Browsing Category
অসম
দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কেন্দ্ৰীয় মন্ত্ৰী বি এল বাৰ্মাৰ
শতাব্দ প্ৰতিনিধি মঙ্গলদৈ ৩ মে’: দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এক সভাত ড’নাৰ আৰু সমবায় বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মাই দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰে | আকাংক্ষিত জিলা প্ৰকল্পৰ অধীনত চলি থকা উন্নয়নমূলক কাৰ্যসমূহৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰি আচঁনি ৰূপায়নৰ গতি অধিক ক্ষীপ্ৰ কৰাৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে গুৰুত্ব আৰোপ কৰে । আকাংক্ষিত জিলা প্রকল্পৰ সময়সাপেক্ষ ৰূপায়ণৰ ফলত জিলাখনৰ সকলো স্তৰৰ বাসিন্দাসকল লাভান্বিত হ'ব বুলি তেওঁ কয় । ইয়াৰ লগতে তেওঁ পিছ পৰি থকা দিশসমূহৰ…
অসম আৰক্ষীৰ ‘ৰাইড অৱ প্ৰাইড’ শীৰ্ষক বাইক ৰেলী বাক্সাত উপস্থিত
শতাব্দ প্ৰতিনিধি, বাক্সা ,৩ মেঃ যুদ্ধ আৰু শান্তিৰ সময়ত ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত ব্যতিক্ৰমী আৰু অসাধাৰণ সেৱাৰ বাবে অসম আৰক্ষীলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিচান বঁটা ।' এক যুগান্তকাৰী সৃষ্টিৰে এই সন্মান লাভ কৰিবলৈ সক্ষম হোৱা অসম আৰক্ষী হৈছে দেশৰ ভিতৰত দশমটো ৰাজ্যিক আৰক্ষী বাহিনী । এই সন্মানক লৈ গৌৰাম্বিত অসম আৰক্ষী তথা দেশবাসী । জানিবপৰা মতে অহা দহ মে'ত অসম চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক এই বঁটাটি প্ৰদান কৰিব । বঁটা লাভৰ পিছৰে পৰা আৰক্ষীৰ প্ৰতিগৰাকী…
তেজপুৰত ভূমি কেলেংকাৰিঃ মৰাভৰলীৰ বুকুৰ ভূমি ম্যাদী হল কেনেকৈ
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩মে’: এসময়ত গোঁসাই ঘাট, গোধৰা ঘাটকে ধৰি বহুকেটা ঘাটৰে জলপৰিবহণ ব্যৱস্থাৰে সমৃদ্ধ জীয়াভৰলী নৈৰ সুঁতিটো মৰাভৰলীলৈ ৰূপান্তৰিত হোৱাৰ পাছতে এই নৈখনৰ বুকুৰ ভূমিৰ ক্ষেত্ৰত যে কিমান গৰাকী ওলাল তাৰ কোনো হিচাপ নাই । বিগত ২২বছৰে এই মৰাভৰলীৰ বুকুৰ ভূমি আচৰিত ধৰণে ম্যাদী পট্টাৰ ভূমিলৈ পৰিৰ্তিত হোৱাৰ উপৰি ইয়াত বেদখল, কৃষি তথা শিলবালি খননৰ কামো ব্যাপক ভাবে বৃদ্ধি পালে । বৰ্তমানৰ জীয়াভৰলীৰ পৰা ব্ৰহ্মপুত্ৰপৰ্যন্ত প্ৰায় ২৯কিলোমিটাৰ অঞ্চল বৰ্তমানেও শীৰ্ণৰূপত বৈ থকা মৰাভৰলীৰ বুকুৰে ইংৰাজৰ আমোলত যন্ত্ৰ চালিত নাও তথা…
শুৱালকুছি আৰু পলাশবাৰীৰ মাজৰ চাৰিলেনযুক্ত দলঙৰ বাবে ৩,১৯৭ কোটি টকাৰ অনুমোদন
