Browsing Category

অসম

লখিমপুৰত আৰক্ষীৰ চকুত ধূলি দি চোৰৰ টিঘিল ঘিলনি

শতাব্দ প্ৰতনিধি‍, লখিমপুৰ, ২৬ এপ্ৰিলঃ বিগত কিছুদিন ধৰি লখিমপুৰ নগৰত চোৰৰ সঘন উপদ্ৰৱে সাধাৰণ জনতাৰ নিদ্ৰা হৰণ কৰিছে যদিও আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত যেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ লখিমপুৰ নগৰত এতিয়া প্ৰায়ে চুৰি কাৰ্য সংঘটিত হৈ আহিছে যদিও অপৰাধীক কৰায়ত্ত কৰাত আৰক্ষীয়ে ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে৷ শেহতীয়াকৈ নগৰখনৰ আশে পাশে বিভিন্ন স্থানত গৃহস্থৰ বয়বস্তু চুৰিকে ধৰি গাড়ী-বাইক আদি চুৰি হৈ আহিছে যদিও আৰক্ষীয়ে চোৰ ধৰিবলৈ সক্ষম হোৱা নাই৷ দুদিন পূৰ্বে নগৰখনৰ পা ৰ্«ৱতী তথা হিন্দুগাঁৱত…

লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ  ২৫ এপ্ৰিল ; লখিমপুৰ  জিলা যুৱ কংগ্ৰেছৰ হৈ যোৱা সাধাৰণ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হয়। ঘোষিত ফলাফল অনুসৰি  প্ৰয়াত বিধায়ক লেখন লাহনৰ নাতি মৌচম লাহনে লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি পদত বিপুল ভোটত নিৰ্বাচিত হৈছে। নৱ নিৰ্বাচিত সভাপতি গৰাকীয়ে  সৰ্বমুঠ ৪৩৬১টা ভোট লাভ কৰে আৰু২২৫৯ ভোটৰ  ব্যৱধানত লক্ষীমপুৰ জিলাৰ সভাপতি পদত নিৰ্বাচিত হয়। নিৰ্বাচনত অৱতীৰ্ণ  প্ৰেমধৰ মিলিয়ে লক্ষীমপুৰ জিলা যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হোৱাৰ লগতে  বলীন দলে আৰু মৃদু পেগুৱে উপ সভাপতি পদত নিৰ্বাচিত হয়।…

গুৱাহাটীত জাইকাৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বৈঠক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৪ এপ্ৰিল : জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সী (জাইকা)ৰ আৰ্থিক সহযোগিতাৰে ৰূপায়ণ কৰিবলৈ লোৱা 'অসম স্বাস্থ্য আন্তঃগাঠনি সবলীকৰণ প্ৰকল্প' (এএইচআইডিপি) সন্দৰ্ভত টকিঅ'ৰ পৰা অসমলৈ অহা জাইকাৰ উচ্চস্তৰীয় প্ৰতিনিধি দল এটাৰ সৈতে আজি নিশা গুৱাহাটীৰ হোটেল ন'ভ'টেলত এক সৌহাৰ্দপূৰ্ণ আলোচনাত মিলিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। জাইকাৰ টকিঅ'স্থিত মুখ্য কাৰ্যালয়ৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ সঞ্চালিকা মিছ চাট'ৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোত আছিল জাইকাৰ স্বাস্থ্যসেৱা বিশেষজ্ঞ ইছ'ন', মানৱ সম্পদ বিভাগৰ…

লখিমপুৰত ধুমুহাত তচনচ বহু আধৰুৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ এপ্ৰিলঃ ৰবিবাৰে লখিমপুৰত অহা এজাক প্ৰচণ্ড ধুমুহা বতাহে বহু গৃহ তচনচ কৰি পেলোৱাৰ লগতে বিদ্যুৎ সংযোগো বিছিন্ন কৰে৷ বিধবংসী ধুমুহা বতাহৰ ফলত বহু গছ-গছনি উভালি পৰি বিস্তৰ ক্ষতি সাধন কৰে৷ পৰিতাপৰ কথা যে এনে ধুমুহা বতাহে জিলাখনৰ একাংশ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ বিস্তৰ ক্ষতি সাধন কৰে৷ জিলাখনৰ চাবতি, বগলীজান, কমলাবাৰীয়া, লখিমপুৰ, পানীগাঁও, উত্তৰ তেলাহী, আজাদ, ঘূনাসুঁতি আদি গাঁও পঞ্চায়তৰ বহু আধৰুৱা প্ৰধানমন্ত্ৰী আৱাস গৃহ তচনচ কৰি পেলোৱাত দৰিদ্ৰ হিতাধিকাৰীসকলৰ মাজত হাহাকাৰ লাগে৷ পৰিতাপৰ কথা যে এনে…

ধুমুহাত বিধ্বস্ত তিনিচুকীয়ালৈ ঘূৰি অহা নাই স্বাভাৱিক পৰিস্থিতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৪ এপ্ৰিল : শনিবাৰে নিশা অহা বিধ্বংসী ধুমুহা তথা শিলাবৃষ্টিৰ পাছত দেওবাৰে সন্ধিয়া পুনৰ এজাক প্ৰচণ্ড ধুমুহাই কোবাই যোৱা তিনিচুকীয়া জিলালৈ এতিয়াও স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা নাই ৷ উল্লেখ্য যে শনি আৰু দেওবাৰৰ ধুমুহা তথা শিলাবৃষ্টিত তিনিচুকীয়া চহৰৰ লগতে তিনিচুকীয়া আৰু ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত বহু গাওঁ ব্যাপক ক্ষয়ক্ষতিৰ সন্মুখীন হৈছে ৷ বাটেপথে উভালি পৰিছে অসংখ্য সৰুবৰ গছ ৷ বিধ্বস্ত হৈছে বিস্তীৰ্ণ খেতিপথাৰ ৷ জিলা প্ৰশাসনে ধুমুহাত ক্ষতিগ্ৰস্ত এলেকাসমূহৰ পৰা উভালি পৰা গছ আতৰাই বাট-পথ মুকলি কৰাৰ…

