Browsing Category

অসম

তেজপুৰ বিশ্ববিদ্যালয়ত বিশ্ব সংবাদ স্বাধীনতা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩মে’ঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনত পালন কৰা হয় ৩০সংখ্যক বিশ্ব সংবাদ স্বাধীনতা দিৱস৷ উল্লেখ্য যে, সংবাদ মাধ্যমে সম্প্ৰতি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে আজি বিশ্বজুৰি পালিত বিশেষ দিনটোত এইবাৰৰ বিষয়বস্তু আছিল ''অধিকাৰৰ ভৱিষ্যৎ গঢ় দিয়া: আন সকলো মানৱ অধিকাৰৰ চালক হিচাপে মত প্ৰকাশৰ স্বাধীনতা।'' বিভাগটোৱে ‘স্তম্ভ: চতুৰ্থ স্তম্ভ’ শীৰ্ষক এক অনুষ্ঠানৰ জৰিয়তে উদযাপন কৰা অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰা হয় আৰু তাৰ পিছতে গণসংযোগ আৰু…

প্ৰাক্তন ফুটবল খেলুৱৈ দেৱেন নাৰ্জাৰীৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩মে’ঃ ৰাজ্যৰ এগৰাকী দক্ষ প্ৰাক্তন ফুটবল খেলুৱৈ তথা শোণিতপুৰৰ এজন সৰবৰহী ক্ৰীড়া সংগঠক,প্ৰাক্তন ছাত্ৰ নেতা,সমাজকৰ্মী দেৱেন নাৰ্জাৰী(৫৬)ৰ অকাল বিয়োগত শোণিতপুৰত শোকৰ ছাঁ পৰিছে৷গুৰুতৰ অসুস্থতাত ভোগা নাৰ্জাৰীৰ কালি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে৷উল্লেখযোগ্য যে,১৯৬৭ৰ পহিলা জুলাইত তেজপুৰৰ নিকটৱৰ্তী ঘোঁৰামাৰীৰ ঢেকীদল গাঁৱত জন্ম লাভ কৰা নাৰ্জাৰী এবছুৰ ঘোঁৰামাৰী আঞ্চলিকৰ প্ৰাক্তন সভাপতি আছিল আৰু ঢেকিদল বাথৌ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতিৰ লগতে ইউনাইটেড বড়ো পিপোলছ অৰ্গেনাইজেছনৰ শোণিতপুৰৰ…

শদিয়াৰ অমৰপুৰত দিবাঙত ডুব গল যাত্ৰীবাহী নাওঃ যাত্ৰী উদ্ধাৰ, একাধিক বাহনৰ সন্ধান নাই 

শতাব্দৰ শদিয়াৰ প্ৰতিবেদক, ৩ মে’ঃ শদিয়াৰ অমৰপুৰত খৰস্ৰোতা দিবাং নৈত যাত্ৰী কঢ়িওৱা এখন যন্ত্ৰচালিত নাও ডুব যায় ৷ আজি বিয়লি প্ৰায় ৪-৩০ বজাত দিবাং নদীৰ বুকুত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ নাওখনত নাৱৰীয়াসহ মুঠ ২৬ জন যাত্ৰী আছিল আৰু আটাইকেইগৰাকী যাত্ৰীক স্হানীয় লোকৰ তৎপৰতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কিন্তু তিনিখন চাৰিচকীয়া বাহন আৰু দুখন দুচকীয়া বাহন নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ প্ৰাপ্ত খবৰ অনুসৰি, বিগত দিনকেইটাত হৈ থকা বৰষুণৰ বাবে পাহাৰীয়া দিবাং নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে৷ দিবাঙৰ বাঢ়নী পানীত উটি অহা এডোখৰ প্ৰকাণ্ড…

কপহুৱাত ধৰ্মপ্ৰাণা মহিলাৰ সোঁৱৰণত স্মৰণিকা উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ মে’ ঃ লখিমপুৰ জিলাৰ কপহুৱা গাঁৱত আজি মাকন দাসৰ সোঁৱৰণত এখন স্মৰণিকা উন্মোচন কৰা হয়৷ গাঁওখনৰ ধৰ্মপ্ৰাণা মহিলা মাকন দাসৰ আদ্যশ্ৰাদ্ধ উপলক্ষে তেওঁৰ পবিত্ৰ স্মৃতিত আজি ‘মাকন’ নামৰ স্মৰণিকাখনি বিয়লি ৪ বজাত উন্মোচন কৰা হয়৷ ন-আলি অৱনৰি হাইস্কুলৰ শিক্ষক মনোৰঞ্জন দাসে সম্পাদনা কৰা স্মৰণিকাখনি উন্মোচন কৰে এক শৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সচিব হাতীৰাম দাসে৷ আজিৰ অনুষ্ঠানত এক শৰণ ভাগৱতী সমাজৰ লখিমপুৰ জিলাৰ সভাপতি-সম্পাদক মুনিন দাস, হেমকান্ত দাস, বুঢ়াভকত তুলাৰাম দাস, গুনিৰাম দাস, বিচিত্ৰ…

