Browsing Category

অসম

‘যেতিয়াই তেতিয়াই বিহু পতা অসমীয়া জাতিয়ে আত্ম-সংশোধন নকৰিলে কালৰ গতিত অচিৰেই হেৰাই যাব’

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ , লখিমপুৰ: ৫ এপ্ৰিল : "অসমীয়া জাতিয়ে কম দিনৰ ভিতৰতে স্বকীয়তা হেৰুওৱাটো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ৷ উৎসৱ প্ৰিয় নিষ্কৰ্মা জাতিত পৰিণত হোৱা জাতিটোৱে বিহুৰ নামতে গোটেই বছৰটো অৰ্থহীন আনন্দত আত্মহাৰা হৈ পাৰ কৰি দিয়ে ৷ ’সাম্প্ৰতিক সময়: আহ্বান, প্ৰত্যাহ্বান আৰু আমাৰ কৰণীয়' শীৰ্ষক এক বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰি এই মন্তব্য প্ৰদান কৰে বিশিষ্ট চিন্তাবিদ, চিকিৎসক ডা° হৰেন শইকীয়াই। ২ এপ্ৰিলত লখিমপুৰৰ অন্যতম স্বেচ্ছাসেৱী শৈক্ষিক-সামাজিক সংগঠন ঐকতানৰ ষষ্ঠ বাৰ্ষিক বক্তৃতানুষ্ঠান আৰু ঐকতান শিক্ষাসেৱী বঁটা…

চাৰিখন শিশু নাটকৰ সফল মঞ্চায়নেৰে সামৰণি তেজপুৰৰ আংগিকৰ “শৈশৱতে ধেমালিতে” শীৰ্ষক শিশু নাটসমাৰোহ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ এপ্ৰিল : তেজপুৰৰ নিকটৱৰ্তী ডিপোটাৰ এগৰাকী দক্ষ তথা ৰুচিশীল নাট্যকৰ্মী তথা এন এছ ডিৰ ডিপ্লমা প্ৰাপক শোণিতজ্যোতি শইকীয়াৰ বিশেষ তৎপৰতাত গঢ়ি উঠা নাট্যানুষ্ঠান "আংগিক" ৰ উদ্যোগত দুদিনীয়াকৈ ঐতিহ্য মণ্ডিত ডিপোটা নাট্য মন্দিৰত অনুস্থিত হোৱা "শিশু নাট সমাৰোহ" ৰ কালি চাৰিখনকৈ শিশু নাটৰ সফল মঞ্চায়নৰে সামৰণি পৰে। উল্লেখ্য যে, আংগিকৰ আমন্ত্ৰণত তেজপুৰ অৰিন্দম নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে নিজেই ৰচনা কৰা নাটক "ৰহিলা সুন্দৰীৰ বিয়া" সফল মঞ্চায়নৰে ৰাইজৰ সমাদৰ আৰু আশীৰ্বাদ বুটলিবলৈ সক্ষম হোৱাৰ লগতে "ইফক্ৰ…

মাষ্টাৰ চেফ ইণ্ডিয়াৰ বিজয়ী নয়নজ্যোতিক সম্বৰ্ধনা তিনিচুকীয়া জিলা প্ৰশাসনৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ এপ্ৰিল : ছনী টিভিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুকিং ৰিয়েলিটি শ্ব' 'মাষ্টাৰ চেফ ইণ্ডিয়া'ৰ ছিজন ৭ ৰ খিতাপ দখল কৰি অসম তথা তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা তিনিচুকীয়াৰ গোবিন্দপুৰ নিবাসী নয়নজ্যোতি শ‌ইকীয়াক আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ মাষ্টাৰ চেফ ছিজন ৭ৰ বিজয়ীগৰাকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰি উপায়ুক্ত স্বপ্নীল পালে সমগ্ৰ ভাৰতবৰ্ষতে অসম তথা তিনিচুকীয়া জিলাৰ নাম জিলিকাই তোলাৰ বাবে নয়নজ্যোতি শ‌ইকীয়াক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অনাগত দিনত বিশ্বৰ দৰবাৰতো অসম তথা…

