Browsing Category
অসম
ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ – পৌৰসভা নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থীক অভিন্দন
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩০ এপ্ৰিলঃ ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আজি কেন্দুগুৰিৰ জিলা কাৰ্যালয়ত সদ্য নিৰ্বাচিত ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ আৰু পৌৰসভা নিৰ্বাচনত যোৰহাট জিলাৰ অন্তৰ্গত যোৰহাট, তিতাবৰ, টীয়কৰ বিজয়ী প্ৰাৰ্থী সকলক সম্বৰ্ধনা জনোৱাৰ অৰ্থে "অভিনন্দন অনুষ্ঠান" অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাৰ সভাপতি হেমন্ত কলিতাৰ সভাপতিত্বত আৰু জিলা সাধাৰণ সম্পাদক অমৰজ্যোতি শইকীয়াই আঁত ধৰা সভাত জ্যেষ্ঠ কাৰ্যকৰ্তা পালিত বৰা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, বিধায়ক ৰূপজ্যোতি কুৰ্মী, প্ৰাক্তন জিলা…
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দ্বাৰা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ বাৰ্তালোচনী উন্মোচন
উত্তৰ লখিমপুৰ, ৩০ এপ্ৰিলঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° লীলা কান্ত নাথে আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ত্ৰিমাসিক বাৰ্তালোচনী এল্ কম নিউজৰ বৰ্তমানৰ সংখ্যা আৰু সংকলিত সংখ্যা উন্মোচন কৰে। সেই উদ্দেশ্যে মহাবিদ্যালয়ৰ আলোচনা গৃহত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপাচাৰ্য ড° নাথে মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু নিমন্ত্ৰিত অতিথিৰ উপস্থিতিত বাৰ্তালোচনীখনি উন্মোচন কৰে। মহাবিদ্যালয়ৰ পৰিচালনা সমিটিৰ সভাপতি ড° মুহিধৰ পূজাৰীয়ে উদ্বোধন কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বাৰ্তালোচনী কোষৰ সমন্বয়ৰক্ষী আৰু সম্পাদক…
ডায়েট লখিমপুৰৰ শিক্ষক-প্ৰশিক্ষাৰ্থীৰ সৌজন্যত শিশুমেলা
উত্তৰ লখিমপুৰ, ৩০ এপ্ৰিলঃ যোৱা ২৬ এপ্ৰিল তাৰিখৰ পৰা উত্তৰ লখিমপুৰস্থিত সোৱণশিৰি সেৱাশ্ৰম এম. ই. স্কুলত আৰম্ভ হোৱা আজাদস্থিত ডায়েট লখিমপুৰৰ ডিএলএড পাঠ্যক্ৰমৰ তৃতীয় ষান্মাসিক শিক্ষক- প্ৰশিক্ষাৰ্থীসকলৰ '"স্কুল ইন্টাৰ্ণশ্বিপ প্ৰগ্ৰেম ২০২২" ৰ অন্তৰ্গত ৫ দিনীয়া "প্ৰেকটিছ- টিছিং" কাৰ্যসূচীৰ আজি ৩০এপ্ৰিল তাৰিখে সফল সমাপ্তি ঘটে। উক্ত ৫ দিনীয়া কাৰ্যসূচীৰ প্ৰথম ৪ দিন দৈনিক পুৱা ৮.৩০ বজাত সামুহিক চাফাই অভিযানৰ অন্ত:ত পুৱা ৮.৪৫ বজাত ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰাত:সভা তথা শৰীৰ চৰ্চাৰ বিভিন্ন ক্ৰিয়া ও যোগাভ্যাস ৰূপায়ণ কৰাৰ পিছত…
মুখ্যমন্ত্ৰীয়ে ৰজাৰ দৰে কওক– দহবছৰৰ পিছত ৰাজ্যত বন্ধ হৈ পৰিব সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়
