Browsing Category
অসম
ক’ভিডক লৈ নতুন এছ অ’পিৰ প্ৰয়োজন নাই : মুখ্যমন্ত্ৰী শৰ্মা
শতাব্দ প্ৰতিনিধি চৰাইদেউ, ১ মে' : নিজৰ পত্নী, সন্তান তথা বৃদ্ধ পিতৃ-মাতৃক ঘৰত এৰি থৈ আলফাত যোগদান কৰা মানুহক আলফা স্বাধীনে নিজে বাৰণ কৰিব লাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভৱিষ্যতৰ লগতে ঘৰ-পৰিয়ালৰ সদস্যসকলক অন্ধকাৰত ৰাখি আলফা স্বাধীনত যোগদান কৰাতকৈ অসমতে থাকি অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰাহে উচিত। সেয়েহে এই ব'হাগতে চৰকাৰৰ লগত আলোচনাত বহিবলৈ আলফা স্বাধীনৰ প্ৰতি আহ্বান জনাইেছ মুখ্যমন্ত্ৰীয়ে। শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ দুদিনীয়া কাৰ্যসূচীৰে অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সোণাৰিত…
লখিমপুৰত ড্ৰাগছৰ বেপাৰত নমাইছে শিশুক
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১ মে : লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী এক অভিযানত এটি শিশুসহ শিশুটিৰ পিতৃ-মাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৪০ টা কন্টেইনাৰ সহ ৫.০৪ গ্ৰাম সন্দেহজনক হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ।আৰক্ষীয়ে অভিযান কালত মাজুলীৰ ৰমা গাম ,বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং পাৰ্বতীপুৰৰ মিনা বড়ি, লালুকৰ জীতেন বিশ্বাসৰ পত্নী ৰিজু পেগুক গ্ৰেপ্তাৰ কৰিছে। বিহপুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ উপ পৰিদৰ্শক নিপন গগৈৰ নেতৃত্বত চলা অভিযানত…
তেজপুৰত বিশ্ব পশুপালন দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩০এপ্ৰিলঃ “বিশ্বৰ বিভিন্ন প্ৰান্তত থকা চাৰি পাঁচ হেজাৰ বছৰ প্ৰাচীন গুহাবোৰত আদিম মানবে অঁকা জীৱ-জন্ত আৰু গছ গছনিৰ ছবি দেখা পোৱা যায়।এই কথাই প্ৰতিপন্ন কৰে যে মানুহৰ সম্পৰ্ক জীৱ-জন্তৰ স’তে তাহানিৰ পৰাই আছিল।”--এই মন্তব্য ড° অৱনী শৰ্মাৰ।দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষজনে আজি বিশ্ব পশুপালন দিৱস উপলক্ষে শোণিতপুৰ জিলা পশু পালন বিষয়াৰ তেজপুৰৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অংশলৈ এইদৰে কয়।ড° শৰ্মাই লগতে কয় যে মানসিক উদ্বিগ্নতা বৰ্তমান বিশ্বৰ সকলো ক্ষেত্ৰতে বৃদ্ধি পাইছে আৰু অতি ক্ষীপ্ৰতাৰে…
তেজপুৰত অমৃত সৰোবৰ জোখমাখ কৰিবলৈ যোৱা পঞ্চায়তকৰ্মী কোনোমতেহে ৰক্ষা পৰিল
