Browsing Category
অসম
তেজপুৰৰ ওজা তৰুণ চন্দ্ৰ বৰাৰ সোঁৱৰণত প্ৰতিবছৰেই অসমৰ নিৰ্বাচিত লোকশিল্পীলৈ বঁটা ঘোষণা “সংকল্প অসম” ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৬ এপ্ৰিল : তেজপুৰৰ প্ৰখ্যাত লোকশিল্পী, ঢোলৰ ওজা তৰুণ চন্দ্ৰ বৰা অৰ্থাৎ তৰুণ ওজাৰ সোঁৱৰণত প্ৰতি বছৰেই সাত ব'হাগৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তত থকা নিষ্ঠাবান লোকশিল্পী সকলক নিৰ্বাচন কৰি "তৰুণ ওজা স্মাৰক বঁটা" প্ৰদানৰ দৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা আজি তেজপুৰত এক সংবাদমেলৰ জড়িয়তে ঘোষণা কৰে ৰাজ্যখনৰ অন্যতম স্বেচ্ছাসেৱী সামাজিক - সংস্কৃতিক - শৈক্ষিক অনুষ্ঠান "সংকল্প অসম" এ ।তেজপুৰ সাহিত্য সভা ভৱনত আজি পুৱাৰ ভাগত অনুষ্ঠিত এক সংবাদমেলত সংকল্প অসমৰ সভাপতি হিমাংশু ডেকাই অলপতে অনুষ্ঠিত হোৱা…
কেৰাটে চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানেৰে তেজপুৰলৈ সুনাম
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ এপ্ৰিল : গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত যোৱা ১ এপ্রিল পৰা ৩ এপ্ৰিললৈকে অনুষ্ঠিত হোৱা "DEO HAH OPEN KARATE CHAMPIONSHIP 2023" ত তেজপুৰৰ বাম পৰ্বতীয়া কাৰাটে-ডু একাডেমীৰ আলোক ভৰদ্বাজে ছাব জুনিয়ৰ শাখাত সোণৰ পদক আৰু চফিকুল ৰহমানে চিনিয়ৰ পুৰুষৰ -৫৫ কি. গ্ৰা. শাখাত সোণৰ পদক অৰ্জন কৰি অঞ্চলটিৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উক্ত প্ৰতিযোগিতা খনিত "BEST OF THE BEST" ইভেন্টত চফিকুল ৰহমানে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় । বাম পৰ্বতীয়া কাৰাটে-ডু একাডেমীৰ তৰফৰ পৰা দুয়োগৰাকী খেলুৱৈলৈ…
তেজপুৰ আদালতৰ উদ্যোগত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উদযাপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ এপ্ৰিলঃ আজি তেজপুৰ মহাবিদ্যালয়ৰ সন্মিলন কক্ষত তেজপুৰ আদালতৰ উদ্যোগত ১৯৪৮ চনত স্থাপিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উদযাপন কৰা হয়। তেজপুৰ আদালতৰ জিলা আৰু সত্ৰ ন্যায়াধীশ চত্ৰ ভূষন গগৈয়ে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা এই বিশেষ অনুষ্ঠানত সৰস্বতী বন্দনা পৰিবেশন কৰাৰ পাছতে তেজপুৰ আদালতৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ পম্পী চক্ৰৱৰ্তীয়ে আদৰণি ভাষনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্ণিল যাত্ৰাৰ বিষয়ে আলোকপাত কৰে৷ সভাখনত বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহন কৰি প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড° ডি…
