Browsing Category
অসম
নলবাৰীত হাতত কোৰ লৈ নলা-নৰ্দমা চাফাই অভিযানত নামিল পৌৰ সভানেত্ৰী
শতাব্দ প্ৰতিনিধি, নলবাৰী, ৬ মেঃ পৌৰ সভানেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই নলা-নৰ্দমা চাফাই অভিযানত নামি পৰিল নলবাৰীৰ পৌৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ। বছৰ বছৰ ধৰি কৃত্ৰিম বানে জুৰুলা কৰি অহা নলবাৰীৰ নাগৰিকক সাময়িকভাবে সকাহ দিয়াৰ উদ্দেশ্যে আজি হাতে-কামে লাগি পৰে নতুন পৌৰ সভানেত্ৰীগৰাকী। চহৰৰ কৃত্ৰিম বান ৰোধৰ স্বাৰ্থতে নতুন পৌৰনেত্ৰী গৰাকীয়ে নলা-নৰ্দমা চাফাই কামত জড়িত হৈ পৰে যদিও সাম্প্ৰতিক বাৰিষা কালৰ এনে অভিযানে নাগৰিকক কিমান সকাহ দিয়ে সেয়া সময়েহে ক'ব। খৰালি কালত কুম্ভকৰ্ণ নিদ্ৰাত থকা নলবাৰী পৌৰসভাই বাৰিষা কালত জেচিবিৰে নলাৰ আবৰ্জনা…
আৰু কিমান প্ৰদূষিত হ’ব ’গুৰুত্বপূৰ্ণ পক্ষীক্ষেত্ৰ’ মতাপুং-মাগুৰি বিল
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ মে’ : অইল ইণ্ডিয়া লিমিটেডৰ অকৰ্মণ্যতা আৰু চূড়ান্ত গাফিলতিৰ বাবে তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ’গুৰুত্বপূৰ্ণ পক্ষীক্ষেত্ৰ’ৰূপে চিহ্নিত মতাপুং-মাগুৰি বিলৰ লগতে ইয়াৰ কাষৰীয়া জৈৱ মণ্ডলসমূহ বাৰম্বাৰ প্ৰদূষিত হৈ আহিছে । শেহতীয়াকৈ অইলৰ ধেলাখাট-বাৰেকুৰি সংযোগী তেল পৰিবাহী পাইপ লাইনডাল গুইজান নদীৰ ওপৰত দুষ্কৃতিকাৰীয়ে ফুটাই তেল চুৰি কৰাত গুইজান নদীৰ পানী ব্যাপকভাৱে প্ৰদূষিত হৈ পৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । স্থানীয় সূত্ৰই প্ৰকাশ কৰা মতে পথাৰ আৰু জানৰ বুকুয়েদি পাৰ…
২৯ মে’ত গুৱাহাটীলৈ আহিব কেজৰিৱাল
লখিমপুৰত আম আদমী পাৰ্টিৰ সংবাদমেলঃ আম আদমী পাৰ্টীৰ ব্যাপক সাংগঠনিক তৎপৰতাঃ পঞ্চায়ত নিৰ্বাচন- লোকসভা নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব আপে।শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৬ মেঃ অসমৰ ৰাজনীতিত ক্ৰমান্বয়ে উত্থান ঘটিছে আম আদমী পাৰ্টিৰ । দলটিৰ সাংগঠনিক ভেটি মজবুত কৰাৰ লক্ষ্যৰে দলটোৱে ইতিমধ্যে আৰম্ভ কৰিছে সদস্য ভৰ্তিৰ অভিযান । অহা ৩১ মে'ৰ ভিতৰত সমগ্ৰ অসমতে আপে ১০ লাখ সদস্য ভৰ্তিৰ লক্ষ্য স্থিৰ কৰিছে । শেহতীয়াকৈ পৌৰসভা নিৰ্বাচনত কেইবাখনো আসন লাভ কৰাৰ পিছত নতুন উদ্যমেৰে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত কাম কাজ আৰম্ভ কৰিছে দলটোৱে । এই…
বাক্সাৰ বৰমাত পাঞ্জাৱ লুধিয়ানাৰ ডি এ ভি পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত ডিজিটেল মাধ্যমত মত বিনিময় বাকসাৰ ছাত্ৰ ছাত্ৰীৰ
শতাব্দ প্ৰতিনিধি, বাক্সা,৬ মেঃ ডিজিটেল মাধ্যমৰ অভুতপূৰ্ব সাফল্যৰ ফলত সম্ভৱ হৈ উঠিছে সকলো কাম । আনকি বহিঃৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো যোগসূত্ৰ সম্ভৱ হৈ উঠিছে এই মাধ্যমৰ যোগেদি। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন ডিজিটেল ইণ্ডিয়াৰ ফলত শুক্ৰবাৰে দুখন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মতবিনিময় অনুস্থান সম্পন্ন হয় বাক্সাৰ বৰমাত । বাক্সা জিলাৰ কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শুক্ৰবাৰে বৰমাৰ চেন্টজন্স মিচন হায়াৰ চেকেণ্ডাৰী বিদ্যালয়ত ভাৰতবৰ্ষৰ আগশাৰীৰ বিদ্যালয় পাঞ্জাৱ লুধিয়ানাৰ এ ভি পি পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আৰম্ভ হয় মতবিনিময়…
