Browsing Category
অসম
বড়ো সাহিত্য সভাৰ অধিৱেশনৰ দ্বিতীয় দিনা লোকাৰণ্য গৌজন ফৌথাৰ
শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ৩ মে : বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশনৰ আজি দ্বিতীয় দিনা লোকাৰণ্য হৈ পৰে তামুলপুৰ কচুবাৰী গৌজন ফৌথাৰ । খাম, চিফুং, বাঁহীৰ শব্দই মুখৰিত কৰি তোলে তামুলপুৰৰ কচুবাৰীৰ আকাশ বতাহ । বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশনৰ আজি দ্বিতীয় দিনা বতৰ ফৰকাল হৈ পৰাত আদৰণি সমিতি আৰু বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উচাহ দুগুণে বৃদ্ধি পায় । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বড়ো জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ লানি নিছিগা সোঁত বয় অধিবেশনথলীলৈ। পুৱা বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি…
ধুমুহা-বতাহ নহাকৈয়ে আচম্বিতে যোৰহাটত গছ বাগৰি এগৰাকী মহিলাৰ মৃত্যু
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩ মে : যোৰহাটৰ বৰুৱা চাৰিআলিত আজি দুপৰীয়া এক শোকাৱহ ঘটনা সংঘটিত হয়। কোনো ধৰণৰ ধুমুহা বতাহ নহাকৈয়ে যোৰহাটৰ উপযুক্ত কাৰ্যালয় চৌহদৰ এজোপা গছ বাগৰি এগৰাকী মহিলাৰ মৃত্যু হয়। বৰুৱা চাৰিআলি পাৰ হব খোজোতেই হঠাৎ বৃহৎ আকাৰৰ গছ জোপা বাগৰি পৰে। গছ জোপাৰ ডাল পাতে মহিলা গৰাকীক হেঁচা মাৰি ধৰে। লগে লগে আৰক্ষীয়ে মহিলা গৰাকীক JMCH লৈ প্ৰেৰণ কৰে কিন্তু JMCHত মৃত্যু ঘটে পিংকি ৰবি দাস নামৰ মহিলাগৰাকীৰ। ঘটনাত গুৰুতৰভাৱে আহত আন ২ গৰাকী লোককো JMCHত ভৰ্তি কৰা হয়। মৃত মহিলাগৰাকী যোৰহাট পুলিবৰ সৰুচৰাই গাঁৱৰ বুলি জানিব…
তেজপুৰত ঈদৰ সমূহীয়া নামাজ
তেজপুৰৰ বিভিন্ন স্থানত আজি ঈদৰ সমুহীয়া নামাজ সম্পন্ন হয় । চহৰখনৰ ঈদগাহ ময়দানত আজি পুৱা বৃহত্তৰ তেজপুৰৰ লগতে দাঁতিকাষৰীয়া আৰু কৰ্মসূত্ৰে তেজপুৰলৈ অহা ইছলাম ধৰ্মাৱলম্বী লোকে এই নামাজত অংশ গ্ৰহণ কৰে।
অসম আৰক্ষীৰ ‘ৰাইড অব প্ৰাইড মটৰ চাইকেল’ ৰেলী উপস্থিত হ’ল তেজপুৰত
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ মে: প্ৰতিকূল বতৰৰ মাজতে আজি বিয়লি প্ৰায় ৫-৩০বজাত আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ নেতৃত্বত অসম আৰক্ষীৰ ৰাইড অব প্ৰাইড মটৰ চাইকেল দলে শোণিতপুৰত প্ৰবেশ কৰে । উল্লেখ্য যে, অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পৰা প্ৰেচিডেণ্টচ কালাৰ্চ সন্মান পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ২৭খন জিলাৰ ২ হেজাৰ ৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰমৰ লক্ষ্যৰে পহিলা মে'ত ধুবুৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা অসম আৰক্ষীৰ "ৰাইড অব প্ৰাইড " মটৰচাইকেল ৰেলীক শোণিতপুৰত আজি উষ্ম আদৰণি জনোৱা হয়। অসম আৰক্ষীৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক(ক্ৰীড়া) আনন্দ মিশ্ৰৰ নেতৃত্বত অহা…
দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কেন্দ্ৰীয় মন্ত্ৰী বি এল বাৰ্মাৰ
শতাব্দ প্ৰতিনিধি মঙ্গলদৈ ৩ মে’: দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এক সভাত ড’নাৰ আৰু সমবায় বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মাই দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰে | আকাংক্ষিত জিলা প্ৰকল্পৰ অধীনত চলি থকা উন্নয়নমূলক কাৰ্যসমূহৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰি আচঁনি ৰূপায়নৰ গতি অধিক ক্ষীপ্ৰ কৰাৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে গুৰুত্ব আৰোপ কৰে । আকাংক্ষিত জিলা প্রকল্পৰ সময়সাপেক্ষ ৰূপায়ণৰ ফলত জিলাখনৰ সকলো স্তৰৰ বাসিন্দাসকল লাভান্বিত হ'ব বুলি তেওঁ কয় । ইয়াৰ লগতে তেওঁ পিছ পৰি থকা দিশসমূহৰ…
