Browsing Category

অসম

ভৰলু,বাহিনী আৰু মৰাভৰলী নৈক বেদখলমুক্ত কৰা হ’ব

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮এপ্ৰিলঃ ৰাজ্যৰ প্ৰাকৃতিক নলা নৰ্দমাসমূহত হোৱা বেদখল উচ্ছেদ কৰাৰ লগতে ৰাজ্যৰ কে’বাখনো নৈত হোৱা বেদখলৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে৷আজি এই কথা তেজপুৰত ঘোষণা কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে৷ উল্লেখযোগ্য যে,সম্প্ৰতি ৰাজ্যখনত  প্ৰাকৃতিক নলা নৰ্দমা সমূহ নিঃশেষ হৈ অহাৰ সমান্তৰাল ভাবে কৃত্ৰিম বান এক বৃহৎ সমস্যাত পৰিণত হৈছে৷এনে পৰিস্হিতিত ৰাজ্যৰ প্ৰাকৃতিক নলা,হোলা সমূহত হোৱা বেদখল উচ্ছেদ কৰিব বুলি আজি মন্ত্ৰী সিংহলে প্ৰকাশ কৰে৷প্ৰনিধানযোগ্য যে,আজি তেজপুৰৰ বাটমাৰিত থকা কনভেনচন চেন্টাৰত…

নামচাইৰ পৰা অপহৃত পেট্ৰল ডিপোৰ কেচিয়াৰৰ মুক্তিপণ ৫ কোটি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৮ এপ্ৰিল : অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মমং গাঁৱৰ এটা পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা মাৰণাস্ত্ৰধাৰী যুৱকৰ তিনিজনীয়া দলে অপহৰণ কৰা ডিপোটোৰ কেচিয়াৰ দিনেশ কুমাৰ শৰ্মাৰ আজিলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই অৰুণাচল আৰক্ষী তথা নিৰাপত্তা বাহিনী ৷ উল্লেখ্য যে নামচাই জিলাৰ চংখামৰ বিজেপি দলৰ জিলা পৰিষদ সদস্য চাও জেনিয়া নামচুমৰ পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত তিনিজনীয়া যুৱকৰ দলটোৱে ডিপোটোত কেচিয়াৰ হিচাপে কৰ্মৰত বিহাৰৰ মুজাফৰপুৰৰ দিনেশ কুমাৰ শৰ্মাক অপহৰণ…

নামচাইৰ পৰা অপহৃত পেট্ৰল ডিপোৰ কেচিয়াৰৰ মুক্তিপণ ৫ কোটি

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২৮ এপ্ৰিল : অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মমং গাঁৱৰ এটা পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা মাৰণাস্ত্ৰধাৰী যুৱকৰ তিনিজনীয়া দলে অপহৰণ কৰা ডিপোটোৰ কেচিয়াৰ দিনেশ কুমাৰ শৰ্মাৰ আজিলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই অৰুণাচল আৰক্ষী তথা নিৰাপত্তা বাহিনী ৷ উল্লেখ্য যে নামচাই জিলাৰ চংখামৰ বিজেপি দলৰ জিলা পৰিষদ সদস্য চাও জেনিয়া নামচুমৰ পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত তিনিজনীয়া যুৱকৰ দলটোৱে ডিপোটোত কেচিয়াৰ হিচাপে কৰ্মৰত বিহাৰৰ মুজাফৰপুৰৰ দিনেশ কুমাৰ শৰ্মাক অপহৰণ কৰিছিল৷…

