Browsing Category
অসম
মূল্যবৃদ্ধি বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত বিধায়ক অখিল গগৈ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ মে' : ইন্ধনকে ধৰি নিত্যপ্ৰয়োজনীয় সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি ৰাজপথলৈ ওলাই আহে ৰাইজৰ দল। বিধায়ক অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলৰ শতাধিক নেতা-কৰ্মীয়ে গুৱাহাটী ক্লাৱৰ ৰটাৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি গুৱাহাটী ক্লাৱত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল। প্ৰতিবাদকাৰীসকলে ৰটাৰীৰ পৰা আগুৱাই আহিব বিচাৰিছিল যদিও বেৰিকেট দি আৱদ্ধ কৰি ৰখা হয়। প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি নিয়ন্ত্রণ…
১৪ মে’ত শিক্ষা, গৃহ আৰু স্বাস্থ্যত ২৩ হাজাৰ নিযুক্তিৰ ঘোষণা মুখ্যমন্ত্রীৰ
এবছৰৰ ভিতৰত এক লাখ চাকৰি দিয়াৰ ক্ষেত্রত চৰকাৰখন একপ্ৰকাৰ ব্যৰ্থ হ'ল যদিও বৰ্ষপূৰ্তিৰ পাছতে ১৪ মে’ত বিশেষ কার্যসূচীৰ জৰিয়তে শিক্ষা বিভাগ, গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগৰ চাকৰিত ২৩ হাজাৰ বাছনিকৃত প্রার্থীৰ হাতে হাতে তুলি দিব নিযুক্তি-পত্র। খােদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযােগে এই কথা ৰাজহুৱা কৰিছে।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ মে' : এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্রতিশ্রুতি ৰক্ষাৰ বাবে সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ১০ মে’ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্রথম বর্ষপূর্তি পালন কৰিব। এবছৰৰ ভিতৰত…
যোৰহাটত বিনামূলীয়া কৃত্ৰিম ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপণ শিবিৰ
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৫ মে : মাৰোৱাৰী যুব মঞ্চৰ যোৰহাট শাখাৰ পৃষ্ঠপোষকতাত যোৰহাট প্ৰগতি আৰু যোৰহাট গ্ৰেটাৰৰ সহযোগত নেশ্যনেল মাৰোৱাৰী ফাউণ্ডেছনৰ উদ্যোগত ২০-২২ মেত বিনামূলীয়া কৃত্ৰিম ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপণ শিবিৰ অনুষ্ঠিত হব। যোৰহাট ডিচিবি ৰোডৰ মাৰোৱাৰী চেৰিটেবল ট্ৰাষ্টত দিনৰ ১০.০০ বজাৰ পৰা ৪.০০ বজালৈ এই কাৰ্যসূচী অব্যাহত থাকিব। ইচ্ছুক লোকে ১৫ মেৰ ভিতৰত নাম পঞ্জীয়ন কৰিবলৈ আয়োজক সমিতিয়ে জনাইছে। সবিশেষ জানিবৰ বাবে ৮৪৮৬৭৯৪৪৮৫, ৮৪৭৪০১১৪২১নম্বৰত যোগাযোগ কৰিব পাৰিব
সাহিত্য অকাডেমী বঁটাপ্ৰাপক সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰ অসুস্থ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ মে’ : সাহিত্য অকাডেমী বঁটাপ্ৰাপক শিশু সাহিত্যিক, নাট্যকাৰ হৰেন্দ্ৰ নাথ বৰঠাকুৰ সম্প্ৰতি অসুস্থ হৈ তিনিচুকীয়াৰ এখন ব্যক্তিগত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । যোৱা নিশা হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়ত ভৰ্ত্তি কৰে । বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থাৰ সামান্য উন্নতি হৈছে যদিও চিকিৎসকে সম্পূৰ্ণ জিৰণি লোৱাৰ লগতে বেছি কথাবতৰা পতাৰ পৰাও বিৰত থাকিবলৈ পৰামৰ্শ দিছে । উল্লেখ্য, কিছুদিন পূৰ্বে গুৱাহাটীলৈ যাওঁতে তাতেই অসুস্থ হৈ পৰা সাহিত্যিক গৰাকীক পৰিয়ালৰ লোকে…
