Browsing Category
অসম
অসম সাহিত্য সভাৰ “নিজৰ দিন” পালন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৬ এপ্ৰিল: কালি পহিলা ব'হাগ অৰ্থাৎ অসম সাহিত্য সভাৰ "নিজৰ দিন" উপলক্ষে তেজপুৰ সাহিত্য সভাই পুৱাৰ পৰা ঘৰে ঘৰে গৈ তেজপুৰৰ বিভিন্ন ক্ষেত্ৰৰ পাঁচগৰাকীকৈ সমাজলৈ বিশিষ্ট অৱদান আগবঢ়োৱা প্ৰবীণ ব্যক্তিক "নিজৰ দিন" ৰ ওলগ জ্ঞাপন কৰি সেৱা গ্ৰহণ কৰে। তেজপুৰ সাহিত্য সভাৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্ৰ কলিতা, উপসভাপতি নবীন চন্দ্ৰ লহকৰ, সম্পাদক দ্বীজেন নাথ, সহকাৰী সম্পাদক পল্লৱ ভট্টাচাৰ্য্য, প্ৰাক্তন সম্পাদক দেৱব্ৰত শৰ্মা, পংকজ বৰুৱা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ কুমাৰ নাথ,…
তেজপুৰৰ বান্দৰমাৰীত ৰংজালী বৈশাগু উদযাপন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ গৰু বিহুৰ দিনটোৰ পৰাই আৰম্ভ হৈছে বড়ো জনগোষ্ঠীৰ ৰংজালী বৈশাগু৷ তেজপুৰৰ বান্দৰমাৰী বৰঘোপ খেলপথাৰত ৰংজালী বৈশাগুৰ পতাকা উত্তোলনৰ পাছত বিভিন্ন খেলধেমালি পুৰুষ মহিলা সকলৰ মাজত অনুষ্ঠিত হোৱাৰ পাছত কালি প্ৰথম ব’হাগৰ দিনৰ পুৱা পশ্চিম তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বৈশাগনি সাতসৗ অৰ্থাৎ ব’হাগৰ এদিন শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত পশ্চিম তেজপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা অঞ্চলটোৰ বয়োজ্যেষ্ঠ তথা শাৰীৰিক অসুস্থতাৰ বাবে ঘৰৰ পৰা বাহিৰলৈ যোৱাত অপাৰগ লোকসকলৰ ঘৰে ঘৰে গৈ…
তেজপুৰত “অসমীয়া ক্লাব” ৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৬ এপ্ৰিল : সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি বিজড়িত ১৯১৫ চনতে গঢ় লৈ উঠা তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবৰ ১০৯ বছৰীয়া প্ৰতিষ্ঠা দিৱস কালি পহিলা ব'হাগৰ দিনটোত ক্লাব প্ৰাঙ্গনত পূৰ্বৰ দৰে যথেষ্ট উলহ মালহৰে উদযাপিত হয়।পুৱা প্ৰতীকি গীতৰ পিচতে অসমীয়া ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি অৰুণা দেৱীয়ে। ইয়াৰ পিছতে এই বছৰ আশীৰ উদ্ধৰ সদস্যলৈ "সদস্য মহীয়ান" সন্মান প্ৰদান কৰে অসমীয়া ক্লাবৰ জেষ্ঠ সদস্য তথা বাণ থিয়েটাৰৰ সভাপতি বিশিষ্ট গীতিকাৰ বংকিম শৰ্মাদেৱক। ইয়াৰ উপৰি বিভিন্ন ক্ষেত্ৰত অৱদান…
তেজপুৰত পঞ্জাৱ নেছনেল বেংকৰ যুৱতী কৰ্মচাৰীক হত্যা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ তেজপুৰৰ ঊষানগৰ অঞ্চলৰ এটা ঘৰত ভাড়াতীয়া হিচাপে থকা তথা পঞ্জাৱ নেছনেল বেংকৰ এগৰাকী যুৱতী কৰ্মচাৰী মনিষা বড়োৰ হত্যাকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷উল্লেখযোগ্য যে,১৪এপ্ৰিলৰ নিশা প্ৰায় ১২বজাত যুৱতী গৰাকীক প্ৰেমিক দেৱাশীষ কৰে হত্যা কৰা বুলি অভিযোগ উঠাৰ বিপৰীতে নিশা যুৱতীগৰাকীৰ ভাড়াঘৰৰ কোঠাত দেৱাশীষৰ আক্ৰমণৰ প্ৰথম লক্ষ্য হোৱা একেটা বেংকৰে কৰ্মচাৰী ৰিচাৰ্ড দলেক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷উল্লেখযোগ্য যে,জোনাইৰ প্ৰকৃত নিবাসী দলে তেজপুৰৰ ৰত্নপুৰৰ শহুৰেকৰ ঘৰতে…