ড° হেমন্ত কুমাৰ বৰুৱা প্ৰদত্ত বক্তৃতা অনুষ্ঠিত
উত্তৰ লখিমপুৰঃ ৫ এপ্ৰিলঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত প্ৰথম বাৰ্ষিক ড° হেমন্ত কুমাৰ বৰুৱা প্ৰদত্ত বক্তৃতা অনুষ্ঠান আয়োজিত হয়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ হেমন্ত কুমাৰ বৰুৱাৰ নামত প্ৰতিষ্ঠা কৰা এই প্ৰদত্ত বক্তৃতানুষ্ঠানত সাহিত্য অকাডেমীৰ বঁটা বিজয়ী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ সঞ্জীব পল ডেকাই “প্ৰব্ৰজন, ভূমি-প্ৰশ্ন আৰু নিম্নবৰ্গঃ পৰিৱৰ্তিত বৃত্তান্তৰ ৰূপৰেখা" বিষয়ক বক্তৃতা প্ৰদান কৰে। বক্তৃতাত ড০ ডেকাই অসমীয়াৰ মূলসুঁতিৰ সাহিত্যত অসমলৈ হোৱা প্ৰব্ৰজন আৰু ভূমি…
শক্তি বিভাগত বহুবছৰ ধৰি নিযুক্ত হৈ থকা ১২০০ অস্হায়ী কৰ্মচাৰীৰ পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৫ এপ্ৰিল : অসম চৰকাৰৰ শক্তি বিভাগ তথা শক্তি খণ্ডৰ উত্তৰ সুৰী কোম্পানী ক্ৰমে APDCL ,AEGCL আৰু APGCL ত বহু বছৰ ধৰি স্থায়ী ভাৱে কৰ্মৰত হৈ অস্থায়ী পদত বিল ক্লাৰ্ক, মিটাৰ ৰিডাৰ, কম্পিউটাৰ অপাৰেটৰ, পিয়ন , চকীদাৰ, সহায়ক আৰু চুইপাৰ হিচাপে বিভিন্ন পদত সেৱা আগবঢ়াই ৰাজ্যখনৰ প্ৰায় ১২০০ অস্হায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ দূৰৰে কথা এই কৰ্মচাৰী সকলে দীৰ্ঘদিন ধৰি উত্থাপন কৰি ন্যাৰ্য দাবীৰ ক্ষেত্ৰত চৰকাৰ আৰু বিভাগে কোনো গুৰুত্বই নিদিয়াত এই হাজাৰ হাজাৰ অস্হায়ী কৰ্মচাৰীৰ পৰিয়াললৈ অশনি সংকেত নামি আহিছে। বিগত সময়ত…
বজাৰত মূল্য বৃদ্ধিৰ জুইঃ চাউল দাইলৰ ব্যাপক মূল্যবৃদ্ধি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫এপ্ৰিলঃ সকলোৰে বাবে অতি প্ৰয়োজনীয় ঔষধৰ মূল্য ১২শতাংশতকৈ অধিক বৃদ্ধি পোৱাৰ লগতে ৰাজ্যত ৰন্ধন গেছ ,বিদ্যুত মাছুল তথা পেট্ৰল আৰু ডিজেলৰ মূল্যই সৰ্বসাধাৰণক বিপদত পেলোৱাৰ সময়তে সম্প্ৰতি ৰাজ্যখনত চাউলৰ মূল্য অতিমাত্ৰাত বৃদ্ধি পাইছে৷একেদৰে চেনি আৰু চাহপাতৰ মূল্যও বৃদ্ধি পাইছে৷ ইপিনে ৰাজ্যত টোলকৰ বৃদ্ধিৰ বিপৰীতে পেট্ৰল আৰু ডিজিলৰ মূল্য বিভিন্ন কোম্পানীৰ ডিপ’ত পৃথক পৰিমানে বৃদ্ধি পাইছে৷শেহতীয়াকৈ ৰাজ্যত স্হাপন হোৱা একাধিক নতুন কোম্পানীৰ ডিপ’ত পেট্ৰল আৰু ডিজেলৰ মূল্যই শতকৰ সীমা অতিক্ৰম কৰিছে৷আনহাতে সুলভ…