শুৱালকুছি আৰু পলাশবাৰীৰ মাজৰ চাৰিলেনযুক্ত দলঙৰ বাবে ৩,১৯৭ কোটি টকাৰ অনুমোদন। আসাম ইনলেণ্ড ৱাটাৰ ৱেজ কোম্পানী লিমিটেড গঠন। গুৱাহাটীৰ নদীঘাটৰ আন্তঃগাঠনি উন্নত কৰাৰ বাবে ২৮৯.৪৫ কোটি টকাৰ অনুমোদন। নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ বাবে মোকলাই দিলে ৩০৮.৭৫ কোটি টকা। ১০০ জনক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি এসপ্তাহৰ ভিতৰত পূৰণৰ লক্ষ্য। মহাৰাষ্ট্ৰত নিৰ্মাণ হ'ব অসম কমপ্লেক্স।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ মে' : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকত…
তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি ৰাজেন বৰুৱাৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ মে’ : তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি, বৰ্ষীয়ান ৰাজনীতিক তথা একালৰ খণ্ড উন্নয়ন বিষয়া ৰাজেন বৰুৱাৰ আজি বিয়লি চিকিৎসাধীন অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৭৪ বছৰ । উল্লেখ্য যে তিনিচুকীয়াৰ বেংপুখুৰী নিবাসী প্ৰয়াত বৰুৱাই অবিভক্ত গোৱালপাৰা জিলাৰ আগমনিত কৰ্মজীৱন আৰম্ভ কৰাৰ পাছত তিনিচুকীয়া জিলাৰ কাকপথাৰ, শদিয়া আদি উন্নয়ন খণ্ডতো জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়া হিচাপে কৰ্ম সম্পাদন কৰি এসময়ত চাকৰি জীৱন ত্যাগ কৰি কংগ্ৰেছ দলত…
লখিমপুৰত ভূমিদাত্ৰী সৰবৰাহী মহিলাৰ মৃত্যু
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ মেঃ লখিমপুৰ জিলাৰ চমুৱা গাঁও নিবাসী ধৰ্মপ্ৰাণা মহিলা বকুলী দত্তৰ (৮৫) যোৱা নিশা ১১.২০ বজাত নিজ বাসভৱনত দেহাৱসান ঘটে। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বকুলী দত্তই পূৰ্বাঞ্চল শাখা সাহিত্য সভাৰ বাবে এডোখৰ ভূমি দান কৰি যায়। মৃত্যুৰ সময়ত সৰবৰহী মহিলাগৰাকীয়ে জনসংযোগ বিভাগৰ লখিমপুৰৰ জ্যেষ্ঠ সহায়ক অতুল চন্দ্ৰ দত্তৰ লগতে তিনি পুত্ৰ, এগৰাকী কন্যা সহ বহু আত্মীয়ক এৰি থৈ যায়। মহিলাগৰাকীৰ মৃত্যুত লখিমপুৰ পুথিভঁৰাল আৰু চেতনা সংঘৰ লগতে স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।
লখিমপুৰৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকক উপায়ুক্তৰ ধমকঃ অনুকম্পামূলক নিযুক্তিত উৎকোচ গ্ৰহণ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ মেঃ লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উৎকোচ গ্ৰহণৰ ক্ষেত্ৰত পূৰ্বে বাতৰিৰ শিৰোনাম দখল কৰি অহা কাৰ্যালয়টোৰ জ্যেষ্ঠ সহায়ক পোনাৰাম বনিয়াৰ নাম পুনৰ চৰ্চালৈ আহিছে। এইবাৰ এইজন জ্যেষ্ঠ সহায়কৰ কু-কাণ্ডৰ বাবে উপায়ুক্তৰ ধমক খাবলগীয়া হৈছে জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰমেশ চন্দ্ৰ চুতীয়াই। উল্লেখ্য যে ফুলবাৰী হাইস্কুলৰ চতুৰ্থ শ্ৰেণীৰ এটা অনুকম্পামূলক পদৰ নিযুক্তিৰ ফাইলৰ ক্ষেত্ৰত জ্যেষ্ঠ সহায়ক পোনাৰাম বনিয়াই ৬০ হাজাৰ টকাৰ উৎকোচ গ্ৰহণ কৰা বুলি জিলা উপায়ুক্তই অভিযোগ লাভ কৰে। যাৰ ফলত জিলা উপায়ুক্তই…