প্ৰবীণ বিহুৱতী আভা চমুৱাৰ আকস্মিক বিয়োগত তেজপুৰত শোক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ ৰঙালীৰ উলাহৰ মাজতে তেজপুৰৰ এগৰাকী প্ৰবীন বিহুৱতী আভা চমুৱা(৫৬)ৰ বিয়োগে তেজপুৰত শোকৰ ছাঁ পেলাইছে৷উল্লেখযোগ্য যে,এসময়ত তেজপুৰ তথা শোণিতপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন স্হানত অনুষ্ঠিত মুকলি বিহু প্ৰতিযোগিতাত বিহুকুঁৱৰীৰ খিতাপ অৰ্জন কৰিছিল সৰবৰহী আভা চমুৱাই৷তেজপুৰৰ বাঁহবাৰী গণক চুবুৰীত প্ৰয়াত উপেন শইকীয়া আৰু প্ৰয়াত স্বৰ্ণপ্ৰভা শইকীয়াৰ কন্যা তথা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ শইকীয়াৰ জ্যেষ্ঠ ভগ্নী প্ৰয়াত চমুৱা বহুমুখী প্ৰতিভাৰ গৰাকী আছিল৷ অঞ্চলটোৰ এই সংস্কৃতিবান পৰিয়ালত ১৯৬৭ৰ পহিলা অক্টোবৰত জন্ম…
লোক বাদ্য সৃষ্টিৰ আন এক নাম নিমাইজানৰ দ্বিজেন গগৈ
নিমাইজানৰ পৰা খলিলুৰ ৰহমান হাজৰিকা, ১৩ এপ্ৰিলঃ ৰঙালী বিহু লৈ মাজত মাথো এটা দিন। প্ৰতিজন অসমীয়াৰেই গা সাতখন আঠখন ৷ ৰাজ্যৰ চুকে কোনে গাঁৱে ভূঞে হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি৷ চতৰ আৰম্ভনিতেই কুলিৰ মৌ মিঠা মাতষাৰৰ পৰাই চহৰ নগৰ আন্দোলিত হৈ উঠিছে ঢ়োল পেঁপা গগণাৰ মাতত৷ পিছ পৰি ৰোৱা নাই ঐতিহাসিক শিৱসাগৰ জিলাও৷ এফালে বিহুক বিশ্বৰ দৰবাৰত অভিলেখৰ মাজেৰে প্ৰতিস্থাৰ বাবে চৰকাৰী উদ্যোগত যুদ্ধকালীন তৎপৰতা চলি থকাৰ মাজতেই শিৱসাগৰৰ চুবুৰীয়ে চুবুৰীয়ে উঠিছে ঢ়োলৰ গুমগুমনি৷ সৰ্বস্তৰৰ নাগৰিকৰ এনে উৎসাহৰ মাজতেই শিপাৰ সৈতে সংপৃক্ত হৈ থকা…
লখিমপুৰত বীৰ লাচিত সেনাৰ ৰঙালী বিহু আদৰণি
উত্তৰ লখিমপুৰ, ১৩ এপ্ৰিল: বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতি উদ্যোগত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক সমিতি সহযোগত আজি উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা হয় ৰঙালী বিহু আদৰণি অনুষ্ঠান। পুৱা সংগঠনৰ পতাকা আৰু বিহু পতাকা উত্তোলন কৰে ক্ৰমে বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতি সভাপতি ভদ্ৰজিৎ দত্ত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি যুগান্ত কলিতাই। ইয়াৰ পিছতে শ্বহীদ তৰ্পন কাৰ্য্যসূচীত বীৰ লাচিত সেনাৰ কৰ্মকৰ্তা সকলে অংশ গ্ৰহন কৰে। দিনৰ ১১ বজাত পৰম্পৰাগত বিহু সম্পৰ্কে বক্তব্য…
