Browsing Category
অসম
কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ সভাত পৰ্ন ছবি : আই অ’ চি এলৰ মাণ্ডলিক প্ৰবন্ধক আৰু হোটেলৰ স্বত্বাধিকাৰীৰ সাক্ষ্যদান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৪ মে’ : কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ (আই অ’ চি এল) এক কাৰ্যসূচীত পৰ্ন ভিডিঅ’ চলাৰ ঘটনা সন্দৰ্ভত আজি ২ জন সাক্ষীয়ে তদন্তকাৰী বিষয়াৰ সন্মুখত সাক্ষ্যদান কৰে । উল্লেখ্য যে যোৱা ৩০ এপ্ৰিলত আই অ’ চি এলৰ এক কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়াৰ উপায়ুক্ত আৰু আই অ’ চি এলৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ লগতে সংবাদ মাধ্যমৰ লোকৰ উপস্থিতিত কাৰ্যসূচী চলি থকাৰ মাজতে মঞ্চৰ পাছফালে লগোৱা এলইডি স্ক্ৰীণত পৰ্ন ভিডিঅ’ৰ দৃশ্যাংশ ভাঁহি উঠিছিল ।…
যোৰহাটত নুৰুল হক – মুহিবুদ্দিন আহমেদৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা
শতাব্দ প্ৰতিনিধি,যোৰহাট , ৪ মে : যোৰহাটৰ সুৰৰ দেউল সংগীত বিদ্যালয়ৰ উদ্যোগত ১৫ মে'ত ৰাজ্যিক ভিত্তিত নুৰুল হক - মুহিবুদ্দিন আহমেদৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হব। আয়োজক সমিতিয়ে ১৬ টা গীত প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কৰিছে। যোৰহাট থিয়েটাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হব লগা প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব। বাদ্যযন্ত্ৰ সমিতিয়ে যোগান ধৰিব। যোগদান মাছুল ৫০০ টকা। স্থান প্ৰাপ্ত প্ৰতিযোগীক নগদ ধনৰ লগতে স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হব। উল্লেখ্য, প্ৰতিযোগিতাৰ প্ৰথম পাঁচটা স্থান লাভ কৰা প্ৰতিযোগীয়ে ক্ৰমে ১০ হাজাৰ, ৭ হাজাৰ, ৫…
ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত যোৰহাট দলৰ সফলতা
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৪ মে : চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সদ্য সমাপ্ত ৪২তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত যোৰহাট দলে বিশেষ সফলতা অৰ্জন কৰে। যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰা ইছলাম আহমেদ ৭০ বছৰ উৰ্ধৰ লং জাম্পত ৰূপৰ পদক, ৬৫ বছৰৰ উৰ্ধৰ ৰীতা বৰচেতিয়াই ৫ কিলো মিটাৰ খোজ কঢ়াত ব্ৰঞ্জ, ট্ৰিপুলছেছত ৰূপৰ পদক আৰু পূৰ্ণিমা শৰ্মাই ৪০০মিটাৰত ব্ৰঞ্জ, আৰু ৪x১০০ মিটাৰ ৰিলে দৌৰত ব্ৰঞ্জ পদক অৰ্জন কৰিছে। ছেপ্টেম্বৰত হব লগা এছিয়ান চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰিবলৈ এই দলটোৱে যোগ্যতা অৰ্জন কৰিছে বুলি সাধাৰণ সম্পাদক দীপক জ্যোতি…
শিৱসাগৰৰ বিএছএফ জোৱানৰ কাশ্মীৰত আকস্মিক মৃত্যু
