Browsing Category

অসম

অসমৰ বাবে ৪০৭.৫০ কোটি টকা মুকলি কেন্দ্রৰ

ৰাজহ ঘাটিৰ অনুদান হিচাপে চলিত বিত্তীয় বৰ্ষত অসমে লাভ কৰিব ৪,৮৯০ কোটি টকা। পঞ্চদশ বিত্ত আয়ােগৰ পৰামর্শমর্মে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে প্রতিমাহে ৪০৭.৫০ কোটি টকাকৈ উক্ত বুজন পৰিমাণৰ ধন মােকলাই দিব। অসমে লাভ কৰিলে দ্বিতীয় কিস্তিৰ ধন।শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৭ মে' : ৰাজহ ঘাটিৰ অনুদান হিচাপে কেন্দ্ৰই অসমলৈ ৪০৭.৫০ কোটি টকা মােকালাই দিছে। ২০২২-২৩ বিত্তীয় বর্ষৰ এয়া আছিল দ্বিতীয় কিস্তি। ইয়াৰ পূর্বে এপ্রিল মাহত অসমে কেন্দ্ৰৰ পৰা অনুৰূপ অনুদান লাভ কৰিছিল। মন কৰিবলগীয়া যে ৰাজহ ঘাটিৰ অনুদান হিচাপে চলিত বিত্তীয়…

লখিমপুৰত জুবিনৰ সংগীতানুষ্ঠান ৰণক্ষেত্ৰলৈ পৰ্যবসিত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৭মেঃ যোৱা নিশা ৰণক্ষেত্ৰলৈ যেন পৰ্যবসিত হয় লখিমপুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱ ২০২২ । উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয় ৰঙালী উৎসৱৰ সামৰণিৰ সাংস্কৃতিক কাৰ্যসূচীত যোৱা নিশা প্ৰায় ১ বজাত গীত পৰিবেশন কৰিছিল যুৱপ্ৰজন্মৰ হাৰ্টথব জুবিন গাৰ্গে। পিছে জুবিন গাৰ্গে মঞ্চত প্রবেশ কৰি গীত গাই থকাৰ সময়তে ঘটিল অথন্তৰ। একাংশ উদণ্ড যুৱকে মঞ্চলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে।যাৰ ফলত জুবিনৰ চাউণ্ড চিষ্ট্ৰেমৰ অপাৰেটৰ উঠি আহি বাধা প্ৰদান কৰিব লগা হয় ।এনেসময়তে জুবিন গাৰ্গে গীত পৰিবেশন…

 গোলাঘাটৰ প্ৰশাসন-আৰক্ষী-অভিভাৱক সচেতন হবৰ হল

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ৬ মেঃ গোলাঘাটত এইচ.আই.ভি. আক্ৰান্তৰ সংখ্যা অতি ভয়ানক ৰূপত দ্ৰুত গতিত বৃদ্ধি পোৱাৰ এক তথ্যই ইয়াৰ সচেতন মহলক শংকিত কৰি তুলিছে। বিশেষ সূত্ৰে জানিবলৈ পোৱা মতে বিগত কেইটামান মাহতে গোলাঘাটত বহু সংখ্যক লোক নতুনকৈ এইচ.আই.ভি. আক্ৰান্ত ৰূপে চিনাক্ত হৈছে। ইয়াৰে অধিকাংশই ড্ৰাগচ আসক্ত যুৱক বুলি তথ্যটোত প্ৰকাশ। উল্লেখ্য, গোলাঘাটত দীৰ্ঘদিন ধৰি এক শক্তিশালী চক্ৰই নিষিদ্ধ ড্ৰাগচৰ ৰমৰমীয়া বেহা অবাধ গতিত চলাই নিয়াৰ কথা বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে। গোলাঘাটত ড্ৰাগচে বহু যুৱকৰ জীৱনলৈ অন্ধকাৰ নমাই অনাৰ…

তেজপুৰত অগ্নিকাণ্ড:তিনিখন দোকান ভস্মীভূত

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬মে': তেজপুৰৰ নপাম চেন্টাৰত যোৱা নিশা প্ৰায় ২-৩০ৰ পৰা তিনিবজাৰ ভিতৰত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত তিনিখন দোকান ভস্মীভূত হয় । উল্লেখযোগ্য যে,ব্যৱসায়িক অঞ্চলটোত থকা খোকন ঘোষৰ খাদ্য সামগ্ৰীৰ তেওঁৰ ভ্ৰাতৃ ৰতন ঘোষৰ ষ্টেচনাৰী আৰু কনক গগৈৰ চাহ হোটেলসহ তিনিওখন দোকান এই অগ্নিকাণ্ডত ভস্মীভূত হয় আৰু ইয়াৰে ভিতৰত গগৈৰ হোটেলখনেই সম্পূৰ্ণ ৰূপে জাহ যায় । নিশা দপদপাই দোকান তিনিখন জলি উঠাত কাষৰীয়া ৰাইজৰ মাজত হুৱাদুৱা লাগে আৰু লগে লগে ওলাই অহা লোকসকলে তৎপৰতাৰে এই অগ্নি নিৰ্বাপন কৰাৰ চেষ্টা চলায় । ৰাইজৰ এনে তৎপৰতাৰ বাবেই…

