Browsing Category
অসম
অস্বাভাৱিক ভাৱে দিখৌ নদীত ওপঙি উঠিছে হাজাৰ হাজাৰ থলুৱা মাছ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ৫ এপ্ৰিলঃ বিগত এটা পষেকধৰি অব্যাহত থকা মূষলধাৰ বৰষুণ আৰু বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ মাজতেই শিৱসাগৰৰ মাজেদি পাৰ হৈ যোৱা দিখৌ নদীত পৰিলক্ষিত হৈছে এক আচৰিত ধৰণৰ পৰিৱৰ্তন৷ স্বাভাৱিকতেই নৈপৰীয়া জনজীৱনত অভ্যস্ত হৈ পৰা সাধাৰণ ৰাইজকো দিখৌ নদীৰ জলৰাশিৰ অস্বাভাৱিক পৰিৱৰ্তনে চিন্তিত কৰি তোলাৰ লগতে আতংকৰো সৃষ্টি কৰিছে ৷ আনহাতে এটা দিনৰ পূৰ্বৰে পৰা এই বাতৰি প্ৰেৰণ কৰা লৈকে দিখৌ নদীত ভয়ংকৰ ৰূপত ওপঙি উঠিছে থলুৱা প্ৰজাতিৰ প্ৰকাণ্ড প্ৰকাণ্ড মাছ ৷ পুঁৱতি নিশা প্ৰায় ৪ মান বজাৰ পৰাই দিখৌৰ গাঢ় নীলা জলৰাশিত ওপঙি…
নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত মধ্য যুগৰ লোণ সন্দৰ্ভত বক্তৃতানুষ্ঠান-প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ এপ্ৰিলঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ উদ্যোগত ৪ এপ্ৰিলত “History of Saltঃ Precious Commodity of Medieval Assam“ শীৰ্ষক এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ উক্ত অনুষ্ঠানত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় ৰ ভূ-তত্ব বিভাগৰ সহকাৰী অধ্যাপক ড॰ ৰক্তিম ৰঞ্জন শইকীয়াই মধ্যযুগীয় অসমৰ প্ৰেক্ষাপটত লোণৰ ব্যৱহাৰ আৰু ইয়াৰ ইতিহাস সম্পৰ্কে বহু তথ্য দাঙি ধৰে৷ বুৰঞ্জী বিভাগৰ মুৰববী অধ্যাপক অতনু গগৈয়ে আঁত ধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়া, উপাধ্যক্ষদ্বয়, বুৰঞ্জী বিভাগৰ…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ই-আৱৰ্জনা ব্যৱস্থাপনাৰ কৰ্মশালাৰ সামৰণি
উত্তৰ লখিমপুৰঃ ৪ এপ্ৰিলঃ ইলেক্ট্ৰনিক আৱৰ্জনাসমূহৰ ক্ষতিকাৰকতা আৰু সেই আৱৰ্জনাসমূহ ঘৰতে পুনঃব্যৱহাৰ কৰি কৰ্মসংস্থাপন লাভৰ সম্ভাৱনাৰ ওপৰত অধিক সজাগতা সৃষ্টিৰ আহ্বানৰে আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ই-আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত ছদিনীয়া কৰ্মশালা এখনৰ সামৰণি পৰে। মহাবিদ্যালয়খনৰ ইকো ক্লাব আৰু উদ্যোমিতা আৰু উদ্ভাৱন কেন্দ্ৰৰ উদ্যোগত তথা উত্তৰ লখিমপুৰৰ আইনা ৱেলফেয়াৰ ফাউণ্ডেশ্যন আৰু উত্তৰাখণ্ডৰ ডেৰাডুনৰ ছ’চাইটি অৱ পলিউচন এণ্ড এনভাইৰনমেণ্টেল কনজাৰ্ভেচন চাইন্টিষ্টৰ সক্ৰিয় সহযোগত এই কৰ্মশালাৰ আয়োজন কৰা হয়।…
