Browsing Category
অসম
অসমীয়াৰ স্বাভিমানত আঘাত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৭ এপ্ৰিলঃ অসমীয়াৰ বাপুতি সাহোন তথা অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা জ্বলাই আজি জাতীয় সংগঠনৰ ৰোষত পৰে এজন পঞ্চায়ত সচিব৷ এই ঘটনা সংঘটিত হয় লখিমপুৰ জিলাৰ দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তত৷ এই ঘটনাৰ পিছতে পঞ্চায়ত সচিবজনৰ বিৰুদ্ধে স্থানীয় দুই জাতীয় সংগঠন আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নাৰায়ণপুৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে পঞ্চায়ত সচিবজনক আটক কৰি থানালৈ লৈ যায়৷ প্ৰাপ্ত তথ্য অনুসৰি আজি দুপৰীয়া লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৱৰ্তী দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত পঞ্চায়তখনৰ সচিব…
তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ অধিৱেশন আৰম্ভ
উত্তৰ লক্ষীমপুৰ, ৭ এপ্ৰিল: লক্ষীমপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত অসম সাহিত্য সভাৰ অন্যতম শক্তিশালী শাখা তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ সপ্তদশ পূৰ্ণাঙ্গ অধিৱেশন আজিৰে পৰা সমন্বয় ক্ষেত্ৰ ন-আলিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আজি পুৱা ৮ বজাত গছপুলি ৰোপনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গাঁও প্ৰধান বিনোদ দাসে। পুৱা ৯.১৫ বজাত অনুষ্ঠিত সাহিত্য প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকণ, ৰচনা আৰু স্বৰচিত কবিতা লিখা প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত কুঁহি, ৰামধেনু আৰু আকাশ অনুষ্ঠান উদ্বোধন কৰে লক্ষীমপুৰ…
তিনি মাহৰ পাছত উদ্ধাৰ লিডুৰ অবৈধ কয়লা খনিত নিৰুদিষ্ট প্ৰাঞ্জল মৰাণৰ মৃতদেহ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ এপ্ৰিল : পুৱাই অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙৰ এটা ফেচবুক পষ্ট - ’অসম আৰক্ষীয়ে উৰ্ব্বশী মৰাণক দিয়া প্ৰতিশ্ৰুতি ৰাখিলে ৷ মৃত প্ৰাঞ্জল মৰাণৰ অৱশিষ্ট উদ্ধাৰ কৰিলে আইজিপি জিৎমল দলেৰ নেতৃত্বত এটা দলে ৷ আমি পৰৱৰ্তী আইনী পদক্ষেপৰ বাবে সংকল্পৱদ্ধ ৷’ আৰক্ষী সঞ্চালকপ্ৰধানৰ এই বিশেষ ফেচবুক পষ্টে কঢ়িয়াই আনিল তিনিচুকীয়া জিলাৰ লিডুৰ অবৈধ কয়লা খনিত অকালতে হেৰাই যোৱা স্বামী প্ৰাঞ্জল মৰাণৰ সন্ধান বিচাৰি উৰ্ব্বশী মৰাণে প্ৰায় তিনিমাহ ধৰি অব্যাহত ৰখা আপোচবিহীন সংগ্ৰামৰ সফলতাৰ বাৰ্তা ৷ অৱশ্যে উৰ্ব্বশীৰ…
শোণিতপুৰত পোহৰলৈ আহিছে মানৱ সৰবৰাহৰ ঘটনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৬ এপ্ৰিল : শোণিতপুৰত এইবাৰ মানৱ সৰবৰাহৰ দৰে ভয়ানক ঘটনা সংঘটিত হোৱাৰ এক তথ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কৰ্ম সংস্থান দিয়াৰ প্ৰলোভনেৰে একাংশ ঠিকাদাৰে এই মানৱ সৰবৰাহ ঘটনা সংঘটিত কৰা তথ্য পোহৰলৈ আহিছে ৷ এই সন্দৰ্ভত লাভ কৰা এক তথ্য অনুসৰি লক্ষীমপুৰৰ হাছিনুৰ ৰহমান নামৰ এজন ঠিকাদাৰে ইটানগৰত কাম দিয়া প্ৰলোভনেৰে শোনিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ গটাইমাৰী চাপৰিৰ পৰা লৈ যোৱা ছয় গৰাকী শ্ৰমিকৰ সন্ধান নাই যোৱা এমাহ ধৰি ৷ এই শ্ৰমিকসকলৰ মুক্তিৰ দাবীত ঠিকাদাৰে ফোন যোগে মুক্তিপন হিচাপে দুইলাখ টকাকৈ বিচৰাৰ…
মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্তৰ দাবীত প্ৰতিবাদঃ উত্তাল তিনিচুকীয়া
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ এপ্ৰিল : অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান আৰু ষষ্ঠ অনুসূচীভুক্ত কৰি স্বায়ত্তশাসন প্ৰদান কৰাৰ দাবীত সুদীৰ্ঘকাল সংগ্ৰাম অব্যাহত ৰাখিছে মৰাণ জনগোষ্ঠীৰ পিতৃ সংগঠন অসম মৰাণ সভা, ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মহিলা সংগঠন মৰাণ জাতীয় মহিলা পৰিষদে ৷ আজি পুনৰ অসম মৰাণ সভাৰ উদ্যোগত তথা মৰাণ জনগোষ্ঠীয় কেউটা সংগঠনৰ সহযোগত তিনিচুকীয়াৰ উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিবাদকাৰীসকলে তিনিচুকীয়া মহাবিদ্যালয়ৰ সমীপৰ পৰা সমদল…
