Browsing Category

অসম

“Renowned Women Personalities” শীৰ্ষক গ্ৰন্থ উন্মোচন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৮ এপ্ৰিলঃ তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ প্ৰকাশন কোষৰ সহযোগত মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা সন্ধানী দত্ত আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ড° বৰ্ণালী শৰ্মাৰ সম্পাদনাত Renowned women personalities of India' শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ গ্ৰন্থ আজি মহাবিদ্যালয় প্ৰাংগনত উন্মোচন কৰে তেজপুৰ মহিলা সমিতিৰ সভানেত্ৰী,সু-লেখিকা মিতা গোস্বামীয়ে। নাৰী সৱলীকৰণৰ পুৰোধা, অগ্নি কন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পৰা ৰীমা দাসলৈ সমাজত মহিলাসকলৰ সামগ্ৰিক আৰু…

তেজপুৰত এন এছ ইউ আইৰ ” সংবিধানৰ চিপাহী” কাৰ্যসূচী মুকলি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৮ মে': "সংবিধানৰ চিপাহী" শীৰ্ষক এক কাৰ্যসূচী সমগ্ৰ ভাৰতৰ ভিতৰত অসমৰ তেজপুৰৰ পৰা আজি কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আই য়ে মুকলি কৰে। এক সংবাদ মেলৰ যোগেদি এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সম্পাদক অনুষেছ শৰ্মাই এই কাৰ্যসূচী মুকলি কৰি কয় যে, দেশৰ বৰ্তমান ৰাজনৈতিক আৰু সামাজিক পৰিস্হিত আৰু হিংসা আৰু বিদ্বেষ কৰা হৈছে আৰু চৰকাৰী প্ৰতিষ্ঠান সমূহ ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে, গণতন্ত্ৰৰ হত্যা কৰা হৈছে আৰু সংবিধান নিঃশেষ কৰাৰ বাবে বিজেপি আৰু আৰ এছ এছ দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে । এই সমগ্ৰ গণতন্ত্ৰ ধ্বংস কৰা কাৰ্য্যৰ…

তেজপুৰৰ বিশিষ্ট চিকিৎসক ডাঃ গোপেন্দ্ৰ মোহন দাসক ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিৰ “কালচাৰেল এক্সিলেন্স এৱাৰ্ড” প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৮ মে'ঃ তেজপুৰৰ বিশিষ্ট চিকিৎসক, সাংস্কৃতিক কৰ্মী তথা চলচ্চিত্ৰ প্ৰযোজক ডাঃ গোপেন্দ্ৰ মোহন দাসক ভাৰতীয় চিকিৎসা সন্হাৰ অসম ৰাজ্যিক সমিতিয়ে কালি তেজপুৰৰ চিকিৎসা সন্হাৰ কাৰ্যালয়ত "কালচাৰেল এক্সিলেন্স এৱাৰ্ড" প্ৰদান কৰে। উল্লেখ্য যে, এজন শল্য বিশেষজ্ঞ হিচাপে দীৰ্ঘদিন ধৰি তেজপুৰত চিকিৎসা সেৱা আগবঢ়াই অহা আৰু জিলা মহকুমা চিকিৎসা বিষয়া হিচাপে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা সৰবৰহী চিকিৎসক ডাঃ দাসে সহধৰ্মিনী বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগমৰ সৈতে "জে বি প্ৰডাকচন" নামৰ এক…

অসম চৰকাৰৰ ‘মিছন ভূমিপুত্ৰ’ৰ জৰিয়তে লক্ষাধিক ভুৱা জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ গুৰুতৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৮ মেঃ অসম চৰকাৰে 'মিছন ভূমিপুত্ৰ' নামৰ কোটি কোটি টকা ব্যয় সাপেক্ষ আঁচনিখনৰ জৰিয়তে জাতিগত প্ৰমাণ পত্ৰৰ ব্যৱস্থা কৰি অনুসূচীত জাতিৰ লোক সকলৰ বাবে এক অভিশাপ কঢ়িয়াই আনিলে। মিছন ভূমিপুত্ৰই ভুৱা জাতিগত প্ৰমাণ পত্ৰক বৈধতাহে প্ৰদান কৰিলে। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসে । অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক নৱ কুমাৰ দাস , কেন্দ্ৰীয়…