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ৪ মে': শিৱসাগৰ চহৰৰ সমীপৰ কোঁৱৰপুৰ বৰুৱাচুকৰ চাহ দুমানী ৰহমানৰ যোৱা ১ মে তাৰিখে সীমান্ত সুৰক্ষা বাহিনী(বিএছএফ)ত কৰ্মৰত অৱস্থাত মৃত্যু হোৱাক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ৰহমান কাশ্মীৰৰ বাৰামুল্লাত সীমান্ত সুৰক্ষা বাহিনীত কৰ্মৰত থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। কালি অৰ্থাৎ ঈদৰ দিনা সীমান্ত সুৰক্ষা বাহিনীয়ে সম্পূৰ্ণ সামৰিক আৰু ৰাষ্ট্ৰীয় সন্মানেৰে পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিয়াৰ লগতে স্থানীয় কোঁৱৰপুৰ কৱৰস্থানত ৰাষ্ট্ৰীয় পতাকা সহিত সামৰিক মৰ্যাদাৰে অন্তিম সংস্কাৰ সম্পন্ন কৰে। মৃত্যুৰ সময়ত…
শোণিতপুৰৰ বৰছলাত বিষক্ৰিয়াত আক্ৰান্ত দুই শতাধিক লোক
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৪মে’: শোণিতপুৰৰ বৰছলা বিধান সভা সমষ্টিৰ এক অঞ্চলত দুই শতাধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হোৱাত অঞ্চলটোত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে । এখন বিয়াৰ অভ্যৰ্থনাৰ খাদ্যৰ পৰাই এই বিষক্ৰিয়া হোৱাৰ আশংকা কৰা হৈছে । যোৱানিশাৰ পৰা আৰম্ভ হোৱা এই বিষক্ৰিয়াত আক্ৰান্তৰ সংখ্যা আজি পুৱা অধিক বৃদ্ধি পোৱাৰ উপৰি এই বাতৰি যুগুতোৱালৈকে আক্ৰান্তৰ সংখ্যা বাঢ়ি আছে । এই ঘটনাৰ পাছতে শোণিতপুৰ প্ৰশাসনৰ নিৰ্দেশত আনকি অস্থায়ী স্বাস্থ্য শিৱিৰ স্থাপন কৰি আক্ৰান্ত লোকক স্বাস্থ্য বিভাগে প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰিবলগীয়া হোৱাৰ উপৰি…
শিৱসাগৰত পুনৰ সক্ৰিয় ৰূপত আত্ম প্ৰকাশ কুখ্যাত হাণি ট্ৰেপিং চক্ৰৰ
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ৪ মে' : শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ পৰিচালনাত ডি এচ পি হেডকোৱাৰ্টাৰ ডেইজী গগৈ আৰু সদৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত নগৰ উপ পৰিদৰ্শক বিশ্বজ্যোতি দুৱৰীয়ে যোৱা নিশা জয়সাগৰৰ সমীপৰ ৰূদ্ৰসাগৰ ৰাধিকা নগৰত অভিযান চলাই উজনিত আতংকৰ সৃষ্টি কৰি অহা এটা হাণি ট্ৰেপিং চক্ৰৰ লগত জড়িত দিপাংকৰ দাস (৩৯) আৰু অমৰদ্বীপ ওৰফে জয়দ্বীপ দাস (৩৮)ক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । অৱশ্যে আটকাধীন অমৰদ্বীপ, দিপাংকৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ এটা দলে পুৱতি নিশা দেৰগাঁৱতো অভিযান চলাইছিল যদিও আৰক্ষীৰ…
কলকাতাত নামঘৰৰ আধাৰশিলা স্থাপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ মেঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি নামঘৰৰ লাইখুঁটা স্থাপন হল আজি কলকাতাৰ পিয়ালিৰ খোলাঘাটাত । শ্ৰীমন্ত শংকৰদেৱ কনচিয়াচ ছচাইটি অৱ ইণ্ডিয়াৰ দ্বাৰা এই নামঘৰৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুটাৰ আধাৰশিলা স্থাপন কৰে কলকাতা অসম ভৱনৰ যুটীয়া আৱাসিক আয়ুক্ত তাপস দেৱে। এই উপলক্ষে আয়োজিত অনুস্থানত কলকাতাস্থ অসম ভৱনৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দেৱাশিস চক্ৰৱৰ্তী, কলকাতা অসম ভৱনৰ যুটীয়া আৱাসিক আয়ুক্ত তাপস দেৱ, শ্ৰীমন্ত শংকৰদেৱ কনচিয়াচ ছচাইটিৰ কলকাতা শাখাৰ সভাপতি প্ৰণৱ কুমাৰ হাজৰিকা,উপ সভাপতি হেমেন ভট্টাচাৰ্য, সাংস্কৃতিক…