মাটিমাহৰ বীজ যোগানৰ নামত অনিয়মৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪এপ্ৰিলঃ ৰাজ্যত উন্নত প্ৰজাতিৰ মাটিমাহৰ খেতিৰে কৃষিক্ষেত্ৰত চৰকাৰী ভাবে যুগান্তকাৰী পৰিৱৰ্তন অনাৰ লক্ষ্যৰে চৰকাৰী কৃষিবিভাগে কেৱল ২৪ লাখ ৯৮ হেজাৰ চাৰিশ ২৬টকাৰ প্ৰচাৰ পত্ৰিকা প্ৰকাশ কৰি ৰাজ্যৰ জিলাসমূহলৈ বস্তাই বস্তাই প্ৰচাৰ পত্ৰিকা প্ৰেৰণ কৰাৰ লগতে নবিধ মাটিমাহৰ খেতি কৰিবলৈ ৰাজ্যৰ কৃষকক উৎসাহিত কৰিছিল৷ কিন্তু এই সকলো ফুটুকাৰ ফেনত পৰিণত কৰি স্বয়ং কৃষিবিভাগেই আকৌ বিভাগীয়ভাবে অনুমোদিত ন বিধ মাটিমাহৰ সলনি নিশাৰ ভিতৰতে আন এবিধ মাটিমাহ ৰহস্যজনকভাবে ক্ৰয় কৰা বুলি আজি তেজপুৰত দাবী কৰি আৰ টি আই কৰ্মী…
সেনাৰ নামলৈ গাঞ্জা সৰবৰাহৰ কৌশল
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪এপ্ৰিলঃ তেজপুৰৰ পৰা এটা ব্যক্তিগত পৰিৱহণ প্ৰতিষ্ঠানৰ জড়িয়তে অজ্ঞাত লোকে মুঠ ৪০৬.২২কিলোগ্ৰাম সৰবৰাহ কৰিবলৈ গ্ৰহণ কৰা কৌশল পোহৰলৈ অহাত তেজপুৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,তেজপুৰৰ বৰঝাৰ গাঁৱত থকা সৈনিক ট্ৰেঞ্চপ’ৰ্ট নামৰ পৰিবহন প্ৰতিষ্ঠানটোলৈ কালি এখন বলেৰ’ পিকআপ বাহনৰে অনা হৈছিল সামগ্ৰী ভৰ্তি চাৰিটা টিনৰ বাকচ৷ যথেষ্ট ওজন থকা এই বাকচ চাৰিটা উত্তৰ প্ৰদেশৰ গাজীপুৰলৈ পথোৱাৰ বাবে পৰিবহন প্ৰতিষ্ঠানটোৰ স’তে অনলাইন বুকিং কৰা হৈছিল৷ কালি এই বাকচ চাৰিটা প্ৰতিষ্ঠানটোত জমা দি…
মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত এছ ইউ চি আইৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪এপ্ৰিলঃ জীৱনদায়িনী ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধি, পৌৰ কৰ বৃদ্ধি, টোলকৰ আৰু বিদ্যুতৰ নিৰ্দ্ধাৰিত মাছুল বৃদ্ধিৰ বিৰুদ্ধে এছ ইউ চি আই(কমিউনিষ্ট)ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত আৰু দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰৰ নিকামূল চাৰিআলিত আজি বিয়লি এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়।দলৰ ভালে সংখ্যক কৰ্মী-সমৰ্থক সমবেত হৈ হাতে হাতে দাবী সম্বলিত প্লেকাৰ্ড, ফেষ্টুন লৈ তীব্ৰ বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভকাৰী সকলে 'জীৱনদায়ী ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ জনবিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰক, পৌৰকৰ বৃদ্ধি কৰা…
ধেমাজিৰ বৰদলনিত দেউৰী জনগোষ্ঠীৰ প্ৰথমখন গ্ৰন্থ ‘দেউৰী কৃষ্টি আৰু চমু ইতিহাস’ ৰ বিশেষ সংশোধনী সংস্কৰণ উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৪এপ্ৰিল: দেউৰী জনগোষ্ঠীৰ প্ৰথমখন গ্ৰন্থ 'দেউৰী কৃষ্টি আৰু চমু ইতিহাস' ৰ বিশেষ সংশোধনী সংস্কৰণটি দেওবাৰে ধেমাজি জিলাৰ বৰদলনি বাম চেনিয়া দেউৰী গাঁৱৰ ৰঙ্গমঞ্চত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুভ উন্মোচন কৰা হয়। উলেখ্য যে ১৯৫০ চনতে সম্পাদিত ৰূপত প্ৰকাশিত গ্ৰন্থখনত প্ৰকৃত লেখক আৰু সংগ্ৰাহকৰ নাম উল্লেখ নথকাত বহু বছৰ পৰা চলি আহিছিল এক বিতৰ্কৰ। ইয়াৰ পিছতে দ্বিতীয় বিশেষ সংশোধনী সংস্কৰণৰ ব্যৱস্থা কৰে মূল লেখক আৰু সংগ্ৰাহকৰ পৰিয়ালে। উল্লেখ্য, দেউৰী সমাজৰ আদিম যুগৰে পৰা মুখে মুখে চলি অহা কৃষ্টিৰ গীত সেই…
