Browsing Category

অসম

“আয়ুষ্মান ভাৰত” আঁচনিয়ে কৰ্পৰেট খণ্ডৰ বীমা কোম্পানীক ধন ঘটাৰ সুবিধা প্ৰদান কৰাৰ অভিযোগ ইলোৰা বিজ্ঞান মঞ্চৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৯ এপ্ৰিল : ইলোৰা ৰায়চৌধুৰী নামৰ এগৰাকী মাত্ৰ ৩৪ বছৰীয়া মহিলাৰ চৰম ত্যাগক যাউতিযুগীয়া কৰাৰ মানসেৰে ২০০৪ চনত এখন বৈজ্ঞানিক দৃষ্টিভঙ্গী সম্পন্ন সমাজ গঢ়ি তোলাৰ সংকল্পেৰে জন্ম লাভ কৰা ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ দ্বি বাৰ্ষিক তেজপুৰৰ ৰাজ্যিক অধিৱেশনৰ আজি সামৰণি পৰে প্ৰতিনিধি সভাৰ জৰিয়তে। যোৱা ৭ এপ্ৰিলৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা মঞ্চৰ আজি অন্তিম দিনটোত সভাপতি ড০ চন্দ্র মোহন শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত প্ৰতিনিধি সভাই বহুকেইটা…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত এম্বুলেন্সত উদ্ধাৰ চোকা অস্ত্ৰ, গাঞ্জা, সুৰাৰ বটল সহ বহু আপত্তিজনক সামগ্ৰী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ এপ্ৰিলঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নৱ নিৰ্মিত মুখ্য প্ৰৱেশদ্বাৰত ৰৈ থকা এখন এম্বুলেন্সৰ ভিতৰত আজি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ হোৱা কাৰ্যই লখিমপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ ইতিমধ্যে লীলাবাৰী আৰক্ষীয়ে এই আপত্তিজনক সামগ্ৰীসমূহ জব্দ কৰি অনুসন্ধান আৰম্ভ কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি আজি স্থানীয় একাংশ লোকৰ লগতে চিকিৎসালয় চৌহদৰ একাংশ এম্বুলেন্স চালকে এ এচ০৭ চি ৬৫০১ নম্বৰৰ এম্বুলেন্সখনৰ পিছফালৰ ভৰি দি উঠা অংশত এটা কনডম পৰি থকা দেখা পাই ভিতৰতো তেনে সামগ্ৰী থকা বুলি সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে৷…

ৰাজস্থানত পথ দুৰ্ঘটনাত নিহত লখিমপুৰৰ একে পৰিয়ালৰ ৩ জন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ এপ্ৰিলঃ ৰাজস্থানৰ জয়পুৰৰ আলোৱাৰাত এক্সপ্ৰেছ হাইৱেত সংঘটিত পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবতি লোৱা লখিমপুৰ চৌখামৰ যোগেন্দ্ৰ নাথ বৰাৰ পৰিয়ালত এতিয়া এক শোকাকূল পৰিবেশৰ সৃষ্টি হৈছে৷ একেটা পৰিয়ালৰ তিনিজনকৈ লোকে অকাল মৃত্যুক সাৱতি লোৱা ঘটনাই লখিমপুৰত গভীৰ শোকৰ ছা পেলাইছে৷ ইতিমধ্যে নিহত আটাইকেইজনৰ শেষকৃত্য দিল্লীতে সম্পন্ন কৰা হৈছে৷ উল্লেখ্য যে শনিবাৰে বিয়লি ৩ মান বজাত ৰাজস্থানৰ আলোৱাৰাত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় লখিমপুৰ চৌখামৰ যোগেন্দ্ৰ নাথ বৰাৰ পুত্ৰ অৰ্ণব বৰা, অৰ্ণব বৰাৰ পত্নী মনামী চৌধুৰী বৰা…

নৰ্থ লখিমপুৰ কলেজত গণ সংযোগ বিভাগৰ সতীৰ্থ সমাৰোহত সাংবাদিকৰে মত বিনিময়

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ এপ্ৰিলঃ নৰ্থ লখিমপুৰ কলেজ প্ৰাংগনত গণ সংযোগ বিভাগে প্ৰথম প্ৰাক্তন সতীৰ্থ সমাৰোহখনি আজি উদযাপন কৰে। মহাবিদ্যালয়ৰ ডিজিটেল ক্লাছৰূমত অনুষ্ঠিত অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰে শুভ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিমান চেতিয়াই। তেওঁক সহযোগ কৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি আৰু সম্পাদক ক্ৰমে কুমুদ বৰুৱা আৰু কৰুণা কৃষ্ণ নাথে। উদ্বোধনী ভাষণত অধ্যক্ষ চেতিয়াই বিভাগটোৰ ছাত্ৰ সকলক কেৱল পুথিগত শিক্ষাৰেই নহয়, কামত কৌশলী পদক্ষেপেৰে পাৰ্গত হবলৈ আহ্বান জনায়। বন্তি প্ৰজ্বলনৰ পাছতে বৃক্ষ ৰোপন আৰু সাংবাদিকসকলৰ সৈতে…

তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ অধিৱেশনৰ সামৰণি

উত্তৰ লক্ষীমপুৰ, ৭ এপ্ৰিল: লক্ষীমপুৰ জিলাৰ তেলাহী মৌজাৰ অন্তৰ্গত ন-আলিত সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত তেলাহী কমলাবৰীয়া আঞ্চলিক শাখা সাহিত্য সভাৰ সপ্তদশ পূৰ্ণাঙ্গ অধিৱেশনৰ আজি সামৰণি পৰে। আজি পুৱা ৮ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্ৰ খাউণ্ডে। স্মৃতি তৰ্পণ কৰে আদৰণি সমিতিৰ সম্পাদক সিদ্ধাৰ্থ পাঠকে। পুৱা ৯ বজাত ভেশচন প্ৰতিযোগিতা উদ্বোধন কৰে শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অহিদুৰ ৰহমান আৰু অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক অতুল বৰাই। ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে আজীৱন সভ্য ডিম্বেশ্বৰ…

