Browsing Category

অসম

এসময়ৰ কংগ্রেছৰ দুৰ্গ মাৰ্ঘেৰিটাত জুয়ে পোৰা সোণ বিচাৰি ভূপেন বৰা

শতাব্দ প্রতিবেদক, মাৰ্ঘেৰিটা ৫ মেঃ কংগ্রেছ দলটো পুনৰ শক্তি শালী ৰূপত প্রতিষ্ঠাৰ প্রচেষ্টাৰে অসম প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই আৰম্ভ কৰা জুয়ে পোৰা সোণ বিচাৰি আজি উপস্থিত হয় এসময়ৰ কংগ্রেছ দলৰ দুৰ্গ ৰূপে পৰিচিত মাৰ্ঘেৰিটা সমষ্টিত । সভাপতি ভূপেন বৰা আৰু জ্যেষ্ঠ কংগ্রেছ নেতা দেবব্রত শইকীয়াৰ নেতৃত্বত অহা কংগ্রেছ নেতৃত্বৰ দলটোৱে মাৰ্ঘেৰিটা কংগ্রেছ ভৱনত উপস্থিত হৈ এক দলীয় কৰ্মী সভাত অংশ গ্রহণ কৰে । কেইবাশ দলীয় কৰ্মীয়ে অংশ কৰা সভাখনত ২০১৪ চনৰ পৰা ধাৰাবাহিক ভাবে পৰাজিত হৈ অহাৰ পাছতো নিষ্ঠাৰে দলৰ হকে কাম কৰি অহা কৰ্মীসকলক প্রশংসা…

লখিমপুৰ শিক্ষা খণ্ডত অঙ্গনৱাড়ী কৰ্মী -শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণ

উত্তৰ লখিমপুৰ, ৫ মেঃ লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ তত্বাৱধানত সৰ্বাত্মক শিক্ষাৰ ওপৰত এক চাৰিদিনীয়া প্ৰশিক্ষণ শিৱিৰ আয়োজন কৰা হয়। আজি উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুঠ তিনিশ অঙ্গনবাড়ী কৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হয়।পুৱা ১০বজাত প্ৰশিক্ষণ শিৱিৰটি শুভ উদ্বোধন কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিনোদ মৰাঙে। অতিথি হিচাপে উপস্থিত থাকি লখিমপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া বিৰিঞ্চি চন্দ্ৰ বৰা আৰু সৰ্বাত্মক শিক্ষাৰ জিলা আঁচনি বিষয়া গুণজিৎ ঠাকুৰীয়াই। লখিমপুৰ উন্নয়ন খণ্ডৰ অধীনৰ সকলো মুখ্য সেৱিকাসহ কৰ্মীসকলক…

সাৰ বিতৰণ ব্যৱস্থাৰ পৰা মধ্যভোগী আঁতৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

ৰাজ্যখনত সাৰ বিতৰণ ব্যৱস্থাক সুশৃংখল কৰাৰ সন্দৰ্ভত উপায়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স মুখ্যমন্ত্রীৰ। খুচুৰা বিক্ৰেতাসকলৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ। প্ৰণালীবদ্ধ সাৰ বিতৰণৰ বাবে এক মানক সঞ্চালন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পৰিকল্পনা কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰাৰ নিৰ্দেশনা। শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ মে' : ৰাজ্যখনত সাৰ বিতৰণ ব্যৱস্থাক সুশৃংখল কৰি তোলাৰ বাবে আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে এক ভিডিঅ' কনফাৰেন্স বৈঠকত মিলিত হয়।…

