Browsing Category

অসম

দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা

শতাব্দ প্ৰতিনিধি মঙ্গলদৈ ২৯ এপ্রিলঃ  দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এক সভাত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগ(SITA)ৰ সহ উপাধ্যক্ষ ৰমেন ডেকাই দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰে | জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক আচঁনি সমূহৰ বিষয়ে সভা খনত বিস্তৃতভাৱে আলোচনা কৰা হয় । মংগলদৈৰ সাংসদ দিলীপ শইকীয়াও সভাখনত উপস্থিত থাকে । উল্লেখযোগ্য যে আকাংক্ষিত জিলা প্ৰকল্পৰ দ্বাৰা দেশৰ পিছ পৰি থকা জিলা সমূহৰ সামগ্রিক উন্নয়নৰ পথ সুচল কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। ইয়াৰ অধীনত জিলা সমূহৰ মাজত…

শিক্ষাৰ ক্ষেত্ৰত মাধ্যম কেতিয়াও অন্তৰায় হ’ব নোৱাৰে: আই আই টি গুৱাহাটীৰ অধ্যাপক

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২ ৯ এপ্ৰিলঃ বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰি অহা দুৱাৰ ফাউণ্ডেচনে আজি ২৯ এপ্ৰিলত নাওবৈচা ৰাজহ চক্ৰৰ কাৱৈভূৰুকা প্ৰাথমিক বিদ্যালয়ৰ লগতে নাৰায়ণপুৰৰ বৰদেউৰী জ্যোতি প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত শিকন শিক্ষণ সামগ্ৰী বিতৰণ কৰে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে আই আই টি গুৱাহাটীৰ অধ্যাপক ড° জিতেন চন্দ্ৰ কলিতাই। শিক্ষাগ্ৰহণ তথা মাধ্যম যে কেতিয়াও শিক্ষাগ্ৰহণৰ অন্তৰায় নহয় সেই কথা তেওঁ সুন্দৰকৈ বুজাই দিয়ে। ইয়াৰ উপৰি নতুন উদ্ভাৱন চিন্তাৰ কেনদৰে বিকাশ ঘটাব পাৰি সেই…

নৱনিৰ্মিত ৭ কৰ্কট চিকিৎসালয়ত অপিডি সেৱা মুকলি

দিছপুৰ, ২৯ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা ৰাজ্যৰ সাতোখন নৱনিৰ্মিত কৰ্কট চিকিৎসালয়তে আজিৰে পৰা বহিঃ সেৱা বিভাগ মুকলি কৰা হয়। ডিব্ৰুগড়, বৰপেটা, যোৰহাট, লখিমপুৰ, দৰং, তেজপুৰ আৰু কোকৰাঝাৰৰ কৰ্কট কেন্দ্ৰত শুকুৰবাৰৰ পুৱা ৯ বজাৰে পৰাই কৰ্কট ৰোগাক্ৰান্তই চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হয়। অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত গঠিত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন (এচিচিএফ)ৰ দ্বাৰা পৰিচালিত চিকিৎসালয়খনত প্ৰাৰম্ভিক ভাৱে আজিৰ পৰাই কৰ্কট ৰোগীৰ বাবে সদ্যহতে নিয়মীয়া চেক আপ, কেম’থেৰাপী, মেম’গ্ৰাফী,…

লখিমপুৰত কাৰ্যবাহী অভিযন্তাৰ বদলিৰ দাবীত মুখ্যমন্ত্ৰী-জলসম্পদ মন্ত্ৰীলৈ দুই সংগঠনৰ স্মাৰক পত্ৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ এপ্ৰিলঃ লখিমপুৰৰ জলসম্পদ সংমণ্ডলত দুৰ্নীতিৰ অভিযোগ তুলি আজি দুটাকৈ সংগঠনে লখিমপুৰ জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাজনৰ বদলিৰ দাবী জনাই মুখ্যমন্ত্ৰী আৰু জলসম্পদমন্ত্ৰীলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি মৃদুল দাসৰ লগতে সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি বিনোদ দাস স্বাক্ষৰিত বিবৃতিত উল্লেখ কৰে যে লখিমপুৰ জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা আলিউল আখতাৰ হুছেইনে সংমণ্ডলটোত কামকাজ পৰিচালনা কৰাৰ ক্ষেত্ৰত চূড়ান্ত দুৰ্নীতি আৰু…

শোণিতপুৰৰ মিছামাৰীৰ সেনা চৌহদত খাদ্যৰ ভঁৰাল ভাঙিলে বন্যহস্তীয়ে

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৯ এপ্ৰিলঃ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা চাৰিটা বনৰীয়া হাতীয়ে সমীপৱৰ্তী অঞ্চলত যোৱা কেবাদিনো ধৰি  উপদ্ৰৱ চলাই আহিছে। উল্লেখযোগ্য যে,চাৰিওটা মখনা হাতীৰ ভিতৰত তিনিটা একেলগে আৰু আন এটা পৃথকে থাকি মিছামাৰীৰ সেনা চৌহদত খাদ্যৰ সন্ধানত সেনাৰ খাদ্যৰ ভড়াল ভঙাৰ লগতে কাষৰীয়া অঞ্চলৰ কেবাটাও বাসগৃহ তথা দোকান ভাঙিছে। উল্লেখযোগ্য যে,গাভৰু খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ নেপালী বস্তি, কলামাটি আৰু ৰিকামাৰী অঞ্চলত চাৰিওটা হাতীয়ে যোৱা সময়চোৱাত উপদ্ৰৱ চলাই গৈছে। দিনত ওখ দলনিৰ মাজত আশ্ৰয় লৈ নিশা…

