Browsing Category
অসম
পঞ্চভূতত বিলীন হ’ল তেজপুৰক বৌদ্ধিক আৰু বিদ্যায়তনিক নেতৃত্ব প্ৰদান কৰা সত্যেন্দ্ৰনাথ শৰ্মাৰ নশ্বৰ দেহ
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ২৭ এপ্ৰিলঃ তেজপুৰৰ বৌদ্ধিক আৰু বিদ্যায়তনিক ক্ষেত্ৰখনৰ অগ্ৰনী ব্যক্তিত্ব, বিশিষ্ট শিক্ষাবিদ, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা লগ্নৰ বিশেষ কৰ্তব্যৰত বিষয়া, তেজপুৰৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান তৰুণ অসম সংঘৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা সত্যেন্দ্ৰনাথ শৰ্মাৰ নশ্বৰ দেহ আজি কেবা শতাধিক শোকাকুল জনতাৰ উপস্থিতিত তেজপুৰ ঘৰপৰা চুবুৰীৰ দৌলগুৰি ৰাজহুৱা শ্মশানত পঞ্চভূতত বিলীন হয়। উল্লেখ্য যে কালি সন্ধিয়া তেজপুৰৰ টাইমছ হাস্পতালত দেহাৱসান ঘটা শৰ্মাৰ নশ্বৰ দেহ আজি পুৱাৰ…
সমকামী ব্যক্তিৰ বিবাহৰ অধিকাৰক বৈধ বুলি স্বীকৃতি প্ৰদান নকৰিবলৈ দেশৰ ৰাষ্ট্ৰপতিলৈ তেজপুৰৰ দুই মহিলা সংগঠনৰ স্মাৰক পত্ৰ প্ৰেৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ এপ্ৰিল : ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে সমকামী ব্যক্তিৰ বিবাহৰ অধিকাৰক বৈধ বুলি মান্যতা দিবলৈ যি সিদ্ধান্ত গ্ৰহণৰ প্ৰস্তুতি চলাইছে সেই তৎপৰতাত বিচলিত হৈ তেনে আইনী স্বীকৃতি প্ৰদান নকৰিবৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰি কালি শোণিতপুৰৰ উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ তেজপুৰৰ দুটাকৈ সংগঠনে এখন স্মাৰক পত্ৰ প্ৰেৰন কৰিছে। তেজপুৰৰ মহিলাৰ অনুষ্ঠান "সংস্কৃতা" আৰু সৰস্বতী সেৱা ন্যাসে পৃথকে পৃথকে শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰাৰ হাতত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা স্মাৰক…
টাইকোৱানড’ত ৰাজ্যৰ প্ৰথমগৰাকী ব্লেকবেল্ট প্ৰাপক বিপুল ডেকা দুৰ্ঘটনাত নিহত
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৭এপ্ৰিলঃ টাইকোৱানড’ সমৰকলাত ৰাজ্যৰ প্ৰথম গৰাকী ব্লেক বেল্ট অৰ্জন কৰা তথা তেজপুৰৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী, ক্ৰীড়া সংগঠক বিপুল ডেকা(৫৯)ৰ যোৱা নিশা এক পথ দুৰ্ঘটনাত শোকাৱহ ভাবে মৃত্যু ঘটিছে৷উল্লেখযোগ্য যে,ৰাজ্য চৰকাৰৰ ক্ৰীড়া পেঞ্চন প্ৰাপঁক ডেকা যোৱা নিশা প্ৰায় ৮-৩০বজাত বালিপৰাৰ এখন বিয়ালৈ তেজপুৰৰ পৰা গৈ থকাৰ সময়ত ঘোঁৰামাৰী ত ১৫ নম্বৰ ৰাষ্ট্ৰীয় পথত দুৰ্ঘটনাটো সংঘটিত হয়৷এএছ ১২ভি ৬৭১৪ নম্বৰ মটৰচাইকেলত বালিপৰালৈ গৈ থকা অৱস্থাত এখন দ্ৰুতবেগী ডাম্পাৰে পিছফালৰ পৰা মটৰচাইকেলত খুন্দিয়াই পলায়ন কৰে৷পৰিণতিত…
প্ৰাঞ্জল মৰাণৰ নৃশংস হত্যাৰ প্ৰতিবাদত উত্তাল মাকুম
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ এপ্ৰিলঃ তিনিচুকীয়া জিলাৰ মাকুমৰ ৰূপনগৰত মঙ্গলবাৰে সংঘটিত এক নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি আজি প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ মাকুম চহৰ৷ অভিযোগ অনুসৰি ধাৰলৈ লোৱা ধন পৰিশোধ নকৰাৰ বাবেই উক্ত দিনা প্ৰাঞ্জল মৰাণ (২৮) নামৰ যুৱকজনক ভগ্নীৰ সন্মুখতে ৮ জনীয়া এটা দুৰ্বৃত্তৰ দলে মাৰপিট কৰি দীৰ্ঘ সময়ৰ বাবে এখন বালেন’ গাড়ীৰ ডিকিত ভৰাই থৈছিল৷ বন্ধ গাড়ীৰ ভিতৰত প্ৰায় ৪ ঘণ্টা আবদ্ধ হৈ থকাৰ পাছত মুমূৰ্ষু অৱস্থাত উলিয়াই অনাৰ সময়টো ভগ্নীৰ সন্মুখতে দলটোৱে মাৰধৰ কৰাত প্ৰাঞ্জলৰ মৃত্যু ঘটাৰ অভিযোগ তুলিছে ভুক্তভোগী…
নামচাইত বিজেপি নেতাৰ পেট্ৰল ডিপোৰ কেচিয়াৰক অপহৰণ