চন্দ্ৰাম বৰুৱাৰ মৃত্যুত শোক
শতাব্দ ষ্টাফ ৰিপটাৰ লখিমপুৰ ৪ এপ্ৰিল: লখিমপুৰ জিলাৰ ২নং ৰঙাজানৰ শংকৰপুৰ নিবাসী, জলসম্পদ বিভাগৰ অবসৰ প্ৰাপ্ত মুখ্য সহায়ক চন্দ্ৰাম বৰুৱাৰ বাৰ্ধক্যজনিত কাৰণত যোৱা দেওবাৰে সন্ধিয়া পৰলোকপ্ৰাপ্তি ঘটে। বৰুৱা বৃহত্তৰ ৰঙাজান অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিস্থাপক তথা গুৰি ধৰোতা আছিল। তেখেতৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত বৰুৱাৰ বয়স হৈছিল ৮২ বছৰ । মৃত্যুৰ সময়ত তেও পত্নী সহ দুই পুত্ৰ বোৱাৰী সহ বহু আত্মীয়ক এৰি থৈ যায়
ছিণ্ডিকেট চক্ৰক ৫৫ হাজাৰ আদায় দি তিনিচুকীয়াৰ পৰা বাগৰিলৈকে চোৰাং কাঠ নিৰ্বিঘ্নে সৰবৰাহ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ এপ্ৰিল : উজনি অসমত বৃদ্ধি পাইছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ এই গুৰুতৰ অভিযোগ সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ ৷ আজি এক বিবৃতিত তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক সঞ্জয় গগৈয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে তিনিচুকীয়া জিলাৰ বনাঞ্চলসমূহ ইতিমধ্যে বনদস্যুৱে ধ্বংস কৰাৰ পাছত এতিয়া সীমান্তৱৰ্তী ৰাজ্য অৰুণাচলৰ পৰা গোপনে একাংশ বিশেষ লোকৰ ছত্ৰছায়াত জনৈক সৰকাৰ উপাধিৰ ব্যক্তিৰ নেতৃত্বত চলি থকা এই অবৈধ ব্যৱসায়ৰ বিষয়ে বন বিভাগে চকু মুদা কুলিৰ ভাও ধৰি অহা বুলি সন্মিলনে…
মইনাক সুন্দৰৰ পূজাৰী হিচাপে গঢ়ি তুলিবলৈ তেজপুৰৰ বাৰহলীয়া মইনা পাৰিজাতৰ তৎপৰতা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ এপ্ৰিল : "আমি পোহৰ বিচাৰি যাওঁ" শীৰ্ষক মন্ত্ৰেৰে শিশু সকলক নিজৰ নিজৰ সুকুমাৰ কলা বিকাশেৰে সমাজৰ একোগৰাকী সুন্দৰৰ পূজাৰী হিচাপে গঢ়ি তুলিবলৈ গঠন হোৱা সদৌ অসম মইনা পাৰিজাতৰ তেজপুৰৰ বাৰহলীয়া শাখাইও চহৰখনৰ শিশুসলৰ প্ৰতিভা বিকাশৰ বাবে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। এনে পদক্ষেপৰ অংশ হিচাপেই বাৰহলীয়া মইনা পাৰিজাতে এইবাৰ আয়োজন কৰে শিশু সকলৰ সুকুমাৰ কলা বিকাশৰ বাবে এক বিশেষ কৰ্মশালাৰ। তেজপুৰৰ ৰংমহল বিবাহ ভৱনত কালি আয়োজন কৰা এই কৰ্মশালাত এইবাৰ বক্তৃতা, কবিতা আবৃত্তি, যোগাসন আৰু জ্যোতি সংগীত আৰু…
