Browsing Category
অসম
দৰং কৰ্কট চিকিৎসালয় ভাৰ্চুৱেলি উদ্বোধন প্ৰধানমন্ত্ৰীৰ
শতাব্দ প্ৰতিনিধি, মংগলদৈ ২৮ এপ্ৰিলঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ৰ পৰা অসমত একেলগে ৭ খন কৰ্কট চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে। ইয়াৰ ভিতৰত মঙ্গলদৈস্থিত দৰঙ কৰ্কট চিকিৎসালয় অন্যতম। প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰা দৰঙ কৰ্কট চিকিৎসালয়ৰ জিলা প্ৰশাসনে আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে দৰঙৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই তেওঁৰ ভাষনত কয় যে অসম তথা দৰং জিলাৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এই চিকিৎসালয়…
বিধায়ক মেৱানীক মুক্তিৰ দাৱীত তেজপুৰত কংগ্ৰেছৰ ধৰ্ণা
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৮ এপ্ৰিলঃ গুজৰাটৰ এগৰাকী বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত আজি অসম প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচী তেজপুৰতো পালন কৰা হয়। আজি দিনৰ প্ৰায় ১২-৩০বজাত তেজপুৰস্থিত শোণিতপুৰ জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সামাজিক মাধ্যমত কৰা মন্তব্যৰ বাবে ৰাজ্যৰ বৰপেটা আদালতৰ নিৰ্দেশ মৰ্মে গুজৰাটৰ বিধায়কজনক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে। জিগনেশ মেৱানীক মুক্তি দিয়ক, অসম চৰকাৰ হায় হায়, সংবিধান অৱমনা…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব কৰ্মস্থলী নিৰাপত্তা আৰু স্বাস্থ্য দিৱস অনুষ্ঠিত
লখিমপুৰ: ২৮ এপ্ৰিল: সমগ্ৰ বিশ্বৰ লগতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো আজি বিশ্ব কৰ্মস্থলী নিৰাপত্তা আৰু স্বাস্থ্য দিৱস কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচী উদ্বোধন কৰে অধ্যক্ষ ড° লোহিত হাজৰিকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড° সংগীতি বৰঠাকুৰ তামুলীয়ে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ছাজ্জাদ হুছেইনে। অনুষ্ঠানত মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড° শিখামণি বৰগোহাঁই, ভৃগু ফুকন, তিলক ডেকা, পংকজ লোচন…
৩০এপ্ৰিল আৰু ১মেত গহপুৰত সদৌ অসম সূত সন্মিলনৰ ৰাজ্যিক অধিৱেশন
শতাব্দ প্ৰতিবেদক গহপুৰ ,২৮ এপ্ৰিল: সদৌ অসম সূত সন্মিলনৰ ৫৩ সংখ্যক ত্ৰি- বাৰ্ষিক অধিবেশন অহা ৩০ এপ্ৰিল আৰু ১ মেত গহপুৰত অনুষ্ঠিত হব। সূত জাতিৰ উন্নয়ন আৰু বিকাশৰ হকে ১৯১০ চনৰ পৰাই সদৌ অসম সূত সন্মিলনে সেৱা আগবঢ়াই আহিছে। এই বৃহৎ অনুষ্ঠানটিৰ ৫৩ সংখ্যক ত্ৰি-বাৰ্ষিক অধিবেশনখনি গহপুৰ জিলা সূত সন্মিলনৰ আতিথ্যত গোপালপুৰত অনুষ্ঠিত কৰাৰ পূৰ্ণ প্ৰস্তুতি চলিছে।গোপাল ভূঞাক সভাপতি আৰু তৰুণ বৰাক সাধাৰণ সম্পাদক হিচাবে লৈ গঠন কৰা আদৰণি সমিতিয়ে কালি গোপালপুৰৰ সৰ্যোদয় যুৱক সংঘৰ বাকৰিত অধিবেশনৰ লাইখুঁটা স্থাপন কৰে। কালি দিনৰ ১১ বজাত মাংগলিক…
মূল্যবৃদ্ধিৰ বিৰুদ্ধে দিছপুৰত আম আদমী পাৰ্টীৰ বিক্ষোভ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়তে আজি আম আদমী পাৰ্টী চমুকৈ আপে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পেট্ৰল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আপে আজি ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন কৰে। গুৱাহাটী মহানগৰীতো মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰে দলটো। দিছপুৰত আপে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ইন্ধনকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে। পেট্ৰ’লত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই, ঔষধত…
দৰঙত কেঞ্চাৰ হাস্পতাল স্থাপনে আশাৰ বতৰা কঢ়িয়ালে বহু সৰ্বস্বান্ত পৰিয়াললৈ
