Browsing Category
অসম
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বহাগী উছৱত তোৰণৰ আধাৰশিলা
লখিমপুৰ, ২৮ এপ্ৰিলঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে বহাগী উছৱ অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ চুকুলীভৰীয়া চৌহদত সেই উদ্দেশ্যে আজি পুৱা আভ্যন্তৰীণ নিৰাপত্তা আৰু পৰিষ্কৰণ কোষৰ দ্বাৰা আয়োজিত এক চাফাই কাৰ্যসূচী উদ্বোধন কৰে অধ্যক্ষ ড° লোহিত হাজৰিকাই। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ প্ৰয়াত ৰবীন বৰদলৈৰ সোঁৱৰণত তেখেতৰ পৰিয়ালে আগবঢ়োৱা তোৰণৰ আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা অনুষ্ঠানত নেতৃত্ব দিয়ে প্ৰয়াত ৰবীন বৰদলৈৰ পত্নী উৰ্মিলা শইকীয়া বৰদলৈ, পুত্ৰ ডাঃ দেৱাশিস বৰদলৈ, জীয়াৰী তথা লখিমপুৰ বাণিজ্য…
ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাটৰ প্ৰস্তাৱিত কৰ্কট কেন্দ্ৰৰ আধাৰশিলা স্থাপন
শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২৮ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাটৰ প্ৰস্তাৱিত কৰ্কট কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে । এই উপলক্ষে গোলাঘাটৰ বগৰীজেং পুলিচ প্লে-গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । অনুষ্ঠানত অংশ লোৱা লোকসকলে মঞ্চত সংস্থাপন কৰা পৰ্দাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা কৰ্কট কেন্দ্ৰৰ আধাৰশিলা স্থাপনকে ধৰি তেওঁৰ ডিব্ৰুগড়ৰ সকলো কাৰ্যসূচী প্ৰত্যক্ষ কৰে । অনুষ্ঠানত ভাষণ দি ৰাজ্যসভাৰ সাংসদ কামাখ্যা…
মৰ্মন্তুদঃ দেউতাকক লগ পাবলৈ পথ পাৰ হওতেই…
শতাব্দ প্ৰতিনিধি তামুলপুৰ, ২৮ এপ্ৰিলঃ তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ টেবিতোলাত আজি আবেলি প্ৰায় ২-০০ বজাত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এগৰাকী ৮ বছৰীয়া কন্যা শিশু নিহত হয়। নিহত শিশুটি কমল পৰাজুলি আৰু চৰিতা পৰাজুলিৰ কন্যা প্ৰজ্ঞা পৰাজুলি বুলি চিনাক্ত কৰা হৈছে। আজি মাতৃগৰাকীয়ে কন্যা প্ৰজ্ঞাক লগত লৈ উত্তৰ গুৱাহাটীৰ পৰা তামুলপুৰ জিলাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত মতিগাঁওলৈ আহি আছিল। তেওঁলোকে এখন মেজিক গাড়ীৰে আহি টেবিতোলা চকত নামিছিল। মেজিকখন টেবিতোলা চক পোৱাত মাতৃ আৰু কিশোৰী গৰাকী মেজিকখনৰ পৰা নামে। মেজিকৰ পৰা নমাৰ পিছত প্ৰজ্ঞাই…
লখিমপুৰ জিলাত দুই বিদ্যালয় চামিলকৰণ
নাৰায়ণপুৰ, ২৮ এপ্ৰিল: বিদ্যালয় চামিলকৰণ প্ৰক্ৰিয়াৰ অধীনত আজি লখিমপুৰ জিলাৰ তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত পূৱ বহুপথাৰ প্ৰাথমিক বিদ্যালয়খন চামিল কৰা হয়। অসম চৰকাৰৰ শিক্ষা বিভাগৰ পত্ৰ নং ASE.25/2022/226 অধীনত আজি চামিলকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। এই লৈ তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাত:সভাতেই বিশেষভাৱে ছাত্ৰ,শিক্ষক আৰু পৰিচালনা সমিতিৰ উপস্থিতিত এটি আদৰণি অনুষ্ঠানৰো আয়োজন কৰা হয়। উল্লেখযোগ্য যে তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিযুক্ত পৰিচালনা সমিতিৰ সভাপতি মুক্তাৰ আলী আৰু উপ…
