Browsing Category
অসম
নিবনুৱাৰ পথ প্ৰদৰ্শক- শিল্পী,সমাজকৰ্মী মোহন বৰাৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি তেজপুৰ,৫মে’: বিশিষ্ট ভাওনা শিল্পী আৰু সমাজকৰ্মী মোহন বৰা(৭৬)ৰ যোৱা নিশা প্ৰায় ১২-৩০বজাত তেজপুৰৰ তৰাজান কুমাৰগাঁৱৰ নিজা বাসগৃহত বিয়োগ ঘটে । উল্লেখযোগ্য যে,এগৰাকী সুদক্ষ ভাৱৰীয়া হিচাপে তেজপুৰৰ লগতে অবিভক্ত শোণিতপুৰ জিলাত সুনাম আছিল এইগৰকী সৰবৰহী ব্যক্তিৰ । তদুপৰি তেওঁ আছিল মঞ্চৰ এজল বলিষ্ঠ অভিনেতা, নাট্যকাৰ, বায়ন, ৰূপসজ্জাকাৰ । বহুসংখ্যক ভাওনাত দক্ষৰাজ, ভীম, দুৰ্যোধন, মণিকৰ্ণেশ্বৰ আদি বহু চৰিত্ৰ ৰূপায়ন কৰা শিল্পীজনে মঞ্চ অভিনয়ো কৰিছিল । তেওঁ ভালেসংখ্যক নাটকত অভিনয় কৰাৰ লগতে কে’বাখনো সামাজিক বাৰ্তাবাহক নাটক…
জন্মদিনৰ প্ৰাকক্ষণতো ’’কৃষক বন্ধু’’ সোণেশ্বৰ বৰা অৱহেলিত
শতাব্দ প্ৰতিনিধি, গোলাঘাট, ৫ মেঃ সমাজদৰদী আদৰ্শৰ নেতা, প্ৰাক্তন কৃষিমন্ত্ৰী, গোলাঘাট সমষ্টিৰ কেইবাবাৰৰো বিধায়ক প্ৰয়াত সোণেশ্বৰ বৰা তেওঁৰ সহজ-সৰল নিৰহংকাৰী জীৱনচৰ্যাৰ বাবে যেনেকৈ জীৱন কালত সকলোৰে মাজত অতিশয় জনপ্ৰিয় আৰু শ্ৰদ্ধেয় আছিল, মৃত্যুৰ পিছতো ব্যতিক্ৰমী ব্যক্তিত্বৰ এই গৰাকী জনদৰদী নেতাৰ স্মৃতি আজিও জনমানসত উজ্জ্বল হৈ আছে। কাইলৈ ৬ মে’ত এইগৰাকী সৰ্বজন শ্ৰদ্ধেয় ব্যক্তিৰ ৯৬ সংখ্যক জন্ম দিৱস। ‘কৃষক বন্ধু’ ৰূপে পৰিচিত প্ৰাক্তন কৃষিমন্ত্ৰী সোণেশ্বৰ বৰা আছিল অসমৰ গ্ৰাম্য অৰ্থনৈতিক ক্ষেত্ৰত এক নিৰৱ বিপ্লৱৰ সূচনাৰে হাজাৰ হাজাৰ…
মই বিদেশতো অসমীয়াতে ভাষণ দিওঁঃ যাদৱ পায়েং
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ মেঃ 'মই বিদেশতো অসমীয়া ভাষাত ভাষণ দিওঁ। সেই ভাষা কোনোৱাই জানিলেও জানক, নাজানিলেও মোৰ দৰকাৰ নাই। আমি অসমীয়া ভাষাটোক লৈ গৌৰৱ কৰিব লাগে। অসমীয়া ভাষা, সংস্কৃতি অবিহনে দেশৰ উত্তৰণ হ'ব নোৱাৰে। — এই মন্তব্য অৰণ্য মানব যাদব পায়েঙৰ। আজি উত্তৰ লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত একাদশ বার্ষিক কেন্দ্রীয় ৰঙালী উৎসৱ লখিমপুৰ ২০২২ৰ সমন্বয় সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিবলৈ আহি তেওঁ এনেদৰে মন্তব্য কৰে। তেওঁ আৰু কয় আমি ভাষা-সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত প্রত্যেকেই অংগীকাৰবদ্ধ হ'ব লাগে।…
শিক্ষা মন্ত্ৰীৰ গৃহ সমষ্টি ধেমাজিত বিশেষ টেট উত্তীৰ্ণই গাইছে কাকূতি ঘোষা