শতাব্দ প্ৰতিনিধি, মঙলদৈ ২৮ এপ্ৰিলঃ ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে দৰং জিলাতো ভয়াৱহ ৰূপ লৈছে কৰ্কট ৰোগে। এই ৰোগত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি হৈ বৰ্তমান ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বিগত দুই তিনি বছৰত জিলাখনত হেজাৰোধিক লোকৰ মৃত্যু হোৱাৰ খবৰে ইয়াৰ ভয়াবহতাকে প্ৰতিপন্ন কৰিছে। এই মাৰাত্মক কৰ্কট বেমাৰৰ ফলত বহু ঘৰ, বহু পৰিয়াল নিঃশেষ হোৱাৰ উপক্ৰম হৈছে দৰং জিলাৰ প্ৰায়বোৰ অঞ্চলতে। জিলাখনৰ পাতিদৰং, ছিপাঝাৰ, দলংঘাট, ৰঙামাটি, কলাইগাঁও আদি অঞ্চলত ই ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰধানকৈ খাদ্যনলী, যকৃত, পাকস্থলী, মুখগহ্বৰ,…
তেজপুৰৰ মোবাইল টাৱাৰত অগ্নিকাণ্ড
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭এপ্ৰিল: তেজপুৰ চহৰৰ গাৰোৱানপট্টী অঞ্চলত আজি এটা মোবাইল ফোনৰ টাৱাৰত সংঘটিত অগ্নিকাণ্ডত ঘন জনবসতি পূৰ্ণ অঞ্চলটো কথমপিহে ৰক্ষা পৰে । উল্লেখযোগ্য যে,তেজপুৰ পৌৰসভাৰ ১০নম্বৰ ৱাৰ্ডৰ এই অঞ্চলটোৰ প্ৰয়াত চেলিম আনছাৰি নামৰ লোকজনৰ অট্টালিকাত থকা এয়াৰটেলৰ টাৱাৰটোৰে সংলগ্ন কক্ষত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । বৈদ্যুতিক বিজুতিৰ বাবে সূত্ৰপাত ঘটা এই অগ্নিকাণ্ডৰ ফলত ধোঁৱাই ছনি ধৰে । দিনৰ প্ৰায় ১:২০বজাত সংঘটিত এই ঘটনাত অঞ্চলটোত হুৱাদুৱা লাগে আৰু প্ৰতিবেশী সকলে এই অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা চলায় । ইপিনে ঘটনাস্থলীত…
মে’ত কুৰি হাজাৰ শিক্ষক নিযুক্তিৰ প্ৰস্তুতি চৰকাৰৰ
শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৭ এপ্ৰিল : আগন্তুক মে’ মাহত ৰাজ্যখনৰ বিশ হাজাৰ নিবনুৱা যুৱক-যুৱতীক শিক্ষকৰ চাকৰিত নিযুক্তি দিয়া হ’ব । - এই ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ । মংগলবাৰে ধেমাজি প্ৰকল্প সঞ্চালকৰ সভাকক্ষত অনুষ্ঠিত District Development Co-ordination and Monitoring Committee (DDC-MC)/ DISHAৰ সভাত শিক্ষামন্ত্ৰী ডাঃ পেগুৱ এই ঘোষণাৰ লগতে আগন্তুক ১২, ১৩ আৰু ১৪ মে’ত ৩টা পৰ্য্যায়ত গুণোৎসৱ অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে । লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত মন্ত্ৰী ডাঃ পেগুৱে জিলাখনত…
অশ্বিনী বৰুৱালৈ ‘কস্তুৰীৰ শ্ৰেষ্ঠ গল্প সংকলন’ৰ সন্মান, বঁটা প্ৰদান
গুৱাহাটী, ২৭ এপ্ৰিলঃ গুৱাহাটী প্ৰেছ ক্লাবত কস্তুৰী প্ৰকাশন আৰু দত্ত প্ৰকাশনৰ উদ্যোগত এখনি গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্ধনা সভা অলপতে অনুষ্ঠিত হয় । সভাত কস্তুৰী প্ৰকাশন আৰু দত্ত প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত প্ৰয়াত শৰৎ চন্দ্ৰ দত্ত আৰু কবি, অধিবক্তা দিব্যজ্যোতি দত্তৰ চাৰিখন গ্ৰন্থ উন্মোচন কৰা হয় । সভাতে কস্তুৰী প্ৰকাশনৰ দ্বাৰা আয়োজিত ‘সাহিত্য প্ৰতিযোগিতা-২০১৮’ৰ গল্প শাখাত প্ৰথম স্থান লাভ কৰি মুক্তিযোদ্ধা, কবি, প্ৰয়াত শৰৎ চন্দ্ৰ সোঁৱৰণী দত্ত বঁটা লাভ কৰিবলৈ সক্ষম হোৱা বিশিষ্ট সাহিত্যিক অশ্বিনী বৰুৱাৰ ‘আলিপুৰ দুৱাৰত সন্ধিয়া’ শীৰ্ষক…
লখিমপুৰৰ ডেৰ শতাধিক মজলীয়া বিদ্যালয়ৰ ড্ৰপ শিক্ষকক মানৱীয়তাৰ খাতিৰত নিযুক্তিৰ আহ্বান
শতাব্দ প্ৰতিনিধি,লখিমপুৰ,২৭ এপ্ৰিল : ৰাজ্যৰ শিক্ষা বিভাগে ১৯৯১ চনত বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিলে যদিও সেই সময়ত নিযুক্তিৰ পৰা বঞ্চিত হোৱা লখিমপুৰৰ ডেৰ শতাধিক শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ ওপৰতে শেষ ভৰসা কৰি আহিছে । ১৯৯১ চনৰ পৰা ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে লখিমপুৰ জিলাতো নিযুক্তিৰ পৰা বঞ্চিত এই সকল শিক্ষকে অদ্যপি বিভিন্ন মজলীয়া বিদ্যালয়ত অবৈতনিকভাৱে শিক্ষাদান কৰি আহিছে যদিও বিভাগীয় মেৰপেচত সুদীৰ্ঘ তিনিটা দশকে চাকৰি হোৱাৰ আশাত হাবুডুবু কাঢ়ি আহিছে । এনে অৱস্থাত…