মূল্যবৃদ্ধি বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত বিধায়ক অখিল গগৈ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ মে' : ইন্ধনকে ধৰি নিত্যপ্ৰয়োজনীয় সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি ৰাজপথলৈ ওলাই আহে ৰাইজৰ দল। বিধায়ক অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলৰ শতাধিক নেতা-কৰ্মীয়ে গুৱাহাটী ক্লাৱৰ ৰটাৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি গুৱাহাটী ক্লাৱত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল। প্ৰতিবাদকাৰীসকলে ৰটাৰীৰ পৰা আগুৱাই আহিব বিচাৰিছিল যদিও বেৰিকেট দি আৱদ্ধ কৰি ৰখা হয়। প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি নিয়ন্ত্রণ…
১৪ মে’ত শিক্ষা, গৃহ আৰু স্বাস্থ্যত ২৩ হাজাৰ নিযুক্তিৰ ঘোষণা মুখ্যমন্ত্রীৰ
এবছৰৰ ভিতৰত এক লাখ চাকৰি দিয়াৰ ক্ষেত্রত চৰকাৰখন একপ্ৰকাৰ ব্যৰ্থ হ'ল যদিও বৰ্ষপূৰ্তিৰ পাছতে ১৪ মে’ত বিশেষ কার্যসূচীৰ জৰিয়তে শিক্ষা বিভাগ, গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগৰ চাকৰিত ২৩ হাজাৰ বাছনিকৃত প্রার্থীৰ হাতে হাতে তুলি দিব নিযুক্তি-পত্র। খােদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযােগে এই কথা ৰাজহুৱা কৰিছে।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ মে' : এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্রতিশ্রুতি ৰক্ষাৰ বাবে সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ১০ মে’ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্রথম বর্ষপূর্তি পালন কৰিব। এবছৰৰ ভিতৰত…
যোৰহাটত বিনামূলীয়া কৃত্ৰিম ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপণ শিবিৰ
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৫ মে : মাৰোৱাৰী যুব মঞ্চৰ যোৰহাট শাখাৰ পৃষ্ঠপোষকতাত যোৰহাট প্ৰগতি আৰু যোৰহাট গ্ৰেটাৰৰ সহযোগত নেশ্যনেল মাৰোৱাৰী ফাউণ্ডেছনৰ উদ্যোগত ২০-২২ মেত বিনামূলীয়া কৃত্ৰিম ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপণ শিবিৰ অনুষ্ঠিত হব। যোৰহাট ডিচিবি ৰোডৰ মাৰোৱাৰী চেৰিটেবল ট্ৰাষ্টত দিনৰ ১০.০০ বজাৰ পৰা ৪.০০ বজালৈ এই কাৰ্যসূচী অব্যাহত থাকিব। ইচ্ছুক লোকে ১৫ মেৰ ভিতৰত নাম পঞ্জীয়ন কৰিবলৈ আয়োজক সমিতিয়ে জনাইছে। সবিশেষ জানিবৰ বাবে ৮৪৮৬৭৯৪৪৮৫, ৮৪৭৪০১১৪২১নম্বৰত যোগাযোগ কৰিব পাৰিব
সাহিত্য অকাডেমী বঁটাপ্ৰাপক সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰ অসুস্থ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ মে’ : সাহিত্য অকাডেমী বঁটাপ্ৰাপক শিশু সাহিত্যিক, নাট্যকাৰ হৰেন্দ্ৰ নাথ বৰঠাকুৰ সম্প্ৰতি অসুস্থ হৈ তিনিচুকীয়াৰ এখন ব্যক্তিগত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । যোৱা নিশা হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়ত ভৰ্ত্তি কৰে । বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থাৰ সামান্য উন্নতি হৈছে যদিও চিকিৎসকে সম্পূৰ্ণ জিৰণি লোৱাৰ লগতে বেছি কথাবতৰা পতাৰ পৰাও বিৰত থাকিবলৈ পৰামৰ্শ দিছে । উল্লেখ্য, কিছুদিন পূৰ্বে গুৱাহাটীলৈ যাওঁতে তাতেই অসুস্থ হৈ পৰা সাহিত্যিক গৰাকীক পৰিয়ালৰ লোকে…
তিনিচুকীয়াত অসম আৰক্ষীৰ ’ৰাইড অৱ প্ৰাইড’ দলক বিপুল আদৰণি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ মে’ : অসম আৰক্ষীৰ ’ৰাইড অৱ প্ৰাইড’ ৰেলীক আজি তিনিচুকীয়াত সাদৰ আদৰণি জনোৱা হয় । উল্লেখ্য যে অসমত শান্তি, শৃংখলাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্রত অসম আৰক্ষীয়ে আগবাঢ়োৱা অক্লান্ত সেৱা তথা ত্যাগৰ বাবে দেশৰ ৰাষ্ট্ৰপতিৰ বিৰল সন্মান ’The President's Colour' বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । অহা ১০ মে’ত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰক্ষীক এই বঁটা প্ৰদান কৰা হব। এই বিৰল সন্মান উদযাপন কৰিবৰ বাবে অসম আৰক্ষীৰ দ্বাৰা ধুবুৰীৰ পৰা শদিয়ালৈকে ’ৰাইড অৱ প্ৰাইড’ শীৰ্ষক এক বাইক ৰেলী আৰম্ভ কৰা হৈছে । এই ৰেলীক…
