Browsing Category
অসম
বিহুৰ বতৰত অহা বৰদৈচিলাই অসমীয়া জাতিক দি থৈ যায় সাহস – ডাঃ অঞ্জনজ্যোতি চৌধুৰী
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২০ এপ্ৰিল:বিহুৰ পাঁচটা ৰূপ আছে। এই পাঁচটা ৰূপেই "ব" আখৰৰ। বিহু বিনন্দীয়া। বিনন্দীয়া মানে ৰং ৰহইচ। মেঘৰ গিৰ্জনিৰ পৰা ঢোলৰ চেও, চৰাই - চিৰিকতিৰ বিভিন্ন মাতৰ পৰা পেঁপাৰ মাত। সেইদৰে আন এটা বিহুৰ ৰূপ বৰষুণ। বৰষুণে সকলোৰে হৃদয়খন ধুই নিকা কৰি থৈ যায়। আন এটা ৰূপ বৰদৈচিলা। বৰদৈচিলাই জাতিটোক সাহস দি থৈ যায়। বিহুৰ আন এটা ৰূপ বান্ধোন। এই বান্ধোন প্ৰকৃতিৰ সৈতে বান্ধোন। আনহাতে বিহুৰ আনটো ৰূপ হ'ল বোধন। এই ৰূপে সকলো লোকৰ অন্তৰত নতুন নতুন চিন্তাৰ উদ্ৰেক ঘটাই বুলি কালি তেজপুৰত মন্তব্য কৰে বিশিষ্ট শিল্পী, লেখক,…
তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত আছা, আওপাৰ উত্তাল প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ এপ্ৰিল : তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী ১৩ বছৰীয়া নাবালিকাক যোৱা ২০ মাৰ্চত এজন পঞ্চাছউৰ্ধৰ ব্যক্তিয়ে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ তুলি ২১ মাৰ্চত নাবালিকাগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা বৰডুবি থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে আজিপৰ্যন্ত ধৰ্ষণত জড়িত থকা বুলি দাবী কৰা সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ নকৰাত প্ৰতিবাদত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) আৰু সদৌ অসম আদিবাসী মহিলা শক্তিৰ (আওপা) তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বহু সংখ্যক যুৱক-যুৱতী, পুৰুষ-মহিলাই তিনিচুকীয়াৰ উপায়ুক্তৰ…
মনিষা বড়োৰ হত্যাকাৰীক ফাঁচিৰ দাবী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯এপ্ৰিলঃ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ওপৰত হোৱা আতিশয্য প্ৰতিৰোধী আইন ১৯৮৯ৰ ধাৰা তেজপুৰত জঘন্য হত্যাকাণ্ডৰ বলিহোৱা মনিষা বড়োৰ হত্যাৰ গোচৰত সংযোগ কৰাৰ লগতে হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী জনোৱা হৈছে৷ আজি এই সন্দৰ্ভত এবছুৰ ঠেলামৰা আঞ্চলিক সমিতিয়ে শোণিতপুৰৰ উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷উল্লেখযোগ্য যে,ইয়াৰ পাছতে আজি দিনৰ প্ৰায় ১-৩০বজাত তেজপুৰস্হ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নত আয়োজিত এক সংবাদমেলত সদৌ অসম জনজাতি ছাত্ৰ সন্হাৰ উপদেষ্টা ৰাজু দেউৰী, ট্ৰাইবেল সংঘৰ শোণিতপুৰ জিলা সমিতিৰ যুটীয়া…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰীৰ বাবে আত্মৰক্ষাৰ প্ৰশিক্ষণ
