Browsing Category
অসম
বাক্সাৰ সাদেৰিত ভাগৱত গীতা পৰিভ্ৰমণ
বাক্সা ,১ মেঃ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি আজি বাক্সা জিলাৰ সাদেৰিত হোম-যজ্ঞৰে গাঁওখনত ভাগৱত গীতা পৰিভ্ৰমণ কৰে । কেবাশ ভক্তিপ্ৰাণ লোক সমবেত হৈ ৰাজহুৱা বুঢ়া গোসাই নামঘৰত হোম - যজ্ঞ কৰি ভাগৱত গীতা পৰিভ্ৰমণেৰে শান্তিৰ বাণী প্ৰেৰণ কৰে । গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ পদুলিত ৰৈ ভক্ত সকলে গৃহস্থক আশীৰ্বাদ দিয়ে । উল্লেখ্য যে হোম - যজ্ঞ অনুস্থানৰ লগত সংগতি ৰাখি নৱ নিৰ্মিত বুঢ়া গোসাই নামঘৰটো শুভ উদ্বোধন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক সৰ্বেশ্বৰ মদাহিয়ে । অনুষ্ঠানত গাঁওখনৰ বয়োজ্যেষ্ঠ লোক সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা…
তেজপুৰত প্ৰয়াত সাংবাদিক প্ৰনৱ সিংহক স্মৰণ : স্মাৰক বঁটা প্ৰদান লোকশিল্পী দিনাৰাম বড়োক
শতাব্দ প্ৰতিনিধি তেজপুৰ,১মে’: ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা সমাজ সংগঠক তথা শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰনৱ সিংহৰ অষ্টম মৃত্যু তিথি শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত আজি দিনৰ ১১বজাত অনুষ্ঠিত কৰা হয়। সভাতে জিলাখনৰ ঠেলামৰাৰ এগৰাকী প্ৰবীন লোকশিল্পী দিনাৰাম বড়োলৈ সংবাদিক প্ৰনৱ সিংহ স্মাৰক বঁটা ২০২২ আগবঢ়োৱা হয়। সভাৰ আৰম্ভণিতেই প্ৰয়াত সিংহৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰি শোণিপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই প্ৰয়াত সাংবাদিক গৰাকীৰ সপোন আৰু তেওঁৰ কৰ্মৰাজিক আগুৱাই…
নিৰ্মাণৰত যোৰহাট-মাজুলী সংযোগী দলঙৰ দুটাকৈ খুটাত মেলিছে বৃহৎ ফাট
যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণস্থলীৰ পৰা পৰাণজ্যোতি বৰা,মাজুলী,১ মে': যোৰহাট-মাজুলী সংযোগী দলং যোৱা বৰ্ষৰ ২৯ নৱেম্বৰত শুভাৰম্ভ কৰিছিল। ২০২৬ ৰ বিধান সভা নিৰ্বাচনৰ আগেয়ে দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ উভয় চৰকাৰে লক্ষ্য স্থিৰ কৰাত বৰ্তমান যোৰহাট মাজুলী সংযোগী দলঙৰ মাজুলীৰ দিশৰ কেইবাটাও খুটাৰ পাইলিং ( piling )ৰ কাম অব্যাহত আছে। দলঙৰ মুঠ ৫৩ টা খুঁটাৰ ভিতৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজেই শুভাৰম্ভ কৰা দলঙৰ প্ৰথমটো খুঁটাকে ধৰি এতিয়ালৈকে মুঠ ১২ টা খুঁটাৰ প্ৰায় ৩০-৪০ ফুট গভীৰতালৈ পাইলিং হৈ উঠিছে। কিন্তু দলংখনৰ মাজুলী…
গহপুৰত সদৌ অসম সূত সন্মিলনৰ ৫৩ তম ত্ৰি-বাৰ্ষিক অধিবেশনৰ সামৰণি