অসম কৃষি বিশ্ববিদ্যালয়ত তথ্য জনাৰ অধিকাৰ আইনৰ উচ্চস্তৰীয় কৰ্মশালা
শতাব্দ প্ৰতিনিধি,যোৰহাট ,২ মে : অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি যোৰহাটস্থ মূল চৌহদত তথ্য জনাৰ অধিকাৰ আইনৰ ওপৰত এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ সঞ্চালনাত অনুষ্ঠিত এই কৰ্মশালাত ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপ আৰু কনক চন্দ্ৰ শৰ্মাই তথ্য জনাৰ অধিকাৰ আইনৰ কাৰিকৰী দিশৰ ওপৰত বিস্তৃতভাবে বাখ্যা আগবঢ়ায় ।যুটীয়া পঞ্জীয়ক ড° অনুপ কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানটোত দৃশ্যশ্ৰব্য উপস্থাপনেৰে আয়ুক্ত দুগৰাকীয়ে এই আইনৰ জৰিয়তে তথ্য প্ৰদানৰ দিশৰ সুবিধা সমুহ আৰু জটিল বিষয়সমুহৰ ওপৰত বিস্তৃত…
৫০০ কোটি টকীয়া লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিৰাল ফাট : প্রতিক্রিয়া
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২ মেঃ লখিমপুৰত প্ৰায় দুমাহ পূর্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এতিয়া বৃহৎ বৃহৎ ফাট মেলিছে। ৫০০ কোটি টকাৰ ব্যয় সাপেক্ষে গৌতম কনষ্ট্রাকচনে নিৰ্মাণ কৰি উলিওৱা চিকিৎসা মহাবিদ্যালয়খনৰ গৰিষ্ঠ সংখ্যক ভৱনত এতিয়া এনে ফাট দেখিবলৈ পোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চিকিৎসা মহাবিদ্যালয়খনৰ মূল ভৱনৰ লগতে প্রশাসনিক ভৱন, ছাত্রীনিবাস, জৰুৰীকালিন সেৱা আদি সকলোবোৰ ভৱনত তলৰ পৰা ওপৰলৈ দেৱাল সমূহত চিৰাল ফাট দিয়া কাৰ্যই গৌতম কনষ্ট্রাকচনৰ…
অগপৰ গোলাঘাট জিলা পৰিষদৰ নতুন সভাপতি ড° নৃপেন বৰুৱা
শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২ মেঃ অসম গণ পৰিষদ দলৰ জন্মলগ্নৰে পৰা জড়িত এগৰাকী অন্যতম নেতা, দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নৃপেন বৰুৱাক অগপৰ গোলাঘাট জিলা পৰিষদৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ১ মে’ তাৰিখৰ পত্ৰ যোগে ড° বৰুৱাক অগপৰ গোলাঘাট জিলা পৰিষদৰ সভাপতি ৰূপে মনোনীত কৰে। অগপৰ গোলাঘাট জিলা পৰিষদৰ পূৰ্বৰ সভাপতি, প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাৰ মৃত্যুৰ পিছতে দলৰ শীৰ্ষ নেতৃত্বই তেওঁক এই দায়িত্ব অৰ্পণ কৰে। নতুন দায়িত্বভাৰ গ্ৰহণ কৰি ড° বৰুৱাই কয় যে অগপৰ জন্ম স্থান গোলাঘাটত…