বিহু উপলক্ষে সাহিত্য প্ৰতিযোগিতাৰ আয়োজন

শতাব্দ, উত্তৰ লখিমপুৰ, ৮ মেঃ দ্বাদশ বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী উৎসৱ লখিমপুৰ-২০২৩ বৰ্ষৰ উদযাপন সমিতিৰ সাহিত্য উপ সমিতিয়ে অহা ১২ মেত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পুৱা ৯:৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া সাহিত্য বিভাগৰ প্ৰতিযোগিতাখনি সফল ৰূপায়ণৰ বাবে সমূহ লখিমপুৰবাসীৰ সহায় সহযোগিতা কামনা কৰিছে। সেইদিনা ছাত্ৰী-ছাত্ৰীৰ মাজত অনুষ্ঠিত হব লগা প্ৰতিযোগিতা সমূহ  হ'ল। ১/ পুৱা ৯.৩০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা। উচ্চ শাখাঃষষ্ঠশ্ৰেণী পৰা অষ্টম শ্ৰেণীলৈকে। নিম্ন শাখাঃ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে। ২/পুৱা ১০.৩০ বজাত…

শাৰীৰিক প্ৰতিবন্ধকতা-শোচনীয় আৰ্থিক অৱস্থাক নেওচি তেজপুৰৰ যুৱতীৰ দৃষ্টান্তমূলক পদক্ষেপ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৮ মে' শাৰীৰিক প্ৰতিবন্ধকতা আৰু আৰ্থিক দীনতা যে কেতিয়াও কোনো কাৰণতে উন্নতি বা সৃষ্টিশীলতাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা আজি পুনৰ প্ৰতিপন্ন কৰিলে তেজপুৰৰ এখন বিদ্যালয়ৰ এগৰাকী সদ্য প্ৰাক্তন দিব্যাংগ তথা আৰ্থিক ভাৱে তেনেই শোচনীয় অৱস্থাৰ ছাত্ৰীয়ে। কাৰণ সেই প্ৰাক্তন ছাত্ৰী গৰাকীৰ এখন গ্ৰন্থ আজি নিজে পঢ়া বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ সন্মুখত তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলে উন্মোচন কৰি দেখুৱালে দৃষ্টান্ত। উল্লেখ্য যে হুইলচেয়াৰত জীৱন অতিবাহিত কৰি তেজপুৰৰ মহাভৈৰৱ বজাৰত এখন পাণ তামোলৰ দোকান দি পৰিয়ালৰ ভৰণ পোষণ দি…

মাৰ্ঘেৰিটাৰ নাবালিকা ধৰ্ষণ আৰু হত্যাৰ মূল অভিযুক্ত আনন তাঁতীৰ পলাতক পুত্ৰৰ আত্মসমৰ্পণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ মে’ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ১২ বছৰীয়া নাবালিকাৰ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আনন তাঁতী ওৰফে স্বপন তাঁতী নামৰ লম্পটটোৰ পলাতক বৰপুত্ৰই দেওবাৰে নিশা মাৰ্ঘেৰিটা থানাত আত্মসমৰ্পণ কৰে৷ যোৱা ৩ মে’ৰ পৰা পলাতক হৈ আছিল তাঁতীৰ বৰপুত্ৰ ৷ আৰক্ষীয়ে আত্মসমৰ্পণকাৰী কিশোৰজনক সোধাপোছা কৰি আছে ৷ উল্লেখ্য, প্ৰাৰম্ভিক অৱস্থাত আৰক্ষীয়ে নাবালিকাগৰাকী দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত লাভ কৰা তথ্য, প্ৰমাণৰ ভিত্তিত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ…

