Browsing Category
অসম
তেজপুৰত নাও খেলঃ পুৰুষ – মহিলাৰ উভয় শাখাতে কামৰূপ মেট্ৰ চেম্পিয়ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ ১২ এপ্ৰিলঃ তেজপুৰৰ ঐতিহাসিক হজৰাপুখুৰীত আজি সদৌ অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ উদ্যোগত আজি তৃতীয় বাৰ্ষিক অসম আন্তঃজিলা ড্ৰেগন নাওখেল প্ৰতিযোগিতা আৰু সপ্তম আমাৰ খেল আমাৰ উৎসৱ অনুষ্ঠিত হয়। পুৱা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰি খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যৰ মুঠ পাঁচখন জিলাৰ পুৰুষৰ পাঁচটা আৰু মহিলাৰ চাৰিটা দলে যোগদান কৰা প্ৰতিযোগিতা খনত পুৰুষৰ শাখাত কামৰূপ মেট্ৰ শ্ৰেষ্ঠ দল আৰু শিৱসাগৰ দলে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে মহিলাৰ…
বোৱাকটা বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ আহ্বান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১২ এপ্ৰিল: অৰ্থনৈতিক সবলীকৰণ এগৰাকী মহিলা সামাজিক বা আন ক্ষেত্ৰতো সবল হোৱাত সহায়ক হয় ৷ কৃষি কাৰ্য , খাদ্যবস্তু প্ৰস্তুত কৰণ বা বোৱা কটা আদিৰ জৰিয়তে এগৰাকী মহিলা স্বাৱলম্বী হৈ নিজকে নিজে সৱলীকৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে৷ এই মন্তব্য উত্তৰ পূৱ ভাৰতৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা লেখক টেৰেছা ৰহমানৰ ৷ উল্লেখ্য যে, প্ৰতিবছৰৰ দৰে কালি দিনযোৰা কাৰ্যসূচীৰে তেজপুৰ জিলা মহিলা সমিতিয়ে আয়োজন কৰা বাৰ্ষিক বিহুমেলাৰ মূল সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি টেৰেছা ৰহমানে বোৱাকটা বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত…
উত্তৰ অসমৰ প্ৰথমটো লখিমপুৰস্থ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই]ৰ পৰা বক্সিং-ফুটবল খেল কৰ্তনৰ সিদ্ধান্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ এপ্ৰিলঃ লখিমপুৰ জিলাৰ শ’লাল তেলাহী কমলাবৰীয়াত ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহত আৰম্ভ কৰা হৈছিল উত্তৰ অসমৰ প্ৰথমটো ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ প্ৰকল্প৷ শেহতীয়াকৈ এই প্ৰকল্পত প্ৰদান কৰা বক্সিং আৰু ফুটবল খেল কৰ্তন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰ্যালয়ে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এনে সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ ইতিমধ্যে ৰাজ্যৰ মন্ত্ৰী বিধায়ককে ধৰি চৰকাৰক দাবী জনোৱা হৈছে৷ যিসময়ত এই প্ৰকল্পটোৱে আশাৰ বতৰা কঢ়িয়াই আনিছিল তেনে সময়তে দিল্লীয়ে অসম…
