Browsing Category
অসম
লখিমপুৰৰ কেঞ্চাৰ কেন্দ্ৰত বৃদ্ধি পাইছে ৰোগীঃ হেল্প লাইন মুকলি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ মেঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলি মুকলি কৰা ৰাজ্যৰ ৭খন কেঞ্চাৰ চিকিৎসা কেন্দ্ৰৰ লগতে লখিমপুৰ কেন্সাৰ কেন্দ্ৰটোৱে এতিয়া উত্তৰ অসমত কেঞ্চাৰ ৰোগীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। অত্যাধুনিক ভাৱে নিৰ্মিত কেঞ্চাৰ কেন্দ্ৰটি প্ৰয়োজনীয় সকলো সা-সুবিধা উপলব্ধ হোৱাত উত্তৰ অসমৰ লখিমপুৰ, ধেমাজি, মাজুলী, বিশ্বনাথ চাৰিআলিৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লোকসকলে এই কেন্দ্ৰটিৰ জৰিয়তে উপকৃত হ’বলৈ সক্ষম হৈছে। উল্লেখ যে উদ্বোধনৰ পিছদিনাৰ পৰাই কেঞ্চাৰ কেয়াৰ কেন্দ্ৰটোত…
দণ্ডাধীশ তদন্ত ঘোষণা তিনিচুকীয়া জিলা প্ৰশাসনৰ : ৪ মে’ত সাক্ষ্য গ্ৰহণ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ মে’ : পৰ্ন ভিডিঅ’ক কেন্দ্ৰ কৰি শেহতীয়াকৈ উত্তাল হৈ আছে দেশ, বিদেশৰ ৰাজনীতি । এফালে সংসদৰ মজিয়াত মবাইলত দুবাৰকৈ পৰ্ন ভিডিঅ’ চাই ব্ৰিটেইনৰ এজন সাংসদে পদত্যাগ কৰাৰ বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছে । আনফালে ৰাজ্যৰ ৰাজনীতিত চৰ্চা লাভ কৰিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ (আই অ’ চি এল) এক কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়াৰ উপায়ুক্ত আৰু আই অ’ চি এলৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ লগতে সংবাদ মাধ্যমৰ লোকৰ উপস্থিতিত কাৰ্য্যসূচী চলি থকাৰ মাজতে মঞ্চৰ পাছফালে…
ঐতিহ্যমণ্ডিত জোনাই প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস পালন
জোনাই, ২ মে' : ঐতিহ্যমণ্ডিত জোনাই প্ৰেছ ক্লাৱৰ গৌৰৱোজ্জ্বল ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিয়লি ঙাচাৰচুক উকোমত গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উদযাপনৰ কৰা হয়। প্ৰথমতে জোনাই প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি এক গৰিমাময় মৰ্যাদা প্ৰদান কৰা জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি প্ৰয়াত চুছেন পাৱ, প্ৰাক্তন উপদেষ্টা প্ৰয়াত ডিৰাম কুম্বাং, প্ৰাক্তন উপদেষ্টা প্ৰয়াত ধৰণীধৰ নাথ, প্ৰাক্তন সভাপতি প্ৰয়াত টিকেন্দ্ৰ ফুকন আৰু প্ৰাক্তন উপ-সভাপতি প্ৰয়াত অপূৰ্ব পেগুৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পিছত জোনাই প্ৰেছ ক্লাৱৰ…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয় বক্তৃতানুষ্ঠান
লখিমপুৰ: ২ মে: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ হিচাপ বিদ্যা বিভাগৰ উদ্যোগত আজি বিত্তীয় অন্তৰ্ভুক্তিৰ বিষয়ত এক বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয়। সেই উদ্দেশ্যে আয়োজিত এক কাৰ্যসূচী উদ্বোধন কৰে অধ্যক্ষ ড° লোহিত হাজৰিকাই। হিচাপ বিদ্যা বিভাগৰ অধ্যাপক ড° দিগন্ত কুমাৰ দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড়ৰ দানবীৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ হিচাপ বিদ্যা বিভাগৰ সহকাৰী অধ্যাপক তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পংকজ ছাহুৱে। অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিত্তীয়…
বিদ্যালয়লৈ কম্পিউটাৰ-শ্ৰেণী কক্ষ প্ৰদান চাহ কোম্পানীৰ
শতাব্দ প্ৰতিনিধি, চৰাইদেউ, ২ মে' : চৰাইদেউ জিলাৰ গড্ ৰিক কোম্পানীৰ বৰপাত্ৰ চাহ বাগিচাই বৰহাট অঞ্চলটোত বিগত বৰ্ষত বাগিচাৰ জনকল্যাণ আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ স্ক'লাৰশ্বিপকে ধৰি বিভিন্ন উন্নয়নমূলক কাম কৰি আহিছে। আজি টিট্লাগড় হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ কম্পিউটাৰ শিক্ষা গ্ৰহণৰ সুবিধাৰ্থে দুটা কম্পিউটাৰ সহ সাত লাখ টকাৰ ব্যয়েৰে নিৰ্মিত এটা কম্পিউটাৰ শ্ৰেণী কক্ষ শুভ উদ্বোধন কৰে কোম্পানীৰ কলকাতাৰ মেনেজিং ডাইৰেক্টৰ অতুল আষ্ঠানাই।উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি টিট্ লাগড়ৰ হাই স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক জীতেন ৰাজগুৰুৰ…
