Browsing Category

অসম

সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ ব্যাপক তৎপৰতা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২২ এপ্ৰিল: ভাৰতত সংস্কৃত ভাষাৰ ব্যাপক প্ৰচলন আৰু সংস্কৃত ভাষাৰ শিক্ষাৰে শিক্ষিত কৰি তোলাৰ বাবে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উদ্যোগত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে । সেই মহৎ উদ্দেশ্যৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধীনত তেজপুৰ চহৰৰ সমীপস্থ বাম-পৰ্বতীয়াস্থিত শোণিতপুৰ প্ৰাচ্য বিদ্যালয়ত কালিৰ পৰা দহদিনীয়াকৈ শোণিতপুৰ প্ৰাচ্য বিদ্যালয়ৰ উদ্যোগত সংস্কৃত ভাৰতীৰ সহযোগত সংস্কৃত সম্ভাষণ শিবিৰৰ শুভ উদ্বোধন কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি,…

ৰঙাপৰা মহাবিদ্যালয়ৰ সেউজ বাকৰিত “এবেলা ব’হাগ” স্মৰণীয় অনুষ্ঠান সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল : ৰঙাপৰা মহাবিদ্যালয়ৰ সেউজ বাকৰিত কালি আনন্দ - উল্লাসৰ মাজেৰে অনুষ্ঠিত হয় 'ব'হাগৰ এবেলা' শীৰ্ষক এক আকৰ্ষণীয় অনুষ্ঠান। উল্লেখ্য যে, ব'হাগৰ এবেলা শীৰ্ষক কাৰ্যসূচীৰ লগতে অসম কলেজ অধ্যক্ষ পৰিষদৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাও একেলগে অনুষ্ঠিত হয়। পৰিচালনা সমিততিৰ সভনেত্ৰী ডo চাৰু চহৰীয়া নাথ, অধ্যক্ষ পৰিষদৰ সভাপতি ডo সৌমাৰজ্যোতি মহন্ত প্ৰমুখ্যে কেইবাগৰাকী অধ্যক্ষ, মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত উদযাপিত হয় এই স্মৰণীয় অনু়ষ্ঠান।ব'হাগৰ এবেলাৰ অন্তত ৰঙাপৰা মহাবিদ্যালয়ত অসম কলেজ অধ্যক্ষ…

বিপুল চেতিয়া ফুকনলৈ “তৰুণ চন্দ্ৰ বৰা স্মাৰক বঁটা”

শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল : লোক সংস্কৃতিৰ সেৱক বুলিলে আমি তৰুণ ওজাৰ দৰে অতি সৰল সহজ শিল্পীৰ কথাই কব লাগিব। প্ৰবল জাতীয়তবাদী এই গৰাকী লোক কৃষ্টিৰ সাধক অসমৰ প্ৰতিটো জাতীয় আন্দোলনৰ সৈতে নিজৰ ঢোলটো লৈয়েই অতি ঘনিষ্ঠ ভাবে জৰিত হৈ পৰিছিল। কৃষ্টি হৈছে মানুহ জীয়াই থকাৰ, জীৱন পদ্ধতিৰ এক গতি। আমাৰ সংস্কৃতিক, আমাৰ ঐতিহ্য আমি সংৰক্ষণ কৰিব লাগিব, সমৃদ্ধ কৰিব লাগিব বুলি আজি বিয়লি তেজপুৰত মন্তব্য কৰে প্ৰাক্তন শিক্ষামন্ত্ৰী তথা তেজপুৰৰ ত্ৰিমূৰ্তি উদ্যান সমিতিৰ সভাপতি বৃন্দাবন গোস্বামীয়ে। উল্লেখ্য যে তেজপুৰৰ লোকশিল্পী, ঢোলৰ…

