুটা ৱাৰ্ড আৰু পৌৰ নিগমত এটা ৱাৰ্ড লাভ কৰা আম আদমী পাৰ্টী চমুকৈ আপে অসমত ৰাজনৈতিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। এইবাৰ অসমত সংগঠন শক্তিশালী কৰাৰ উদ্দ্যেশ্যে নিজেই আহিব দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল। আপ অসমৰ শীৰ্ষ নেতৃত্বই জানিবলৈ দিয়া অনুসৰি সকলো ঠিকে-ঠাকে থাকিলে ২৯ মে'ত গুৱাহাটীলৈ আহিব দিল্লী মুখ্যমন্ত্ৰী…

জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিত দিশাহাৰা সাধাৰণ জনতা

৮০ শতাংশ ঔষধৰ দাম গড়ে ১৮ শতাংশলৈ বৃদ্ধি পাইছে। জীৱনদায়িনী ঔষধৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক দিশাহাৰা কৰি তুলিছে। সকলোতে মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰাত সাধাৰণ লোকৰ জীৱন চকৰি যেন স্তব্ধ হৈ পৰিছে। 'মেনেজ' কৰি চলিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। সাধাৰণ কাহ-চৰ্দিৰ পৰা আৰম্ভ কৰি ৰক্তচাপ, মধুমেহ আদি ৰোগৰ ঔষধৰ দামো ২০ শতাংশলৈ বৃদ্ধি হৈছে।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ মে' : অত্যাৱশ্যকীয় প্ৰতিবিধ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ ৰ‍াইজক দিশহাৰা কৰি তোলাৰ সময়তে এইবাৰ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে। প্রায়…