অসম আৰক্ষীৰ ‘ৰাইড অৱ প্ৰাইড’ শীৰ্ষক বাইক ৰেলী বাক্সাত উপস্থিত
শতাব্দ প্ৰতিনিধি, বাক্সা ,৩ মেঃ যুদ্ধ আৰু শান্তিৰ সময়ত ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত ব্যতিক্ৰমী আৰু অসাধাৰণ সেৱাৰ বাবে অসম আৰক্ষীলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিচান বঁটা ।' এক যুগান্তকাৰী সৃষ্টিৰে এই সন্মান লাভ কৰিবলৈ সক্ষম হোৱা অসম আৰক্ষী হৈছে দেশৰ ভিতৰত দশমটো ৰাজ্যিক আৰক্ষী বাহিনী । এই সন্মানক লৈ গৌৰাম্বিত অসম আৰক্ষী তথা দেশবাসী । জানিবপৰা মতে অহা দহ মে'ত অসম চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক এই বঁটাটি প্ৰদান কৰিব । বঁটা লাভৰ পিছৰে পৰা আৰক্ষীৰ প্ৰতিগৰাকী…
তেজপুৰত ভূমি কেলেংকাৰিঃ মৰাভৰলীৰ বুকুৰ ভূমি ম্যাদী হল কেনেকৈ
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩মে’: এসময়ত গোঁসাই ঘাট, গোধৰা ঘাটকে ধৰি বহুকেটা ঘাটৰে জলপৰিবহণ ব্যৱস্থাৰে সমৃদ্ধ জীয়াভৰলী নৈৰ সুঁতিটো মৰাভৰলীলৈ ৰূপান্তৰিত হোৱাৰ পাছতে এই নৈখনৰ বুকুৰ ভূমিৰ ক্ষেত্ৰত যে কিমান গৰাকী ওলাল তাৰ কোনো হিচাপ নাই । বিগত ২২বছৰে এই মৰাভৰলীৰ বুকুৰ ভূমি আচৰিত ধৰণে ম্যাদী পট্টাৰ ভূমিলৈ পৰিৰ্তিত হোৱাৰ উপৰি ইয়াত বেদখল, কৃষি তথা শিলবালি খননৰ কামো ব্যাপক ভাবে বৃদ্ধি পালে । বৰ্তমানৰ জীয়াভৰলীৰ পৰা ব্ৰহ্মপুত্ৰপৰ্যন্ত প্ৰায় ২৯কিলোমিটাৰ অঞ্চল বৰ্তমানেও শীৰ্ণৰূপত বৈ থকা মৰাভৰলীৰ বুকুৰে ইংৰাজৰ আমোলত যন্ত্ৰ চালিত নাও তথা…
শুৱালকুছি আৰু পলাশবাৰীৰ মাজৰ চাৰিলেনযুক্ত দলঙৰ বাবে ৩,১৯৭ কোটি টকাৰ অনুমোদন
শুৱালকুছি আৰু পলাশবাৰীৰ মাজৰ চাৰিলেনযুক্ত দলঙৰ বাবে ৩,১৯৭ কোটি টকাৰ অনুমোদন। আসাম ইনলেণ্ড ৱাটাৰ ৱেজ কোম্পানী লিমিটেড গঠন। গুৱাহাটীৰ নদীঘাটৰ আন্তঃগাঠনি উন্নত কৰাৰ বাবে ২৮৯.৪৫ কোটি টকাৰ অনুমোদন। নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ বাবে মোকলাই দিলে ৩০৮.৭৫ কোটি টকা। ১০০ জনক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি এসপ্তাহৰ ভিতৰত পূৰণৰ লক্ষ্য। মহাৰাষ্ট্ৰত নিৰ্মাণ হ'ব অসম কমপ্লেক্স।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ মে' : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকত…
তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি ৰাজেন বৰুৱাৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ মে’ : তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি, বৰ্ষীয়ান ৰাজনীতিক তথা একালৰ খণ্ড উন্নয়ন বিষয়া ৰাজেন বৰুৱাৰ আজি বিয়লি চিকিৎসাধীন অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৭৪ বছৰ । উল্লেখ্য যে তিনিচুকীয়াৰ বেংপুখুৰী নিবাসী প্ৰয়াত বৰুৱাই অবিভক্ত গোৱালপাৰা জিলাৰ আগমনিত কৰ্মজীৱন আৰম্ভ কৰাৰ পাছত তিনিচুকীয়া জিলাৰ কাকপথাৰ, শদিয়া আদি উন্নয়ন খণ্ডতো জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়া হিচাপে কৰ্ম সম্পাদন কৰি এসময়ত চাকৰি জীৱন ত্যাগ কৰি কংগ্ৰেছ দলত…
লখিমপুৰত ভূমিদাত্ৰী সৰবৰাহী মহিলাৰ মৃত্যু
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ মেঃ লখিমপুৰ জিলাৰ চমুৱা গাঁও নিবাসী ধৰ্মপ্ৰাণা মহিলা বকুলী দত্তৰ (৮৫) যোৱা নিশা ১১.২০ বজাত নিজ বাসভৱনত দেহাৱসান ঘটে। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বকুলী দত্তই পূৰ্বাঞ্চল শাখা সাহিত্য সভাৰ বাবে এডোখৰ ভূমি দান কৰি যায়। মৃত্যুৰ সময়ত সৰবৰহী মহিলাগৰাকীয়ে জনসংযোগ বিভাগৰ লখিমপুৰৰ জ্যেষ্ঠ সহায়ক অতুল চন্দ্ৰ দত্তৰ লগতে তিনি পুত্ৰ, এগৰাকী কন্যা সহ বহু আত্মীয়ক এৰি থৈ যায়। মহিলাগৰাকীৰ মৃত্যুত লখিমপুৰ পুথিভঁৰাল আৰু চেতনা সংঘৰ লগতে স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।
