Browsing Category

অসম

লখিমপুৰৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকক উপায়ুক্তৰ ধমকঃ অনুকম্পামূলক নিযুক্তিত উৎকোচ গ্ৰহণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ মেঃ লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উৎকোচ গ্ৰহণৰ ক্ষেত্ৰত পূৰ্বে বাতৰিৰ শিৰোনাম দখল কৰি অহা কাৰ্যালয়টোৰ জ্যেষ্ঠ সহায়ক পোনাৰাম বনিয়াৰ নাম পুনৰ চৰ্চালৈ আহিছে। এইবাৰ এইজন জ্যেষ্ঠ সহায়কৰ কু-কাণ্ডৰ বাবে উপায়ুক্তৰ ধমক খাবলগীয়া হৈছে জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰমেশ চন্দ্ৰ চুতীয়াই। উল্লেখ্য যে ফুলবাৰী হাইস্কুলৰ চতুৰ্থ শ্ৰেণীৰ এটা অনুকম্পামূলক পদৰ নিযুক্তিৰ ফাইলৰ ক্ষেত্ৰত জ্যেষ্ঠ সহায়ক পোনাৰাম বনিয়াই ৬০ হাজাৰ টকাৰ উৎকোচ গ্ৰহণ কৰা বুলি জিলা উপায়ুক্তই অভিযোগ লাভ কৰে। যাৰ ফলত জিলা উপায়ুক্তই…

অসম কৃষি বিশ্ববিদ্যালয়ত তথ্য জনাৰ অধিকাৰ আইনৰ উচ্চস্তৰীয় কৰ্মশালা

শতাব্দ প্ৰতিনিধি,যোৰহাট ,২ মে : অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি যোৰহাটস্থ মূল চৌহদত তথ্য জনাৰ অধিকাৰ আইনৰ ওপৰত এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ সঞ্চালনাত অনুষ্ঠিত এই কৰ্মশালাত ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপ আৰু কনক চন্দ্ৰ শৰ্মাই তথ্য জনাৰ অধিকাৰ আইনৰ কাৰিকৰী দিশৰ ওপৰত বিস্তৃতভাবে বাখ্যা আগবঢ়ায় ।যুটীয়া পঞ্জীয়ক ড° অনুপ কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানটোত দৃশ্যশ্ৰব্য উপস্থাপনেৰে আয়ুক্ত দুগৰাকীয়ে এই আইনৰ জৰিয়তে তথ্য প্ৰদানৰ দিশৰ সুবিধা সমুহ আৰু জটিল বিষয়সমুহৰ ওপৰত বিস্তৃত…

৫০০ কোটি টকীয়া লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিৰাল ফাট : প্রতিক্রিয়া

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২ মেঃ লখিমপুৰত প্ৰায় দুমাহ পূর্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এতিয়া বৃহৎ বৃহৎ ফাট মেলিছে। ৫০০ কোটি টকাৰ ব্যয় সাপেক্ষে গৌতম কনষ্ট্রাকচনে নিৰ্মাণ কৰি উলিওৱা চিকিৎসা মহাবিদ্যালয়খনৰ গৰিষ্ঠ সংখ্যক ভৱনত এতিয়া এনে ফাট দেখিবলৈ পোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চিকিৎসা মহাবিদ্যালয়খনৰ মূল ভৱনৰ লগতে প্রশাসনিক ভৱন, ছাত্রীনিবাস, জৰুৰীকালিন সেৱা আদি সকলোবোৰ ভৱনত তলৰ পৰা ওপৰলৈ দেৱাল সমূহত চিৰাল ফাট দিয়া কাৰ্যই গৌতম কনষ্ট্রাকচনৰ…

অগপৰ গোলাঘাট জিলা পৰিষদৰ নতুন সভাপতি ড° নৃপেন বৰুৱা

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২ মেঃ অসম গণ পৰিষদ দলৰ জন্মলগ্নৰে পৰা জড়িত এগৰাকী অন্যতম নেতা, দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নৃপেন বৰুৱাক অগপৰ গোলাঘাট জিলা পৰিষদৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ১ মে’ তাৰিখৰ পত্ৰ যোগে ড° বৰুৱাক অগপৰ গোলাঘাট জিলা পৰিষদৰ সভাপতি ৰূপে মনোনীত কৰে। অগপৰ গোলাঘাট জিলা পৰিষদৰ পূৰ্বৰ সভাপতি, প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাৰ মৃত্যুৰ পিছতে দলৰ শীৰ্ষ নেতৃত্বই তেওঁক এই দায়িত্ব অৰ্পণ কৰে। নতুন দায়িত্বভাৰ গ্ৰহণ কৰি ড° বৰুৱাই কয় যে অগপৰ জন্ম স্থান গোলাঘাটত…

 লখিমপুৰৰ  কেঞ্চাৰ কেন্দ্ৰত বৃদ্ধি পাইছে ৰোগীঃ হেল্প লাইন মুকলি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ মেঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলি মুকলি কৰা ৰাজ্যৰ ৭খন কেঞ্চাৰ চিকিৎসা কেন্দ্ৰৰ লগতে লখিমপুৰ কেন্সাৰ কেন্দ্ৰটোৱে এতিয়া উত্তৰ অসমত কেঞ্চাৰ ৰোগীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। অত্যাধুনিক ভাৱে নিৰ্মিত কেঞ্চাৰ কেন্দ্ৰটি প্ৰয়োজনীয় সকলো সা-সুবিধা উপলব্ধ হোৱাত উত্তৰ অসমৰ লখিমপুৰ, ধেমাজি, মাজুলী, বিশ্বনাথ চাৰিআলিৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লোকসকলে এই কেন্দ্ৰটিৰ জৰিয়তে উপকৃত হ’বলৈ সক্ষম হৈছে। উল্লেখ যে উদ্বোধনৰ পিছদিনাৰ পৰাই কেঞ্চাৰ কেয়াৰ কেন্দ্ৰটোত…

