Browsing Category

অসম

লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ অধিৱেশন সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ মেঃ মফচলত থকা সাংবাদিকসকলে সাংবাদিকতাৰ নীতি নিষ্ঠতা বহু পৰিমাণে ধৰি ৰাখিছে। সামগ্ৰিকভাবে পৃথিৱীৰ সাংবাদিকতালৈ নতুন নতুন কথা আহিছে।পৰিৱৰ্তনো আহিছে, সমস্যাও আহিছে। অসমৰ সাংবাদিকতাও সমস্যা আৰু ঘাত প্ৰতিঘাতৰ মাজেৰে আহি আজিৰ অৱস্থা পাইছে। বিভ্ৰান্তিমূলক অৱস্থাই সাংবাদিকতাত মাজে মাজে ক্ষতি কৰি আহিছে যদিও ৰাইজ হতাশ হোৱাৰ কাৰণ নাই। এনে সাময়িক সমস্যাৰ পিছতো সাংবাদিকতালৈ ভাল দিন আহিব বুলি আমি আশাবাদী। -- এই ভাষ্য "অসমবাণী"ৰ সম্পাদক দিলীপ চন্দনৰ। লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ দ্বি বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত…

মাধৱদেৱ কলাক্ষেত্ৰ : আধাৰশিলাৰ পৰা উদ্বোধনলৈ…

দাদুল দেৱকৃষ্ণ বৰুৱা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ ইজন সিজনৰ পৰিপূৰক। শংকৰ-মাধৱ যুটি উজ্জ্বল ৰত্ন দুটি— মণি আৰু কাঞ্চন; মণিকাঞ্চন। মহাপুৰুষ শংকৰদেৱৰ নামত গুৱাহাটীত প্ৰতিষ্ঠা হ'ল শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ। অনুৰূপ ধৰণে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰতো মহাপুৰুষজনাৰ নামেৰে এখন কলাক্ষেত্ৰ নিৰ্মাণৰ দাবী উঠিল। ৰাইজৰ দাবী আৰু চৰকাৰৰ সঁহাৰিৰ পিছতে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে 'শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ'। অহা ১০ মে'ত ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব কলাক্ষেত্ৰখন। ড° হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন ৰাজ্য…

মাৰ্ঘেৰিটাৰ নাবালিকা ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হৈছিল আনন তাঁতী ওৰফে স্বপন তাঁতীৰ দ্বাৰাই

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ৬ মে’: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ১২ বছৰীয়া নাবালিকাৰ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আনন তাঁতী ওৰফে স্বপন তাঁতী নামৰ নৰপিশাচটোৱে বৈদ্যুতিন সংবাদ মাধ্যমৰ আগত আবোলতাবোল কথা কৈ সমগ্ৰ তদন্ত প্ৰক্ৰিয়া বিপথে পৰিচালিত কৰাৰ অপচেষ্টা চলোৱা পৰিলক্ষিত হৈছে যদিও আৰক্ষীৰ তদন্তত সমগ্ৰ নৃশংস ঘটনা আনন তাঁতীৰ দ্বাৰাই সংঘটিত হোৱা বুলি পোহৰলৈ আহিছে৷ আজি সংবাদ মাধ্যমৰ আগত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে কয় যে সমগ্ৰ ঘটনাৰ লগত আন কোনো ব্যক্তি জড়িত থকাৰ প্ৰমাণ এই পৰ্যন্ত আৰক্ষীয়ে লাভ কৰা…

তেজপুৰত পুখুৰী খান্দোতে ওলাল কাঁহৰ সামগ্ৰী

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,৬ মেঃ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰীৰ ডেকা চুবুৰীত আজি এটা পুখুৰী খান্দি থকা অৱস্থাত কিছুসংখ্যক কাঁহৰ সামগ্ৰী উদ্ধাৰহোৱাকলৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখযোগ্য যে,অঞ্চলটোৰ প্ৰয়াত দিংৰা বাঘোৱাৰৰ পুত্ৰ গণ্ডাল বাঘোৱাৰে তেওঁলোকৰ ম্যাদী ভূমিত এটা পুখুৰী খননৰ পৰিকল্পনা কৰে আৰু সেই মতে যোৱা তিনিদিন ধৰি পুখুৰীটো খননৰ কাম আৰম্ভ কৰে৷আজি দুপৰীয়া  খনন চলোৱাৰ সময়তে মাটিৰ প্ৰায় চাৰিফুট তলত কাঁহৰ ঠালি চাৰিখন,হাতী খজীয়াদুটা বাতি, খাৰু, ঘটিকে ধৰি বিভিন্ন সামগ্ৰী ওলোৱাত স্হানীয় লোকসকল স্তম্ভিত হৈ পৰে৷উল্লেখযোগ্য…

দুবছৰে পলাতক বলাৎকাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ, ৬ মেঃ এগৰাকী যুৱতীক বলাৎকাৰৰ এক অভিযুক্ত বিগত দুবছৰে পলাতক হৈ থকাৰ অন্তত আজি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ঢেকিয়াজুলি আৰক্ষী৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ঢেকিয়াজুলি আৰক্ষীথানা অধীনস্থ  লামা গাঁৱৰ বাসিন্দা ৰফিকুল ইছলাম(৪২) নামৰ লোকজনে দুবছৰ পূৰ্বে একে গাঁৱৰে এগৰাকী যুৱতীক বলাৎকাৰ কৰাৰ অভিযোগ উঠিছিল৷যুৱতীগৰাকীৰ ঘৰত কোনো নথকাৰ সময়ত প্ৰাণনাশৰ ভীতি প্ৰদৰ্শন কৰি উপৰ্যুপৰি বলাৎকাৰ কৰা বুলি ৰফিকুলৰ বিৰুদ্ধে অভিযোগ উঠাৰ লগতে  সেই সময়তে যুৱতীগৰাকীয়ে ন্যায় বিচাৰি ঢেকিয়াজুলি আৰক্ষীথানাত এজাহাৰ দাখিল…