শতাব্দ প্ৰতিবেদক, গহপুৰৰ,১মে: গহপুৰ মহকুমাৰ গোপালপুৰত কালিৰে পৰা আৰম্ভ হোৱা সদৌ অসম সূত সন্মিলনৰ ৫৩ সংখ্যক ত্ৰি-বাৰ্ষিক অধিবেশনৰ আজি সামৰণি পৰে।গহপুৰ জিলা সূত সন্মিলনৰ আতিথ্যত অনুষ্ঠিত অধিবেশনৰ আজি পুৱা ৯ বজাত সন্মিলনৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলিপ বৰাই।১০ বজাত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনিয়ে। বিয়লি ২বজাৰ পৰা সদৌ অসম সূত সন্মিলনৰ সভাপতি দিলিপ বৰাৰ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভাখনৰ শুভ উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক-লেখক শৈলেন বৰুৱাই।বৰুৱাই ভাষণত কয় যে "অসমত…
ক’ভিডক লৈ নতুন এছ অ’পিৰ প্ৰয়োজন নাই : মুখ্যমন্ত্ৰী শৰ্মা
শতাব্দ প্ৰতিনিধি চৰাইদেউ, ১ মে' : নিজৰ পত্নী, সন্তান তথা বৃদ্ধ পিতৃ-মাতৃক ঘৰত এৰি থৈ আলফাত যোগদান কৰা মানুহক আলফা স্বাধীনে নিজে বাৰণ কৰিব লাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভৱিষ্যতৰ লগতে ঘৰ-পৰিয়ালৰ সদস্যসকলক অন্ধকাৰত ৰাখি আলফা স্বাধীনত যোগদান কৰাতকৈ অসমতে থাকি অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰাহে উচিত। সেয়েহে এই ব'হাগতে চৰকাৰৰ লগত আলোচনাত বহিবলৈ আলফা স্বাধীনৰ প্ৰতি আহ্বান জনাইেছ মুখ্যমন্ত্ৰীয়ে। শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ দুদিনীয়া কাৰ্যসূচীৰে অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সোণাৰিত…
লখিমপুৰত ড্ৰাগছৰ বেপাৰত নমাইছে শিশুক
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১ মে : লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী এক অভিযানত এটি শিশুসহ শিশুটিৰ পিতৃ-মাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৪০ টা কন্টেইনাৰ সহ ৫.০৪ গ্ৰাম সন্দেহজনক হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ।আৰক্ষীয়ে অভিযান কালত মাজুলীৰ ৰমা গাম ,বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং পাৰ্বতীপুৰৰ মিনা বড়ি, লালুকৰ জীতেন বিশ্বাসৰ পত্নী ৰিজু পেগুক গ্ৰেপ্তাৰ কৰিছে। বিহপুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ উপ পৰিদৰ্শক নিপন গগৈৰ নেতৃত্বত চলা অভিযানত…
তেজপুৰত বিশ্ব পশুপালন দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩০এপ্ৰিলঃ “বিশ্বৰ বিভিন্ন প্ৰান্তত থকা চাৰি পাঁচ হেজাৰ বছৰ প্ৰাচীন গুহাবোৰত আদিম মানবে অঁকা জীৱ-জন্ত আৰু গছ গছনিৰ ছবি দেখা পোৱা যায়।এই কথাই প্ৰতিপন্ন কৰে যে মানুহৰ সম্পৰ্ক জীৱ-জন্তৰ স’তে তাহানিৰ পৰাই আছিল।”--এই মন্তব্য ড° অৱনী শৰ্মাৰ।দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষজনে আজি বিশ্ব পশুপালন দিৱস উপলক্ষে শোণিতপুৰ জিলা পশু পালন বিষয়াৰ তেজপুৰৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অংশলৈ এইদৰে কয়।ড° শৰ্মাই লগতে কয় যে মানসিক উদ্বিগ্নতা বৰ্তমান বিশ্বৰ সকলো ক্ষেত্ৰতে বৃদ্ধি পাইছে আৰু অতি ক্ষীপ্ৰতাৰে…