তেজপুৰত অৰুণোদয়ৰ তালিকাক লৈ ক্ষোভ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮এপ্ৰিলঃ তেজপুৰৰ পৰ্বতীয়া গাঁও পঞ্চায়তত অৰুনোদয় আঁচনিৰ হিতাধিকাৰী বাছনিত গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপিত হৈছে।দৰিদ্ৰ,যোগ্য লোকক বঞ্চিত কৰি স্বজন তোষনৰে একাংশ বিত্তশালী লোকৰ নাম অৰুনোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উঠিছে পৰ্বতীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী জামিনী কলিতাৰ বিৰুদ্ধে।অভিযোগ অনুসৰি,অৰুণোদয় হিতাধিকাৰী হিচাপে পঞ্চায়তখনৰ  সদস্য সকলে  প্ৰস্তুত কৰি দিয়া তালিকাক অৱজ্ঞা  কৰি সভানেত্ৰীয়ে নিজ খেয়াল খুচিমতে তালিকা প্ৰস্তুত কৰাৰ অভিযোগ তুলিছে পঞ্চায়তৰ সদস্যই।এনে অৱস্থাত অৰুনোদয়…

লখিমপুৰত খাদ্য নলী-স্তন-মুখত হোৱা কেঞ্চাৰ ৰোগীয়েই সৰ্বাধিক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ এপ্ৰিলঃ অসমত কৰ্কট ৰোগৰ চিকিৎসা সুলভ কৰাৰ স্বাৰ্থত ২০২২ চনৰ ২৯ এপ্ৰিলত ৰাজ্যত ৭খন কেঞ্চাৰ চেণ্টাৰ স্থাপন কৰা হৈছিল। সেইমৰ্মে আজি স্থাপনৰ এবছৰ হোৱা উপলক্ষে লখিমপুৰ কেঞ্চাৰ চেণ্টাৰত বৰ্ষপূৰ্তি পালন কৰা হয়। উল্লেখ্য যে যোৱা বছৰ লখিমপুৰ, যোৰহাট, কোকৰাঝাৰ, দৰং, তেজপুৰ, বৰপেটা আৰু ডিব্ৰুগড়ত কেঞ্চাৰ চেণ্টাৰ মুকলি কৰা হৈছিল। ইয়াৰে লখিমপুৰ কেঞ্চাৰ চেণ্টাৰত আজি অনুষ্ঠিত বৰ্ষপূৰ্তি অনুষ্ঠানত লখিমপুৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ হীৰেন কুমাৰ ভট্টাচাৰ্য, লখিমপুৰৰ অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰা, কেঞ্চাৰ চেণ্টাৰৰ…

জ্যেষ্ঠ সাংবাদিকত গৌতম শৰ্মালৈ প্ৰণৱ সিংহ স্মাৰক বঁটা

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ এপ্ৰিলঃ অসমৰ সংবাদ আৰু সাংস্কৃতিক জগতৰ পৰিচিত ব্যক্তি জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাক ২০২৩ বৰ্ষৰ প্ৰণৱ সিংহ স্মাৰক বঁটাৰ বাবে মনোনীত কৰা হৈছে৷ উল্লেখ্য যে, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে প্ৰতি বছৰে অসমৰ সাহিত্য-সংস্কৃতি তথা সংবাদ জগতৰ একোগৰাকীকৈ বিশিষ্ট ব্যক্তিলৈ আগবঢ়াই আহিছে প্ৰয়াত সাংবাদিক প্ৰণৱ সিংহ স্মাৰক বঁটা৷ উত্তৰ অসমৰ সংবাদ জগতৰ মহীৰূহ স্বৰূপ প্ৰণৱ সিংহৰ এক মে’ৰ মৃত্যু তিথিৰ দিনটোত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে প্ৰণৱ সিংহ স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছে৷ এই দিনটোতেই…

জাতিগত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে সৰৱ সাধাৰণ জাতি বিকাশ পৰিষদ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৭ এপ্ৰিলঃ সাধাৰণ জাতি বিকাশ পৰিষদ অসমৰ লখিমপুৰ জিলা সমিতিয়ে আজি লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে জাতিগত সংৰক্ষণৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ আজি দিনৰ ১২ বজাত সাধাৰণ জাতি বিকাশ পৰিষদ অসমৰ কাৰ্যকৰী সভাপতি প্ৰদীপ বৰুৱা, সম্পাদক সুশান্ত ভূঞা, ৰাজ্যিক মহিলা মঞ্চৰ সাধাৰণ সম্পাদিকা পূৰ্ণিমা ৰাজখোৱা, লখিমপুৰ জিলা সমিতিৰ সভাপতি বিৰেণ বৰদলৈ, সাধাৰণ সম্পাদক হৰকান্ত ভূঞা আদিয়ে এই স্মাৰক পত্ৰ প্ৰদানত উপস্থিত থাকে৷ পৰিষদে জাতিগত সংৰক্ষণ ব্যৱস্থা উঠাই দিবলৈ দাবী জনায়৷