শতাব্দ প্ৰতিনিধি, ধেমাজি, ৫ মে’ : শিক্ষকতাৰ চাকৰিৰে মানৱ সম্পদ গঢ় দিবলৈ অশেষ চেষ্টাৰে টেট উত্তীৰ্ণ হোৱা একাংশ পৰীক্ষাৰ্থী আজি নিৰুপায় । আবেদন-নিবেদন, কাকুতি- মিনতি অৰণ্যৰোদনত পৰিণত হোৱাৰ পাছত চৰকাৰৰ দৃষ্টিগোচৰৰ বাবে বাচি লৈছে অভিনৱ কাৰ্যপন্থা । শিক্ষকতাৰ বাবে নিৰ্ধাৰিত অৰ্হতা অৰ্জন কৰাৰ পাছতো চৰকাৰৰ সুদৃষ্টি নপৰাত তেওঁলোকৰ নিযুক্তিৰ দাবীত শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ গৃহ সমষ্টি ধেমাজিত গুৰুজনাৰ কাকূতি ঘোষা গাই চৰকাৰৰ সুমতি কামনা কৰিছে সদৌ অসম “ইউনিক আই.ডি ” প্ৰাপ্ত বিশেষ টেট উৰ্ত্তীৰ্ণ সন্থাই । ৰাজ্যখনৰ ৬৬৭ গৰাকী বিশেষ টেট…
এসময়ৰ কংগ্রেছৰ দুৰ্গ মাৰ্ঘেৰিটাত জুয়ে পোৰা সোণ বিচাৰি ভূপেন বৰা
শতাব্দ প্রতিবেদক, মাৰ্ঘেৰিটা ৫ মেঃ কংগ্রেছ দলটো পুনৰ শক্তি শালী ৰূপত প্রতিষ্ঠাৰ প্রচেষ্টাৰে অসম প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই আৰম্ভ কৰা জুয়ে পোৰা সোণ বিচাৰি আজি উপস্থিত হয় এসময়ৰ কংগ্রেছ দলৰ দুৰ্গ ৰূপে পৰিচিত মাৰ্ঘেৰিটা সমষ্টিত । সভাপতি ভূপেন বৰা আৰু জ্যেষ্ঠ কংগ্রেছ নেতা দেবব্রত শইকীয়াৰ নেতৃত্বত অহা কংগ্রেছ নেতৃত্বৰ দলটোৱে মাৰ্ঘেৰিটা কংগ্রেছ ভৱনত উপস্থিত হৈ এক দলীয় কৰ্মী সভাত অংশ গ্রহণ কৰে । কেইবাশ দলীয় কৰ্মীয়ে অংশ কৰা সভাখনত ২০১৪ চনৰ পৰা ধাৰাবাহিক ভাবে পৰাজিত হৈ অহাৰ পাছতো নিষ্ঠাৰে দলৰ হকে কাম কৰি অহা কৰ্মীসকলক প্রশংসা…
লখিমপুৰ শিক্ষা খণ্ডত অঙ্গনৱাড়ী কৰ্মী -শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণ
উত্তৰ লখিমপুৰ, ৫ মেঃ লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ তত্বাৱধানত সৰ্বাত্মক শিক্ষাৰ ওপৰত এক চাৰিদিনীয়া প্ৰশিক্ষণ শিৱিৰ আয়োজন কৰা হয়। আজি উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুঠ তিনিশ অঙ্গনবাড়ী কৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হয়।পুৱা ১০বজাত প্ৰশিক্ষণ শিৱিৰটি শুভ উদ্বোধন কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিনোদ মৰাঙে। অতিথি হিচাপে উপস্থিত থাকি লখিমপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া বিৰিঞ্চি চন্দ্ৰ বৰা আৰু সৰ্বাত্মক শিক্ষাৰ জিলা আঁচনি বিষয়া গুণজিৎ ঠাকুৰীয়াই। লখিমপুৰ উন্নয়ন খণ্ডৰ অধীনৰ সকলো মুখ্য সেৱিকাসহ কৰ্মীসকলক…
সাৰ বিতৰণ ব্যৱস্থাৰ পৰা মধ্যভোগী আঁতৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ
ৰাজ্যখনত সাৰ বিতৰণ ব্যৱস্থাক সুশৃংখল কৰাৰ সন্দৰ্ভত উপায়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স মুখ্যমন্ত্রীৰ। খুচুৰা বিক্ৰেতাসকলৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ। প্ৰণালীবদ্ধ সাৰ বিতৰণৰ বাবে এক মানক সঞ্চালন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পৰিকল্পনা কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰাৰ নিৰ্দেশনা।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ মে' : ৰাজ্যখনত সাৰ বিতৰণ ব্যৱস্থাক সুশৃংখল কৰি তোলাৰ বাবে আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এক ভিডিঅ' কনফাৰেন্স বৈঠকত মিলিত হয়।…