বিন্দুকুৰীত মজিয়া এফ পি চিৰ পথাৰ পৰিদৰ্শন অতিৰিক্ত মুখ্য সচিব ড০ আশিস কুমাৰ ভূটানীৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩ এপ্রিলঃ কৃষিখণ্ডৰ সামগ্ৰিক উন্নয়ন আৰু গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ়কৰণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা, শোণিতপুৰ জিলাৰ বিন্দুকুৰী কৃষি চক্রৰ অন্তৰ্গত পক্ষীয়াঝাৰ গাঁৱৰ মজিয়া কৃষক উৎপাদক কোম্পানীৰ ( FPC ) পথাৰ পৰিদৰ্শন কৰিলে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উৎপাদন আয়ুক্ত ড০ আশিস কুমাৰ ভূটানীয়ে। ১৩০ গৰাকী মহিলা কৃষকৰ সহিতে মুঠ ৩১০ গৰাকী প্ৰগতিশীল কৃষকৰ দ্বাৰা গঠিত কৃষক উৎপাদক কোম্পানীটোৱে বিগত বৰ্ষত ২০০ বিঘা মাটিত শালি ধানৰ বীজ উৎপাদনৰ জড়িয়তে প্ৰায় ২৩ লাখ ৬০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ…

গোগামুখত গড়ৰ খৰ্গসহ তিনি চোৰাং ব্যৱসায়ী গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩ এপ্ৰিলঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিছুদিন পূৰ্বে চোৰাং চিকাৰীয়ে এটা গড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আজি ধেমাজি জিলাৰ গোগামুখত আৰক্ষীয়ে গড়ৰ খৰ্গ সহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰ জিলাৰ ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত বকুলগুৰিৰ ভীমকান্ত দলে, মিনাৰাম মিলি আৰু জ’ন পেগুৱে গড়ৰ খৰ্গটো বিক্ৰী কৰিবলৈ বুলি এটা মোনাত ভৰাই ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত এদূত গাঁৱৰ গড়ৰ খৰ্গৰ চোৰাং বেপাৰী নকুল পেগুৰ ঘৰত আশ্ৰয়…

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন

শতাব্দ প্ৰতনিধি‍ লখিমপুৰ, ৩ এপ্ৰিলঃ গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাতা সংস্থা এন এইচ পি চিয়ে চলিত বৰ্ষৰ জুন মাহৰ পৰা প্ৰকল্পটোৱে ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য স্থিৰ কৰা সময়তে পুনৰ প্ৰকল্প স্থলীৰ সমীপত ভয়ংকৰ ভূমি…লনৰ ঘটনা সংঘটিত হৈছে৷ যাৰবাবে এন এইচ পি চি কতৃৰ্পক্ষই বাৰে বাবে প্ৰকল্পস্থলীত চাইৰেন বজাই সকলোকে সতৰ্ক কৰিবলৈ বাধ্য হৈছে৷ দেওবাৰে নিশাৰ পৰা আজি পুৱাৰ ভাগলৈ প্ৰকল্পটোৰ মূল বান্ধৰ কাষত সোঁপাৰৰ পাহাৰত ভয়ংকৰ ৰূপত  ভূমি…খলন হোৱাৰ লগতে সোৱণশিৰি নদীৰ বাঢ়নি পানীয়ে মূল বান্ধত প্ৰবল হেঁচাৰ সৃষ্টি…