মুক্তামণি ভূমিফুকনবৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীজন একালৰ এজন দক্ষ শিক্ষামন্ত্ৰী। তেখেতে শিক্ষা বিভাগটোৰ ওপৰত কৰা বক্তব্যটো উলাই কৰিব নোৱাৰি। নিশ্চিতভাৱে তেখেতে ইয়াৰ অন্তৰ্নিহিত কাৰণসমূহ বুজি পাইছে যাৰ পৰিপ্ৰেক্ষিতত এনে ভৱিষ্যদ্বাণী কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। "চৰকাৰী বিদ্যালয়সমূহ ১০ বছৰৰ পিছত হয়তো বন্ধ হৈ যাব।" ৰাজ্যৰ মুৰব্বীজনৰ এনে হতাশজনক বক্তব্যই আচলতে কি সূচাইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত দক্ষ বুলি সকলোৱে স্বীকাৰ কৰে।এজন দক্ষ ৰাজনীতিকৰ মুখৰ বক্তব্যই সেইসকলক প্ৰভাৱিত কৰিব লাগিছিল…
দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা
শতাব্দ প্ৰতিনিধি মঙ্গলদৈ ২৯ এপ্রিলঃ দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এক সভাত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগ(SITA)ৰ সহ উপাধ্যক্ষ ৰমেন ডেকাই দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰে | জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক আচঁনি সমূহৰ বিষয়ে সভা খনত বিস্তৃতভাৱে আলোচনা কৰা হয় । মংগলদৈৰ সাংসদ দিলীপ শইকীয়াও সভাখনত উপস্থিত থাকে । উল্লেখযোগ্য যে আকাংক্ষিত জিলা প্ৰকল্পৰ দ্বাৰা দেশৰ পিছ পৰি থকা জিলা সমূহৰ সামগ্রিক উন্নয়নৰ পথ সুচল কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। ইয়াৰ অধীনত জিলা সমূহৰ মাজত…
শিক্ষাৰ ক্ষেত্ৰত মাধ্যম কেতিয়াও অন্তৰায় হ’ব নোৱাৰে: আই আই টি গুৱাহাটীৰ অধ্যাপক
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২ ৯ এপ্ৰিলঃ বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰি অহা দুৱাৰ ফাউণ্ডেচনে আজি ২৯ এপ্ৰিলত নাওবৈচা ৰাজহ চক্ৰৰ কাৱৈভূৰুকা প্ৰাথমিক বিদ্যালয়ৰ লগতে নাৰায়ণপুৰৰ বৰদেউৰী জ্যোতি প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত শিকন শিক্ষণ সামগ্ৰী বিতৰণ কৰে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে আই আই টি গুৱাহাটীৰ অধ্যাপক ড° জিতেন চন্দ্ৰ কলিতাই। শিক্ষাগ্ৰহণ তথা মাধ্যম যে কেতিয়াও শিক্ষাগ্ৰহণৰ অন্তৰায় নহয় সেই কথা তেওঁ সুন্দৰকৈ বুজাই দিয়ে। ইয়াৰ উপৰি নতুন উদ্ভাৱন চিন্তাৰ কেনদৰে বিকাশ ঘটাব পাৰি সেই…
নৱনিৰ্মিত ৭ কৰ্কট চিকিৎসালয়ত অপিডি সেৱা মুকলি