বিদ্যালয় কেনেকৈ পৰিচালনা কৰিব লাগেঃ প্ৰশিক্ষণ
উত্তৰ লখিমপুৰ, ৪মেঃ ধেমাজি জিলাৰ মুৰ্কংচেলেক শিক্ষাখণ্ডৰ টাদুনীয়া মণ্ডল সমলকেন্দ্ৰৰ অন্তৰ্গত দোলাকাষৰীয়া প্ৰাথমিক বিদ্যালয়ত যোৱা ২৭ ,২৮ এপ্ৰিল আৰু ৩মে তাৰিখে তিনিদিনীয়া অনা আবাসিক বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য-সদস্যাৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। প্ৰথমদিনা বন্তি প্ৰজ্জ্বলনৰে কাৰ্যসূচীৰ আৰম্ভণি হয়।তাৰপাছত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমবেত সংগীতেৰে কাৰ্যসূচী আগবাঢ়ে।মণ্ডল সমন্বয়ক খুৰচিদা আলমে পৰিচালনা সমিতিৰ প্ৰশিক্ষণ সম্পৰ্কে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে প্ৰশিক্ষণৰ সমলব্যক্তিদ্বয়ক সকলোৰে আগত চিনাকি কৰি দিয়ে। লখিমপুৰৰ…
দেউৰীসকলৰ পুৰণি, বিলুপ্তপ্ৰায় বিহু সংস্কৃতিক পুনৰ উদ্ধাৰৰ প্ৰচেষ্টা দেউৰী বিচু সন্মিলনৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩ মেঃ দেউৰীসকলৰ সাতাম পুৰুষীয়া ‘ইবাঁকু বিচু’ এইবাৰ দিনযোৰা কাৰ্যসূচীৰে আজি উত্তৰ লখিমপুৰ নগৰৰ নকাৰীত থকা দেউৰী ভৱন প্ৰাংগণত অনুষ্ঠিত কৰা হয়। উত্তৰ লখিমপুৰ চতুৰ্থ বাৰ্ষিক দেউৰী বিচু সন্মিলনৰ সভানেত্ৰী পদ্মাৱতী দেউৰীয়ে আজি কয় যে দেউৰীসকলৰ পুৰণি বিচু (বিহু) সংস্কৃতিক একপ্ৰকাৰে হেৰাই যাবলৈ ধৰিছে আৰু তেনে বিচুক পুনৰ উদ্ধাৰ কৰাৰ প্ৰচেষ্টাৰে আজি নকাৰীত এই বিচু সন্মিলন অনুষ্ঠিত কৰা হয়। লখিমপুৰ আৰু ধেমাজি জিলাৰ বাহগড়া, বৰবাম, বামচেনীয়া, চিলাপথাৰ, বাহগড়া পানীগাঁও আদিৰ পৰা অহা কেবাটাও বিচুদলে আজিৰ এই সন্মিলনত…
তেজপুৰত দেহদান কৰি নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালে দেখুৱালে আদৰ্শ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ মে': "মৃত্যুটো এক শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য" - হীৰুদাৰ এই কবিতা পংক্তিৰ সাৰ্থকতা প্ৰতিপন্ন কৰি আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰা তেজপুৰৰ সৰবৰহী, অতি সৎ আৰু নিকা ভাৱমূৰ্তিৰ বাণীকান্ত শৰ্মাৰ পৰিয়ালবৰ্গই পিতৃৰ চিন্তাক সাকাৰ ৰূপ দি সমাজৰ বাবে দেখুৱালে এক দৃষ্টান্ত। উল্লেখ্য, তেজপুৰ দা ধৰা বামুণ চুবুৰি নিবাসী অসামৰিক প্ৰতিৰক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বাণীকান্ত শৰ্মাৰ ৭৯ বছৰ বয়সত নিজ বাসগৃহতে পৰলোকপ্ৰাপ্তি ঘটাত দেশ আৰু সমাজৰ বাবে ৰাখি গ'ল এক দৃষ্টান্ত। মানুহ আৰু সমাজ ভাল পোৱা আৰু…