 লখিমপুৰ জিলাত সাজু  ৭০০ বিহুৱা-নাচনী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ৮ এপ্ৰিলঃ বিশ্ব দৰবাৰত বিহুক জিলিকাবলৈ অসম চৰকাৰে লোৱা পদক্ষেপক ভিত্তি কৰি লখিমপুৰ জিলা প্ৰশাসনে যোৱা এমাহে ৭০০ বিহুৱা তথা নাচনীক জিলাখনৰ পৰা বাচনি কৰি তেওঁলোকক বিহুৰ আখৰা কৰাই অহা ১০ এপ্ৰিলত গুৱাহাটী অভিমুখে যাত্ৰা কৰোৱাৰ পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। তথ্যমতে, এই বৃহৎ দলটিত ১৫ বছৰৰ পৰা ৩৫ বছৰ বয়সৰ ভিতৰৰ ৪৯০ গৰাকী নাচনী আৰু ১৫ বছৰৰ পৰা ৫৫ বছৰ বয়সৰ ভিতৰৰ ২১০ গৰাকী বিহুৱাক জিলা প্ৰশাসনে নিৰ্বাচন কৰিছে। নিৰ্বাচিত এইসকল বিহুৱা তথা নাচনীক লৈ জিলা প্ৰশাসনে লখিমপুৰ নগৰস্থিত উত্তৰ লখিমপুৰ চৰকাৰী…

কৃষি বিপ্লৱেৰে কৰ্মমুখী হোৱাৰ সংকল্প গ্ৰহণ নিবনুৱা সন্থাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৮ এপ্ৰিলঃ ৰাজ্যত ভয়াৱহ ভাৱে নিবনুৱাৰ সংখ্যা বাঢ়ি অহাৰ সময়তে আজি লখিমপুৰত সদৌ অসম নিবনুৱা সন্থাই সেউজ বিপ্লৱেৰে কৰ্মমুখী হোৱাৰ সংকল্প গ্ৰহণ কৰা বাৰ্তাই সকলোলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে৷ উল্লেখ্য যে আজি লখিমপুৰ নগৰৰ সদৌ অসম পশু চিকিৎসা ক্ষেত্ৰ সহায়ক সন্থাৰ প্ৰেক্ষাগৃহত সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সভাপতি ধৰ্মেন্দ্ৰ দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত আৰু সন্থাৰ লখিমপুৰৰ সভাপতি বিনোদ দাসে আঁত ধৰা সভাখনত এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু…

তেজপুৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ দ্বি বাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ শুভাৰম্ভ

 শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৭ এপ্ৰিলঃ উঠি অহা প্ৰজন্মক বিজ্ঞান মনস্ক তথা বৈজ্ঞানিক দৃষ্টিভঙ্গী সম্পন্ন কৰি গঢ়ি তোলাৰ লগতে সমাজৰ পৰা অন্ধবিশ্বাস - কুসংস্কাৰ দূৰীকৰণ আৰু তাৰ পৰিৱৰ্তে বৈজ্ঞানিক মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰাৰ লক্ষ্যৰে ২০০৪ চনতে গঢ়ি উঠা ইলোৰা বিজ্ঞান মঞ্চৰ চতুৰ্থ দ্বি বাৰ্ষিক ৰাজ্যিক অধিৱেশন আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হৈছে। এই তিনিদিনীয়া কাৰ্যসূচীৰ আজিৰ প্ৰথম কাৰ্যসূচী গ্ৰন্থ মেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ আনুষ্ঠানিক ভাৱে  ফিটা…

শনিবাৰে তেজপুৰ বায়ুসেনা ঘাটিত উপস্থিত হব দেশৰ ৰাষ্ট্ৰপতি

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭ এপ্ৰিলঃ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে তিনিদিনীয়া ভ্ৰমনৰে অসমত কেবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰি শনিবাৰে তেজপুৰ বায়ুসেনা ঘাটিত উপস্থিত হব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত জীপ চাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে  শুক্ৰবাৰে কহৰাত হাতী চাফাৰী কৰি গজ উৎসৱত থাকে । ৰাষ্ট্ৰপতি গৰাকীয়ে পুৱা ১০ বজাত তেজপুৰ বিমানবন্দৰত উপস্থিত হব আৰু ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী এছ পি ধাৰাকাই আদৰণি জনাব ইয়াৰ পিছতে ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাব।…

লখিমপুৰ সংগীত মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৭ এপ্ৰিলঃ লখিমপুৰৰ ঐতিহ্যমণ্ডিত সাংস্কৃতিক অনুষ্ঠান লখিমপুৰ সংগীত মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে৷ প্ৰথমদিনাৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ড॰ মুকুন্দ ৰাজবংশীয়ে৷ স্মৃতিতৰ্পণ কৰে লখিমপুৰ সংগীত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ বৰুৱাই৷ এই অনুষ্ঠানৰ পিছতে পুৱা ১০ বজাত মহাবিদ্যালয়খনৰ নৱ নিৰ্মিত ডাঃ বেণীমাধৱ দত্তৰ সোৱৰণীত মূল তোৰণ উন্মোচন কৰে প্ৰবীণ…