আদালতলৈ অনাৰ পথত তেজপুৰৰ পৰা পলায়ন কৰা দুধৰ্ষ কয়দীক সাত মাহৰ পাছত গ্ৰেপ্তাৰ চণ্ডীগড়ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২এপ্ৰিলঃ এটা হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰাৰ লগতে ধৰ্ষণ,লুণ্ঠনৰ দৰে বিভিন্ন অপৰাধৰে জড়িত বুলি অভিযুক্ত ভাস্কৰ নাথ নামৰ এক পলাতক কয়দী তথা অপৰাধীক চণ্ডিগড়ৰ পৰা গ্ৰেপ্তাৰ কৰিছে শোণিতপুৰ আৰক্ষীয়ে৷উল্লেখযোগ্য যে,তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ভাস্কৰে ২০২২ৰ শেষৰ ফালে কাৰাগাৰৰ ভিতৰত ড্ৰাগছৰ বেহা চলাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে কাৰাগাৰৰ ভিতৰত এক মাৰপিটৰ ঘটনা সংঘটিত হয়৷ইয়াৰ পাছতে তেজপুৰৰ পৰা বিশ্বনাথ কাৰাগাৰলৈ স্হানান্তৰিত কৰা হয় ভাস্কৰক ৷তেজপুৰৰ কনাই বৰাচুক নিবাসী তথা মুক্ত…

এক বৃক্ষ দশ পুত্ৰৰ সমান : গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত এগৰাকী ব্যতিক্ৰমী বনকৰ্মী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২০ এপ্ৰিলঃ 'এক বৃক্ষ দশপুত্ৰৰ সমান'৷ এয়া ভাগৱতৰ বাণী ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজি আৰু আদৰ্শই যুগে যুগে অসমবাসীক অনুপ্ৰাণিত কৰি আহিছে ৷ গুৰুজনাই দি থৈ যোৱা বাণীক সৰোগত কৰি এজন বনকৰ্মীয়ে প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন দাঙি ধৰি আহিছে ৷ চহকী কৰাৰ চেষ্টা কৰিছে প্ৰাকৃতিক পৃথিৱীখনক ৷ আধ্যাত্মিক চিন্তা-চেতনাৰ মাজেৰে জীৱন জীয়াই থকা ত্ৰিগুণ তালুকদাৰ নামৰ বনকৰ্মীগৰাকীৰ জন্ম সূত্ৰে হোজাই যদিও বৰ্তমান কলিয়াবৰ বাসিন্দা। কৰ্মসূত্ৰে সম্প্ৰতি তেওঁ বাস কৰি আছে বিশ্বনাথৰ বিহালী সমষ্টিৰ বৰগাঙত ৷ মহাপুৰুষ গুৰুজনাই…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত জুম্বা প্ৰদৰ্শন

উত্তৰ লখিমপুৰ, ২০ এপ্ৰিলঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ শাৰীৰিক সুস্থতা আৰু সুস্বাস্থ্যৰ বাবে আজি জুম্বা ফিটনেছৰ এক অনুশীলন প্ৰদৰ্শন কৰা হয়। মহাবিদ্যালয়খনৰ শাৰীৰিক আৰু মানসিক সুস্থতা কোষে উত্তৰ লখিমপুৰৰ পি এইচ জুম্বা ফিটনেছ চেণ্টাৰৰ সহযোগত আয়োজন কৰা এই অনুশীলন কাৰ্যসূচী উদ্বোধন কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ গোপাল কুমাৰ চেত্ৰীয়ে। অনুষ্ঠানৰ আৰম্ভণি কৰে ধেমাজি কেন্দ্ৰৰ পৰা অহা জুম্বা প্ৰশিক্ষক প্লাবিতা হাজৰিকাই। উত্তৰ লখিমপুৰৰ পি এইচ জুম্বা ফিটনেছ চেণ্টাৰৰ প্ৰশিক্ষক ৰামা…

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’লৈ সন্মান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০এপ্ৰিলঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ', অসমৰ তিনিচুকীয়া শাখাক জিলা আইন সেৱা প্ৰাধিকৰণ তিনিচুকীয়াই সংস্থাৰ সামাজিক দায়বদ্ধতাৰ লগতে মানৱ অধিকাৰৰ সুৰক্ষা আৰু ন্যায্যতা প্ৰাপ্তিৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকাৰে উৎকৃষ্ট কৰ্মাজিৰ বাবে সন্মানিত কৰে। সংস্থাৰ জামুগুৰিহাটস্থ ৰাজ্যিক সংবাদ বিষয়া মৃন্ময় কুমাৰ নাথে জানিবলৈ দিয়া মতে আনুষ্ঠানিক মানপত্ৰ প্ৰদান কাৰ্যসূচীত তিনিচুকীয়া জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব এফ ইউ চৌধুৰীকে ধৰি অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে। অনুষ্ঠানটিত জিলা আইন সেৱা…