জীয়াভৰলীৰ ৫০বছৰীয়া দলং বিধ্বস্তপ্ৰায়
শতাব্দ প্ৰতিনিধি তেজপুৰ,৪মে’: জীয়াভৰলী নৈৰ ওপৰত থকা একমাত্ৰ দলংখনৰ সাম্প্ৰতিক অৱস্থাই বহু লোককে উদ্বিগ্ন কৰিছে । ১৯৬২ ত শোণিতপুৰৰ খনামুখ আৰু টৌভঙাৰ মাজত ১৫নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথক সংযোগ কৰা জীয়াভৰলীৰ এই দলংখন নিৰ্মাণ কৰা হৈছিল । বৰ্তমান প্ৰায় ৫০বছৰীয়া দলংখনৰ ওপৰৰে অতিক্ৰম কৰা যানবাহনৰ সংখ্যা বৃদ্ধি পাইছে । তদুপৰি পূৰ্বৰ তুলনাত এইখন দলঙৰ ওপৰৰে পাৰ হয় বহু গধুৰ যান বাহন । প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আৰু শোণিতপুৰৰ এটা অংশৰ লগতে বিশ্বনাথ, লখিমপুৰ, ধেমাজি, জোনাইকে ধৰি অৰুণাচল প্ৰদেশৰ বাবেও যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এই…
তেজপুৰত ৰখাই থোৱা বাহনৰ ওপৰত উভালি পৰিল গছ
শতাব্দ প্ৰতিনিধি তেজপুৰ , ৪ মে’: তেজপুৰৰ হলেশ্বৰ অঞ্চলত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত আজি দিনৰ প্ৰায় ১১ বজাত ৰখাই থোৱা বাহনৰ ওপৰত উভালি পৰিল এজোপা প্ৰকাণ্ড গছ । পৰিণতিত পথৰ দাঁতিত ৰখাই থোৱা বাহন এখনৰ ক্ষতি হোৱাৰ লগতে ব্যস্ত ৰাষ্ট্ৰীয় পথৰে যান বাহনৰ চলাচলো কিছু সময় বন্ধ হৈ পৰে । উল্লেখযোগ্য যে,হলেশ্বৰস্থিত শ’লমৰা আৰক্ষী চকীলৈ ব্যক্তিগত কাৰণত অহা আব্দুল কুদ্দুচ নামৰ লোকজনৰ এ এছ১২ এল ২৬৬৮ নম্বৰৰ বাহনখন আৰক্ষী চকীৰ সমীপতে ৰখাই থোৱাৰ সময়তে ইয়াৰ কাষতে থকা পাকৰি গছজোপা উভালি পৰে । গছজোপাই ৰখাই থোৱা বাহনখন হেঁচা মাৰি ধৰাৰ সময়ত অৱশ্যে…
লখিমপুৰৰ এল.টি.কে. মহাবিদ্যালয়ত অসম গণিত শিক্ষায়তনৰ ৩৬ তম্ দ্বি-বার্ষিক অধিৱেশন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৪ মেঃ অসম গণিত শিক্ষায়তনৰ ৩৬ তম্ দ্বি-বার্ষিক অধিবেশনখনি এল.টি.কে মহাবিদ্যালয়ৰ নন্দৰাম দাস ক্ষেত্ৰত অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে অসম গণিত শিক্ষায়তনৰ সভাপতি ড° ৰামচন্দ্ৰ ডেকাই। অসম গণিত শিক্ষায়তনৰ প্ৰাক্তন সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গণিত বিভাগৰ অধ্যাপক প্রয়াত নন্দৰাম দাসদেৱক অসম গণিত শিক্ষায়তনৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে এল.টি.কে. মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰা অসম গণিত শিক্ষায়তনৰ নিজা সংগীতেৰে…