জীয়াভৰলীৰ ৫০বছৰীয়া দলং বিধ্বস্তপ্ৰায়

শতাব্দ প্ৰতিনিধি তেজপুৰ,৪মে’: জীয়াভৰলী নৈৰ ওপৰত থকা একমাত্ৰ দলংখনৰ সাম্প্ৰতিক অৱস্থাই বহু লোককে উদ্বিগ্ন কৰিছে । ১৯৬২ ত শোণিতপুৰৰ খনামুখ আৰু টৌভঙাৰ মাজত ১৫নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথক সংযোগ কৰা জীয়াভৰলীৰ এই দলংখন নিৰ্মাণ কৰা হৈছিল । বৰ্তমান প্ৰায় ৫০বছৰীয়া দলংখনৰ ওপৰৰে অতিক্ৰম কৰা যানবাহনৰ সংখ্যা বৃদ্ধি পাইছে । তদুপৰি পূৰ্বৰ তুলনাত এইখন দলঙৰ ওপৰৰে পাৰ হয় বহু গধুৰ যান বাহন । প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আৰু শোণিতপুৰৰ এটা অংশৰ লগতে বিশ্বনাথ, লখিমপুৰ, ধেমাজি, জোনাইকে ধৰি অৰুণাচল প্ৰদেশৰ বাবেও যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এই…

তেজপুৰত ৰখাই থোৱা বাহনৰ ওপৰত উভালি পৰিল গছ

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৪ মে’: তেজপুৰৰ হলেশ্বৰ অঞ্চলত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত আজি দিনৰ প্ৰায় ১১ বজাত ৰখাই থোৱা বাহনৰ ওপৰত উভালি পৰিল এজোপা  প্ৰকাণ্ড গছ । পৰিণতিত পথৰ দাঁতিত ৰখাই থোৱা বাহন এখনৰ ক্ষতি হোৱাৰ লগতে ব্যস্ত ৰাষ্ট্ৰীয় পথৰে যান বাহনৰ চলাচলো কিছু সময় বন্ধ হৈ পৰে । উল্লেখযোগ্য যে,হলেশ্বৰস্থিত শ’লমৰা আৰক্ষী চকীলৈ ব্যক্তিগত কাৰণত অহা আব্দুল কুদ্দুচ নামৰ লোকজনৰ এ এছ১২ এল ২৬৬৮ নম্বৰৰ বাহনখন আৰক্ষী চকীৰ সমীপতে ৰখাই থোৱাৰ সময়তে ইয়াৰ কাষতে থকা পাকৰি গছজোপা উভালি পৰে । গছজোপাই ৰখাই থোৱা বাহনখন হেঁচা মাৰি ধৰাৰ সময়ত অৱশ্যে…

লখিমপুৰৰ এল.টি.কে. মহাবিদ্যালয়ত অসম গণিত শিক্ষায়তনৰ ৩৬ তম্ দ্বি-বার্ষিক অধিৱেশন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৪ মেঃ অসম গণিত শিক্ষায়তনৰ ৩৬ তম্ দ্বি-বার্ষিক অধিবেশনখনি এল.টি.কে মহাবিদ্যালয়ৰ নন্দৰাম দাস ক্ষেত্ৰত অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে অসম গণিত শিক্ষায়তনৰ সভাপতি ড° ৰামচন্দ্ৰ ডেকাই। অসম গণিত শিক্ষায়তনৰ প্ৰাক্তন সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গণিত বিভাগৰ অধ্যাপক প্রয়াত নন্দৰাম দাসদেৱক অসম গণিত শিক্ষায়তনৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে এল.টি.কে. মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰা অসম গণিত শিক্ষায়তনৰ নিজা সংগীতেৰে…

কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ সভাত পৰ্ন ছবি : আই অ’ চি এলৰ মাণ্ডলিক প্ৰবন্ধক আৰু হোটেলৰ স্বত্বাধিকাৰীৰ সাক্ষ্যদান

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৪ মে’ : কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ (আই অ’ চি এল) এক কাৰ্যসূচীত পৰ্ন ভিডিঅ’ চলাৰ ঘটনা সন্দৰ্ভত আজি ২ জন সাক্ষীয়ে তদন্তকাৰী বিষয়াৰ সন্মুখত সাক্ষ্যদান কৰে । উল্লেখ্য যে যোৱা ৩০ এপ্ৰিলত আই অ’ চি এলৰ এক কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়াৰ উপায়ুক্ত আৰু আই অ’ চি এলৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ লগতে সংবাদ মাধ্যমৰ লোকৰ উপস্থিতিত কাৰ্যসূচী চলি থকাৰ মাজতে মঞ্চৰ পাছফালে লগোৱা এলইডি স্ক্ৰীণত পৰ্ন ভিডিঅ’ৰ দৃশ্যাংশ ভাঁহি উঠিছিল ।…