তেজপুৰত অহা ১৩ মে’ত ৰাষ্ট্ৰীয় লোক আদালত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৭ মে': ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সঙ্গতি ৰাখি শোণিতপুৰ জিলা আইনসেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১৩ মে' ২০২৩ তাৰিখ শনিবাৰে শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ,যান-বাহন গোচৰ , ফৌজদাৰী গোচৰ (Compoundable) আৰু Pre-litigation cases যেনে- বাকীজাই গোচৰ, ভূমি অধিগ্ৰহণ গোচৰ, ১০৭ ধাৰা গোচৰ, বেংক ঋণ গোচৰ, বি এচ এন এল, বিদ্যুত বিলৰ গোচৰ, শ্ৰমিক সৰ্ম্পকীয় ইত্যাদি গোচৰসমূহ নিষ্পত্তি কৰা হ’ব৷ উক্ত গোচৰসমূহৰ লগত জড়িত ব্যক্তিসকলে তেওঁলোকৰ নিজৰ মাজত আগতীয়াকৈ আলোচনাত বহি গোচৰ নিষ্পত্তিৰ মীমাংসা…

তেজপুৰ সাহিত্য চ’ৰাৰ ৫৩৮ সংখ্যক বৈঠক সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ এপ্ৰিল : তেজপুৰ সাহিত্য চ'ৰাৰ ৫৩৮ সংখ্যক বৈঠকখনি আজি চ'ৰাৰ জ্যেষ্ঠ সদস্য, বিশিষ্ট গল্পকাৰ মানিক বৰাৰ চ'ৰা ঘৰত অনুষ্ঠিত হয়। চ'ৰাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই সভা বিশিষ্ট পুৰাতত্ত্ববিদ ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যৰ মঙ্গলাচৰণেৰে আৰম্ভ হয়। প্ৰয়াত নাট্যশিল্পী নৰেণ লহকৰ, দৰং মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যক্ষ সত্যেন্দ্ৰ নাথ শৰ্মা, মনিপুৰৰ গোষ্ঠী সংঘৰ্ষত নিহত হোৱা ব্যক্তিসকল, কাশ্মীৰত নিহত হোৱা পাঁচজন সেনা জোৱানকে প্ৰমুখ্য কৰি প্ৰয়াত জ্ঞাত-অজ্ঞাত লোকসকলৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে এক…

তেজপুৰত হাঁহিৰে আকাশ কঁপাই বিশ্ব হাস্য দিৱস উদযাপন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৭মে’ আজি সমগ্ৰ বিশ্বতে উদযাপিত হোৱা ২৩ সংখ্যক বিশ্ব হাস্য দিৱসৰে সংগতি ৰাখি ২০০৯ চনত গঠিত হোৱা তেজপুৰ হাস্য সংঘৰ সদস্য সকলেও দিনযোৰা কাৰ্য্যসূচীৰে মাজগাওঁ জাতীয় ছহিদ বাকৰিত পুৱাৰ পৰাই বিভিন্ন কাৰ্য্যসূচীৰে উদযাপন কৰে এই দিৱস। পুৱা সাত বজাত হাতে হাতে হাঁহিৰ উপকাৰ সমূহৰ বিষয়ে লিখা বেনাৰ ফেষ্টুন আদি লৈ শোভাযাত্ৰা উলিওৱা হয়।অনুষ্ঠানৰ পতাকা উত্তোলন কৰে সংঘৰ সভাপতি ৰবীন শৰ্মাই। ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে সংঘৰ প্ৰাক্তন সভাপতি ক্ষীৰ প্ৰসাদ শইকীয়াই। উপ-সভাপতি দেৱ দাসে আঁত ধৰা হাস্য ব্যঙ্গৰে ভৰা…