উত্তৰ লখিমপুৰ, ১৮ এপ্ৰিলঃ আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত কন্যা ছাত্ৰীৰ বাবে আত্মৰক্ষাৰ দক্ষতাৰ এক প্ৰশিক্ষণৰ আয়োজন কৰা হয়। মহাবিদ্যালয়খনৰ শাৰীৰিক আৰু মানসিক সুস্থতা কোষৰ উদ্যোগত আৰু উত্তৰ-পূৱ যোগাসন প্ৰশিক্ষণ আৰু শাৰীৰিক স্বাস্থ্য যত্ন কেন্দ্ৰ, উত্তৰ লখিমপুৰৰ সহযোগত আয়োজিত প্ৰশিক্ষণ কাৰ্য্যসুচীৰ উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই। অনুষ্ঠানত মহাবিদ্যালয়খনৰ অংশগ্ৰহণকাৰী কন্যা ছাত্ৰ-ছাত্ৰীসকলক শাৰীৰিক দক্ষতা আৰু প্ৰতিৰক্ষামূলক দিশৰ বিভিন্ন পদক্ষেপ আৰু দক্ষতা প্ৰদৰ্শন আৰু অনুশীলন কৰোৱা হয়। অধিৱেশনখন…
মনিষা হত্যাৰ মূল অভিযুক্ত দেৱাশীষকক পাঁচদিনলৈ তেজপুৰ আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮এপ্ৰিলঃ তেজপুৰৰ ঊষানগৰৰ এটা ভাড়াঘৰত পঞ্জাৱ নেছনেল বেংকৰ তেজপুৰ শাখাৰ কৰ্মচাৰী মনিষা বড়োৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঠেলামৰাৰ দেৱাশীষ কৰে আৰক্ষীৰ তদন্তত এইপৰ্যন্ত মুখ খোলা নাই৷ উল্লেখযোগ্য যে,১৩ এপ্ৰিলৰ নিশা ঊষানগৰৰ ভাড়াঘৰত হত্যা কৰা ২৫বছৰীয়া সুন্দৰী আৰু মেধাবী যুৱতীগৰাকীৰ নিথৰ দেহ ১৪এপ্ৰিলত উদ্ধাৰ কৰা হৈছিল৷ঘটনা সন্দৰ্ভত নিহত মনিষাৰ পৰিয়ালে দেৱাশীষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মনিষাৰ আন এজন সহকৰ্মী তথা দেৱাশীষ মনিষাৰ ভাড়াঘৰত প্ৰৱেশ কৰাৰ সময়ত তাতে থকা…
ঘিলামৰাত কৃতী শিক্ষয়িত্ৰী-ধৰ্মপ্ৰাণা মহিলাৰ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ এপ্ৰিলঃ লখিমপুৰ জিলাৰ ঘিলামৰা বৰজান চাপৰি নিবাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী তথা ধৰ্মপ্ৰাণা মহিলা ইন্দুপ্ৰভা গগৈ ৰ আজি পুৱতি নিশা ৩.৩০ বজাত নিজ বাসগৃহত মৃত্যু হয়৷ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লোৱা মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ তেওঁৰ মৃত্যুত ঘিলামৰা জ্যেষ্ঠ নাগৰিক সংস্থা, সদৌ ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ঘিলামৰা আঞ্চলিকৰ লগতে বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনোৱাৰ লগতে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে৷…
কলকাতাত “অসম ছছিঅ’ লিটাৰেৰী ক্লাব”ৰ উদ্যোগত ৰঙালী বিহু সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৮ এপ্ৰিল: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ লগতে একাংশ কৃতবিদ্য অসমীয়াৰ প্ৰযত্নত ১৮৭২ চনতে কলিকতাত গঢ়ি উঠা "অসম ছছিঅ' লিটাৰেৰী ক্লাব"এ পৰম্পৰা অনুসৰি প্ৰতি বছৰে পালন কৰি অহা ৰঙালী বিহুৰ বাৰেৰহনীয়া কাৰ্যসূচীৰ মাজত এইবাৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটাৰে বিভূষিত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ তথা তেজপুৰৰ বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামীক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। কলকাতা অসম ভৱনৰ যুটীয়া আৱাসিক আয়ুক্ত তাপস দেৱ, জনপ্ৰিয় অভিনেত্ৰী জয়া শীল,…