দণ্ডাধীশ তদন্ত ঘোষণা তিনিচুকীয়া জিলা প্ৰশাসনৰ : ৪ মে’ত সাক্ষ্য গ্ৰহণ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ মে’ : পৰ্ন ভিডিঅ’ক কেন্দ্ৰ কৰি শেহতীয়াকৈ উত্তাল হৈ আছে দেশ, বিদেশৰ ৰাজনীতি । এফালে সংসদৰ মজিয়াত মবাইলত দুবাৰকৈ পৰ্ন ভিডিঅ’ চাই ব্ৰিটেইনৰ এজন সাংসদে পদত্যাগ কৰাৰ বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছে । আনফালে ৰাজ্যৰ ৰাজনীতিত চৰ্চা লাভ কৰিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ (আই অ’ চি এল) এক কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়াৰ উপায়ুক্ত আৰু আই অ’ চি এলৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ লগতে সংবাদ মাধ্যমৰ লোকৰ উপস্থিতিত কাৰ্য্যসূচী চলি থকাৰ মাজতে মঞ্চৰ পাছফালে…

ঐতিহ্যমণ্ডিত জোনাই প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস পালন

জোনাই, ২ মে' : ঐতিহ্যমণ্ডিত জোনাই প্ৰেছ ক্লাৱৰ গৌৰৱোজ্জ্বল ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিয়লি ঙাচাৰচুক উকোমত গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উদযাপনৰ কৰা হয়। প্ৰথমতে জোনাই প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি এক গৰিমাময় মৰ্যাদা প্ৰদান কৰা জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি প্ৰয়াত চুছেন পাৱ, প্ৰাক্তন উপদেষ্টা প্ৰয়াত ডিৰাম কুম্বাং, প্ৰাক্তন উপদেষ্টা প্ৰয়াত ধৰণীধৰ নাথ, প্ৰাক্তন সভাপতি প্ৰয়াত টিকেন্দ্ৰ ফুকন আৰু প্ৰাক্তন উপ-সভাপতি প্ৰয়াত অপূৰ্ব পেগুৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পিছত জোনাই প্ৰেছ ক্লাৱৰ…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয় বক্তৃতানুষ্ঠান

লখিমপুৰ: ২ মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ হিচাপ বিদ্যা বিভাগৰ উদ্যোগত আজি বিত্তীয় অন্তৰ্ভুক্তিৰ বিষয়ত এক বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয়। সেই উদ্দেশ্যে আয়োজিত এক কাৰ্যসূচী  উদ্বোধন কৰে অধ্যক্ষ ড° লোহিত হাজৰিকাই। হিচাপ বিদ্যা বিভাগৰ অধ্যাপক ড° দিগন্ত কুমাৰ দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড়ৰ দানবীৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ হিচাপ বিদ্যা বিভাগৰ সহকাৰী অধ্যাপক তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পংকজ ছাহুৱে। অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিত্তীয়…

বিদ্যালয়লৈ কম্পিউটাৰ-শ্ৰেণী কক্ষ প্ৰদান চাহ কোম্পানীৰ

শতাব্দ প্ৰতিনিধি, চৰাইদেউ, ২ মে' : চৰাইদেউ জিলাৰ গড্ ৰিক কোম্পানীৰ বৰপাত্ৰ চাহ বাগিচাই বৰহাট অঞ্চলটোত বিগত বৰ্ষত বাগিচাৰ জনকল্যাণ আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ স্ক'লাৰশ্বিপকে ধৰি বিভিন্ন উন্নয়নমূলক কাম কৰি আহিছে। আজি টিট্লাগড় হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ কম্পিউটাৰ শিক্ষা গ্ৰহণৰ সুবিধাৰ্থে  দুটা কম্পিউটাৰ সহ সাত লাখ টকাৰ ব্যয়েৰে নিৰ্মিত এটা কম্পিউটাৰ শ্ৰেণী কক্ষ শুভ উদ্বোধন কৰে কোম্পানীৰ কলকাতাৰ মেনেজিং ডাইৰেক্টৰ অতুল আষ্ঠানাই।উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি টিট্ লাগড়ৰ হাই স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক জীতেন ৰাজগুৰুৰ…

শিৱসাগৰত যোগ উৎসৱ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ মেঃ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ পৱিত্ৰ ধাম শিৱদৌল প্ৰাংগণত ভাৰত চৰকাৰৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে আজি আয়োজিত যোগ উৎসৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় পোতাশ্ৰয়, জাহাজ পৰিবহণ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় আয়ুষ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডাঃ মহেন্দ্ৰ মুঞ্জাপাৰাৰ সৈতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো অংশগ্ৰহণ কৰে। এই ৰাষ্ট্ৰীয় যোগ অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, ছিক্কিমৰ স্বাস্থ্যমন্ত্ৰী ডাঃ মণি…