উত্তৰ লখিমপুৰ পৌৰসভাত হাহাকাৰঃ পুৱাই কাৰ্যবাহী বিষয়াক উপায়ুক্তৰ ধমক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ এপ্ৰিলঃ উত্তৰ লখিমপুৰ পৌৰসভাত বজাৰ-পাৰ্কিং আৱণ্টনৰ নামত সংঘটিত কৰা ব্যাপক অনিয়মৰ তথ্য আজি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে উত্তৰ লখিমপুৰ পৌৰসভাত একপ্ৰকাৰে হাহাকাৰ লাগে৷ মঙ্গলবাৰে পৌৰসভাখনত বজাৰ-পাৰ্কিং বন্দোবস্তি দিয়াৰ নামত কেনেদৰে চৰকাৰৰ বৃহৎ ৰাজহ লোকচান কৰি আৰু এজনীয়া নিবিদা দাখিল কৰাৰ পিছতো তেনে লোকক পাৰ্কিং বন্দোবস্তি দিয়া কাৰ্যৰ বিৰুদ্ধে বুধবাৰে সবিস্তাৰে বাতৰি প্ৰকাশ পায়৷ এই বাতৰি প্ৰকাশৰ পিছতে পুৱাই জিলা উপায়ুক্তই উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াক একপ্ৰকাৰে ধমক দি বিষয়টো…
দৰং, শোণিতপুৰৰ একাধিক সত্ৰ-দেৱালয় পৰিদৰ্শন অসম সত্ৰ আয়োগৰ, সত্ৰাধিকাৰ-সত্ৰ প্ৰতিনিধিৰে বৈঠক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ এপ্ৰিল : সত্ৰসমূহ অসমৰ প্ৰাণ । আমাৰ ভাষা-কৃষ্টি-সংস্কৃতি-পৰম্পৰা সত্ৰসমূহে জীয়াই ৰাখিছে । এখন সত্ৰ বৰ্তি থাকিবলৈ হ'লে বহু উপাদানৰ প্ৰয়োজন । সত্ৰৰ ভূমি পূৰ্বৰ দৰে হৈ থকা নাই। ৰাজ্যখনৰ একমাত্ৰ মাজুলীৰ আউনীআটি সত্ৰৰ বাহিৰে বাকী আটাইবোৰ সত্ৰ বহু সমস্যাৰে জৰ্জৰিত । এই অভিমত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকাৰ । আজি শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বিধায়ক গণেশ লিম্বু, জিলাখনৰ ৫৬ খন সত্ৰৰ সত্ৰাধিকাৰ,…
নিজে শিক্ষাগ্ৰহণ কৰা তিনিচুকীয়াৰ বিদ্যালয়ত দেশৰ মাষ্টাৰ চেফ নয়নজ্যোতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১০ এপ্ৰিল : ছনী টিভিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুকিং ৰিয়েলিটি শ্ব' 'মাষ্টাৰ চেফ ইণ্ডিয়া'ৰ ছিজন ৭ ৰ খিতাপ দখল কৰি অসম তথা তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই অনা নয়নজ্যোতি শইকীয়াক আজি নাৰ্চাৰীৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰা তিনিচুকীয়া চহৰৰ সৌমাৰজ্যোতি বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয় ৷ দেশৰ লগতে বিশ্বৰ আগশাৰীৰ মাষ্টাৰ চেফৰ অন্যতম এগৰাকী চেফ হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হোৱা তিনিচুকীয়াৰ গোবিন্দপুৰ গাঁৱৰ নয়নজ্যোতি শইকীয়াই নিজে শিক্ষা লাভ কৰা বিদ্যালয়ত আজি উপস্থিত হোৱাৰ খবৰ পাই…
তিনিচুকীয়াৰ বাসগৃহত উৱলি যোৱা অৱস্থাত উদ্ধাৰ কবি, নাট্যকাৰ, নিবন্ধকাৰ প্রীতম ফুকনৰ মৃতদেহ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১০ এপ্ৰিল : সামাজিক জীৱনৰ পৰা কিছু নিলগত থাকি একাকিত্বৰ মাজত সাহিত্য, সংস্কৃতিৰ চৰ্চা অব্যাহত ৰখা এগৰাকী প্ৰচাৰ বিমুখ কবি, নাট্যকাৰ, নিবন্ধকাৰ প্রীতম ফুকনৰ মৃতদেহ দেওবাৰে তিনিচুকীয়াৰ ৰংপুৰীয়াস্থিত নিজ বাসগৃহত প্রায় উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৫৮ বছৰ ৷ উল্লেখ্য যে ঘৰৰ একমাত্ৰ সন্তান চিৰকুমাৰ ফুকনে পিতৃমাতৃৰ বিয়োগৰ পাছত অকলশৰে জীৱন নিৰ্বাহ কৰিছিল । বিগত কেইবাদিনো ধৰি ফুকনৰ ঘৰ অন্ধকাৰচ্ছন্ন হৈ থকা দেখি ওচৰ চুবুৰীয়াই দেওবাৰে পুৱা সন্দেহৱশত চাবলৈ গৈ…