লখিমপুৰ সদৰ থানাৰ কাষতে জুৱাৰ ঘাটি

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৭ এপ্ৰিলঃ লখিমপুৰ নগৰৰ অলিয়ে গলিয়ে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি অহাৰ সময়তে আজি এজন ড্ৰাগছ পেডেলাৰ লখিমপুৰ আৰক্ষীৰ জালত পৰে৷ ধৃত ড্ৰাগছ পেডেলাৰজন হৈছে পানীগাঁৱৰ বাবাই পেগু (৩৬)৷ আজি পুৱা ১০ মান বজাত বাবাই পেগুৱে উত্তৰ লখিমপুৰ নগৰৰ বিভিন্ন স্থানত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহাৰ সময়তে নগৰখনৰ আহুচাউল গাঁৱৰ ষ্টেটফেডৰ ওচৰত বাইক সহ ড্ৰাগছ পেডেলাৰজন ধৰা পৰে৷ আৰক্ষীয়ে বাবাই পেগুৰ পৰা প্ৰায় ২০০ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে তেওঁ চলাই অহা বাইকখন জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে বাবাই পেগুক লৈ বিভিন্ন স্থানত অভিযান…

লখিমপুৰৰ দেওবিল বান্তৌ গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ পদক্ষেপ জিলা কৃষি বিষয়া সন্থাৰ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৭ এপ্ৰিলঃ সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী বৰ্ষ ২০২৩ উপলক্ষে অসম বিদান সভাৰ ১২৬ টা সমষ্টিৰ প্ৰতিটোতে এখন কৃষি ক্ষেত্ৰৰ আদৰ্শ গাঁও গঢ়ি তোলাৰ সিদ্ধান্তৰ লগত সংগতি ৰাখি ১১১ নং লখিমপুৰ বিধান সভা সমষ্টিৰ দেওবিল বান্তৌ গাঁওখন এখন আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ এই উপলক্ষত আজি বান্তৌ গাঁও নামঘৰ প্ৰাংগনত এখন উদ্বোধনী সভা অনুষ্ঠিত হয়৷ উক্ত সভাত গাঁওখনৰ ২০০ৰো অধিক কৃষক আৰু কৃষি বিভাগৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়াই ঘনশ্যম দত্ত, সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ কেন্দ্ৰীয়…

অসম অৰুণাচল সীমান্তৱৰ্তী কাকৈত তীব্ৰ উত্তেজনা

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৭ এপ্ৰিলঃ অসম চৰকাৰ তথা লখিমপুৰ জিলা প্ৰশাসনৰ চূড়ান্ত দায়িত্বহীনতা আৰু উদাসীনতাৰ বাবেই অসম-অৰুণাচল সীমান্তৱৰ্তী অসমৰ কাকৈ সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে ব্যাপক ৰূপত অসমৰ ভূমি বে-দখলত নামি পৰিছে৷ আজি অৰুণাচল প্ৰশাসনে অসমৰ বন ভূমিত অৰুণাচলৰ নিৰীক্ষণ শিবিৰ স্থাপন কৰা কাৰ্যই সমগ্ৰ ঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে কাকৈত দুদিন পূৰ্বে অসমে স্থাপন কৰা এটা অস্থায়ী বন শিবিৰ অৰুণাচল প্ৰশাসনে দখল কৰি লৈছিল৷ আজি সেই শিবিৰৰ সমীপতে অসমৰ বনভূমিত অৰুণাচল প্ৰশাসনে নাহৰ খুঁটা আৰু বাঁহেৰে এটা…