Browsing Category

অসম

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস পালন

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১ মেঃ  ভাষাৰ ওজা হেম চন্দ্ৰ বৰুৱা দেৱৰ স্মৃতি দিৱস উপলক্ষে আজি শোণিতপুৰ জিলা সাহিত্য সভাই দৰ্পতীয়া শাখা সাহিত্য সভাৰ সহযোগত দ-পৰ্বতীযা মজলীয়া বিদ্যালয় প্ৰাঙ্গনত এখনি সভাৰ লগতে বক্তৃতানুষ্ঠানৰ আয়োজন কৰে৷ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পুণেশ্বৰ নাথে অসমীয়া ভাষালৈ হেম চন্দ্ৰ বৰুৱাৰ অৱদান শীষক এক বক্তৃতা প্ৰদান কৰে৷ ভাষণ প্ৰসঙ্গত তেখেতে কয় যে ১৭৫ বছৰ পূৰ্বে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ স্বাভিমান ৰক্ষাৰ অৰ্থে নিৰলস প্ৰচেষ্টাত হেমকোষ অভিধান প্ৰণয়নেৰে অসমীয়া ভাষা চিৰদিনলৈ…

তেজপুৰত প্ৰয়াত সাংবাদিক,সম্পাদক প্ৰণৱ সিংহৰ স্মৃতি দিৱস

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ১ মে': “ৰাজ্যত বৰ্তমান চাৰিটা শ্ৰেণীৰ সাংবাদিক আছে৷ইয়াৰ ভিতৰত ৫০জনমান আছে,যিয়ে লাভ কৰা দৰমহাৰে ভালদৰে চলিব পাৰে৷আন ৫০জনমান আছে তেওঁলোকে লাভ কৰা দৰমহাৰে যেনেতেনে চলিব পাৰে৷আন একাংশই যথেষ্ট কষ্টৰে আৰু চতুৰ্থ সকলে  লাভ কৰা দৰমহাৰে কোনোমতেই চলিব নোৱাৰে৷ৰাজ্যত বৰ্তমান প্ৰায় ২৪হেজাৰ সংবাদকৰ্মী আছে৷ৰাজ্যৰ  সাংবাদিকসকলে আজিও এনৰেগা শ্ৰমিকতকৈও কম মজুৰি লাভ কৰে৷” আজি তেজপুুৰত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ "প্ৰণৱ সিংহ স্মাৰক বঁটা" গ্ৰহণ কৰি এইদৰে মন্তব্য কৰে ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক গৌতম…

বৈকুণ্ঠ পুৰীলৈ পৰিণত হ’ল তেজপুৰৰ মাহাত্ম্যৰে পূৰ্ণ চামগুৰি বুঢ়াডাঙৰীয়া থান 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১ মেঃ তেজপুৰ, শোণিতপুৰ বুলিয়েই নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ভক্তিভৰা অন্তৰেৰে গভীৰ প্ৰত্যয়েৰে অপেক্ষা কৰি থকা তেজপুৰৰ নিকটৱৰ্তী ডিপোটাৰ সমীপৰ খোলাকুটি কছাৰী গাৱঁৰ অতি মাহাত্ম্যৰে পূৰ্ণ "চামগুৰি শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া থান" ৰ আজিৰ  বাৰ্ষিক পালনামৰ দিনটোত পুৱাই ভক্তপ্ৰাণ ৰাইজে বৈকুণ্ঠ পুৰীলৈ পৰ্যৱসিত কৰিলে থান প্ৰাংগন। উল্লেখ্য যে, জনবিশ্বাস আৰু কিংবদন্তি অনুসৰি অতি মাহাত্ম্যৰে পূৰ্ণ এই চামগুৰি বুঢ়া ডাঙৰীয়া থানৰ মাহাত্ম্যই অকল তেজপুৰ বা জিলাখনৰে নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ দৃষ্টি…

বনকোঁৱৰ আনন্দিৰাম দাস আৰু বনগীতক নিভাঁজ ৰূপত আন্তৰাষ্ট্ৰীয় সংগীত ক্ষেত্ৰত পৰিচয় কৰাই দিয়াৰ নৱতম প্ৰয়াস

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,১ মেঃ অসমীয়া গীতৰ অনবৈদ্য সম্ভাৰ তথা বনকোঁৱৰ আনন্দিৰাম দাসৰ সেই চিৰসেউজ সৃষ্টিক সম্প্ৰতি বিশ্বজুৰি প্ৰচাৰৰ এক প্ৰয়াস চলিছে৷ ৰাজ্য,দেশ আৰু বিদেশত বাস কৰি নিজস্ব ভাবে অসমীয়া চিৰস্মৰণীয় গীতৰ সংৰক্ষণ আৰু ইয়াৰ আত্মাক ধৰি ৰখাৰ এই প্ৰয়াসৰ এটা গুৰুত্বপূৰ্ণ অংশ ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত আৰু সকলো থিকে থাকিলে অহা জুলাই আৰু আগষ্টৰ ভিতৰত ৰাজ্যৰ বহুলোকেই দেখিবলৈ পাব৷উল্লেখযোগ্য যে,দেশত হোৱা ক’ভিদকালীন পৰিস্হিতিৰ মাজত বনকোঁৱৰ আনন্দিৰাম দাসৰ সৃষ্টিকলৈ এক গৱেষণাৰ দৰে অনুসন্ধান চলাইছিল সম্প্ৰতি মুম্বাইত প্ৰতিষ্ঠা…