লখিমপুৰত কোটি টকীয়া জল জীৱন আঁচনিত নিম্নমানৰ কামেৰে কোটি টকাৰ সৰকোৱাৰ কৌশল ঠিকাদাৰৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ এপ্ৰিলঃ লখিমপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত এতিয়া ব্যাপক কেলেংকাৰি সংঘটিত হৈছে৷ জলজীৱন মিছন আঁচনিৰ কামত এনেদৰে ঠিকাদাৰৰ নিম্নমানৰ কামেৰে কোটি টকা সৰকাই নিয়াৰ কৌশল পোহৰলৈ আহিছে৷ বিভাগীয় কনিষ্ঠ অভিযন্তাৰ তদন্তত এনে ব্যাপক বিসংগতি তথা অনিয়ম উন্মোচিত হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা তিনিকুৰীয়া সোণাৰি পানী যোগান আঁচনি খনত এনে অনিয়ম সংঘটিত হৈছে৷ আজি জনস্বাস্থ্য কাৰীকৰি বিভাগৰ কনিষ্ঠ অভিযন্তা ৰিতুপৰ্ণা হাজৰিকাৰ পৰা এই সন্দৰ্ভত জানিব বিছৰাত তেওঁ কয় যে তিনিকুৰীয়া সোণাৰি…
বিশ্ব অভিলেখ বিহুৰ নামত শোণিতপুৰত ব্যাপক অনিয়মৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯এপ্ৰিলঃ অহা ১৪এপ্ৰিলত বিহু পৰিৱেশনৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে ৰাজ্য চৰকাৰে চলোৱা মহা আয়োজনৰ বিপৰীতে শোণিতপুৰত ইমানদিনে আখৰা কৰি অহা ভালেসংখ্যক বিহুৱা বিহুৱতী ইয়াত অংশ গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে আৰু ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷উল্লেখযোগ্য যে,কালি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সন্মুখত এই সকল বিহুৱা বিহুৱতীয়ে বিহু পৰিবেশন কৰে৷ইপিনে,চৰকাৰে এই অভিলেখ গঢ়াৰ বাবে অংশগ্ৰহণকাৰী বিহুৱা বিহুৱতী সকলক নিৰ্দ্ধাৰিত পৰিমানৰ ধন দিয়াৰ ব্যৱস্থা কৰিছে য’দিও এনে বহু বিহুৱা বিহুৱতীৰ একাউণ্টত সেই ধন সোমোৱা…
তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰাক-বিহু উদযাপন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ এপ্ৰিল : অসমৰ বাপতিসাহোন ৰঙালী বিহু প্ৰাকক্ষণত তেজপুৰ বিশ্ববিদ্যালয়ে কালি দিনজোৰা কাৰ্যসূচীৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰে ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিষদ আৰু শিক্ষাৰ্থীসকলৰ সহযোগত শিক্ষানুষ্ঠানখনৰ প্ৰাংগনত 'কাঞ্চনৰ ৰঙালী' শীৰ্ষক প্ৰাক- বিহু উদযাপন কৰে ৷ ৰঙালী বিহুৰ লগত সংগতি ৰাখি উদযাপিত এই কাৰ্যসূচী বিশ্ববিদ্যালয়ৰ সমূহীয়া ভৱনত কালি পুৱা ১০ বজাত কণী- যুঁজ প্ৰতিযোগিতাৰে শুভাৰম্ভ কৰা হয় । ইয়াৰ পিছত টেকেলি ভঙা খেল আৰু ৰছী টনা খেলৰ অন্তত বিয়লি ৩:০০ বজাত বিশ্ববিদ্যালয়ৰ খেলপথাৰত মুকলি…
