Browsing Category

অসম

তেজপুৰত লগুৱাৰ প্ৰহাৰত নিহত  গৰাকী

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ৫ মে’ : তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বাম বেছেৰীয়াত যোৱা নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, অঞ্চলটোৰ এগৰাকী কৃষক উপেন নাথ (৫২) ৰ ঘৰত যোৱা চাৰিবছৰে বনুৱা  হিচাপে থকা তথা  ধীৰেণ তাঁতীয়ে(৪৭) গৃহস্থ নাথক এখন ক্ৰিকেট বেটৰে  মৰিয়াই  হত্যা কৰে।যোৱা  নিশা নাথৰ ঘৰৰ চোতালতে দুয়োৰে মাজত  কোনো কথাকলৈ তৰ্কৰ সূত্ৰপাত হয় আৰু উপেন নাথে তাঁতীক হাতত থকা ক্ৰকেট বেটৰে প্ৰথমে প্ৰহাৰ কৰে।আহাত তাঁতীয়ে ইয়াৰ পাছতে নাথৰ পৰা  ক্ৰিকেট বেটখন কাঢ়িলৈ নাথক উপৰ্যুপৰি…

অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় তেজপুৰ অধিৱেশনৰ বাবে ব্যাপক তৎপৰতা

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৫ মে': পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২০২৪ বৰ্ষৰ ১৭ জানুৱাৰীৰ পৰা তেজপুৰত অনুষ্ঠিত হ'ব লগীয়া অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ অস্হায়ী কাৰ্যালয় আজি পুৱা এক মাংগলিক পৰিৱেশত  শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণে ।তেজপুৰৰ প্ৰধান ডাকঘৰৰ সন্মুখত থকা জিলা পৰিষদৰ পূৰ্বৰ কাৰ্যালয়ত অভ্যৰ্থনা সমিতিৰ প্ৰায়সকল বিষয়ববীয়া আৰু একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সাংস্কৃতিক…

তেজপুৰ চানমাৰীৰ সাৰ্বজনীন ধৰ্মমণ্ডলীৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৫ মে‍: তেজপুৰৰ চহৰৰ চানমাৰী - হজৰাপাৰৰ সাৰ্বজনীন ধৰ্মমণ্ডলীৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱাৰে পৰা ভকত বৈষ্ণৱ আৰু আই মাতৃ তথা স্হানীয় ৰাইজৰ সভক্তিমূলক বিভিন্ন অনুষ্ঠানেৰে  মুখৰিত হৈ পৰে ধৰ্মমণ্ডলী প্ৰাংগন। পুৱা ধৰ্মমণ্ডলীৰ সভাপতি পদ্মনাথ তালুকদাৰৰ দ্বাৰা ধৰ্ম ধ্বজা উত্তোলনৰ পিছত ধৰ্মমণ্ডলীৰ পৰা উলিওৱা ধৰ্মীয় শোভাযাত্ৰাই অঞ্চলটিত এক ভক্তিপূৰ্ণ পৰিৱেশৰ সূচনা কৰে। খোল তাল, আই মাতৃ সকলৰ নাম প্ৰসঙ্গৰে মুখৰিত হোৱা এই ধৰ্মীয় শোভাযাত্ৰা সাৰ্বজনীন ধৰ্মমণ্ডলীৰ পৰা  স্হানীয় অঞ্চলটি পৰিক্ৰমণ কৰাৰ…

লখিমপুৰত জল জীৱন আঁচনিত কৰ্মৰত শ্ৰমিকৰ বলাৎকাৰৰ বলি যুৱতী

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ৫ মেঃ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত অকৰাবস্তি গাঁৱত ছমাহ পূৰ্বে সংঘটিত এক বলাৎকাৰৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। ইতিমধ্যে উক্ত ঘটনাটো সংঘটিত কৰা ধুবুৰী জিলা নিবাসী শ্ৰমিক আব্দুল আলিক ভূক্তভোগী পৰিয়ালটোৰ এজাহাৰৰ ভিত্তিত বগীনদী আৰক্ষীয়ে কালি ঢকুৱাখনা আৰক্ষীৰ সহায়ত ঢকুৱাখনাৰ পৰা আটক কৰে।লম্পট আব্দুলৰ কোনো ধৰণৰ ঠিকনা তথা পৰিচয় নোলোৱাকৈয়ে একমাত্ৰ ৰাজমিস্ত্ৰীগৰাকীৰ কথা মতেই অকৰাবস্তি গাঁৱত নিৰ্মাণ কৰি থকা জল জীৱন আঁচনিখনত যোগালীৰূপে কাম কৰিবলৈ আঁচনি নিৰ্মাণকাৰী ঠিকাদাৰ ক্ৰমে ৰাজেশ দলে,…