তেজপুৰত অমৃত সৰোবৰ জোখমাখ কৰিবলৈ যোৱা পঞ্চায়তকৰ্মী কোনোমতেহে ৰক্ষা পৰিল
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩০এপ্ৰিলঃ তেজপুৰৰ ভালুকঝাৰণি অঞ্চলত চৰকাৰী আঁচনিৰ অধীনত পুখুৰীৰ বাবে প্ৰয়োজনীয় মাটি চিহ্নিত কৰিবলৈ যোৱা দুজন পঞ্চায়ত কৰ্মীক শতাধিক লোকে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে । উল্লেখযোগ্য যে, শোণিতপুৰৰ তেজপুৰ বিধানসভা সমষ্টি অন্তৰ্গত তথা বালিপৰা উন্নয়ন খণ্ডৰ অধীনত শেহতীয়াকৈ চৰকাৰৰ অমৃত সৰোবৰ আঁচনিৰ অধীনত পুখুৰী খননৰ বাবে স্থান নিৰ্ণয়ৰ কাম আৰম্ভ হৈছে । এই আঁচনিখনৰ বিষয়ে প্ৰকৃততে এইপৰ্যন্ত সৰ্বসাধাৰণে কোনো কথাই জনা নাই । তদুপৰি ৰাজ্যৰ উন্নয়ন খণ্ড সমূহলৈ আঁচনিখনৰ সন্দৰ্ভত এক নিৰ্দেশনা আহিলেও…
তেজপুৰত ঐশ্বৰ্য কাকতিৰ ‘ঐশ্বৰ্য্যবিচিত্ৰা’ শীৰ্ষক গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩০ এপ্ৰিলঃ এতিয়া গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয় । গ্ৰন্থমেলা আয়োজনেৰে কোটি কোটি টকাৰ বিক্ৰীৰ অভিলেখ সৃষ্টি কৰা হয় । কিন্তু এতিয়া আগৰদৰে কোনেও গ্ৰন্থবোৰ নপঢ়ে বা পঢ়িলেও সম্পূৰ্ণকৈ নপঢ়ে । অসমীয়া জাতি আৰু ভাষা এতিয়া ভাঙি চাৰখাৰ । আজি তেজপুৰত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিশিষ্ট সাহিত্যিক তথা প্ৰতিবছৰেই বিশেষভাবে সক্ষম লেখক-লেখিকাসকলৰ বাবে নগদ এক লাখ টকা সহ ‘দেৱচনচ’ বঁটা প্ৰদান কৰি অহা বিশিষ্ট চিকিৎসক ডাঃ অমৰেন্দ্ৰ নাৰায়ণদেৱে । উল্লেখ্য যে আজি তেজপুৰ সাহিত্য সভা ভৱনত বিশিষ্ট প্ৰৱন্ধকাৰ তথা নাট্যকাৰ…
ম’বাইল এপ’ ব্যৱহাৰ কৰিব নজনাৰ বাবেই বিহপুৰীয়াত প্ৰধান শিক্ষকৰ আত্মহনন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩০ এপ্ৰিলঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত সন্তপুৰ গাঁৱত আজি পুৱতি নিশা এজন শিক্ষকে আত্মহনন কৰা কাৰ্যই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিহপুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত কলাবিল মৰনৈ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল চন্দ্ৰ শৰ্মা ই ঘৰৰ কাষতে ডিঙিত চিপ লৈ আত্মহত্যা কৰা কাৰ্যই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে । পৰিতাপৰ কথা যে সাম্প্ৰতিক সময়ত অতিকৈ প্ৰয়োজনীয় বুলি বিবেচিত হোৱা মোবাইল ফোনৰ সঠিক ব্যৱহাৰ কৰিব নোৱৰা তথা বৰ্তমানৰ ডিজিটেল চিষ্টেমৰ লগত পৰিচয় নথকাৰ বাবেই এইজন লোকে…
