Browsing Category
অসম
তেজপুৰ কৰ্কট কেন্দ্ৰত আৰম্ভ বৰ্হি বিভাগৰ চিকিৎসা সেৱা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৯ এপ্ৰিলঃ শোণিতপুৰ জিলাৰ ঠেলামৰাৰ বৰডুবিৰ এজন ৪২ বছৰীয়া ককৰ্ট ৰোগত আক্ৰান্ত কৃষকে আজি তেজপুৰ কেন্সাৰ কেন্দ্ৰত চিকিৎসকক নিজ ৰোগ সন্দৰ্ভত সাক্ষাত কৰাৰ অন্তত চেণ্টাৰটোৰ পৰা ওলাই আহি অসম চৰকাৰ আৰু টাটা ট্ৰাষ্ট্ৰৰ যৌথ উদ্যোগত স্থাপন কৰা এই কৰ্কট সেৱা কেন্দ্ৰৰ সুবিধাৰ বাবে অসম চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কেন্দ্ৰটো ভাৰ্চুৱেলী শুভ উদ্বোধন কৰাৰ পাছত আজিৰে পৰা বৰ্হি বিভাগৰ চিকিৎসা সেৱা আৰম্ভ কৰা হয় আৰু কৃষকজন প্ৰথম গৰাকী ৰোগী হিচাপে…
শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত
শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত
অৱশেষত আত্মসমৰ্পণ সত্ৰ আৰু সত্ৰাধিকাৰক সামাজিক মাধ্যমত অশালীন মন্তব্য কৰা নয়নজ্যোতিৰ
শতাব্দ প্ৰতিনিধি,মাজুলী,২৯ এপ্ৰিলঃ সামাজিক মাধ্যমত মাজুলীৰ সত্ৰাধিকাৰৰ ওপৰত অশালীন মন্তব্যৰে ফে'চবুকত পোষ্ট দিয়াক লৈ মাজুলীত প্ৰতিক্ৰিয়া অব্যাহত আছিল।সত্ৰ আৰু সত্ৰাধিকাৰৰ ওপৰত সামাজিক মাধ্যমত অশালীন মন্তব্য কৰা নয়নজ্যোতি বৰুৱাৰ ওপৰত মাজুলীৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন থানাত মুঠ ১০ গোচৰ পঞ্জীয়ন হৈছিল। অশালীন মন্তব্যৰে সামাজিক মাধ্যমত মাজুলীৰ দুগৰাকী সত্ৰাধিকাৰক অপমান কৰা নয়ন জ্যোতি বৰুৱাই কালি সন্ধিয়া কমলাবাৰীস্থ মাজুলী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। ইয়াৰ পূৰ্বে অভিযুক্ত বৰুৱাই এজাহাৰ দাখিল কৰা কেইবাজনো লোকক লগ ধৰি…
শিক্ষাবিদ-বিশিষ্ট সাহিত্যিক দণ্ডেশ্বৰ শইকীয়াৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৮ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত সঞ্চালক, বিশিষ্ট লেখক, প্ৰকাশক তথা অসমৰ চাহ খেতিৰ ইতিবৃত্তকে ধৰি বাগিছা বিষয়ত বহু উল্লেখযোগ্য গ্ৰন্থৰ প্ৰণেতা দণ্ডেশ্বৰ শইকীয়াৰ আজি বিয়লি ৪.৩০ বজাত তেজপুৰ নেমকেয়াৰ হাস্পতালত দেহাৱসান ঘটাত তেজপুৰত শোকৰ ছাঁ পৰে । উল্লেখ্য যে, যোৰহাট জিলাৰ ঢেকিয়াজুলি বাগিছাৰ সমীপৰ কৰঙা গাঁৱত ১৯২৮ চনত জন্মগ্ৰহণ কৰা শইকীয়া শিশু অৱস্থাৰ পৰাই মেধাৰ পৰিচয় দি কৰ্মসূত্ৰে প্ৰথমে তিনিচুকীয়া কাৰ্যালয়ত যোগদান কৰা পৰৱৰ্তী সময়ত ১৯৯০ চনৰ পৰা তেজপুৰৰ ঊষা নগৰত…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বহাগী উছৱত তোৰণৰ আধাৰশিলা
লখিমপুৰ, ২৮ এপ্ৰিলঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে বহাগী উছৱ অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ চুকুলীভৰীয়া চৌহদত সেই উদ্দেশ্যে আজি পুৱা আভ্যন্তৰীণ নিৰাপত্তা আৰু পৰিষ্কৰণ কোষৰ দ্বাৰা আয়োজিত এক চাফাই কাৰ্যসূচী উদ্বোধন কৰে অধ্যক্ষ ড° লোহিত হাজৰিকাই। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ প্ৰয়াত ৰবীন বৰদলৈৰ সোঁৱৰণত তেখেতৰ পৰিয়ালে আগবঢ়োৱা তোৰণৰ আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা অনুষ্ঠানত নেতৃত্ব দিয়ে প্ৰয়াত ৰবীন বৰদলৈৰ পত্নী উৰ্মিলা শইকীয়া বৰদলৈ, পুত্ৰ ডাঃ দেৱাশিস বৰদলৈ, জীয়াৰী তথা লখিমপুৰ বাণিজ্য…
ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাটৰ প্ৰস্তাৱিত কৰ্কট কেন্দ্ৰৰ আধাৰশিলা স্থাপন
শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২৮ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাটৰ প্ৰস্তাৱিত কৰ্কট কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে । এই উপলক্ষে গোলাঘাটৰ বগৰীজেং পুলিচ প্লে-গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । অনুষ্ঠানত অংশ লোৱা লোকসকলে মঞ্চত সংস্থাপন কৰা পৰ্দাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা কৰ্কট কেন্দ্ৰৰ আধাৰশিলা স্থাপনকে ধৰি তেওঁৰ ডিব্ৰুগড়ৰ সকলো কাৰ্যসূচী প্ৰত্যক্ষ কৰে । অনুষ্ঠানত ভাষণ দি ৰাজ্যসভাৰ সাংসদ কামাখ্যা…
মৰ্মন্তুদঃ দেউতাকক লগ পাবলৈ পথ পাৰ হওতেই…
শতাব্দ প্ৰতিনিধি তামুলপুৰ, ২৮ এপ্ৰিলঃ তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ টেবিতোলাত আজি আবেলি প্ৰায় ২-০০ বজাত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এগৰাকী ৮ বছৰীয়া কন্যা শিশু নিহত হয়। নিহত শিশুটি কমল পৰাজুলি আৰু চৰিতা পৰাজুলিৰ কন্যা প্ৰজ্ঞা পৰাজুলি বুলি চিনাক্ত কৰা হৈছে। আজি মাতৃগৰাকীয়ে কন্যা প্ৰজ্ঞাক লগত লৈ উত্তৰ গুৱাহাটীৰ পৰা তামুলপুৰ জিলাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত মতিগাঁওলৈ আহি আছিল। তেওঁলোকে এখন মেজিক গাড়ীৰে আহি টেবিতোলা চকত নামিছিল। মেজিকখন টেবিতোলা চক পোৱাত মাতৃ আৰু কিশোৰী গৰাকী মেজিকখনৰ পৰা নামে। মেজিকৰ পৰা নমাৰ পিছত প্ৰজ্ঞাই…
লখিমপুৰ জিলাত দুই বিদ্যালয় চামিলকৰণ
নাৰায়ণপুৰ, ২৮ এপ্ৰিল: বিদ্যালয় চামিলকৰণ প্ৰক্ৰিয়াৰ অধীনত আজি লখিমপুৰ জিলাৰ তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত পূৱ বহুপথাৰ প্ৰাথমিক বিদ্যালয়খন চামিল কৰা হয়। অসম চৰকাৰৰ শিক্ষা বিভাগৰ পত্ৰ নং ASE.25/2022/226 অধীনত আজি চামিলকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। এই লৈ তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাত:সভাতেই বিশেষভাৱে ছাত্ৰ,শিক্ষক আৰু পৰিচালনা সমিতিৰ উপস্থিতিত এটি আদৰণি অনুষ্ঠানৰো আয়োজন কৰা হয়। উল্লেখযোগ্য যে তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিযুক্ত পৰিচালনা সমিতিৰ সভাপতি মুক্তাৰ আলী আৰু উপ…
ভাৰ্চুৱেলি যোৰহাট কৰ্কট কেন্দ্ৰৰ উদ্বোধন
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২৮ এপ্ৰিল : ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয় চৌহদত অসম চৰকাৰ আৰু টাটা ন্যাসৰ যৌথ উদ্যোগত নিৰ্মিত যোৰহাট কৰ্কট চিকিৎসালয়খন ডিব্ৰুগড়ৰ কেন্দ্ৰীয় উদ্বোধনী অনুষ্ঠানৰ পৰা অনলাইন যোগে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি ডিব্ৰুগড়, বৰপেটা, তেজপুৰ, লখিমপুৰ, দৰং, কোকৰাঝাৰ আৰু যোৰহাটকে ধৰি মুঠ ৭খন জিলাৰ কৰ্কট চিকিৎসালয় কেইখন অনলাইনযোগে উদ্বোধন কৰে। উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ কেন্দ্ৰীয় অনুষ্ঠানতে প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমৰ আৰু ৭ খন জিলাৰ কৰ্কট চিকিৎসালয়ৰ…
তেজপুৰ কেঞ্চাৰ কেন্দ্ৰ উদ্বোধন
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ , ২৮এপ্ৰিলঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড় কেঞ্চাৰ চেন্টাৰৰ লগতে তেজপুৰ কেঞ্চাৰ চেন্টাৰ ভাৰ্ছুৱেলী মুকলি কৰাৰ লগে লগে তেজপুৰ কেঞ্চাৰ চেন্টাৰত উপস্থিত থকা ৰাজ্য চৰকাৰৰ জলসিঞ্চন, নগৰ উন্নয়ন আৰু গৃহ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহাল আৰু সাংসদ পল্লবলোচন দাস প্ৰমুখ্যে বিশিষ্ট লোকসকলে উস্ম আদৰণি জনায়। উল্লেখ্যযে ৰাজ্য চৰকাৰে টাটা ট্ৰাষ্টৰ স’তে কৰা বুজাবুজিৰ ভিত্তিত ৰাজ্যত মুঠ চাৰি হাজাৰ কোটি টকীয়া প্ৰকল্পৰ অধীনত ১৭খন কেঞ্চাৰ কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে আৰু…