তেজপুৰৰ গটঙাৰ এটা বিধ্বস্ত পথ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২০ এপ্ৰিলঃ ৰাজ্যৰ সকলোক্ষেত্ৰতেই উন্নয়ন হোৱাৰ বিজ্ঞাপনৰ বিপৰীতে ৰাজ্যত এনে বহু অঞ্চল আছে য’ত বহুল প্ৰচাৰিত উন্নয়নৰ সামান্যতম প্ৰভাৱো পৰা নাই৷তেজপুৰ বিধান সভা সমষ্টি অন্তৰ্গত তথা চহৰৰ কাষৰে গটঙা অঞ্চলৰ এটা পথৰ দূৰৱস্হাই উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দিছে৷অঞ্চলটোৰ ডেকাৰগাঁও তামুলিজান পথ আৰু মিছন চাৰিআলি বাইপাছ পথৰ দীৰ্ঘদিনীয়া দূৰৱস্হাৰ বিপৰীতে আজিলৈকে ইয়াৰ নিৰ্মাণৰ কোনো ব্যৱস্থা কৰা নহ’ল৷উল্লেখযোগ্য যে,বৰ্তমান লোকনিৰ্মান বিভাগৰ অধীনস্থ পথটো পূৰ্বে পঞ্চায়তৰ অধীনৰ এক পথ আছিল বুলি স্হানীয় লোকে সদৰি…

তেজপুৰত দুই কিশোৰীৰ সলিল সমাধি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০ এপ্ৰিল : তেজপুৰত আজি সংঘটিত এক শোকাৱহ ঘটনাত দুই কিশোৰী নিহত হৈছে৷তেজপুৰৰ শ’লমৰাৰ আঁহতগুৰি বালিটিকাত নিজ ঘৰৰ পুখুৰীত গা ধোৱা অৱস্হাত পুখুৰীটোত ডুব যায় ১৬ বছৰীয়া মৰ্জিনা বেগম আৰু ১১ বছৰীয়া মঞ্জিলা বেগম৷এই ঘটনাত অঞ্চলটোত হুৱাদুৱা লাগে আৰু দুই কিশোৰীক স্হানীয় লোকে উদ্ধাৰৰ চেষ্টা চলাই য’দিও যথেষ্ট পলম হয়৷ ইতিমধ্যে দুই কিশোৰীৰ মৃত্যু ঘটে৷ পাছত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালৈ লৈ অনা হয়৷ঘটনা সন্দৰ্ভত নিহত কিশোৰী দ্বয়ৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি আজি দিনৰ…

তেজপুৰৰ শিক্ষক শিকন মহাবিদ্যালয়ত ৰঙালী বিহুৰ বাৰেৰহনীয়া অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২০ এপ্ৰিল : তেজপুৰৰ শিক্ষক শিকন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অধ্যক্ষৰ উদ্যোগত কালি শিক্ষানুষ্ঠানখনৰ চৌহদত অনুষ্ঠিত হৈ যায় ৰঙালী বিহুৰ আকৰ্ষণীয় কাৰ্যসূচী। শিক্ষাৰ্থী অৰ্থাৎ প্ৰশিক্ষাৰ্থী সকলে বিহুনাম, বিহুনাচ, হুঁচৰি আৰু বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি মহাবিদ্যালয় চৌহদত এক অনন্য পৰিৱেশৰ সূচনা কৰে। অধ্যাপক সুৰজিত মহন্তৰ তত্বাৱধানত প্ৰশিক্ষাৰ্থী সঞ্জীৱ শৰ্মা আৰু বৰ্ষা শইকীয়াই আঁত ধৰা অনুষ্ঠানটি উদ্বোধন কৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ অজয় কাণ্ডুলনাই। লোক সংস্কৃতিৰ গৱেষক, লেখক প্ৰবীণ গগৈ…