শোণিতপুৰৰ মূল পথত চলিব নোৱাৰিব ই ৰিক্সা সন্ধিয়া ৫ বজাৰ পৰা নিশা ১০ বজালৈ ৰাষ্ট্ৰীয় পথত চলিব নোৱাৰিব ডাম্পাৰ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ২ মে'ঃ শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত ডাম্পাৰৰ দৌৰাত্ম্য আৰু ই ৰিক্সাৰ অতপালি ৰোধ কৰিবলৈ শোণিতপুৰ জিলা পৰিবহন বিভাগে জিলাখনৰ বিভিন্ন ঠাইত কঠোৰ অভিযান আৰম্ভ কৰিছে। ডাম্পাৰৰ দৌৰাত্ম্য আৰু ই ৰিক্সা চালকৰ বেপেৰুৱা মনোবৃত্তিৰ বাবেই সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহাই নহয় যোৱা ২৭ এপ্ৰিলৰ নিশা তেজপুৰৰ সৰবৰহী ব্যৱসায়ী তথা ৰাজ্যখনৰ প্ৰথমগৰাকী টাইকোৱানড'ৰ ব্লেক বেল্টৰ অধিকাৰী বিপুল ডেকাক ডাম্পাৰে মহতিয়াই নিহত কৰাৰ পিছত যোৱা শনিবাৰৰ পৰা শোণিতপুৰ জিলা পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট বিষয়া - কৰ্মচাৰী সকলে পৰিবহন আইন…

তেজপুৰ কবি সন্মিলনৰ “বসন্তৰ আবেলিত কবিতাৰ গধূলি” শীৰ্ষক অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ মে'ঃ শ্ৰমিক দিৱস আৰু ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক মৃত্যুদিৱসৰ সংযোগ ঘটা কালিৰ বিশেষ দিনটোতে তেজপুৰ কবি সন্মিলনৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত "বসন্তৰ আবেলিত কবিতাৰ গধূলি" শীৰ্ষক স্বৰচিত কবিতা পাঠৰ এক বিশেষ কাব্যিক অনুষ্ঠানেৰে জীপাল হৈ পৰে তেজপুৰ সাহিত্য সভা ভৱন । বহুকেইগৰাকী কবি - লেখক - লেখিকাৰ সমাহাৰ ঘটা কাব্যানুষ্ঠানটিত সভাপতিত্ব কৰে তেজপুৰ কবি সন্মিলনৰ সভাপতি তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অনন্ত কুমাৰ নাথে। কাব্যানুষ্ঠানটিৰ শুভাৰম্ভ ঘটে সভাপতি ড০ অনন্ত কুমাৰ…

সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ ( ফটো সংবাদ)

সাংবাদিক চৰিফুল আহমেদৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত শিৱসাগৰৰ সাংবাদিকৰ প্ৰতিবাদ। উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদ সাব্যস্তফটোঃ আব্দুল মতিন, শিৱসাগৰ

তিনিচুকীয়া জিলাৰ অগ্ৰগতিৰ বুজ লবলৈ ৰাজ্যপালৰ ভ্ৰমণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ মে’ : অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনত ৰূপায়িত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আচঁনিৰ কামকাজৰ পৰ্য্যালোচনা কৰিবৰ বাবে এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয় ৷ সভাৰ আৰম্ভণিতে তিনিচুকীয়াৰ উপায়ুক্ত স্বপ্নীল পালে ৰাজ্যপালগৰাকীক জিলা প্ৰশাসনৰ হৈ উষ্ম আদৰণি জনায় ৷ ইয়াৰ পাছতে উপায়ুক্তই ৰাজ্যপালগৰাকীৰ আগত জিলাখনৰ চমু আভাস দাঙি ধৰাৰ লগতে জিলাখনত ৰূপায়ন হৈ থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন ধ্বজাবাহী আচঁনিসমূহৰ অগ্ৰগতিৰ সন্দৰ্ভত বিতং তথ্য…

লখিমপুৰত অৰুণোদয় আঁচনিত দুৰ্নীতিঃ মহিলাৰ তীব্ৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ মে’ ঃ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰী নিৰ্বাচনত চূড়ান্ত দুৰ্নীতি-অনিয়ম, স্বজন-তোষণ কৰাৰ প্ৰতিবাদত আজি লখিমপুৰত একাংশ মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উত্তৰ লখিমপুৰ নগৰৰ সমীপৱৰ্তী তথা লখিমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চুতীয়াকাৰী উলুৱনি বাৰীৰ লগতে একেখন জিলাৰে মধ্য তেলাহী গাঁও পঞ্চায়ততো আজি শতাধিক মহিলাই চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ জনায়৷ আজি বিয়লি চুতীয়াকাৰীত অৰ্ধ শতাধিক মহিলা সমবেত হৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নিৰ্বাচনত ব্যপক অনিয়ম তথা দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি…

আৰক্ষীৰ অভিযানত দুধৰ্ষ এটিএম লুটকাৰী গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২মেঃ তেজপুৰৰ ডেকাৰগাঁৱত যোৱা জানুৱাৰী মাহত এটা এটিএম লুটৰ ঘটনাৰে জড়িত মূল খলনায়কক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আজি তেজপুৰত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা অনুসৰি,চিৰাং জিলাৰ টেকাই মাৰী চুলিকটাৰ চফিয়াল হকৰ পুত্ৰ নবীৰ ইছলামক চিৰাঙৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে৷উল্লেখযোগ্য যে,এই দুধৰ্ষ এটিএম চোৰে ব্যৱহাৰ কৰা এইচ আৰ ২৬বিই ৮৪৯৩ নম্বৰৰ এখন স্কৰপিঅ’ কমলপুৰৰ পৰা উদ্ধাৰ কৰা হৈছে৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,ডেকাৰগাঁৰ এটিএম লুটৰ সময়ৰ পৰা পলাতক অৱস্থাত থকা এই দুধৰ্ষ এটিএম লুটকাৰীৰ…