লখিমপুৰত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত ৪৩ কোটি টকাৰ ৰাজহ সংগ্ৰহ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৬ এপ্ৰিলঃ লখিমপুৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে ২০২২-২৩ বিত্তীয় বৰ্ষত কাৰ্যালয়টোৰ ইতিহাসত অভিলেখ ৰচনা কৰি ৪৩ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূৰ্বে বিভাগটোৱে ২০২১-২২ বিত্তীয় বৰ্ষত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ আছিল ৩০ কোটি টকা৷ অৰ্থাৎ বিগত বৰ্ষতকৈ এইবাৰ ১৩ কোটি টকাতকৈয়ো অধিক টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ লখিমপুৰ জিলা পৰিবহন বিষয়া সত্যকাম গগৈয়ে আজি জানিবলৈ দিয়া অনুসৰি বিভাগৰ উদ্ধৰ্তম কতৃৰ্পক্ষই ৰাজহ সংগ্ৰহৰ যি লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল তাৰ প্ৰায় ৯৮ শতাংশ পূৰণ কৰিবলৈ সক্ষম হয়৷…
তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, বাণ থিয়েটাৰৰ প্ৰাক্তন মঞ্চাধ্যক্ষ নৰেণ কোঁচৰ পৰলোকপ্ৰাপ্তি
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৬ এপ্ৰিল : তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰাক্তন মঞ্চাধ্যক্ষ, বহুকেইটা কাৰ্যকালৰ কাৰ্যনিৰ্বাহক সদস্য, তেজপুৰৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা কালৰ সদস্য, বিশিষ্ট সমাজকৰ্মী নৰেণ কোঁচৰ আজি পুৱা ১১ বজাত তেজপুৰ পল'ফিল্ড বামুণ গাঁৱৰ নিজ বাসগৃহত ৯৩ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে ।শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা নাজিৰ হিচাপে অৱসৰ গ্ৰহণ কৰা নৰেণ কোঁচ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ এগৰাকী আগৰণুৱা সমাজ কৰ্মী আছিল। তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ বহুকেইটা কাৰ্যকালৰ…
পাৱাৰলুমত তৈয়াৰী গামোচা, মেখেলা- চাদৰ আদিৰ বিৰুদ্ধে তিনিচুকীয়াত প্ৰশাসনৰ তীব্ৰ অভিযান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ এপ্ৰিল : তিনিচুকীয়া জিলা প্ৰশাসন আৰু তিনিচুকীয়া জিলা হস্ততাঁত ও বস্ত্ৰশিল্প বিভাগৰ যৌথ উদ্যোগত আজি তিনিচুকীয়া ৰাজহ চক্রৰ অন্তৰ্গত বজাৰ এলেকাৰ একাধিক সাজপাৰৰ দোকানত বহি:ৰাজ্যৰ পৰা আমদানিকৃত পাৱাৰলুমত তৈয়াৰী কপাহী, পাত আৰু মিশ্রণ পাত সূতাৰ গামোছা, মেখেলা-চাদৰ বিক্রীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱা হয়৷ তিনিচুকীয়া জিলাৰ নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়াৰ নেতৃত্বত হস্ততাঁত ও বস্ত্রশিল্প বিভাগৰ অধীক্ষক চম্পক শইকীয়াৰ সহযোগত এই অভিযান চলোৱা হয় ৷ অভিযানকালত ৰামধেনু ষ্ট’ৰৰ পৰা ১৬০ যোৰা…
লখিমপুৰত পাৱাৰলুমৰ বস্ত্ৰৰ বিৰুদ্ধে অভিযান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৬ এপ্ৰিলঃ যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰে থলুৱা বস্ত্ৰ উদ্যোগী অথবা শিপিনীৰ মান উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যত পাৱাৰলুমৰ বস্ত্ৰ বিক্ৰী কাৰ্যত নিষিদ্ধ ঘোষণা কৰিছে তেনে সময়তে লখিমপুৰত একাংশ ব্যৱসায়ীয়ে চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰি এনে বস্ত্ৰ বিক্ৰী কৰি আহিছে৷ ইয়াৰ পৰিণতিত আজি লখিমপুৰত হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগেটোৱে বস্ত্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত গৈ অভিযান চলায়৷ লখিমপুৰৰ দণ্ডাধীশ নাটালিয়া নাটাশা সন্দিকৈ তথা লখিমপুৰ হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ উপ-সঞ্চালক জিতামণি কুম্বাঙৰ লগতে…
কৰ ফাঁকিঃ লখিমপুৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিক্ৰী কৰ বিভাগৰ অভিযানঃ নথি-পত্ৰ জব্দ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৬ এপ্ৰিলঃ লখিমপুৰৰ একাংশ ব্যৱসায়ীয়ে বিভিন্ন সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত জি এছ টিকে ধৰি বিভিন্ন কৰ ফাঁকি দি অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে কালি সন্ধিয়া উত্তৰ লখিমপুৰ নগৰৰ এখন প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানত লখিমপুৰৰ বিক্ৰী কৰ বিভাগে অভিযান চলায়৷ নগৰখনৰ জে জে ষ্ট’ৰ নামৰ হাৰ্ডৱেৰ সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানখনত বিক্ৰী কৰ বিভাগৰ দলটোৱে অভিযান চলোৱাত ব্যৱসায়িক প্ৰতিষ্ঠানখনে কৰ ফাঁকি দিয়া তথ্য লাভ কৰে বিক্ৰী কৰ বিষয়াই৷ দলটোৱে প্ৰতিষ্ঠানখনৰ কিছু আপত্তিজনক নথি-পত্ৰ জব্দ কৰি জি এছ টি…