লখিমপুৰত শ্ৰমিক দিবসত হাজাৰ হাজাৰ শ্ৰমিকৰ অংশগ্ৰহণ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ১ মেঃ অসম চাহ মজদুৰ সংঘৰ উদ্যোগত উত্তৰ লখিমপুৰ শাখা আৰু জিলাখনৰ সমূহ বাগিচাৰ প্ৰাথমিক গোটৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে চাহ মজদুৰ সংঘই উত্তৰ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত আন্তঃজাতিক শ্ৰমিক দিৱস উদযাপন কৰে৷ পুৱা ৭-৩০ বজাত সামূহিক চাফাই, অসম চাহ মজদুৰ সংঘৰ উত্তৰ লখিমপুৰ শাখাৰ প্ৰাক্তন সভাপতি জিতেন কৰ্মকাৰে বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷উত্তৰ লখিমপুৰ শাখাৰ সভাপতি হাৰাধন কালান্দিয়ে পতাকা উত্তোলন কৰাৰ পাছতেই উপদেষ্টা জগদীশ দাসে শ্বহীদ তৰ্পন কৰে৷দিনৰ ১১ বজাত ১০ সহস্ৰাধিক চাহ শ্ৰমিকৰ উপস্থিতিত…

চেউৰী জন্ম দিয়াৰ নতুন আঁচনি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০এপ্ৰিলঃ ৰাজ্যৰ পশপালক সকলৰ বাবে শীঘ্ৰেই এক বিশেষ আঁচনি ৰাজ্যত আৰম্ভ হ’ব৷ দুগ্ধ উৎপাদন বৃদ্ধিৰে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থালৈ এক পৰিৱৰ্তন অনাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে শীঘ্ৰেই পশুপালকসকলক যোগান ধৰিব কেৱল চেউৰী পোৱালী জন্ম দিব পৰা বীৰ্য৷ উল্লেখযোগ্য যে,কৃত্ৰিম প্ৰজননৰ বিপৰীতে অধিক সময়ত দমৰা পোৱালীহে জন্ম হোৱাৰ বাবে অধিকাংশ পশুপালকে তেওঁলোকৰ গাইগৰুৰ বৰ্তমানৰ কৃত্ৰিম প্ৰজনন ব্যৱস্থাৰ সুযোগ ল’বলৈ আগ্ৰহী নহয়৷ এনে অৱস্হাত ৰাজ্য চৰকাৰে চেউৰী পোৱালিহে জন্ম দিয়াৰ নিশ্চিতি থকা বিশেষ বীৰ্য বিদেশৰ পৰা ক্ৰয়…

“বন অধিকাৰ আইন ২০০৬”ৰ অধীনত ঢেকিয়াজুলিৰ ৬৩২ টা হিতাধিকাৰী পৰিয়াললৈ ভূমি আবণ্টনৰ প্ৰমাণপত্ৰ বিতৰণ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ এপ্ৰিলঃ অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বেলশিৰিস্থিত বালাবাৰী প্ৰাথমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বনভূমিত বাস কৰা ৬৩২ টা হিতাধিকাৰী পৰিয়ালক "বন অধিকাৰ আইন ২০০৬"ৰ অধীনত ভূমি আবণ্টনৰ প্ৰমাণপত্ৰ বিতৰণ কৰে।অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ ৰাজ্য চৰকাৰে জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সদায়েই দায়বদ্ধ হৈ আহিছে। থলুৱাৰ অধিকাৰ সুৰক্ষাৰ…

শ্ৰমিক নেতা গংগেশ্বৰ গগৈৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ এপ্ৰিল : সদৌ অসম গাড়ী চালক সন্থাৰ উপদেষ্টা তথা বিশিষ্ট শ্ৰমিক নেতা গংগেশ্বৰ গগৈৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰিছে গাড়ী চালক সন্থাই ৷ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰা শ্ৰমিক নেতা গগৈ ট্ৰেড ইউনিয়নৰ বিভিন্ন গঠনমূলক কামৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল ৷ শ্ৰমিক সকলৰ প্ৰাপ্য অধিকাৰ বাবে তেওঁ সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ৷ প্ৰগতিশীল মাক্সীয় দৰ্শনত বিশ্বাসী কমৰেড গগৈয়ে সদৌ অসম গাড়ী চালক সন্থাৰ হৈ গাড়ী চালক সকলৰ ন্যায্য প্ৰাপ্তিৰ হকে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত…

লখিমপুৰত পোনপ্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ই লাইচেন্স পাঠ্যক্ৰম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ এপ্ৰিলঃ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অনুমোদন ক্ৰমে অসম ফুটবল সন্থা আৰু লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত লখিমপুৰ অগ্ৰণী ক্ৰীড়া অনুষ্ঠান হাতীলোং ফুটবল কচিং চেন্টাৰৰ উদ্যোগত আৰু শাৰীৰিক শিক্ষা বিভাগ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত শাসিত) সহযোগত ২৬ এপ্ৰিলৰ পৰা নৰ্থ লখিমপুৰ মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হয় সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ই লাইচেন্স পাঠ্যক্ৰম।এই পাঠ্যক্ৰমত lead Instructor আৰু Assistant Instructor হিচাপে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ পৰা উপস্থিত আছে মণিপুৰৰ কমলাকান্ত সিং আৰু দৈমালু…