গুৱাহাটীৰ বান : বুধবাৰে বন্ধ থাকিব গুৱাহাটীৰ শিক্ষানুষ্ঠান

0 25

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ প্ৰৱল বৃষ্টিপাতৰ ফলত ব্যাহত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ জীৱন যাত্ৰা। সোমবাৰে নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰী কৃত্রিম বান বুৰ যোৱাৰ লগতে ভূমিস্খলনত চাৰিজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আন এক সতৰ্কবাণী। আগন্তুক ১৭ জুনলৈ অসমত হ’ব পাৰে প্ৰৱল বৃষ্টিপাত। যাৰ পৰিপ্ৰেক্ষিতত সষ্টম হৈ পৰিছে জিলা প্ৰশাসন। বুধবাৰে কামৰূপ মহানগৰ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৰা ভৱিষ্যদ্বাণীৰ পৰিপ্ৰেক্ষিতত সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় তথা মহাবিদ্যালয় বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই। অৱশ্যে ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ চলি থাকিব পাৰিব বুলি মহানগৰ প্ৰশাসনে জানিবলৈ দিয়ে। উল্লেখ্য যে সোমবাৰে নিশাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ পিছত গুৱাহাটীৰ প্ৰায়বোৰ স্থানতে আজিৰ দিনটোত ভয়াবহ কৃত্ৰিম বানৰ লগতে কিছু কিছু স্থানত ভূমিস্খলনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। গুৱাহাটীৰ বৰাগাঁৱত সংঘটিত ভূমিস্খলনত চাৰিজন লোকে মৃত্যুক সাৱটি ল’বলগীয়াৰ দৰে কৰুণ ঘটনাও সংঘটিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.