শিৱসাগৰত যোগ উৎসৱ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ মেঃ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ পৱিত্ৰ ধাম শিৱদৌল প্ৰাংগণত ভাৰত চৰকাৰৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে আজি আয়োজিত যোগ উৎসৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় পোতাশ্ৰয়, জাহাজ পৰিবহণ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় আয়ুষ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডাঃ মহেন্দ্ৰ মুঞ্জাপাৰাৰ সৈতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো অংশগ্ৰহণ কৰে। এই ৰাষ্ট্ৰীয় যোগ অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, ছিক্কিমৰ স্বাস্থ্যমন্ত্ৰী ডাঃ মণি…
বাক্সাৰ সাদেৰিত ভাগৱত গীতা পৰিভ্ৰমণ
বাক্সা ,১ মেঃ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি আজি বাক্সা জিলাৰ সাদেৰিত হোম-যজ্ঞৰে গাঁওখনত ভাগৱত গীতা পৰিভ্ৰমণ কৰে । কেবাশ ভক্তিপ্ৰাণ লোক সমবেত হৈ ৰাজহুৱা বুঢ়া গোসাই নামঘৰত হোম - যজ্ঞ কৰি ভাগৱত গীতা পৰিভ্ৰমণেৰে শান্তিৰ বাণী প্ৰেৰণ কৰে । গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ পদুলিত ৰৈ ভক্ত সকলে গৃহস্থক আশীৰ্বাদ দিয়ে । উল্লেখ্য যে হোম - যজ্ঞ অনুস্থানৰ লগত সংগতি ৰাখি নৱ নিৰ্মিত বুঢ়া গোসাই নামঘৰটো শুভ উদ্বোধন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক সৰ্বেশ্বৰ মদাহিয়ে । অনুষ্ঠানত গাঁওখনৰ বয়োজ্যেষ্ঠ লোক সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা…
তেজপুৰত প্ৰয়াত সাংবাদিক প্ৰনৱ সিংহক স্মৰণ : স্মাৰক বঁটা প্ৰদান লোকশিল্পী দিনাৰাম বড়োক
শতাব্দ প্ৰতিনিধি তেজপুৰ,১মে’: ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা সমাজ সংগঠক তথা শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰনৱ সিংহৰ অষ্টম মৃত্যু তিথি শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত আজি দিনৰ ১১বজাত অনুষ্ঠিত কৰা হয়। সভাতে জিলাখনৰ ঠেলামৰাৰ এগৰাকী প্ৰবীন লোকশিল্পী দিনাৰাম বড়োলৈ সংবাদিক প্ৰনৱ সিংহ স্মাৰক বঁটা ২০২২ আগবঢ়োৱা হয়। সভাৰ আৰম্ভণিতেই প্ৰয়াত সিংহৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰি শোণিপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই প্ৰয়াত সাংবাদিক গৰাকীৰ সপোন আৰু তেওঁৰ কৰ্মৰাজিক আগুৱাই…
নিৰ্মাণৰত যোৰহাট-মাজুলী সংযোগী দলঙৰ দুটাকৈ খুটাত মেলিছে বৃহৎ ফাট
যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণস্থলীৰ পৰা পৰাণজ্যোতি বৰা,মাজুলী,১ মে': যোৰহাট-মাজুলী সংযোগী দলং যোৱা বৰ্ষৰ ২৯ নৱেম্বৰত শুভাৰম্ভ কৰিছিল। ২০২৬ ৰ বিধান সভা নিৰ্বাচনৰ আগেয়ে দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ উভয় চৰকাৰে লক্ষ্য স্থিৰ কৰাত বৰ্তমান যোৰহাট মাজুলী সংযোগী দলঙৰ মাজুলীৰ দিশৰ কেইবাটাও খুটাৰ পাইলিং ( piling )ৰ কাম অব্যাহত আছে। দলঙৰ মুঠ ৫৩ টা খুঁটাৰ ভিতৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজেই শুভাৰম্ভ কৰা দলঙৰ প্ৰথমটো খুঁটাকে ধৰি এতিয়ালৈকে মুঠ ১২ টা খুঁটাৰ প্ৰায় ৩০-৪০ ফুট গভীৰতালৈ পাইলিং হৈ উঠিছে। কিন্তু দলংখনৰ মাজুলী…
গহপুৰত সদৌ অসম সূত সন্মিলনৰ ৫৩ তম ত্ৰি-বাৰ্ষিক অধিবেশনৰ সামৰণি
শতাব্দ প্ৰতিবেদক, গহপুৰৰ,১মে: গহপুৰ মহকুমাৰ গোপালপুৰত কালিৰে পৰা আৰম্ভ হোৱা সদৌ অসম সূত সন্মিলনৰ ৫৩ সংখ্যক ত্ৰি-বাৰ্ষিক অধিবেশনৰ আজি সামৰণি পৰে।গহপুৰ জিলা সূত সন্মিলনৰ আতিথ্যত অনুষ্ঠিত অধিবেশনৰ আজি পুৱা ৯ বজাত সন্মিলনৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলিপ বৰাই।১০ বজাত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনিয়ে। বিয়লি ২বজাৰ পৰা সদৌ অসম সূত সন্মিলনৰ সভাপতি দিলিপ বৰাৰ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভাখনৰ শুভ উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক-লেখক শৈলেন বৰুৱাই।বৰুৱাই ভাষণত কয় যে "অসমত…