হেৰ’ইন সহ দুই সৰবৰাহকাৰীক বালিপৰাত গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৪মে’ঃ শোণিতপুৰৰ বালিপৰাত আজি নিশা চাৰিদুৱাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত দুই ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ লগতে ১৬টা হেৰ’ইন ভৰ্ত্তি প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰে৷ উল্লেখযোগ্য যে,আগতীয়াকৈ লাভ কৰা তথ্যৰ ভিত্তিত চাৰিদুৱাৰ আৰক্ষী থানাৰ বিষয়া হেমেন দাস আৰু উপপৰিদৰ্শক নিপন শইকীয়াৰ নেতৃত্বত আজি নিশা প্ৰায় আঠ বজাত চলোৱা অভিযানৰ সময়ত এখন মটৰচাইকেলত অহা গুডামঘাট অঞ্চলৰ দুই ড্ৰাগছ সৰবৰাহকাৰী ওমৰ আলি আৰু মজিবুৰ ৰহমানক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷উল্লেখযোগ্য যে,আৰক্ষীক দেখি বামগাওঁ চাহ বাগিছাৰ মাজৰে পলায়ন কৰা…

হাতত কাঁহী-বাতি লৈ লখিমপুৰত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাৰ উত্তাল প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ মে’ ঃ হাতত কাঁহী বাতি লৈ আজি লখিমপুৰত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সমস্ত বকেয়া ধন আদায় দিয়া, প্ৰতিমাহে প্ৰথম সপ্তাহৰ ভিতৰত মাহৰ মাননি নিয়মীয়া কৰা, বছৰটোৰ প্ৰতিমাহে মাননি প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবীত আজি কেবা সহস্ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে উত্তৰ লখিমপুৰ নগৰ কঁপাই তোলো৷ লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় তথা জিলা সৰ্বশিক্ষা অভিযান মিচনৰ কাৰ্যালয় ঘেৰাও কৰি ৰান্ধনীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে হাতে হাতে কাঁহী বাতি লৈ…

 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত শ্ৰেষ্ঠ স্নাতক হিচাপে সোণৰ পদক লাভ লখিমপুৰৰ  নিতুমণি দেৱীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ মে’ ঃ লখিমপুৰ জিলাৰ তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী নিতুমণি দেৱীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০২১-২২ বৰ্ষৰ দীক্ষান্ত সমাৰোহত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ যোৱা ৩ মে’ত বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা সমাৱৰ্তন অনুষ্ঠানত মেধাৱী ছাত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰা হয়৷  নিতুমণি খগাৰ নিবাসী প্ৰদীপ নাথ আৰু যজ্ঞেশ্বৰী নাথৰ কন্যা৷ উল্লেখনীয় কথা যে প্ৰায় ডেৰ দশকৰ পাছত লখিমপুৰ জিলাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এইগৰাকী ছাত্ৰীয়ে শ্ৰেষ্ঠ স্নাতক সন্মান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই…

তিনিচুকীয়াত আৰোহণ আচঁনিৰ শুভাৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ মে’ : তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তথা বিদ্যালয় শিক্ষা বিভাগৰ সহযোগত অসম চৰকাৰৰ কেবিনেটৰ নিৰ্দেশ মৰ্মে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ উত্তৰণৰ বাবে দিয়া নিৰ্দেশ অনুসৰি ৰাজ্যপালৰ অধিসূচনা মৰ্মে আজি জিলাখনত আৰোহণ আচঁনিৰ শুভাৰম্ভ কৰা হয় ৷ তিনিচুকীয়াৰ উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্রত এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপায়ুক্ত স্বপ্নীল পালে আৰোহণ আচঁনিৰ শুভাৰম্ভ কৰে ৷ আচঁনিখনৰ শুভাৰম্ভ কৰি উপায়ুক্তই ছাত্ৰ-ছাত্ৰীসকলক কোনো ধৰণৰ নেতিবাচক প্ৰভাৱৰ পৰা বিচলিত নহৈ…

অষ্টম মৃত্যুবাৰ্ষিকীত তেজপুৰৰ বাণ থিয়েটাৰত কাৰ্তিক হাজৰিকাক স্মৰণ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৪ মে'ঃ একেৰাহে চৈধ্য বছৰ ধৰি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকি বাণ থিয়েটাৰৰ সামগ্ৰিক উত্তৰণত অহোপুৰুষাৰ্থ কৰি যোৱা সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ সভাপতি, দক্ষ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ একনিষ্ঠ সেৱক কাৰ্তিক হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকীৰ আজিৰ দিনটোত বাণ থিয়েটাৰে সন্ধিয়া আয়োজন কৰা বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত স্মৰণ কৰিলে একাংশ সতীৰ্থই। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে বাণ…

তিনিচুকীয়াৰ সত্ৰ সমূহৰ সমস্যাৰ বুজ ল’লে সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ মে’ : অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটা সঁজাতী দলে আজি তিনিচুকীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মামৰণী গাৱঁৰ শ্ৰীশ্ৰী মায়ামৰা ৰূপহী সত্ৰৰ লগতে ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত কৰ্দৈগুৰিৰ শ্ৰীশ্ৰী টিপুক শিমলুগুৰি বজ্ৰপুৰ সত্ৰ আৰু ডিৰাক মায়ামৰা সত্ৰ পৰিদৰ্শন কৰি সত্ৰসমূহে বহুদিনৰ পৰা সন্মূখীন হৈ অহা ভূমি সমস্যা, চাৰিসীমাৰ বেৰা, পথ উন্নয়ন আদি বিভিন্ন সমস্যাৰ বিতংভাৱে বুজ লয় ৷ আয়োগৰ অধ্যক্ষ তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত অহা এই সঁজাতী সজাতি দলটোয়ে সত্ৰৰ সত্ৰাধিকাৰৰ…