দিছপুৰ, ২৯ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা ৰাজ্যৰ সাতোখন নৱনিৰ্মিত কৰ্কট চিকিৎসালয়তে আজিৰে পৰা বহিঃ সেৱা বিভাগ মুকলি কৰা হয়। ডিব্ৰুগড়, বৰপেটা, যোৰহাট, লখিমপুৰ, দৰং, তেজপুৰ আৰু কোকৰাঝাৰৰ কৰ্কট কেন্দ্ৰত শুকুৰবাৰৰ পুৱা ৯ বজাৰে পৰাই কৰ্কট ৰোগাক্ৰান্তই চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হয়। অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত গঠিত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন (এচিচিএফ)ৰ দ্বাৰা পৰিচালিত চিকিৎসালয়খনত প্ৰাৰম্ভিক ভাৱে আজিৰ পৰাই কৰ্কট ৰোগীৰ বাবে সদ্যহতে নিয়মীয়া চেক আপ, কেম’থেৰাপী, মেম’গ্ৰাফী,…
লখিমপুৰত কাৰ্যবাহী অভিযন্তাৰ বদলিৰ দাবীত মুখ্যমন্ত্ৰী-জলসম্পদ মন্ত্ৰীলৈ দুই সংগঠনৰ স্মাৰক পত্ৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ এপ্ৰিলঃ লখিমপুৰৰ জলসম্পদ সংমণ্ডলত দুৰ্নীতিৰ অভিযোগ তুলি আজি দুটাকৈ সংগঠনে লখিমপুৰ জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাজনৰ বদলিৰ দাবী জনাই মুখ্যমন্ত্ৰী আৰু জলসম্পদমন্ত্ৰীলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি মৃদুল দাসৰ লগতে সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি বিনোদ দাস স্বাক্ষৰিত বিবৃতিত উল্লেখ কৰে যে লখিমপুৰ জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা আলিউল আখতাৰ হুছেইনে সংমণ্ডলটোত কামকাজ পৰিচালনা কৰাৰ ক্ষেত্ৰত চূড়ান্ত দুৰ্নীতি আৰু…
শোণিতপুৰৰ মিছামাৰীৰ সেনা চৌহদত খাদ্যৰ ভঁৰাল ভাঙিলে বন্যহস্তীয়ে
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৯ এপ্ৰিলঃ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা চাৰিটা বনৰীয়া হাতীয়ে সমীপৱৰ্তী অঞ্চলত যোৱা কেবাদিনো ধৰি উপদ্ৰৱ চলাই আহিছে। উল্লেখযোগ্য যে,চাৰিওটা মখনা হাতীৰ ভিতৰত তিনিটা একেলগে আৰু আন এটা পৃথকে থাকি মিছামাৰীৰ সেনা চৌহদত খাদ্যৰ সন্ধানত সেনাৰ খাদ্যৰ ভড়াল ভঙাৰ লগতে কাষৰীয়া অঞ্চলৰ কেবাটাও বাসগৃহ তথা দোকান ভাঙিছে। উল্লেখযোগ্য যে,গাভৰু খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ নেপালী বস্তি, কলামাটি আৰু ৰিকামাৰী অঞ্চলত চাৰিওটা হাতীয়ে যোৱা সময়চোৱাত উপদ্ৰৱ চলাই গৈছে। দিনত ওখ দলনিৰ মাজত আশ্ৰয় লৈ নিশা…
তেজপুৰত ড্ৰাগছ সহ যুৱক আটক
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৯ এপ্ৰিলঃ তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত যোৰগড়ত আজি স্থানীয় আৰক্ষীয়ে চলোৱা এক অভিযানত আমিনুল হক(২৫)নামৰ এজন যুৱকক ড্ৰাগছ সহ কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,অঞ্চলটোত নুৰ ইছলামৰ পুত্ৰ আমিনুলে ড্ৰাগছ বিক্ৰী কৰি থকাৰ খবৰ লাভ কৰাৰ পাছতে বৰঘাট আৰক্ষীয়ে ৰাইজৰ সহায়ত আমিনুলক কৰায়ত্ত কৰে। আমিনুলৰ পৰা আৰক্ষীয়ে ১২টা সন্দেহজনক হেৰ’ইন ভৰ্ত্তি প্লাষ্টিকৰ টেমাও জব্দ কৰে। প্ৰায় ১০গ্ৰাম ওজনৰ এই হেৰ’ইনৰ লগতে এই বৰবিহৰ বেহাত আন কোন লোক জড়িত আছে সেই বিষয়ে আৰক্ষীৰ অনুসন্ধান তথা সোধপোছ অব্যাহত আছে।