নলবাৰীত হাতত কোৰ লৈ নলা-নৰ্দমা চাফাই অভিযানত নামিল পৌৰ সভানেত্ৰী

শতাব্দ প্ৰতিনিধি, নলবাৰী, ৬ মেঃ পৌৰ সভানেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই নলা-নৰ্দমা চাফাই অভিযানত নামি পৰিল নলবাৰীৰ পৌৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ। বছৰ বছৰ ধৰি কৃত্ৰিম বানে জুৰুলা কৰি অহা নলবাৰীৰ নাগৰিকক সাময়িকভাবে সকাহ দিয়াৰ উদ্দেশ্যে আজি হাতে-কামে লাগি পৰে নতুন পৌৰ সভানেত্ৰীগৰাকী। চহৰৰ কৃত্ৰিম বান ৰোধৰ স্বাৰ্থতে নতুন পৌৰনেত্ৰী গৰাকীয়ে নলা-নৰ্দমা চাফাই কামত জড়িত হৈ পৰে যদিও সাম্প্ৰতিক বাৰিষা কালৰ এনে অভিযানে নাগৰিকক কিমান সকাহ দিয়ে সেয়া সময়েহে ক'ব। খৰালি কালত কুম্ভকৰ্ণ নিদ্ৰাত থকা নলবাৰী পৌৰসভাই বাৰিষা কালত জেচিবিৰে নলাৰ আবৰ্জনা…

আৰু কিমান প্ৰদূষিত হ’ব ’গুৰুত্বপূৰ্ণ পক্ষীক্ষেত্ৰ’ মতাপুং-মাগুৰি বিল

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ মে’ : অইল ইণ্ডিয়া লিমিটেডৰ অকৰ্মণ্যতা আৰু চূড়ান্ত গাফিলতিৰ বাবে তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ’গুৰুত্বপূৰ্ণ পক্ষীক্ষেত্ৰ’ৰূপে চিহ্নিত মতাপুং-মাগুৰি বিলৰ লগতে ইয়াৰ কাষৰীয়া জৈৱ মণ্ডলসমূহ বাৰম্বাৰ প্ৰদূষিত হৈ আহিছে । শেহতীয়াকৈ অইলৰ ধেলাখাট-বাৰেকুৰি সংযোগী তেল পৰিবাহী পাইপ লাইনডাল গুইজান নদীৰ ওপৰত দুষ্কৃতিকাৰীয়ে ফুটাই তেল চুৰি কৰাত গুইজান নদীৰ পানী ব্যাপকভাৱে প্ৰদূষিত হৈ পৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । স্থানীয় সূত্ৰই প্ৰকাশ কৰা মতে পথাৰ আৰু জানৰ বুকুয়েদি পাৰ…

২৯ মে’ত গুৱাহাটীলৈ আহিব কেজৰিৱাল

লখিমপুৰত আম আদমী পাৰ্টিৰ সংবাদমেলঃ আম আদমী পাৰ্টীৰ ব্যাপক সাংগঠনিক তৎপৰতাঃ পঞ্চায়ত নিৰ্বাচন- লোকসভা নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব আপে।শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৬ মেঃ  অসমৰ ৰাজনীতিত ক্ৰমান্বয়ে উত্থান ঘটিছে আম আদমী পাৰ্টিৰ । দলটিৰ সাংগঠনিক ভেটি মজবুত কৰাৰ লক্ষ্যৰে দলটোৱে ইতিমধ্যে আৰম্ভ কৰিছে সদস্য ভৰ্তিৰ অভিযান । অহা ৩১ মে'ৰ ভিতৰত সমগ্ৰ অসমতে আপে ১০ লাখ সদস্য ভৰ্তিৰ লক্ষ্য স্থিৰ কৰিছে । শেহতীয়াকৈ পৌৰসভা নিৰ্বাচনত কেইবাখনো আসন লাভ কৰাৰ পিছত নতুন উদ্যমেৰে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত কাম কাজ আৰম্ভ কৰিছে দলটোৱে । এই…

বাক্সাৰ বৰমাত পাঞ্জাৱ লুধিয়ানাৰ ডি এ ভি পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত ডিজিটেল মাধ্যমত মত বিনিময় বাকসাৰ ছাত্ৰ ছাত্ৰীৰ

শতাব্দ প্ৰতিনিধি, বাক্সা,৬ মেঃ ডিজিটেল মাধ্যমৰ অভুতপূৰ্ব সাফল্যৰ ফলত সম্ভৱ হৈ উঠিছে সকলো কাম । আনকি বহিঃৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো যোগসূত্ৰ সম্ভৱ হৈ উঠিছে এই মাধ্যমৰ যোগেদি। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন ডিজিটেল ইণ্ডিয়াৰ ফলত শুক্ৰবাৰে দুখন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মতবিনিময় অনুস্থান সম্পন্ন হয় বাক্সাৰ বৰমাত । বাক্সা জিলাৰ কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শুক্ৰবাৰে বৰমাৰ চেন্টজন্স মিচন হায়াৰ চেকেণ্ডাৰী বিদ্যালয়ত ভাৰতবৰ্ষৰ আগশাৰীৰ বিদ্যালয় পাঞ্জাৱ লুধিয়ানাৰ এ ভি পি পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আৰম্ভ হয় মতবিনিময়…