Browsing Category

অসম

শোণিতপুৰৰ বৰছলাত বিষক্ৰিয়াত আক্ৰান্ত দুই শতাধিক লোক

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৪মে’: শোণিতপুৰৰ বৰছলা বিধান সভা সমষ্টিৰ এক অঞ্চলত দুই শতাধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হোৱাত অঞ্চলটোত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে । এখন বিয়াৰ অভ্যৰ্থনাৰ খাদ্যৰ পৰাই এই বিষক্ৰিয়া হোৱাৰ আশংকা কৰা হৈছে । যোৱানিশাৰ পৰা আৰম্ভ হোৱা এই বিষক্ৰিয়াত আক্ৰান্তৰ সংখ্যা আজি পুৱা অধিক বৃদ্ধি পোৱাৰ উপৰি এই বাতৰি যুগুতোৱালৈকে আক্ৰান্তৰ সংখ্যা বাঢ়ি আছে । এই ঘটনাৰ পাছতে শোণিতপুৰ প্ৰশাসনৰ নিৰ্দেশত আনকি অস্থায়ী স্বাস্থ্য শিৱিৰ স্থাপন কৰি আক্ৰান্ত লোকক স্বাস্থ্য বিভাগে প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰিবলগীয়া হোৱাৰ উপৰি…

শিৱসাগৰত পুনৰ সক্ৰিয় ৰূপত আত্ম প্ৰকাশ কুখ্যাত হাণি ট্ৰেপিং চক্ৰৰ

 শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ৪ মে' : শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ পৰিচালনাত ডি এচ পি হেডকোৱাৰ্টাৰ ডেইজী গগৈ আৰু সদৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত নগৰ উপ পৰিদৰ্শক বিশ্বজ্যোতি দুৱৰীয়ে যোৱা নিশা জয়সাগৰৰ সমীপৰ ৰূদ্ৰসাগৰ ৰাধিকা নগৰত অভিযান চলাই উজনিত আতংকৰ সৃষ্টি কৰি অহা এটা হাণি ট্ৰেপিং চক্ৰৰ লগত জড়িত দিপাংকৰ দাস (৩৯) আৰু অমৰদ্বীপ ওৰফে জয়দ্বীপ দাস (৩৮)ক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । অৱশ্যে আটকাধীন অমৰদ্বীপ, দিপাংকৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ এটা দলে পুৱতি নিশা দেৰগাঁৱতো অভিযান চলাইছিল যদিও আৰক্ষীৰ…

কলকাতাত নামঘৰৰ আধাৰশিলা স্থাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ মেঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি নামঘৰৰ লাইখুঁটা স্থাপন হল আজি কলকাতাৰ পিয়ালিৰ খোলাঘাটাত । শ্ৰীমন্ত শংকৰদেৱ কনচিয়াচ ছচাইটি অৱ ইণ্ডিয়াৰ দ্বাৰা এই নামঘৰৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুটাৰ আধাৰশিলা স্থাপন কৰে কলকাতা অসম ভৱনৰ যুটীয়া আৱাসিক আয়ুক্ত তাপস দেৱে। এই উপলক্ষে আয়োজিত অনুস্থানত কলকাতাস্থ অসম ভৱনৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দেৱাশিস চক্ৰৱৰ্তী, কলকাতা অসম ভৱনৰ যুটীয়া আৱাসিক আয়ুক্ত তাপস দেৱ, শ্ৰীমন্ত শংকৰদেৱ কনচিয়াচ ছচাইটিৰ কলকাতা শাখাৰ সভাপতি প্ৰণৱ কুমাৰ হাজৰিকা,উপ সভাপতি হেমেন ভট্টাচাৰ্য, সাংস্কৃতিক…