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩০এপ্ৰিলঃ তেজপুৰৰ ভালুকঝাৰণি অঞ্চলত চৰকাৰী আঁচনিৰ অধীনত পুখুৰীৰ বাবে প্ৰয়োজনীয় মাটি চিহ্নিত কৰিবলৈ যোৱা দুজন পঞ্চায়ত কৰ্মীক শতাধিক লোকে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে । উল্লেখযোগ্য যে, শোণিতপুৰৰ তেজপুৰ বিধানসভা সমষ্টি অন্তৰ্গত তথা বালিপৰা উন্নয়ন খণ্ডৰ অধীনত শেহতীয়াকৈ চৰকাৰৰ অমৃত সৰোবৰ আঁচনিৰ অধীনত পুখুৰী খননৰ বাবে স্থান নিৰ্ণয়ৰ কাম আৰম্ভ হৈছে । এই আঁচনিখনৰ বিষয়ে প্ৰকৃততে এইপৰ্যন্ত সৰ্বসাধাৰণে কোনো কথাই জনা নাই । তদুপৰি ৰাজ্যৰ উন্নয়ন খণ্ড সমূহলৈ আঁচনিখনৰ সন্দৰ্ভত এক নিৰ্দেশনা আহিলেও…
তেজপুৰত ঐশ্বৰ্য কাকতিৰ ‘ঐশ্বৰ্য্যবিচিত্ৰা’ শীৰ্ষক গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩০ এপ্ৰিলঃ এতিয়া গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয় । গ্ৰন্থমেলা আয়োজনেৰে কোটি কোটি টকাৰ বিক্ৰীৰ অভিলেখ সৃষ্টি কৰা হয় । কিন্তু এতিয়া আগৰদৰে কোনেও গ্ৰন্থবোৰ নপঢ়ে বা পঢ়িলেও সম্পূৰ্ণকৈ নপঢ়ে । অসমীয়া জাতি আৰু ভাষা এতিয়া ভাঙি চাৰখাৰ । আজি তেজপুৰত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিশিষ্ট সাহিত্যিক তথা প্ৰতিবছৰেই বিশেষভাবে সক্ষম লেখক-লেখিকাসকলৰ বাবে নগদ এক লাখ টকা সহ ‘দেৱচনচ’ বঁটা প্ৰদান কৰি অহা বিশিষ্ট চিকিৎসক ডাঃ অমৰেন্দ্ৰ নাৰায়ণদেৱে । উল্লেখ্য যে আজি তেজপুৰ সাহিত্য সভা ভৱনত বিশিষ্ট প্ৰৱন্ধকাৰ তথা নাট্যকাৰ…
ম’বাইল এপ’ ব্যৱহাৰ কৰিব নজনাৰ বাবেই বিহপুৰীয়াত প্ৰধান শিক্ষকৰ আত্মহনন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩০ এপ্ৰিলঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত সন্তপুৰ গাঁৱত আজি পুৱতি নিশা এজন শিক্ষকে আত্মহনন কৰা কাৰ্যই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিহপুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত কলাবিল মৰনৈ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল চন্দ্ৰ শৰ্মা ই ঘৰৰ কাষতে ডিঙিত চিপ লৈ আত্মহত্যা কৰা কাৰ্যই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে । পৰিতাপৰ কথা যে সাম্প্ৰতিক সময়ত অতিকৈ প্ৰয়োজনীয় বুলি বিবেচিত হোৱা মোবাইল ফোনৰ সঠিক ব্যৱহাৰ কৰিব নোৱৰা তথা বৰ্তমানৰ ডিজিটেল চিষ্টেমৰ লগত পৰিচয় নথকাৰ বাবেই এইজন লোকে…
ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ – পৌৰসভা নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থীক অভিন্দন
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩০ এপ্ৰিলঃ ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আজি কেন্দুগুৰিৰ জিলা কাৰ্যালয়ত সদ্য নিৰ্বাচিত ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ আৰু পৌৰসভা নিৰ্বাচনত যোৰহাট জিলাৰ অন্তৰ্গত যোৰহাট, তিতাবৰ, টীয়কৰ বিজয়ী প্ৰাৰ্থী সকলক সম্বৰ্ধনা জনোৱাৰ অৰ্থে "অভিনন্দন অনুষ্ঠান" অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাৰ সভাপতি হেমন্ত কলিতাৰ সভাপতিত্বত আৰু জিলা সাধাৰণ সম্পাদক অমৰজ্যোতি শইকীয়াই আঁত ধৰা সভাত জ্যেষ্ঠ কাৰ্যকৰ্তা পালিত বৰা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, বিধায়ক ৰূপজ্যোতি কুৰ্মী, প্ৰাক্তন জিলা…