লখিমপুৰত গৰুৰ চোৰাং বেহা অব্যাহত

শতাব্দ প্ৰতিনিধি‍ লখিমপুৰ, ৩ এপ্ৰিলঃ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত গো সুৰক্ষা আইন বলৱৎ কৰি গৰুৰ চোৰাং বেহা তথা সৰবৰাহ ৰোধত গুৰুত্ব আৰোপ কৰি অহাৰ সময়তে গো সুৰক্ষা আইনখনক পদদলিত কৰি লখিমপুৰ জিলাত গৰুৰ অবৈধ সৰবৰাহ তথা চোৰাং বেহা অব্যাহত থকাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। জিলাখনৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত চিয়াজুলি ষ্টেচন তিনিআলিত যোৱা ৩১ মাৰ্চৰ নিশা দুখনকৈ বলেৰ' পিক আপ ভেনেৰে চোৰাংভাৱে ২৭ টাকৈ গৰু অৰুণাচল প্ৰদেশ লৈ সৰবৰাহ কৰাৰ লক্ষ্যৰে কঢ়িয়াই নিয়া অৱস্থাত স্থানীয় ৰাইজ তথা চিয়াজুলি ষ্টেচন তিনিআলিৰ…

ঘৰৰ অভিভাৱকজন শিক্ষিত হ’ব লাগে-কংগ্ৰেছ ৰাষ্ট্ৰীয় মুখপাত্ৰ মমিন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২এপ্ৰিলঃ “ঘৰ এখনৰ অভিভাৱকজন শিক্ষিত হ’লেহে ঘৰখন ভালদৰে পৰিচালনা হয়৷ এজন চাহবেচা লোক দেশৰ অভিভাৱক হ’লে কি হ’ব ভাৱক৷” তেজপুৰত আজি এই মন্তব্য কৰে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মমিতা মমিনে৷ আজি দিনৰ ১১বজাত তেজপুৰস্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত অংশলৈ মমিনে লগতে কয় যে, বেটি পঢ়াও বেটি বচাও শ্লগান দিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা সকলক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হৈছে৷দেশ তথা ৰাজ্যত সম্প্ৰতি  নাৰী নিৰ্যাতন, নাৰী ধৰ্ষণ আৰু হত্যাৰ ঘটনা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি…

দুই শ্ৰমিক নিহত হোৱাৰ ঘটনাৰ তদন্তৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১এপ্ৰিলঃ কালি দিনৰ প্ৰায় আঢ়ৈ বজাত তেজপুৰৰ নিকটৱৰ্তী ৰূপাজুলি চাহ বাগিচাত দুই স্হায়ী শ্ৰমিক ৰোহিত তাঁতি(২৯)আৰু ছৱি তাঁতি(৫০) কলঘৰৰ এজবেষ্টাৰ টিন মেৰামতি কৰিবলৈ গৈ প্ৰায় ৪২ফুট উচ্চতাৰ পৰা তলত পৰি নিহত হোৱা ঘটনাৰ তদন্ত দাবীৰ লগতে কলঘৰ পৰিদৰ্শকৰ বৰ্খাস্তকৰণ আৰু নিহত শ্ৰমিকৰ নিকট আত্মীয়লৈ ক্ষতিপূৰণ আদায়ৰ দাবীৰে আজি পুৱাৰে পৰাই চাহবাগিচাখনৰ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷শ্ৰমিক সকলে আজি পুৱা ন বজাৰ পৰা চাহবাগিচাখনত সমবেত হৈ কৰ্মবিৰতি পালন কৰে৷ইয়াৰ ফলত চাহবাগিচাখনৰ সকলো কামকাজ অচল হৈ পৰে৷উল্লেখযোগ্য…

তেজপুৰৰ “সপ্তাশ্ব” দশম “নৃত্যকল্প” অনুষ্ঠান

ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰাপক ডা০ জাহানাৰা বেগম, জিতুমণি কলিতা আৰু "লাচিত - বুৰঞ্জী লিখা তৰোৱাল" ৰ স্ৰষ্টা - পৰিচালক পুলক কুমাৰ ডেকাক সম্বৰ্ধনা