ভাৰ্চুৱেলি যোৰহাট কৰ্কট কেন্দ্ৰৰ উদ্বোধন
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২৮ এপ্ৰিল : ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয় চৌহদত অসম চৰকাৰ আৰু টাটা ন্যাসৰ যৌথ উদ্যোগত নিৰ্মিত যোৰহাট কৰ্কট চিকিৎসালয়খন ডিব্ৰুগড়ৰ কেন্দ্ৰীয় উদ্বোধনী অনুষ্ঠানৰ পৰা অনলাইন যোগে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি ডিব্ৰুগড়, বৰপেটা, তেজপুৰ, লখিমপুৰ, দৰং, কোকৰাঝাৰ আৰু যোৰহাটকে ধৰি মুঠ ৭খন জিলাৰ কৰ্কট চিকিৎসালয় কেইখন অনলাইনযোগে উদ্বোধন কৰে। উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ কেন্দ্ৰীয় অনুষ্ঠানতে প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমৰ আৰু ৭ খন জিলাৰ কৰ্কট চিকিৎসালয়ৰ…
তেজপুৰ কেঞ্চাৰ কেন্দ্ৰ উদ্বোধন
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ , ২৮এপ্ৰিলঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড় কেঞ্চাৰ চেন্টাৰৰ লগতে তেজপুৰ কেঞ্চাৰ চেন্টাৰ ভাৰ্ছুৱেলী মুকলি কৰাৰ লগে লগে তেজপুৰ কেঞ্চাৰ চেন্টাৰত উপস্থিত থকা ৰাজ্য চৰকাৰৰ জলসিঞ্চন, নগৰ উন্নয়ন আৰু গৃহ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহাল আৰু সাংসদ পল্লবলোচন দাস প্ৰমুখ্যে বিশিষ্ট লোকসকলে উস্ম আদৰণি জনায়। উল্লেখ্যযে ৰাজ্য চৰকাৰে টাটা ট্ৰাষ্টৰ স’তে কৰা বুজাবুজিৰ ভিত্তিত ৰাজ্যত মুঠ চাৰি হাজাৰ কোটি টকীয়া প্ৰকল্পৰ অধীনত ১৭খন কেঞ্চাৰ কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে আৰু…
দৰং কৰ্কট চিকিৎসালয় ভাৰ্চুৱেলি উদ্বোধন প্ৰধানমন্ত্ৰীৰ
শতাব্দ প্ৰতিনিধি, মংগলদৈ ২৮ এপ্ৰিলঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ৰ পৰা অসমত একেলগে ৭ খন কৰ্কট চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে। ইয়াৰ ভিতৰত মঙ্গলদৈস্থিত দৰঙ কৰ্কট চিকিৎসালয় অন্যতম। প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰা দৰঙ কৰ্কট চিকিৎসালয়ৰ জিলা প্ৰশাসনে আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে দৰঙৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই তেওঁৰ ভাষনত কয় যে অসম তথা দৰং জিলাৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এই চিকিৎসালয়…
নৱবৰ্ষ আৰু সংকল্প
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,
"শতাব্দ" বাতৰি কাকতৰ সমূহ কৰ্ম-কৰ্তা আৰু পঢ়ুৱৈলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো ৷ লগতে আজি (০১।০১।২০২৩) "শতাব্দ" ই এবছৰীয়া হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। আশাকৰো, অসম আৰু অসমীয়াৰ স্বাৰ্থত কাকতখনে আগন্তুক দিনবোৰটো বৰ্তমানৰ দৰে এই ধাৰা অব্যাহত ৰাখি অসমবাসী ৰাইজৰ মাজত সমাদৰ লাভ কৰিব ৷
ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে বিভিন্নজনে বছৰটিৰ বাবে কৰা সংকল্প তথা কামৰ তালিকা বাতৰি কাকত তথা আলোচনীবোৰত প্রকাশ কৰে কিন্তু সেই সংকল্প তথা কামবোৰ বছৰৰ শেষলৈ কাৰ্যকৰী হ’ল নে নাই গম পোৱা নাযায় ।…
