Browsing Category
অসম
তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্ত ড° শম্ভু নাথ সিঙ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১এপ্ৰিলঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে নতুন দিল্লীৰ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° শম্ভু নাথ সিঙক৷তেওঁক কালি কেন্দ্ৰীয় চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ত পাঁচবছৰীয়া কাৰ্যকালৰ বাবে উপাচাৰ্য হিচাপে নিয়োগ কৰে৷পাটনা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° সিঙে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি অৰ্জন কৰিছিল আৰু তেওঁৰ গৱেষণা পত্ৰই সেইবাৰৰ শ্ৰেষ্ঠ গৱেষণা পত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল৷ অধ্যাপক ড° সিং স্কুল অৱ জাৰ্ণেলিজিমৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল৷দেশ বিদেশৰ…
দেশৰ ৰোজগাৰ মেলা – খণ্ড ৪ ৰ উত্তৰ পূৰ্বাঞ্চলৰ নডেল কাৰ্যালয় হিচাপে নিৰ্বাচিত তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ এপ্ৰিল : অলপতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ লাখ লোকক নিযুক্তি প্ৰদানৰ লক্ষ্য হিচাপে লৈ ইতিমধ্যে ৭৫০০০ লোকক ভিডিও কনফাৰেন্স যোগে নিযুক্তি পত্ৰ প্ৰদান কৰে ।" মিছন " হিচাবত সম্পন্ন কৰিবলৈ স্থিৰ কৰা এই ৰোজগাৰ মেলাত গ্ৰুপ এ ,বি , আৰু চি পদবীত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী, উপ পৰিদর্শক , কনিষ্টবল, এল ডি চি , ষ্টেনোগ্ৰাফাৰ , ইনকম টেক্স ইন্সপেক্টৰ আদি পদত মুঠ ৩৮ টা বিভাগত নিৰ্বাচিত হোৱা সকলক নিযুক্তি প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে । উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠান…
ৰূপম বৰাৰ দুখন কাব্যগ্ৰন্থ উন্মোচন
নাৰায়ণপুৰ,১ এপ্ৰিলঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মেৰমুখত সদৌ অসম শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ একাদশ কেন্দ্ৰীয় পূৰ্ণাঙ্গ অধিৱেশনত সোৱণশিৰিয়া কবি ৰূপম বৰাৰ দুখন কাব্যগ্ৰন্থ ক্ৰমে "মোৰ কবিতা পৃথিৱীৰ কবিতা" আৰু "জংকি পানেই দেশৰ কবিতা " উন্মোচন কৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে। দুয়োখন গ্ৰন্থ উন্মোচন কৰি যুৱ কবিগৰাকীৰ কাব্য ক্ষেত্ৰৰ দখল আৰু কবিতাবোৰৰ মাজত নিহিত গভীৰ মানবীয়তাবোধৰ উষ্ম প্ৰশংসা কৰে। ৰূপম বৰাৰ প্ৰকাশভংগী আৰু অন্তৰালৰ ঘটনাপ্ৰৱাহ সাম্প্ৰতিক কালৰ বহু পৰিৱেশ আৰু…
বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত আহ্বান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩১মাৰ্চঃ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বিদ্যুতৰ মাচুল নিৰ্ধাৰণ সম্পৰ্কে বিদ্যুৎ নিয়ামক আয়োগৰ নিৰ্দেশনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্ছ এছচিয়েছনৰ উপদেষ্টা বিমল দাস আৰু আহ্বায়ক অজয় আচাৰ্যই আজি এক যুটীয়া বিবৃতিত কয় যে, অহা বিত্তীয় বৰ্ষৰ বাবে বিদ্যুৎ গ্ৰাহকৰ ইউনিট প্ৰতি বিদ্যুতৰ মাচুল প্ৰায় এটকাকৈ বৃদ্ধি কৰাৰ এপিডিচিএলৰ আবেদন বিদ্যুৎ নিয়ামক আয়োগে নাকচ কৰিছে।নিয়ামক আয়োগে বিদ্যুৎ গ্ৰাহকৰ ফিক্সদ চাৰ্জ প্ৰতি কিলোৱাটত দহ টকাকৈ বৃদ্ধি কৰিছে যদিও বৰ্তমানে বাহাল থকা প্ৰতি…
শিক্ষা বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষৰ নিদেৰ্শত জুৰুলা শোণিতপুৰৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকল
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩১ মাৰ্চঃ শিক্ষা বিভাগৰ উৰ্ধতন কতৃৰ্পক্ষৰ নিদেৰ্শত জীয়াতু ভুগিছে শোণিতপুৰৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকলে৷ কাৰণ, শিক্ষা বিভাগৰ উৰ্ধতন বিষয়া তথা বিভাগীয় মুৰব্বীৰ অদূৰদৰ্শিতাৰ বলি যাতে ছাত্ৰ-ছাত্ৰীসকল নহয়,জিলাখনৰ প্ৰধান শিক্ষক তথা অধ্যক্ষসকলে দিনে নিশাই একাকাৰ কৰি মাৰ্চৰ অন্তিম দিনটোতো সকলো বিত্তীয় কাৰ্য সমাধা কৰিব লগীয়া হয়৷ শোণিতপুৰৰ একাংশ বিদ্যালয়ৰ মুৰব্বীৰ অভিযোগ মতে, শিক্ষা বিভাগে বিদ্যালয়সমূহৰ বিত্তীয় লেনদেন কানাড়া বেংকৰ জৰিয়তে কৰাৰ প্ৰক্ৰিয়া যোৱাটো বৰ্ষতে সম্পন্ন কৰে৷ সেই অনুসৰি…
ৰাষ্ট্ৰীয় পাৰদৰ্শিতা জৰীপ ‘২০২১ৰ আধাৰত অনুষ্ঠিত দুদিনীয়া শিক্ষক প্ৰশিক্ষণ
উত্তৰ লখিমপুৰ, ৩১ মাৰ্চঃ লখিমপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত লখিমপুৰ জিলাৰ তিনিখনকৈ শিক্ষাখণ্ড ক্ৰমে নাওবৈচা, বিহপুৰীয়া আৰু নাৰায়ণপুৰ শিক্ষাখণ্ডৰ মুঠ ৬০ গৰাকী শিক্ষক প্ৰশিক্ষাৰ্থীকলৈ ৰাষ্ট্ৰীয় পাৰদৰ্শিতাৰ জৰীপ চমুকৈ এন এ এছ (National Achievement Survey)ৰ ফলাফল সম্পৰ্কীয় দুদিনীয়া প্ৰশিক্ষণৰ সফল সমাপ্তি ঘটে। বিহপুৰীয়া শিক্ষাখণ্ডৰ ফেনখাটি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণৰ দ্বাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে নিজৰ কৰ্মকুশলতা বৃদ্ধি কৰিব আৰু আগন্তুক ৰাষ্ট্ৰীয় পাৰদৰ্শিতাৰ জৰীপ চমুকৈ এন…
তিনিচুকীয়াৰ অভিজাত শিক্ষানুষ্ঠানৰ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে গোচৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩১ মাৰ্চ : তিনিচুকীয়া চহৰৰ এক অভিজাত শিক্ষানুষ্ঠানৰ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কণমানি ছাত্ৰীক শাৰীৰিক আতিশয্যৰ বলি কৰাৰ অভিযোগৰ ভিত্তিত সদৰ থানাত গোচৰ ৰুজু হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে তিনিচুকীয়া চহৰৰ অভিজাত শিক্ষানুষ্ঠান বাডিং বাডছ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষৰ পত্নী তথা বিদ্যালয়খনৰ শিক্ষয়িত্ৰী মিতালী গগৈয়ে নাৰ্ছাৰীৰ এগৰাকী ছাত্ৰীক শাৰীৰিক আতিশয্যৰ বলি কৰা বুলি ছাত্ৰীগৰাকীৰ পৰিয়ালে আৰক্ষীক অভিযোগ দাখিল কৰে ৷ ইয়াৰ ভিত্তিত আৰক্ষীয়ে…
লখিমপুৰ মহাবিদ্যালয়ৰ ৭০ বছৰীয়া চমু ইতিহাস উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ৩১ মাৰ্চঃ লখিমপুৰ জিলাৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত) ৰ গ্ৰন্থাগাৰ সহায়ক হজৰাম পাৱেগামৰ শেহতীয়া গ্ৰন্থ "নৰ্থ লখিমপুৰ কলেজৰ সত্তৰ বছৰীয়া চমু ইতিহাস" নামৰ গ্ৰন্থখন আজি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। আজি মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰ সহায়ক হজৰাম পাৱেগামে অৱসৰ গ্ৰহণ কৰাৰ দিনটোতে তেখেতৰ শেহতীয়া গ্ৰন্থ "নৰ্থ লখিমপুৰ কলেজৰ সত্তৰ বছৰীয়া চমু ইতিহাস" উন্মোচন কৰে লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা প্ৰবীণ…
তেজপুৰত কংগ্ৰেছৰ সংবাদমেলঃ বৃটিছেও এতিয়াৰ দৰে কৰ জপা নাছিল
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩১ মাৰ্চ : ব্ৰিটিছেও সৰ্বসাধাৰণৰ ওপৰত ইমান কৰ লগোৱা নাছিল যিমান কৰ এতিয়া দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেশ তথা ৰাজ্যৰ ৰাইজৰ ওপৰত জাপি দিছে।এই কৰৰ বোজা নতুনকৈ হোৱা নাই, ২০১৪ ৰ পৰা ক্ৰমান্বয়ে ৰাইজৰ মূৰত জাপি দিয়া হৈছে বুলি আজি তেজপুৰস্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজিত এক সংবাদ মেলত মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ডা° জয় প্ৰকাশ দাসে । তেওঁ কয় যে পহিলা এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰযোজ্য হোৱা ট'ল কৰ, বিদ্যুৎ মাচুল…