শতাব্দ প্ৰিতিনিধ, তিনিচুকীয়া, ২৭ এপ্ৰিলঃ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মমং গাঁৱৰ এটা পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা মাৰণাস্ত্ৰধাৰী যুৱকৰ দলে এজন কৰ্মচাৰীক অপহৰণ কৰাৰ লগতে আন এজনক গুলীয়াই গুৰুতৰভাৱে আহত কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উক্ত পেট্ৰল ডিপোটোৰ স্বত্বাধিকাৰ নামচাই জিলাৰ চংখামৰ বিজেপি দলৰ জিলা পৰিষদ সদস্য চাও জেনিয়া নামচুম বুলি প্ৰকাশ ৷ বুধবাৰে নিশা প্ৰায় ৭.৫০ বজাত পেট্ৰল ডিপোটোত প্ৰৱেশ কৰা অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত তিনিজনীয়া যুৱকৰ দলটোৱে ডিপোটোত কেচিয়াৰ হিচাপে কৰ্মৰত বিহাৰৰ মুজাফৰপুৰৰ দিনেশ কুমাৰ…
জৈৱ বৈচিত্ৰ সংৰক্ষণৰ গুৰুত্বপূৰ্ণ বিষয়েৰে দৰংমহাবিদ্যালয়ত দুদিনীয়াকৈ আৰম্ভ আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৬ এপ্ৰিলঃ উত্তৰ-পূৱ ভাৰতৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বিষয়ে ছাত্ৰ-ছাত্ৰী, গৱেষকসকলৰ যোগ্যতা উত্তৰণ আৰু অগ্ৰিম বৃত্তিগত অধ্যাপকসকলৰ উন্নয়নৰ ওপৰত UN-SDGs ৰ সহযোগত দৰং মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে অতি গুৰুত্বপূৰ্ণ এখন
আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা।দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান, উদ্ভিদ বিজ্ঞান আৰু ভূগোল বিজ্ঞান বিভাগৰ সামূহিক প্ৰচেষ্টাত তথা দৰং মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ (IQAC) আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ যৌথ সহযোগত অনুষ্ঠিত হোৱা এই…
তেজপুৰত কংগ্ৰেছৰ জয় ভাৰত সত্যাগ্ৰহ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬এপ্ৰিলঃ তেজপুৰৰ হলেশ্বৰত আজি শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা “জয় ভাৰত সত্যাগ্ৰহ” কাৰ্যসূচীত অংশ গ্ৰহণ অসম প্ৰদেশ কংগ্ৰেছৰ সভিপতি ভূপেন বৰাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷বিজেপি চৰকাৰৰ জনবিৰোধী নীতি সমূূূহৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ শোণিতপুৰ জিলা কংগ্ৰেছৰ এই কাৰ্যসূচীত বুথ আৰু মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়া সকলে উপস্থিত আছিল৷উল্লেখযোগ্য যে সভাত অংশলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্তাৰত উঠি ঘূৰি ফুৰা দেখি, তেওঁৰ চাৰিওকাষে মন্ত্ৰী…
১ মে’ত গোগামুখত সন্মিলিত গণশক্তিৰ শ্ৰমিক অভিবৰ্তন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ এপ্ৰিলঃ সন্মিলিত গণ শক্তি অসমৰ উদ্যোগত আৰু সন্মিলিত শ্ৰমিক শক্তি অসমৰ সহযোগত অহা ৰ মে’ত আন্তৰ্জাতিক শ্ৰমিক দিৱসটি এইবাৰ গোগামুখৰ আৱতানি লত্তাত এখন বিশাল শ্ৰমিক অভিবৰ্তনৰ আয়োজন কৰা হৈছে৷ শ্ৰমিকসকলৰ অধিকাৰ সন্দৰ্ভত সজাগতা আনি এক সু-সংগঠিত ঐক্যবদ্ধ শ্ৰমিক সংগ্ৰাম গঢ়ি তোলাৰ লক্ষ্যৰেই সন্মিলিত গণশক্তি অসমৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক ঢকুৱাখনা অধিৱেশনৰ ভাতৃ সংগঠন হিচাপে সন্মিলিত শ্ৰমিক শক্তি অসম গঠন কৰা হয়৷ শ্ৰমিক আইন আৰু এই আইনে শ্ৰমিক সকলক প্ৰদান কৰা সা-সুবিধা তথা অধিকাৰ সম্পৰ্কে সৰহ সংখ্যক শ্ৰমিক তথা শ্ৰমিক…
বঙালমৰাত নকল সোণ-জাল নোটৰ অসাধু চক্ৰক আৰক্ষীৰ ৰক্ষণাবেক্ষণ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ,২৬ এপ্ৰিলঃ নকল সোণ আৰু জাল নোটৰ ঘাটিত পৰিণত হোৱা লখিমপুৰ জিলাৰ বঙালমৰাত সংঘটিত হৈ থকা বহু বিস্ফোৰক কাণ্ডৰ তথ্য আজি এগৰাকী মহিলাই নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংবাদমেলত দাঙি ধৰা কাৰ্যই সমগ্ৰ জিলাখনৰ আৰক্ষী মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে৷ বঙালমৰাৰ লগতে লখিমপুৰৰ একাংশ উচ্ছ পদস্থ আৰক্ষী বিষয়াই এই অসাধু চক্ৰটোক কেনেদৰে ৰক্ষণাবেক্ষণ দি আহিছে সেই তথ্যও সংবাদমেলত ৰাজহুৱা কৰে সাহসী মহিলাগৰাকীয়ে৷ বঙালমৰাৰ হাচিনা বেগম নামৰ এই মহিলাগৰাকীয়ে দীৰ্ঘদিনধৰি এনে অসাধু চক্ৰটোৰ বিৰুদ্ধে যুঁজ দি অহাৰ লগতে আৰক্ষীৰ উৰ্ধতম…