তেজপুৰত বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত তৰুণ অসম সংঘৰ জ্যেষ্ঠ – সৰবৰহী সদস্য ৰামেশ্বৰ দাসক স্মৰণ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৬ মে‍ : তেজপুৰৰ অন্যতম সামাজিক - সংস্কৃতিক - ক্ৰীড়া তথা সামাজিক অনুষ্ঠান তৰুণ অসম সংঘৰ এগৰাকী জ্যেষ্ঠ সদস্য ৰামেশ্বৰ দাসৰ সোঁৱৰণত আজি "তৰুণ অসম সংঘ" ত অনুষ্ঠিত বিশেষ শ্ৰদ্ধাঞ্জলি - স্মৃতিচাৰণ আৰু সোঁৱৰণী গ্ৰন্থ উন্মোচনী অনুষ্ঠান  সম্পন্ন হয়। উল্লেখ্য যে, যোৱা ৫ এপ্ৰিলত পৰলোকপ্ৰাপ্তি ঘটা সৰবৰহী সদস্য গৰাকীৰ মাহেকীয়া পুণ্য তিথিৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা" ৰামেশ্বৰ সুবাস" শীৰ্ষক সোঁৱৰণী গ্ৰন্থখন আজি এই অনুষ্ঠানত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ তথা তৰুণ অসম সংঘৰ উপদেষ্টা শৈলজা…

চিত্ৰকলাৰ জগতত প্ৰাৰ্থনাৰ দক্ষতাৰে আত্মপ্ৰকাশ

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ, ৬ মেঃ আগ্ৰহী মন আৰু একাগ্ৰতাই মানুহক অতিব্যস্ততাৰ মাজতো প্ৰতিভা বিকাশত সহায় কৰে। অধ্যয়নৰ মেটমৰা বোজা কান্ধত লৈয়ো হাতৰ তুলিকাৰে চিত্ৰকলাৰ সাধনা অব্যাহত ৰাখি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ বহুপথাৰৰ ছাত্ৰী প্ৰাৰ্থনা দুৱৰা'ই।উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ চিকিৎসা মহাবিদ্যালয়ত স্থান লোৱাৰ প্ৰস্তুতি চলাই থকা প্ৰাৰ্থনা এগৰাকী সুন্দৰ নৃত্য শিল্পী হোৱাৰ লগতে এগৰাকী চাৰুকলা শিল্পীও। মানুহৰ প্ৰতিকৃতি, বিভিন্ন ছবি অংকনেৰে উচ্চ প্ৰশংসিত প্ৰাৰ্থনাই বিভিন্ন প্ৰতিযোগিতাটো অংশ লৈ মান…

পৰশ গোস্বামীলৈ ৰাষ্ট্ৰীয় শিক্ষক ৰত্ন বঁটা : লখিমপুৰত আনন্দৰ লহৰ

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰৰ, ৬ মেঃ আমেৰিকাৰ কেৰ্লিফনিয়া পাব্লিক ইউনিভাৰ্ছিটিৰ স্বীকৃতিপ্ৰাপ্ত ভাৰত চৰকাৰৰ অধীনস্ত সমতা সাহিত্য অকাডেমিয়ে ইণ্টাৰনেচনেল ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ'ৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষক ৰত্ন সমতা বঁটাৰ বাবে লখিমপুৰ জিলাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক পৰশ গোস্বামীক মনোনীত কৰিছে। অধ্যাপকগৰাকী ৰাষ্ট্ৰীয় বঁটৰ বাবে নিৰ্বাচিত হোৱাত বৃহত্তৰ অঞ্চলটোত আনন্দৰ জোৱাৰ দেখা পোৱা গৈছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদানেৰে বিশ্বৰ প্ৰতিভাবান সমাজৰ সেৱা আগক্ষঢ়াই অহা সমতা সাহিত্য অকাডেমিয়ে উত্তৰ পূৰ্বাঞ্চলৰ…

তেজপুৰ কাৰাগাৰ পৰিদৰ্শণ উপায়ুক্তৰঃগামোচা বোৱাত ব্যস্ত কয়দী

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৫মেঃ তেজপুৰ স্হিত জিলা কাৰাগাৰৰ মহিলা কয়দী সকলৰ বাবে আজি এটা টেলিভিছন যন্ত্ৰ কাৰাগাৰ খনৰ মহিলা কোষত স্হাপন কৰাৰ ব্যৱস্থা কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷উল্লেখযোগ্য যে,আজি দিনৰ প্ৰায় ১২বজাত উপায়ুক্ত মিশ্ৰই অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা,কাৰাগাৰ অধীক্ষক অৰূপ ফুকন সহ কাৰাগাৰখন পৰিদৰ্শন কৰে৷হাজোতী তথা কয়দী সকলক যোগানধৰা খাদ্য তথা ইয়াত কোনো সমস্যা আছেনেকি আদি বিষয়বোৰৰো বুজ লয় উপায়ুক্তই৷উল্লেখযোগ্য যে,বাঁহ,বেত আৰু কাঠৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰা কয়দী সকলে বৰ্তমান কাৰাগাৰখনত থকা তাতশালত গামোচা বৈ…