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দ্বাৰা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ বাৰ্তালোচনী উন্মোচন
উত্তৰ লখিমপুৰ, ৩০ এপ্ৰিলঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° লীলা কান্ত নাথে আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ত্ৰিমাসিক বাৰ্তালোচনী এল্ কম নিউজৰ বৰ্তমানৰ সংখ্যা আৰু সংকলিত সংখ্যা উন্মোচন কৰে। সেই উদ্দেশ্যে মহাবিদ্যালয়ৰ আলোচনা গৃহত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপাচাৰ্য ড° নাথে মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু নিমন্ত্ৰিত অতিথিৰ উপস্থিতিত বাৰ্তালোচনীখনি উন্মোচন কৰে। মহাবিদ্যালয়ৰ পৰিচালনা সমিটিৰ সভাপতি ড° মুহিধৰ পূজাৰীয়ে উদ্বোধন কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বাৰ্তালোচনী কোষৰ সমন্বয়ৰক্ষী আৰু সম্পাদক…
ডায়েট লখিমপুৰৰ শিক্ষক-প্ৰশিক্ষাৰ্থীৰ সৌজন্যত শিশুমেলা
উত্তৰ লখিমপুৰ, ৩০ এপ্ৰিলঃ যোৱা ২৬ এপ্ৰিল তাৰিখৰ পৰা উত্তৰ লখিমপুৰস্থিত সোৱণশিৰি সেৱাশ্ৰম এম. ই. স্কুলত আৰম্ভ হোৱা আজাদস্থিত ডায়েট লখিমপুৰৰ ডিএলএড পাঠ্যক্ৰমৰ তৃতীয় ষান্মাসিক শিক্ষক- প্ৰশিক্ষাৰ্থীসকলৰ '"স্কুল ইন্টাৰ্ণশ্বিপ প্ৰগ্ৰেম ২০২২" ৰ অন্তৰ্গত ৫ দিনীয়া "প্ৰেকটিছ- টিছিং" কাৰ্যসূচীৰ আজি ৩০এপ্ৰিল তাৰিখে সফল সমাপ্তি ঘটে। উক্ত ৫ দিনীয়া কাৰ্যসূচীৰ প্ৰথম ৪ দিন দৈনিক পুৱা ৮.৩০ বজাত সামুহিক চাফাই অভিযানৰ অন্ত:ত পুৱা ৮.৪৫ বজাত ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰাত:সভা তথা শৰীৰ চৰ্চাৰ বিভিন্ন ক্ৰিয়া ও যোগাভ্যাস ৰূপায়ণ কৰাৰ পিছত…
মুখ্যমন্ত্ৰীয়ে ৰজাৰ দৰে কওক– দহবছৰৰ পিছত ৰাজ্যত বন্ধ হৈ পৰিব সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়
মুক্তামণি ভূমিফুকনবৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীজন একালৰ এজন দক্ষ শিক্ষামন্ত্ৰী। তেখেতে শিক্ষা বিভাগটোৰ ওপৰত কৰা বক্তব্যটো উলাই কৰিব নোৱাৰি। নিশ্চিতভাৱে তেখেতে ইয়াৰ অন্তৰ্নিহিত কাৰণসমূহ বুজি পাইছে যাৰ পৰিপ্ৰেক্ষিতত এনে ভৱিষ্যদ্বাণী কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। "চৰকাৰী বিদ্যালয়সমূহ ১০ বছৰৰ পিছত হয়তো বন্ধ হৈ যাব।" ৰাজ্যৰ মুৰব্বীজনৰ এনে হতাশজনক বক্তব্যই আচলতে কি সূচাইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত দক্ষ বুলি সকলোৱে স্বীকাৰ কৰে।এজন দক্ষ ৰাজনীতিকৰ মুখৰ বক্তব্যই সেইসকলক প্ৰভাৱিত কৰিব লাগিছিল…