তেজপুৰত ড্ৰাগছ সহ যুৱক আটক

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৯ এপ্ৰিলঃ তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত যোৰগড়ত আজি স্থানীয় আৰক্ষীয়ে চলোৱা এক অভিযানত আমিনুল হক(২৫)নামৰ এজন যুৱকক ড্ৰাগছ সহ কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,অঞ্চলটোত নুৰ ইছলামৰ পুত্ৰ আমিনুলে ড্ৰাগছ বিক্ৰী কৰি থকাৰ খবৰ লাভ কৰাৰ পাছতে বৰঘাট আৰক্ষীয়ে ৰাইজৰ সহায়ত আমিনুলক কৰায়ত্ত কৰে। আমিনুলৰ পৰা আৰক্ষীয়ে ১২টা সন্দেহজনক হেৰ’ইন ভৰ্ত্তি প্লাষ্টিকৰ টেমাও জব্দ কৰে। প্ৰায় ১০গ্ৰাম ওজনৰ এই হেৰ’ইনৰ লগতে এই বৰবিহৰ বেহাত আন কোন লোক জড়িত আছে সেই বিষয়ে আৰক্ষীৰ অনুসন্ধান তথা সোধপোছ অব্যাহত আছে।

তেজপুৰ কৰ্কট কেন্দ্ৰত আৰম্ভ বৰ্হি বিভাগৰ চিকিৎসা সেৱা

শতাব্দ  প্ৰতিনিধি তেজপুৰ, ২৯ এপ্ৰিলঃ  শোণিতপুৰ জিলাৰ ঠেলামৰাৰ বৰডুবিৰ এজন ৪২ বছৰীয়া ককৰ্ট ৰোগত আক্ৰান্ত কৃষকে আজি তেজপুৰ কেন্সাৰ কেন্দ্ৰত চিকিৎসকক নিজ ৰোগ সন্দৰ্ভত সাক্ষাত কৰাৰ অন্তত চেণ্টাৰটোৰ পৰা ওলাই আহি অসম চৰকাৰ আৰু টাটা ট্ৰাষ্ট্ৰৰ যৌথ উদ্যোগত স্থাপন কৰা এই কৰ্কট সেৱা কেন্দ্ৰৰ সুবিধাৰ বাবে অসম চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কেন্দ্ৰটো ভাৰ্চুৱেলী শুভ উদ্বোধন কৰাৰ পাছত আজিৰে পৰা বৰ্হি বিভাগৰ চিকিৎসা সেৱা আৰম্ভ কৰা হয় আৰু কৃষকজন প্ৰথম গৰাকী ৰোগী হিচাপে…

শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত

শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত

অৱশেষত আত্মসমৰ্পণ সত্ৰ আৰু সত্ৰাধিকাৰক সামাজিক মাধ্যমত অশালীন মন্তব্য কৰা নয়নজ্যোতিৰ

শতাব্দ প্ৰতিনিধি,মাজুলী,২৯ এপ্ৰিলঃ সামাজিক মাধ্যমত মাজুলীৰ সত্ৰাধিকাৰৰ ওপৰত অশালীন মন্তব্যৰে ফে'চবুকত পোষ্ট দিয়াক লৈ মাজুলীত প্ৰতিক্ৰিয়া অব্যাহত আছিল।সত্ৰ আৰু সত্ৰাধিকাৰৰ ওপৰত সামাজিক মাধ্যমত অশালীন মন্তব্য কৰা নয়নজ্যোতি বৰুৱাৰ ওপৰত মাজুলীৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন থানাত মুঠ ১০ গোচৰ পঞ্জীয়ন হৈছিল। অশালীন মন্তব্যৰে সামাজিক মাধ্যমত মাজুলীৰ দুগৰাকী সত্ৰাধিকাৰক অপমান কৰা নয়ন জ্যোতি বৰুৱাই কালি সন্ধিয়া কমলাবাৰীস্থ মাজুলী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। ইয়াৰ পূৰ্বে অভিযুক্ত বৰুৱাই এজাহাৰ দাখিল কৰা কেইবাজনো লোকক লগ ধৰি…

শিক্ষাবিদ-বিশিষ্ট সাহিত্যিক দণ্ডেশ্বৰ শইকীয়াৰ দেহাৱসান

 শতাব্দ প্ৰতিনিধি  তেজপুৰ, ২৮ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত সঞ্চালক, বিশিষ্ট লেখক, প্ৰকাশক তথা অসমৰ চাহ খেতিৰ ইতিবৃত্তকে ধৰি বাগিছা বিষয়ত বহু উল্লেখযোগ্য গ্ৰন্থৰ প্ৰণেতা দণ্ডেশ্বৰ শইকীয়াৰ আজি বিয়লি ৪.৩০ বজাত তেজপুৰ নেমকেয়াৰ হাস্পতালত দেহাৱসান ঘটাত তেজপুৰত শোকৰ ছাঁ পৰে । উল্লেখ্য যে, যোৰহাট জিলাৰ ঢেকিয়াজুলি বাগিছাৰ সমীপৰ কৰঙা গাঁৱত ১৯২৮ চনত জন্মগ্ৰহণ কৰা শইকীয়া শিশু অৱস্থাৰ পৰাই মেধাৰ পৰিচয় দি কৰ্মসূত্ৰে প্ৰথমে তিনিচুকীয়া কাৰ্যালয়ত যোগদান কৰা পৰৱৰ্তী সময়ত ১৯৯০ চনৰ পৰা তেজপুৰৰ ঊষা নগৰত…