যোৰহাটত নুৰুল হক – মুহিবুদ্দিন আহমেদৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা

শতাব্দ প্ৰতিনিধি,যোৰহাট , ৪ মে : যোৰহাটৰ সুৰৰ দেউল সংগীত বিদ্যালয়ৰ উদ্যোগত ১৫ মে'ত ৰাজ্যিক ভিত্তিত নুৰুল হক - মুহিবুদ্দিন আহমেদৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হব। আয়োজক সমিতিয়ে ১৬ টা গীত প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কৰিছে। যোৰহাট থিয়েটাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হব লগা প্ৰতিযোগিতা সকলোৰে বাবে মুকলি থাকিব। বাদ্যযন্ত্ৰ সমিতিয়ে যোগান ধৰিব। যোগদান মাছুল ৫০০ টকা। স্থান প্ৰাপ্ত প্ৰতিযোগীক নগদ ধনৰ লগতে স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হব। উল্লেখ্য, প্ৰতিযোগিতাৰ প্ৰথম পাঁচটা স্থান লাভ কৰা প্ৰতিযোগীয়ে ক্ৰমে ১০ হাজাৰ, ৭ হাজাৰ, ৫…

ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত যোৰহাট দলৰ সফলতা

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৪ মে : চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সদ্য সমাপ্ত ৪২তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত যোৰহাট দলে বিশেষ সফলতা অৰ্জন কৰে। যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰা ইছলাম আহমেদ ৭০ বছৰ উৰ্ধৰ লং জাম্পত ৰূপৰ পদক, ৬৫ বছৰৰ উৰ্ধৰ ৰীতা বৰচেতিয়াই ৫ কিলো মিটাৰ খোজ কঢ়াত ব্ৰঞ্জ, ট্ৰিপুলছেছত ৰূপৰ পদক আৰু পূৰ্ণিমা শৰ্মাই ৪০০মিটাৰত ব্ৰঞ্জ, আৰু ৪x১০০ মিটাৰ ৰিলে দৌৰত ব্ৰঞ্জ পদক অৰ্জন কৰিছে। ছেপ্টেম্বৰত হব লগা এছিয়ান চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰিবলৈ এই দলটোৱে যোগ্যতা অৰ্জন কৰিছে বুলি সাধাৰণ সম্পাদক দীপক জ্যোতি…

শিৱসাগৰৰ বিএছএফ জোৱানৰ কাশ্মীৰত আকস্মিক মৃত্যু

শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ৪ মে': শিৱসাগৰ চহৰৰ সমীপৰ কোঁৱৰপুৰ বৰুৱাচুকৰ চাহ দুমানী ৰহমানৰ যোৱা ১ মে তাৰিখে সীমান্ত সুৰক্ষা বাহিনী(বিএছএফ)ত কৰ্মৰত অৱস্থাত মৃত্যু হোৱাক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ৰহমান কাশ্মীৰৰ বাৰামুল্লাত সীমান্ত সুৰক্ষা বাহিনীত কৰ্মৰত থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। কালি অৰ্থাৎ ঈদৰ দিনা সীমান্ত সুৰক্ষা বাহিনীয়ে সম্পূৰ্ণ সামৰিক আৰু ৰাষ্ট্ৰীয় সন্মানেৰে পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিয়াৰ লগতে স্থানীয় কোঁৱৰপুৰ কৱৰস্থানত ৰাষ্ট্ৰীয় পতাকা সহিত সামৰিক মৰ্যাদাৰে অন্তিম সংস্কাৰ সম্পন্ন কৰে। মৃত্যুৰ সময়ত…