তেজপুৰ পৌৰ অঞ্চলত জৰাজীৰ্ণ পদপথঃ নলা নৰ্দমাৰ অৱস্থাই বিপৰ্যস্ত কৰিছে জনজীৱন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ এপ্ৰিলঃ প্ৰাকৃতিক হোলা আৰু জান সমূহ নিঃশেষ প্ৰায় হোৱা তেজপুৰৰ জৰাজীৰ্ণ নলানৰ্দমা আৰু ফুটপাথৰ দুৰৱস্থাৰ আজিলৈকে সমাধান নহ’ল৷ আজিকোপতি সমাধান নহল। তেজপুৰ পৌৰসভা অন্তৰ্গত অঞ্চলত ব্যস্ত পথৰ কাষৰ পকী নলা নৰ্দমা সমুহো বৰ্তমান এফালৰ পৰা জৰাজীৰ্ণ হৈ পৰিছে য’দিও লোকনিৰ্মাণ বিভাগ নতুবা পৌৰসভাই এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তেজপুৰ পৌৰসভাৰ বিভিন্ন ৱাৰ্ডৰ অৰ্দ্ধশতাধিক স্থানত জৰাজীৰ্ণ হৈ থকা পকী নলা নৰ্দমা সমুহে পৌৰ সভাখনৰ উন্নয়নৰ স্বৰূপটোকে সম্পুৰ্নৰূপে উদঙাই দিছে।উল্লেখ্য যে তেজপুৰ চহৰ অঞ্চলত…
তিনিচুকীয়ালৈ আহি ১৭ দিনে সন্ধানহীন ডিব্ৰুগড়ৰ ব্যক্তি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ এপ্ৰিল : তিনিচুকীয়ালৈ আহি সন্ধানহীন হৈ আছে ডিব্ৰুগড়ৰ সেউজপুৰ নিৰ্বাসী পুষ্পধৰ গগৈ নামৰ এজন মুকবধিৰ লোক ৷ প্ৰায় ৭৫ বছৰীয়া বিবাহিত মুকবধিৰ লোকজন যোৱা ২০ মাৰ্চৰ পৰা সন্ধানহীন হৈ থকা বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ। এই সন্দৰ্ভত পৰিয়ালৰ তৰফৰ পৰা ডিব্ৰুগড় আৰক্ষীক অৱগত কৰা হৈছে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালবৰ্গ ৷ পুষ্পধৰ গগৈৰ ভাতৃয়ে জানিবলৈ দিয়া মতে ২০ মাৰ্চৰ পুৱাৰ ভাগৰ পৰা ব্যক্তিজন নিখোজ হৈ আছে ৷ বহু খবৰ কৰি পৰিয়ালে তেওঁ এখন বাছত তিনিচুকীয়ালৈ আহি তিনিচুকীয়াৰ…
তেজপুৰৰ অসম আন্দোলনৰ নিষ্ঠাবান কৰ্মী উমেশ চন্দ্র চৌধুৰীৰ আকস্মিক দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ এপ্ৰিল : তেজপুৰ চহৰৰ ১৬ নং ৱাৰ্ডৰ ঘৰপৰা চুবুৰী নিবাসী, ঐতিহাসিক অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ এগৰাকী অতি নিষ্ঠাবান যোদ্ধা, প্ৰবল জাতীয়তাবাদী সত্বাৰ অধিকাৰী উমেশ চন্দ্র চৌধুৰীৰ যোৱা ১ এপ্ৰিল তাৰিখে নিশা আকস্মিক ভাৱে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু মুখত পৰাত তেজপুৰত শোকৰ ছাঁ পৰে। উল্লেখ্য যে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ অসম আন্দোলনৰ সময়ছোৱাত তেজপুৰৰ পৰা আন্দোলনৰ গতিশীলতা প্ৰদান কৰাৰ ক্ষেত্ৰত চৌধুৰীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰাই নহয় আৰক্ষী আৰু চি আৰ পি এফ বা আন…