ঢেকিয়াজুলিত অংগনবাড়ী কৰ্মী সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪ এপ্ৰিলঃ ঢেকিয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আজি অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷উল্লেখ্য যে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ঢেকিয়াজুলি প্ৰকল্পৰ উদ্যোগত আজি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলক পৰিশ্ৰমৰ মূল্য মাননিৰ পৰিবৰ্তে মজুৰি হিচাপে প্ৰদান কৰাৰ লগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান কৰাৰ দাবীত আজি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷আজিৰ বিক্ষোভ কাৰ্যসূচীত ঢেকিয়াজুলিৰ বিভিন্ন অঞ্চলৰ…

নাবালক প্ৰেমিকৰ স’তে গুচি অহা যুৱতীৰ এনজিঅ’ৰ তত্বাবধানত থকাৰ সময়তে আত্মহত্যা তেজপুৰত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৩এপ্ৰিলঃ এগৰাকী নাবালকৰ স’তে থকা প্ৰেমৰ সম্পৰ্ক আৰু ইয়াৰ পৰিণতিত এগৰাকী যুৱতী কালি ঘৰৰ পৰা নাবালকজনৰ স’তে পলাই অহাৰ পাছত নাবালকৰ পৰিয়ালে দুয়োকে তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীত গতাই দিয়া আৰু আৰক্ষীয়ে নিশাটো যুৱতীক এটা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত স্বেচ্ছাসেৱী সংস্হাক অৰ্পণ কৰাৰ বিপৰীতে আজি পুৱা যুৱতীগৰাকীয়ে আত্মহত্যা কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,তেজপুৰৰ গোটলোং নিবাসী আখতাৰ হুছেইনৰ ১৬বছৰীয়া পুত্ৰৰ স’তে থকা প্ৰেমৰ সম্পৰ্কৰ পৰিণতিত নগাঁৱৰ আমবাগান অঞ্চলৰ নাজিমা খাতুন নামৰ…

চিত্ৰলেখাৰ নগৰী তেজপুৰত এদল সম্ভৱনাপূৰ্ণ চিত্ৰশিল্পীৰ আত্মপ্ৰকাশ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৩ এপ্ৰিল : চিত্ৰলেখাৰ নগৰী তেজপুৰত চিত্ৰকলাৰ এক বিপুল সম্ভাৱনা প্ৰকট কৰি ৪২ গৰাকীকৈ শিশু আৰু চেমনীয়াৰ তিনিদিনীয়া আকৰ্ষণীয় চিত্ৰকলাৰ প্ৰদৰ্শনী এখন আজি শুভাৰম্ভ হয় তেজপুৰৰ অসমীয়া ক্লাবৰ আৰ্ট গেলেৰীত। উল্লেখ্য যে তেজপুৰৰ দক্ষ চিত্ৰশিল্পী ৰুণাল ৰাজবংশীৰ তৎপৰতাত গঢ়ি উঠা "গীৰা ইংক ষ্টুডিঅ" নামৰ চিত্ৰকলাৰ শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থী সকলে অংশ গ্ৰহন কৰা আৰু শতাধিক আকৰ্ষণীয় চিত্ৰৰ সমাহাৰেৰে আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত এই প্ৰদৰ্শনী আজি আনুষ্ঠানিক ভাৱে ফিটা কাটি উদ্বোধন কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ…

৯৩ বৰ্ষত ভৰি দিলে তেজপুৰৰ দুৰন্ত তৰুণ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰশিল্পী নলিনী বৰুৱাই

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২২ এপ্ৰিল :তেজপুৰৰ দুৰন্ত তৰুণ গৰাকীয়ে আজি ৯৩ বৰ্ষত ভৰি দিলে। তেজপুৰৰ লগতে জিলাখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত অতি জনপ্ৰিয়, তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰনী ব্যক্তিত্ব, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰশিল্পী নলিনী বৰুৱাই ৯২ টা বসন্ত গৰকী ৯৩ ত ভৰি দিয়াৰ দিনটোত আজি তেজপুৰ সাহিত্য সভা আহুত "নলিনী বৰুৱালৈ ওপজা দিনৰ ওলগ" শীৰ্ষক অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ লগতে তেজপুৰৰ বহুকেইটা অনুষ্ঠান আৰু ব্যক্তিয়ে গামোচা, ফুলৰ টোৰা, গ্ৰন্থ আদিৰে ওলগ জ্ঞাপন কৰে। তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ…

স্বৰ্গদেউ প্ৰমত্ত সিংহ সাংস্কৃতিক বঁটা প্ৰদান

ঐতিহাসিক ৰংঘৰৰ বাকৰিত আয়োজিত সাত বিহুৰ সামৰণি অনুষ্ঠানত বিশিষ্ট লোকসংস্কৃতিৰ গৱেষক ড° অনিল শইকীয়ালৈ ২০২৩ বৰ্ষৰ স্বৰ্গদেউ প্ৰমত্ত সিংহ সাংস্কৃতিক বঁটা দিয়াৰ দৃশ্য।