বিদ্যালয় কেনেকৈ পৰিচালনা কৰিব লাগেঃ প্ৰশিক্ষণ

উত্তৰ লখিমপুৰ, ৪মেঃ   ধেমাজি জিলাৰ মুৰ্কংচেলেক শিক্ষাখণ্ডৰ টাদুনীয়া মণ্ডল সমলকেন্দ্ৰৰ অন্তৰ্গত দোলাকাষৰীয়া প্ৰাথমিক বিদ্যালয়ত যোৱা ২৭ ,২৮ এপ্ৰিল আৰু ৩মে তাৰিখে তিনিদিনীয়া অনা আবাসিক বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য-সদস্যাৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। প্ৰথমদিনা বন্তি প্ৰজ্জ্বলনৰে কাৰ্যসূচীৰ আৰম্ভণি হয়।তাৰপাছত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমবেত সংগীতেৰে কাৰ্যসূচী আগবাঢ়ে।মণ্ডল সমন্বয়ক খুৰচিদা আলমে পৰিচালনা সমিতিৰ প্ৰশিক্ষণ সম্পৰ্কে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে প্ৰশিক্ষণৰ সমলব্যক্তিদ্বয়ক সকলোৰে আগত চিনাকি কৰি দিয়ে। লখিমপুৰৰ…

দেউৰীসকলৰ পুৰণি, বিলুপ্তপ্ৰায় বিহু সংস্কৃতিক পুনৰ উদ্ধাৰৰ প্ৰচেষ্টা দেউৰী বিচু সন্মিলনৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩ মেঃ দেউৰীসকলৰ সাতাম পুৰুষীয়া ‘ইবাঁকু বিচু’ এইবাৰ দিনযোৰা কাৰ্যসূচীৰে আজি উত্তৰ লখিমপুৰ নগৰৰ নকাৰীত থকা দেউৰী ভৱন প্ৰাংগণত অনুষ্ঠিত কৰা হয়। উত্তৰ লখিমপুৰ চতুৰ্থ বাৰ্ষিক দেউৰী বিচু সন্মিলনৰ সভানেত্ৰী পদ্মাৱতী দেউৰীয়ে আজি কয় যে দেউৰীসকলৰ পুৰণি বিচু (বিহু) সংস্কৃতিক একপ্ৰকাৰে হেৰাই যাবলৈ ধৰিছে আৰু তেনে বিচুক পুনৰ উদ্ধাৰ কৰাৰ প্ৰচেষ্টাৰে আজি নকাৰীত এই বিচু সন্মিলন অনুষ্ঠিত কৰা হয়। লখিমপুৰ আৰু ধেমাজি জিলাৰ বাহগড়া, বৰবাম, বামচেনীয়া, চিলাপথাৰ, বাহগড়া পানীগাঁও আদিৰ পৰা অহা কেবাটাও বিচুদলে আজিৰ এই সন্মিলনত…

তেজপুৰত দেহদান কৰি নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালে দেখুৱালে আদৰ্শ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ মে': "মৃত্যুটো এক শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য" - হীৰুদাৰ এই কবিতা পংক্তিৰ সাৰ্থকতা প্ৰতিপন্ন কৰি আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰা তেজপুৰৰ সৰবৰহী, অতি সৎ আৰু নিকা ভাৱমূৰ্তিৰ বাণীকান্ত শৰ্মাৰ পৰিয়ালবৰ্গই পিতৃৰ চিন্তাক সাকাৰ ৰূপ দি সমাজৰ বাবে দেখুৱালে এক দৃষ্টান্ত। উল্লেখ্য, তেজপুৰ দা ধৰা বামুণ চুবুৰি নিবাসী অসামৰিক প্ৰতিৰক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বাণীকান্ত শৰ্মাৰ ৭৯ বছৰ বয়সত নিজ বাসগৃহতে পৰলোকপ্ৰাপ্তি ঘটাত দেশ আৰু সমাজৰ বাবে ৰাখি গ'ল এক দৃষ্টান্ত। মানুহ আৰু সমাজ ভাল পোৱা আৰু…