তিনিচুকীয়াত অসম আৰক্ষীৰ ’ৰাইড অৱ প্ৰাইড’ দলক বিপুল আদৰণি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ মে’ : অসম আৰক্ষীৰ ’ৰাইড অৱ প্ৰাইড’ ৰেলীক আজি তিনিচুকীয়াত সাদৰ আদৰণি জনোৱা হয় । উল্লেখ্য যে অসমত শান্তি, শৃংখলাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্রত অসম আৰক্ষীয়ে আগবাঢ়োৱা অক্লান্ত সেৱা তথা ত্যাগৰ বাবে দেশৰ ৰাষ্ট্ৰপতিৰ বিৰল সন্মান ’The President's Colour' বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । অহা ১০ মে’ত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰক্ষীক এই বঁটা প্ৰদান কৰা হব। এই বিৰল সন্মান উদযাপন কৰিবৰ বাবে অসম আৰক্ষীৰ দ্বাৰা ধুবুৰীৰ পৰা শদিয়ালৈকে ’ৰাইড অৱ প্ৰাইড’ শীৰ্ষক এক বাইক ৰেলী আৰম্ভ কৰা হৈছে । এই ৰেলীক…
নিবনুৱাৰ পথ প্ৰদৰ্শক- শিল্পী,সমাজকৰ্মী মোহন বৰাৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি তেজপুৰ,৫মে’: বিশিষ্ট ভাওনা শিল্পী আৰু সমাজকৰ্মী মোহন বৰা(৭৬)ৰ যোৱা নিশা প্ৰায় ১২-৩০বজাত তেজপুৰৰ তৰাজান কুমাৰগাঁৱৰ নিজা বাসগৃহত বিয়োগ ঘটে । উল্লেখযোগ্য যে,এগৰাকী সুদক্ষ ভাৱৰীয়া হিচাপে তেজপুৰৰ লগতে অবিভক্ত শোণিতপুৰ জিলাত সুনাম আছিল এইগৰকী সৰবৰহী ব্যক্তিৰ । তদুপৰি তেওঁ আছিল মঞ্চৰ এজল বলিষ্ঠ অভিনেতা, নাট্যকাৰ, বায়ন, ৰূপসজ্জাকাৰ । বহুসংখ্যক ভাওনাত দক্ষৰাজ, ভীম, দুৰ্যোধন, মণিকৰ্ণেশ্বৰ আদি বহু চৰিত্ৰ ৰূপায়ন কৰা শিল্পীজনে মঞ্চ অভিনয়ো কৰিছিল । তেওঁ ভালেসংখ্যক নাটকত অভিনয় কৰাৰ লগতে কে’বাখনো সামাজিক বাৰ্তাবাহক নাটক…
জন্মদিনৰ প্ৰাকক্ষণতো ’’কৃষক বন্ধু’’ সোণেশ্বৰ বৰা অৱহেলিত
শতাব্দ প্ৰতিনিধি, গোলাঘাট, ৫ মেঃ সমাজদৰদী আদৰ্শৰ নেতা, প্ৰাক্তন কৃষিমন্ত্ৰী, গোলাঘাট সমষ্টিৰ কেইবাবাৰৰো বিধায়ক প্ৰয়াত সোণেশ্বৰ বৰা তেওঁৰ সহজ-সৰল নিৰহংকাৰী জীৱনচৰ্যাৰ বাবে যেনেকৈ জীৱন কালত সকলোৰে মাজত অতিশয় জনপ্ৰিয় আৰু শ্ৰদ্ধেয় আছিল, মৃত্যুৰ পিছতো ব্যতিক্ৰমী ব্যক্তিত্বৰ এই গৰাকী জনদৰদী নেতাৰ স্মৃতি আজিও জনমানসত উজ্জ্বল হৈ আছে। কাইলৈ ৬ মে’ত এইগৰাকী সৰ্বজন শ্ৰদ্ধেয় ব্যক্তিৰ ৯৬ সংখ্যক জন্ম দিৱস। ‘কৃষক বন্ধু’ ৰূপে পৰিচিত প্ৰাক্তন কৃষিমন্ত্ৰী সোণেশ্বৰ বৰা আছিল অসমৰ গ্ৰাম্য অৰ্থনৈতিক ক্ষেত্ৰত এক নিৰৱ বিপ্লৱৰ সূচনাৰে হাজাৰ হাজাৰ…
মই বিদেশতো অসমীয়াতে ভাষণ দিওঁঃ যাদৱ পায়েং
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ মেঃ 'মই বিদেশতো অসমীয়া ভাষাত ভাষণ দিওঁ। সেই ভাষা কোনোৱাই জানিলেও জানক, নাজানিলেও মোৰ দৰকাৰ নাই। আমি অসমীয়া ভাষাটোক লৈ গৌৰৱ কৰিব লাগে। অসমীয়া ভাষা, সংস্কৃতি অবিহনে দেশৰ উত্তৰণ হ'ব নোৱাৰে। — এই মন্তব্য অৰণ্য মানব যাদব পায়েঙৰ। আজি উত্তৰ লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত একাদশ বার্ষিক কেন্দ্রীয় ৰঙালী উৎসৱ লখিমপুৰ ২০২২ৰ সমন্বয় সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিবলৈ আহি তেওঁ এনেদৰে মন্তব্য কৰে। তেওঁ আৰু কয় আমি ভাষা-সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত প্রত্যেকেই অংগীকাৰবদ্ধ হ'ব লাগে।…
শিক্ষা মন্ত্ৰীৰ গৃহ সমষ্টি ধেমাজিত বিশেষ টেট উত্তীৰ্ণই গাইছে কাকূতি ঘোষা
শতাব্দ প্ৰতিনিধি, ধেমাজি, ৫ মে’ : শিক্ষকতাৰ চাকৰিৰে মানৱ সম্পদ গঢ় দিবলৈ অশেষ চেষ্টাৰে টেট উত্তীৰ্ণ হোৱা একাংশ পৰীক্ষাৰ্থী আজি নিৰুপায় । আবেদন-নিবেদন, কাকুতি- মিনতি অৰণ্যৰোদনত পৰিণত হোৱাৰ পাছত চৰকাৰৰ দৃষ্টিগোচৰৰ বাবে বাচি লৈছে অভিনৱ কাৰ্যপন্থা । শিক্ষকতাৰ বাবে নিৰ্ধাৰিত অৰ্হতা অৰ্জন কৰাৰ পাছতো চৰকাৰৰ সুদৃষ্টি নপৰাত তেওঁলোকৰ নিযুক্তিৰ দাবীত শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ গৃহ সমষ্টি ধেমাজিত গুৰুজনাৰ কাকূতি ঘোষা গাই চৰকাৰৰ সুমতি কামনা কৰিছে সদৌ অসম “ইউনিক আই.ডি ” প্ৰাপ্ত বিশেষ টেট উৰ্ত্তীৰ্ণ সন্থাই । ৰাজ্যখনৰ ৬৬৭ গৰাকী বিশেষ টেট…