তেজপুৰত ৰঙালী বিহুৰ পাৰভঙা উছাহ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ১৮ এপ্ৰিল : তেজপুৰৰ চৌদিশে ৰঙালী বিহুৰ পাৰভঙা উছাহ। প্ৰত্যেকখন বিহু তলীতে গৰু বিহুৰ দিনটোৰ পৰা ৰঙালী বিহুৰ পৰম্পৰাগত কাৰ্যসূচীৰ সমান্তৰাল ভাৱে নিশাৰ সাংস্কৃতিক অনুষ্ঠান, মুকলি বিহু প্ৰতিযোগিতা, অন্যান্য প্ৰতিযোগিতা আদিৰে মুখৰিত হৈ পৰাৰ সময়তে কালি তেজপুৰৰ জয়মতী পথাৰৰ হীৰক জয়ন্তী বৰ্ষৰ পশ্চিম তেজপুৰ ৰঙালী বিহু সন্মিলনৰ মুকলি বিহু প্ৰতিযোগিতা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰি একপ্ৰকাৰ নষ্টালজিক হৈ পৰিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস। উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ নাথ কেওঁট, সম্পাদক ঈষান বৰা, আন আন…
“বিহুৰ দস্তাবেজ” ৰ স্ৰষ্টা তেজপুৰৰ প্ৰবীণ গগৈৰ আত্মজীৱনীমূলক গ্ৰন্থ “বোৱঁতী নদীৰ দৰে” উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৬ এপ্ৰিল: অসমীয়া লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক, বিশেষকৈ বিহুৰ সকলো লোকাচাৰ বা পৰম্পৰাৰ ওপৰত গৱেষণা অব্যাহত ৰখা, "বিহুৰ দস্তাবেজ", "আমাৰ বিহু ভাঙোতা নাই" ৰ দৰে গুৰুত্বপূৰ্ণ গ্ৰন্থৰ স্ৰষ্টা চাৰিকুৰি চাৰি বছৰীয়া তেজপুৰৰ প্ৰবীণ গগৈয়ে শেহতীয়াকৈ ৰচনা কৰি উলিওৱা আত্মজীৱনীমূলক এখন গ্ৰন্থ "বোৱঁতী নদীৰ দৰে" আজি গোঁসাই বিহুৰ দিনটোতে তেজপুৰৰ একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উন্মোচন হয় তেজপুৰ মাজগাঁওস্হিত নিজৰ বাসগৃহতে। উল্লেখ্য যে, নিজৰ পাঁচগৰাকী কন্যাৰ "পঞ্চকন্যা প্ৰকাশনে" অতি দৃষ্টান্তমূলক ভাৱে প্ৰকাশ…
শোণিতপুৰ জিলা কবি সন্মিলনৰ বহাগী বৰণ অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬এপ্ৰিলঃ পহিলা ব’হাগৰ দিনটোত শোণিতপুৰ জিলা কবি সন্মিলনৰ সৌজন্যত তেজপুৰৰ সাহিত্য সভা ভৱনত "বহাগী বৰণ" শীৰ্ষক অনুষ্ঠানটো গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি স্বপন মৈত্ৰৰ সভাপতিত্বত আদৰণি ভাষণ প্ৰদান কৰে জিলা কবি সন্মিলনৰ সম্পাদিকা সংগীতা ৰাজখোৱাই।অনুষ্ঠানত তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃথীৰাজ ৰাভা, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলিমা চেতিয়া বসুমতাৰী, প্ৰাক্তন উপ-সভাপতি প্ৰদীপ কুমাৰ গাভৰুপৰীয়া, নতুন কবিতাৰ সম্পাদক মৃদুল কুমাৰ চহৰীয়া উপস্থিত…