বড়ো সাহিত্য সভাৰ অধিৱেশনৰ দ্বিতীয় দিনা লোকাৰণ্য গৌজন ফৌথাৰ

শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ৩ মে : বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশনৰ আজি দ্বিতীয় দিনা লোকাৰণ্য হৈ পৰে তামুলপুৰ কচুবাৰী গৌজন ফৌথাৰ । খাম, চিফুং, বাঁহীৰ শব্দই মুখৰিত কৰি তোলে তামুলপুৰৰ কচুবাৰীৰ আকাশ বতাহ । বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশনৰ আজি দ্বিতীয় দিনা বতৰ ফৰকাল হৈ পৰাত আদৰণি সমিতি আৰু বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উচাহ দুগুণে বৃদ্ধি পায় । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বড়ো জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ লানি নিছিগা সোঁত বয় অধিবেশনথলীলৈ। পুৱা বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি…

ধুমুহা-বতাহ নহাকৈয়ে আচম্বিতে যোৰহাটত গছ বাগৰি এগৰাকী মহিলাৰ মৃত্যু

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩ মে : যোৰহাটৰ বৰুৱা চাৰিআলিত আজি দুপৰীয়া এক শোকাৱহ ঘটনা সংঘটিত হয়। কোনো ধৰণৰ ধুমুহা বতাহ নহাকৈয়ে যোৰহাটৰ উপযুক্ত কাৰ্যালয় চৌহদৰ এজোপা গছ বাগৰি এগৰাকী মহিলাৰ মৃত্যু হয়। বৰুৱা চাৰিআলি পাৰ হব খোজোতেই হঠাৎ বৃহৎ আকাৰৰ গছ জোপা বাগৰি পৰে। গছ জোপাৰ ডাল পাতে মহিলা গৰাকীক হেঁচা মাৰি ধৰে। লগে লগে আৰক্ষীয়ে মহিলা গৰাকীক JMCH লৈ প্ৰেৰণ কৰে কিন্তু JMCHত মৃত্যু ঘটে পিংকি ৰবি দাস নামৰ মহিলাগৰাকীৰ। ঘটনাত গুৰুতৰভাৱে আহত আন ২ গৰাকী লোককো JMCHত ভৰ্তি কৰা হয়। মৃত মহিলাগৰাকী যোৰহাট পুলিবৰ সৰুচৰাই গাঁৱৰ বুলি জানিব…

তেজপুৰত ঈদৰ সমূহীয়া নামাজ

তেজপুৰৰ বিভিন্ন স্থানত আজি ঈদৰ সমুহীয়া নামাজ সম্পন্ন হয় । চহৰখনৰ ঈদগাহ ময়দানত আজি পুৱা  বৃহত্তৰ তেজপুৰৰ লগতে দাঁতিকাষৰীয়া আৰু কৰ্মসূত্ৰে তেজপুৰলৈ অহা ইছলাম ধৰ্মাৱলম্বী লোকে এই নামাজত অংশ গ্ৰহণ কৰে।

অসম আৰক্ষীৰ ‘ৰাইড অব প্ৰাইড মটৰ চাইকেল’ ৰেলী উপস্থিত হ’ল তেজপুৰত

শতাব্দ  প্ৰতিনিধি তেজপুৰ, ৩ মে: প্ৰতিকূল বতৰৰ মাজতে আজি বিয়লি প্ৰায় ৫-৩০বজাত আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ নেতৃত্বত অসম আৰক্ষীৰ ৰাইড অব প্ৰাইড মটৰ চাইকেল দলে শোণিতপুৰত প্ৰবেশ কৰে । উল্লেখ্য যে, অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পৰা প্ৰেচিডেণ্টচ কালাৰ্চ সন্মান পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ২৭খন জিলাৰ ২ হেজাৰ ৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰমৰ লক্ষ্যৰে পহিলা মে'ত ধুবুৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা অসম আৰক্ষীৰ "ৰাইড অব প্ৰাইড " মটৰচাইকেল ৰেলীক শোণিতপুৰত আজি উষ্ম আদৰণি জনোৱা হয়। অসম আৰক্ষীৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক(ক্ৰীড়া) আনন্দ মিশ্ৰৰ নেতৃত্বত অহা…